প্ৰবন্ধ

ওমলা ঘৰৰ কথা.....

: পাৰ হৈ যোৱা সময়খিনি হ’ল অতীত যাক মই পাব নোৱাৰোঁ| আহিব ধৰা সময়খিনি হ’ল ভৱিষ্যত যাৰ  বিষয়ে মই একো নাজানো| মোৰ হাতৰ মুঠিত থকা সময়খিনিয়েই হ’ল বৰ্তমান যাক মই মোৰ ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব পাৰো| এই যে আজি, কালি আৰু কাইলৈ এই তিনিকালক কিহে বান্ধি ৰাখিছে জানা নে? ’কৰ্ম’ই| আজি তুমি যি কৰিবা সেয়া এদিন অতীত হ’ব| আৰু ’আজি’ক ভৰ কৰিয়েই এদিন তোমাৰ ভৱিষ্যতে গঢ় লৈ উঠিব| সময় আগবাঢ়িব| আজিৰ পৰা গৈ যিদিনা তুমি ভৱিষ্যতত ভৰি থবা সিদিনা এটা সুন্দৰ অতীত সোঁৱৰি তোমাৰ ভাল লাগিব| গতিকে বাবা, এইটো তোমাৰ জীৱন গঢ়াৰ সময়| তুমি এজন ছাত্ৰ| এজন শিকাৰু| পৰীক্ষা কৰি চাব পৰাকৈ তোমাৰ এতিয়াও ইমান অভিজ্ঞতা নাইহোৱা যে তুমি নিজাববীয়াকৈ কিবা সিদ্ধান্ত ল’বা| ভালকৈ পঢ়া| তাৰ বাহিৰে তোমাৰ আৰু বেলেগ কাম নাই|
: পঢ়ি ভাল নালাগে মা| সেই একেসোপাকে আৰু কিমান পঢ়িম! ব’ৰিং কাৰবাৰ|
: ভালতো নালাগেই বাবা| পঢ়ি কোনে ভালপায়! কিন্তু নপঢ়িলেওটো নহ’ব| কাৰণ ভাৰতত শিক্ষাৰ ব্যৱস্থাটোৱে এনেকুৱা যে আক্ষৰিক শিক্ষাৰ আনুষ্ঠানিক মানপত্ৰ এখন নহ’লে ভৱিষ্যতে তোমাৰ উন্নতিৰ সকলো পথ ৰুদ্ধ| গতিকে আন যিয়েই নকৰা পঢ়িব লাগিব|
: তুমি নিজে একেৰাহে কিমান সময় পঢ়িছিলা মা?
: মই কেতিয়াও বেছি সময় নপঢ়িছিলো বাবা| কাৰণ স্কুল-কলেজত ক্লাচ কৰোঁতেই মই মোৰ পঢ়া লগে লগে সম্পূৰ্ণ কৰি লৈছিলো| একেৰাহে বহুত সময় বহি পঢ়াৰ ধৈৰ্য্য মোৰ নাছিল|
: তুমি বহুত চোকা আছিলা?
: চোকা নহয় কিন্তু যিখিনি পঢ়িছিলো পাৰিছিলো|
: তুমি টিউচন লৈছিলা?
: টিউচন লোৱা দূৰৰ কথা মই নতুন কিতাপেই কিনি নাপালো কোনোদিনে| মামাই মোতকৈ এক শ্ৰেণী ওপৰত পঢ়িছিল| গতিকে মামাৰ কিতাপবোৰেই মই পঢ়ি গৈছিলো| বহীও পুৰণা বহীৰ পাত থাকি গ’লে সেইবোৰ উলিয়াই লৈ বহী চিলাওঁ| তাৰ পাছত আৰু লগা হ’লে বগা দিস্তা কাগজ আনি পাতবোৰ সমান জোখত ভাঁজ কৰি থৈ দিওঁ| ৰাতি ককাই ডিউটিৰ পৰা আহি বহী চিলাই কৰি দিয়ে| তোমালোকৰ দৰে আমি সকলোবোৰ বস্তু উভৈনদীকৈ পোৱা নাছিলো| বৰমাই দুবাৰমান টিউচন লৈছিল| মামাই কিন্তু ক্লাচ চিক্সৰ পৰাই অংক আৰু ইংৰাজীত সদায় টিউচন লৈছিল| আচ্ছা, তুমি যে ক’লা ব’ৰিং কাৰবাৰ, ব’ৰ মানে আচলতে কিনো? মানুহে বিৰক্তিবোধ কৰে| মানুহৰ আমনি লাগে| কিন্তু তোমালোকে যেতিয়াই তেতিয়াই হকে নহকে কথাই কথাই খালি ব’ৰ হোৱা যে? আজিকালি ভণ্টিয়েও কয় ব’ৰ হৈ গৈছো| তোমালোককনো লাগে কি?
: আমাৰ পচন্দমতে চব্‌ কৰিবলৈ পাব লাগে|
: যেনে?
: খেলা-ধূলা, ঘূৰা-ফুৰা, পঢ়া-শুনা নাই খালি মস্তি আৰু টাইম পাচ্‌|
: তাকে কৰিবলৈ পালে হৈ যাব?
: ওঁ হৈ যাব|
: ওহোঁ নহ’ব|
: কিয় নহ’ব?                    
: চোৱা, জীৱ জগতত মানুহেই একমাত্ৰ এনে প্ৰাণী যাক সৰলীকৰণ কৰা নাযায়| যেনেকৈ গৰুৱে ঘাঁহ খায়, ঘোঁৰাই দৌৰে, কুকুৰে ভুকে, মেকুৰীয়ে মিঁউ মিঁউ কৰে ন’| এই যে গৰু, ঘোঁৰা, কুকুৰ, মেকুৰী বুলি কওঁতে ইহঁতৰ শাৰীৰিক অবয়ৱটোৰ লগতে ইহঁতৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰো মনলৈ আহে| কিন্তু মানুহ বুলি ক’লে শাৰীৰিক অবয়ৱটোৰ বাদে মানুহৰ মাজত তুমি আন একোৰে মিল নোপোৱা| খুব সাধাৰণ ভাবে তুমি ভাবা মানুহে কি খায় বুলি সুধিলে তাৰ উত্তৰ কেবল ভাত বা ৰুটি নহয়| এই খাদ্যৰ তালিকা ইমানেই দীঘল যে কৈ শেষ কৰিব নোৱাৰি| ঠিক তেনেকৈ সাজ-পোছাক, আচাৰ-ব্যৱহাৰ, ৰহণ-চহন, চিন্তা-ভাবনা প্ৰতিটো কথাতে ইমান প্ৰভেদ আছে যে এইবোৰ কাৰণতে মানুহে নিজক লৈয়ে কেতিয়াও সন্তুষ্ট নহয়| যিমান পালেও এক ধৰণৰ অসন্তুষ্টি এক ধৰণৰ অতৃপ্তিয়ে মানুহক অহৰহ খেদি ফুৰে| তুমি যে ক’লা অকল ঘূৰা-ফুৰা, খেলা-ধূলা কৰিবলৈ পালেই তোমাৰ ভাল লাগিব বুলি সেয়া মিছা কথা| দুদিনমানৰ পিছত তেনেকৈ থাকিও তোমাৰ আমনি লাগিব| তুমি যে কম্পিউটাৰত গেমবোৰ খেলা আটাইবোৰ লেভেল পাৰ কৰাৰ পাছত তোমাৰ আকৌ সেই গেমটো খেলিবলৈ মন যায় জানো?
: নাযায়| গেমটো কমপ্লিট হ’লেই মই সেইটো ডিলিট কৰি পেলাওঁ|
: সেইটোৱে কথা| মানুহ নতুনত্ব প্ৰিয়| কিন্তু পঢ়া-শুনাত এই কথাটো নাখাতে|
: পঢ়ি যে ভাল নালাগে|
: আমাক সৰুতে আইতাই এষাৰ কথা প্ৰায়ে কৈছিল-পঢ়ায়, পঢ়ে, ৰুৱে পান; এই তিনিয়ে নিচিন্তে আন| পঢ়ায়: কোনে? শিক্ষকে| তেওঁ যেতিয়া পঢ়ায় বা শিক্ষাদান কৰে তেতিয়া সেই কাৰ্য্য কৰোঁতে এনেকৈ নিমজ্জিত হৈ পৰে যে পঢ়োৱাক বাদ দি বাকী আন সমস্ত কথা তেওঁ পাহৰি যায়| পঢ়ে: কোনে? ছাত্ৰই| পঢ়োঁতে তেওঁ যদি মগ্ন হৈ পঢ়ে তেতিয়াহে তেওঁ সফলতা লাভ কৰিব পাৰিব| আৰু যিয়ে পান ৰুৱে তেওঁ হেনো সাৱধানেৰে, মনোযোগেৰে যদি নোৰুৱে পান গছ জীয়াব নোৱাৰে| কোৱা শুনো, পানবাৰী সকলোৱে পাতিব নোৱাৰে হেনো| মূল কথাটো হ’ল এই তিনিওটা কাৰ্য্যতেই মনোযোগ, একাগ্ৰতা আৰু ধৈৰ্য্য লাগে| অন্যথা সফলতা লাভ কৰিব নোৱাৰি| তুমি এতিয়া ছাত্ৰ| তোমাৰ কাম হ’ল পঢ়া| পঢ়াক বাদ দি আন কোনো পথ তোমাৰ বাবে খোলা নাই| যিটো কাম তুমি কৰিবই লাগিব তাক ভাল লগা বেয়া লগাৰে জোখা কিয় বাবা? মোক এজন মানুহে কৈছিল Student Life is the Best Part of the Life. মই পঢ়ি থকা অৱস্থাত এই কথাষাৰ বুজি পোৱা হ’লে আজি মোৰ পৰিচয় বেলেগ হ’লহেতেন কিজানি!
: মা, তোমাৰ কেতিয়াও আমনি নালাগে?
: লাগে কিয় নালাগিব| মই মানুহ নহয় নেকি?
: তেতিয়াহ’লে তুমি যে কেতিয়াও ক’তো যাওঁ বুলি নোকোৱা| খালি ঘৰটোতে সোমায় থাকা কিতাপ পঢ়ি পঢ়ি|
: তুমি কোৱাচোন মানুহে কিয় ঘূৰে?
: কিয় আকৌ ভাল লাগিবলৈ| এণ্টাৰটেইন্‌মেণ্ট বিচাৰি|
: মোৰ মতে অকল Entertainment=মনোৰঞ্জন বিচাৰিয়ে নহয়; দৈনন্দিন জীৱনত এটা পৰিবৰ্তন বিচাৰি অলপ সকাহ বিচাৰি মানুহে ফুৰিবলৈ যায়| মোৰ ক্ষেত্ৰত সেইটো নহয়| প্ৰথম কথা হ’ল, বাহিৰলৈ যাবলৈ আমাৰ সামৰ্থ্য নাই| আৰু কিবা কাৰণত যাব পাৰিলেও দেউতাই যাব নোখোজে| ভয় কৰে| দ্বিতীয়তে, ইয়াত মোৰ এনে কোনো লগ নাই যাৰ সৈতে কথা পাতি অলপ সময় কটাই মই আনন্দ পাব পাৰোঁ| আমাৰ ঘৰৰ ওচৰ-পাজৰৰ মানুহৰ ঘৰলৈ গৈ এনেয়ে কথা চোবাই থাকিবলৈ মই বেয়া পাওঁ| মোৰ সময়ো নাই| তাতকৈ ভাল কিতাপ এখন পঢ়িলে মই বহুত বেছি আনন্দ পাওঁ|
: মা তুমি কিতাপ পঢ়ি বহুত ভালপোৱা?
: অঁ পাওঁ| কিতাপ মোৰ আটাইত্কৈ প্ৰিয় আৰু বিশ্বস্ত বন্ধু| মোৰ সৰ্বকালৰ লগৰী|
: আমাৰ ঘৰত থকা সকলোবোৰ কিতাপ তুমি পঢ়িলা?
: অঁ পঢ়িলো| গুৱাহাটীৰ পৰা অনা আৰু সাহিত্যসভাত কিনাখিনি বাকী আছে| পঢ়িম লাহে লাহে|
: আৰু জ্ঞানমেলাত কিনাকেইখন পঢ়িলা?
: পঢ়িলো| জ্ঞানমেলাত বেছি কিনা নাছিলো নহয়| কথা-ৰত্নাকৰ, মই শ্বাহৰুখ খান হ’ব খোজোঁ আৰু দুখনমানহে কিনিছিলো|
: মা তুমি কি পঢ়ি ভালপোৱা গল্প নে উপন্যাস নে কবিতা?
: মই উপন্যাস পঢ়ি বেছি ভালপাওঁ|
: তুমি পঢ়া কিতাপবোৰৰ কথাবোৰ তোমাৰ মনত থাকে? মানে কোনখনত কি আছে?
: থাকেতো| কেতিয়াবা দুই এখনৰ মনত নাথাকে|
: ইমানবোৰ কিতাপ তোমাৰ কেনেকৈ মনত থাকে মা? তোমাৰ মেম’ৰি বহুত শ্বাৰ্প, মোৰহে নহয়|
: শ্বাৰ্প বুলি কোনো কথা নহয় বাবা| কিতাপ পঢ়াত মোৰ আগ্ৰহ আছে| হেঁপাহ আছে| গতিকে ভাললগাখিনি মোৰ মনত ৰৈ যায়| তোমৰোতো ভাল লগাবোৰ মনত ৰৈ যায়| তুমি যে টিভি চোৱা; কোনোবা এটা গান বা এটা চিনৰ টুকুৰা দেখিলেই কৈ দিব পাৰা সেইটো কোনখন চিনেমাৰ হয় নে নহয়?
