চিঠি

মৰমৰ বিশাল,
 ……মৰম ল’বা। আশাকৰোঁ ভালে আছা। আমাৰো ভালেই। এনেয়ে তোমালে’ মনত পৰি গ’ল। ভাবিলো তোমাৰ লগতে অলপ কথা পাতোঁ। কিন্তু কি পাতোঁ তাকেহে থিৰ কৰিব পৰা নাই। কথাটো দেধাৰ আছে, বিষয়ো বহুত আছে। মাথোঁ তাক শৃংখলিত ৰূপত প্ৰকাশ কৰিব পৰাৰ সামৰ্থ এই মূহুৰ্তত নাই। খেলিমেলি হৈ আছে ভাৱবোৰ। কি কৰিবা সংসাৰী মানুহ যে! সংসাৰৰ কথাবোৰেই আগুৰি থাকে সকলো সময়তে। অফিচ-ঘৰ, অন্তহীন দায়িত্ব, সন্তানৰ ভৱিষ্যত, দৈনন্দিন জীৱনৰ অনেক লেঠা……। মানুহৰ জীৱনটো যিমান সৰল সিমান জটিল। যিমান অনুপম সিমান নিৰস। প্ৰতিটো দিনেই নতুন অথচ চিনাকি। কেতিয়াবা আকৌ ভয়লগাকৈ অচিনাকি। মানুহৰ কথা-কাণ্ড, ভাৱ-চিন্তাৰ মাজত ইমানেই তফাৎ আছে যে তাক সৰলীকৰণ কৰিবলৈ গৈ মানুহে নিজেই বিপদত পৰে। সৌ সিদিনাৰে কথা; আমিবোৰে যেতিয়া উচ্চ/উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলো তেতিয়া প্ৰথম বিভাগত উত্তীৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তেনেই কম আছিল। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মানেই আগশাৰীৰ শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰাৰ সুবিধা পোৱাটো খাটাং আছিল। অথচ আজিকালিৰ সকলো ল’ৰা-ছোৱালীয়ে প্ৰথম বিভাগতে পাছ কৰে। তাৰ পাছতো অভিভাৱকসকলে দু:চিন্তাত ভুগিবলগীয়া হয়। নিজ সন্তানৰ ভৱিষ্যতক লৈ অহেতুক ভাৱনাত বুৰি অহৰহ ক্লান্ত হ’বলগীয়া হয়। অনবৰতে মনৰ মাজত এখন যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হয়। কি কৰিলে ভাল হ’ব, কি কৰিলে সন্তানৰ ভৱিষ্যত সুৰক্ষা কৰিব পাৰিব, তেওঁলোকে উত্তৰোত্তৰ উন্নতি কৰিব পাৰিবনে নাই, সমাজত এখন উচ্চ আসন পাব নে নাই, বৃদ্ধকালত সন্তানৰ সহায়-সাৰথি পাবনে নাই ইত্যাদি অনেক কথাই দোলা দি যায় মনত। চলি থাকে জীৱন চক্ৰ ইচ্ছা-অনিচ্ছা স্বত্তেও।  
……দিনবোৰ কিমান দ্ৰুত গতিত সলনি হৈছে! গছ তলত বিহু মৰাৰ কথা এতিয়াও ভালকৈ মনত আছে। বহাগৰ প্ৰথম সাতদিনৰ প্ৰতিদিনে আমি গাভৰু ছোৱালীজাকে পথাৰৰ মাজৰ বিশাল গছডালৰ তলত মনৰ হেঁপাহেৰে বিহু মাৰিছিলো। ল’ৰাবোৰে আমাৰ ভেটিত উঠিব নোৱাৰে। দূৰৈৰ পৰাই বিহুনামৰ চলেৰে কোনোবা বিহু বলিয়া ডেকাই গছতলৰ গাভৰুজাকক জোকাই যায়। লাহে লাহে বিহু আহি মঞ্চ পালেহি। মাঞ্চতো গছতলৰ বিহু, হুঁচৰি চলি থাকিল পৰম্পৰাগতভাৱে। মঞ্চবিহুৰ সামৰণিৰ দিনা থলুৱা শিল্পীসকলে পৰিবেশন কৰা সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিছিলো। পুৱতি নিশালৈকে মা-দেউতা সকলো বহি থাকে আমাৰ লগত। অনুষ্ঠান শেষ হ’লে হাঁহি-ধেমালিৰে গোটেইবোৰ মানুহ ঘৰা-ঘৰি গুচি যায়। অনুষ্ঠানটো উপভোগ্য হ’লে বহুদিনলৈ মানুহৰ মুখে মুখে শিল্পীসকলৰ কথা বাগৰি থাকে। এতিয়া সেই বিহু মৰা গছডাল নাই। তাৰ ঠাইত এখন উদং পথাৰ। দেখি বেয়া লাগে। বাকী মঞ্চ বিহুৰ কথা নতুনকৈ নকওঁ। ৰীতি-নীতি-পৰম্পৰা সকলো ধোঁৱাচাঙত।
…….সিদিনা এগৰাকী বুঢ়ী মানুহ লগ পালো। তেওঁৰ সাঁচতীয়া টকা অলপ আছে ডাকঘৰত। ‘টাইম ডিপজিত’ খুলিছিল। কিন্তু একাউণ্টটোৰ ম্যাদ সম্পূৰ্ণ হোৱাত সেই টকাকেইটাৰ দাবীদাৰ কেইবাজনো ওলাল। বৃদ্ধাগৰাকীয়ে ভয় খালে তেওঁৰ কষ্টোপাৰ্জিত টকাকেইটা হাতচাৰা হ’ব বুলি। মই তেওঁৰ পাছবুকখন লৈ যাৱতীয় কামখিনি কৰি টকাকেইটা তেওঁৰ হাতত তুলি দিয়াত সোলা মুখেৰে হাঁহি এটা মাৰিছিল। মোৰ ভাল লাগিছিল তেওঁক সহায় কৰিবলৈ পায়। শুনি আচৰিত হ’বা নেকি জানি যে তেওঁৰ টকাকেইটা তেওঁৰেই অকৰ্মণ্য দুই পু্ত্ৰ সন্তানে কাঢ়ি নিব খুজিছিল? তেন্তে আৰু শুনা এই দুই পু্ত্ৰ তেওঁৰ গৰ্ভস্থ সন্তান নহয়।  নিঃসন্তান মাতৃগৰাকীয়ে সন্তানৰ মায়াত অনেক জীয়াতু ভুগি দুই পু্ত্ৰক তুলি-তালি ডাঙৰ দীঘল কৰিছিল। শিক্ষা-দীক্ষা দি মানুহ হোৱাৰ আশা কৰিছিল। কিন্তু তেওঁৰ আশাত চেঁচাপানী ঢালি সেই সন্তানে নিজাকৈ সংসাৰ পাতি মহিলাগৰাকীৰ ফালে পিঠি দিলে। কিন্তু হকে বিহকে মাকৰ পৰা দাবী-ধমকি দি টকা নিবলৈ নাপাহৰে। অফিচতো পেন্সন দিয়াৰ দিনা এজন মদাহী পুত্ৰক প্ৰায়ে লগ পাওঁ। মাকক লগত আনে কেৱল পেন্সনৰ ফৰ্মখনত চহী কৰিবৰ বাবে। টকাকেইটা পালেই মাকক দহ টকা এটা দি বাকী গোটেই টকাখিনি মদাহী পুত্ৰই লৈ যায়। আপুনি কিয় দিয়ে বুলি সুধিলে কয় নিদিলে হেনো তেওঁক মাৰধৰ কৰে বুলি। জীৱনত কাক আপোন বুলি ক’বা কাক পৰ? দহমাহ দহদিন গৰ্ভত ধাৰণ কৰা সন্তানেও মাতৃৰ দুখ নুবুজে! আমাৰ সন্মুখতে এটা পৰিয়ালে ছোৱালী এজনী তুলি লৈছে। তেওঁলোকৰ আগলৈ-পাছলৈ সেই ছোৱালীজনীয়ে মাত্ৰ। দেউতাকে অৱসৰ ল’লে দুমাহ আগতে। ছোৱালীজনীৰ বয়স আঠ বছৰ হৈছে।
……সম্পৰ্কৰ কথা কি কম? চকুৰ আগতে দেখিছো অনেক সম্পৰ্কৰ গঢ়া-টুটা। কোনো কাৰো নহয়, কিন্তু কোনোবাজন প্ৰাণতকৈয়ো আপোন। কাৰোবাৰ সৈতে সম্পৰ্ক এটা গঢ়াতো তেনেই সহজ, টান মাথোঁ তাক আমৰণ জীয়াই ৰখাটোহে। কষ্ট হয় সম্পৰ্কৰ অপমৃত্যু ঘটা দেখিলে।  সেইদিনা এখন নিমন্ত্ৰনী পত্ৰ পাইছিলো পাঠশালাত এখন বৃদ্ধাশ্ৰম উন্মোচন কৰাৰ উপলক্ষে। সম্পৰ্কীয় লোক এজনৰ উদ্যোগতে বৃদ্ধাশ্ৰমখন খোলা হৈছে। সুখৰ কথা যদিও কিয় জানো বুকুখনে কষ্ট পাইছিল। মাক-দেউতাকে সন্তান কিয় জন্ম দিয়ে? নিশ্চয় বৃদ্ধকালত এষাৰ মাত, এক নিৰাপদ আশ্ৰয়ৰ আশাত। মোৰ বাবে বৃদ্ধকালত মাক-দেউতাকক বৃদ্ধাশ্ৰমত থোৱা কথাটো যেন কেৱল বিদেশতহে সম্ভৱ এনে লাগে।  আমাৰ ভাৰতত তাকো অসমত পিতৃ-মাতৃৰ এনে দুৰৱস্থাৰ কথা ভাবিবও নোৱাৰি। অথচ আজি তাকেই সঁচা হ’বলৈ গৈ আছে। আমি বাৰু সঁচাকৈয়ে উন্নতি কৰিছো নেকি! নাজানো। মানুহৰ কায়িক-মানসিক দুৰৱস্থাৰ ৰূপটোৱে সদায় মোৰ মনত কষ্ট দি আহিছে। কোনে জানে মোৰ বাবে কেনে এটা দিন আহি আছে! কিন্তু দুৰ্ভাগ্যতো কল্পনা নকৰো কোনো পিতৃ-মাতৃৰ এনে দুৰৱস্থা হোৱাটো। মোৰ দেউতা নাই। তথাপিও এনে লাগে যেন দেউতা আমাৰ কাষে কাষেই আছে। মাৰো বয়স হৈ আহিছে।
……জীৱন সকলোৰে বাবে একে নহয়। তথাপি জীৱনক সঁচা অৰ্থত জীয়াবলৈ হ’লে দুবেলা দুসাঁজ ভাত, এডোখৰ নিৰাপদ আশ্ৰয়, পিন্ধিবলৈ দুজোৰ কাপোৰ সকলোৰে কাম্য। আৰু তাকে অৰ্জন কৰিবলৈ তোমালোকৰ বয়সত অধ্যয়নেই একমাত্ৰ অৱলম্বন। অস্বীকাৰ কৰিলেও উপায় নাই। বৰ্তমানৰ সমাজ ব্যৱস্থাত ভৱিষ্যতে নিজাকৈ কিবা এটা কৰিব খুজিলে পঢ়িব লাগিব। আমাৰ ক্ৰতিপূৰ্ণ শিক্ষাব্যৱস্থাত ইয়াৰ গত্যন্তৰ নাই। তোমালোকৰ বাবে এইয়া জীৱন গঢ়াৰ সময়। নিজে যদি আৰ্জিব পাৰা এদিন বিলাবও পাৰিবা। সেইয়া ধন হওক বা শিক্ষাই হওক। সফলতা পাবলৈ হ’লে সাধনা লাগিব। অভিজ্ঞতা আৰু অধ্যয়নে মানুহক পৰিপক্কতা প্ৰদান কৰে। তোমাৰ ধৈৰ্য আছে, সাহস আছে, প্ৰতিভা আছে। এগৰাকী শুভাকাংক্ষী বুলিয়ে নহয় বাইদেউ হিচাপেও তোমাৰ উজ্জ্বল ভৱিষ্যত এটা কামনা কৰোঁ। তৰ্ক-বিতৰ্ক-সমস্যা এইবোৰ আছে, থাকিবই। তুমি তোমাৰ কৰণীয়খিনি কৰি গৈ থাকা। সফলতা বিফলতাৰ হিচাপ সময়ে কৰিব। বৰ বৰ ধুমুহাত বিৰাতাকায় দালান ভাঙি পৰে, বিশাল গছ উভালি পৰে; কিন্তু ধৰাখনতো শেষ হৈ নাযায়! জীৱনে নিজৰ বাট নিজেই মুকলি কৰি লয়। দুৰ্যোগ সদায়ে নাথাকে। এদিন নহয় এদিন অন্ত পৰিবই। আচলতে পৰিবেশ পৰিস্থিতি মানুহে সৃষ্টি কৰে আৰু তাক নিয়ন্ত্ৰণ মানুহেই কৰিব লাগিব। অন্যথা আহি থকা দিনবোৰ আৰু কিমান বিষময় হ’ব তাক কোনেও ক’ব নোৱাৰে। তুমি অধ্যয়নৰ আচিলাতে বহু বিখ্যাত লোকৰ লিখনি পঢ়িবলৈ পাইছা। লিখনিৰ জৰিয়তে বহু মেধাৱী লোকৰ সান্নিধ্যলৈ আহিছা। তাকে সাৰথি কৰি তুমিও তোমাৰ প্ৰজ্ঞাক আৰু প্ৰজ্জ্বলিত কৰি তোলা। তুমি এ.পি.জে আবুল কালামৰ তেজস্বী মন, অগ্নিৰ ডেউকা পঢ়িছানে? তেখেতৰ কথাবোৰে মনটোত তোলপাৰ নলগায়নে? জাতিৰ পিতা মাহাত্মাও আজি সমালোচনাৰ পাত্ৰ। টলষ্টয়ৰ কথা জানো নাজানা?  মানুহে কয় মানুহ পৰিস্থিতিৰ দাস। কিন্তু হেলেন কীলাৰ, ষ্টিফেন হকিং এইসকলে দেখোন সকলো জয় কৰিছিল নিজৰ ইচ্ছাশক্তিৰে। ইচ্ছাশক্তিৰ বাবেই মানুহে আকাশত খোজ দিছে, সাগৰ মন্থন কৰিছে। তথাপিও মানুহেই মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। আৰু সেই শত্ৰুতাক বশ কৰিবলৈকে মানুহ আত্মিক বলেৰে শক্তিৱান হ’ব লাগিব। বৰ্বৰতাক জয় কৰি মানৱতা অৰ্জন কৰিব লাগিব। এইয়া আমিয়ে কৰিব লাগিব। কিবা লিখিবলৈ গৈ কিবা লিখিলো। আজিলৈ সামৰো বিশাল। বেলেগ এদিন লিখিম ভালকৈ। ভালে থাকিবা, তোমাৰ মৰমীজনীকো মোৰ মৰম দিবা। মৰমে মৰম কঢ়িয়াই। মৰমৰ বতৰা এনেদৰেই বিলাই থাকা আগলৈকো তাকে কামনা কৰিছো……


অনামিকা বা’ 

****************************************************************

মৰমৰ অনুপমা,

……মৰম ল’বা। আশাকৰোঁ ভালে আছা। আমাৰো ভালেই। বতৰেহে অলপ আমনি কৰিছে। নেৰানেপেৰা বৰষুণে বানপানী আনিছে। তোমাৰ শৰীৰৰ বিষ-কোপবোৰ কমিছেনে? তোমাক কিন্তু মানিব লাগিব। ইমান এটা ডাঙৰ অস্ত্ৰোপচাৰ হৈ যোৱাৰ পাছতো তুমি মানসিকভাৱে আগৰ দৰেই সবল হৈ আছা। ভাল কথা। ঘৰৰ গৃহিণীগৰাকী মানসিকভাৱে ভাগি পৰিলে পৰিয়ালৰ আন সদস্যসকলো কেতিয়াবা কিছুক্ষেত্ৰত দুৰ্বল হৈ পৰে। ফলত সংসাৰখনত নানা আহুকালে দেখা দিয়ে। আচলতে সকলো সময়তে সকলো কথাতে মনটোৱে আচল। মনটো শক্তিশালী, ধীৰ-স্থিৰ হ’লে যিমানেই ডাঙৰ দুৰ্য্যোগ নাহক লাগিলে সাহসেৰে তাৰ মুখামুখি হ’ব পাৰি। সিদিনা বাতৰি কাকতত এটা বাতৰি পঢ়িলোঁ-“গুৱাহাটীৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে অকালতে মৃত্যুক আঁকোৱালি ল’লে।” অষ্টম শ্ৰেণীত পঢ়া ছোৱালীজনী মাক-দেউতাকৰ একমাত্ৰ সন্তান আছিল। ভাল স্কুল এখনত উন্নতমানৰ শিক্ষা গ্ৰহণ কৰক বুলিয়েই মাক-দেউতাকে তাইক ডেৰাডুনৰ অভিজাত স্কুল এখনত নামভৰ্তি কৰি দিছিল। সাঁতোৰ-খেলাধূলা, পঢ়া-শুনা সকলোতে আগৰণুৱা আছিল ছোৱালীজনী। বাতৰিটোৰ মতে ডেৰাডুনৰ স্কুলত নামভৰ্তি কৰাৰ পাছত সেইখন স্কুলতো তাই আগৰদৰেই তাইৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল। কোনোবা এটা প্ৰতিযোগিতাত তাইৰ লগত  হোষ্টেলত একেলগে থকা ছোৱালী এজনীক খেলত হৰুৱায় আৰু পাছত সেই ছোৱালীজনীয়ে খেলাত হৰা অপমানৰ পোতক তুলিবলৈ তাইৰ ওপৰত এক মিছা অপবাদ জাপি দিয়ে। মোবাইল চুৰিৰ কলংকেৰে কলংকিত কৰে ছোৱালীজনীক। স্কুল কৰ্তৃপক্ষইয়ো তাইকেই জগৰীয়া কৰি কেইদিনমানৰ বাবে ছোৱালীজনীক বিদ্যালয়খনৰ পৰা বিদায় দিয়ে। মাক-দেউতাকে  ঘৰলৈ লৈ আহেগৈ ছোৱালীজনীক। ঘটনাটোত ছোৱালীজনী ইমানেই মৰ্মাহত হৈ পৰে যে তাই আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়। কথাখিনি বাৰু মানি ল’ব পাৰিনে? হতাশাৰ কথা নকওঁ কিন্তু এনে কিহে তাইক এনেকৈ প্লাবিত কৰিলে যে তাই জীৱনটোকেই বিসৰ্জন দিলে? ইয়াক দুৰ্যোগ বুলি কম নে আতংক বুলি কম? এনেই এবাৰ ভাবাচোন অসমৰ ৰাজধানী গুৱাহাটী। গুৱাহাটীহেন চহৰত উন্নত শিক্ষাগ্ৰহণ কৰিবৰ জোখাৰে এখনো ভাল শিক্ষাপ্ৰতিষ্ঠান নাইনে? প্ৰথম শ্ৰেণীৰপৰা দশমশ্ৰেণী পৰ্যন্ত শিক্ষাগ্ৰহণ কৰিবলগাকৈ বৰ্তমানে যিকেইখন প্ৰতিষ্ঠান আছে তাতকৈ বেলেগ উন্নতমানৰ প্ৰতিষ্ঠানৰ প্ৰয়োজন আছে বুলি মনে নধৰে। তেনেস্থলত একেজনী মাত্ৰ ছোৱালীক অসমৰ বাহিৰত হোষ্টেলত থৈ পঢ়ুৱাব লগাৰ কি যুক্তি থাকিব পাৰে তাক সঁচাই নুবুজোঁ।
......ল’ৰা-ছোৱালীৰ প্ৰথম পঢ়াশালি ঘৰখন। ল’ৰা-ছোৱালীয়ে জীৱনৰ আদিপাঠ ঘৰখনৰ পৰাই আৰম্ভ কৰে। মৰম-চেনেহ, খং-ৰাগ, দুখ-হতাশা, বিষাদ-বেদনা জীৱনৰ প্ৰতিটো ৰূপ-ৰসৰ স’তে পৰিচিত হয় ঘৰখনতেই। একলা একলাকৈ বাঢ়ি অহা শৰীৰটোৰ দৰে মনটোৰো ক্ৰমবিকাশ আৰম্ভ হয় ঘৰখনতেই। এই যে ছোৱালীজনীয়ে এনে এক চৰম পথ বাচি ল’লে তাৰবাবে মাক-দেউতাকো কোনোবাখিনিত জগৰীয়া নহয়নে? মোৰ একাদশ শ্ৰেণীত অধ্যয়নৰত ল’ৰাটোক এৰাতিৰ বাবে এৰিবলগীয়া হ’লেও মোৰ কষ্ট হয়। তেওঁলোকে বাৰু তাইক অকলে সিমান দূৰৈত থাকিবলৈ কেনেকৈ এৰি দিব পাৰিছিল? অদেখা ভৱিষ্যতৰ দোহাই দি অপৰিপক্ক অৱস্থাত নিজেই নিজৰ দায়িত্ব ল’বলৈ বুলি তাইক বাধ্য কৰোৱা হোৱা নাছিলনে? অষ্টম শ্ৰেণীত পঢ়া ছোৱালী এজনীৰ বয়সেইবা কিমান? খুব বেচি তেৰ অথবা চৌধ্য! পোন্ধৰ বুলিয়েই ধৰি ল’লো বাৰু। কিন্তু নিজেই নিজক ৰক্ষণাবেক্ষণ দিবৰ জোখাৰে, নিজক বুজাবৰ জোখাৰে, নিজক বিশ্লেষণ কৰিবৰ এইকণ বয়স যথেষ্টনে? জীৱনৰ কিমানখিনিয়েবা দেখিছিল তাই? তুমি বাৰু মন কৰিছানে দিনে দিনে মানুহৰ মাজত অপৰাধপ্ৰবণতা বাঢ়ি আহিছে। আজিকালি সাধাৰণ একোটা কাৰণতে মানুহে মানুহক হত্যাপৰ্যন্ত কৰিব পাৰে। আনকি কৈশোৰ অৱস্থাতো অপৰাধ সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবোৰৰ বাবে অভিভাৱকসকলো আংক্ষিকভাৱে জগৰীয়া। পিতৃ-মাতৃ হ’ব পৰাটোৱে এই জীৱনৰ এক মহৎ দান, এক গৌৰৱ্, এক অনন্য উপলব্ধি। কিন্তু ইয়াক ভালকৈ অনুধাৱন নকৰাকৈ সন্তানটোৱে থুপুক-থাপাক খোজ কাঢ়ি এটা-দুটা মাতেৰে মৌ বৰষিবলৈ লওঁতেই তাক জোৰকৰি পঠিয়াই দিয়া হয় প্লে-হাউছ নামৰ বাকচটোত আবদ্ধ হ’বলৈ। চাৰিবছৰ হ’ল কি নহ’ল আৰম্ভ হৈ যায় তাৰ স্কুলীয়া জীৱন। মাক-দেউতাকে ঘৰতে পঢ়ুৱাব পাৰিলেও পঢ়াবোৰ আৰু অলপ বেচিকৈ আয়ত্ব কৰক বুলি আকৌ তাক এটা টিউচন লগাই দিয়ে। তাৰ এবছৰ বা দুবছৰৰ পাছত সৰ্বগুণে গুণাকৰ হওক বুলি গান-নাচ-আৰ্ট এইবোৰৰ অত্যাচাৰ আছেই। তাৰোপৰি পৰীক্ষাত বহিও কণমানিকেইটাৰ শান্তি নাই। কোনোবাই যদি কাৰোবাতকৈ দুটামান নম্বৰ কম পায় মাক-দেউতাকৰ টেনচন বাঢ়ি যায়। তেওঁলোকে ভুলতেও এবাৰলৈকো নাভাবে ভৱিষ্যতৰ নামত তেওঁলোকে তেওঁলোকৰ কলিজাৰ টুকুৰাটোৰ পৰা কি কাঢ়ি আনিছে! তাক কিহৰপৰা বঞ্চিত কৰিছে! নিষ্ঠুৰভাৱে তেওঁলোকে তাৰপৰা কাঢ়ি নিছে তাৰ নিৰ্ভেজাল নিৰ্দোষ অমূল্য শৈশৱ! তাৰ কণমানি মনটোত  মুকলি আকাশ, মুকলি বতাহৰ জগতৰ সলনি ভৰাই দিছে অনাহক প্ৰতিযোগিতাৰ এখন অদৃশ্য জগত। পখিলা খেদি খেদি কণমানিটোৱে উপলব্ধি কৰিব নোৱাৰে আকাশৰ বিশালতাৰ কথা, পৃথিৱীৰ উদাৰতাৰ কথা। সি জানো বুজে মাটিৰ মৰমৰ কথা! তুমি বাৰু বুজিছানে মই কি ক’ব খুজিছোঁ? পৰিবেশে মানুহ গঢ় দিয়ে ঠিকেই, কিন্তু মানুহে পৰিবেশ সৃষ্টি কৰে। সমাজৰ কথা আজিলৈ থাকক। পাছত কেতিয়াবা লিখিম।
......মাজে মাজে বাবাই মোৰ লগত তৰ্ক কৰে ভাৰতৰ শিক্ষা ব্যৱস্থাক লৈ। অৱশ্যে ইয়াৰ  আসোঁৱাহবোৰ ময়ে তাক আঙুলিয়াই দিছিলোঁ সি সৰু হৈ থাকোঁতে। ভাল লাগে তাৰ লগত তৰ্ক কৰি। বুজা হৈছে সি কথাবোৰ। তৰ্ক কৰি থাকোঁতে আমাৰ মাজত বহু কথাই ঠাই পায়। তথাপি বৰ এলেহুৱা ল’ৰাটো। এতিয়াও তাক পঢ়া টেবুললৈ ঠেলি থাকিব লাগে। মাকজনী নহ’লে তাৰ একোতেই নহয়। বাহিৰলৈ পঢ়িবলৈ যাব লগা হ’লে কি কৰিব জানো সি! তাক সেই কথা সোঁৱৰাই দিলে আকৌ ভনীয়েকে বেয়া পায়। দাদা নহ’লেযে তাইৰ এক মিনিটো নচলে! মোৰ অবৰ্তমানত সিহঁত দুইটাই দুয়োটাৰে সাৰথি। নেদেখাজনক প্ৰাৰ্থনা কৰোঁ মই নাথাকিলেও যেন সিহঁত মানুহ হয়। চাকৰিৰ অজুহাতত একোৱেই দিব পৰা নাই সিহঁতক। দুখ লাগে কেতিয়াবা। কিন্তু হতাশ নহওঁ। যিখিনি কৰিব পাৰোঁ কৰিম। সিহঁত দুটাতো মোৰ আকাশৰ ধ্ৰৱতৰা। সিহঁতেই পোহৰাব মোৰ জীৱনৰ অন্তিম পথ। কৈ থাকিলে কথা ওলায় গৈ থাকে। আজিলৈ সামৰো। ভালে থাকিবা। অয়ন-মৌমনক মোৰ মৰম দিবা। গিৰিহঁতক মোৰ অভিবাদন জনাবা। সময় মিলাই উত্তৰ দিবা।