: হয়| মা, তুমি সেইদিনা Dual Survivorৰ এপিচ’দটো নাচালা| চাব লাগিছিল জানা| আমাজনৰ হাবিত Devid  আৰু (এ সিজনৰ নামটো পাহৰিলো) কম্পাচ নোহোৱাকৈ এটা বেজীৰ সহায়ত তেওঁলোকে কেনেকৈ দিশ নিৰ্ণয় কৰাৰ চেষ্টা কৰিছিল নহয় এমেজিং| চৌদিশে মাত্ৰ পানী আৰু পানী আৰু পানীৰ ওপৰতে দুডাল গছত কি বুদ্ধিৰে তেওঁলোকে নিশা কটাবলৈ বিচনা তৈয়াৰ কৰি লৈছিল| পোক-পৰুৱা-ম’হ আদিৰ পৰা ৰক্ষা পৰিবলৈ ধোঁৱাই থকা কিবা এটা জুইত জ্ব্লাই লৈছিল| এই মানুহ দুজনক কিন্তু মানিব লাগিব মা|
: আচলতে প্ৰকৃতিয়ে আমাক মুক্তহস্তে দান দিছে বাবা, আমিহে তাৰ অপব্যৱহাৰ কৰিছো| আমাৰ স্বাৰ্থত প্ৰকৃতিক অবাবতে ধ্বংস কৰিছো| তুমি জুৰাছিক পাৰ্ক, লষ্ট ৱৰ্ল্ড চাইছিলা?
: চাইছিলো নেকি ভালকৈ মনত নাই| কিন্তু Avtar, 2012, Journey to the centre of the Earth এইকেইখন চাই মোৰ বহুত ভাল লাগে|
: আৰু কি কি চাই ভাল লাগে?
: ডিস্ক’ভাৰীত দিয়া গোটেইবোৰ প্ৰগেম মোৰ ভাল লাগে| বিশেষকৈ Dual Survivor, World War II in colour, Curiosity, One man army আৰু National Geography   Deadliest warriors, IC-814 Hijack, Aeroplane crash investigation, Brucelee the Legend এইবোৰ চাই মোৰ ভাল লাগে|
: এই গোটেইবোৰ কথা তোমাৰ মনত থাকে| বাৰ্মুদা ট্ৰায়েংগল অথবা ব্লেক হোলৰ ওপৰত দিয়া যিকোনো ন’ট তোমাৰ মনত থাকে| Encyclopedia ৰ  সৰু বৰ প্ৰায়বোৰ কথা তোমাৰ মনত থাকে| মহকাশৰ বিষয়ে তোমাৰ আৰু অধিক জানিবৰ মন যায়| তাৰমানে এইবোৰত তোমাৰ আগ্ৰহ আছে, তুমি মনোযোগ দিয়া| গতিকে এই সকলোবোৰ তোমাৰ মনত থাকে| খালি পঢ়াটো মনত নাথাকে কাৰণ তুমি সময়মতে ভালকৈ নপঢ়া|
: আকৌ ঘূৰি পকি পঢ়ালৈকে আহিলা?
: অঁ| সেইটোতো থাকিবই ন’? আচ্ছা এইবাৰ অনিৰুদ্ধৰ পাৰ্চেন্টেজ‌ কিমান আছিল?
: ৯.৮৮%|
: ৰোহনৰ?
: নাজানো|
: সিদ্ধাৰ্থৰ?
: ৮.২৫%|
: তাৰ যোৱাবাৰতকৈ পঢ়া ভাল হৈছে| তোমাৰহে বেয়া হৈছে|
: ক’ত বেয়া হৈছে মোৰো ভাল হৈছে| মোৰ ৮.৭৫%| যোৱাবাৰ মোৰ ৭.৮৭% হে আছিল|
: কিন্তু অনিৰুদ্ধৰ যে সদায় ইমান ভাল হয় তোমাৰ কিয় নহয়?
: সি চোকা আক’|
: তুমিতো গাধা নহয়| পঢ়িলে তুমিও পাৰা কিন্তু নপঢ়া| তোমাৰ অসুবিধাটো ক’ত হয়? তোমাৰ কিতাপ নাই নে বহী নাই নে কলম নাই নে সময় নাই? একেখিনিকেইতো সিয়ো পঢ়ে তেন্তে সি যদি পাৰে তুমি কিয় নোৱাৰা?
: তুমি কৈছিলা কাৰো লগত কম্‌পেয়াৰ্‌ কৰিব নাপায় বুলি এতিয়া আকৌ তুমিয়ে কম্‌পেয়াৰ্‌ কৰিছা! আৰু তাৰ টিউচন আছে|
: মই তুলনা নাইকৰা মাত্ৰ সুধিছো তোমাৰ অসুবিধাটো ক’ত হৈছে|  ইমানদিনে টিউচনটো দৰকাৰী বুলি নাই ভবা কাৰণেই নাই দিয়া| তোমাকতো সদায় মই চাওঁৱেই দেখোন| একোতো নুবুজাকৈ নাথাকা| তুমি নিজেও ভালকৈ জানা মোৰ লগত পঢ়াখিনি তুমি ভালকৈ পঢ়া বুলি| এইবাৰে চোৱা দেউতা নাথাকিব বুলি হিন্দী আৰু সংস্কৃত বাদ দি বাকী সকলো বিষয় প্ৰায় তোমাৰ পঢ়া হৈ গৈছিল| গতিকে বছৰেকীয়া পৰীক্ষাত তুমি নিজে পঢ়ি পৰীক্ষা দিওঁতেও ভাল হ’ল| তাৰমানে তুমি গাধা নহয়| অলপ চেষ্টা কৰিলেই তুমিও ১০০% নম্বৰ পাব পাৰা|
: মা, তুমি ভাবা নেকি যে অকল পঢ়া-শুনাতেই এজন ল’ৰা বা ছোৱালীৰ যোগ্যতা প্ৰকাশ পায়?
: নাভাবো| কিন্তু আন যিয়ে নকৰা পঢ়াতো প্ৰথম তাৰপাছতহে খেলা-ধূলা, গান-নাচ বা আন পৰদৰ্শিতাৰ কথা আহি পাৰে| এইবাৰ তুমি নৱম শ্ৰেণীত| নৱম আৰু দশম এই দুটা শ্ৰেণীত যদি তুমি আশানুৰূপ নম্বৰ নোপোৱা তেন্তে তোমাৰ ভৱিষ্যতৰ উন্নতিৰ বাটটোৰ ইয়াতেই কেৰোণ ধৰিব| তুমি মনে বিচৰা ধৰণেৰে আগবাঢ়িব নোৱাৰিবা| আমি তোমাক পঢ়া বুলি ক’ব পাৰো, পঢ়াৰ যোগাৰখিনি আনি দিব পাৰো কিন্তু পঢ়াৰ কামটো তুমিয়েই কৰিব লাগিব|
: তুমি পঢ়ালে মোৰ পঢ়ি ভাল লাগে|
: মইতো সদায় পঢ়াব নোৱাৰো বাবা| আজিকালি অফিচৰ পৰা আহি মোৰ ভাগৰ লাগে| তাতে ভণ্টিকো পঢ়াব লাগে| এইবাৰ তোমাৰ অংকখন সঁচাকৈ বৰ টান| মই নোৱাৰোঁ| সেইকাৰণেতো টিউচন দিছো|
: মা, জানা কালি ছাৰে অংক কৰিবলৈ দিওঁতে মই ফাৰ্ষ্টতে কৰি দিলো|
: কোনোবাই তোমাক প্ৰশংসা কৰিলে তোমাৰ কেনে লাগে?
: ভাল লাগে| জানা মা, জিতা দিদিয়ে সদায় কয় অম্লানৰ নিচিনাকৈ কোনেও পঢ়িব নোৱাৰে| মানে Lesson reading দিওঁতে|
: এতিয়া চোৱা, কাইলৈ যেতিয়া তুমি ভাল পাৰ্চেন্টেজ লৈ পাচ কৰিবা তেতিয়া আমাৰো ভাল নালাগিব জানো? মাক-দেউতাকে সন্তানৰ পৰা ইয়াকেতো আশা কৰে, কিন্তু তুমি হ’লা এলেহুৱা| কষ্ট কৰিব নোখোজা| তোমাক সকলোবোৰ ওপৰতে লাগে| তোমাতকৈ ভণ্টি ভাল| তাই কৰিম বোলাতো কৰিহে এৰে|
: এইটো একদম সঁচা কথা ক’লা মা| ভণ্টিক কিন্তু মানিব লাগিব| তাই স্কুল গৈয়েই কে.জি.তো মেডেল পালে ওৱানতো পালে| মইহে আজিলৈকে একো নাপালো| এবাৰহে মাত্ৰ এদিনো স্কুল ক্ষতি নকৰাৰ কাৰণে পুৰস্কাৰ এটা পাইছিলো|
: ভণ্টি তোমাৰ দৰে নহয়| তাইৰ আগ্ৰহ আছে| একাগ্ৰতা আছে| ধৈৰ্য্য আছে| আৰু তুমি সদায় দোমোজাত থাকা|
: দোমোজা মানে?
: Doubt. সন্দেহ|  তুমি সদায় নিজকলৈ কন্‌ফিউজ‌দ্‌| কিবা এটা কৰিবলৈ গৈ তুমি পাৰিম বুলি আগবাঢ়ি যোৱাতকৈ পাৰিম জানো বুলি পিছ হুঁহকিহে আহা| ড্ৰয়িং স্কুলত নাম লগাই দিলো| দুদিনমান ধাম-ধুম ড্ৰয়িং কৰিলা তাৰপাছত বাদ দিলা| দবাত নাম লগাই দিলো দুমাহমান গৈ তালৈয়ো নোযোৱা হ’লা| গিটাৰখন স্কুলত লাগে কাৰণেই কোনোৰকমে এবছৰ শিকিলা| এতিয়া এদিনো নবজোৱা| তোমাৰ প্ৰতিটো কামতে মই তোমাৰ পিছত লাগি থাকিবতো নোৱাৰো! জ্ঞানমেলা আৰু সাহিত্যসভাৰ পৰা অনা কিতাপবোৰ পঢ়িলা?
: গোটেইবোৰ নাইপঢ়া|
: কি কি পঢ়িলা?
: Journey to the centre of the Earth, Around the world in 80 days, Adventures of Tom  Sawyer হাক্‌লবাৰী ফিন, কাজিৰঙাৰ অভিযান, সুন্দৰপুৰৰ গৌৰৱ পঢ়িলো|
:  বাকী George and the big bang,  Secret seven ৰ ছিৰিজটো, নীলা চৰাইৰ সাধু  কিতাপখন আৰু নীতি ছিৰিজৰ সাধুখিনি?
: নীতি ছিৰিজৰ সাধুকিতাপকেইখন অনাৰ দিনাই পঢ়িলোঁ| বাকীখিনি নাইপঢ়া|
: মই যে তোমাক এন্‌ ফ্ৰাংকৰ ডায়েৰী আৰু বিষ্ণুৰাভাৰ সান্নিধ্যত কিতাপ দুখন পঢ়িবলৈ দিছিলো নপঢ়িলা?
: ইমান শকত সেই দুখন! বিষ্ণুৰাভাখন তুমি পঢ়ি শুনাবানা| তুমি পঢ়িলে শুনি ভাল লাগে| বিষ্ণুৰাভা আৰু ফণী শৰ্মাৰ বেপাৰৰ কথা শুনি হাঁহি উঠি গৈছিল|
: দেউতাক পঢ়ি শুনাব কবা|
: এ দেউতাই পঢ়িলে শুনিবলৈ বেয়া|
: কালি দেউতাই তোমাক কিয় খং কৰিছিল নো?
: দেউতাই অনবৰতে খালি পঢ় পঢ় কৈ থাকে| মই নপঢ়ো বুলি কৈছিলো সেইকাৰণে খং কৰিছিল|
: তুমিনো দেউতাক পঢ় বুলি কোৱাৰ সুবিধাটো কিয় দিয়া? দেউতাই কোৱাৰ আগতেই কিয় কিতাপ নোলোৱা?
: আৰে দেউতাই শুই উঠাৰ পৰাই পঢ় পঢ় বুলি চিঞৰে| তুমিতো তেনেকৈ নিচিঞৰা|
: মই তোমাক পঢ়ুৱাওঁ কাৰণে মই জানো তোমাৰ কিমানখিনি পঢ়া হৈ আছে বা নাই হোৱা| দেউতাই নাজানে সেয়ে চিঞৰি থাকে| দেউতাই ভাবে দিনে ৰাতিয়ে পঢ়িলেই মানুহে পাৰে| মই অৱশ্যে তেনেকৈ নাভাবো| কিন্তু তুমি এতিয়া আগৰদৰে এঘণ্টা বা দুঘণ্টা পঢ়িলেই নহ’ব| বেছিকৈ পঢ়িব লাগিব বুজিলা|
: মা, তুমি কথাবোৰ ইমান ধুনীয়াকৈ কেনেকৈ বুজোৱা? তুমি আচলতে টিচাৰ হ’ব লাগিছিল|
: হোঁ, শিক্ষকেই হ’ব খুজিছিলো| নোৱাৰিলো আৰু| তোমাক যে মই ইমানখিনি Feed back দিলোঁ তুমি এতিয়া মোক কি দিবা?
: কি লাগিব?
: E.V.S আৰু হিন্দীৰ এটা এটা পাঠ সম্পূৰ্ণ কৰি দিব লাগিব|
: মা, This is geju|
: Not geju| মোক লাগিব| মোৰ বহুত সময় গ’ল| কাম আছে মোৰ|
: মই নকৰো| তুমি সদায় এনেকৈ ঠগা মোক|
: নকৰিবাচোন চাম মই|
: চাবা|
: ও চাম| তুমিও চাবা আকৌ মই মা; দেউতা নহয় কিন্তু|
: মা, তুমি এনেকৈ কিয় ভয় খুওৱানো? ৰাতি কৰি দিলে হ’ব?
: নহ’ব দিনতেই লাগিব| ৰাতি অংক কৰিবা|
: অ’কে অ’কে কৰি দিম| তুমি তেতিয়া মোক ক’ৰবালৈ লৈ যাবা?
: ক’লৈ যাবা?
: এনেই হেষ্টি টেষ্টিত আইচ্‌ক্ৰীম খাই আহিম আৰু Tell me why খন লৈ আহিম| এইমাহত নাই অনা নহয়|
: তেতিয়াহ’লে তুমি এতিয়াই গা ধুই আহি পঢ়াত বহাঁ| মই পাছত কাপোৰ ধুম| ভণ্টি শুই থাকোতেই যাব লাগিব|
: ভণ্টিক নিনিয়া?
: তাইক নিব পাৰি জানো?
: অঁ তাইক আকৌ গোটেই বজাৰখনেই লাগে নহয়! মা মই ভালকৈ পঢ়িলে তুমি মোক ভাল পাবা?
: মইনো তোমাক কেতিয়া বেয়া পাওঁ?
: খং কৰি থাকা যে?
: খং কৰাৰ সুবিধাটো তুমিহে দিয়া মোক| এতিয়া যোৱা গা ধুই আহাঁ|
: মা তুমি বহুত ভাল.........

২২/৪/২০১২
 ***********************************************************************
 বিভ্ৰান্তি-বিসংগতি-বৈধ-অবৈধবোৰ




 

অফিচৰ পৰা ওলাবলৈ লওঁতেই ম’বাইলটো জিলিকি উঠিল| তুলেন্দ্ৰৰ মেছেজ-’অই তোক আজি চেক্সী লাগিছিল’| চেক্সী??? ’মুখত যি আহে তাকেই নকবিচোন?’ তাক ৰিপ্লাইটো দি ’চেক্স’ক লৈয়ে কিবাবোৰ ভাবিবলৈ ধৰিলো| এই এটা শব্দ, এটা সম্পৰ্ক যি বৰ্তমান সময়ত ল’ৰাৰ পৰা বুঢ়ালৈকে সকলো স্তৰৰ মানুহকে মোহাচ্ছন্ন কৰি ৰাখিছে| বৈধ-অবৈধ, শালীনতা, নৈতিকতা, দ্বায়িত্ববোধ, চেতনা আদি সমাজৰ সকলো ভাৱধাৰাক বুঢ়া আঙুলি দেখুৱাই সকলো আক্ৰান্ত হৈছে এক ধৰণৰ অপৰিচিত ৰোগৰ ব্যাধিত| যাৰ নাম কেৱল ভোগ-বিলাস| দুৰাৰোগ্য ব্যাধিৰ দৰেই যৌন সম্পৰ্কই ছানি ধৰিছে মানুহৰ মন-মগজু|
আচলতে ’চেক্স’ কি? বৈজ্ঞানিক ভাষাত ইয়াৰ যিয়ে সংজ্ঞা নাথাকক লাগে সাধাৰণ মানুহৰ বাবে ই পুৰুষ- নাৰীৰ মাজত শাৰীৰিকভাৱে সংঘটিত এক সম্পৰ্ক| য’ত দুয়োজনৰ সন্মতি সাপেক্ষেহে এই সম্পৰ্ক সফল হৈ উঠে| প্ৰকৃতিগতভাৱেই এক স্বাভাৱিক প্ৰক্ৰিয়া এইটো| কিন্তু বাতৰি কাকতেই হওক বা নিউজ চেনেলবোৰেই হওক এই স্বাভাৱিক প্ৰক্ৰিয়াটোক ইমানেই বিকৃত কৰি তুলিছে যে দেখিলে শুনিলে ভাব হয় যেন মানুহ কুকুৰ মেকুৰীতকৈ অধম| বাকী সকলো অনুভুতি বাদ দি একমাত্ৰ যৌনতাকলৈয়ে যেন সকলো ব্যস্ত| এইখিনিতে প্ৰশ্ন আহি পৰে প্ৰাপ্য বা প্ৰয়োজন বা বৈধতাৰ| তাৰ আগতে আমি এবাৰ প্ৰত্ন প্ৰস্তৰ যুগৰ পৰা ঘূৰি আহোঁ আহক|
পুৰুষ-নাৰী-ল’ৰা-ছোৱালী সমন্বিতে মানুহ নামধাৰী কিছুমান প্ৰাণী| জীৱন ধাৰণৰ বাবে অহৰহ সংগ্ৰাম কৰে| বনৰ ফলমূলেৰে জীৱন ধাৰণ কৰা মানুহে লাহে লাহে চিকাৰ কৰিবলৈ শিকিলে| ঘৰ সাজিবলৈ শিকিলে| খেতি কৰিবলৈ শিকিলে| সমান্তৰালভাৱে জীৱৰ বিস্তাৰ বা বংশ ৰক্ষাৰ স্বাৰ্থত পুৰুষ-নাৰীৰ সম্পৰ্কও স্বাভাৱিক গতিত গৈ থাকিল| তেতিয়া মাতৃ-পিতৃ-ভাই-ভনী ধৰণৰ সম্বন্ধবোৰ নাছিল| আছিল মাত্ৰ পুৰুষ আৰু নাৰী| পুত্ৰৰ ঔৰষতো মাতৃৰ গৰ্ভত সন্তানে থিতাপি লৈছিল অথবা পিতৃৰ ঔৰষতো জীয়াৰীৰ সন্তানে পৃথিৱীৰ পোহৰ দেখিছিল| জনসংখ্যা বঢ়াৰ লগে লগে মানুহৰ মাজত খোৱা-কামোৰা আৰম্ভ হ’ল| বলৱান সকলে বলহীন সকলক পৰিচালনা কৰিবলৈ ল’লে| এনেকৈয়ে কালক্ৰমত মানু্হে শৃখংলাবদ্ধ হ’বলৈ শিকিলে| নীতি-নিয়মৰ আবৰ্তত নিজকে নিয়ন্ত্ৰণ কৰিবলৈ শিকিলে| সমাজ নামৰ ব্যৱস্থাৰ প্ৰচলন হ’ল| গাইগুটিয়াৰ পৰা উমৈহতীয়া ভাৱধাৰাই সামৰি আনিলে মানুহক| ক্ৰমাত্‌‍ সভ্যতাৰ জখলা বগাই বগাই মানুহ আহি এই অৱস্থা পাইছেহি| বিজ্ঞানৰ ন ন আৱিস্কাৰ আৰু উন্নত প্ৰযুক্তি বিদ্যাই মানুহক ইমানেই সুযোগ সুবিধা আনি দিছে যে আজি মানুহে ঘৰত বহিয়েই গম ল’ব পাৰে পৃথিৱীৰ কোনটো প্ৰান্তত কি ঘটিছে| কিন্তু উন্নতিৰ অন্তৰালত আমি যেন কিবা এটা হেৰুৱাইছো| পাহৰি গৈছো আমাৰ জীৱ শ্ৰেষ্ঠ হোৱাৰ গৌৰৱৰ মূলতে কি?
পশ্চিমীয়া দেশসমূহৰ দৰে ভাৰতত মুক্ত যৌনাচাৰ গ্ৰহণযোগ্য নহয়| ভাৰতত প্ৰাপ্তবয়স্ক হ’লে বিবাহ আৰু তাৰ পাছতহে যৌনতাৰ কথা আহি পৰে| বিয়া যৌন জীৱন উপভোগ কৰিবলৈ সমাজে দিয়া এক স্বীকৃতি| সহজ অৰ্থত সন্তান উত্পাআদনৰ এক মাধ্যম বিয়া| সেয়েই যদি সঁচা হয় তেন্তে সত্তৰোৰ্ধৰ মানুহৰ ক্ষেত্ৰত অথবা বিছৰ অনুৰ্ধ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো যৌন কেলেংকাৰীৰ কথা শুনা যায় কিয়? ইয়াৰ বাবে দায়ী কোন? কিহে উচতাই মানুহক এই ক্ষন্তেকীয়া সুখৰ মায়াজালত ভৰি দিবলৈ? এইয়া অকল শৰীৰৰ দাবী নে মনৰ লগতো ইয়াৰ সম্পৰ্ক আছে?
ব্যক্তিগতভাৱ বিশ্বাস কৰো যে মনৰ দৰে শৰীৰৰো এটা নিদিৰ্ষ্ট দাবী আছে| কিন্তু পেটৰ খাদ্য বা মানসিক খাদ্যৰ দৰে শৰীৰৰ দাবী য’তে ত’তে যেতিয়াই তেতিয়াই পূৰাব নোৱাৰি| শৰীৰৰ প্ৰসংগ ওলালেই তাত বৈধতাৰ প্ৰশ্ন আহি পৰে| শৰীৰো যে এটা নিৰ্মল আনন্দৰ মাধ্যম এই ধাৰণা সচেতনভাৱে কোনেও স্বীকাৰ নকৰে| ভাৰতত কেবল পতি-পত্নীৰ মাজতহে শাৰীৰিক সম্পৰ্ক সামাজিকভাৱে স্বীকৃত বা বৈধ| তাৰ অন্যথা হ’লে সেয়া অবৈধ|
বৈবাহিক জীৱনত আন সকলোবোৰৰ লগতে এটা সুস্থ যৌন জীৱনৰ প্ৰয়োজন আছে| যদিওবা ই শাৰীৰিক সম্পৰ্ক, মনৰ লগতো ইয়াৰ সম্পৰ্ক আছে| কেবল মন বুলিয়েই নহয় আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ লগতো ইয়াৰ সম্পৰ্ক আছে| কেতিয়াবা নিৰ্ণয় কৰিবলৈ লৈ বিবুধিত পৰা যায় যে মনৰ দাবী তীব্ৰ নে শৰীৰৰ দাবী তীব্ৰ? মনে শৰীৰক নিয়ন্ত্ৰণ কৰে নে শৰীৰে মনক নিয়ন্ত্ৰণ কৰে?
নিয়ন্ত্ৰণ বুলি কওঁতে মনলৈ আহিছে কথা এটা| বাঢ়ি অহা জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ আৰু মাৰাত্মক যৌন ৰোগৰ পৰা হাত সাৰি থাকিবলৈ চৰকাৰে বিভিন্ন প্ৰতিকাৰ ব্যৱস্থা উলিওৱাৰ লগতে সেইবোৰৰ বহুল প্ৰচাৰো কৰিছে| ই বাৰু কি সূচায়? এহাতে সমাজত অবৈধ সম্পৰ্ক গ্ৰহণযোগ্য নহয় আনহাতে আওপাকেদি অবৈধ সম্পৰ্ক গঢ়িবলৈকে অনুমতি দিয়া হোৱা নাই নে? কথাটো ঠিক চৰকাৰী অনুজ্ঞা পত্ৰ লৈ ৰঙীন পানীয় বেচা আৰু অনুজ্ঞা পত্ৰ নোলোৱাকৈ চুলাই বেচা সকলক ধৰিবলৈ আবকাৰী বিভাগ থকাৰ দৰেই হোৱা নাই নে? কাগজে পত্ৰই বা টিভিৰ দৰে দৃশ্যমান এটা শক্তিশালী মাধ্যমত নগ্ন বিজ্ঞাপনবোৰে অকল উঠি অহা তৰুণ প্ৰজন্মকে নহয় সমাজৰ সকলো স্তৰৰ লোকৰে ক্ষতি সাধন কৰিছে| চাৰিত্ৰিক অধ:পতনৰ বাবে কিছু পৰিমানে এইবোৰো দায়ী|
সৰুতে দেৱ-দেৱতা, ৰজা-মহাৰজাসকলৰ কাহিনীৰ লগতে মহান লোকসকলৰ জীৱনীও পঢ়িছিলো| সত্‌ কৰ্মৰ লগতে সত্‌ চৰিত্ৰ গঠনৰ বাবে কৰা তেওঁলোকৰ অনুশীলনে আজিও বহুতকে অনুপ্ৰাণিত কৰে| কিন্তু চৰিত্ৰ গঠন আজি যেন এটা ভাঙিব নোৱাৰা সাঁথৰ! এটা প্ৰহেলিকা! এইয়া মানৱ সমাজৰ অৱক্ষয় নহয় জানো?