ইতিত
অনামিকা
২৪-০৮-১৪

*****************************************************************
 জান অ’....

......হাঁহি পেলালো তোৰ কথা শুনি| অকলে অকলে মনখুলি হাঁহিলো ভালেমান পৰ| এইয়াই সময়| তোৰ বাবেও, মোৰ বাবেও| প্ৰায় তিনিমাহৰ বিৰতিৰ পাছত আজি তোৰ ডুখৰীয়া কথাবোৰৰ পাতনি মেলিলি| ভেটা ভঙা বোৱতী পানীৰ সোঁতৰ দৰে অনৰ্গল কৈ গ’লি তোৰ কথা| বেছিভাগ বাদ পৰি গ’ল যদিও ভালেখিনিয়ে ক’লি| মোৰ সুধিব লগা বহুত আছিল, নুসুধিলো| মন নগল সুধিবলৈ| মোৰ কথা সুধিছিলি| তোক ক’ব লগাকৈ মোৰ কোনো কথা নাই| দিনবোৰ পাৰ হৈ গৈছে গতানুগতিকভাৱে| কোনো বিশেষত্ব নাই তাত| তথাপি পাৰ হৈ যোৱা সময়খিনিত মনৰ মাজত গোট খোৱা ৰিক্ততাখিনি তোৰ স’তে ভগাব নোখোজোঁ| তোৰ হাতত একো নাই মোক দিব পৰাকৈ| সময়ো নাই| অন্তঃত মোৰ বিষাদ ভগাব পৰাৰ যোগ্যতা তোৰ নাই| সুখৰ অংশীদাৰেই হ’ব নোৱাৰিলি, দুখৰ ভাগীদাৰ কেনেকৈ হ’বি? গতিকে বাদ দে| তই তোৰ দৰে থাক, মোক মোৰ দৰে থাকিবলৈ দে|
......কি কৈছিলি; শিশুবোৰৰ কথা! শিশুবোৰ তেনেকুৱাই| সৰল-নিৰ্মল মনৰ| সেয়েতো কয় শিশুৰ মাজত দেৱতা বাস কৰে বুলি! শৈশৱেই ভাল| কলুষতা নাথাকে তাত| ভেদা-ভেদ, আপোন-পৰ, কপততাই গা কৰি নুঠে শিশুৰ মনত| আকাশৰ দৰেই বিশাল শিশুৰ মন| বুকুত কঢ়িয়াই লৈ ফুৰে প্ৰাৰ্থনাৰ আকুতি| দুচকুত দুলি থাকে ফুল-তৰা-গানৰ ছবি| শিশু মানেইতো এটা সুৰীয়া গান| নিষ্ঠুৰজনৰ বুকুতো বাজি উঠে অজানিতে| সদায়ে শিশু হৈ ৰ’ব পৰা হ’লে!! কিন্তু সেইয়া সম্ভৱ নহয়| শৈশৱ পাৰ হৈ কৈশোৰত ভৰি দিয়াৰ লগে লগেই মগজুৱে কচৰত্‍ কৰিবলৈ আৰম্ভ কৰি দিয়ে জীৱনৰ অংক কৰিবলৈ| পোৱা-নোপোৱাৰ হিচাপ কৰিবলৈ| আপোন-পৰৰ দূৰত্ব জুখিবলৈ| ভৱিষ্যতৰ নামত. সপোন দেখাৰ আঁৰত সকলোৰে অগোচৰে মনৰ অটল তলিত মূৰ্তিমান হৈ উঠে আন এক ব্যক্তিত্ব| যি স্বাৰ্থপৰতাৰ মায়াজালেৰে সাঙুৰি আনে জীৱন-বৃত্ত| ক্ষণে ক্ষণে মনৰ মাজতেই সাজে-ভাঙে অতীত-বৰ্তমানৰ অনেক ডুখৰীয়া সপোনৰ বালিঘৰ| ভৱিষ্যতে আহি বিধি পঠালি দিয়ে তাত| ৰণুৱা ঘোঁৰাৰ দৰে অবিৰাম চলি থাকে জীয়াই থকাৰ অজুহাতত জীৱন জুৱাৰ খেল.....
......তইতো বহুত কথাই কৱ| মোৰ কথা হ’লে একোৱে নুশুন| আচলতে নুবুজ মই কি কওঁ| বুজাৰ কথাও নহয় অৱশ্যে| সেইয়া তোৰ আয়ত্বৰ বাহিৰত| তয়ো জান চাগে সকলোৰে জীৱনৰ এক নিজস্ব পৰিধি থাকে| তোৰো আছে, মোৰো আছে| তই ডাঙৰ হৈছ আপোন মানুহৰ হাত ধৰি| মই ডাঙৰ হৈছো একাকীত্বৰ যন্ত্ৰণা ভুগি| তোৰ - মোৰ অনুভৱ আৰু অভিজ্ঞতাৰ পথাৰখন সুকীয়া| তোৰ কথাবোৰ শুনিলে প্ৰত্যুত্তৰত বহুত কথাই ক’বৰ মন যায় কিন্তু কোৱা নহয়গৈ| কাৰণ তই এক ধৰণৰ ভ্ৰান্তিত থাক যে তোক কোনো মানুহেই বেয়া পাব বা উপেক্ষা কৰিব নোৱাৰে| তোৰ মাজত কিবা এটা আছে বুলি তই গৌৰৱ কৰ| কি আছে কি নাই সেইবোৰ সৰু কথা| মানুহ মাত্ৰেই দোষ-গুণ কম বেছি পৰিমাণে থাকে, থাকিবই| সদায় যে নিজকে ইমান প্ৰাধান্য দিয় কেতিয়াবা ভাবনে তোৰ মুখত এটা হাঁহি দিবলৈকে তোৰ সন্মুখত থকাজনে কিমানবাৰ চকুলোত তিতিব লগা হৈছে? কেতিয়াবা ভাবনে চকুৰে দেখাখিনিয়ে যথষ্ট নহয় বুলি| অদেখাত বহুত কিবাই ৰৈ যায়| কেতিয়াবা খুলি চাই পাইছনে কাৰোবাৰ বুকুৰ আৱৰণ? কেতিয়াবা পঢ়ি পাইছনে কাৰোবাৰ জীৱনৰ অলিখিত বুৰঞ্জী? শুনি পাইছনে কাৰোবাৰ বুকুৰ নীৰৱ কান্দোন? নিজে পোৱাখিনিকলৈয়ে যে আত্মতুষ্টিত মতলীয়া হৱ কিয় এবাৰো নাভাব আনৰ কথা? এটা দিনৰ আধাভাগ পোহৰ, আধাভাগ আন্ধাৰ| পুৱাৰ পোহৰে ধৰাখন উজ্বলাই তুলিলেও নিশাৰে অন্ধকাৰে আন্ধাৰ নমাই আনে ধৰাৰ বুকুলৈ| যদিও পোহৰৰ অবিহনে জীৱন অচল আন্ধাৰ নহ’লেও জীৱন স্তব্ধ হৈ যায়| আন্ধাৰে বিশ্ৰাম দিয়ে ভাগৰুৱা শৰীৰক-মনক| বিশ্ৰামে সকাহ দিয়ে যুঁজি ক্লান্ত হোৱা মষ্তিস্কক| তই বাৰু ভাব নেকি অনবৰতে দিনেই হৈ থাকিব বুলি? প্ৰখৰ ৰ’দেও যে দেহৰ আৱৰণ ভেদি কেতিয়াবা কলিজা পুৰিব পাৰে তই বাৰু জাননে???
......তোৰ কথাই ভাবিছো| কেতিয়া কোন মুহূৰ্তত কাক কি কথা কৱ তই নিজেই গম নাপাৱ চাগে!! সেয়ে কৈ পাহৰি যাৱ কথাবোৰ| মই কিন্তু নাপাহৰো একো| যুক্তিৰ খাতিৰতে যদি তোৰ স’তে তৰ্ক কৰিবলৈ বহোঁ সেই তৰ্কৰ কাহানিও অন্ত নপৰিব| কাৰণ তই কথা ক’ৱ মগজু খটুৱাই, মই কথা কওঁ বুকু উদঙাই| তোৰ বাবে তই কাক কি দিলি সেইয়া ডাঙৰ কথা নহয় তই কি পালি সেইয়াহে ডাঙৰ কথা; মোৰ বাবে বুকু চুই যোৱা প্ৰতিটো কথাই অমূল্য| প্ৰায়ে ভাবো, আজিও ভাবিছো মন আৰু শৰীৰৰ কথা| মনটোকেই সকলো সময়তে প্ৰাধান্য দিওঁ যদিও শৰীৰক বাদ দি কেৱল মনটোৰ কিবা অস্তিত্ব আছে জানো? মনটোৰ দৰেই শৰীৰটোৰো নিজস্ব দাবী নাই জানো? যদি আছে তেনে শৰীৰৰ দাবীয়ে মাত্ৰ পুৰুষকে বলিয়া কৰে কিয়? নাৰী-পুৰুষ দুটা সুকীয়া অস্তিত্ব হ’ব পাৰে, দুটা পৃথক সত্বা হ’ব পাৰে, দুয়োটাৰে মনাকাশ বেলেগ হ’ব পাৰে কিন্তু শৰীৰৰ প্ৰয়োজনখিনিতো একেই| ধান বানি, চাউল উলিয়াই, সিজাই তাৰপৰাই সোমৰস তৈয়াৰ কৰে নাৰীয়ে| অথচ তাক পাণ কৰিবলৈ গ’লেই সমাজৰ নিয়মে আগুৰি ধৰে| পুৰুষ বহুনাৰীগামী হোৱাৰ বিপৰীতে নাৰী যদি বহুপুৰুষগামী হ’লহেঁতেন কেনে হ’লহেঁতেন বাৰু সমাজৰ ৰূপ! বহুত বছৰৰ আগতে পঢ়িছিলো “মানসন্মান” নামৰ বাংলা উপন্যাস এখন| বোধকৰোঁ মূল লেখকজন শংকৰ আছিল| কোনে অনুবাদ কৰিছিল মনত নাই| উপন্যাসখনৰ নায়ক মনোময়ে পত্নীৰ গাত ভেজা দিয়েই দোপত দোপে উন্নতিৰ জখলাদাল বগাইছিল| সমাজত উচ্চস্থান নোপোৱালৈ মনোময় পত্নীৰ বিশ্বাসী হৈ আছিল| অৱশ্যে কোনোবাদিনা যে অবিশ্বাসী হ’ব তেনে কথাও নাছিল| কিন্তু তেওঁলোকৰ বিবাহবাৰ্ষিকীৰ দিনাই এক ঘটনা ঘটি গ’ল| মনোময়ৰ অফিচতে নাৰীজনিত কেলেংকাৰী এটাত মনোময় জেললৈ যাব ল’গা হ’ল| এক পক্ষই মনোময়ক দোষাৰোপ কৰিলে উচ্চপদৰ অহমিকাত ভুগি ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি| আন পক্ষই ভুক্তভোগী মহিলাগৰাকীক জগৰীয়া কৰিলে নিজকে আগবঢ়াই দি সুবিধা ল’ব খোজা বুলি| এই লৈ দুয়ো পতি-পত্নীৰ মাজত মনোমালিন্য হ’ল| মানসিকভাৱে বিপৰ্য্যস্ত হোৱা দুই পতি-পত্নীৰ বিবাদে বিবাহ-বিচ্ছেদ পৰ্য্যন্ত পালেগৈ| শেহত মনোময়ৰ পত্নীয়ে কোনো তথ্যৰ পম খেদি আৱিস্কাৰ কৰে যে সেই মহিলাগৰাকীৰ পূৰ্বতেও তেনে দুৰ্ঘটনা সংঘটিত কৰাৰ বদনাম আছে| তেওঁ চৰিত্ৰহীনাও হ’ব পাৰে! পত্নীয়ে গোটাই অনা তথ্যৰ ভিত্তিতে মনোময় নিৰ্দোষী সাব্যস্ত হয়| তাৰপাছত মনোময়ৰ ঘৰৰ দুভাগ হোৱা বিচনাখনৰ মাজৰ খালি ঠাইখিনি পুনৰ নোহোৱা হয়| কিন্তু সভ্যতাই ভদ্ৰতাৰ মুখা পিন্ধোৱা মনোময়ে অকপটে স্বীকাৰ কৰিব নোৱাৰে নিজৰ স্খলন......| অনবদ্য উপন্যাসখনৰ কাহিনীয়ে মাজে মাজে দোলা দি যায় মনত| একে সময়তে মনত পৰে দ্ৰৌপদীলৈ| দ্ৰৌপদীৰো পঞ্চপতি আছিল| কিন্তু পঞ্চপতিৰ পাণি গ্ৰহনত দ্ৰৌপদীৰ অনুমতি আছিল নে? পঞ্চপতিৰ মাজত দ্ৰৌপদীৰ নিজস্বতা আছিল নে? নিৰাপত্তা আছিল নে? আৰু স্বাধীনতা? সীতাৰ লাঞ্চনা-বেদনাৰ কথা নুলিয়াওঁ বাৰু.....
......জীৱনৰ স্থিতি-পৰিস্থিতি সদায় মানুহৰ আয়ত্বত নাথাকে| কিন্তু মানুহৰ সদ্‌ ইচ্ছা সদ্‌ ভাৱনাবোৰ মানুহৰ বুকুত থাকে| মৰম-ভালপোৱা-আস্থা মানুহৰ তেজত নিহিত হৈ থাকে| পোহৰে নিজৰ ৰাস্তা নিজেই বিচাৰি লয়| সত্যৰ এদিন হ’লেও জয় হ’বই| মিছা কথাৰ ভেটি কেতিয়াও মজবুত নহয় জান! আজিলৈ কিমান যে মিছা মাতিছ নিজেও নাজান চাগে! মিছা কথা মোৰ সহ্য নহয়| কঠোৰ হ’লেও সঁচা সদায় আদৰণীয়| মিছাবোৰ কৈ শেষ হ’লনে তোৰ? যি সময়ত পৰীক্ষাৰ মাচুল দিব নোৱাৰা বুলি মোৰ পৰা সাহায্য লৈছিলি সেইসময়ত তই ধুনৰ ল’ন ৰিফাণ্ড কৰিছিলি, তাইৰ সমস্ত খৰছ তয়ে বহন কৰা বুলি ক’লি| আনকি বেমাৰ দেখুৱাবলৈকো হাতত টকা নথকা তই ঘৰ সজাৰ কাম হাতত ল’লি| কঁকালৰ বিষত আগদিনা ৰাতি বিচনাত শুব নোৱাৰা ল’ৰাটোৱে পাছদিনা গাড়ীৰে আহি ডিব্ৰুগড় পালিহি| তোৰ একাউণ্টত পাঁচশ টকাও নাই বুলি কোৱাৰ পাছত লাখ টকা দি মেচেজৰ মেচিন কিনা বুলি ক’লে অলপ বদহজম নহ’বনে? অনবৰতে হাত খালিয়েই হৈ থাকে তোৰ অথচ কামবোৰ নিয়াৰিকৈ হৈ গৈ থাকে| হয়তো এইয়া তোৰ দক্ষতা! নাজানো| তোৰ কথাৰ কাৰচাজি ধৰিব পৰাৰ বিচক্ষণতা মোৰ নাই| তই কৈছিলি মই যিদৰে তোৰ ঠাইত থিয় দিব নোৱাৰো ঠিক সেইদৰে তয়ো মোৰ ঠাইত থিয় দিব নোৱাৰ| সেয়ে সদায় কথাবোৰ তোৰ সুবিধামতে তোৰ জোখাৰে বিচাৰ নকৰিবি| অলপ ওলোটাফালটোও চাবলৈ যত্ন কৰিবি| দিন সদায় সমানে নাযায়| আটাইতকৈ ডাঙৰ কথা সময় কাহানিও উভতি নবয়| জীৱন এটাই| তোৰ বাবেও, মোৰ বাবেও| তোৰ জীৱনটো সজাবলৈ গৈ মোৰ সময়খিনি বিষাক্ত নকৰিবি|
......পাৰ চৰাই দেখিছনে? ভালকৈ মন কৰিবিচোন সিহঁতলৈ| সিহঁতৰ ইটোৰ প্ৰতি সিটোৰ প্ৰেম অদ্ভূত ধৰণে আকৰ্ষণীয়| প্ৰতি প্ৰহৰে প্ৰহৰে মতাটোৱে মাইকীজনীক প্ৰেম নিবেদন কৰে| এহাল পোৱালি তোলাৰ পাছত দ্বিতীয়হাল পোৱালি তোলালৈ মাক-দেউতাকে সমানে পোৱালি কেইটাৰ যতন লয়| মানুহৰ চকুত নপৰিলে পোৱালি কেইটা খুটি খাব পৰা হোৱালৈ দ্বিতীয়হাল পোৱালিলৈ কিছু বিৰতি লয়| কিন্তু মানুহে পোৱালি কেইটাৰ উমান পালেই মাৰি-কাটি খাই শেষ কৰে| তত্‌স্বত্ত্বেও পাৰহালে পোৱালি তুলিবলৈ নেৰে| জীৱন এনেকুৱাই বুজিছ| গৈ থাকে মাথোঁ গৈ থাকে শেষ নোহোৱালৈ| কোনো বিনাশ বা ধ্বংসই জীৱনৰ উকমুকনি নিঃছিন্ন কৰিব নোৱাৰে| এতিয়া নিৰলে বহি তাকেই ভাবি আছো| ক’তজনৰ বিপদৰ সময়ত নিৰ্বিবাদে তেওঁলোকৰ কাষত থিয় দিছো আত্মীয় হৈ| অথচ মোৰ দুৰ্য্যোগৰ দিনত এষাৰ মাত পাবলৈ নাই| কি বুলি কওঁ তয়ে ক’? তেজৰ সম্পৰ্ক নাথাকিলেই কি কোনো কাৰো আপোন হ’ব নোৱাৰে? তেজৰ টানেই যে নিভাঁজ তাৰতো কোনো নিশ্চয়তা নাই| তেন্তে!! দিবৰ বেলিকা যদি মই উদাৰ হ’ব পাৰো পাবৰ বেলিকা স্বাৰ্থপৰ নাম পাওঁ কিয়? প্ৰয়োজনীয়তা মোৰো থাকিব নোৱাৰে নেকি? অমঙ্গল-অসুবিধাই মোকো জুৰুলা কৰিব নোৱাৰে নেকি? কথাটো শুকানে শুকানে ভাত খালে ডিঙিত লাগি ধৰাৰ দৰে নহয় জানো? খোৱাবস্তুখিনি ডিঙিয়েদি সৰকি যাবলৈকে অলপ পানী পিব নালাগিব জানো? এই সৰু কথাটোকে তহঁতে নুবুজ| অন্ধকাৰত একোকে নমনি নহয়? জ্বলন্ত সূৰ্য্যৰ ফালেও একেঠৰে বেছিপৰ চাই থাকিব নোৱাৰি| চকুৰ দৃষ্টি হেৰায় যায়| দৃষ্টিহীন হৈ পোহৰৰ সন্ধান কৰা কি যে কষ্টকৰ সেইয়া ভুক্তভোগীয়ে ক’ব| মোৰ ঘৰৰ সন্মুখতে আত্মসমৰ্পন কৰা বিদ্ৰোহী এজনৰ পৰিয়াল এটা থাকে| তেওঁক দেখিলেই মই সদায় ভাবো তেওঁ বাৰু নিজৰ সন্তানৰ মুখত ফুটি উঠা হাঁহি দেখি সঁচাকৈয়ে সুখী হ’ব পাৰেনে? দামী কাপোৰ পিন্ধি দামী গাড়ীত উঠি ক’ৰবালৈ ওলায় যাওঁতে তেওঁৰ মনটোৱে শান্তিৰ পৰশ পায়নে? তেওঁৰ পত্নীয়ে যেতিয়া খাবলৈ ভাতসাঁজ সজায় দিয়ে তেওঁৰ বাৰু ভোক পলায়নে? নিশা নিচিন্তমনে টোপনিত ঢলি পৰিব পাৰেনে? অনেক উত্তৰবিহীন প্ৰশ্নই মোক আগুৰি ধৰে| তেতিয়া মোৰ শ্ব্যেক্সপীয়েৰৰ “মেক্‌বেথ”লৈ মনত পৰে| পানীৰে ধুই জানো তেজৰ দাগ মোহাৰিব পাৰি???
......ওপৰলৈ উঠাটো বৰ এটা টান কাম নহয় মোৰ বোধেৰে| কিন্তু উৰ্দ্ধমুখী হৈ গৈ থাকোঁতে মাটিৰ পৃথিৱীখনৰ কথা পাহৰিব নালাগে| মাটিৰ মানুহ মাটিতেই মিলি যাব লাগিব এদিন| চিতাত উঠি ছাঁই হৈ যোৱালৈ বুকুখন অলপ সজীৱ কৰি ৰাখ| মিছাৰ দৌল নাসাজিবি| খহি পৰিব কোনোবাদিনা| নিজেই কষ্ট পাবি তেতিয়া| সুখৰ দিনত সকলোৱে আগুৰি ধৰে| দুখৰ দিনত ছাঁটোৱেও লগ এৰা দিয়ে| কথাষাৰ ভাবি চাবি এবাৰ| আকৌ লগ পাম দে| আজিলৈ আহোঁ......

ইতিত
তোৰ আইজনী|

***************************************************************
জান.....

......এইয়া বহুদিনৰ মূৰত তোলৈ লিখিবলৈ লৈছোঁ| তোক আলম কৰি লৈছোঁ যদিও দৰাচলতে নিজৰহে মুখামুখি হ’ব খুজিছোঁ| মেলি লৈছোঁ খিৰিকিখন| চেঁচা বতাহজাকে গালে-মুখে কোবাই গৈছে| সঁচাই ঠাণ্ডা পৰিছে এইকেইদিন| নপৰিবনো কেলেই? আঘোণ শেষ হৈ পুহ সোমাবৰ হ’ল| বাহিৰত নিছিদ্ৰ অন্ধকাৰ| দূৰৈত কুঁৱলীৰ আৱৰণ ফালি ষ্ট্ৰীট লাইটৰ বাল্বকেইটা ঢিমিক-ঢামাককৈ জ্বলি আছে পোহৰৰ অস্তিত্ব বিলাই| নিজম পৰিছে চৌদিশ| গাড়ী-মটৰৰ আহ্‌-যাহ্‌ কমি গ’ল| বাটৰ কুকুৰকেইটায়ো ক’ৰবাত জিৰণি লৈছে চাগে উম্‌ বিচাৰি! এই মূহুৰ্তত কি কৰিছ বাৰু তই? বিচনাত পৰি গান শুনিছ নে বজাৰলৈ ওলাই গৈছ? নে কোনোবা বন্ধুৰ কোঠালৈ গৈ আদ্দা দিছ? নে ফেচবুক খুলি লৈ কাৰোবাৰ স’তে চুপতি মাৰিছ? আকৌ খুচৰি চাই আঁজুৰিবলৈ চেষ্টা কৰিছ অচিন কোনোবাৰ বুকুৰ মাটি!!! কি স্পৰ্ধা!! কি দুঃসাহস তোৰ!! সাহস নে সুযোগসন্ধানীৰ সুবিধালাভ?? জোনাক বিচৰা মানুহো যে কাৰোবাৰ জীৱনলৈ নিজেই অন্ধকাৰ হৈ নামি আহিব পাৰে তোক নোপোৱা হ’লে হয়তো নাজানিলোঁ হয় মই| তোক এইবাবেই পাহৰোঁ বুলিও নাপাহৰাকৈ একাষৰীয়াকৈ থৈ দিছোঁ মনৰ কোনোবা চুক এটাত| মই মৃতপ্ৰায় হ’লেই তই দিয়া আঁচোৰবোৰ পুনৰবাৰ অনুভৱ কৰি নিজক টনকীয়াল কৰি তুলিবলৈ!!
......কোনোদিনে কাৰো সন্মুখত হাত পাতি নোপোৱা মই জীৱনত প্ৰথমবাৰৰ বাবে আনৰ ওচৰত ধৰুৱা হ’লোঁ তোৰ বাবেই| কথা দি কথা ৰাখিব নোৱাৰিলি তই| তোৰ অসুবিধা-অজুহাতবোৰৰ কথা মই নকওঁ| সেইয়া তই বুজিবি| কিন্তু তোৰ অসুবিধাৰ বাবেই মই ভোগ কৰা অসুবিধাৰ কথা ক’লে তই নিশ্চয় আপত্তি নকৰিবি| এ বাদ দে কৈ কি হ’ব! কোৱাখিনিকে নুবুজিলি একো| এইবোৰ ক’লেনো ক’ত বুজি পাবি? কি কৈছিলি তই? ”....মৰিবলৈ শাওপাত দে মোক| কিন্তু বেয়া নাপাবি দেই....”! মই শাওপাত দিলোঁৱে যেনিবা, মৰিবি জানো তই? আৰু তই মৰিলিয়ে যেনিবা, তোৰ লগত হেৰুওৱা সময়বোৰ ঘূৰাই পামনে মই? তোক গালি-শপনি পাৰি জহন্নামে যা বুলি ক’লোঁৱে যেনিবা তাৰ পৰা কিবা লাভ হ’ব নেকি মোৰ? পাম নেকি পাৰ হৈ যোৱা সময়ে মনলৈ সিঁচি যোৱা বিষাক্ত অনুভৱখিনিৰ পৰা মুক্তি? তোৰ বাকচাতুৰ্য্য আৰু বিচক্ষণতাৰে মোৰ যি ক্ষতি কৰিলি তাৰ ক্ষতিপূৰণ কোনোবা দিনা হ’বনে? পাৰিবিনে মোক সেই আকুলতা, হেঁপাহৰ সেই তীব্ৰতা উভতাই দিব? পাৰিবিনে জোন জ্বলা সময়ত অমানিশা নামি অহা ক্ষণবোৰত বুকুত বাঢ়ি অহা বিষবোৰৰ উপশম ঘটাব? দুখ-বেদনা-হা-হুমুনিয়াহ এইবোৰৰ কোনো নিদিৰ্ষ্ট প্ৰতিকাৰ নাই| থাকিলেও যি থাকে সেইয়া বাহ্যিক তথা আনুসংগিক| একমাত্ৰ সময়েহে ইয়াক নোহোৱা কৰিব পাৰে| সময়ে মোৰো ক্ষয়-ক্ষতিবোৰ নোহোৱা কৰিব ঠিকেই, কিন্তু বুকুৰ মাজত ৰৈ যোৱা বিষ এটাৰ স্মৃতিক নোহোৱা কৰিব নোৱাৰে কোনোপধ্যে|
......সোঁৱৰিবলৈতো বহুত কিবাই আছে, তথাপি কিয় জানো মানুহৰ দোষ-দুৰ্বলতা-প্ৰতাৰণা-প্ৰবঞ্চনাবোৰ সুঁৱৰি ভালপাওঁ! চাৰিত্ৰিক দুৰ্বলতা চাগে মোৰ এইয়া| সীমাবদ্ধতা পাৰ হৈ যাব নোৱাৰোঁ বাবেই চাগে এনে কৰোঁ| কিন্তু বিশ্বাস কৰ দুৰ্বলতম মুহূৰ্তটো আনৰ অপকাৰ হোৱাটো নিবিচাৰোঁ মই| মোৰ অনিষ্ট হ’ল বুলিয়েই আনৰো তেনে হোৱাটো নিবিচাৰোঁ কাহানিও| মাত্ৰ আশা কৰোঁ পুনৰবাৰ যেন তেনে দুৰ্দশা নহওক মোৰ| তই পুৰুষ. মই নাৰী| জনমানসত পুৰুষ মানে ধীৰ-স্থিৰ-গহীন-গম্ভীৰ দৃঢ়তাৰ প্ৰতীক, আনহাতে নাৰী মানে লাজুক-নমনীয়-কোমল-সহিঞ্চুনতাৰ প্ৰতীক| সৰুৰে পৰা পুৰুষ মানে মনৰ মাজত কঢ়িয়াই লৈ ফুৰিছোঁ এটা অভিব্যক্তিৰ ছাঁ| সাগৰৰ দৰে গভীৰ, পৰ্বতৰ দৰে অটল, আকাশৰ দৰে বিশাল, পৃথিৱীৰ দৰে উদাৰ মনৰ পুৰুষ এজনৰ কল্পনা সদায় কৰোঁ| সদায় ভাবোঁ পুৰুষ মানেই যেন এখন আবৰণ, এখন ঢাল, এক আস্থা, এক নিৰাপত্তাৰ আকৰ| পুৰুষে আশ্ৰয়হীনক আশ্ৰয় দিব, ভাঙি পৰাজনক তুলি ধৰিব, হাৰি যোৱাজনক সাহস দিব, বিপথে যোৱাজনক শুদ্ধ পথলৈ উভতাই আনিব, জীৱন নৈত ডুব যাব খোজাজনক সোঁতৰ বিপৰীতে গৈ হ’লেও উদ্ধাৰ কৰিব| কিয় জানো মনতেই ভাবি থাকোঁ পুৰুষ হ’লেই যেন এখন প্ৰেম আৰু মমতাৰ চাদৰ হ’ব! বিশ্বাস আৰু আস্থাৰ আধাৰ হ’ব! সততা আৰু ন্যায়ৰ প্ৰতিমূৰ্তি হ’ব! তোৰ মাজত তেনে একো নাছিল যদিও অন্তঃত সঁচা কৈছ বুলি ভাবিছিলোঁ| সেয়ে তোৰ বিপদৰ সময়ত নিঃসংকোচে তোৰ কাষত থিয় দিছিলোঁ| ভবা নাছিলোঁ কিন্তু তোৰ বিপদ আঁতৰিলে মোৰ প্ৰয়োজন কোনোদিনে অনুভৱ নকৰিবি বুলি| ভুল মোৰেই চাগে! মই বুজা উচিত আছিল মানুহে মানুহৰ স্বাৰ্থপৰতাৰ ধৰ্ম কেতিয়াও নেৰে বুলি| তোকনো কি কম ময়োতো স্বাৰ্থপৰ আছিলোঁ! তোৰ এটা মিচকল্‌ৰ আশাত বহি থাকোঁ| তোক ফোনত পালেই দিনটো কি কৰিলি, ভাত খালি নে নাই, শুইয়ে আছ যদি উঠি মুখ-হাত ধুই কিবা এটা খা বুলি যেতিয়াই তেতিয়াই সকীয়াই থাকোঁ! দুপৰ ৰাতিও ভোকত নাথাকিবি, এলাহ লাগিলেও কিবা এটা খাইহে শুবি বুলি কৈ কৈ আমনি লগাই দিওঁ তোক| চাগে মোৰ নীৰৱতাবোৰ ভৰাই তুলিছিলোঁ তোক লৈ ব্যতিব্যস্ত হৈ! চ’নীৰ মিউজিক চিষ্টেমটোত গান শুনিলে মোলৈ মনত পৰেনে তোৰ? সেইটো কিনিবলৈ গৈ পইচা কম পৰোতে যে তোক অলপ কম দামী এটা ল’বলৈ কৈছিলোঁ| তই যে আঁকোৰগোজ হৈ সেইটোকেই কিনিম বুলি কৈছিলি| আৰু শেহত মোৰ টকাখিনি মিলাই সেইটোকেই কিনি আনিছিলি| ফুৰ্তিতে মোক বহুত কেইটা গান শুনাইছিলি মনত আছে নে তোৰ? গান বজাই থৈ গা ধুবলৈ যাওঁতে যে চাউণ্ড কমাবলৈ পাহৰিছিলি আৰু মিউজিকৰ প্ৰকোপত যে খিৰিকিৰ গ্লাচ এখন ভাঙিছিল? ম’বাইলটো বেয়া হওঁতে নতুন এটা ল’বলৈ ক’লোঁ| তোক আকৌ লগা হ’ল ব্লেকবেৰীহে| ইমান দামী ম’বাইলটোনো কেনেকৈ দিওঁ মই? মোৰ সামৰ্থও নাই সিমান| কিন্তু তই নুবুজ| তোক সেইটোৱে লাগে| দিলো বিছহাজাৰ কিবাকৈ যোগাৰ কৰি| বাকীখিনি তই মেনেজ কৰিলি| তাৰপাছ্ত তোক কোনে পায় আৰু! ৰিচাৰ্জ কৰি দিলেও বেলেঞ্চ সোনকালেই নোহোৱা হৈ যায়| অথচ মোলৈ ফোন কেতিয়াবাহে কৰ| তাকো এক বা দুইমিনিটৰ কাৰণে| ফোন কৰিবলৈ সময় নাথাকে তোৰ আৰু মোক দম দিয় খবৰ এটাও নলৱ বুলি| তথাপি ভাল লাগিছিল মোৰ তোৰ দাবীবোৰ পূৰাই| অদ্ভূত ধৰণে ঠেহ পাতিছিলি তই| কেতিয়াবা মন গ’লে তোৰ এৰি অহা দিনৰ কথা কৈ যাৱ আপোনমনে.......
......তোৰ বাৰু মনত আছে নেকি শংকৰপুৰৰ সেই সন্ধ্যাটোৰ কথা| এক লহমাৰ বাবে যে মই কাণপাতি শুনিছিলো তোৰ বুকুৰ ঘণ্টাধ্বনি| মূৰৰ ওপৰত তৰাখচিত আকাশ| দূৰৈত সমুদ্ৰৰ উত্তাল গৰ্জন| আমাৰ পাছফালে বতাহৰ সোঁ-সোৱনি| ইউকেলিপ্টাচৰ পাতৰ খৰমৰণিয়ে সুৰ এটা তুলিছিল| তোৰ বুকুৰ স্পন্দন এটা গান হৈ বাজি উঠিছিল মোৰ মনত| বিমুগ্ধ মুহূৰ্ত এটা সযতনে সাঁচি থৈছিলোঁ বুকুত| সিদিনা ভবা নাছিলোঁ ই এটা স্মৃতি হৈ যাব বুলি| তয়ে বা এনে কৰিলি কিয়? কৈছিলোঁ দেখোন তোক মোৰ সফলতা-বিফলতা, উত্থান-পতনৰ ইতিহাস? তাৰপাছতো কিয় তোৰ স্বৰূপটো ইমান উদংকৈ দাঙি ধৰিলি? কিয় ভাঙি পৰিবলৈ দিলি মোৰ বিশ্বাসৰ ভেটি? নিজকেই বা পলৰীয়া সজালি কিয়? কি পালি স্বাৰ্থপৰতাৰ মুখাখন খুলি দি? মইতো কোনোদিনে একো দাবী কৰা নাছিলোঁ তোৰ পৰা| এনেকি তোৰ আপোনো হ’ব খোজা নাছিলোঁ| মাথোঁ তোৰ সময়বোৰ ভৰাই তুলিব খুজিছিলোঁ তই বিচৰা ধৰণে|.....তোৰ অসুখৰ কথা নোসোধোঁ আৰু| পৰীক্ষা নিদিলি বুলি গম পালোঁ| অথচ তোৰ এটা বছৰ লোকচান নহওক বুলিয়েই প্ৰথম চিনাকিতে তোক ধাৰলৈ টকা দিছিলোঁ| কিজাই সেই তেতিয়াই মই ভুল কৰিছিলোঁ আৰু তাৰ ওপৰত তই মিছা কথাৰ দালান সাজি গ’লি| মই বুবৰ্কৰ দৰে তোৰ কথা পতিয়ন গৈ তোক আবৰি ৰখাৰ বৃথা চেষ্টা কৰিছিলোঁ| আজি ভাবিছোঁ যি হ’ল ভালেই হ’ল| ময়ো শিক্ষা এটা পালোঁ| কিন্তু তোৰ কথাহে ভাবিছোঁ| সন্মান আৰু আদৰ্শক সৰোগত কৰি জীৱনত আগুৱাই যাব খোজা ল’ৰাটোৰ এনে দুৰ্গতি কিয় হ’ল? আপোন মানুহৰ বাবে মৃত্যুকো আঁকোৱালি ল’ব পৰা ল’ৰাটোৱে পৰ হ’ল বুলিয়েই আনৰ বুকুত বিশ্বাসঘতকতাৰ ছুৰীখন হেলাৰঙে বহুৱাই দিব পাৰে কেনেকৈ? আৰ্তজনৰ সাৰথি হ’ব খোজা মনটোৱে বা’ আনৰ বিপৰ্য্যয়ৰ কাৰণ হ’বলৈ মান্তি হ’ব পাৰে কেনেকৈ? যি যি কৈছিলি সকলোবোৰেইতো মনত আছে মোৰ! তোৰ নাইনে? তইতো কৈছিলি জোনবাইৰ দেশলৈ যোৱাৰ কথা| তয়েতো কৈছিলি মুকলি আকাশৰ তলত ৰৈ সপোন দেখাৰ কথা| কি হ’ল সেইবোৰ???? আৰু আৰু......
......আনৰ বিশ্বাস অৰ্জন কৰা তেনেই সহজ কথা তাক ধৰি ৰখাটোহে টান| হয়তো মই তোক ভুল বুজিছোঁ নতুবা তই মোক নুবুজিলি| যিয়েই নহওক তই তোৰ প্ৰথম প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলি| ইচ্ছাকৰা হ’লে পাৰিলিহেঁতেন তই আত্মীয়তাৰ বান্ধোনটো জীয়াই ৰাখিব| বিচৰা নাই যেতিয়া ময়ো জোৰ নকৰোঁ| এনেও বিশ্বাসহীনতাত মই উশাহ ল’ব নোৱাৰোঁ| জানই দেখোন আত্ম-অভিমানত অহংকাৰী মই| মোক হয়তো সাময়িকভাৱে ম্লান কৰিব পাৰি কিন্তু মোহাৰি পেলাব নোৱাৰি| জীৱন ল’ব খোজাতকৈ জীৱন দিব খোজা মানুহৰ শক্তি বেছি জান| কোনো অশুভ শক্তিয়ে তাক নিৰ্মূল কৰিব নোৱাৰে| সেয়েতো পৃথিৱীত আজিও মানুহ আছে! য’তে আছ যেনেকৈয়ে আছে জীয়াই থাক| খালি আৰু ভুলতো যেন আনৰ বিপৰ্য্যয়ৰ কাৰণ হ’বলৈ নাযাৱ তাকে কম তোক| মোৰ কি মই থাকিম আয়ুস নুটুটালৈকে এনেকৈয়ে এডাল বটবৃক্ষ হৈ| ৰ’দে-বতাহে-বৰষুণে বাটৰুৱাৰ সাৰথি হৈ| বহুত কথা আহিছে মনলৈ কিন্তু লিখিবৰ মন যোৱা নাই| পাছত কেতিয়াবা লিখিম দে| আজিলৈ সামৰো....