বৈধবোৰৰ সমানে অবৈধবোৰো পৌৰাণিক কালৰ পৰাই সমাজত চলি আহিছে| কৌৰৱ-পাণ্ডৱৰ জন্ম অবৈধ, শ্ৰীকৃষ্ণৰ সৈতে ৰাধাৰ প্ৰেম অবৈধ, দ্ৰৌপদীৰ পঞ্চপতি এয়াও অবৈধই চাগে| বৰ্তমান যুগৰ অবৈধবোৰ বেলেগে উনুকিয়াই নিদিলেও হ’ব| এই বৈধ অবৈধৰ সীমা কিহে নিৰ্ধাৰণ কৰে বাৰু? ব্যক্তিস্বাৰ্থ বাঢ়ি গৈ যেতিয়া সমাজত বিৰূপ প্ৰভাৱ পেলায় তেতিয়াই বৈধতাৰ সীমা ভংগ হয় চাগে| ৰাৱনে অবৈধভাৱে সীতাক অপহৰণ কৰাৰ ভুল নকৰা হ’লে ৰাম-ৰাৱনৰ যুদ্ধত লংকা চাৰখাৰ নহ’ল হয় চাগে| কৌৰৱৰ লালসাই সীমা চেৰাই দ্ৰৌপদীৰ সতীত্বত আঘাত নকৰা হ’লে কৌৰৱ কুল নিপাত নগ’ল হয় চাগে| ক’বলৈ লৈ দু:সাহস কৰিছো শ্ৰদ্ধেয় ভূপেন দা আৰু কল্পনা লাজমীৰ সম্পৰ্কও অবৈধ| ভূপেন দাই নিজৰ ’মই এক যাযাবৰ’ নামৰ কিতাপ খনত কোনো এক নাৰীৰ প্ৰতি থকা প্ৰেমৰ কথা নিজেই উল্লেখ কৰিছে| অলৌকিকতাৰে বৰ্ণিত ৰাম আৰু সীতাৰ জন্ম ৰহস্যও চাগে অবৈধ| সত্যবতী আৰু ঋষি পৰাশৰৰ সম্পৰ্কও অবৈধ| অবৈধতাৰ উদাহৰণ দেধাৰ আছে| হয়তো কম বেচি পৰিমাণে সকলোৰে জীৱনত অবৈধতাৰ পৰশ আছে| অবৈধতা মানুহৰ কোনোবাটো দুৰ্বল মুহুৰ্তৰ সাক্ষী| দুৰ্বলতা আছে কাৰণেই মানুহ ’মানুহ’| আৰু দুৰ্বলতাক জয় কৰাতেই মানুহৰ শ্ৰেষ্ঠত্ব প্ৰকাশ পায়|
বাস্তৱ জীৱন বাদ দি সাহিত্যৰ মাজতো অবৈধ সম্পৰ্কৰ বৰ্ণনা আছে| ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ-অনুৰাধাৰ দেশ, অনুৰাধা শৰ্মা পূজাৰীৰ- কাঞ্চন, নাহৰৰ নিৰিবিলি ছাঁ, ৰীতা চৌধুৰীৰ- পপীয়া তৰাৰ সাধু, ৰাজীৱ ঈশ্বৰ, কুমাৰ কিশোৰৰ- শতাব্দীৰ স্বপ্ন, ড: আকাশীতৰাৰ- নিষিদ্ধ, ড: দিনেশ বৈশ্যৰ- নিষিদ্ধ প্ৰান্তৰ, প্ৰাৰ্থনা শইকীয়াৰ- জঁটাধাৰী, ড: ধ্ৰুৱজ্যোতি বৰাৰ- কথা ৰত্নাকৰ, অৰুণ শৰ্মাৰ- আশীৰ্বাদৰ ৰংৰ কথা থাওকতে আঙুলিয়াই দেখুৱাব পাৰি| ড: হীৰেণ গোহাঁইৰ সপোনৰ দিকচৌ বনত তেওঁৰ নিজৰ জীৱনৰ ভুল ভ্ৰান্তিবোৰৰ বিশ্লেষণ নিজেই কৰিছে| বৰ্ণনা থাকিলেও সাহিত্যই মানুহক বিপথে পৰিচালিত নকৰে| বৰং এক তুলনামূলক সমীক্ষা দাঙি ধৰি মানুহক জীৱনৰ ইতিবাচক ফলাফলৰ পিনেহে আগবঢ়াই দিয়ে| যিটো সমাজৰ বাবে উপকাৰী| কিন্তু চিনেমা, ভিডিঅ’, টিভিৰ দৰে দৃশ্যমান শক্তিশালী মাধ্যমবোৰে আমাক কি দিছে? প্ৰত্যক্ষভাৱ নহলেও পৰোক্ষভাৱে এই মাধ্যমবোৰে মানুহক অবৈধতাৰ প্ৰতি আকৃষ্ট কৰিছে| মানুহৰ ব্যক্তিগত যুক্তিযুক্ততাক নুই কৰি বাতৰিৰ দৰে অনুষ্ঠান এটাতো কিছুমান এনে ধৰণৰ বাতৰি পৰিবেশন কৰে যিবোৰ সঁচাকৈয়ে অনৈতিক আৰু অসমৰ্থনযোগ্য| বাকী টিভিৰ চিৰিয়েলবোৰৰ কথা নোকোৱাই ভাল| চি.আই.ডি, ক্ৰাইম পেট্ৰল এনে ধৰণৰ চিৰিয়েলবোৰ সঁচা ঘটনাৰ ওপৰত আধাৰিত হ’লেও এই ঘটনাবোৰে আমাৰ মানসিকতাত যোগাত্মক প্ৰভাৱতকৈ বিয়োগাত্মক প্ৰভাৱ সোনকালেই পেলায়| টিভিৰ চিৰিয়েলবোৰৰ কাহিনীবোৰ কল্পনা প্ৰসূত হ’লেও কোনোবাখিনিত বাস্তৱৰ স’তে সংযোগ নিশ্চয় আছে| সাহিত্যৰ দৰে এই কাহিনীবোৰেও যদি আমালৈ আশাব্যঞ্জক কিবা বাৰ্তা আমালৈ কঢ়িয়াই আনিলে হয়! উচিত-অনুচিত বৈধ অবৈধ আগতেও আছিল, এতিয়াও আছে, আগলৈকো থাকিব| অন্যায়, অনীতি, দুৰ্নীতিৰ দৰে অবৈধতাও সমাজৰ বাবে অপকাৰী| অবৈধতা নিকৃষ্ট হ’লেও এই নিকৃষ্ট বিষয়্টোৱে বৰ্তমান জনজীৱনক এনেকৈ ধৰাসায়ী কৰি তুলিছে যে মানুহৰ মূল্যবোধ বিপথগামী হৈছে| অনিশ্চয়তা-নিৰাপতাহীনতাই বিভ্ৰান্তিত পেলাইছে বহুতক|
এইটো সকলোৱে জানে যে শৰীৰ হওক বা মন হওক জীৱন্ত অৱস্থাত আমাৰ মগজুটোৱে আমাক নিয়ন্ত্ৰন কৰে| মনলৈ কিবা এটা ভাব অহাৰ লগে লগে মগজুত এক ধৰণৰ কম্পনৰ সৃষ্টি হয় আৰু মগজুৱে কামটো কৰিবলৈ নিৰ্দিষ্ট অংগটোক নিৰ্দেশ দিয়ে| পঞ্চ ইন্দ্ৰিয়ৰ সুখানুভুতিৰ দৰেই বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ মনুহৰ সহজাত প্ৰবৃতি| এতিয়া প্ৰশ্ন হ’ল পুৰুষ-নাৰীৰ সম্বন্ধৰ শেষ পৰিণতি প্ৰায়ে শাৰীৰিক সম্পৰ্ক কিয় হয়? এইয়া এক ধৰণৰ অপৰাধপ্ৰবনতা নেকি? একমাত্ৰ শৰীৰ সুখকেই প্ৰাধান্য দি মানুহ কিয় পশুৰ শাৰীলৈ নামি গৈছে? উঠি অহা ল’ৰা-ছোৱালীবোৰ খুব কম বয়সতে যৌনতাৰ চিকাৰ হৈছে| এনেকি যৌনতাৰ গ্ৰাসৰ পৰা উচ্চ পদস্থ বিষয়া, মন্ত্ৰী-আমোলাকে ধৰি শিক্ষকৰ দৰে লোকো অধ:পাতে গৈছে| চাৰিওফালে মাত্ৰ অধ:পতন, কেলেংকাৰীৰ খবৰ| ইয়াৰ কাৰণ কি? ইয়াৰ উত্তৰ গৱেষকসকলে দিব|
পশিমীয়া সভ্যতাক অনুকৰণ কৰিবলৈ গৈ আধুনিকতাৰ নামত উদাৰ মনোভাৱ গ্ৰহণ কৰি ডাঙৰ ডাঙৰ মহানগৰ সমূহত জীৱন ধাৰণৰ মান কি ধৰণৰ হৈছে সেয়া সকলোৱে দেখিছে| নৈশ ক্লাব, পাৰ্টি, লিভিং টুগেদাৰ, নাৰীৰ সম অধিকাৰৰ জোৱাৰ, বেপৰোৱা মনোভাৱ, অসচেতনতা, বজাৰত সহজলভ্য যৌনগন্ধী ভিডিঅ’বোৰ, অভিভাবকসকলৰ দ্বায়িত্বজ্ঞানহীনতা এইবোৰো আধুনিকতাৰ নামত এক ধৰণৰ বিয়োগাত্মক অৱদান চাগে| বৰ্তমান নিত্য ব্যৱহাৰ্য্য সামগ্ৰীত পৰিণত হোৱা ম’বাইলৰ ব্যৱহাৰো এক ক্ৰুটীগত আহিলাই হৈ পৰিছে| এনে কি আছে শাৰীৰিক সম্পৰ্কত যে মানুহে নিজকে পাহৰি গৈছে? কেইটামান মুহুৰ্তৰ সুখ বুটলিবলৈ গৈ আপোন চিনাকি বিপদাপন্ন কৰিছে! জীৱনজুৰি বুটলা মান-সন্মানকো ধূলিস্যাত্‍ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই! নগ্ন হোৱাৰ নিচা ইমানেই ভয়ানক নে?
নগ্নতা মানুহৰ শৰীৰত নাথাকে, থাকে মানুহৰ মনত| কানি-কাপোৰেৰে শৰীৰটো ঢাকি ৰাখিলেও মানুহৰ মনটো নিৰ্লজ্জভাৱেই নগ্ন| সেয়ে সুবিধা পালেই ই মূৰ ডাঙি উঠে| মনটোৱেই সকলো অনৰ্থৰ মূল| তপ কৰি সাধনা কৰি ৰত্নাকৰৰ দৰে দস্যু যদি ঋষি হ’ব পাৰে, নিজৰ জন্ম ৰহস্যকো পাহৰাই ব্যাসদেৱে মহাভাৰতৰ দৰে কাব্যগ্ৰন্থ ৰচনা কৰিব পাৰে, ভূপেন দাৰ দৰে মহান প্ৰাণে নিজৰ কৰ্মৰ দ্বাৰা নিজক সৰ্বসাধাৰণৰ পৰা উচ্চতালৈ লৈ যাব পাৰে তেনে বাকী মানুহে ক্ষন্তেকীয়া দুৰ্বলতা জয় কৰি নিজৰ আত্মা নিষ্কলুষ কৰি ৰাখিব কিয় নোৱাৰে? কিয় ক্ষণে ক্ষণে মানুহে নিজৰ মানৱ জনমৰ সাৰ্থকতা পাহৰি পশুৰ দৰে আচৰন কৰে? সুন্দৰ পৃথিৱীখনক আৰু সুন্দৰ কৰি কিয় জীয়াই থকাৰ দিনবোৰ হাঁহিৰে সজাই নোতোলে? ধৰ্ষণ যদি অপৰাধ, সন্মতিসাপেক্ষে কৰা গোপন শাৰীৰিক সম্পৰ্কও অপৰাধ| মানুহৰ শক্তি আছে, চিন্তাত যুক্তি আছে, বিচাৰ বিবেচনা আছে, তেন্তে অলপ যত্ন কৰিলেই দেখোন এই তুচ্ছ নিচাৰ পৰা মানুহে পৰিত্ৰাণ পাব পাৰে| মানুহৰ জন্ম হয় নগ্ন হৈ| মৃত্যৰ পাছত চিতাত উঠোতেও নগ্ন হৈয়ে উঠে| জীয়াই থাকোতে নগ্ন হৈ নিজৰ পৰিচয় ৰাখি যোৱাতকৈ কৰ্মৰ দ্বাৰা নিজৰ পৰিচয় ৰাখি যাব নোৱাৰেনে?

------------------------------------------------------------------------------------------------------------

মৃত্যু এক জীৱন্ত বাস্তৱ


.....গতানুগতিক এটা দিন| সকলো কামত ব্যস্ত| অলপকৈ মুখ ফুলাই ময়ো টেবুলত বহিছোগৈ| খং উঠি আছে পষ্টমাষ্টৰৰ ওপৰত| অনিতা বাইদেউ মোতকৈ চিনিয়ৰ| তথাপি মোক আৰ.ডি. ব্ৰাঞ্চত এ.পি.এম কৰিবলৈ দিছে| চিনাকি এজেণ্টকিজনে এটা এটা কমেণ্ট দি আছে| ইন্দিৰাই ক’লে-সত্যি দিদি তুমি চব জায়গায় ফিট| কি সুন্দৰ লাগ্‌ছে না তোমাকে! বিশ্বাস দাই আহি ক’লে-দিদি ভাই তুমি এখানেই থাক’| আমাদেৰ সুবিধা হয়| গৌতমে ক’লে-চশমা কিয় নাই পিন্ধা? পিন্ধি লওক| তেতিয়া একদম চেয়াৰত খাপ খাই পৰিব| ভাগ্যশ্ৰীয়ে ধামধুম ল’ট চেকিং কৰিছে আৰু পষ্টিং দিছে| মই অনিতা বাইদেউক সুধিলো-আপুনি মোৰ ঠাইত বহিব নেকি? বহে যদি বহক মই কাউণ্টাৰত বহোঁ| নাই বাইদেউ নবহে| বাইদেউৰ ভয়| আমাতকৈ বহুত চিনিয়ৰ হ’লেও কিছুমান কাম কাজ নাজানে| বিশেষকৈ চাব-অফিচত কাম কৰাৰ কাৰণে হেড্‌ অফিচত কাম কৰিবলৈ অলপ টান পাইছে| তাতে হেড্‌ অফিচত কাম এনেও তুলনামুলক ভাৱে অলপ বেছি| ১২টা মান বাজিল| মলয় দাই পাচবুকবোৰত ডেট ষ্টাম্প মাৰি আছে| হঠাত্‌ ইন্দিৰাই আহি তাইৰ ল’ট দুটা বিচাৰি মোক আগতে চহী কৰি দিবলৈ ক’লে| মই সুধিলো কি হ’ল ক’ত প্ৰগ্ৰেম আছে| তাই ক’লে নহয় বাইদেউ সুপ্ৰিয়া সুৰৰ ঘৰলৈ যাওঁ| তেওঁৰ হাজবেণ্ড ঢুকাল নহয়! এক মূহুৰ্তৰ বাবে মই ৰৈ গ’লো| সুপ্ৰিয়া সুৰ আমাৰ অফিচৰে এজেণ্ট| মই ভালকৈয়ে চিনি পাওঁ| আগতে হিচাপত গণ্ডগোল হ’লে কিমান যে খং কৰো! কেনেকৈ কি হ’ল সুধিলো| তাই ক’লে ভালকৈ একো গম নাপাওঁ বাইদেও| তেওঁলোকে পতি-পত্নী আৰু ল’ৰাটো গোটেইবোৰ মিলি গৰম বন্ধ বুলি গুৱাহাটীলৈ ফুৰিবলৈ গৈছিল| ৰাতি অকস্মাত্‌ মানুহজন ঢুকাই থাকিল| মাক-দেউতাকৰ এজনেই সন্তান| সুপ্ৰিয়া সুৰৰো এটাই সন্তান| তাকো সৰু| ক্লাচ চিক্সত পঢ়ে| এতিয়াও ডেড্‌ বডি আহি পোৱা নাই| মই তেওঁৰ ঘৰলৈকে যাওঁ| কিছুদিনৰ আগতে সুপ্ৰিয়া সুৰৰ ভনীয়েকৰ গিৰিয়েক বাহিৰত চিকিত্‌সা কৰিবলৈ গৈ নিখোজ হৈ গৈছে| আৰু কালি নিজৰ পতিৰ মৃত্যু| ভগৱানে জানে কি হৈছে বুলি তাই গুচি গ’ল| মোলৈ থৈ গ’ল সীমাহীন বিষাদ|
  
”....মৃত্যু” এই এটা নিষ্ঠুৰ শব্দ| মানুহৰ জীৱনৰ কঠোৰ সত্য| নিৰ্মম বাস্তব| যাক কোনোপধ্যে মানি লব নোৱাৰি| সুস্থ মষ্তিস্কৰে হ’লেও স্বীকাৰ কৰি লব নোৱাৰি| বুকু ভাঙি যায়| য্ন্ত্ৰণাত গোট মাৰে হৃদয়| তথাপি হেৰায় যায় চিনাকিজনৰ অস্তিত্ব| দৃষ্টিৰ বাহিৰলৈ হাতেৰে চুব নোৱাৰা দুৰত্বলৈ গুচি যায় প্ৰিয়জন| কলিজাত ৰৈ ৰৈ বাজে এক নি:শব্দ উচুপনি| টোপ টোপকৈ নিগৰি পৰে দুচকুৱেদি দুধাৰ চকুলো| উশাহ থমকি ৰয়| সময় যেন দু:সময়! প্ৰায় প্ৰতিদিনে শুনো মৃত্যুৰ খবৰ| কেতিয়াবা কোনোবাজন চিনাকি কোনোবাজন অচিনাকি| এখন্তেক থমকি ৰৈ চিনাকিজনৰ হৈ মৌন প্ৰাৰ্থনা কৰোঁ| সাধ্যানুসৰি গৈ তেওঁৰ পৰিয়ালৰ লোকসকলৰ কাষত থিয় দিয়াৰ যত্ন কৰোঁ| তাৰ বাহিৰে দিমেই বা কি! কিন্তু আজি মোৰ হ’ল কি? কিয় স্থিৰে থাকিব পৰা নাই| বাৰে বাৰে মনত পৰিছে দেউতালৈ! অথচ দেউতা নোহোৱা হোৱা আজি ৮ বছৰ পাৰ হৈ গ’ল| আজিও চুলি পকা কোনোবা বয়সস্থ মানুহক দেখিলে মোৰ বুকুখন ধক্‌ কৈ উঠে| কিজানি দেউতা উভতি আহিল বুলি| সেয়া জানো সম্ভৱ?.....সোঁভৰিৰ বিষটো ভাল নোহোৱা দেখিয়েই ডিব্ৰুগড়ৰ মেডিকেলত দেখুৱাইছিল দেউতাই| প্ৰথমে দৰৱ পাতি খাই অলপ ভাল পাইছিল যদিও পিছলৈ  ভৰিটো একেবাৰে লৰাব নোৱাৰা হোৱাত মেডিকেলত ভৰ্তি হ’বলৈ ক’লে ডাক্তৰে| দেউতাক প্ৰথমবাৰ মেডিকেলত ভৰ্তি কৰাওঁতে আমি পাঠশালাত আছিলো| দেউতাক হস্পিতেলত ভৰ্তি কৰোৱাৰ খবৰ পাইয়ে আমি পাঠশালাৰ পৰা সোনকালে ঘূৰি আহিছিলো| সেইবাৰ মেডিকেলত প্ৰায় এমাহমান থাকি সুস্থ হৈ ঘৰলৈ উভতি আহিল দেউতা| ছমাহমানৰ পিছত আকৌ সেই একেই অৱস্থা| এইবাৰ ভৰিৰ বিষৰ লগতে ডায়েৰীয়া| বিচনাৰ পৰা নামিবই নোৱাৰে| ঔষধ-বেজী একোৱে কাম দিয়া নাই| ইফালে অৱস্থা ইমান বেয়া যে কি কৰা ভাল হব কোনেও একো সিদ্ধান্ত লব পৰা নাই| ভাল পাব পাব বুলি দুদিন তেনেকৈয়ে থকাৰ পাছত এদিন পুৱা ৰাতি ককাইদেৱে ফোন কৰি ক’লে যিমান সোনকালে পাৰ আহ| দেউতাৰ অৱস্থা একেবাৰে বেয়া| মাতো ওলোৱা নাই| খবৰটো পায়েই এওঁ গ’ল গাড়ী আনিবলৈ| মই গা পা ধুই ল’ৰাটোকো উলিয়াই আজৰি হৈ ল’লো| তেনেতে বাইদেৱে ফোন কৰি ক’লে তহঁতে ৰৈ থাক আমি আহি আছো| আধাঘণ্টামানত পাই যাম| ইফালে মানুহজনে চিনাকি গাড়ী দুখনৰ এখনো নাপায় উভতি আহিল| মই বাইদেউহঁত আহি আছে বুলি কোৱাত যেনিবা তেওঁ সকাহ পালে| আটাইবোৰে ঘৰ গৈ পাই দেখো মানুহেৰে ভৰি ঘৰখন| চোতালত নামিয়েই উচপ খাই উঠিলো কিবা হ’ল নেকি বুলি! ভিতৰলৈ গৈ দেখো নবৌৱে ভতিজীজনীৰ হতুৱাই দেউতাক গৰম পানীত তিয়াই বিস্কুট খুৱাই আছে| মায়ে ওচৰতে প্ৰস্তৰ মূৰ্তিৰ দৰে থিয় আছে| আমাক দেখাৰ লগে লগেই ককাইদেৱে তহঁতেও কোনে কি খুৱাঅ’ খুৱাই ল’, পাছত আৰু পাৱ নে নাপাৱ ঠিক নাই বুলি উচুপিবলৈ লাগিল| বাইদেৱেও লগে লগেই কান্দোন আৰম্ভ কৰা দেখি মই ধমকি লগাই মনে মনে থাক বুলি দেউতাৰ ওচৰলৈ গ’লো| দেউতাৰ মূৰত হাতখন ফুৰাই দি সুধিলো দেউতা ভাগৰ লাগিছে নেকি? দেউতাই লাহেকৈ লাগিছে বুলি ক’লে| আমি আটায়ে মই, মোৰ ল’ৰাটো, মোৰ মানুহজন, বাইদেউ, ভাগিন দুটা আৰু ভিনিদেৱে দেউতাই পানীকে এচামুচ এচামুচকৈ খুৱাই দিলো| কিছুপৰ ৰৈ মা-নবৌ আৰু ভন্টিৰ লগত ভালকৈ কথা বতৰা পাতি কি কথা বতৰা কোনে চাইছে সবিশেষ লৈ দেউতাক আকৌ ডিবুগড়লৈকে লৈ যোৱাটোকে ঠিক কৰিলো| ভিনিদেৱে ক’লে তেওঁ যাব নোৱাৰে| কাৰণ তেওঁ সেইকেইদিন ফিল্ডত ফুটোৱা বমখিনিৰ চাৰ্জত আছে আৰু সেইদিনা তেওঁৰ ভিজিলেঞ্চ আহিব| উপায়ো নাই| ককাইদেৱে আৰু মোৰ মানুহজনে এখন ভাড়া মৰা গাড়ী আনিলেগৈ| দেউতাক থবলৈ ককাইদেউ, মা, ভণ্টি আৰু মোৰ মানুহজন ওলাল| নবৌ আৰু মই মিলি মা আৰু দেউতাৰ লাগতিয়াল কাপোৰ-কানিখিনি সামৰি দিলো| দেউতাক লৈ গুচি গ’ল গাড়ীখন| কব নোৱাৰাকৈয়ে মোৰ মুখেদি ওলাল দেউতা বা আৰু ঘূৰি আহে নে নাহে! সঁচাকৈ সেই যে দেউতা ঘৰৰ পৰা গ’ল আৰু কোনোদিনেই উভতি নাহিল|
...সেইদিনা মেডিকেলত থবলৈ গৈ ককাইদেউৰ যি ৰূপ ভণ্টিয়ে ঘৰলৈ ঘূৰি আহি তাকে কৈ কান্দি কান্দি ভাগৰি গ’ল| দেউতাক লৈ সিহঁত গৈ পাওঁতে যথেষ্ট পলম হৈছিল| কেবিন খালি নাই| আৰু মেডিকেলত যেতিয়াই তেতিয়াই কেবিন পোৱাও নাযায়| ডাক্তৰে চাই মেলি জেনেৰেল ৱাৰ্ডতে ভৰ্তি কৰি দিলে| জেনেৰেল ৱাৰ্ডত অসুখীয়া মানুহৰ লগত মাইকী মানুহ থকাটো বৰ কষ্টকৰ| সেয়ে মায়ে ককাইদেওক থাকিবলৈ ক’লে| কিন্তু ককাইদেৱে মাক ভেকাহি মাৰিহে উঠিল| দেউতাইও ভাবিছিল সি থাকিব বুলি| কিন্তু সি কোনোপধ্যেই নাথাকে| তেনেতে দেওতাৰ পায়খানা লাগিল| এতিয়া জেনেৰেল ৱাৰ্ডত মায়ে দেউতাক কেনেকৈ নিয়ে! তাতে দেউতাই ভালকৈ খোজ দিবই নোৱাৰে| ককাইদেওক কোৱাত সি বোলে -ৰব এনেই চিন্তাত তত্‌ পোৱা নাই এতিয়া আকৌ হাগিব লাগিছে| ৰখাই থওক| মায়ে দেউতাৰ অৱস্থা দেখি ওচৰতে আন বেমাৰীৰ লগত ৰখীয়া হৈ থকা দুজন অচিনাকি ল’ৰাকে দেউতাৰ কথাটো বুজাই কোৱাত তেওঁলোকে ধৰি মেলি দেউতাক যেনিবা লৈ গৈছিল| তেনেতে কেবিনৰ খবৰ কৰিবলৈ যোৱা মোৰ মানুহজন আহি পোৱাত পিছৰখিনিত যেনিবা তেওঁ সাৰথি হ’ল| দেউতাক আনি আকৌ বিচনাত থৈ তেওঁ মাক বুজাই ক’লে আজি কোনোমতে কেবিন পোৱা নাযাব মা| কিন্তু কাইলৈ পাম| মই কেবিন  এলট কৰা মানুহজনৰ লগত সকলো বন্দবস্ত কৰি থৈ আহিছো| আজি অলপ কষ্ট হ’ব উপায় নাই| মায়ে ক’লে তহঁত তেনেহ’লে যাগৈ যা| দেউতাৰ লগত ভণ্টিৰ থকাৰ প্ৰশ্নই নুঠে| ককাইদেউ বা মোৰ মানুহজন থাকিব পাৰিল হয়| ককাদেৱেতো থকাৰ নামেই নলয়| মোৰ মানুহ্জনৰো ৰাতি ডিউটি থকাত তেওঁও মাক অকলে দেউতাৰ লগত অকলে এৰি থৈ গুচি আহিল| ৰাতি তেওঁ মোলৈ ফোন কৰাত মই মাথো ক’লো মোৰ দেউতা কাৰণেই আপুনি তেওঁক তেনেকৈ এৰি থৈ আহিল ন? তেওঁ ক’লে যে সঁচাকৈ তেওঁৰ এৰাব নোৱাৰা ডিউটি থকাৰ বাবেহে দেউতাক এৰি থৈ আহিল| আৰু তেওঁ হেনো ককাইদেও থাকিব বুলি ভাবিছিল| পিছদিনা মই একো নোকোৱাকৈয়ে তেওঁ নিজে নিজেই গৈ কেবিনৰ সকলো বন্দৱস্ত কৰি দেউতাক জেনেৰেল ৱাৰ্ডৰ পৰা কেবিনলৈ গৈ গৈছিল লগতে মাক লাহোৱাললৈ পঠায় তেওঁ দেউতাৰ লগত থাকিল| তাৰ পিছত দেউতা যিমান দিন মেডিকেলত থাকিল প্ৰতি শনি আৰু দেওবাৰে তেওঁ দেউতাক ৰখিবলৈ যায়| অফিচ বন্ধ থাকিলেও যায়| সেইকেইদিন মাৰ অলপ সকাহ হয়| এটা বা দুটা নিশা মায়ে অলপ শান্তিৰে শুবলৈ পায় লাহোৱালত| একমাত্ৰ পুত্ৰ বুলিয়েই ককাইদেউৰ প্ৰতি মা-দেউতাৰ টানটো অলপ বেছি আছিল| কিন্তু দেউতা মেডিকেলত থকা দুমাহত সি এদিনলৈকো দেউতাক ৰখি নাপালে| টকা-পইচাৰে সহায় কৰিলেও ভিনিদেৱেও দেউতাক এদিন ৰখি নাপালে| বাকী দেউতা জীয়াই থাকোতে ককাইদেৱে কি দিলে কি নিদিলে সেইবোৰ নকওঁ আৰু| গৰু বিহুৰ দিনা মা-দেউতা মেডিকেলত| বন্ধ বুলি মোৰ মানুহজনো আছেগৈ দেউতাৰ লগত| আমি মানে মই আৰু মোৰ ল’ৰাটো, বাইদেউ-ভিনিদেউ আৰু ভাগিন দুটা, ভণ্টি, ককাইদেউ, নবৌ আৰু ভতিজাজনী গৰু বিহু বুলি মেডিকেললৈকে ওলালো মা-দেউতাক সেৱা কৰো বুলি| আগদিনাই এওঁ ফোন কৰি কৈছিল দেউতাৰ অৱস্থা খুবেই বেয়া| আমি গৈ পাওঁ মানে দেখো ভণ্টিয়ে বাৰান্দাত ৰৈ কান্দি আছে| দেউতাই ভ্ৰম বকি আছে| মানুহবোৰ এবাৰ এবাৰ চিনি পায় এবাৰ এবাৰ নাপায়| সেই চেতন অচেতন অৱস্থাতে কিন্তু দেউতাই ডাঙৰ ভাগিনটোক কৈছে ভালকৈ পঢ়িবি বাবা| তই ডাঙৰ মানুহ হ’ব লাগিব| আমাৰ নাম ৰাখিব লাগিব| বিহুৰ দিন| মেডিকেলৰ কৰ্মচাৰীৰো ছুটি| দুদিন ডাক্তৰো নাহে চাবলৈ| ইফালে দেউতাৰ অৱস্থাৰো কোনো উন্নতি নাই| সকলোৱে কথা পাতি দেউতাক ঘৰলৈকে লৈ যোৱাটো ঠিক কৰিলো| কিবা হয় যদি ঘৰতেই হওক| অন্ত:ত মানুহখিনিটো কাষত পাব| ভিনিদেৱে আৰু মোৰ মানুহজনে ডাক্তৰৰ কথা পাতি আহিলগৈ| তেওঁও একে কথাকেই ক’লে| আদিত্যৰ পৰা এম্বুলেঞ্চ বুক কৰিলো| অক্সিজেন মাক্সো ভাৰাত ল’লো| ভগৱানৰ নাম লৈ লাহে লাহে আমি আহি আছো ঘৰ অভিমুখে| বুকুত সকলোৰে কঁপনি| এক অনিশ্চিত ভাৱনাত অসাৰ মন মগজু| ভিনিদেউৰ গাড়ীত আমি আগে, ভানখনত দেউতাৰ লগত মা, ককাইদেউ আৰু মোৰ মানুহজন পাছে পাছে| বাটত দুবাৰ তিনিবাৰমান গাড়ী ৰখাই দেউতাক পানী খুৱাইছে| কিন্তু পানীতোলাৰ পেট্ৰ’ল ডিপো পোৱাৰ আগে আগে পাছফালৰ পৰা আকৌ ইঙ্গিত দিলে আমাৰ গাড়ী ৰখাবলৈ| গাড়ী ৰখাইয়ে আমি আটাইকেইটা দৌৰি গ’লো| কোনেও একো নাই মতা| ককাইদেৱে গাড়ীৰ পৰা ওলাই দৌৰ মাৰিলে| তাৰপাছতহে সম্বিত ঘূৰাই পাই ভিনিদেৱে ককাইদেউক সাবতি ধৰিছিল| পাৰ ভঙা কান্দোনত উটি গৈছিলো আমি| মায়ে দেউতাক মাতিছিল মোৰ ফালে এবাৰ চাওকচোন| মোক নামাতে নেকি? মই আপোনাৰ নাৰ্চ আছিলো যে!....গুচি গৈছিল দেউতা| খং-ৰাগ-মৰম-চেনেহ-মান-অভিমান সকলো পাহৰি আমাক নিঠৰুৱা কৰি গুচি গৈছিল কোনোবা দূৰ-দূৰণিলৈ| কান্দি কান্দি এসময়ত কান্দিব নোৱাৰা হৈ গৈছিলো| চোতালত শুৱাই দিয়া দেউতাক নিজ হাতেৰে মাহ-হালধি সানি শেষবাৰলৈ গা ধুৱাই দিছিলো| আজিও মোৰ হাতত দেউতাত মৃতদেহাৰ পৰশ লাগি আছে| আজিও ঘৰলৈ গ’লে মোৰ ভাৱ হয় দেউতা যেন ওচৰতে ক’ৰবাত ৰৈ আছে মনে মনে| সুবিধা পালেই মোক ক’ব-তোৰ সুখ হ’ব আই!
....দেউতা গুচি যোৱাৰ ইমান বছৰৰ পিছতো কিছুমান কথাৰ বাবে ককাইদেউক মই আজিও ক্ষমা কৰিব নোৱাৰো| মোৰ নিজৰ জীৱনত কি হৈছে কি নহৈছে সেইবোৰ সৰু কথা| কিন্তু তাক কাষত পোৱাৰ হেঁপাহ কৰি কৰিয়েই জীয়াই থকা দিনবোৰত দেউতাৰ এনে কিছুমান কষ্টকৰ স্মৃতি মই বুকুত সাঁচি থৈছো যাৰ বাবে তাক আজিও মোৰ অমানুহ যেন লাগে| অথচ তাৰে বেমাৰ| ২০১০ চনত এটা মটৰ চাইকেল দুৰ্ঘটনাত বৰ বেয়াকৈ আঘাটপ্ৰাপ্ত হৈ দুটা ডাঙৰ অপাৰেচনৰ জৰিয়তে কোনোমতে এইবাৰলৈ জীৱনটো বাচিল তাৰ| কিন্তু এতিয়া সিয়ো যেন প্ৰসহনৰ পথত| আগছোৱাত মোৰ যি ইচ্ছা তাকেই কৰিম বুলি অতিমাত্ৰা মদ-মাংসৰে সময় কটোৱা ককাইদেউৰ এতিয়া পেংক্ৰিয়াইটিছত ভুগি অৱস্থা খুবেই বেয়া| ইয়াত কৰিব পৰা সকলোখিনি চিকিত্‌সা কৰাৰ পিছতো তাৰ স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাত ডাক্তৰে তাক হায়দৰাবদলৈ পঠাইছে| অহা ১৭ তাৰিখে সিহঁত তালৈ যাব| উদাস উদাস লাগিছে মনটো| পুত্ৰ হিচাপে সি দেউতাৰ প্ৰতি তাৰ কোনো কৰ্তব্যই নকৰিলে| তাৰ ঠাইত আমি বিয়া দিয়া জীয়েক দুজনীয়ে, জোঁৱায়েক দুজনে যিমান পাৰো কৰিলো| শক্তিৰে আঁতে মানে কৰিলো| তথাপি দেউতাক জীয়াই তুলিব নোৱাৰিলো| দেউতাই মৰাৰ আগতে মাক কৈ গৈছিল তোমাৰ  কোনো কষ্ট নহয় দিয়া| ইহঁত কেইজনী আছে| তুমি জোঁৱাই দুটা বৰ ভাল পাইছা| সিহঁতে চাব তোমাক| সোণমণিকো সিহঁতেই বিয়া দিব| তুমি একো চিন্তা কৰিব নালাগে| কিন্তু আজি নিজে মৃত্যুপথৰ পথিক হৈ ককাইদেৱে সেইদিনা নবৌক কৈছে সকলোকে মাতি এসাজ ভাত একেলগে খাই যাম| কোনে জানে আকৌ লগ পাওঁ নে নাপাওঁ? কিজানি আৰু উভতি নাহোঁৱেই! জ্বলা-পোৰা কৰিছে মোৰ বুকুখন| কান্দোন এটাই বাট হেৰুৱাই ঘূৰি ফুৰিছে নেকি তাত?
....কোনোদিনেই কোনো কথাই দ’কৈ নভবা ককাইদেৱে বাৰু মনে মনে কি ভাবিছে? মোৰ দৰে সিয়ো দেউতালৈ মনত পেলাইছে নেকি? তাৰো অলপ ভয় লাগিছে নেকি মৰিম বুলি? মৃত্যু জানো শিল্প হ’ব পাৰে? জীৱন ডাঙৰ নে মৃত্যু ডাঙৰ? জন্ম-মৃত্যু-বিবাহৰ কথা হেনো বিধাতাৰ বাহিৰে কোনেও নাজানে| তেনে জীয়াই থকা দিনকেইটা কিহৰ তাৰণাত অবাবতে খোৱা-কামোৰা কৰি মৰোঁ? কিয় ক্ষুদ্ৰ স্বাৰ্থৰ মায়াজালৰ পৰা মুক্ত হ’ব নোৱাৰো? চকুত ভাঁহি উঠিছে মৃত্যু শয্যাত শুই পৰা দেউতাৰ প্ৰশান্তিৰে ভৰা মুখখন| ইও গুচি যাব নেকি বেমাৰৰ অজুহাত ধৰি? মাৰ কি হ’ব? স্বামীহাৰা হোৱাৰ পিছত এইবাৰ যদি পুত্ৰহাৰাও হয়? পুত্ৰ-নাতি নাই বুলি মাৰ এনেও মনত দুখ| ভাবিব পৰা নাই একো| শিপা নোহোৱা মানুহৰ দৰেই মোৰো চিন্তাই আঁত হেৰুৱাইছে...... 

*********************************************************************************

নাৰী দিৱস নাৰীবাদ আৰু মই


৮ মাৰ্চত বছৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় । আচলতে দিৱস মানেনো কি ? কোনো এটা দিন বিশেষভাবে বিশেষ উদ্দেশ্য বা কাৰণত উদ্‌যাপন কৰা হয় , এয়ে নহয় জানো? যেনে বিষ্ণু দিৱস, জ্যোতি দিৱস, শিশু দিৱস, শিক্ষক দিৱস ইত্যাদি ইত্যাদি। এই দিৱসবিলাকৰ তাত্‌পৰ্য্য বহলাই নকলেও হ’ব। কিন্তু নাৰী দিৱস! বিশেষভাবে এটা দিন উদ্‌যাপন কৰাটোৱে বাৰু কি সূচায়? নাৰী জাতি বিলুপ্তিৰ পথত তাক সংৰক্ষণ কৰাৰ প্ৰয়োজন ? নে অস্তিত্ব ৰক্ষাৰ দৌৰত সঁচাকৈয়ে নাৰীৰ অস্তিত্ব আজি বিপদাপন্ন ? এয়া নাৰীৰ প্ৰতি সন্মান নে অপমান নে জনজাগৰণৰ এটা প্ৰচেষ্টা ? ইমান ডাঙৰ ডাঙৰ কথাবোৰ নুবুজোঁ । মই সৰু মানুহ । সৰু সৰু কথাতে সুখ দুখ বিচাৰি পাওঁ । বিচাৰি ফুৰোঁ । মানুহজনে কেতিয়াবা এই লৈ অভিযোগ কৰে কিনো তুমি সৰু সৰু কথাতে ইমানকৈ লাগি থাকা বুলি। তেওঁক এতিয়া মই কেনেকৈ বুজাওঁ মোৰ পৃথিৱীখনেই যে সৰু। আধাফুটা কলিটোতে মই সমস্ত সৌন্দৰ্য্য বিচাৰি পাওঁ! কোমলকৈ ওলোৱা সেউজীয়া পাতটিতে মই জীৱনৰ সন্ধান পাওঁ ! এটোপাল নিয়ৰতে মই আকাশৰ ৰামধেনুৰ সাঁতোৰঙ বিচাৰি পাওঁ! এটা পৰশ এটা চুমা এটা আলিঙ্গনে মোৰ জীৱন জোৰা তৃষ্ণা নিৰ্পাবিত কৰিব পাৰে! নুবুজে তেওঁ। তেওঁৰ বাবে এইবোৰ সাধুকথা। অথচ সাধুকথাই যে মোৰ প্ৰিয় !!! 