তোৰ আইজনী

১৪.১২.২০১৩
******************************************************************************************************
 জান,

.......ভালে আছনে? বহুদিন হ’ল তোৰ খবৰ নোলোৱা| সিদিনা তই ফোন কৰোঁতেও দুই মিনিট সময় কথা পাতিয়েই মই ফোন কাটি দিলো ছাৰে মাতিছে বুলি| কিয় জানো মন নগ’ল কথা পাতিবলৈ| কিবা এটা নাই নাই লাগিল! মোলৈ তোৰ কেতিয়াও মনত নপৰে বুলি মই জানো| মোৰ তোলৈ মনত পৰে কেতিয়াবা| কিন্তু ফোন কৰিবলৈ মন নাযায়| কাৰণ তই ভালকৈ কথা পাতিব নোখোজ অথবা য’তে ত’তে ব্যস্ত থাক| তোৰ ব্যস্ততাত মোৰ ভাৱনাই ব্যাঘাত জন্মোৱাতো মোৰ একেবাৰে অপচন্দ| মোৰ দৰে আজে-বাজে কথাৰে মাথা নষ্ট কৰা মানুহ নহয়তো তই সেয়ে! ক’ এতিয়া যোৱা তিনিমাহে কি কি কৰিলি? এক্সিডেণ্টত দুখ পোৱাখিনি শুকালগৈ নে? তোৰ লেঠাবোৰ শেষ হ’লগৈ নে? তই তোৰ থকা ঠাইলৈ উভতি গ’লি নে? পৰীক্ষা কেতিয়া হ’ব তোৰ? ইয়ালৈ অহাৰ পৰা পঢ়া-শুনাতো হোৱাই নাই! অৱশ্যে তোৰ পঢ়াৰ টেনচন নাই| আগতে স্কুল-কলেজত পঢ়াৰ দৰে কষ্ট কৰিব নালাগে এতিয়া| আৰু তোৰ পঢ়ানো কি! পৰীক্ষাৰ আগে আগে কিতাপৰ পাত লুটিয়াবি নহ’লেবা নেট খুলি যিমান পাৰ লাগতিয়াল তথ্যসমূহ গোটাই ল’বি| পাৰিলে পৰীক্ষাৰ মাজতো টয়লেটলৈ গৈ নেট খুলি প্ৰশ্নোত্তৰ চাই ল’বি| বেছি নম্বৰ পোৱাৰ তেনে কোনো ধৰাবন্ধা নিয়মতো নাই| চাৰ্টিফিকেটখনহে মাত্ৰ লাগে তোক! হৈ যাব তোৰ| ট্ৰেইনিংটো পাছে কি কৰিলি? কেতিয়াৰ পৰা কৰিবি? দিনবোৰ গৈ আছেচোন এনেয়ে!!
......তোক কেতিয়া লগ পাইছিলো তোৰ মনত আছেনে? মোৰ আছে| যোৱা ৩০ মাৰ্চত লগ পাইছিলো তোক| তাৰ আগেয়ে ২০১২ৰ কোনোবা দুদিনত কাজিয়া কৰিছিলো তোৰ স’তে| প্ৰথমবাৰ তই মোক ভুৱা বুলি সন্দেহ কৰিছিলি| দ্বিতীয়বাৰ মই প্ৰশ্ন কৰিছিলো তোক মোৰ স’তে বন্ধুত্ব গঢ়ি তই সুখী হ’বি জানো বুলি? মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়া দেখি মই তোৰ বন্ধুত্বৰ অনুৰোধ গ্ৰহণ কৰা নাছিলো| কাৰণ তই মোৰ অনুৰোধ গ্ৰহণ কৰাৰ পাছত মোক ভুৱা বুলি সন্দেহ কৰিছিলি সেয়ে পাছত তোক মোৰ বন্ধুৰ তালিকাৰ পৰা আঁতৰাই পেলাইছিলো মই| তাৰপাছত আকৌ তই মোৰ লেখা এটাৰ আলমত মোলৈ মন্তব্য দিছিলি মোৰ ইনবক্সত| প্ৰথম দিনা মোৰ লেখাক লৈ অলপ তৰ্কা-তৰ্কি হোৱাৰ পাছত দ্বিতীয় দিনা তই মোক তৰালী শৰ্মাৰ গান এটাৰ কথা সুধিছিলি| গান বলিয়া তই নিজেই তোৰ ফোন নম্বৰ দিছিলি| মোৰ নম্বৰ বিচৰাত একো নভবাকৈয়ে তোক নম্বৰটো দিছিলো| লগে লগে তই ফোন কৰিছিলি মোলৈ| আৰু অনৰ্গলভাৱে কৈ গৈছিলি গানক লৈ থকা তোৰ হেঁপাহ, আগ্ৰহ, উত্‍কণ্ঠা, মনোযোগ যি যি আছে তাক মোক বুজাবৰ য্ত্ন কৰিছিলি| পুৰণা দিনৰ গানসমূহ সংৰক্ষণ কৰি থোৱাক লৈ এটা চমু ভাষণেই দি পেলাইছিলি তই| তেতিয়ালৈ অচিনাকি আছিলো মই তোৰ| আৰু তই মোৰ চিনাকি হোৱাৰ প্ৰশ্নই নুঠে| মানুহ বিচাৰি যোৱাৰ অভ্যাসটো মোৰ নাছিলেই বৰং মানুহৰ পৰা পলাই ফুৰাৰ এক ধৰণৰ প্ৰৱণতা আছিল মোৰ| “মানুহ” নামৰ আচৰিত প্ৰাণীবিধৰ কৰ্মকাণ্ডই বাৰুকৈয়ে জুৰুলা কৰি গৈছে মোক মোৰ বিগত জীৱনটোত| সেয়ে পৰাপক্ষত আঁতৰি থাকিবলৈকে যত্ন কৰো| উপযাচি কাৰোবাৰ সৈতে কথা-পতাৰ কথা মোৰ সপোনৰো অগোচৰ| একাকীত্ব মোৰ প্ৰিয় বিষয়! অকলেই সাঁজো-ভাঙো মনৰ মাজত অলেখ ইতিহাস! কিন্তু তই এদিন দুদিনকৈ কথা বঢ়াই আনিছিলি মোৰ সৈতে| সহজ হৈ আহিছিল তোৰ সৈতে মোৰ কথোপকথন| তই সুধিবলৈ আৰম্ভ কৰিছিলি মোৰ উজাগৰী নিশাৰ, অভিমানী সময়ৰ কথাবোৰ| এটা-দুটাকৈ তোৰ কথাও কৈ গৈছিলি| কিছু কিছু কথাত মিল আছিল তোৰ আৰু মোৰ| আজি ভাবো আচলতে মিল আছিল নে তই মিলাব খুজিছিলি মোৰ কথাৰ আঁত বিচাৰি! কাৰণ তোক প্ৰথমেই কৈছিলো মই সম্পৰ্ক গঢ়িবলৈ ভয় কৰো বুলি| সেয়ে চাগে সচেতনভাৱে খোজ দিছিলি মোৰ স’তে! ভাল কৰিলি জানো তেনে কৰি!!
......সঁচাই তোৰ আৰু মোৰ মাজত কিবা মিল আছে জানো?? নাই কিজানি!! মাত্ৰ এটাই মিল আছে তই তোক চিনি পাৱ, মই মোক চিনি পাওঁ| যুক্তিৰে জুখি-মাখি হিচাপ কৰি মানুহক বিশ্লেষণ কৰি ভালপাৱ তই| আগলৈ পাছলৈ গণি গণি খোজ দিয়, দিব খোজ| বহুত সপোন আছে তোৰ| জীৱনটোক উপভোগ কৰাৰ হেঁপাহ আছে তোৰ| তাৰবাবে সকলো কৰিব খোজ| সকলোৱে এইখিনি বিচাৰে| তাত তোৰ কিবা ভুল হোৱা বুলি নাভাবো বাৰু| কিন্তু নিজক সুখী কৰিবলৈ আনক দুখী কৰাটো উচিত জানো? কিয় ক’লো বুলি নুসুধিবি আকৌ! জানি-শুনিও কেতিয়াবা কিছুমান প্ৰশ্ন কৰ তই| বেয়া পাওঁ মই এই কথাটো| তোৰ দৰে মগজুৰ কচৰত্‌ কৰিব নোৱাৰো মই| মোৰ বাবে মনটোৱেই মোৰ আনন্দৰ চাবি-কাঠি| মনটোৱে কৰিবলৈ কোৱা কামবোৰ কৰিবলৈ পালেই সুখী হওঁ মই| মনে বিচৰাখিনি নাপালেই দুখী হওঁ| শুনি উচপ খাই নুঠিবি, আজিকালি সঁচাকৈয়ে তোৰ কথা নাভাবো মই| ভাবিলেই এক ধৰণৰ দুমুখীয়া ভাৱে হেঁচি ধৰে মোক| নাভাবো বুলিলেও ভাৱ হয় তই যেন মোক ব্যৱহাৰ কৰিলি| মোৰ সৰলতাৰ সুযোগ ল’লি আনবোৰৰ দৰেই| এই ভাৱটো মনলৈ আহিলেই এক অপৰাধবোধে চেপি আনে মোক| কোনোদিনেই তোক বিচাৰি যোৱা নাছিলো| কোনোদিনেই তোক একো কোৱা নাছিলো| তইহে প্ৰতিশ্ৰুতি দিছিলি মোক মই নিবিচৰাখিনিও দিম বুলি| তাৰপাছতো কিন্তু ময়েই দি গ’লো তোক তোৰ প্ৰয়োজনবোধৰ দাবী পূৰাই| তই বাৰু সেইয়া মোৰ দুৰ্বলতা বুলি ভাবিলি নেকি? যদি ভাবিলি ভুল কৰিলি| এদিন পিছলি পৰিবি নিজৰ সন্মুখতেই এই ভুলৰ বাবেই| তোক বুলিয়েই নহয় বিপদত পৰাজনক কৰিব পৰা সহায়খিনি কৰাটো মোৰ অভ্যাস| সৰুৰে পৰা নিজে বহু অভাৱৰ স’তে মুখামুখি হোৱাৰ বাবেই নেকি নাজানো কাৰোবাক অলপ সহায় কৰিবলৈ পালে ভাল লাগে মোৰ| ঠিক সেইটোও সঁচা নহয়| আচলতে খোজে খোজে মানুহৰ প্ৰতাৰণা-প্ৰবঞ্চনা পাই পাই এতিয়া মোৰ এনে লাগে যেন পৃথিৱীখনত সঁচা অৰ্থত মানুহ নোহোৱা হৈ গ’ল| সকলো মৰি ভূত হ’ল! মাথোঁ মই ৰৈ গৈছো জীৱন মৰুৰ শেষ প্ৰান্তত অকলশৰে| সেয়ে চাগে কোনোবাই কাতৰ হৈ মোৰ সন্মুখত হাত পাতিলে তেওঁলৈ সহায়ৰ হাত এখন আগবঢ়াই দিয়াৰ লোভ সামৰিব নোৱাৰো| আৰু তাকেই কৰিবলৈ গৈ মই বাৰে বাৰে মূৰ্খ সজাওঁ নিজক!!!
......বাৰু ক’চোন আত্মীয়তা মানে কি? কিহত থাকে আত্মীয়তা- মনত, মগজুত নে আত্মাত? নে সময়ৰ হাতত? আচলতে মনে সাজি দিয়া আত্মীয়তা নামৰ জুমুঠিটোক অনুভৱৰ সঁচা ৰূপ দিয়ে সময়ে| একলা দুকলাকৈ বাঢ়ি অহা আকুলতাবোৰে মনৰ চুকে-কোণে সিঁচি দিয়ে আপোন আপোন গোন্ধ এটা| পল-অনুপল কৰি ক্ষণবোৰ বাঢ়ি গৈ এটা-দুটা মাত কথাই লাহে লাহে মেলি দিয়ে চিনাকি চাদৰখন| আকাশে-বতাহে বিয়পি পৰে আত্মীয়তাৰ সুবাস| আৰু সময়ে তাতে মাৰি দিয়ে বিশ্বাস-ভৰসাৰ চিল-মোহৰ| সম্পৰ্কবোৰ জীপাল হৈ উঠে| এনে লাগে যেন নতুনকৈ ৰোৱা পুলিটো বাঢ়ি আহিছে লহ্‌পহ‌কৈ সেউজীয়াবোৰ বুকুত সানি শাখা-প্ৰশাখা মেলি| কিন্তু কিঞ্চিত অমনোযোগিতা কিঞ্চিত অসহযোগিতাই মুহূৰ্ততে ধূলিস্যাত কৰি পেলায় সকলোবোৰ| কাৰোবাৰ পৰা বিশ্বাস আদায় কৰাটো খুবেই সহজ তাক যুগমীয়া কৰি ৰখাটোহে বৰ টান| এনে কিনো টান বাৰু নিজে গঢ়ি লোৱা সম্পৰ্ক এটাক জীয়াই ৰখাটো?? বুজি নাপাওঁ কিহে মানুহক উদ্বাউল কৰে! কিহে উচতায় মানুহক অদেখা অজানা ভৱিষ্যতৰ আশাত অৰ্থহীন দৌৰৰ প্ৰতিযোগিতাত নামি পৰিবলৈ| কিয় যে মানুহে মানুহকেই বাচি লয় অবিশ্বাসৰ ছুৰীখন বুকুত বহুৱাই দিবলৈ!! কি পায় তেনে কৰি?? বহুত কিবা লাভ হয় জানো?? নাজানো মই| ভূত আৰু ভৱিষ্যত এই দুয়োটা অৱস্থাকেই মনে-প্ৰাণে বেয়া পাওঁ মই| বৰ্তমানটোকেই সৰ্বস্ব বুলি সাৱটি ৰাখো সদায়| ৰাখিব খোজো চিৰদিনে| চা, মোৰ বৰ্তমানটো যদি ভালে যায় তেনে এদিন সোঁৱৰিবলৈ অতীতটো সুন্দৰ নহ’ব জানো! আৰু যদিহে বাচি থাকো বৰ্তমানটোকেই ভিত্তি কৰি ভৱিষ্যতটোও আগুৱাই নাহিব জানো!! প্লেন-প্ৰগ্ৰেম কৰি হয়তো কিছু অসুবিধাক সুবিধালৈ পৰিবৰ্তন কৰিব পাৰি কিন্তু মই নাভাবো যে প্লেন-প্ৰগ্ৰেম কৰি বিধিৰ লিখন সলনি কৰিব পাৰি বুলি| তয়ে কৈছিলি বন্ধ কোঠাৰ খিড়ীকিৰে আকাশৰ এটুকুৰাহে দেখা পায়| সেয়ে বন্ধ কোঠাত থাকি দেখা সপোনেও সীমাবদ্ধতাৰ ৰূপহে পায়| মুকলি আকাশৰ তলত ৰৈ দেখা সপোনৰ কোনো বান্ধোন নাথাকে| এনে সপোনে মনৰ পৰিসৰ বহল কৰে| কিন্তু জান, কেৱল সপোন দেখিলেই জানো জীৱন সাৰ্থক হয়??
......জীৱন দেখিছ, যৌৱন দেখিছ! দেখিছ শোভা বজাৰৰ অন্ধকাৰ গলিত জীৱনৰ নামত জীৱন বেচাৰ সৌন্দৰ্য্য| তোৰ বাৰু কেনে লাগিছিল মাত্ৰ কেইটামান টকাৰ বাবে নাৰীৰ একমাত্ৰ সন্মানকণকো চকুৰ আগত বিক্ৰী যোৱা দেখি? দেখিছিলিনে নাঙঠ হোৱা শৰীৰটোকো নেউচি নিৰাবৰণ মনটোত কি খেলিছিল সেই মুহূৰ্তত? তাত কি মাত্ৰ সংগ্ৰামেই আছিল? নে অলপমান ঘৃণাও আছিল? দেহাটোক উম দিব পৰাকৈ বুকুখনত ভঙা সপোনৰ টুকুৰা এটা আছিল নে? কলা চকু দুটাত পোহৰৰ জিল্‌মিলনি আছিল নে? বহুজনে গচকি থেতালি যোৱা শৰীৰটোত উত্তাপ আছিল নে? নিশাৰ আন্ধাৰৰ সুযোগ লৈ সহস্ৰজনে কামুকতাৰ স্বাক্ষৰ দিয়া কোমল বুকুখনত উচুপনি এটা আছিল নে? চুই চাইছিলি নেকি উগ্ৰ প্ৰসাধনে ঢাকি ৰখা নিৰ্বোধ মুখাবয়ৱৰ আঁৰৰ সঁচা মুখখন? পৰিছিল নে এটোপাল উষ্ণ চকুলো তোৰ হাতৰ পিঠিত? আচৰিত হৈছ চাগে আজি এইবোৰ কি প্ৰশ্ন কৰিছো বুলি! আচৰিত হ’ব লগা একো নাই| মানৱ জীৱনৰ সহজ আৰু স্বাভাৱিক প্ৰয়োজন এটাক লৈ বৰ্তমান জনসমাজত যি এক বিভীষিকাৰ সৃষ্টি হৈছে তাক লৈ দুবিধাত পৰি গৈছো সঁচাই| কি মানুহ ক’ত আছিল! ক’ৰপৰা আহি ক’ত উপস্থিত হ’ল! সভ্যতাৰ চুড়ান্ত পৰ্য্যায়ত উপনীত হোৱাৰ পাছত অৱক্ষয় ঘটিছে মানুহৰ সন্মান আৰু মূল্যবোধৰ| পদদলিত হৈছে মানৱীয়তাৰ| মানুহ যেন আজি নিজেই নিজৰ শাপত আক্ৰান্ত মানুহ হোৱাৰ নামত!! প্ৰায় প্ৰতিদিনে দেখো মানুহৰ আভিজাত্যৰ অহংকাৰ| প্ৰতিদিনে মুখামুখি হওঁ ভুৱা আন্তৰিকতাৰ| ক্ষুদ্ৰ স্বাৰ্থ পূৰাবলৈকে ইতৰ প্ৰাণীকো চেৰ পেলাই দিয়া মানুহৰ কৃতিত্বই মানুহ হোৱাৰ গৰ্বত আঘাত সানে| অন্ধকাৰতো নিজৰ ছাঁয়াটোৱে যেন ভেঙুচালি কৰে! মৃত্যুসম যন্ত্ৰণাই মগজুত খোচা-বিন্ধা কৰে| কিন্তু মৰিলেও জানো মুক্তি পাম মানুহ হোৱাৰ অপবাদৰ পৰা???
.....লাজ পাইছ নেকি মোৰ কথা শুনি? নে বিব্ৰতবোধ কৰিছ? লাভ নাই লাজ পাই| তয়ো জান ময়ো জানো অসূৰ্যস্পৰ্শা যোনি আৰু জৰায়ুৰ কথা| য’ৰপৰা গতিলাভ কৰে জীৱ জগতে কিন্তু তাকেই ক্ষণিকৰ লালসাৰ কালিমাৰে এনেকৈ কলুষিত কৰিছে যে ইতৰ প্ৰাণীয়েও অপমানিতবোধ কৰিব মানুহৰ সংস্পৰ্শ পালে!! অথচ মানুহে কৰো বুলিলে কৰিব নোৱাৰে কি! মৰুৰ বুকুৰ পৰা তেল খান্দি উলিয়ায়, সাগৰৰ পানীৰ পৰা নিমখ উলিয়ায়, বুদ্ধি আৰু ইচ্ছাশক্তিৰ বলতেই মানুহে বায়ু-পানী-মাটি সকলোতে অবাধ বিচৰণ কৰিব পাৰে একমাত্ৰ নিজৰ যোগ্যতাৰ বলতে| কিন্তু ইমান পৰাক্ৰমী হৈয়ো মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰে সাময়িক উত্তেজনাক| এবাৰ ৰৈ এখন্তেক ভাবি উমান ল’ব নোৱাৰে আন এখন বুকুত বৈ থকা ভাৱনাৰ কথা| অনুভৱ কৰিব নোৱাৰে সন্মুখত থকাজনো যে মানুহ যাক তেওঁ মষিমূৰ কৰিবলৈ গৈছে| নিজকেই বা আশ্বস্ত কৰে কিদৰে আনৰ অন্যায় কৰাৰ পাছতো অপৰাধবোধত নোভোগাকৈ থাকিবলৈ!! বেয়া নাপাবি এইবোৰ কথা উলিওৱাৰ বাবে| যোৱা কিছুদিনৰ পৰা কথাবোৰে খুন্দিয়াই আছিল মূৰত| মোৰ ঘৰৰপৰা মাত্ৰ কেইকিলোমিটাৰমান নিলগত বায়েকৰ লগত পূজা চাবলৈ যোৱা দহবছৰীয়া কণমানি এজনীৰ উলংগ দেহ আৱিস্কাৰ হৈছিল পিটনি এখনৰ মাজত| দুই কিলোমিটাৰমানৰ দূৰত্বত ঘৰত আন মানুহ নথকাৰ সুযোগত বয়োজেষ্ঠা এগৰাকীক হত্যা কৰি ঘৰৰ সমস্ত বয়-বস্তু লুণ্ঠন কৰি লৈ গৈছিল এদল নৰপিশাচে| বাতৰি কাকত মিডিয়াত প্ৰচাৰিত হৈ থকা বাতৰিবোৰৰ কথা নকওঁৱে বাৰু!! কোনখন পৃথিৱীত বাস কৰিছো আমি!! এই পৃথিৱী সঁচায়ে মানুহৰ বাসোপযোগী হৈ আছেনে? ইয়াতচোন পিতাকৰ হাততেই জীয়াৰী সুৰক্ষিত নহয়! পুত্ৰই হত্যা কৰে নিজ পিতৃ-মাতৃক! ভাতৃ ভাতৃৰ শত্ৰু হয়! ভগ্নী ভগ্নীৰ সতিনী হয়! কৈ শেষ কৰিব নোৱাৰি এই বিসমতাৰ কথা!!!
.....তথাপিও আশা কৰো মানুহ যেন মানুহ হৈ ৰয়! ক্ৰম বিবৰ্তনৰ পথেৰে আহি আহি জীৱ জগতে আজিৰ এই অৱস্থা পাইছে| জীৱৰ ক্ৰম বিকাশৰ পথত যোগ্যজনেহে জীৱন লাভ কৰিছে| প্ৰতিকূল পৰিৱেশ-পৰিস্থিতিকো নেওচা দি নিজৰ অস্তিত্ব বৰ্তাই ৰখা প্ৰাণীবোৰৰ মাজত মানুহো অন্যতম| কিন্তু শ্ৰেষ্ঠতাৰ দোহাই দি নিজক প্ৰতিস্থিত কৰিবলৈ গৈ নিজৰেই সহোদৰ-সহোদৰাৰ বুকুৰ তেজেৰে দুহাত ৰাঙলী কৰাৰ দুৰ্ভাৱনাই যেন আৰু মানুহক গ্ৰাস নকৰে তাকেই কামনা কৰো| দুৰ্বলতম মুহূৰ্ততো ভাবো সকলোৱে যেন ভালকৈ হাঁহি-ধেমালিৰ মাজেৰে দিনকেইটা পাৰ কৰে| দেহে-মনে সুস্থভাৱে থাকিবলৈ যেন শুভবুদ্ধিয়ে সকলোকে লগ দিয়ে| স্বাৰ্থপৰতাৰ নাগপাশে যেন মানুহৰ উশাহবোৰ মোহাৰি নেপেলায়| তয়ো ভালে থাক| মোৰ কথা নাভাবিবি| তোক সময় দিয়াৰ বিনিময়ত মোৰ যি ক্ষতি হ’ল তাক মই পূৰ কৰি লম মোৰ সামৰ্থৰে| ভাবি নাথাকিবি| মাথোঁ আগলৈ চাবি এন ভুল যেন দুনাই নকৰ| সকলো মই নহয়| পেলনীয়া বস্তুৰ দৰে ব্যৱহাৰ কৰি পেলাই সামগ্ৰী হৈ তোৰ কাষত থাকিব নোখোজো| নিজক ভালপাওঁ, সন্মান কৰোঁ| তোৰ এটা শব্দ এতিয়াও বাজি আছে মোৰ কাণত- প্ৰতিশোধ| তই হয়তো ইয়াৰ এটাই ৰূপ দেখিছ- ধ্বংস| মই তোক আন এটা ৰূপ দেখুৱাম সময়ত- সৃষ্টি| বাট চাবি তেতিয়ালৈ| ক’বলগা আৰু বহুত কথা আছিল কিন্তু আজিলৈ থাকক| সামৰো দে|

তোৰ আইজনী
২৭.১০.২০১৩.
++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++
জান,

.......সঁচাকৈয়ে মোক দিব পৰাকৈ তোৰ হাতত একো নাই| আনকি সময়ো! নকওঁ বুলিছিলো কথাষাৰ কিন্তু ওলায় গ’ল মুখেদি| কি কৰোঁ ক! তয়ে ক’বলৈ বাধ্য কৰিলি| তই ক’চোন, তোক পোৱাৰে পৰা আজিলৈ তোৰপৰা কিবা বিচাৰিছিলোঁ জানো মই? মনত পেলাই চাচোন| তইহে কৈছিলি দিম বুলি| কথা তই দিছিলি, প্ৰতিশ্ৰুতিও তই দিছিলি| মই মাথোঁ সময়বোৰ সাঁচি গৈছিলোঁ| কিন্তু, আজি যি কৰিলি তাৰ ব্যাখ্যা নতুনকৈ আগনবঢ়াওঁ দে| শুনি বিৰক্তিবোধ কৰিবি তই| এনেও নিজে কৰা ভুলবোৰৰ খতিয়ান আনৰ মুখত শুনি কোনেও ভাল নাপায়| কিন্তু এনে হ’ব নালাগিছিল| তই বাৰে বাৰে ভুল বুলি প্ৰমাণিত হ’ব নালাগিছিল| যদিও জানিছিলোঁ এনেকুৱাই হ’ব বুলি তথাপি মনে মনে আশা কৰিছিলোঁ এইবাৰৰ বাবে যেন তোৰ ঠাইত মই ভুল বুলি প্ৰমাণিত হওঁ| দুৰ্ভাগ্যবশতঃ ময়ে শুদ্ধ হ’লোঁ|
.......কি কৈছিলি মোক লগ পাবলৈ আহিবি যেতিয়া মই সময় নিমিলালে কেনেকৈ হ’ব ন’ বুলি| কাৰ্য্যক্ষেত্ৰত কি হ’ল বাৰু? মোৰ গোটেই দিনটো বিকল কৰি তোৰ কামখিনি সমাধা হোৱাত হেলাৰঙে মোক বেয়া নাপাবি দেই বুলি হাত জোকাৰি তই গুচি গ’লি নে! দুখ লাগিব লাগিছিল মোৰ| কিন্তু নাইলগা| তোলৈ পুতৌ উপজিছে আজি| তিল্‌ তিল্‌কৈ তোৰ যি ভাৱমূৰ্তি তই নিজেই মোৰ মানসপটত আঁকি গৈছিলি সেইয়া আজি ধূলিস্যাত হৈ গৈছে চিৰদিনলৈ| মোৰ কথা শুনি তই প্ৰত্যুত্তৰত বহুত কথাই ক’ব পাৰ, বহুত অজুহাত উলিয়াব পাৰ; কিন্তু সেৱা কৰিছোঁ তোক, একো ন’কবি আৰু| আৰু ননমাবি নিজক তললৈ সহ্য নহ’ব মোৰ| তই নিৰ্ঘাত ক’বি সময় সকলোৰে সমানে নাযায়| আজি সময় আৰু পৰিস্থিতি তোৰ ফালে ঢাল খাইছে সেয়ে তই মোক এনেকৈ ক’বলৈ সুবিধা পাইছ| কিন্তু কথাটো ঠিক তেনে নহয়| সময় আৰু পৰিস্থিতি কেতিয়াও মোৰ নিয়ন্ত্ৰণত নাছিল, আজিও নাই| তোৰ হাততেই সকলো আছিল| তই মাথোঁ তাক খটালি তোৰ স্বাৰ্থত মোক একাষৰীয়া কৰি থৈ অথচ তোৰ দিনপঞ্জীত, তোৰ জীৱনশৈলীত তই গম নোপোৱাকে ময়ো সোমাই পৰিছোঁ| অৱশ্যে তই কিবা পৰিকল্পনা কৰিয়েই মোক চামিল কৰিছ যদিও নাজানো......
.......মই কিবা ক’লে তই শুনি বেয়া পাৱ| কৈ থাকিবলৈ ময়ো ভাল নাপাওঁ| কিন্তু আজি কম| নকওঁ বুলি ভবা বহুত কথাই কম| তই পঢ়িলেও পঢ়িবি, নপঢ়িলেও ফালি পেলাবি চিঠিখন| একো নাই| শেষবাৰলৈ মোক মুকলি কৰি লওঁ| আজিৰ পাছত আৰু তোক মোৰ বুলি ভবাৰ ভুল নকৰোঁ|.....শৰীৰৰ ভোক(!) কি জান’ বোধকৰোঁ| পেটৰ ভোক কি তাক নক’লেও হ’ব| এই দুটা ভোকৰ বাহিৰেও মনৰ ভোক বুলি ভোক এটা আছে তই জাননে? নাজান যদি ভালেই| শান্তিত থাকিব পাৰিবি| শৰীৰৰ সমস্ত দাবী পূৰণ হোৱাৰ পাছতো কেতিয়াবা মনটোৱে কিবা এটা দাবী কৰে| মোৰ মতে সেইয়াই মনৰ ভোক| এই মনৰ ভোকৰ তাড়ণাতে আজিলৈ বহুত নকৰিবলগীয়া কিবাকিবি কৰিলোঁ| তোকো এই কাৰণতেই পোৱা নাছিলোঁ জানো? নাহ্‌, তই নিজেই আহি থিয় দিছিলি মোৰ কাষত সহযাত্ৰী হোৱাৰ প্ৰতিশ্ৰুতি দি| মোৰ অনুভৱৰ সমভাগী হোৱাৰ অংগীকাৰ কৰি| কিন্তু!!! যাওক দে এইবোৰ কথা পুৰণা হ’ল| এই দুনীয়াত কোনো কাৰো আপোন নহয় এইটোৱে মানৱ জীৱনৰ চিৰন্তন সত্য| জীয়াই থকা দিনকেইটাত কোনোবাই কাৰোবাক আশ্ৰয় দিব পাৰে বা কোনোবা কাৰোবাৰ অৱলম্বন হ’ব পাৰে কিন্তু শেষ সত্যটো হ’ল মানুহ অকলশৰীয়া| জন্মতে অকলে অহাৰ দৰে চিতাত উঠোঁতেও অকলেই উঠিব লাগিব|
.......তই জান’ মই কিতাপ পঢ়ি ভালপাওঁ| ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ উপন্যাস “অনুৰাধাৰ দেশ” পঢ়িছিলোঁ|....ক্লান্ত-অৱসন্ন শৰীৰেৰে বিচনাত পৰি ৰোৱাৰ আগলৈকে অৰুণাভে ভাবি আছিল মনেহে শৰীৰক নিয়ন্ত্ৰণ কৰে| কিন্তু নহয় শৰীৰেও কেতিয়াবা মনক নিয়ন্ত্ৰণ কৰে| ৰূপালীক এটা সন্তান লাগিছিল যাৰ বাবে ৰূপালীয়ে অৰুণাভক বাচি ল’লে| সন্তান জন্ম দি নিজৰেই তেজৰ নৈত ডুব গৈ ৰূপালী মৰি থাকিল| নিজৰ অসমৰ্থতাক স্বীকাৰ কৰিব নোৱাৰি নে ৰূপালীৰ কাৰ্য্যক স্বীকাৰ কৰিব নোৱাৰি নীৰেণ দত্ত নিৰ্বিকাৰ হৈ থাকিল সন্তানটোৰ প্ৰতি| ইফালে অৰুণাভেতু জানে সেই সন্তানৰ পিতৃ কোন? নিজ সন্তানক হাতত তুলি লোৱাৰ অধিকাৰৰ পৰা বঞ্চিত অৰুণাভৰ মনত অহৰহ্‌ দন্দ চলে! সঁচাই, “অনুৰাধাৰ দেশ” এখন মননশীল উপন্যাস| উপন্যাসখনত মোৰ আটাইতকৈ প্ৰিয় চৰিত্ৰ ডেনিছ| এফালে নাবিকৰ জীৱনৰ ৰুক্ষতা আনফালে বুকুত সন্তৰ্পনে কঢ়িয়াই লৈ ফুৰা প্ৰেম! ডেনিছৰ দৰে মানুহ সঁচা অৰ্থত আছে নে নাই জানো!! মেহ্‌ৰা চাহাবৰ দৰে মানুহ আছে বুলি জানো| মইহে লগ পোৱা নাই| ৰুমী-নিমি-অৰ্জুন মামাৰ দৰে মানুহো আছে এই পৃথিৱীত| নীৰেণ দত্তৰ দৰে মানুহৰ অভাৱ নাই| অৰুণাভ আৰু অনুৰাধাৰ কথা কৈ লাভ নাই| বাস্তৱত এনে চৰিত্ৰ থাকিলেও অন্ধকাৰতেই থাকি যায় চাগে!.....অদ্ভূত মানুহৰ মন-মাগজু| কাৰোবাৰ প্ৰয়োজনীয়তা কাৰোবাৰ উপভোগৰ কাৰণ হৈ উঠে| আকাশীতৰাৰ “নিষিদ্ধ” পঢ়িছিলোঁ| সচৰাচৰ দেখা দুনীয়াৰ পৰা ফালৰি কটা এখন অন্য জগত| সমকামীৰ দুনীয়া| মহিলা বেশ্যাৰ বিপৰীতে পুৰুষ বেশ্যাৰ উপস্থাপন| এটা নতুন শব্দৰ সৈতে চিনাকি, পুৰুষ বেশ্যাক “জিগালু” বোলে| মহিলাৰ কামশক্তিৰ কি নগ্ন ৰূপ!! যৌনতা কি কেৱল পুৰুষৰ একচেতিয়া অধিকাৰ! তাৰ বিপৰীতে মনৰ মনৰ কোঁহে কোঁহে বৈ থকা প্ৰেমৰ নৈখনৰ উত্তাল তৰংগই ধুৱাই নিয়া অভিমন্যুৰ অভিমানবোৰ! ঝৰ্ণা আৰু ৰুবীৰ মৰমবোৰ! বনানী আৰু ৰাজৰ অপ্ৰকাশিত আব্দাৰবোৰ.....ৰীতা চৌধুৰীৰ “পপীয়া তৰাৰ সাধু” পঢ়ি উঠি শিয়ঁৰি উঠিছিলোঁ| অথচ চিনাকী চৰিত্ৰ মোৰ এইবোৰ! স্বাৰ্থপৰতাত অন্ধ এচাম মানুহৰ লোভ-লালসাৰ প্ৰতিচ্ছবি| ভাল মানুহো থাকে কিন্তু!!.....তই হিতেশ ডেকাৰ “আচল মানুহ” পঢ়িছনে? উপন্যাসখনৰ কাহিনীটোহে মনত আছে| চৰিত্ৰবোৰ আটাইবোৰ মনত নাই| মাত্ৰ মদনৰ কথা মনত আছে| মই এজন মদনৰ সন্ধানত আছোঁ আজিও| যি যিকোনো পৰিস্থিতিতে নিজৰ স্থিতিত অলৰ-অচৰ| যাৰ বাবে নিজৰ সততা আৰু কথাৰ মূল্য সৰ্বাধিক| যি কথা দি কথা ৰাখিব জানে| যি নিজৰ কথাৰ গুৰুত্ব বুজে| যি চকুপানীৰ অৰ্থ বুজে| যি অন্যায়-অনীতিৰ বিৰুদ্ধে নিসংকোচে থিয় দিব পাৰে| যি নিৰ্বলীক সুৰক্ষা দিব পাৰে| যি কাৰোবাৰ জীৱনৰ আধাৰ হ’ব পাৰে| যি কাৰোবাৰ বিশ্বাসৰ ভেটি হ’ব পাৰে| যি ....এহ্‌ বাদ দে|...অজন্তাৰ “অৰুনাভ ছাৰ” পঢ়ি পঢ়ি প্ৰায়ে ভাৱনাত ডুব যাওঁ| সঁচা হ’ব পাৰে জানো এনে আবেগ এনে আকৰ্ষণ এনে প্ৰেম! পাৰে চাগে!....কাঞ্চন বৰুৱাৰ “মৃত-বিহংগ”ৰ অভয়ৰ পাছে পাছে গোটেই পৃথিৱীখন ভ্ৰমি ফুৰিবলৈ মন যায়| কিন্তু অভয়ৰ বাবে শিলাদেৱী থকাৰ দৰে মোৰতু তেনে কোনো আত্মিক টান নাই...ওলাই গৈ পুনৰ ক’লৈ উভতি আহিম!!....আশাপূৰ্ণা দেৱীৰ “প্ৰথম প্ৰতিশ্ৰুতি”, “সুৱৰ্ণলতা”, “বকুলকথা”ৰ কাহিনীৰ পটভূমি হয়তু সলনি হৈছে| কিন্তু নাৰী মনৰ দৈন্যতা আৰু অপ্ৰাপ্তি আজিও একেদৰেই আছে| থাকিবও চাগে জন্ম-জন্মান্তৰলৈ.....
.......হাৰি গ’লি তই| আৰু এই কথাটোৱে শূল হৈ বিন্ধি আছে মোক| তই বাৰু কেতিয়াবা গাত পিন্ধা কাপোৰবোৰ ধুৱনে? কিয় ধুৱ? পৰিস্কাৰ হ’বলৈকে নহয় জানো? কাপোৰ যে সলাই সলাই পিন্ধ, মনটোকো অলপ পৰিৱৰ্তন নালাগেনে? যাক তোৰ ভাষাত “Entertainment” বুলি ক’ৱ আৰু মোৰ ভাষাত “Refreshment” বুলি কওঁ? কাপোৰ হ’ল দেহৰ আৱৰণ| সুখ-দুখ-হাঁহি-কান্দোন-খং-ৰাগ-মান-অভিমান এই অনুভূতিবোৰো মনৰ আৱৰণ নহয় জানো? তেনে এইবোৰৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াই জীৱনক প্ৰতিফলিত কৰিলে তাত নিশ্চয় আচৰিত হ’ব লগা একো নাই? এৰি দিলোঁ তোক| যাগৈ অচিন বাটেৰে| আৰু নাও নাবান্ধিবি মোৰ ঘাটত| নোৱাৰিম সহিব তোকো পলৰীয়াৰ ৰূপত| কিজানি আপোন কৰিব খোজা শেষৰজন মানুহ তই আছিলি| পাহৰিব খোজা শেষৰজন মানুহো তয়ে হ’লি| যোৱাৰ পৰত কি কৈছিলি ধাৰ নামাৰ’? নামাৰিলে নামাৰিবি| মোৰ ক’ব লগা একো নাই| পাৰিম মই মোৰ কথা ৰাখিব| মই সিমানলৈকেহে হাত মেলোঁ যিমানলৈকে মই ঢুকি পাওঁ| নিচিন্ত থাক মই কেতিয়াও হিচাপ দিবলৈ নাযাওঁ| আৰু এনেও মোৰ হিচাপবোৰ তহঁতৰ হিচাপৰ লগত নিমিলে| তহঁতৰ টকা-পইচাৰ জোখেৰে কাহানিও সময়ক/জীৱনক জুখিব নোৱাৰিম মই|
.......এনে এটা দিন তোৰ জীৱনলৈয়ো আহিব যিদিনা সকলো থাকিও একো নাই যেন লাগিব| সেইদিনা মনত পেলাবি মোলৈ| প্ৰাপ্তিৰ শেষ সীমাত উপনীত হৈয়ো যেতিয়া ৰিক্ততাই তোৰ বুকু সুদা কৰিব সেইদিনা ভাবি চাবি এনে কিয় হয়| হাঁহিবোৰ সাঁচি থ’ কোনোবাদিনা প্ৰয়োজন হ’ব| যিদিনা বুকুখনে পুৰনি গোন্ধবোৰ পাহৰি যাব সেইদিনা জোনাকত বহি হেঁপিয়াই চাবি মনৰ মণিকোঠা| মনত পেলাই চাবি এদিনলৈকো মোলে’ তোৰ সঁচা মৰম আছিল নে? যদি আছিল তেনে দুটোপাল চকুপানী বৈ আহিব তোৰ দুগালেৰে| তেতিয়াই চাগে জী উঠিম মই এখিলা সৰাপাত হৈ...............

তোৰ আইজনী

১১.০৯.২০১৩
*********************************************************************************************
জান,

......ভালে আছ চাগে! সিদিনা যাওঁ বুলিয়ে ঘপহ্‌কৈ গুচি গ’লি| মই ভবা নাছিলো তই যাবি বুলি| ভালকৈ এখন্তেক বহি কথা এষাৰো পতা নহ’ল দেখোন! সময়ে নহ’লচোন! মোৰ ঘৰৰ কাম, অফিচ; তোৰ ডাক্তৰৰ তালৈ পুৱা-গধূলি অহা-যোৱা| গোটেইখন খেলি-মেলি হ’ল| তথাপি তোৰ বিষটো কমা বুলি জানি ভাল লাগিছিল মোৰ| কঁকালটো নচুৱাই বিষটো নাই বুলি দেখুৱায় মোলৈ চাই যিটোহে হাঁহি মাৰিছিলি হাঁহি উঠি গৈছিল মোৰ| কিন্তু আজি আকৌ ক’লি যে বিষটো বাঢ়ি আহিছে বুলি! ভিতৰি ভিতৰি খং এটা উঠিছে মোৰ তোলৈ| তোৰ চিকিত্‌সাৰ বাবেই টকা-পইচা খৰছ কৰাকে ধৰি কিমান কাজিয়াও কৰিলোঁ, আৰু তই থেৰাপি কেইটাও সম্পূৰ্ণকৈ নোলোৱাকৈ গুচি গ’লি| আৰু এতিয়া কৈছ বিষটো আকৌ বাঢ়ি আহিছে বুলি| তয়ো ভালকৈ জান যে একেৰাহে থেৰাপি নল’লে তোৰ এই বিষৰ উপশম কেতিয়াও নহয়| কিন্তু নিজে নিজেই বঢ়াই লৈছ বিষটো নকৰিব লগা কামবোৰ কৰি কৰি| কি কৰোঁ মই তোক লৈ!!
......আনক ফাঁকি দিয়া তেনেই সহজ কাম| মই নাজানো তই মোক কিমান সঁচা কৈছ কিমান মিছা কৈছ| যি কৈছ সঁচা বুলিয়ে ভাবিছোঁ| তোৰ দৰে মানুহক খুঁচৰি ফুৰাৰ অভ্যাস নাই মোৰ| মিছা কৈছ যদিও কৈছ মই তাৰ প্ৰমাণ বিচাৰি নাযাওঁ| কিন্তু যিদিনা গম পাম তই মিছা কৈছ বুলি সেইদিনা মোৰ একো নহয় তই সৰু হৈ যাবি মোৰ চকুত| মইনো কোন? এজনী সাধাৰণ মানুহ| কিন্তু এই সাধাৰণ মানুহজনীৰ চকুলৈ যদি তই নিজৰ ভুলৰ বাবেই মূৰ তুলি চাব নোৱাৰা হ’ৱ তোৰ কোনো অস্তিত্বই নাথাকিব! ভাবি চাবি কথাষাৰ| তোৰ আত্মসন্মানবোধ আছে বাবেই আজিলৈ তোক সন্মান দি আহিছোঁ| যিদিনা নিজৰ সন্মান নিজে হেৰুৱাবি সেইদিনা মোকো হেৰুৱাবি| মোৰ কথা ভালকৈয়ে জান তই| কি পৰিস্থিতিত কি সাহসত আজিও মই “মই” হৈ আছোঁ| থিয় দিবলৈ অৱলম্বনৰ সন্ধানত আছোঁ বুলি ভবাৰ ভুল তই নিশ্চয় নকৰ! তই যে ক’ৱ “আজিলৈ তোক কোৱাৰ দৰে মোক এইটো দে সেইটো দে বুলি মই মোৰ দেউতাকেই কৈ পোৱা নাই” বুলি শুনি মোৰ ভাল লাগে| দুখো লাগে| মইতো সদায় নাথাকিম এইদৰে তোৰ দাবী পূৰাবলৈ| কাইলৈ মোৰ ঠাই কোনে ল’ব বাৰু?
......নেট পেক্‌, টক্‌ টাইম, ৰেট্‌ কাটা‌ৰ্‌ পালিনে? লাগে তোক আৰু দম্‌ দিয় মোক| পাৰও দে এনেই এনেই দম্‌ দিব| কপাল ভাল তোৰ| মোক পাইছ দম্‌ দিব পৰাকৈ| তই অথনি গৌতমৰ কথা কওঁতে মই তোক গৌতমৰ কথা নকলোঁ| তাৰ বৰ বিপদ জান’| অকল তাৰ বুলিয়ে নহয়| তাৰ লগৰ ৰাজু, ৰাজেশ, প্ৰণৱ, গণেশ, বাপ্পা ইহঁত সকলোৰে চিন্তাত কলা পৰা মুখকেইখন দেখি সঁচাই কষ্ট হৈছে| ইহঁতবোৰ এজেণ্ট| ডাকঘৰৰ লগতে ইউ.টি.আই, এল.আই.চি যেয়ে যি পাৰে বিভিন্ন প্ৰতিষ্ঠানত ব্যৱসায় কৰে জীৱিকা অৰ্জনৰ খাতিৰত| ঘৰে ঘৰে গৈ মানুহৰ টকা আনি এই প্ৰতিষ্ঠানবোৰত খটুওৱাৰ বিনিময়ত কমিচন লয়, সেইয়াই সিহঁতৰ মুনাফা| সদ্যহতে সিহঁত মৰিছে ৰেমেল নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ নীৰৱ-নিমাত ভূমিকাত| আটাইকেইটাৰে বহুত বহুত টকা সোমাই আছে তাত| গৌতমৰ প্ৰায় সাত-আঠ লাখমান টকা| গণেশৰ ন-লাখমান হ’ব| প্ৰণৱৰ চাৰি-পাঁচলাখমান হ’ব| ৰাজু আৰু ৰাজেশৰ আটাইতকৈ বেছি হ’ব চাগে| আটাইবোৰে এজেঞ্চী লৈছিল নিজৰ পত্নী অথবা মাক-বায়েক-ভনীয়েকৰ নামত| ইয়াৰ আগতে এবাৰ চাহাৰাৰ হিচাপৰ গণ্ডগোল হওঁতে দুজনমানে মানুহৰ টকা ঘূৰাব নোৱাৰি আত্মহত্যাৰ দৰে চৰম পথ বাচি লৈছিল| কালি গৌতমেও কৈছে – “ক’ত পাম ইমানগাল টকা! টকা নাপালে চুইচাইদ্‌ কৰিম চাবি!” কাণতলীয়া চৰ এটা দিম বুলি তাক ধমকি লগাই আহিলোঁ যদিও তালৈকে মনত পৰি আছে| বহুত সহায় কৰি থৈছে সি মোক| ময়ো পৰাখিনি কৰিছোঁ যদিও ইমান ডাঙৰ বিপদ এটাত মই তাক দাঙি ধৰিব নোৱাৰোঁ| সিমান সামৰ্থ নাই মোৰ| এই প্ৰথমবাৰৰ বাবে সি নিজাববীয়াকৈ কিবা এটা কৰিছিল চাগে! অতদিনে ককায়েকৰ পৰামৰ্শমতে ককায়েকৰ তলত থাকিয়েই ব্যৱসায় কৰিছিল সি| ককায়েকৰ কিছুমান কথা-কাণ্ডই তাক মনোকষ্ট দিছিল| অলপ অলপ মই জানোঁ| কিন্তু এতিয়া এনে পৰিস্থিতিত অসহায়বোধ কৰিছে সি| কোনো উপায় বিচাৰি পোৱা নাই| তাৰ যন্ত্ৰণাকাতৰ মুখখন দেখি দুখ লাগিছে মোৰ| এনেও অলপ আলসুৱা সি| কাইলৈ যদি মনৰ ভাৰসাম্য ৰাখিব নোৱাৰি সঁচাই কিবা এটা কৰি পেলায়!!!
......সঁচাই বিচিত্ৰ মানুহ আৰু মানুহৰ মানসিকতা| কেনেকৈ পাৰে বাৰু মানুহে নিজৰ স্বাৰ্থৰ বাবেই আনক কুঠাৰাঘাত কৰিব? এবাৰলৈকো তেওঁলোকৰ অন্তৰাত্মাই প্ৰতিবাদ কৰি নুঠেনে? এবাৰলৈকো তেওঁলোকে অপৰাধবোধত নোভোগেনে? তেওঁলোকৰ বিবেকে তেওঁলোকক প্ৰশ্ন নকৰেনে? ভাবি নাপাওঁ একো| বুজিও যেন নুবুজোঁ কথাবোৰ| আকৌ শ্যামলৈ মনত পৰি গৈছে| একমাত্ৰ তাৰ ভুলৰ বাবেই কিমানজন নিৰপৰাধী লোক অনাহকতে শাস্তিৰ মুখামুখি হ’বলগীয়া হ’ল| পবিত্ৰা বাইদেউৰ গৃহীত হোৱা ইচ্ছাকৃত অৱসৰ বাতিল হৈ গৈছিল| মাত্ৰ এদিনৰ বাবে ডাকপালৰ চকীত বহাৰ বাবেই প্ৰদীপ দাও সাৰি নগ’ল| অৱসৰৰ সময় বুলি মিলি দাই কম শাস্তিতে সাৰি গ’ল| দেউৰী দাই ছোৱালী দুজনীৰ ভৱিষ্যতৰ চিন্তাত আতংকিত হৈ উঠিছিল| বাকীসকলৰ কথা নকলোঁৱেই যেনিবা| বৰ্তমানেও চলি আছে বিভাগীয় তদন্ত| কি পালে শ্যামে ইমানবোৰ মানুহৰ বিশ্বাসত আঘাত কৰি? সি তাৰ কণ কণ ল’ৰা-ছোৱালী দুটাৰ কথাও এবাৰ নাভাবিলেনে? এতিয়া বা ক’ত আছে সি? দুবছৰৰো অধিককাল তাৰ ওচৰতে একেলগে বহি কাম কৰিছিলোঁ মই| এদিনলৈকো মনলৈ অহা নাছিল তাৰ মাজত এনে এটা নিদাৰুণ মানুহ সোমাই আছে বুলি| বিদ্যুত দাইতো একমিনিটো নভবাকৈ তাৰ বেংকৰ ল’নৰ ফৰ্মখনত গ্যেৰাণ্টাৰ ৰূপত হস্তাক্ষৰ কৰি দিছিল| যিটো ল’নৰ এটাও কিস্তি আজিলৈ সি উভতাই দিয়া নাই| এতিয়া বিদ্যুত দাই এই এটা অদৰকাৰী বোজা কঢ়িয়াই ফুৰিছে কোনদিনা বেংকৰ ন’টিচ তেওঁৰ নামত আহে বুলি|
......বিক্ষিপ্ত হৈ উঠে মনটো মাজে মাজে| ময়োতো সন্মুখীন হৈছোঁ বাৰে বাৰে মানুহৰ বিশ্বাসঘাতকতাৰ| তথাপি পুনৰ তোক বিশ্বাস কৰাৰ ভুল কৰিছোঁ| কি জান’, বিশ্বাস ভংগ কৰাটোতো নিচেই সহজ ন’, বিশ্বাসক জীয়াই ৰখাটোহে টান| কিজানি মই মোক বিশ্বাস কৰোঁ| সেয়ে বাৰে বাৰে বিশ্বাসভংগই ধুৱাই নিলেও বিশ্বাস কৰাৰ ভুল কৰোঁ| এদিন কিজানি মোৰ বিশ্বাসো জয়ী হ’ব| মোৰ বিশ্বাসৰ স’তে সুৰ মিলাই কোনোবাই মোৰ হাতত হাত থ’ব| তই ক’ৱ নহয় বন্ধ কোঠাৰ পৰা আকাশলৈ জুমি চাই আকাশৰ বিশালতাৰ সপোন দেখিব নোৱাৰি| ময়ো কওঁ অন্ধকাৰৰ মাজেদি সৰকি অহা পোহৰৰ ৰেঙণিটোকো অন্ধকাৰে ভেটিব নোৱাৰে যেতিয়া অন্ধকাৰে জীৱন গ্ৰাস কৰিব পাৰে জানো? নোৱাৰে| পোহৰে তাৰ পথ নিজেই বিচাৰি ল’ব| মৰুভূমিতো কেক্‌টাচ নুফুলে জানো? সেইয়াওতো জীৱনৰে নামান্তৰ! সামৰোঁ দে| নহ’লে মোৰ কিবা-কিবি কথা ওলায়েই থাকিব| বহুত দিনৰ মূৰত কিতাপ এখন পঢ়িবলৈ লৈছোঁ| চৈয়দ আব্দুল মালিকৰ নৱতম উপন্যাস ৰূপাবৰিৰ পলস| কালিয়েই আনিছিলোঁ| পঢ়িবলৈহে সময় মিলাব পৰা নাই| আজি পঢ়োঁ অলপ| ভাত খাবি| অলপ সোনকালে শুবি| পাৰ যদি কষ্ট পোৱা কামবোৰ নকৰিবি| তই উভতি যোৱাৰ আগতে তোক এবাৰ লগ পাবৰ মন গৈছিল| ভুকু এটা দিবলৈ.....

তোৰ আইজনী|
০৭-০৯-২০১৩ 
****************************************************************************

 (যি কথা নহ’ল কোৱা..........)