....সৃষ্টিকৰ্তাই যেতিয়া জীৱৰ সৃষ্টি কৰিছিল তেতিয়া তেওঁ নিশ্চয় জীৱজগতৰ পাৰিপাৰ্শ্বিকতা আৰু ভাৰসাম্যতা ৰক্ষা কৰিব পৰাকৈয়ে জীৱৰ সৃষ্টি কৰিছিল। ৰং ৰূপ গুণ আকাৰ প্ৰতিটো ক্ষেত্ৰতে ভিন্নতা ৰাখিয়েই জীৱৰ সৃষ্টি কৰিছিল। স্বৰূপভেদে সকলো জীৱৰ মাজতেই বৈষম্য বিৰাজমান, ঐক্য মাথো এটাতে আমি পৃথিৱী নামৰ গ্ৰহটোৰ বাসিন্দা। একেই বায়ু পানী সেৱন কৰিয়েই সকলো প্ৰাণীয়ে জীৱন ধাৰণ কৰিছোঁ। এটা সৰু উদাহৰণ দিওঁ -যদি সৃষ্টিকৰ্তাই ১০টা বাঘৰ বিপৰীতে ১০টা হৰিণা সৃষ্টি কৰিলে হয় আৰু থাওকতে বাঘে হৰিণাকেইটা খাই পেলোৱাৰ লগে লগেই হৰিণাৰ প্ৰজাতি পৃথিৱীৰ পৰা লোপ পালে হয়। তাৰপাছত লাহে লাহে খাদ্যৰ অভাবত বাঘকেইটাই মৃত্যুবৰণ কৰাৰ লগে লগে বাঘৰ প্ৰজাতিও পৃথিৱীৰ পৰা নি:শেষ হৈ গ’ল হয়। বহুক্ষেত্ৰত এনেকুৱা হৈছেও। যিদিনাৰ পৰাই মানুহে প্ৰকৃতিক নিজ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ লৈছে প্ৰাকৃতিক ভাৰসাম্য নষ্ট হৈছে। ইয়াৰ ফলাফলে কি ভয়াবহ পৰিণতি কঢ়িয়াই আনিছে সেয়া সকলোৰে চকুৰ আগত। সৃষ্টিৰ পাতনিৰে পৰাই কেৱল মানুহ বুলিয়ে নহয় গছ-গছনি, পশু-পক্ষী সকলো প্ৰজাতিতে দুটা ভাগ বা প্ৰকাৰ আছে; সহজ অৰ্থত সেয়া হৈছে মতা আৰু মাইকী। জীৱ জগতৰ অস্তিত্ব বৰ্তাই ৰখাৰ স্বাৰ্থতে দুই লিঙ্গৰে সমান অবদান আছে। মতা আৰু মাইকী দুয়োৰে সঙ্গমৰ ফলতহে পুনৰ আৰু এটা নতুন জীৱৰ সৃষ্টি হয় আৰু ক্ৰমান্বয়ে এনেদৰেই প্ৰত্যেক প্ৰজাতিৰে জীৱৰ বিস্তাৰ হয়। এই সম্পৰ্কত সৰুতে হোৱা মোৰ এটা উপলব্ধিৰ কথা কওঁ। দেউতাৰ চাকৰি থাকিলেও চাৰিটা ল’ৰা ছোৱালীৰ পঢ়া-শুনাৰে সৈতে আমাৰ ছজনীয়া পৰিয়ালটো চলা-মেলাত প্ৰায়ে কষ্ট হয়। সেয়ে মায়ে হাঁহ কুকুৰা পুহিছিল আৰু সেইবোৰ চোৱাচিতাৰ ভাৰ মোৰ ওপৰত পৰিছিল। কণী পৰাৰ পাছত কুকুৰাবোৰে উমনি লয়। ময়ো কুকুৰাজনীয়ে উমনি লোৱা দেখি বাহটো ঠিক ঠাক কৰি দি ১৫টা কণী উমনি ল’বলৈ দিলো। সময় হোৱাৰ পাছতো পোৱালি নোলোৱা আৰু কণীবোৰ ক’লা পৰা দেখি এদিন এটা কণী ভাঙি চালো। দুৰ্গন্ধত মোৰ বমি হৈ গ’ল। কণীকেইটা গেলিছিল। পাছত এনাইয়ে মাত্ৰ কৈছিল যে মতা কুকুৰা নাছিল কাৰণেই পোৱালি নোলাল। কথাটো বহুত  ডাঙৰ হোৱালৈকে মোৰ বাবে সাঁথৰ হৈ আছিল। এতিয়া মোৰ প্ৰশ্নটো হ’ল জীৱ জগতৰ সকলোতে মাইকীবোৰৰ সহ-অৱস্থান অনস্বীকাৰ্য্য। তেনেস্থলত জীৱশ্ৰেষ্ঠ মানুহ হৈয়ো কিয় নাৰীয়ে আকৌ সুকীয়াকৈ নিজৰ অস্তিত্বৰ বাবে সংগ্ৰাম কৰিব লগা হ’ল? ইয়াৰ বাবে দায়ী কোন? অকল পুৰুষসকলেই ইয়াৰ বাবে জগৰীয়া নে কিছুদূৰ নাৰীসকলো তাৰবাবে জগৰীয়া ? প্ৰত্নপ্ৰস্থ যুগতও জীয়াই থাকিবলৈ পুৰুষ নাৰী সকলোৱে একেলগে উমৈহতীয়াভাবে সংগ্ৰাম কৰিছিল। আদিতে পৰিয়াল বিস্তাৰত নাৰীগৰাকীৰ কষ্টক স্বীকাৰ কৰিয়েই হওক বা আন কাৰণতে হওক নাৰীয়েই একোটা দলৰ মূৰব্বী আছিল । কিন্তু কালক্ৰমত মানৱ সভ্যতাৰ বিকাশৰ লগে লগে সমাজ সৃষ্টি হোৱাৰ পৰাই শাসনৰ বাঘজৰী পুৰুষৰ হাতলৈ গ’ল আৰু নাৰীৰ স্থান অৱনমিত হৈ গৈ থাকিল গৈ থাকিল গৈয়েই থাকিল।(এই কথাখিনি ৰাহুল সংস্কৃত্যায়েনৰ ভল্গাৰ পৰা গংগা নামৰ কিতাপখনত খুউব সুন্দৰকৈ বৰ্ণিত আছে।)…আৰু আজি একবিংশ শতিকাত ভৰি দিও আমি সঁচা অৰ্থত মানুহ হোৱাৰ স্বীকৃতি নাপালো। অতীজতে এসময়ত পুৰুষশাসিত সমাজত নাৰীৰ স্থান ক’ত আৰু কি ৰূপত আছিল তাক আজি আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। 
.....প্ৰথম অৱস্থাত নাৰী নিজেও কিন্তু নিজৰ উন্নতিৰ বাবে উন্মুখ হৈ উঠা নাছিল। বৰং দুখ যাতনা অপমান লাঞ্চনা গঞ্জনা এই সকলোবোৰ নিয়তি অথবা ভাগ্যৰ লিখন বুলিয়ে মানি আহিছিল। বহুত বেছি দূৰলৈ যাব নালাগে, এটা মাত্ৰ শব্দ “বঙহৰদেউ” বুলি মতাৰ কাৰণেই আইদেউ সণ্দিকৈৰ একাকীত্বৰ যন্ত্ৰণাই আমাক তাকেই কৈ নাযায় নে? আশাপূৰ্ণা দেৱীৰ প্ৰথম প্ৰতিশ্ৰুতি, সুৱৰ্ণলতা আৰু বকুলকথাত সেই সময়ছোৱাৰ জীৱন্ত বৰ্ণনা দিয়া আছে। পঢ়োতেই মোৰ গাৰ নোম ডাল ডাল হৈ গৈছিল। যিয়ে তাক ভোগ কৰিছিল তেওঁলোক বাৰু কেনেকৈ জীয়াই আছিল? পূৰবী বৰমুদৈৰ ৰূপোৱালী নৈৰ সোণোৱালী ঘাটতো আছে এটা জীৱনতে ক্ৰমাত যন্ত্ৰণাৰ পৰা মুক্তিৰ হাতবাউলি স্বীকাৰ কৰা এজন বুৰঞ্জী লিখাৰ মানুহৰ কথা। এই কিতাপসমূহ আচলতে একো একোখন দলিল। জীৱন আৰু যন্ত্ৰণাৰ জীৱন্ত কিংবদন্তি। আজিকালি কাগজে পত্ৰই, টি.ভি-ৰেডিঅ’ৰ বাতৰিবোৰতো প্ৰয়ে শুনা যায় নাৰীবাদৰ কথা। নাৰীৰ অত্যাচাৰৰ কথা। নাৰীৰ সম অধিকাৰৰ কথা। তাৰবাবে অনেক অনুষ্ঠান প্ৰতিষ্ঠানো ওলাইছে। আইন কানুনো হৈছে। ভাল কথা। কিন্তু অধিকাৰ কোনোবাই কাৰোবাক দিব পৰা বস্তু নে অৰ্জন কৰা বস্তু ? ইয়াক কিনিব পৰা যায় নে ? এইক্ষেত্ৰত অধিকাৰ বুলি কোৱাতকৈ মই অৰ্হতা অথবা যোগ্যতা বুলি ক’বলৈ ভাল পাম। মোৰ যোগ্যতাৰে মোৰ সন্মুখত থকাজনক মই যিদৰে প্ৰভাৱাম্বিত কৰিব পাৰিম তেওঁৰ পৰা সেইদৰেই প্ৰত্যুত্তৰ বা সঁহাৰি পাম।…..উন্নতিৰ চুড়ান্ত শিখৰত উপনীত হৈয়ো শুনিবলৈ পাওঁ যৌতুকৰ বাবেই বোৱাৰী হত্যাৰ কথা । বিয়া দিব নোৱাৰি মাক দেউতাকৰ হতাশাক প্ৰত্যক্ষ কৰিব নোৱাৰি আত্মহত্যা কৰা দুৰ্ভগীয়া গাভৰুহঁতৰ কথা। এতিয়াও চলিয়ে আছে গোপনে ভ্ৰুণ হত্যাৰ কাৰবাৰ। নাৰীচক্ৰৰ হাতত পৰি শ শ জীয়ৰী বোৱাৰীয়ে কদৰ্য্য জীৱনত ভৰি দিয়াৰ খবৰে এতিয়াও তোলপাৰ কৰে চৌদিশ। এইখন ভাৰততে বিহাৰত এখন গাঁও আছে য’ত ছোৱালীবোৰৰ কেতিয়াও বিয়া নহয় , মাত্ৰ দামৰ বিনিময়ত ছোৱালীবোৰে পুৰুষৰ শৰীৰৰ দাবী পূৰণ কৰে। বহুত বছৰ আগতে বহাগতে পাতি যাওঁ বিয়া বুলি এখন কিতাপ পঢ়িছিলোঁ। তাতো পাইছিলো পৃথিৱীৰ প্ৰতিটো প্ৰান্ততে কিদৰে নিয়মৰ নামত নাৰীবোৰ পুৰুষৰ হাতৰ পুতলা আছিল। পশুতকৈয়ো নিম্নস্তৰৰ আছিল নাৰীসকলৰ জীৱন। বাকী ৰজা মহাৰজা বাদ্‌শ্বাহবোৰৰ জাক জমকতা আমোদ প্ৰমোদৰ আঁৰত থকা কেলেংকাৰীবোৰৰ কথা ন’কলোৱেই যেনিবা! পুৰুষশাষিত সমাজত পুৰুষৰ দম্ভ আছে তাত সন্দেহ নাই। কিন্তু পুৰুষক “পুৰুষ” হোৱাৰ গৰ্ব অনুভৱ কৰিবলৈ দিয়ে কোনে ? নাৰীসকলেই নহয় জানো ? কিন্তু আমি নাৰীসকলনো নিজকলৈ কিমান সজাগ ? কথাই কথাই ধৰ্ণা দিয়া , কথাই কথাই নাৰী অধিকাৰক লৈ আন্দোলন কৰা নাৰীসকল সঁচাকৈয়ে সচেতননে ? 
......সাধাৰণভাবে চাবলৈ গ’লে এজন পুৰুষ আৰু এগৰাকী নাৰীয়ে যেতিয়া সমাজৰ অনুমতি লৈ এটা বান্ধোনত বান্ধ খায় তাক বিয়া বোলে । তাৰপাছত বংশ আগবঢ়াই নিবলৈকে হওক বা বৃদ্ধ বয়সত তেওঁলোকৰ সাৰথি হ’ব বুলি ভবাৰ স্বাৰ্থতে হওক সন্তানৰ আমন্ত্ৰন কৰে । সন্তান জন্মাৰ এই প্ৰক্ৰিয়াটোত দুয়োজনেই সমান অংশীদাৰ। পুৰুষৰ শুক্ৰাণুৱে ডিম্বাণু নিষিক্ত কৰি দিয়াৰ পৰা আৰু নাৰীৰ জৰায়ুৱে তাক ধাৰণ কৰি সন্তানটো প্ৰসৱ কৰালৈকে সমস্ত ঘটনাটোৱেচোন পৰস্পৰে পৰস্পৰৰ প্ৰতি নিৰ্ভশীলতাকে সূচায়। তথাপিও প্ৰায়ে কিয় দেখা যায় নাৰীগৰাকীক গৰ্ভৱতী কৰিয়ে পুৰুষসকলে দ্বায়িত্ব এৰে । তাৰমানে এইটো নেকি যে পুৰুষৰ পুৰুষত্ব একমাত্ৰ সেই কাৰ্য্যটোৱে প্ৰতিফলিত কৰে ? মানুহ হোৱাৰ , নিজকে মানুহ বুলি কোৱাৰ আন একো কৰ্তব্যবোধ বা দ্বায়িত্ববোধ তেওঁলোকৰ নাইনে ? এখন্তেকৰ কাৰণে হ’লেও তেওঁলোকে কিয় নাভাবে যে নাৰী নাথাকিলে পুৰুষো নাথাকিব। পুৰুষ নিজে স্বয়ংসম্পূৰ্ণ নহয় । নাৰীও নিজে নিজে পূৰ্ণ নহয় । পুৰুষ নাৰী দুয়ো এখন নদীৰ দুটি পাৰ । এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । সংসাৰ বুলি ক’লে অলপ দিয়া লোৱা , অলপ এৰা ধৰা ,অলপ বুজা পৰাৰ যি নিৰৱিছিন্ন ধাৰা সি সমান্তৰালভাবে চলি থাকিলেই সংসাৰখন সুখৰ হৈ উঠে। কিন্তু কাৰ্য্যত: কি দেখা যায় ? পুৰুষজনে পুৰুষ হোৱাৰ অহংকাৰতে হওক বা প্ৰচলিত চিন্তাধাৰাক প্ৰতিফলিত কৰিয়ে হওক বা আৰ্থিক নিৰাপত্তা দিয়াৰ যুক্তিতে হওক সংসাৰ নামৰ বোজাটো নাৰীগৰাকীৰ মূৰত জাপি দিয়ে। পুৰণিকালৰ কথা বেলেগ আছিল। ঘৰখন চলাবলৈ পুৰুষজনে অহৰহ অৰ্থ উপাৰ্জনত বা খাদ্য সংগ্ৰহত ব্যস্ত থাকিব লগা হৈছিল আৰু বংশৰক্ষাৰ বাবে সন্তান জন্ম দি সিহঁতক প্ৰতিপাল কৰি ঘৰুৱা কামকাজত নাৰীগৰাকী ব্যস্ত থাকিব লগা হৈছিল। সময়ৰ গতিত ইয়েই চাগে পুৰুষক শক্তিমান আৰু নাৰীক অবলা হিচাবে চিহ্নিত কৰিলে আৰু ক্ৰমবিবৰ্তনত আজি নাৰীয়ে নিজৰ অস্তিত্ব বিচাৰি সংগ্ৰাম কৰিব ল’গা হ’ল। যাৰ পৰিপ্ৰেক্ষিত্বত নাৰীবাদে গা কৰি উঠিল। কিন্তু ইয়ো যেন এক প্ৰহসন মাথোন!! বহুত বেছি বিতৰ্কৰ মাজলৈ নাযাওঁ। যুগে যুগে নাৰী অবহেলিত হৈ আহিছে সেয়া সঁচা কথা। সীতাৰ পৰা জয়্মতীলৈকে সমস্ত ঘটনাৰাজিতেচোন টোপ টোপ কৈ বেদনাৰ ৰসেই নিগৰে । আজিওটো তাৰ ৰেঙনি জিলিকে সময়ে সময়ে ! 