জান,
......বহুদিন তোৰ স’তে কথা নপতা| আচলতে তোৰ স’তে বুলি নহয় নিজৰ সৈতে মুখামুখি নোহোৱাও বহুদিন হ’ল| অলপ ব্যস্ত হৈ আছিলো| আজৰি উলিয়াওঁ বুলিও উলিয়াব পৰা নাছিলো| কিজানি নিজৰ পৰাই ফালৰি কাটিব খুজিছিলো এই অজুহাততে| কিন্তু সেইয়া সম্ভৱ নহ’ল| কিয় নহ’ল কৈ কিবা লাভ ’ব জানো? শেষ সীমাৰেখাডাল টানি দিলিচোন সহজেই| কি কওঁ আৰু? ক’বলৈ একোৱেই নাই দেখোন! কওঁতে তই বহুত কিবাই ক’লি| মই কোৱাবোৰ হ’লে নুবুজিলি| অৱশ্যে তই বুজিবি বুলি মই ভবাও নাছিলো| কাৰণ মই জানো যে মোৰ ভাষা দুৰ্বোধ্য| তাক মোৰ বাহিৰে আন কোনেও নুবুজে|
.....এবাৰ হাঁহিবৰ মন গৈছে| হাঁহো নে? বেয়া নাপাবি দেই| তই জান’ নে বধ্যভূমিলৈ লৈ যোৱা প্ৰাণীটোৰ হাতত জীৱন-মৰণৰ সিদ্ধান্ত লোৱাৰ কোনো স্বাধীনতা নাথাকে| সেইখিনি থাকে ঘাটকৰ হাতত| ঘাটকে যদি দয়া কৰি প্ৰাণীটোক এৰি দিয়ে তেন্তে আমৰণ প্ৰাণীটো এক সুজিব নোৱাৰা ধাৰত পোত যাব ঘাটকৰ কাষত| তোৰ বাৰু মোক সেই অসহায় নিৰ্বোধ প্ৰাণীটোৰ দৰে লাগিছে নেকি? আৰু তই দয়া কৰিছ মোক মোৰ ভৱিষ্যতৰ নামত? যুঁজত জিকাৰ আনন্দ এখিনিয়ে উত্তাল কৰি ৰাখিছে নে তোক? এইবাৰ সুখী নে তই? এষাৰ সঁচা কথা কওঁ উচপ খাই উঠিবি নেকি? মোক বান্ধিবলৈ গৈ তই যে নিজেই বান্ধ খালি গম পালি নে? আজি গম নাপাবি সেই কথা| পাবি, অপল দেৰিকৈ| যিদিনা মই তোৰ কাষত নাথাকিম আৰু তই উপলব্ধি কৰিবি জীৱন কেতিয়াও উভতি নবয় সেইদিনা তই বুজি পাবি মৰমৰ কোনো দৰদাম নহয়| মৰমৰ কোনো অতীত বৰ্তমান নাথাকে| নাথাকে কোনো ভৱিষ্যত| মৰম মানে কেঁচা কলিজাত উমলি থকা এটা নিৰ্ভেজাল অনুভূতি| মনৰ আন্ধাৰকো নচাত্‍ কৰি পোহৰৰ ৰেঙনি কঢ়িয়াই আনিব পৰা মানৱ জীৱনৰ শ্ৰেষ্ঠতম অভিব্যক্তি| এষাৰ কথা, এটা প্ৰতিশ্ৰুতি বিচাৰিছিলি মোৰ পৰা| ভাবিলি তাৰে তই মোলৈ নমাই আনিবি ভৱিষ্যতলৈ সেন্দুৰীয়া বাট এটা| ভৱিষ্যত কি? মোৰতো বৰ্তমানো নাই| তই মোক জীৱন দিলো বুলি আত্মতুষ্টিত মতলীয়া হৈছ ঠিকেই কিন্তু আচলতে মইহে তোক উপহাৰ দিলো মোৰ মৃত্যুৰ| জীৱন কাক দিয়ে; যি জীয়াই থাকিব খোজে| মইতো মৰাশ| তোৰ ভাষাত জীয়া শিল| এতিয়া আৰু ঘাটক বুলি অহংকাৰ কৰিব নোৱাৰ তই| কাৰণ মৰাশক পুনৰ বলি দিয়া নাযায়|
......কথা দিলো তোক তই যি বিচাৰিছ সেয়ে হ’ব| কিনো এনে ৰাখিব নোৱাৰা কথাটো! পাৰিম দে| তোৰ শপত| কথা দিলো তোক| তই মোক “ৰহিচ্‌” বুলি উপলুঙা কৰ নহয়? তই উপলুঙা কৰিলেও সঁচাই মই বহুত ধনী| আজিলৈ মোৰ সন্মুখত হাত পতা কাকো মই সুদা হাতে বিমুখ কৰা নাই| কাকো উভতাই পঠোৱা নাই| মোৰ সান্নিধ্যৰে মোৰ অনুভৱেৰে মোৰ সামৰ্থৰে সকলোকে মই দি আহিছো দিব পৰাখিনি| সেয়ে আভিজাত্যৰ অহংকাৰত অহংকাৰী মই| তই খং কৰোঁতে, টানকৈ কথা কওঁতে মই দূৰলৈ চাই আছিলো| চৌদিশ পোহৰাই তোলা বিজুলী বাতিবোৰলৈ এনেই চাই আছিলো আৰু মনে মনে আওৰাইছিলো নিঃসংগতাৰ আলাপ| তই জুখি জুখি মগজুৰ কছৰত্‌ কৰি খান্দি গৈছিলি মোৰ বুকুৰ মাটি আৰু  মই আঁৰে আঁৰে মনৰ দলিচাত আঁকি গৈছিলো উপেক্ষাৰ প্ৰতিছবি| বিচাৰিছিলো কি আৰু পালো কি? তয়ো হাৰি গলি| তয়ো নোৱাৰিলি মোক মোৰ ইস্পিত মুহূৰ্ত দিব যি মুহুৰ্তৰ বাবেই মই মোক জ্বলাই গৈছো প্ৰতি দিন প্ৰতি ৰাতি| কিয় নোৱাৰ তহঁতে নিঃস্বাৰ্থভাৱে আনক একো দিব? কিয় হেৰুওৱাৰ ভয়ত তহঁত কঁপি থাক? এবাৰ যদি ক’লি হয় মই আছো নহয় বুলি কিজানি চিৰদিনলৈ ঋণী হৈ থাকিলো হয় তোৰ ওচৰত! বিচাৰিছিলোৱে বা কি তোৰ ওচৰত? কি লাগে একোটা জীৱনক পূৰ্ণ কৰি তুলিবলৈ? ভাবি আচৰিত লাগিছে কিমান হিচাপ কৰিব পাৰ তহঁতে? এটা জীৱন জীবলৈকে মানুহক কিমান কি লাগে! মোৰ হাতত সকলো আছে দেখিয়েই বাৰু মই তহঁতৰ নোহোৱাবোৰ উপলব্ধি কৰিব নাইপৰা নেকি? কিন্তু তহঁততকৈ বহুত বেছি নিকৃষ্ট জীৱন মই কটাই আহিছো| দেখিছো জীৱনৰ অন্ধকাৰখিনিও| সেইকাৰণেই মই জীৱনৰ প্ৰতি ইমান উদাসীন নেকি???
.....দেখাত সৰল যেন লাগিলেও আচলতে কথাবোৰ খুব জটিল আৰু এইবোৰক জটিল কৰি তোলে সমাজৰ ঠিকা লোৱা বৰ মানুহ এখিনিয়ে| তোক মোৰ জীৱনৰ প্ৰায় সকলো কথাই ক’লো| কেনেকৈ এটা এটাকৈ পাৰ হৈ আহিছো সীমিত জীৱনৰ পৰিসীমা তাকো কৈছো| সেয়ে চাগে কোনোটো কথায়ে কোনোটো বাধ্যবাধকতাই মোক নুচুৱেগৈ| বৰ্তমানলৈকে যিমানখিনি কদৰ্য্যতা আৰু ৰুক্ষতা মই বুটলিছো তই চাগে কাণেৰেও শুনা নাই সিমানখিনি| মোক জন্ম দিয়াৰ পাছত মোক কোলাত ল’বলৈ আহৰি নাছিল মাৰ| বটল এটাত চেনী-পানী গুলি মোৰ মুখত দি বিচনাত পেলাই থৈ দিয়ে মোক| বটলৰ নিপোল চুপি চুপি টোপনি যাওঁ মই| কিজানি ওপজাৰ মূহুৰ্ততে কপালত লিখি লৈ আহিছিলো উপেক্ষা আৰু অৱহেলাৰ চৰম প্ৰাপ্তি| সেয়ে মই আজিও অতৃপ্ত| তোৰ বাৰু মনত আছে নেকি পাৰ হৈ যোৱা দিনবোৰৰ কথা? মই জানো হৃদয়ৰ বিজ্ঞাপন দি আমন্ত্ৰণ কৰি আনিছিলো তোক? তই আহিছিলি মোৰ বিক্ষিপ্ত ভাৱনাৰ পম খেদি| কোনো দাবী নাছিল মোৰ তোৰ কাষত| দাবী তই কৰিছিলি আত্মীয়তাৰ| কাজিয়া তই কৰিছিলি, অভিযোগ তই কৰিছিলি, অহংকাৰো তয়েই কৰিছিলি| মই মাথোঁ নীৰৱে শুনি গৈছিলো তোৰ কথাবোৰ মোৰ অভিমান সামৰি| আজি তেনে তই ভয় কৰ কিয় মই হেৰাই যাম বুলি? হেৰাইতো যামেই এদিন| কাৰণ মোৰ আটাইতকৈ বদ্‌ অভ্যাসটো হ’ল মই মানুহক এক নিদিৰ্ষ্ট সীমালৈকেহে সহ্য কৰিব পাৰো| সীমা পাৰ হ’লেই মই অচিনাকী হৈ পৰো সেইজনৰ বাবে যি মোৰ অভিমানত আঘাত সানে| মোৰ এগৰাকী আত্মীয়ই এদিন মোক অভিযোগ কৰি কৈছিল-“তই নিজৰ বাহিৰে আনক ভালপাব জান’ জানো?” মই বিচাৰো মোক লগ পোৱা প্ৰতিজন ব্যক্তিয়ে এই কথাষাৰ কোৱাতো| সঁচাই মই মোৰ বাহিৰে আনক ভালপাব নাজানো| কিয় বুলি সুধি নিজক মূৰ্খ নসজাবি|
......তই সুধিছিলি মই কি কি নাপালো বুলি| কি কম তোক? ক’বলৈ একো নায়েই দেখোন| তোৰ পৰা কিবা আশা কৰিবলৈ তই সেই সুবিধাই বা দিলি ক’ত? কাষে কাষে থাকিও তই মোৰ পৰা শত যোজন দূৰত্বত আছিলি| মোৰ লগত থাকিও মোৰ হোৱা নাছিলি তই| তাৰপাছতো তোৰ পৰা কিবা বিচাৰি নিজক অপমান কৰিব খোজা নাছিলো মই| তথাপি মন গৈছিল সাগৰৰ পানীত দুটোপোল অশ্ৰু বিসৰ্জন দিবলৈ| বহু বছৰ ধৰি সাঁচি ৰাখিছিলো এটা সপোন, এটা হেঁপাহ| মন গৈছিল লুণীয়া পানীৰ জোৱাৰত সপোনটোক উটুৱাই দিবলৈ| দিয়া নহ’ল| আকৌ এটা সোঁৱৰণী হৈ সেইটো মোৰ লগতেই থাকি গ’ল| সিদিনা নিশা সাগৰৰ পাৰত মই অকলে বহি থাকোঁতে তই যে বিচাৰি আহিছিলি মোক! কি দেখিছিলি মোৰ দুচকুত? দূৰৈত মাজ সাগৰত টুলুং ভুটুং কৰি থকা মাছমৰীয়া নাৱৰীয়াৰ ধিমিক-ধামাককৈ জ্বলি থকা টিপ চাকিবোৰৰ প্ৰতিফলন দেখিছিলি নে? ওহোঁ দেখা নাছিলি| মই তোলৈ পিঠি দি বহি আছিলো| মোক মাত দি দি মাত নাপাই তই শুই পৰিছিলি মোৰ কাষতেই আৰু তোৰ চকুত পৰিছিল তৰাভৰা আকাশখন| সাগৰৰ ঢৌৱে কোবাই আছিল চৌপাশ| মোৰ চকুত জ্বলিছিল জীৱন আৰু তোৰ চকুত নাচিছিল সপোন| কিমান পৃথক তোৰ আৰু মোৰ ভাৱনাৰ অনুৰণন! পাৰিবি জানো মোৰ সৈতে খোজ দিব শিলাময় বাটেৰে?
......জানিছিলো মোৰ অনুমতিৰ অবিহনেও তই মোৰ মোবাইলৰ পুৰণা মেছেজবোৰ পঢ়ি চাবি| পঢ়ি উঠি নিৰ্মমভাৱে আঁজুৰিবি মোৰ সমস্ত গোপনীয়তা| সাজু হৈয়ে আছিলো মই সোলোকাই থ’বলৈ সততাই মানুহক দেখুৱাই পিন্ধা সেউজীয়া সাজযোৰ| বিবৰ্ণ আৰু ধূসৰতাৰ সেই অচিন সাজত তই মোক সহ্য কৰিব পাৰিবি নে নাই তাত সন্দেহ আছিল বাবেই অলপ সময় লৈছিলো যাতে তই ভাৱনাৰ প্ৰচণ্ড আঘাতত উফৰি নপৰ| লাহে লাহে লুটিয়াই গৈছিলো অভিশপ্ত জীৱনৰ বিশৃংখল পৃষ্ঠাবোৰ| বিষ্ময়ত বাকৰুদ্ধ হোৱাৰ অৱস্থা তোৰ| ক্ৰমাত্‍ অস্থিৰতাই গ্ৰাস কৰি আনিছিল তোক| নিজৰ মাজতেই যুঁজিবলৈ আৰম্ভ কৰিছিলি তই মোৰ হৈ| কষ্ট হৈছিল মোৰ নিজক নগ্ন কৰি তোৰ সন্মুখত তুলি ধৰিবলৈ| তথাপি ক’বতো লাগিবই! কথা দিছিলো তোক সকলো কম বুলি| কথাবোৰ কৈ থাকোতে কি দেখিছিলি মোৰ দুচকুত? নিষিদ্ধ নিশাৰ কবিতা নে জীৱনৰ মালিতা? আজি একান্তই মোৰ বুলি আৰু একো নাই মোৰ হাতত| অৱশিষ্ট গোপনীয়তাখিনিৰ ভাগো তোক দি দিলো| কি কৰিবি তাৰে সেইয়া তই জান’| কিন্তু মোক বান্ধি ৰখাৰ অপচেষ্টা যেন কেতিয়াও নকৰ| কাৰণ মই বৰদৈচিলা| একেঠাইতে থিতাপি লৈ থাকিব নোৱাৰোঁ| দুখ মোৰো লাগে, বুকু মোৰো ভাঙে| কিন্তু চকুলো বোৱাই কান্দিব নোৱাৰোঁ মই| বিপদ তাতেই| মানুহ মই| সেয়ে মানুহ লাগে মোক| পুৰুষ নহয় কিন্তু| বীৰ্য্যস্খলন কৰাৰ অহংকাৰত অহংকাৰী পুৰুষ মোক নালাগে| অহংকাৰ কৰিবৰ জোখাৰে একো নাই পুৰুষৰ মাজত| পুৰুষৰ দুৰ্বলতাৰ সৈতে মুখামুখি হৈ বিৰক্তিবোধ কৰিছো সঁচাকৈ| খোজে খোজে দেখিছো পুৰুষ নামৰ প্ৰাণীবিধৰ স্বাৰ্থপৰতা আৰু নিৰ্বুধিতাৰ স্বাক্ষৰ| নোৱাৰে সাজি দিব নিৰাপত্তাৰ সেই আলয় য’ত এগৰাকী নাৰী স্ব-ইচ্ছাই জাহ যাব পাৰে| নোৱাৰে দিব নিৰপেক্ষতাৰ সেই প্ৰতিশ্ৰুতি য’ত এগৰাকী নাৰীৰ অন্তৰাত্মা লীন হ’ব পাৰে| নোৱাৰে আঁকি দিব জীৱনৰ সেই সহজ চিনাকী ছবি যাৰ সপোন দেখি দেখি এগৰাকী নাৰীয়ে জীৱন পাত কৰে আমৃত্যু| নোৱাৰে বোৱাব মৰমৰ সেই নৈখন যিয়ে এগৰাকী নাৰীৰ জীৱনজোৰা তৃষ্ণা নিৰ্পাবিত কৰিব পাৰে| তথাপি পুৰুষ ’পুৰুষ’| নাজানো কোন জনমৰ পাপৰ ভাৰ বৈছে পুৰুষে পুৰুষ হোৱাৰ নামত|
......তোক সুধিছিলো তোৰ প্ৰিয় ৰং কি? উত্তৰ নিদিলি| মোৰ কোনোটো কথাৰেই পোনপতীয়া উত্তৰ নিদিয় তই| নালাগে দিব| কি কৈছিলি মোক-“তই তোৰ দৰেই থাক| তোৰ জেদ তোৰ অভিমান এৰিবলৈ কোৱা নাই মই তোক| মাত্ৰ কৈছো আনে চিনি পোৱা তোৰ সেই চিনাকী সাজযোৰ এৰি এযোৰ নতুন সাজ পিন্ধ| আৰু কাৰো আগত খুলি নিদিবি তোৰ আবেগৰ দুৱাৰ| ময়েই যেন তোৰ চৰাইখানাৰ শেষৰজন আলহী হওঁ|” আচলতে কথাখিনি তই মোক কোৱাতকৈ মই তোক তেনেকৈ ক’ব পাৰিব লাগিছিল| তই মোৰ অন্তিম ঠিকনা হ’ব লাগিছিল| তই মোৰ বাবে এনে এটা পথৰ সন্ধান দিব পাৰিব লাগিছিল যি পথেৰে গ’লেও মই যেন তোকেই পাওঁ| কিন্তু সেইয়া হৈ নুঠিল| শিল-বালি-ইটা-চিমেন্টেৰে তই পথটো ভেটি থৈ মোক কৈছ আৰু আগনাবাঢ়িবি| একো নাই, এইটো তেনেই সহজ কথা মোৰ বাবে| তই কচোন মইনো জীয়াই আছিলো কেতিয়া? মেলা চকুৰে জোনাকৰ সপোন দেখি দেখিয়েই পাৰ কৰিলো অন্ধকাৰে কোঙা কৰি পেলোৱা দিনবোৰ| তেতিয়াও জানো মই এনেদৰেই নাছিলো? কিবা বিসংগতি কিবা বিপৰ্য্যয় দেখিলি নেকি মোৰ মাজত? নে মোৰ আবেগৰ ঢৌত ডুব মাৰি সুবিধা ল’বলৈ অহা কাপুৰুষৰ সমদল দেখি ভয় খালি? কাপুৰুষ জানো কেতিয়াবা কাৰোবাৰ বুকুৰ আপোন হ’ব পাৰে? তাকো মোৰ দৰে গৰ্বিত নাৰীৰ যি নিজৰ ছাঁয়াৰ মায়াত নিজেই আবদ্ধ!!! তোক লগ নোপোৱা হ’লেই ভাল আছিল| অন্ততঃ মই ভাবি থাকিলো হয় তই আনবোৰৰ দৰে নহয়| সঁচায়ে নহয়| কিন্তু কোনোবাখিনিত মোৰ অশান্তি হৈছে| তয়ো যেন নামি আহিছ তুচ্ছতাৰ সেই মুকলি পথাৰলৈ য’ত ক্ষণে ক্ষণে দৰদাম চলে জীৱনৰ নামত মৰণৰ| বেপাৰ চলে ভুৱা আত্মীয়তাৰ| এটোপাল তেজৰ ঠাইত এটোপাল পানীৰ বাবে হাহাকাৰ কৰে জীৱন মৰুত বাট হেৰুওৱা পথভ্ৰষ্ট পথিকে| বিচাৰিলে সকলো পোৱা যায়| পাষান শিলৰ বুকুত অদৃষ্টজনক পোৱা যায়, মৰুৰ মাজত মৰুদ্যান পোৱা যায়, সাগৰ তলিত মুকুতা পোৱা যায় মাথোঁ পোৱা নাযায় নিভাঁজ নিঃস্বাৰ্থ মৰম অকণ| কষ্ট হৈছে মোৰ নিজক বুজাওঁতে যে তই মোৰ কোনো নহয়!!!
......জীৱনৰ ৰং এটাই আৰু সেইয়া হ’ল সেউজীয়া| যদিও মই জানো জীৱন মানেই গতিশীলতা তথাপি মই সেউজীয়াৰ সাজযোৰ পিন্ধিব নোৱাৰো| কাৰণ ৰং মানেই মোৰ বাবে কলা বা বগা| কলা ৰঙে সকলো শুহি নিয়ে কাৰণেই সি কলা আৰু বগা ৰঙে সকলো এৰি দিয়ে কাৰণেই সি বগা| আৰ বগা-কলাৰ সমাহাৰত যি সাজ তৈয়াৰ হয় সেই সাজ মোৰ চিৰন্তনীয়া| কাৰণটো ভাঙি নক’লেও বুজি পাইছ নিশ্চয়? মইতো তুলি দিলো তোৰ হাতত তই বিচৰাখিনি| তই এতিয়া কি কৰিবি? কেনি যাবি? কিবা ক’বিনে মোক? পাৰিবি জানো ক’ব মই তোৰ কোন? নোৱাৰ ক’ব| মই কিন্তু ক’ব পাৰো তোক যে মই কোনো নহয় তোৰ| নোৱাৰিলি তই মোৰ বুকুত জোনাকৰ ঢল নমাব য’ত আমি একেলগে গা ধোৱাৰ কথা আছিল| নোৱাৰিলি তই পোহৰাব মোৰ বাবে সেই অন্ধকাৰ বাট যি বাটেৰে নামি আহিলহেঁতেন অনুৰাগৰ নৈখন| ইচ্ছা কৰাহ’লে বহুত কিবাই হাচিল কৰিব পাৰিলোহেঁতেন এই জীৱনত| ইচ্ছা-কৰাহ’লে উন্নতিৰ শেষ জখলাদাল বগাব পাৰিলো হয় অথবা ইচ্ছাকৰাহ’লে কুখ্যাত গলিৰ শেষ প্ৰান্ততো ভৰি দিব পাৰিলো হয়| নকৰিলো সেইবোৰ একো| মোৰ ইচ্ছা আছিল জীৱনক সহজ ৰূপত প্ৰত্যক্ষ কৰা| অস্বাভাৱিক অৱস্থাতো স্বাভাৱিকভাৱেৰে জীৱনক আলিংগন কৰা| সেয়ে মৃত্যুৰ সমানে খোজ দিয়ো মই জীৱনৰ মুখামুখি হ’ব খোজোঁ স্বাভাৱিক গতিৰে| তই ঘৃণা কৰিলেও উপায় নাই| ইয়াতেই থাকিম মই ৰৈ এনেদৰেই চিৰদিনলৈ| মই বিচাৰি নাযাওঁ তোক| তই আহিবি কোনোবাদিনা মোলৈ বৈ এখন নদী হৈ| অস্তগামী সূৰুযৰ সমস্ত হেঙুলীয়া সামৰি মই থাকিম ৰৈ তোক ধুৱাই নিবলৈ......

নেমেলিবি আৰু হেঁপাহৰ হাতোৰা তোৰ
ফালি চিৰাচিৰ হ’ল মোৰ সোঁৱৰণীবোৰ
পাৰিলোহেঁতেন যদি গংগাত উটুৱাই দিব
হাঁহিৰে একাজলি প্ৰেমৰ ফুল
চিপচিপীয়া বৰষুণজাকতেই তিতি
উতপ্ত হ’লহেঁতেন মোৰ দেহৰ ভূগোল
বুকুৱেদি বৈ গ’লহেঁতেন উশাহৰ ঢৌ
ইথাৰত বিয়পিলহেঁতেন মৰমৰ মৌ
যি কথা নহ’ল কোৱা
থাকক দে তাক বুকুতে গুপুতে গঁথা
কেতিয়াবা যদি পুনৰ মুখামুখি হওঁ অচিন ঘাটত
মেলি চাম সোঁৱৰণীৰ নৈখন
আছিল নেকি তাতো
কোনোদিনে কাকো দিব নোৱাৰা
এমুঠি সঁচা ভালপোৱা!!!

..........আইজনী|

(বি.দ্ৰ:-এবাৰ পঢ়িয়েই ফালি পেলাবি চিঠিখন| দ্বিতীয়বাৰ পঢ়াৰ চেষ্টা যেন নকৰ|)


***********************************************

... জান,

.......হ’ব দে| মই মাত দিলে মই কথা ক’লেই যদি তোৰ ইমান অশান্তি হয় তেনে বন্ধ কৰিলোঁ মই মোৰ কথোপকথন| মাফ কৰি দে মোক| ভুল হ’ল মোৰ| আৰু একো নকওঁ তোক| যি কৰি ভালপাৱ যেনেকৈ থাকি ভালপাৱ তেনেকৈয়ে থাক| মই আৰু আমনি নকৰোঁ তোক| কৈ থাকিবলৈ এনেও বেয়া পাওঁ মই| তথাপি কিয় যে তোক ক’বলৈ লৈছিলো! ময়ো জানো মই তোৰ কোনো নহয়| কোনোবা হ’ব খোজাও নাছিলোঁ| কেলে’ জানো সহজ হৈ আহিছিলোঁ তোৰ সৈতে! আচলতে ভুল তই কৰিছিলি শিলৰ বুকুত নদীৰ সন্ধান কৰি| মই তোৰ জীৱনত ঠাই বিচাৰি যোৱা নাছিলোঁ, ঠাই তই দিছিলি মোক তোৰ মনৰ মাজত| সেয়ে চাগে তোক মাত লগোৱাৰ ভুল ময়ো কৰিলোঁ মোৰ সীমাৰ পৰিধি ভাঙি| কিন্তু মই চাগে কাঁইট হৈ ধৰা দিলোঁ তোৰ মনত সেয়ে কষ্ট পাইছ! নিচিন্ত থাক| আৰু একো নকৰোঁ| উভতি আহিছোঁ মই মোৰ চিনাকি অন্ধকাৰ গহ্বৰলৈ| তাত তোৰ জোনাকে ঢুকি নাপায়|
.......তোৰ বাৰু মনত আছে নেকি তোৰ আগত মই মোক নিজেই মুকলি কৰি দিছিলোঁ নে তই টানি-আঁজুৰি উলিয়াই আনিছিলি? তই উলিয়াই আনিছিলি মোক প্ৰশ্নৰ উপৰি প্ৰশ্ন সুধি| বোধকৰোঁ মোক লৈ নিচিন্ত হ’ব খুজিছিলি! কিন্তু কি পালি? পাৰিলি জানো মোক মোৰ পৰাই আঁতৰাই নিব? কৈছিলোঁ তোক শেলুৱৈ ধৰা মাটিত সেউজীয়া বিয়পাব নোৱাৰিবি বুলি| তই কি কৈছিলি? ৰ’দ দিম বুলি! পোহৰ আৰু উত্তাপেৰে শেলুৱৈবোৰ মোহাৰি পেলাম বুলি কৈছিলি| মনৰ অলিয়ে গলিয়ে জোনৰ জোনাক সিঁচি দিম বুলি কৈছিলি| কোনোবাটো অসচেতন মুহূৰ্তত ময়ো ভৰষা কৰিবলৈ আৰম্ভ কৰিছিলোঁ তোক| কিন্তু তয়োতো জানিছিলি মই লতা নহয় বুলি! বগাবলৈ অৱলম্বন নালাগে মোক বুলি! বৃক্ষ মই| মাটিৰ গভীৰলৈ শিপা প্ৰোথিত কৰি মূৰ দাঙি থিয় দিয়াৰ যোগ্যতা মোৰ আছে| মোৰ ছাঁয়াতেই জিৰণি লয় অনেক ক্লান্ত পথিকে| মোৰ ডালে-পাতে আহি জিৰাই নানান অচিন পখীয়ে| বতাহ-বৰষুণ-ধুমুহাই কোবাই মোৰ সেউজীয়া সাজ সৰাই লঠঙা কৰিলেও সেউজীয়াই মোৰ পৰিচয়| প্ৰাকৃতিক বিশুদ্ধতা মোৰ ধৰ্ম| নতুন সুৰত কথাবোৰ শুনি আচৰিত লাগিছে ন তোৰ? সাধাৰণতে মই এই সুৰত কথা নকওঁ| কাঠিন্য মোৰ বৰ্মহে বৈশিষ্ট্য নহয়| তথাপি কেতিয়াবা কঠিনতাক ধাৰণ কৰি লওঁ নহ’লে হয়তো অস্তিত্বহীনতাই গ্ৰাস কৰি পেলাব পাৰে মোক| সেইবুলি মোক ধ্বংস কৰা ইমান সহজ নহয়| তই জানো নাজান, দেখাত ধূলিকণা একোৱে নহয়, অথচ ধূলিকণাৰ অবিহনে কোনো বস্তুৱে দৃষ্টিমান নহয়| ধূলিকণাই পোহৰ বিচ্ছুৰিত নকৰিলে জগত এন্ধাৰ হ’ব!
.......তোৰ বাৰু মনত আছেনে ভালপোৱাৰ কথা কোৱা? মোৰ আছে| কেনেকৈ যে একান্তমনে তই কৈ গৈছিলি তোৰ মা-দেউতা-ভাইটি-ভন্টীৰ কথা! হঠাতে ঢুকাই থকা খুড়াজনৰ কথা কওঁতে তই আবেগিক হৈ পৰিছিলি| কিজানি চকুদুটা সেমেকি উঠিছিল তোৰ পুৰণা দিনৰ কথা ভাবি! জীৱন পথত ক্ষন্তেকৰ বাবে হ’লেও কাৰোবাক অলপ সহায় কৰিব পৰাৰ কথা কওঁতে তোৰ মাতত ফুটি উঠা উছাহখিনিয়ে মোকো চুই গৈছিল অজানিতে| ভাল লাগিছিল মোৰ তোৰ আনন্দখিনি অনুভৱ কৰি| জানো, মৰমৰ সাগৰত ডুব গৈ ডাঙৰ-দীঘল হৈছ তই| আপোন মানুহেৰে আবৰি ৰাখিছে তোৰ চাৰিওকাষ| তোৰ তুলনাত মৰমৰ কাঙালিনী মই| অনাদৰ-অৱহেলা গোটাইয়ে জীৱনৰ চল্লিশটা বসন্ত পাৰ কৰিছোঁ সুখে-দুখে| সকলো থাকিও একো নাই মোৰ| নিজেই এৰি আহিলোঁ আপোনবোৰৰ সৈতে চিনাকি সম্পৰ্ক| একমাত্ৰ মা আছে| যিদিনা মাও নোহোৱা হ’ব সেইদিনা একেবাৰেই অকলশৰীয়া হম| তেতিয়া চাগে মুক্ত হ’ব পাৰিম সামাজিক বান্ধোনৰ পৰা| অলপ মুকলি মুকলি লাগিব!
.......কৈছিলো তোক মই সম্পৰ্ক গঢ়িবলৈ ভয় কৰোঁ বুলি| কিন্তু তই আশ্বাস দিছিলি! সেই আশ্বাসৰ মৰ্যদা নাৰাখিলি কিয়? কি ক’লো কি বিচাৰিলোঁ তোৰ পৰা? মোলৈ একোৱে বিচৰা নাছিলোঁ দেখোন! মাথোন তোক কৈছিলোঁ ভালে থাক| সেইয়াই মোৰ অপৰাধ? অপৰাধ কৰিলোঁৱে যেতিয়া শাস্তিও মূৰ পাতি ল’ব নালাগিব জানো? তোৰ খং বেছি, মোৰ অভিমান বেছি| তোৰ মোৰ মাজত কোনোদিনে সমতা স্থাপন নহয়| হ’ব নোৱাৰে| মোৰতো এনেই বদনাম অহংকাৰী বুলি| কালি তয়ো কোৱা নাই জানো জেদী বুলি? সঁচা কওঁ জান? জেদী নহয় মই| মোক জেদী কৰি তুলিছ তহঁতে উপেক্ষা কৰি কৰি| চকুলো বোৱাই কান্দিব নাজানিলোঁ বুলিয়েই কি মোৰ দুখ লাগিব নোৱাৰে নেকি? ওঁঠত হাঁহিটো কঢ়িয়াই ফুৰিব নোৱাৰিলোঁ বুলিয়েই জানো মোৰ বুকুত মৰম থাকিব নোৱাৰে? অসুবিধাটো ক’ত জান? মোৰ নিজৰ প্ৰতি ভালপোৱা আৰু সন্মানটো লগাতকৈ বহুত বেছি| যিটো আনৰ পৰা কোনোদিনে নাপালো সেইটো মই মোক দিয়াৰ পৰা বঞ্চিত কৰিব নোৱাৰিলোঁ| দিনৰ উপৰি দিন নিজেই নিজৰ সাৰথি হওঁতে হওঁতে এতিয়া অভ্যাসটো এনেকুৱা হ’ল কাৰো সন্মুখত হাত পাতি ৰৈ থাকিব নোৱাৰোঁ| কাকো মুখ খুলি ক’ব নোৱাৰোঁ মোক অলপ সময় দিয়া, এধানি মৰম দিয়া, এটা পৰশ দিয়া বুলি| গাত লাগে ক’বলৈ| বৰং মোৰ সন্মুখত কোনোবা যদি নিঃস্ব হৈ আছে, কোনোবা যদি ভোকত আছে, কোনোবা যদি মৰি গৈছে তেওঁৰ বাবে মই মোক উচৰ্গা কৰিব পাৰোঁ| নিজে সাজি লোৱা পৃথিৱীখনৰ সম্ৰাজ্ঞী মই|
......ইমান অতিপাত খং কিয় কৰিলি তাকো ক’ব নোৱাৰিলোঁ| তোক কোনোদিনেই কোনো কথাতেই কষ্ট দিব খোজা নাছিলোঁ যদিও তই কালি অভিযোগ কৰিছ মই তোক কষ্টই দিছোঁ বুলি| নাহাঁহো বুলিও হাঁহিব খুজিছোঁ; তই মোক যি মন যায় ক’ব পাৰ মই কিবা এষাৰ ক’লেহে দায় লাগে! কিয় জান? কিবা চুক্তি কৰিছিলোঁ জানো তোৰ স’তে? মোৰ একমাত্ৰ সপোনটোকো তই চুৰ কৰিব খোজা নাছিলিনে? মই মাথোঁ তোৰ দুখবোৰ বিচাৰিছিলোঁ| বিনিময়ত তোৰ মুখত এটা হাঁহি| কি ভুল কৰিলোঁ মই? ভুল তই কৰিছিলি মৃতদেহাত প্ৰাণৰ স্পন্দন বিচাৰি| সেয়ে চাগে কথাই কথাই তই আহত হ’লি! অথচ এনে হোৱাৰ কথা নাছিল|
.......ভবাবোৰ কোনোদিনেই নহয়গৈ অ’! নাভাবিবি আৰু মোৰ কথা| যি হ’ল হৈ গ’ল| হোৱাটোতো আৰু নোহোৱা কৰিব নোৱাৰি| গতিকে বাদ দে| এটা কথা কি জান’? কথা দি কথা ৰাখিব নোৱাৰা মানুহক মোৰ মানুহ যেন নালাগে| আৰু সেইজন যদি পুৰুষ হয় তেন্তে তেওঁক কাপুৰুষ যেন লাগে| তোক কাপুৰুষ সজোৱা বুলি ভুল নুবুজিবি আকৌ| সেই ধৃষ্টতা মোৰ নাই| আজিৰ পৰা মুক্ত তই| মোৰ আঁচলৰ বা লাগি তোৰ মন অশান্ত নহয় আৰু| অৱশ্যে তয়ো জানিছিলি মই তোৰ গন্তব্যস্থান নাছিলোঁ| মই মাথোঁ এটা মুহূৰ্ত| হয়তো এটা পানীৰ টোপাল| হয়তো এটা হেৰুৱা সুৰ| হয়তো এটা আলি কেঁকুৰি| হয়তো শেহ নিশাৰ এটা নীৰৱ প্ৰহৰ| হয়তো এটা মৰিচীকা| হয়তো এটা উত্তৰবিহীন সাঁথৰ|
.......উকা হৈ গৈছে মনটো| বহুত কথা আছে ক’বলৈ তোক কিন্তু শব্দৰ অভাৱ ঘটিছে ক’বলৈ| কমেই বা কি! বুজিও যে নুবুজিলি মোক! কিয় জানো ভাৱ হৈছে মই নাথাকিলে তই যেন ক’ৰবাত ঠোকৰ খাবি! অথচ তোৰ কাষত থকাৰো কোনো উপায় নাই মোৰ| তয়ে ৰুদ্ধ কৰি দিলি দুৱাৰ মোৰ বাবে| অনুমতি ভিক্ষা কৰাৰ দুৰ্বলতা দেখুৱাব নোখোজোঁ| ভালপোৱা মোৰ দুৰ্বলতা নহয়, শক্তিহে| তই ইচ্ছা কৰিলেও নুমুৱাব নোৱাৰিবি তাৰ জ্যোতি| কাৰণ তোক লগ পোৱাৰ আগৰে পৰাই মই মোৰ প্ৰেমত বন্দী| শুন, ভালকৈ থাকিবি| খঙত নিজৰ অনিষ্ট নকৰিবি| তোলৈ তোৰ ঘৰৰ মানুহবোৰে আশাৰে বাট চাই আছে| মই নজনাওঁ দে তেওঁলোকক তোৰ অসুখৰ খবৰ| মোৰ কোনো নাথাকিলে বুলি তোকো নিঠৰুৱা কৰিব নোৱাৰোঁ| কালি তোৰ নামত শপত খাইছিলো আজি কওঁ সেইটো যেন মোলৈকে ঘূৰি আহে অব্যৰ্থ বজ্ৰ হৈ মোক বুকুৱে-পিঠিয়ে শালি পেলাবলৈ| নকওঁ বুলিও যা তা কৈ পেলালোঁ| আঁত হেৰাইছে কথাবোৰে| কিয়টো কৈতো লাভ নাই| যাওঁগৈ মই মোৰ বাটেৰে| আকৌ চাগে লগ নাপাম তোক|
.......লগ পাওঁতেই কৈছিলি তই মই অতদিনে সযতনে গঢ়ি তোলা মনৰ দৃঢ়তাৰ ভেটিটো তোৰ এটা আঘাততে ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ যাব পাৰে বুলি| ইমান সহজ জানো জান বলিয়া পানীক ভেটা দিয়া? তই নাজাননে বাঁহ্ফুল আকালতহে ফুলে? নমৰোঁ মই| নিঃশেষ হৈয়ো নাযাওঁ| মাত্ৰ অলপ জিৰণি লম তই অনাহকতে দিয়া ভাগৰখিনি পলুৱাবলৈ| দেখা যাওক এইবাৰ সময়ে কি আনে মোলৈ গান নে বান? গান আনিলে সুৰত ডুব যাম, বান আনিলে কোনোবা দূৰণিলৈ উটি যাম| তথাপিও জীৱন ডিঙা বাই যাম......

তোৰ আইজনী
২৯.০৬.২০১৩
(বি.দ্ৰ:-অধিকাৰ নাই যদিও এটা অনুৰোধ কৰোঁ মানুহৰ বুকুখন খুলি চোৱাৰ ভুল নকৰিবি আৰু! তোৰো কষ্ট হয়!!)

************************************
জান,
......মৰমৰ বুলি নিলিখিলো| কাৰণ সেই যোগ্যতা মোৰ নাই| আছিল, স্বীকাৰ কৰিবলৈ আখজা লাগিছে| কিয় সেইয়া তই জান’| ইমানদিনে মোৰ ভাষাৰে কথা ক’লো| নুবুজিলি| আজি তোৰ ভাষাৰে কওঁ বুজিবিনে? নুবুজিবও পাৰ! তোৰ আৰু মোৰ মাজত শব্দ তৰংগৰ যি তাৰতম্য আছে তাক অনুধাৱন কৰাত আমি দুয়োটাই অসমৰ্থ| তই ইয়াক কি বুলি ক’ৱ? এটিটিউব প্ৰবলেম? হ’ব পাৰে! তোৰ অহংকাৰ পুৰুষ হোৱাত; মোৰ অহংকাৰ নাৰী হোৱাত| আমি ছোৱালীবোৰক লৈ মাইকী মানুহক লৈ তোৰ অভিযোগৰ অন্ত নাই| আমিবোৰ এনেকুৱা, আমিবোৰ তেনেকুৱা! হাঁহি উঠি যায় সঁচাই| তহঁতক লৈয়ো যে মোৰ মনত অভিযোগ দেধাৰ| আনৰ কথা নাজানো কিন্তু সঁচা কৈছো পাৰ হৈ যোৱা জীৱনটোত এনে এজন পুৰুষ লগ পোৱা নাই যাক পালে কিজানি মোৰ পুৰুষৰ প্ৰতি থকা ধাৰণাবোৰ কিঞ্চিত হ’লেও সলনি হৈ যাব পাৰে|
......আকৌ খং কৰিলি আজি| কি বুলি কৰিলি ক’চোন? মই ফোন কাটি দিলো কাৰণে? মোৰ খং উঠা নাছিল| বেয়া লাগিছিল| ঘৰত এশ এবুৰি সমস্যা| অফিচত বচৰ গালি| তোৰ লগত কথা পাতিও যদি গালিকে খাব লাগে তেনে নকৰাই ভাল| তয়ো মোক আনবোৰৰ দৰে মেচিন বুলিয়েই ভাব নেকি? নাহ্‌, তই মোক শিল বুলি ভাব| জীয়া শিল! অথচ শিল শিলেই| জড় পদাৰ্থ| কোনো অনুভূতি নথকা| মানি লৈছো দে তই তাত অকলে অকলে সীমাহীন চিন্তাত থাক| আগগুৰি নোহোৱা এসোপা ভাৱনাত আক্ৰান্ত তই| তাৰবাবে কিন্তু মই দায়ী নহয়| তোৰ মূৰ এটা আছে| তাত খং-ৰাগ/চিন্তা-ভাৱনা আছে| তোৰ এখন বুকু আছে| তাত আনৰ বাবে দুখ-মৰম আছে| তোৰ এখন হৃদয় আছে, তাত সোঁৱৰিবলৈ আপোনজনৰ স্পৰ্শবোৰ আছে| আৰু??? বহুত কিবাই আছে দে তোৰ| মোক খং কৰাত তোৰ ভুল হোৱা নাই| ভুল মোৰ হৈছে| মোৰ অনুভৱৰ মাজত তোক বিচৰাৰ ভুল| আচলতে এই ভুলটো হ’বলৈ পালে তোৰ বাবেই| কি সুখত তই মোক মাত দিলি? মই তোৰ কোনটো পানী খোৱা পুখুৰীত বিহ ঢালিছিলো যে তই মোক খুছৰি চালি? মাতি আনিছিলো জানো তোক? অৱ্শ্যে তয়ো বিজ্ঞাপন দিয়া নাছিলি| তথাপি তোৰ আগত কিয় জানো মেলি দিলো এদি থৈ অহা দিনৰ স্মৃতি!!!
......আজিলৈ মোৰ বাহিৰে তোক কোনেও কোৱা নাই ন’ তোৰ ফোনটো কেতিয়াবা সংযোগ সীমাৰ বাহিৰত আহে বুলি| মই তোক লগ পোৱা কিমান দিন হ’ল বাৰু? এমাহ? বোধকৰোঁ দুমাহ! দুমাহত মানুহক বুজি পোৱাটো সম্ভৱ নে? মোক, মোৰ জন্ম দিয়া মায়েও আজিলৈ সম্পূৰ্ণকৈ বুজি নাপালে| তেনেস্থলত তোক কি বুলি খং কৰোঁ বাৰু! জান, ক’চোন থিয় দিবলৈ ভৰিৰ তলত অলপ মাটি, মূৰ দাঙি চাবলৈ এখন মুকলি আকাশ আৰু উশাহ ল’বলৈ যদি অকণ বিশুদ্ধ বতাহ বিচৰাত কোনো ভুল নাই তেনে মাইকী মানুহ হ’লো বুলিয়েই নিজাকৈ এমুঠি অনুভৱ বুটলাত কি ভুল হয় বাৰু? কিয় আমৃত্যু কঢ়িয়াব লাগে নাৰী হোৱাৰ অভিশাপ কেৱল নাৰী হোৱাৰ বাবে? পত্নী হ’লে, মাতৃ হ’লে কি হৃদয়খন সলনি হৈ যায় নেকি? আকাশৰ ৰং জানো কেতিয়াবা সলনি হয়? ৰ’দৰ উত্তাপ, জোনৰ জোনাকে জানো ধৰ্ম সলায়? ধুমুহাই জানো নিয়ম মানে? বানে জানো কাকুতি বুজে? সময় সাপেক্ষে পৰিৱেশ-পৰিস্থিতি সলনি হ’ব পাৰে| মুহূৰ্তবোৰে ভেঙুচালি কৰিব পাৰে| উপলব্ধিয়ে ৰূপ সলাব পাৰে| কিন্তু তেজৰ ৰং ৰঙা হৈয়ে থকাৰ দৰে হৃদয়ৰ ৰঙো একে থাকে| হয়তোবা তাত ধূসৰ চামনি এটা পৰিব পাৰে অৱহেলাৰ /অন্যমনস্কতাৰ| বৰ বেছি কি হ’ব? শুকাই কৰ্কৰীয়া মাৰিব| কিন্তু চিতাত নুঠালৈকে ই কঁপিয়েই থাকিব অলসভাৱে হ’লেও!!!!
......মোতকৈ তই গীতা-ভাগৱত বেছি পঢ়িছ| ভগৱানৰ ওপৰতো তোৰ অগাধ বিশ্বাস| তই সিদিনা স্বৰ্গাৰোহণৰ পথত দ্ৰৌপদীৰ স্খলনৰ কথা কৈছিল| কাৰণতো ভাঙি দিছিলি| আৰু মই উভতি যুঁজিছিলো জনচক্ষুৰ অন্তৰালত দ্ৰৌপদীয়ে ভোগ কৰিব লগা লাঞ্ছনাখিনিক লৈ| দ্ৰৌপদীক সতীৰ আখ্যা দিয়া হয়| কিন্তু মই দ্ৰৌপদী কিম্বা সীতা নহয়| মই ’মই’হে| মোৰ মাজত থকা সীমাবদ্ধতাখিনিকো লগত লৈহে মোৰ পৰিচয়| ত্যাগ আৰু আত্মবলিদান একে নহয় বুলি জাননে? এইটো তয়ো বুজি উঠিছ নিশ্চয় মোৰ কোনো উচ্চাকাংক্ষা নাই| কিন্তু ধূলিস্যাৎ হোৱাৰ হাবিয়াসো নাই| আজি অফিচত এজনে কৈছিল “এনেকৈ মুখ বন্ধ কৰি কাম কৰিলে বেমাৰ হ’বলৈ বেছি দিন নাই আৰু তোমাৰ|” কৈ থাকিবলৈ তই বেয়া পাৱ নহয়? মুখ ফুটাই ক’বলৈ ময়ো বেয়া পাওঁ| তথাপি চাগে তোৰ আগত কৈ পালো একমাত্ৰ সপোনটোৰ কথা| সেইদিনা ভাৱবোৰ কিয় আঁকোৱালি লৈছিলি বাৰু? তয়ো উটি গৈছিলি নহয় আবেগত?
......কি কৈছিলি বেয়া পালে মুখৰ আগতেই কৈ দিবি বেয়া পাইছো বুলি| আজিলৈ কাক কাক যে বেয়া পালো নহয়! বেয়া পাই পাই নিজকেই ঘৃণা কৰিবলৈ লৈছিলো এসময়ত| কিন্তু হাৰি গ’লো| ভালপোৱাৰ কাষত ঘৃণাই খোপনি পুতিব নোৱাৰিলে| সেয়ে এৰি থৈ আহিলো সেই বাট যি বাটে মোক ঘৃণাৰ সন্ধান দিয়ে| ঘূৰ্ণী বতাহে জীৱনক গতিশীলতা নিদিয়ে অ’| বৰং ইঠাইৰ পৰা সিঠাইলৈ উৰুৱাই নি শিপাহীন যন্ত্ৰণা এটা জাপি দিয়ে| তাতকৈ ভালপোৱাই বিলাই যাম| তোক বেয়া নাইপোৱা সঁচাকে’| তোক বেয়া পাই নিজলৈ আৰু অলপ হুমুনিয়াহ গোটাই নলওঁ| সময় তেনেই তাকৰ| বহুত কৰণীয় আছে মোৰ| সামৰ্থৰ ভিতৰত থকা কৰ্তব্যখিনি কৰি থৈ যাব নোৱাৰিলে দায় লাগিব মোৰ| নহ’লে নিজৰ চকুত নিজেই সৰু হৈ যাম| তই ভালকৈয়ে জান’ সৰু হোৱাত মোৰ কিমান আপত্তি|
......সেইদিনা ককাইদেউৰ ছোৱালীজনীৰ বিয়াত অভিজিতক লগ পাইছিলো| মোক দেখিয়ে নামকাঢ়ি মাত লগাইছিল সি| মোৰ লগত কলেজত একেলগে পঢ়া হেনো| মাহঁতৰ আগত মোৰ কথা কৈয়ে থাকে| মই হ’লে চিনি নাপাওঁ তাক| চিনি পোৱা দূৰৰ কথা দেখাও মনত নপৰিল মোৰ| লাজ পালো যদিও ক’লো তাক সঁচাকে’ চিনি নাইপোৱা বুলি| সিয়ো হাঁহি হাঁহি ক’লে যে সি সেই কথাটো জানে বুলি| পাছত অলপ সময় পাই দুষাৰমান কথা পাতিলো| আৰু যিখিনি বাকী থাকিল সেইখিনি নবৌক সুধি ল’লো| তাৰপাছতো আৰু ক’তই যে অভিযোগ তোলে মই মানুহক নামাতো বুলি| মাতো কাক তয়ে ক’| সকলোৱে মুখত এখন মুখা পিন্ধি ফুৰে| অন্তৰঙ্গতাৰ প্ৰথম খোজটো একেলগে দিয়াৰ পাছতেই যেতিয়া স্বাৰ্থপৰতাৰ মুখাখন অলপকৈ খুলি পৰে তীব্ৰ বিতৃষ্ণাত মনটো কোঁচ খাই আহে| অথচ দুৰ্ভাগ্যতম মুহূৰ্তটো কামনা নকৰোঁ মোৰ সন্মুখৰজনে মোৰ পৰা কষ্ট পোৱাটো| কিন্তু কাৰ্যক্ষেত্ৰত যেতিয়া তাকেই বাৰে বাৰে কৰিব লগা হয়| অনুশোচনাত কলিজাখন ফাটি চিৰাচিৰ হয়| তথাপি নোৱাৰোঁ সহবাস কৰিব প্ৰতাৰণাৰ স’তে| পাহৰিবও নোৱাৰোঁ পাছফালৰ পৰা বহুৱাই দিয়া ছুৰীৰ সুতীব্ৰ আঘাত| এদিন ঘাঁ টুকুৰা হয়তো শুকাই যায়, কিন্তু দ’কৈ তাৰ দাগ ৰৈ যায়|
......কোনো দিনটো সোঁশৰীৰে দেখা নাই তোক| মাত্ৰ ফটোত দেখিছো| তোৰ চকু দুটালৈ চালে এনে লাগে যেন কিছু বঞ্চনা নকৰা সত্য লুকুৱাই থৈছ তাত| সেয়ে ডুব গ’লো তোৰ চকুৰ মণিত ক’ব নোৱাৰাকৈয়ে| গান খুব ভালপাৱ নহয় তই! কেতিয়াবা শুনিবিচোন তৰালীৰ/সঙ্গীতা বৰঠাকুৰৰ গানবোৰ একান্ত পৰত| ক’ব নোৱাৰা বহু কথাই বিচাৰি পাবি তাত| তোলৈ খং নাই উঠা মোৰ| মাত্ৰ তোৰ পৰা নিজক নিলগাই ৰাখি খালি খালি যেন লাগিছে অলপ| সেয়ে কথাবোৰে আঁত হেৰুৱাইছে| অসমলৈ কিয় উভতি আহিব খুজিছ খং কমিলে ক’বি মোক| মোবাইলত ৰিচাৰ্জ আছে নে তোৰ? আছে যদি কাইলৈ ফোন কৰিবি এবাৰ| জানো কিবা ক’বলগীয়া আছে তোৰ| উৰহৰ খং ভগাঢাৰীত জৰাৰ স্বভাৱটো সলনি নহ’ল আৰু তোৰ| যিদিনা লগ পাম সেইদিনাও আন কাৰোবাৰ ওপৰত উঠা খংটো মোৰ ওপৰতে জাৰি নিদিয়তো? ঠিক নাই তোৰ| দিবও পাৰ| দিলে দিবি| গালি খাই এসোঁতা কান্দিম দে| কিজানি পুঞ্জীভূত মোৰ দুখবোৰো লুনীয়া পানী হৈ বৈয়ে যায়! তোকো ধুৱাই নিম লগতে| তেতিয়া চাম কিমান খং কৰ|
......এটা কথা সোধোঁ নে? তই সৰুতে মাক তাঁত লগোৱা দেখিছিলি নে? তাঁত বাতি কৰাৰ পাছ্ত যে ৰাঁচত সূতা ভৰাই দেখিছিলিনে? কেনেবাকৈ এটামান কণি(ঘৰ) বাদ পৰি গ’লে কাপোৰখন পাছলৈ সেৰেঙা হৈ পৰে| দেখিবলৈ অশুৱনি হয়| মানুহৰ সম্পৰ্কবোৰো অলপ তেনেকুৱা| সামান্য একোটা ভুল বুজাবুজিয়ে সম্পৰ্কবোৰত ফাট মেলাই দিয়ে| সময় থাকোঁতেই যদি তাক শুধৰাই নলৱ পাছলৈ ইয়ে বিষাক্ত হৈ উঠে| মগজুত পোক এটাই কুটি থাকে অহৰহ্‌| মনে সহিব নোৱাৰা হয় আৰু এদিন ছিঙি যায় আত্মীয়তাৰ বান্ধোন| অনবৰতে খং কৰি নাথাকিবি| খং কৰিলেও তাৰ আঁৰত থকা তোৰ মৰমখিনি বুজোঁ| কেতিয়াবা খালি ধৰিব নোৱাৰোঁ তোৰ কিয় খং উঠিছে| তই থাক চকুৰে নেদেখা দূৰণিত| গতিকে কোন মুহূৰ্তত কিহে তোক আমনি কৰিছে তই কৈ নিদিলে সকলো কথা বুজিব নোৱাৰোঁ| সেয়ে ক’বি ক’ব পৰাখিনি| ইয়াত মই বা কেনেকৈ থাকোঁ তই জানো দেখ? কোনোবা দিনা তোৰ খং সহ্য কৰিব নোৱাৰি ময়ো যদি সমানে খং কৰোঁ? মোক এনেকুৱা একো কৰিবলৈ বাধ্য নকৰিবি যিটো মই কৰিব নোখোজোঁ| আৰু মাত্ৰ দহ মাহ আছে তোৰ পঢ়া শেষ হোৱালৈ| কষ্টে-মষ্টে থাক এই কেইমাহ| কাইলৈ টকা পঠিয়াই দিম মোৰ হাতত থকাখিনি| এম.আৰ.আই.খন কৰাই পেলাবি| ৰিপৰ্টত কি পালে জনাবি মোক| তাৰপাছত কি কৰিব লগা হ’ব আৰু কিমান খৰছ হ’ব দুইটাই চিন্তা কৰিম দে| মোৰ টকাখিনি ওভতাই দিয়াৰ কথাকে ভাবি নাথাকিবি| এনেই দিয়া নাই তোক| ধাৰ বুলিয়েই দিছো| চাকৰি পালে ঘূৰাই দিবি| আৰু শুন সদায় অকল আলুৰে ভাত নাখাবি| আন কিবাও খাবি| ভৰিটোত জোৰ পৰাকৈ একো নকৰিবি| নহ’লে কঁকালৰ বিষটো আৰু বাঢ়িব| আৰু এটা কথা তই ক’লি বুলিয়েই তোৰ প্ৰত্যেকটো কথাই মানি লম বুলি যেন ভুলতো নাভাব| মই কি আৰু কি কৰিব পাৰোঁ, মোৰ অৰ্হতা কিমান তাক মই ভালদৰেই জানো| গতিকে অনাহকতে মূৰ কামোৰণি চপাই নল’বি|
......অ ৰ’ হঠাত্‌ মনত পৰিল সেইদিনা এজনে ক’লে মোৰ হেনো লেভেলটো অলপ বেছি| লেভেল মানে বা তেখেতে কি বুজাব খুজিছিল? নিশ্চয় মোক অহংকাৰী বুলি ক’ব খুজিছিল| এতিয়া চা, মোৰ আত্মসন্মান বজাই ৰখাটোকে যদি অহংকাৰৰ নাম দিয়ে তাত মোৰ দোষ কি? মই বৃক্ষ নহ’ব পাৰোঁ কিন্তু লতাও নহয়| মূৰ দাঙি থাকিবলৈ মোক অন্য অৱলম্বনৰ প্ৰয়োজন নহয়| মাটিৰ তললৈ শিপা প্ৰসাৰিত কৰি জীৱনৰ বাবে সেউজীয়া বুটলি নিজৰ ওপৰত নিজে থিয় দিব পৰাৰ দৃঢ়তাখিনি মোৰ আছে| মোক ধ্বংস কৰিব নোৱাৰি| বৰং মোৰ লগলাগি খৰাং পৃথিৱীক সেউজীয়াৰ সাজ পিন্ধাব পাৰি| পুৰণা দিনৰ কথাবোৰ মনত পেলাই মনটোক ৰেপি নাথাকিবি| অতীত অতীতেই| সি বৰ্তমানলৈ নহাই ভাল| বৰ্তমানটোক ঠিকে ৰাখ| ভৱিষ্যত কোনেও নাই দেখা| কাইলৈ তই আগে মৰ নে মই আগে মৰোঁ তাক তয়ো নাজান ময়ো নাজানো| যাৰ আয়ুসত যিমান চাউল আছে সি সিমানদিনেই বাচিব| জন্মিলে মৰিবই লাগিব এদিন| প্ৰকৃতিৰ অলিখিত নিয়ম এইয়া| মিছাতে গাই-বাই লাভ নাই হাঁ| কৰিব পৰাখিনি মাথোন কৰি যা| উত্তৰ নিদিয় বুলি জানো| তথাপি বাট চাম......

আইজনী
২৪-০৫-২০১৩ 

*********************************************************

  তোমালৈ....


.....কেনে আছা বুলি নুসোধোঁ| কাৰণ জানো তুমি ক’লীয়া ডাৱৰখিনিলৈ চাই অন্যমস্ক হৈ বহি আছা| মনত অলেখ ভাৱৰ হেন্দোলনি| মনৰ মাজতেই ভাঙিছা গঢ়িছা শিপাহীন সম্পৰ্ক এটাৰ শ্মশান যাত্ৰাৰ ছবি| বিবৰ্ণ ছবিখন চাই চাই খামুচি ধৰিছা বুকুখন| কষ্ট হৈছে তোমাৰ অপৰিসীম| বেদনাত ক’লা পৰা মুখখনৰ চকুৰ তলত গভীৰ ক’লা দাগ| দুচিন্তা আৰু অনিদ্ৰাৰ চিন ফুটি উঠিছে সমগ্ৰ দেহত| কিয় এনে কৰা জোনাক? কিয় শাস্তি দিয়া নিজক কোনোদিনে নকৰা দোষৰ বাবে? উচিত জানো এইয়া? নিজক শাস্তি দিয়াৰ আগতে এবাৰ যদি মোৰ চকুলৈ চালা হয়! কিয় নিলগাই ৰাখা নিজক মোৰ পৰা? মোক আপোন বুলি অনুভৱ কৰিব পৰা এতিয়াও নাইহোৱা চাগে!!!!

.....কি কওঁ! বহু সময়ত বহু কথাই কোৱা নাযায়| কিন্তু অনুভৱ কৰা যায় হৃদয়ৰ অনুভূতিখিনি| জড় পদাৰ্থ নহয় মই| হয়তো তোমাৰ বিষাদ ভগাব পৰাকৈ এতিয়াও মই যোগ্য হৈ উঠিব পৰা নাই| কিন্তু আশা কৰোঁ তোমাৰ কাষত থিয় দি এদিন তোমাৰ চকুলৈ চাই নোকোৱাকৈয়ে মই বুজি পাম কি আছে তাত হাঁহি নে চকুলো| সহজেই পঢ়িব পাৰিম তোমাৰ মনৰ কথা| বুজি উঠিম তোমাৰ হিয়াৰ ভাষা| অনুভৱী তুমি| অত্যন্ত স্পৰ্শকাতৰ| অন্তৰ্মুখীতাই তোমাক আবৰি ৰাখে সযতনে| আলসুৱা মনে শিলাময় বাটত খোপনি পুতিব নোৱাৰি বিচলিত হৈ উঠে| ভাঙি পৰিব খোজা| জোনাক, এটা কথা সোধোঁ? বৰষুণলৈ তোমাৰ ভয় লাগে নেকি? সেয়ে ডাৱৰখিনিলৈ চাই তন্ময় হৈ এনেকৈ ৰৈ আছা| মানি লৈছো বৰষুণ দিলে চাৰিওফালে পানী হয়, বাট-পথ বোকা হয়| অলপ কষ্ট হয়| কেতিয়াবা বান আহে| প্ৰলয় নামে| সেইবুলি বৰষুণ নিদিলেওতো নহয়| ধৰাৰ বুকুলৈ বৰষুণ নানামিলে সেউজীয়াবোৰ শুকাই নাযাব জানো? তুমিওতো সেউজীয়া ভালপোৱা! আহক দিয়া এজাক বৰষুণ| ধুৱাই নিয়ক তোমাৰ মনৰ বিষন্নতাখিনি.....

.....যিদিনাৰ পৰা লগ পাইছো তোমাৰ কথাই ভাবি আছো| আধুনিকতাই গ্ৰাস কৰিব নোৱাৰা ত্ৰিশ বছৰীয়া ডেকা তুমি| সপোন দেখা সৰল জীৱনৰ| অৱলম্বন হ’ব খোজা আপোনজনৰ| বন্ধুত্বৰে আঁকোৱালি ল’ব খোজা সকলোকে| সন্মান কৰা সম্পৰ্কবোৰক| কিন্তু কোনোবাই অবাবতে তোমাৰ মনোভাৱক নুবুজাকৈ তাচ্ছিল্য কৰি তোমাক অৱহেলা কৰি গ’লে সহ্য কৰিব নোৱাৰা তুমি| কেতিয়াবাৰ তৰ্ক কৰা তেনে মানুহৰ স’তে| তাৰপাছত নিজে হতাশ হোৱা| হতাশ হৈ ভাবা যাঃ আজিৰপৰা কাকো নিবিচাৰো আৰু| নালগে থাকিব কোনো মোৰ কাষত| ময়ে বেয়া কিজানি| সেইবাবেই কোনেও মোক ভাল পাব নোৱাৰে| কথাবোৰ তেনে নহয় জোনাক| সদায়তো নিজৰ কথা শুনা, আজি মোৰ কথা শুনি চোৱাচোন| ভাল নালাগিলেও বেয়া নিশ্চয় নালাগে|

.....আচলতে কি জানা? সকলো কথাৰে দুটা দিশ থাকে| তুমি যিদৰে নিজক অকৰ্মন্য বুলি ভাবা তোমাৰ সন্মুখজনে তেনেদৰে নিজকে গণ্যমান্য বুলি ভাবে| তুমি তোমাৰ শক্তিৰ কথা নাজানা আৰু তেওঁ তেওঁৰ দুৰ্বলতাখিনিৰ কথা নাজানে| তুমি সচেতন অৱস্থাতো তোমাৰ শক্তিক উপলব্ধি কৰিব নোৱাৰা আৰু তেওঁ অচেতন অৱস্থাতো তেওঁৰ দুৰ্বলতাক চুই চাব নোৱাৰে| ভুলটো তাতেই হয়| কোনোবাই যদি ভুলতো তেওঁৰ দুৰ্বলতাত আঙুলি দিয়ে সহ্যাতীত হৈ তেওঁ হিতাহিত জ্ঞান হেৰুৱায় পেলায় আৰু তেতিয়াই অশুভ আচৰণ কৰে| সেই আচৰণৰ বলি হৈ তুমি নিজক দোষাৰোপ কৰা| তোমাৰ গাতো ভুল| উপেক্ষাৰ সমান শক্তি নাই| তুমি তোমাৰ শক্তিৰে তাক উপেক্ষা কৰি যাব নোৱাৰা| পাৰা, কিন্তু যাব নোখোজা| ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ তুমি কথাবোৰ বিয়োগাত্মক দৃষ্টিভংগীৰে বিশ্লেষণ কৰা| তুমি জানানে বিয়োগাত্মক দৃষ্টিভংগী বিয়োগাত্মক কথা-বতৰাই মানুহৰ জীৱনতো বিয়োগাত্মক প্ৰভাৱ পেলায়? তোমাৰ বাৰু মনত আছেনে এলজেব্ৰা কৰোঁতে যোগে যোগে যোগ, যোগে বিয়োগে বিয়োগ আৰু বিয়োগে বিয়োগে যোগ বুলি অংক কৰা? কিন্তু সেইয়া অংক| বীজগণিতৰ ফৰ্মূলামতে কিবা উত্তৰ নিশ্চয় ওলাব| আৰু এইয়া জীৱনৰ অংক, বিয়োগে বিয়োগে কেতিয়াবা যোগ নহ’বও পাৰে| গতিকে সদায় বিয়োগৰ কথাই নাভাবিবা| যোগৰ কথাও ভাবিবা| ই তোমাৰ ক্ষতি নকৰে বৰং তোমাক লাভবান কৰিব|

.....তুমি আৰু এটা ভুল কৰা কথাবোৰ আৰম্ভণিৰপৰা নহয় শেহৰপৰা ভাবা| আৰু কি হ’ব পাৰিলে হয় সেইয়া নাভাবি কি হ’ল সেইয়া ভাবা| হৈ যোৱাটোৰ কথা ভাবি লাভ নাই যদিহে সি একো ধনাত্মক প্ৰভাৱ নেপেলায়| এটা ধেমালি কৰোঁ? ধৰা, এটা হাতী| তুমি হাতীটোক নেদেখাকৈয়ে তাৰ নেগুৰদাল দেখি এনেই অনুমান কৰি লোৱা ই চাগে এটা সৰু প্ৰণীয়েই হ’ব| অথচ তোমাৰ ধাৰণা কিমান ভুল! আনহাতে হাতীটোৰ তুলনাত পৰুৱাটো তেনেই সৰু| বিৰাতাকাৰ হোৱাৰ বাবে হাতীৰ বল বেছি হ’লেও হাতীয়ে কিন্তু পৰুৱা এটাক গচকি মাৰিব নোৱাৰে| অথচ সৰু হ’লেও পৰুৱা এটাই হাতীৰ কাণত কামুৰি হাতীটোক বলিয়া কৰি দিব পাৰে| গতিকে নিজৰ বলশক্তিৰ সঠিক প্ৰয়োগ কৰিবলৈ শিকা| ইয়াত বলশক্তি মানে মই শাৰীৰিক শক্তিৰ কথা কোৱা নাই মানসিক শক্তিৰ কথাহে কৈছো সেইয়া নিশ্চয় বুজিছা| থাকিল ভালপোৱা আৰু সন্মানৰ কথা| য’ত সততা থাকে আৰু সন্মান থাকে তাত ভালপোৱা এনেও থাকে| কাৰোবাক ভালপাবলৈ সুৰুঙা বিচাৰি ফুৰিব নালাগে| শুভাকাংক্ষাই প্ৰৱেশ কৰিবলৈ পাছদুৱাৰ বিচাৰি নুফুৰে| সঁচা মৰমে স্বত:স্ফুৰ্তভাৱে হৃদয়ৰপৰা হৃদয়লৈ সাঁকো গঢ়ি লয়| এই কথাখিনি সকলো সম্পৰ্কৰ ক্ষেত্ৰতেই খাটে| নিজৰ ওপৰত বিশ্বাস ৰাখা, আনৰ প্ৰতি তোমাৰ আস্থা নিজে নিজেই বাঢ়িব| বিশ্বাস আৰু আস্থা প্ৰতিটো সম্পৰ্কৰ মূল ভেটি| আৰু এটা কথা, কাৰোবাক বেয়া পোৱাটো যেনেকৈ তোমাৰ একচেতিয়া অধিকাৰ বুলি ভাবা আনে তাত বাধা দিব নোৱাৰে, ঠিক তেনেকৈয়ে তোমাৰ শুভাকাংক্ষীসকলৰো তোমাক ভালপোৱাৰ অধিকাৰ আছে| তুমি বাধা দিব নোৱাৰা তেওঁলোকক| বয়স আৰু অভিজ্ঞতাৰ ফালৰপৰা মই ডাঙৰ তোমাতকৈ| তথাপি হেঁপাহেৰে বাট চাম তুমি বন্ধুত্বৰ হাত এখন আগবঢ়াই দিয়ালৈ| কিয় জানা, তোমাৰ দৰে ময়ো ভাবো এই পৃথিৱী মানুহৰ বাবে| মানুহ বাবেই মোৰ হিয়াতো অযুত ভাৱৰ জোৱাৰ উঠে| বহুত কিবাই কৈ পেলালো আবেগত উটি গৈ| ছিঙি নেপেলোৱাটো আত্মীয়তাৰ বান্ধোনদাল? চিনাকি মানুহ বহুত আছে তোমাৰ| আজি অচিনাকি কাৰোবাৰ ওপৰত ভৰষা কৰি চোৱাচোন| কিজানি তোমাৰপৰা মোলৈ এটা আলিবাট বান্ধিব পাৰোঁৱেই! প্ৰেম আৰু মমতাৰ! আশ্বাস আৰু আস্থাৰ! কথা দিছো দুয়োকাষে সিঁচি দিম সোণোৱালী হাঁহিৰ বাখৰুৱা ফুল| আচল কথাটো কি জানা? ডাৱৰে ৰ’দৰ কিৰণ ভেটিব নোৱাৰে| উত্তৰ পামনে? বাট চাম সেইদিনটোলৈ.....


অনামিকা

(অভিমানী বন্ধুলৈ যি প্ৰতি পলে পলে হৃদয়ৰ দাবী মানি চলে.....)

***********************************************************
মৰমৰ মেঘালী,

মৰম ল’বি| অকস্মাত তোৰ চিঠিখন পাই মোৰ যে কেনে লাগিছে তোক কেনেকৈ বুজাওঁ এতিয়া! তোক যে মোৰ কিমান কথা ক’ব লগা আছে! মই জানো তই এতিয়াও কোনোবাখিনিত স্থবিৰ হৈ আছ| সেয়ে তেনেকৈ ক’লি কোনো অনুভূতিয়ে নাই বুলি| কিন্তু সেইটো সঁচা নহয়| সেই কথা তয়ো জান ময়ো জানো| দুখ আছে, হতাশা আছে, বেদনা আছে, সংঘাতো আছে; সেইবুলি ৰং হেৰুৱাই বে-ৰং হৈ গ’লি বুলি যদি কৱ মই মানি নলওঁ| তোৰ ক্ষেত্ৰত তেনে হ’বই নোৱাৰে|

জান মেঘালী, জীৱনটো সঁচাই বৰ বিচিত্ৰ| কেতিয়া যে কি ৰূপত আহি ধৰা দিয়ে কোনেও গম নাপায়| ৰাজীৱৰ প্ৰতাৰণাৰ পাছত ভাবিছিলো সকলো পুৰুষেই স্বাৰ্থপৰ বুলি| দেউতাৰ মৰম আৰু ভৰসাক অসন্মান কৰিব নোৱাৰি বিয়াত বহিলো যদিও দ্বিধা আছিল মনত| বিশ্বাস কৰ মেঘালী, মধুযামিনীৰ নিশাটোত মোৰ সকলো ভয়-শংকা-সংকোচৰ অৱসান ঘটাই অনুভৱে যেতিয়া মোৰ চকুত চকু থৈ বন্ধুত্বৰ প্ৰস্তাৱ দিছিল আশ্চৰ্য্যত চকু মেল খাই গৈছিল মোৰ| সকলো দুৰ্ভাবনাৰ অন্ত পেলাই অনুভৱে কৈছিল প্ৰথমে তুমি মোৰ বান্ধৱী হোৱা, মোক বুজি পোৱা, যিদিনা মোৰ দুচকুত তোমাৰ প্ৰতিবিম্ব বিচাৰি পাবা সেইদিনাই মই তোমাৰ হম| এইয়া এক অনন্য অনুভৱ মেঘালী! তোক হয়তো মই ভাষাৰে বৰ্ণাব নোৱাৰিম| কাৰোবাক হাচিল কৰি পোৱাৰ আনন্দতকৈ কাৰোবাৰ মাজত বিলীন হৈ যোৱাৰ আনন্দ যে কি অনুভৱক নোপোৱা হ’লে মই কেতিয়াও বুজিব নোৱাৰিলোহঁতেন| মই সঁচাকৈ সুখী অনুভৱক পায়|

মানুহে কয় পুৰুষৰ পুৰুষ হোৱাটোৱেই অহংকাৰ| কিন্তু অনুভৱে কয় কি হ’ব অহংকাৰ কৰি যদি মই কাৰো আধাৰ হ’ব নোৱাৰোঁ? কাকো ভৰসা দিব নোৱাৰোঁ? কাৰোবাৰ মনত প্ৰেম আৰু আস্থাৰ সেই ভাব জগাই তুলিব নোৱাৰোঁ যিয়ে আনৰ মনত নিৰাপত্তাবোধ আনি দিব নোৱাৰে? আৰু বহুত কিবাই কয় অনুভৱে| তই আহিলে মুখামুখিকৈ বহি ভালকৈ সকলো কথা পাতিম দে|

তই চাকৰি কৰাৰ কথা সুধিছিলি নহয়| এতিয়াও মই সেই বিষয়ে একো নাই ভবা| এই সম্পৰ্কত অনুভৱে মোক সম্পূৰ্ণ স্বাধীনতা দিছে| আচলতে এই স্বাধীনতা শব্দটোও বৰ আচহুৱা চাগে| যেতিয়াই অধিকাৰৰ প্ৰসংগ আহে তেতিয়াই চাগে স্বাধীনতায়ো ভুমুকি মাৰে| তইতো জানই, মই সৰু চহৰৰ ছোৱালী| বিয়াৰ পাছত এই কংক্ৰিতৰ নগৰীত ভৰি দি গুৰি পৰুৱাৰ দৰে লানি নিছিগা মানুহৰ সোঁত দেখি স্তম্ভিত হৈ গৈছিলো মই| যন্ত্ৰৰ দৰে সকলোৱে মাথোঁ জীৱিকা অৰ্জনত ব্যস্ত| ইয়াত মই উশাহ লবও নোৱাৰিম বুলি ভাবিছিলো|  তেতিয়াও মোক অনুভৱেই সকাহ দিলে| ধন-সম্পত্তি টকা-পইচাই মানুহক আভিজাত্য নিদিয়ে| যি আভিজাত্যই মানুহৰ মনৰ আন্ধাৰখিনিকে নাশিব নোৱাৰে তেনে ভুৱা আভিজাত্যৰ কোনো মূল্য নাই| থাকিল আত্মনিৰ্ভশীলতাৰ কথা| মোৰ শিক্ষাগত অৰ্হতাৰে ইয়াতো এটা ভাল চাকৰি হয়তো পাম| অলপ সন্তুষ্টিও পাম চাগে তাৰ পৰা| কিন্তু তাৰবাবে মই কিজানি আৰু বহুত অসন্তুষ্টিক স্বীকাৰ কৰিব লগা হ’ব পাৰে| সেইয়া মই বিচৰা নাই| মোৰ মানুহজনে মোক আবৰি ৰাখিব পাৰিছে| তাৰ বিনিময়ত ময়ো তেওঁক হিয়া উবুৰিয়াই মৰম দিব খোজোঁ| আশ্বাস দিব খোজোঁ| দুয়ো মিলি এখন সুখৰ সংসাৰ গঢ়িব খোজোঁ| তোক আন এটা কথাহে ক’ব খুজিছোঁ|

সিদিনা এগৰাকী মহিলাক লগ পালো| একমাত্ৰ পুত্ৰক হেৰুৱাই জঠৰ হৈ পৰিছিল তেওঁ| কিন্তু পতিৰ মৰম আৰু যত্নত সুস্থ হৈ উঠিল তেওঁ| এতিয়া স্বামী-স্ত্ৰী দুয়ো মিলি কেইজনমান শুভাকাংক্ষীৰ সহযোগত তেওঁলোকে এটা এন.জি.অ’ খুলিছে| যাৰ লক্ষ দুৰ্দশাগ্ৰস্ত মানুহক সহায় কৰা আৰু অনাথ শিশুসকলক প্ৰতিপালন কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যতৰ নিৰাপত্তা দিয়া| তাৰবাবে তেওঁলোকে বহুতো কাৰ্যসূচী হাতত লৈছে| কিছু সংখ্যক ৰূপায়নো কৰিছে| তাতেই লগ পাইছিলো আন এগৰাকী মহিলাক যি নিজে নি:শেষ হৈয়ো দুটা সন্তানক জীৱন দিলে| কিন্তু খুটি খাব পৰা হওঁতেই সেই সন্তানেই তেওঁলৈ পিঠি দিলে| মাতৃৰ  মৰমে প্ৰতিদান নিবিচাৰে| কিন্তু সন্তান হিচাপে মাতৃক এবাৰ অন্তৰেৰে ধন্যবাদ দিয়াতো উচিত বুলি ভাবোঁ| ভাবিব নোৱাৰিবি মেঘালী সেই মহিলাৰ বুকুত আজিও কি ধুমুহা চলে যি নিজৰ সন্তানৰ পৰাও উপেক্ষিত হৈ ৰয়! তথাপি মাতৃৰ হৃদয়ে সন্তানৰ মংগলেই কামনা কৰে| তেওঁৰ ৰিক্ততা মই মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ| কাইলৈ মই মাতৃ হ’ম নে নহ’ম নাজানো, কিন্তু এওঁলোকক পায় মোৰ মানুহৰ মাজত হেৰায় যাবলৈ মন গৈছে| মানুহ হৈ মানুহৰ কাষত থিয় দিবৰ মন গৈছে| দহমাহ দহদিন গৰ্ভত ৰাখি এটা সন্তান জন্ম দিয়াৰ সুখ মোৰো কাম্য| তথাপি এই কেও-কিছু নোহোৱা কনমানিহঁতক বুকুত সুমুৱাই মৰম কৰিবলৈ বৰ মন গৈছে| মই সিন্ধান্ত লৈছোঁ ময়ো এওঁলোকৰ সৈতে কাম কৰিম| অনুভৱেও মোক উত্‍সাহ দিছে| মোৰ চিনাকী আকাশখন হেৰাই গ’ল বুলি বৰ ভয় খাইছিলো কিন্তু আকাশ এখনেই---বৰ বিশাল| মাত্ৰ ওপৰলৈ মূৰ তুলি চাব লাগে আৰু অনুভৱ কৰিব লাগে তাৰ বিশালতা|

দম্ভ থাকিলেও পুৰুষৰো আচলতে ভয় আছে বুজিছ| নিশ্চিন্ন হৈ যোৱাৰ ভয়| শিপা হেৰুৱাৰ ভয়| অস্তিত্বহীনতাত ভোগাৰ ভয়| সেয়ে ছলে-বলে-কৌশলে যেনেকৈয়ে নহওক নিজক ঢাকি ৰাখে আৰু তাকে কৰিবলৈ আনক দমন কৰে| তেওঁলোকে ভাবি নাচায় যে অহংকাৰ কৰিবলৈ, মূৰ দাঙি থিব দিবলৈ ভৰিৰ তলত মাটিও আমিয়ে দিছো| সকলো পুৰুষ যদি অনুভৱৰ দৰে হ’লহেঁতেন কোনো নাৰীবাদৰ অবতাৰণাই নহ’লহেঁতেন চাগে! অধিকাৰ-সম-অধিকাৰৰ প্ৰশ্নই নুঠিলহেঁতেন চাগে| অধিকাৰৰ প্ৰসংগই ক’ত গা কৰি উঠে? য’ত শাসনৰ প্ৰশ্ন থাকে, দমনৰ নীতি থাকে| অন্যায়-অবিচাৰৰ কথা থাকে| অনুভৱে কোনোদিনে কোনোকথাৰ বাবে মোক জোৰ কৰা নাই, কোনো দাবী তোলা নাই| অধিকাৰ খটুওৱাৰতো প্ৰশ্নই নুঠে| কিন্তু অনুভৱৰ মাতত-কথাত, ব্যৱহাৰত-দুচকুত মোৰ প্ৰতি এনে এক আকুলতা ফুটি উঠা দেখো যিয়ে মোক বান্ধি ৰাখিছে| হিয়াৰ অটল তলিলৈকে সিঁচি দিছে বিশ্বাসৰ সেই অমিয়া সুবাস যাৰ সুবাসেৰে আন্দোলিত মোৰ হৃদয়| কিজানি ইয়াৰ নামেই প্ৰেম-ভালপোৱা-আস্থা|

আচলতে কি জান মেঘালী, জীৱনক বিচাৰি যাবলৈ, চুই চাবলৈ, আপোন কৰি লবলৈ অনেক পথ খোলা আছে| মাত্ৰ সেই পথৰ সন্ধান লাগে| তাৰ বাবে অম্বেষন লাগে| অলপ সঁচা অনুভূতি লাগে| মই জানো তইয়ো এটা শুদ্ধ পথ বিচাৰি উলিয়াই নিজৰ বাবে সুখৰ সন্ধান কৰিবি| নাই নাই বুলিও বহুত দীঘল হ’ল চিঠিখন| আজিলৈ সামৰো দে| তই সোনকালেই আহিবি| আৰু বহুত কথা আছে তোক ক’বলই| মই বাট চাই থাকিম তোলৈ| হাঁহিবোৰ বিচাৰি ল’বি দেই...

তোৰ অনু|


************************************************************************

 মৰমৰ অনু,

.....মৰম ল’বা| ভালে আছানে বাৰু? আশা কৰিছো অসুস্থতাৰ পৰা ক্ৰমে সুস্থতালৈ গতি কৰিছা বুলি| কামনা কৰোঁও তাকেই! মই ঠিকে আছো| এটা কথা কওঁ? তুমি কথা ক’লে মোৰ বৰ ভাল লাগে| ইমান আন্তৰিকতাৰে ইমান আগ্ৰহেৰে মিঠাকৈ কথা কোৱা তুমি শুনিলেই মনটো শাঁত পৰি যায় সঁচাই| মই হাজাৰ চেষ্টা কৰিলেও তোমাৰ দৰে কোমলকৈ মাতিব নোৱাৰোঁ| বুকুত অনুভৱ থাকিলেও তাক তোমাৰ দৰে আলফুলে তুলি ধৰিব নোৱাৰোঁ| জীৱনক গ্ৰাস কৰিব খোজা হেঙাৰবোৰ প্ৰতিৰোধ কৰোঁতে কৰোঁতে নিজেই যে কেতিয়া কঠোৰ হৈ পৰিলো গমেই নাপালো| কিন্তু বিশ্বাস কৰা ময়ো মানুহক ভালপাব খোজো!
....এনেয়ে মনত পৰি গ’ল তোমালে’| আলপিন্‌ এটা লৈ খেলি আছিলো| অকস্মাত্‌ আঙুলিত বিন্ধি তেজ এটোপাল বিৰিঙি উঠিল| তেজটোপাললৈ থৰ লাগি চালো| অলপ পনীয়া হ’লেও কিন্তু ৰঙাই তাৰ বৰণ| তেজৰ ৰং কিয় ৰঙা হয়নো? তেজত বগা-ৰঙা দুয়োবিধ ৰক্ত-কণিকাইতো থাকে| তথাপি তেজৰ ৰং ৰঙা| এইয়া তাৰ ধৰ্ম ন’? এই তেজেই নিৰবিচ্ছিন্নভাৱে বৈ থাকে শৰীৰত| তেজৰ অভাৱ হ’লেই শুকাই আহে জীৱনী-শক্তি| অথচ তেজক শৰীৰত ধাৰণ কৰিও কিয় মানুহে মানুহৰ ধৰ্ম ৰক্ষা কৰিব নোৱাৰেনো? এই যে বিশ্বাসভংগৰ বেদনাই ছানি পেলায় হৃদয়, কিয় এনে হয়? কিয় বৰ্ণিল সময়বোৰ দুঃসহ হৈ উঠে? তুমি কৈছা আনৰ পৰা বিশ্বাস আশা কৰাতকৈ আমি নিজে বিশ্বাসী হৈ নাথাকোনো কিয়? অলপ খোকোজা লাগিছে তোমাৰ কথাষাৰত| তুমি কাৰ ওচৰত বিশ্বাসী হৈ থাকিবলৈ কৈছা? নিজৰ ওচৰত নে আনৰ ওচৰত? নিজকতো তুমি জানা| চিনি পোৱা| বুজা ভালকৈ| তেনেক্ষেত্ৰত নিজৰ প্ৰতি অবিশ্বাসী হোৱাৰ কথা নাহে নিশ্চয়| থাকিল আনৰ কথা| আনৰ ওচৰত তোমাৰ বিশ্বাস বৰ্তি থাকিবলৈকে তোমাক অলপ বিশ্বাস নালাগিব জানো? মই ঠিক বুজাব পৰা নাই তোমাক| ধৰি লোৱা এডাল কেঁচা বাঁহ| তাৰে তুমি মন কৰিলেই পাচি, খৰাহী, ডলা, চালনী আদি সাজিব পাৰা| টঙাল চাঁচি টোম সাজিব পাৰা| মুঢ়া সাজিব পাৰা| চকী-বিচনা যি মন যায় তাকে সাজিব পাৰা| তাৰবাবে লাগে মাথোঁ একাগ্ৰতা আৰু অনুশীলন| কিন্তু এইখিনি কৰিবলৈকে বাঁহখিনি কেঁচা হৈ থাকিব লাগিব| হয়তোবা কিছু কুমলীয়াও হ’ব লাগিব| বাঁহ পূৰঠ হ’লেও ঘৰৰ খুঁটা কৰিব পাৰি| জেওৰা দিব পাৰি| চকোৱা সাজি বেৰা দিব পাৰি| খেৰ বা বেতৰ সহায় লৈ আটোমটোকাৰীকৈ বাঁহৰ এটা ঘৰেই সাজিব পাৰি| য’ত আশ্ৰয় লৈ নিৰাপদে ৰ’দ-বতাহ-বৰষুণৰ পৰা নিস্তাৰ পাব পাৰি| মুঠৰ ওপৰত কেঁচা হৈ থকালৈকে বাঁহডালৰ ব্যৱহাৰ অপৰিসীম| কিন্তু শুকাই গ’লে বাঁহডালেৰে মাত্ৰ জুই ধৰিব পাৰি| তাকো লাগনী খৰিৰহে কাম কৰে বাঁহডালে| আৰু এই লাগনী খৰিডাল হোৱাতেই মোৰ আপত্তি অনু| জ্বলি ছাঁই হৈ যোৱাৰ উন্মাদনাই মোক আতুৰ কৰি নোতোলে| মোক কেঁচা বাঁহৰ দৰেই ব্যৱহাৰ কৰক, কাটি-কুটি মোক সৃষ্টি কৰ্মত লগাওক, মোৰ পৰাই আনৰ ব্যৱহাৰপোযোগী আচবাব তৈয়াৰ কৰক, শিল্পৰ ৰূপ দিয়ক....মই সুখী হম| কিন্তু শিপাৰ পৰা কাটি নি বাৰীৰ এচুকত পেলাই থৈ দিয়ক অদৰকাৰীভাৱে আৰু এদিন উঁৱলি যাব খোজা মোৰ জীৰ্ণ টুকুৰাবোৰ নি জুইত জাপি দিয়ক সেইয়া সহ্য কৰিব নোৱাৰাকৈ কষ্টকৰ মোৰ বাবে| তোমাক কিবা বুজাব পাৰিছোনে বাৰু অনু? কি কৈছো ক’ব নোৱাৰোঁ| এইখিনিতে মনলৈ আৰু এটা কথা আহিছে- এই যে স্ত্ৰী জাতিৰ গৰ্ভধাৰণ; ই এক সৃষ্টিকৰ্মক প্ৰতিনিধিত্ব নকৰে জানো? নৱ-প্ৰজন্মক আগবঢ়াই নিবলৈকে গৰ্ভসঞ্চাৰ হোৱাটো নিতান্তই জৰুৰী| কিন্তু এই গৰ্ভধাৰণ; ইয়াৰো কিছু বিশেষ স্তৰ বা বৈশিষ্ট্য নাই নে? কেৱল কি এটা শুক্ৰাণুৱে এটা ডিম্বাণুক নিষিক্ত কৰিলেই যথেষ্ঠ? বাকী গৰ্ভধাৰণৰ পৰা সন্তান ভূমিস্থ হোৱালৈ সুদীৰ্ঘ সময়চোৱাক বিশ্লেষণ নকৰিলোৱে যেনিবা! মানৱ প্ৰজাতিৰ সন্তানে ভূমিস্থ হৈ নিজে নিজে জীৱনৰ অগ্ৰগতি লাভ কৰি কৰিব নোৱাৰে| পদে পদে জীৱনৰ জয়গান গাবলৈ মানৱক সহায় কিম্বা সাৰথি লাগে| প্ৰকৃতি জগতলৈ চোৱা দেখিবা মানুহতকৈ দুৰ্বল প্ৰাণী নাই চাগে! কিন্তু মানুহে এই দুৰ্বলতাক জয় কৰিছে নিজৰ চাতুৰ্য্যতা, পটুতা আৰু নিজৰ বুদ্ধিমত্তাৰে| সেয়ে মানুহ জীৱশ্ৰেষ্ঠ| কিন্তু এই শ্ৰেষ্ঠতাই যদি জীৱন ধ্বংসৰ কাৰণ হয় তাক স্বীকাৰ কৰিব পাৰি জানো? খং-ৰাগ, দ্বিধা-দ্বন্দ, আশ্বাস-আস্থা, বিশ্বাস-ভৰসা, উদ্বেগ-উন্মাদনা.... এইবোৰ আছে, থাকে, থাকিবই| সেইবুলি কি জঁয় পৰি যাব পাৰি? সেউজীয়া পাতবোৰ হালধীয়া হৈ সৰি পৰি গছডাল লঠঙা হৈ পৰিল বুলিয়েই গছডাল কাটি পেলোৱাক নিৰ্বিবাদে মানি ল’ব পাৰি জানো? গছ থাকিলেইতো পৃথিৱী থাকিব| পৃথিৱী থাকিলেই সেউজীয়া থাকিব| সেউজীয়া থাকিলেই জীৱন থাকিব| নহ’লে সকলো ছাৰখাৰ হ’ব| চাবলৈ গ’লে তেনেই সাধাৰণ| কিন্তু সাধাৰণ কথাবোৰেই কেতিয়াবা অসাধাৰণ হৈ ধৰা দিয়ে| সূৰ্য্যৰ ৰ’দে তাপ দিয়ে, পোহৰ দিয়ে ঠিকেই; এই ৰ’দেই যেতিয়া খৰাঙৰ কাৰণ হৈ উঠে তেতিয়া জীৱন বিপদাপন্ন হৈ উঠে| জীৱন অংকুৰিত হ’বলৈকে ৰ’দ-পানী-বতাহৰ সন্তুলনৰ লগতে এচিকুট মাটিও লাগে| ইয়াক কি কয়? আধাৰ নে অৱলম্বন নে উত্তৰণ? এইয়া পাৰস্পৰিক সহযোগিতা নে প্ৰতিনিৰ্ভশীলতা নে জীৱনমুখীতা!! পোতাশালত কৃষ্ণ উপজিছিল বুলি যশোদাৰ পুত্ৰ হোৱাৰ সৌভাগ্য সকলোৰে নাথাকে অনু! ৰত্নাকৰ বাল্মিকী হোৱাৰ অৱকাশো সকলোৱে নাপায়| সকলোৰে বাবে আকাশ এখনেই| কিন্তু এই আকাশেই কেতিয়াবা কাৰোবাৰ জীৱনলৈ বজ্ৰপাত কঢ়িয়াই আনে| অপঘাত মৃত্যুৰ বাহক হোৱাতকৈ স্বাভাৱিক গতিশীলতাই যদি জীৱন জুৰাই থাকে তাত ক্ষতি কি? সতেজতাক মষিমূৰ কৰাতেই বা লাভ কি? সহনশীলতাক সহজ হৈ থাকিবলৈ দিয়াটোৱেই সকলোৰে বাবে গ্ৰহনযোগ্য নহয় নে? জীৱন দিব নোৱাৰোঁ যদি জীৱন লোৱাৰ অধিকাৰো মোৰ নাই| প্ৰতিশোধ-প্ৰত্যাহ্বান-প্ৰাপ্তি-প্ৰতিদানৰ কাহিনী নহয় সাময়িক পৰিঘটনা এইবোৰ| আওৰাব পাৰি, আওকাণ কৰিবলৈহে টান হৈ পৰে কেতিয়াবা| কোনোবাটো মুহূৰ্তত এইবোৰেই শালি পেলাই হিয়াৰ কঠীয়াতলি| থাওক দিয়া| আগগুৰি নোহোৱা কথাবোৰকেই ভাবি থাকো দিন-ৰাতি| কৈ থাকিলে আৰু বহুত কিবাকিবি ওলাই থাকিব| আজিলৈ সামৰো অনু| আকৌ কেতিয়াবা মৌনতা ভগাম তোমাৰ সৈতে| তেতিয়ালৈ আহোঁ| ভালে থাকিবা| শৰীৰৰ যত্ন ল’বা| সময়মতে ঔষধ খাবা| সকলোলৈকে মৰম আৰু সম্ভাষণ জনাই.....

*জয়া*
০৩.১২.২০১৩.

***************************************************************************************************  

 ৰমৰ......                                  
            জিন্তি...                                   
                        মৰম লবি| ভালে আছ চাগে| চিঠিখন পাই তই চাগে আচৰিতে হবি| মোৰো কিবা লাগিছে লিখিবলৈ লৈ| এনেই লিখিলো| নহয় এনেই ঠিক নহয়| আচলতে মনটো বৰ ভাল লাগিছে জান’| বহুত দিনৰ পাছ্ত নহয় বহুত বছৰৰ পাছ্ত স‌‌চাঁই মনটো ভাল লাগিছে| এই ভাল লগাখিনি ভগাবলৈ কিয় জানো তোলৈকে মনত পৰিল! তোক মেছেজ বা ক’ল কৰিব পাৰিলো হয় কিন্তু মন নগ’ল| আৰু তোক ক’বলৈ লৈ মই আনন্দখিনি আকৌ এবাৰ উপভোগ কৰাৰ লোভ সামৰিব নোৱাৰিলো|
                        ইহঁতবোৰ শুলে| তয়ো শুলি কিজানি ইমান সময়ে| শুলেও তোৰ টোপনি নাই অহা মই জানো| তপন দা নোহোৱা হোৱাৰ পৰা তই এনেই বিচনাত পৰি থাক আকাশ পাতাল ভাবি| ভাবি একো পাৰ নাপাৱ তথাপি ভাব| জান্তু থাকোতে মনত অলপ বল পাইছিলি| কিন্তু সি গুৱাহাটীত পঢ়িবলৈ যোৱাৰ পৰা তই আকৌ অকলশৰীয়া হলি| তোলৈ মনত পৰিলে মই মনে মনে অলপ অপৰাধবোধত ভোগো| তপনদাৰ এক্সিডেণ্ট হোৱাৰ পাছ্ত ১৭-১৮ দিন আদিত্যত পৰি থাকিল মই গমেই নাপালো| অথচ মই তাৰ মাজতে আদিত্যতে মোৰ নিজৰ বেমাৰ দেখুৱাই আহিলো| জানুৱাৰীৰ এক তাৰিখেই তপনদা নোহোৱা হোৱাৰ খবৰটোও মই দুদিন পাছ্তহে পাওঁ| ইমানেই ব্যস্ত অফিচ আৰু ঘৰ লৈ| যিদিনা তপনদাৰ খবৰটো পাইছিলো অফিচত চকীৰ পৰা মই জাঁপ মাৰি উঠিছিলো| লগে লগেই এওঁলে’ ফোন কৰি গাড়ীখন লৈ আহিবলৈ কৈছিলো| মোৰ তাৰ পৰা তোৰ তালৈ মাত্ৰ এঘ্ণ্টাৰ বাট অথচ তই মোৰ খবৰ নাজান আৰু মই তোৰ খবৰ নাজানো| মোক দেখি তই কান্দিবলৈ পাহৰিছিলি| মোক সমুখত বহুৱাই তই এটা এটাকৈ কৈ  গৈছিলি কেনেকৈ তপনদাই স্কুল বন্ধ বুলি নিজেই ড্ৰাইভ কৰি তহঁতৰ লগত একেলগে ভাৰাঘৰত থকা মানুহ্ঘৰক ডিব্ৰুগড়ত থবলৈ গৈছিল| ওভতি আহোঁতে বৰহাপজানত গাড়ীখন এক্সিডেণ্ট হ’ল| খবৰ পাই তই আৰু দীপদাই কেনেকৈ ধপলিয়াই গৈছিলি তিনিচুকীয়ালৈ| তহঁত গৈ পোৱাৰ আগতেই কেনেকৈ আন মানুহে 108 মাতি তপনদাক তিনিচুকীয়াৰ গোপীনাথ বৰদলৈ অসামৰিক হাস্পিতাললৈ লৈ গৈছিল | তাত প্ৰাথমিক চিকিত্‌সাখিনি দিয়েই কেনেকৈ আদিত্যলৈ লৈ গৈছিলি| ICU ত ভৰ্তি কৰাৰ পাছত তহঁতে উশাহ নোলোৱাকৈ সময়্খিনি পাৰ কৰিছিলি| লাহে লাহে অলপ ভালৰ ফালে অহা তপনদাক বাহিৰলৈ নিম বুলিও নিব নোৱাৰিলি ডাক্তৰৰ লগত কিবা কথা নিমিলা দেখি | ১ জানুৱাৰীৰ দিনা তপনদাই অলপ হাঁহিছিল| তোক আৰু জান্তুক ইঙ্গিতেৰে কিবা কৈছিল| আবেলি তই তপনদালৈ বুলি চুপখিনি খৰধৰকৈ তৈয়াৰ কৰিছিলিহে ইন্টাৰকমত ক’ল আহিল তোক মাতিছে ICU লৈ| তই গৈ নাপালিগৈ| কপাল উকা কৰি তেতিয়ালৈ তপনদাই বিদায় ল’লে| মৃত্যু কি ইমান সহজ! ক’পালখন দেখুৱাই তই মোক সুধিছিলি “চাচোন মোৰ ক’পালত ক’ৰবাত লিখা আছিল নেকি বিধবা হ’বলৈ”? মোৰ বৈ যোৱা দুটোপাল চকুলোৱে তোৰ চকুলৈ বান নমাই আনিছিল| তোৰ চকুলোৰ বানত উটি যোৱাৰ বাদে একো কৰিব নোৱাৰি অসহায় ভাবে মই মাথো তোক সাৱটি আছিলো| আজিও তোৰ প্ৰশ্নটোৱে মোক খুন্দা মাৰে! তোৰ দৰে আজলীজনীয়ে কিয় এই যাতনা পালি? তইতো কেতিয়াও কাৰো অপকাৰ কৰা নাছিলি!

            মোৰ বেছিভাগ কথা তই জানই দেখোন| একেখন ঘৰতে ডাঙৰ হৈয়ো কেনেকৈ মই মা দেউতাৰ বাকী সন্তানকেইটাৰ দৰে নহ’লো| অলপ জেদী অলপ বেছি অভিমানী অলপ খঙাল হ’লো| কৰিব খোজাটো নকৰি ইচ্ছাৰ বিৰুদ্ধে গৈ আনে কৰিবলৈ বাধা দিয়াটো কৰো| কিবা এটা কৰো বুলি এবাৰ সিদ্ধ্বান্ত ল’লে তাক নকৰাকৈ নেৰো লাগে তাত মোৰ অনিষ্টই হওক| বহুত ভুল কৰিছো জীৱনত এনেকৈ| কিন্তু তাৰ বাবে কোনোদিনে আক্ষেপ কৰি নাই পোৱা| ভুল কৰি উঠি তাক লগে লগে উপলব্ধি কৰো যদি তাৰ শুধৰণিও কৰিছো| জানি শুনি আনৰ অন্যায় কৰাৰ অভিপ্ৰায় মোৰ কেতিয়াও নাছিল| আজিও নাই| কাহানিও শুধৰাব নোৱাৰা ভুল এটাই মাত্ৰ কৰিলো জীৱনত বিয়া হৈ| বিয়া নামৰ বান্ধোনটো মোৰ দৰে অঘৰী মনৰ মানুহৰ বাবে নহয় কিজানি! তল পৰিব নোৱাৰা আপোচ কৰিব নোৱাৰা মোৰ এই জেদী মনটোৰে ঘৰ পাতি খাব পাৰিম বুলি মোৰ নিজৰে সন্দেহ আছিল যদিও বিয়াত বহিলো| ভাবিছিলো অলপ এৰা ধৰা অলপ বুজা পৰা কৰিব পাৰিলেই এই বিয়া নামৰ ষ্টেচন নোহোৱা ৰে’লখন চলাই নিব পাৰিম| সিমানখিনি বিশ্বাস আছিল মোৰ নিজৰ ওপৰত| কিন্তু ক’ত জানো ভুল হ’ল! নোৱাৰিলো দেখোন সাজিব ঘৰখন মনে ভবা ধৰণে! ইয়াৰ বাবে জানো অকল ময়ে দায়ী! এই প্ৰশ্নটো মনলৈ আহিলেই সৰুৰে পৰা পাই অহা অন্তহীন অৱ্হেলাবোৰে মোক আগুৰি ধৰে| মানুহে কয় মাকৰ মৰমত পাৰ্থক্য নাথাকে| নাথাকেও চাগে! কিন্তু কিয় জানো মোৰ আজিও ভাব হয় আমাৰ চাৰিটা ল’ৰা ছোৱালীৰ মাজত মায়ে আটাইতকৈ বেছি মোক অৱহেলা কৰিলে| মোৰ খবৰ নাৰাখিলে| মোৰ যত্ন নল’লে| আজিকালি অবশ্যে কাকো জগৰীয়া নকৰো| কাৰো ওচৰত অভিযোগো নকৰো| মোৰ মনটো মোৰ অনুভৱবোৰ কোনেও নুবুজে| সেয়ে আনৰ আগত মনৰ কথা কৈ নিজক আৰু লঘু নকৰো|
একো সা সুবিধা নোপোৱাকৈয়ে সৰুৰে পৰা অভাৱৰ মাজতে ডাঙৰ হ’লো| স্কুল কলেজৰ লাইব্ৰেৰীৰ পৰা কিতাপ আনি পঢ়িয়েই ডিগ্ৰী পাছ কৰিলো| পুৱা গধূলি ঘৰত আনৰ ল’ৰা ছোৱালীক টিউচন কৰি মই মোৰ খৰচ উলিয়াওঁ| দেউতাৰ পেঞ্চনৰ টকাকেইটাৰে ঘৰখনত খাবলৈকে নোজোৰে| মোক টিউচন দিব ক’ৰপৰা? ডিগ্ৰীৰ শেষৰ বছৰত মই বয়জ্‌ হোষ্টলত বৰুৱা ছাৰৰ ৰুমলৈ গৈ বহুতদিন ২-৩ ঘণ্টা বহি অকলে অকলে ন’ট লিখিছিলো| কাৰ কাৰ কি কি কমেণ্ট যে নুশুনিলো! মোৰ একাণেদি সোমায় একাণেদি ওলায় যায় সেইবোৰ| মোৰ মুখৰ আগত হ’লে কোনেও নকয় একো| কৈ কাণতলীয়া চৰ এটা খাই লাজত পৰিবলৈ সিহঁতৰ সাহে নুকুলায়| ডিগ্ৰী পাছ কৰাৰ পাছত চাকৰিটো পোৱালৈকে তাৰ পাছৰ ৩বছৰৰ কথা তই ভালকৈ নাজান| তোৰ বিয়া হৈ গৈছিল তেতিয়া| নতুন সংসাৰক লৈ তই ভয়ানক ব্যস্ত| জান্তুৰ জন্মৰ পাছতেই তয়ে ময়ে কিজানি শেষবাৰৰ বাবে বহি ভালকৈ কথা পাতিছিলো| তাৰপাছতেই আমি আমাৰ যোগসুত্ৰ হেৰুৱাইছিলো| চাকৰি পোৱাৰ পাছতেই বিয়াৰ বন্দবস্ত হোৱাত চাকৰি কৰাৰ আচল সোৱাদ মই নাপালো| তয়ো বোধকৰো নাজান পলৰ লগত থকা মধুৰ সম্পৰ্কটো ভাঙি দিয়াৰ পাছত মই কিয় বিয়াত বহাৰ সিদ্ধ্বান্তটো লৈছিলো| এটা ভুলক প্ৰমাণ কৰিবলৈ গৈ আৰু এটা ভুল কৰিলো| মই পলক কিমান ভাল পাইছিলো আনে নাজানিলেও তইতো জানিছিলি| তাৰ কাৰণে কি কৰা নাছিলো মই? প্ৰতি মুহুৰ্ততে ছাঁ হৈ তাৰ লগত আছিলো| কিন্তু সিয়ে যেতিয়া একো নজনাকৈ মোক একো নোসোধাকৈ যোগেনৰ আগত মোৰ বিষয়ে বেয়াকৈ কৈছিল শুনি মই থৰ লাগিছিলো| পাৰ হৈ যোৱা ৩বছৰৰ বিশ্বাস আৰু ভালপোৱাৰ ভেটিটো তাচপাতৰ দৰেই খহি পৰিছিল| মই হেনো যাৰে তাৰে লগত ৰিক্সাত উঠি ঘুৰি ফুৰোঁ, চিনেমা চাওঁ| লাজ পাইছিলো মই যোগেনৰ আগত| যোগেনক মই সেইদিনা ন’কলো যে যাৰে তাৰে লগত নহয় মোৰ আত্মীয় মানুহৰ লগতহে মই চিনেমা চাবলৈ গৈছিলো| মোৰ বা’ ভণ্টী গোটেইবোৰ আছিল লগত| ঘৰৰ মানুহকেইজনৰ বাহিৰে পলেতো বাকী আত্মীয়বোৰ চিনি নেপায়| সি যদি মোক দেখিছিল তেন্তে মোক মাতি একো নুসুধিলে কিয়? বচ্‌ মই লৈ লৈছিলো মোৰ সিদ্ধ্বান্ত| শেষবাৰৰ বাবে সি আমাৰ ঘৰলৈ আহোঁতে কৈ দিছিলো তাক কলিজা কাটি তাৰ হাতত দিছিলো ঠিকেই কিন্তু ইয়াৰ মানে এইটো নহয় যে মই মোৰ আত্মা  বন্ধকত থৈছো| নাহিবা আৰু মোক বিচাৰি| মাটিৰ পুতলা নহয় মই| আত্মসন্মান আছে মোৰ| ভালপোৱা মোৰ দুৰ্বলতা নহয়| সন্মান দিব নোৱাৰা যদি অপমানো নকৰিবা| মোক অপমান কৰাৰ অধিকাৰ মই কাকো নাইদিয়া| ওৰে নিশা আমি দুয়ো কান্দিছিলো| সেইদিনাই নিৰ্মমভাবে বুজি উঠিছিলো মোৰ কিমান ভিতৰলৈ শিপাই আছে সি| কিন্তু মই নিৰূপায় আছিলো| অবিশ্বাস আৰু ভালপোৱাৰ সহবাস মোৰ বাবে অসম্ভৱ| ঘৰত কৈছিলো বিয়া হম বুলি| শুনি মায়ে সন্তোষৰ হাঁহি মাৰিছিল| কাৰণ মোক বিয়া দিয়াটো মাৰ মূৰৰ বিষৰ কাৰণ আছিল| মই বিহাৰত ট্ৰেইনিং কৰি থাকোতেই মোৰ বিয়াৰ তাৰিখ ঠিক হৈছিল| ৬শাওন| দৰাঘৰৰ পৰা ভাবিছিল আঘোণমানত পাতিব বিয়াখন| কিন্তু মই ঘৰত কৈ দিছিলো সিমান দেৰিলৈ ৰৈ থাকোতে যদি মোৰ বিয়া হ’বৰ মন নাযায় তাৰ বাবে যেন মোক কোনেও নোদোষে| মাহঁতে আৰু দেৰি কৰা নাছিল| পাগলীজনীয়ে কি কৰে ঠিক নাই বুলি ৬শাওনতে বিয়া হৈ গৈছিল মোৰ| পল অহা নাছিল বিয়া খাবলৈ| বাকী বিজয়, জিন্তু, ৰাজীৱ, মমী, গীতা, সঞ্জীৱ ইহঁত সকলো আহিছিল|
চাকৰি নতুন| বিয়াও হৈছো নতুনকৈ| অলপ ৰং লাগিছিল মনত| পাতল পাতল লাগিছিল মূৰটো| দিনবোৰ গৈ থাকিল| মানুহজন নতুন| ওচৰ পাজৰৰ পৰিবেশ নতুন| ইটো সিটো এৰা ধৰা কৰি মনে মনে ভাবি থাকিলো এনেকৈয়ে সংসাৰ আৰম্ভ হয় চাগে| মানুহজনৰ লগত মোৰ কথা বতৰা চিন্তা ভাবনা খোৱা বোৱা ৰুচিবোধ একোৱে নিমিলে| নজনাক জনাৰ নোপোৱাক পোৱাৰ কোনো হেঁপাহ নাই তেওঁৰ| কিবা পালে ভাল, নাপালেও আপত্তি নাই| সংসাৰ সম্পৰ্কে কোনো ধাৰণা নাই| কৌতুহলো নাই| চলি আছে, চলি থাকিব তেওঁৰ ভাব| মই বিবুধিত পৰিলো| এনেকৈ হ’লেতো জীৱন নচলিব| চৰাইৰ পোৱালিক টোপ খোৱাদি আবৰি আনিব খুজিলো তেওঁক| হাতত ধৰি শিকালো জীৱনৰ আদি পাঠ| প্ৰেম কি, মৰম কি, সংসাৰ কি, সংসাৰৰ দায়িত্ব কি, মোক কি লাগে, মই তেওঁক কি দিব খোজো, কেনেকৈ আহিব ধৰা দিনবোৰ সুখৰ কৰোঁ মোৰ উত্‌কন্ঠাৰ শেষ নাই| যেনেকৈ পাৰো তেওঁক বুজাবলৈ যত্ন কৰিলো মোক এখন ঘৰ লাগে| এই ঘৰটোৰ সংজ্ঞা তোক মই অসমীয়াত দিব নোৱাৰো| ইংৰাজীত যে HOUSE  AND HOME ৰ মাজত এটা পাৰ্থক্য আছে চাবিচোন| মোক HOME  লাগে| কিন্তু মই বৰ বেয়াকৈ হাৰি গ’লো| তেওঁক বুজাবলৈ যাওঁতে দায়িত্ববোৰ লওঁতে লওঁতে এতিয়া এনেকুৱা হ’ল যে তেওঁ ভাত খাই টিভি চাই নিচিন্ত মনে শুই থাকে | ল’ৰা ছোৱালী দুটা জন্ম দিয়াতেই তেওঁৰ দায়িত্ব শেষ | মতা মানুহবোৰৰ এটা বৰ সুবিধাজনক শব্দ আছে “ব’মভোলা” | এই লেবেলটো পিঠিত আঁৰি নমৰালৈকে আৰামত দিনবোৰ পাৰ কৰিব পাৰে |
            মোৰ দুখ ক’ত তই নুবুজিবি | জীয়াই থকালৈকে তপন দাই তোক মাকে কুকুৰা পোৱালি আবৰি ৰখা দি ৰাখিছিল| বিয়াৰ আগলৈকে এখন ঘৰ চলোৱা তই বিয়াৰ পাছত ডুমডুমাৰ পৰা কাকপথাৰলৈ যাব নোৱাৰা হ’লি| তপন দাই বজাৰ কৰি আনি নিদিলে তই সন্মুখেদি যোৱা বেপাৰীটোৰ পৰা শাক পাছলিখিনিও কিনিব নোৱাৰ’| বাকী আনবোৰ কথাটো বাদেই দে| কথাটো কৈ তপন দাই হাঁহিছিল যদিও শুনি মোৰ খং উঠিছিল| আনৰ ওপৰত ইমান নিৰ্ভৰ কৰা নাযায় আৰু| কিন্তু মোৰ সংসাৰখন তোৰ দৰে নহয়| আলু পিয়াঁজৰ পৰা বেংকৰ ল’ন মৰালৈকে সকলো দায়িত্ব মোৰ| ল’ৰাক পঢ়োৱা, সিহঁতক শাসন কৰা, নিজৰ খবৰ ৰখা, মাহটোৰ খৰচৰ হিচাপ ৰখা; এইবোৰ কৰোতে কৰোতে নিজৰ কাৰণে ভাবিবলৈ সময়ে নাপাওঁ| কেতিয়াবা মেচিন যেন লাগি যায় নিজকে| কিয়নো বাচি আছো যেন লাগে| বৰ মন যায় কেতিয়াবা জোনাক নিশা বাহিৰত বহিবলৈ| কাৰোবাৰ সৈতে কথা পাতিবলৈ| নতুন একো নহ’লেও পুৰণা কথাকে পাতিলোহেঁতেন! মন যায় নদীত বেলি মাৰ যোৱা চাবলৈ| মুকলি পথাৰত খোজ কাঢ়িবলৈ| গান গাবলৈ| অভিনয় কৰি ভালপোৱা মই এতিয়া নাটক এখনো চাবলৈ নাপাওঁ| বিহুৱতী হৈ নাচি ফুৰা মই এতিয়া নাচনী এজনীও দেখিবলৈ নাপাওঁ| নাই, তেওঁ মোক একোতে বাধা নিদিয়ে| কিন্তু দুখ হওক বা সুখ হওক তাৰ এজন অংশীদাৰ নাথাকিলে অনুভৱটো আধৰুৱা হৈ ৰয়| অসুবিধাটো ক’ত জান’? উত্তাপ মানে তেওঁ বুজে শাৰীৰিক সান্নিধ্য আৰু মই বুজো হিয়াৰ উম| এটা নাৰী দেহ কেতিয়া উপভোগ্য হ্য় সেইয়া তই হয়তো ক’ব নোৱাৰিবি কাৰণ মোৰ দৰে তয়ো নাৰী| কিন্তু মোৰ এনে লাগে যেন মনৰ আনন্দখিনি হিয়াইদি নিগৰি গৈ যেতিয়া শৰীৰত শেষ হয় তেতিয়াই সুখানুভুতি সম্পুৰ্ণ হয়| তেওঁ মোক পূৰ্ণ কৰিব নোৱাৰিলে আৰু মই তেওঁতেই লীন হ’ব নোৱাৰিলো| ঘড়ীৰ পেন্দোলামটোৰ দৰে ওলমি থাকিলো| মৃত্যুলৈ বাট চাই থকাৰ বাহিৰে মোৰ বাবে এতিয়া আন একো পথ খোলা নাই!
            আজিলৈকে নুবুজিলো বিয়া মানে কি! মাত্ৰ দুটা শৰীৰ একেলগ হ’লেই কি বিয়া সম্পূৰ্ণ হয়? অথবা বংশ ৰক্ষা কৰিবলৈ সন্তান জন্ম দিবলৈকে বিয়াৰ প্ৰয়োজন নে? নে সমাজৰ নিয়ম বুলি মানিয়ে বিয়া পাতিব লাগে? নে এটা নাৰী শৰীৰ ভোগ কৰিবলৈ এজন পুৰুষক সমাজে দিয়া অধিকাৰ? সংসাৰখন চলাওঁতে পুৰুষজনতকৈ নাৰীগৰাকীয়ে বেছি ত্যাগ স্বীকাৰ কৰিব লগা হয়| তথাপিও কিয় বাৰু নাৰীগৰাকীয়ে ত্যাগৰ স্বীকৃতি নাপায়? যৌতুকত অনা বস্তুবোৰৰ দৰেই মই নিৰ্জীৱ নেকি? মোৰ ইচ্ছা অনিচ্ছা ভাল লগা বেয়া লগা নাই নেকি? বিয়া হ’লো বুলিয়ে মোৰ হাঁহি কান্দোনবোৰ বন্ধকত থ’লো নেকি? মোৰ প্ৰশ্নৰ শেষ নাই| আজিকালি একো ভাল নালাগে| একো কৰিবৰো মন নাযা | কিতাপ অৱশ্যে আগৰ দৰেই পঢ়োঁ| অলপ বেছিকৈহে পঢ়োঁ কিজানি| আধালেখা দস্তাবেজ বুকুত লৈ নুফুৰোঁ এতিয়া| তোক ক’বলৈ লৈছিলো মোৰ ভাল লগাৰ কাৰণটো| কৈ আছো এইবোৰ| তই বেয়া নাপাৱ বুলি জানো| শুন এতিয়া মোৰ আনন্দৰ কাৰণটো| সেইদিনা কি হ’ল জান’? অফিচতে এই কিতাপ পঢ়া নপঢ়ালৈয়ে কিবা কথা ওলায় আছিল| সকলোৱেই জানে মই কিতাপ বুলিলে চিটিকাত পাতিলেও লাগিম| তেনেতে ওলাল চন্দ্ৰমাৰ কবিতাৰ কথা| তাই বৰ ধুনীয়া লিখে| তাইৰ হেঁপাহতে মই ফেচবুকত একাউন্ট খুলিছিলো| তাইক সুধিলো তুমি কম্পিউটাৰত অসমীয়া কেনেকৈ লিখা? তাইয়ে ক’লে আজিকালি নেটত ঈ-মেগাজিন ওলাইছে নহয় | তাত অসমীয়াত কথা বতৰা বুলি এটা গ্ৰুপ আছে| তাত সকলোৱে অসমীয়াতে লিখে| সাহিত্য.অৰ্গ বুলি আৰু নীলা চৰাই বুলি দুখন ঈ-মেগাজিনো আছে| অফিচত থকা সময়খিনিত সুবিধা পালেই মই নেট খোলা হ’লো| ভাল লাগিল পঢ়ি পঢ়ি| কিন্তু ভাল লাগে বুলি মন্তব্য দিলে মোৰ মন্তব্যবোৰ তাত নাথাকে| নাইকিয়া হৈ যায়| কাৰণটো আকৌ চন্দ্ৰমাকে সুধিলো| তাই মোক অসমীয়াত লিখা শিকিবলৈ ক’লে| আজিকালি ইউনিক’ডত অসমীয়া লিখিব পাৰি| বিশ্ব্দৰবাৰত অসম আৰু অসমীয়াক পৰিচয় কৰি দিবলৈকে এচাম মানুহে অহৰহ চেষ্টা কৰিছে| বৰ ভাল লাগিল জান’ কথাটো জানি| নেটতে দুজনমানৰ লগত যোগাযোগ কৰি এদিন বাৰাহা নামৰ এটা software ডাউনলোদ কৰিলো| তাৰ আগতে আকৌ ঘৰৰ pc টোত নেট কানেক্ট কৰিবলৈ আক তাক সুধি ম’বাইলত নেট পেক্‌ ৰিচাৰ্জ কৰি ল’লো| আজি নিজে ঘৰতে বহি কম্পিউটাৰত যেতিয়া গোটেই অ-ফলা আৰু ক-ফলাখন লিখিব পাৰিলো মোৰ সঁচাকৈ যুদ্ধ্ব জয় কৰা যেন লাগিল| তাৰ পাছতেই সৰু কিবা এটা লিখি সেই অ.ক.ব গোটলৈ পঠিয়াই দিলো| মোৰ লিখাটো পঢ়ি বহুজনে লগে লগে মন্তব্য দিয়া দেখি মোৰ চকুপানী ওলাই গ’ল আনন্দতে| নতুনকৈ জীৱনটো ঘূৰাই পোৱা যেন লাগিল| এইখন এখন অন্য পৃথিৱী| ইয়াত একেখন মুকলি আকাশৰ তলতে সকলোৱে প্ৰাণভৰি উশাহ ল’ব পাৰে| ইয়াত জাতি ভেদ উচ্চ নীচ নাই| ইয়াত সকলো অসমীয়া| ইয়াত সকলো কেৱল মানুহ| ইয়াত সকলোৱে ঐকান্তিকভাবে মাত্ৰ এটাই সাধনা কৰে অসম আৰু অসমীয়াৰ বৈশিষ্ট্য সংৰক্ষণ কৰা আৰু তাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰা| ইয়াত কাৰো স্বাৰ্থ নাই| কোনো প্ৰতিযোগিতা নাই| তয়ো সময় পালে এবাৰ চাবিচোন ভাল লাগিব তোৰ| এইবাৰ জান্তু ঘৰলৈ আহিলে তাক কবি মই এইবোৰ কৈছো বুলি| সিও ভাল পাব| স্কুলত থকা সময়খিনিত তই ঠিকেই থাক| কিন্তু ঘৰলৈ অহাৰ পাছত যে তই ঠিকে নাথাক সেইটো সৰু হ’লেও সি বুজে| আৰ তাক নুসুধাকৈ তই যদি নিজেই মনে মনে শিকি তাক অবাক কৰি দিব খোজ তেতিয়াহ’লে মোক সুধিবি| মই শিকাই দিম| ভাবি চাবি কথাটো| মই জানো তই নিৰ্ঘাত কবি এ মই একো লিখিব চিখিব নাজানো শিকি কি কৰিম| লিখিব ময়ো নাজানো| কিন্তু আনে লিখাবোৰ পঢ়ি ভাল লাগিলে ভাল লাগিল বুলিতো ক’ব পাৰিবি! তাকে কৰিবি| সামৰো দে| ৰাতিপুৱাবৰে হ’ল| এতিয়া নুশু আৰু| গাটোকে ধুই লওঁ| আজি অফিচত গৈ টোপনি ধৰিব মোৰ| ভালে থাকিবি| মিছাতে কিবা কিবি ভাবি নাথাকিবি| নমৰালৈকে বাচি থাকিবই লাগিব যেনেকৈ হ’লেও| তই কবিতা বৰ ভাল পাৱ নহয়! এই গোটত সোমালে বহুত কবিতা পঢ়িবলৈ পাবি| মই আধুনিক কবিতা বৰকৈ নুবুজোঁ যদিও কিছুমান পঢ়ি ভাল লাগে| হৃদয় চুই যায়| এই বিষয়ে পাছত কেতিয়াবা কম দে|
                                                        ইতি
                                                      তোৰ জয়া
বৰদলৈ নগৰ, তিনিচুকীয়া
১১.০২.২০১২




No comments:

Post a Comment