......ক’ৰবাত পঢ়িবলৈ পাইছিলোঁ পৌৰাণিক কালত পুৰুষৰ যেনেকৈয়ে ইচ্ছা তেনেকৈয়ে নাৰীসকলক ভোগ কৰিছিল । তাৰবাবে নাৰীসকলৰ ইচ্ছা অনিচ্ছাক গুৰুত্ব দিয়া দূৰৰ কথা সোধাৰো প্ৰয়োজনবোধো কৰা নাছিল । কিন্তু নাৰী জানো মাত্ৰ এটা ভোগৰ আহিলা ? মাত্ৰ এটা শৰীৰ ? শৰীৰটোক বাদ নাৰীৰ আন একো নাই ? মন নাই ? আত্মা নাই ? একেজনীয়ে নাৰী যি সময় আৰু প্ৰয়োজনসাপেক্ষে মাতৃ , ভগ্নী , পত্নী , বান্ধৱী , প্ৰেয়সী অথবা শুভাকাংক্ষী হ’ব পাৰে । আকৌ পুৰুষো একেখিনিয়ে নহয় জানো যিয়ে নাৰীক পদদলিত কৰি আকৌ নাৰীকেই শক্তিৰূপত পূজা কৰে ? আচলতে বিভ্ৰান্তিটো ক’ত ? পুৰুষে ভাবে নাৰী অবলা । নাৰীৰ চিন্তাৰ দৌৰ সীমিত। ৰূপ লাবণ্য লৈয়ে সততে সজাগ নাৰীয়ে প্ৰতিটো ক্ষেত্ৰতে পুৰুষৰ সমানে খোজ দিব নোৱাৰে । কিবা কাৰণত দিব পাৰিলেও তাক কৰাৰ সুবিধা দিলেই পুৰুষৰ পুৰুষ হোৱাৰ অহংকাৰ খৰ্ব হ’ব । ছলে বলে কৌশলে নাৰীক শাসন কৰাৰ সান্দহ খোৱা বালি তল যাব । আনহাতে দুগৰাকীমান নাৰী বা মহিলা গোট খালেই কি কৰে ? সাধাৰণ শাক খোৱা ভাত খোৱা কথা পাতিয়েই ইজনীৰ সিজনীৰ কথা গায় বা লগায় এচোৱা দীঘলীয়া সময় অবাবতে নষ্ট কৰে । (যিটোৰ গইনা লৈয়ে পুৰুষে নাৰীক ইতিকিং কৰে ।) এই অবাবতে কটোৱা সময়ছোৱাত তেওঁলোকে দেশৰ আৰু দহৰ উপকাৰত আহিব পৰা কিবা এটা ভাল কাম কৰিব পাৰে । তাকে নকৰিলেও নিজৰ ঘৰখনৰ , নিজৰ সন্তানৰ , নিজৰ মনটোৰে উত্‌কৰ্ষ সাধন কৰিব পাৰে । এটা সত্‌ উদ্দেশ্যৰে নিজে ভাল কিবা এটা কৰি আন দহগৰাকীকো তাৰবাবে আকৰ্ষিত কৰি তাত যোগ দিবলৈ আহ্বান কৰিব পাৰে । আমাৰ আৰু এটা বদনাম আছে মাইকী মানুহৰ পেটত কথা নাথাকে। মাইকী মানুহৰ পেটত কথা নথকাৰ শাওপাত দিছিল যুধিষ্ঠিৰে মাতৃ কুন্তীৰ কাৰণে। কুৰুক্ষেত্ৰ যুদ্ধত কৰ্ণৰ মৃত্যুৰ পাছতহে যেতিয়া কুন্তীয়ে পাণ্ডৱৰ আগত কৰ্ণৰ জন্ম ৰহস্য তুলি ধৰিছিল তেতিয়া যুধিষ্ঠিৰে সমগ্ৰ নাৰীজাতিক শাওপাত দিছিল যে নাৰীয়ে কেতিয়াও কোনো কথা গোপন কৰিব নোৱাৰিব বুলি। কিন্তু এই অভিশাপক নস্যাত্‍ কৰিছিল অসম গৌৰৱ সতী জয়মতীয়ে । জেৰেঙাই আজিও জয়মতীৰ কথা গৌৰৱেৰে ৰিঙিয়াই ! আচলতে অতীজতে হওক বা এতিয়াতে হওক পুৰুষ বা নাৰী পৰস্পৰে পৰস্পৰৰ প্ৰতি কিছুমান ভুল ধাৰণা লৈ আহিছে বা ভুল ধাৰণাৰ বলি হৈছে। এইটো ন’কলেও সকলোৱে বুজে যে পুৰুষ কিম্বা নাৰী এটা আনটোৰ পৰিপূৰক। পুৰুষে নাৰীক মাত্ৰ এটা শৰীৰ, এটা পণ্য সামগ্ৰী বুলি ভবা ধাৰণাটো সলাব লাগিব। শৰীৰৰ মাজেৰে নাৰীৰ মূল্যাংকন কৰা ভুলটো শুধৰাব লাগিব। প্ৰথম এই এটা ভুলৰ শুধৰণি হোৱাৰ লগে লগে বাকী ভুলবোৰে হয়তো প্ৰথমটোৰ হাতত ধৰি এটা দুটাকৈ শুদ্ধ হৈ গৈ থাকিব। তাৰবাবে আমি নাৰীসকলো সচেতন হ’ব লাগিব। অবলা সজায় নিজকে পুৰুষৰ হাতৰ পুতলা হ’বলৈ এৰি দিব নালাগিব। সৌন্দৰ্য্যৰ নামত অৰ্ধনগ্ন হৈ নিজক পণ্য সামগ্ৰী কৰি তোলাৰ মানসিকতা এৰিব লাগিব। দেখাক দেখি আধুনিকতাৰ নামত পশ্চিমীয়া সভ্যতাক অনুকৰণ কৰিবলৈ গৈ আজি আমি এনেকুৱা কিছুমান আচৰণ কৰিবলৈ লৈছো যিবোৰে আমাৰ মানুহ হোৱাৰ গৰ্বত আঘাট সানিছে । এইবোৰত উদ্‌গনি যোগাইছে তথাকথিত আধুনিক চিন্তাধাৰাৰ নৈশ ক্লাব পাৰ্টিবোৰে, সাজ সজ্জাৰ নামত আধা নাঙঠ দেহাৰ বেহা, অতি আধুনিক হ’বলৈ গৈ মানবীয় প্ৰমূল্যক ভৰিৰে মোহাৰি মানসিকভাবে ৰোগগ্ৰস্ত হোৱা এচাম মানুহ নামৰ অনৈতিক কাণ্ড কাৰখানাই। প্ৰত্যকেজনেই প্ৰকাশ্যেই নহলেও অপ্ৰকাশ্যভাবে হ’লেও ভাবে যে পুৰুষ আৰু নাৰীৰ মাজত শাৰীৰিক সম্বন্ধৰ বাদে আন কোনো সম্বন্ধ হ’ব নোৱাৰে। একমাত্ৰ এই ধাৰণাটোৰ বাবেই , কি পুৰুষ কি নাৰী সকলোৱে মানৱ জাতিৰ নামত কলংক। মই অন্ততঃ তেনেকৈ নাভাবো। শৰীৰটো বাদ দি মানসিকভাবে সম্পৰ্ক এটা কিয় জীয়াই ৰাখিব নোৱাৰি ? ইয়াত কোনো সন্দেহ নাই যে পেটটোৰ দৰে শৰীৰটোৰো এটা নিৰ্দিষ্ট দাবী আছে। তাক পূৰোৱাটো আমাৰ জীৱনৰে এটা অংশ। কিন্তু একমাত্ৰ শৰীৰটোৰ দাবীক প্ৰাধান্য দি বাকী অনুভুতিবোৰক আওকান কৰাটোতে বোধকৰোঁ ভুল হয় । সিদিনা মোক এজনে প্ৰশ্ন কৰিছিল যে নিষিদ্ধতাৰ প্ৰতি মানুহৰ ইমান হেঁপাহ কিয় ? মই কৈছিলো যি সহজলভ্য নহয় সি নিষিদ্ধ আৰু সেয়ে সেইটোৰ প্ৰতি মানুহৰ হাবিয়াস বেছি। তাক পোৱাৰ বাবে উত্সুকতা বেছি। কথাপ্ৰসংগতে ক’ব পাৰি মুক্ত যৌনাচাৰ অসম নেলাগে সমগ্ৰ ভাৰততে সমৰ্থনযোগ্য নহয়। সংবিধানমতেই প্ৰাপ্তবয়স্ক হ’লেহে বিয়াত বহিব পাৰি আৰু তাৰ পাছতহে যৌনতাৰ ন্যায্যতা আহি পৰে। কিন্তু বৰ্তমান কি দেখা যায় ? এচাম অসুস্থ মানুহৰ বিকৃত মানসিকতাৰ বাবেই দিনে দিনে ব্যভিচাৰে দুৰাৰোগ্য ব্যাধিৰ দৰে গোটেই দেশখনক ছানি ধৰিছে। যাৰ পৰিণামস্বৰূপে আমি আমাৰ মূল্যবোধ হেৰুৱাইছোঁ । কেৰোণটো কিজানি তাতেই। এহাল পুৰুষ নাৰী লগ হৈ যেতিয়া এখন সংসাৰ পাতে আৰু বংশ বিস্তাৰৰ বাবে সন্তান জন্ম দিয়ে ল’ৰা হওক বা ছোৱালী হওক দুয়োটাকে সৰুৰে পৰাই সম ব্যৱহাৰ কৰিব লাগে । সমান শিক্ষা দিব লাগে । সুস্থ ৰুচিবোধ আৰু সুস্থ বিবেকৰ ভেটি সৰুতেই গঢ়ি দিব লাগে । এজনৰ আনজনৰ প্ৰতি থকা দায়বদ্ধতা আৰু নিৰ্ভৰশীলতাৰ পাঠ সৰুতেই দিব লাগে । পিতৃ-মাতৃ দুয়োৰে বিশ্বাস আৰু সহযোগিতাৰ সন্তুলন দেখি সন্তানে যাতে নিজে নিজেই বুজি উঠে দয়া মৰম সন্মান আত্মীয়তা মানবীয়তা সততা আদি শব্দবোৰৰ সঁচা অৰ্থ। হয়তো উঠি অহা নতুন প্ৰজন্মক উচিত শিক্ষা দিব পাৰিলে আহিবলৈ ধৰা দিনবোৰত বৰ্তমানে থকা আসোঁৱাহবোৰ আঁতৰ হ’ব। এইক্ষেত্ৰত মাক-দেউতাক দুয়োৰে সমান দায়িত্ব আছে। 
.....উন্নতিৰ জখলাত বগোৱাৰ লগে লগে মানুহৰ জীৱন ধাৰণৰ মানো উন্নত হৈছে। আৰু তাৰ কাৰণে অৰ্থ উপাৰ্জনৰ দায়িত্ব পি্তৃ-মাতৃ দুয়োয়ে পালন কৰে বাবে সন্তান অথবা সংসাৰৰ দায়বদ্ধতাও দুয়োয়ে সমানে পালন কৰিব লাগে। কিন্তু কাৰ্য্যতঃ সেইটো দেখা নাযায় । মোৰ লগৰে মহিলা সহকৰ্মীসকলক প্ৰায়ে পাকঘৰটো ডাকঘৰলৈ তুলি অনা দেখো । ৰন্ধন প্ৰকৰণৰ পৰা আৰম্ভ কৰি বিউটি পাৰ্লাৰলৈকে কৰা আলোচনাবোৰত কিন্তু কোনো অৰ্থবহ চিন্তা অথবা নিজৰ মৰ্য্যদা বৰ্তাই ৰখাৰ কোনো আভাস নাথাকে। পুৱা গধূলি মানুহজনৰ আ‍লমৰাতেই ব্যস্ত থাকে আইদেউসকল। মানুহজনে যি কয় সেয়ে হ’ব। বিয়াৰ পাছত যে নিজাববীয়াকৈ কিবা সিদ্ধান্ত ল’ব সেয়া যেন অলীক কল্পনা। যেন বিয়াৰ নামত এটা চুক্তি কৰিছে খাবলৈ পিন্ধিবলৈ জীয়াই থাকিবলৈ। নিজৰ কোনো সুকীয়া পৰিচয় নাই। কোনো সুকীয়া আত্মমৰ্য্যদা নাই। হাঁহিমুখে স্বীকাৰ কৰি লৈছে এটা দাসীৰ জীৱন!(তাৰপাছতো নাৰীবাদৰ আন্দোলনৰ যুক্তিযুক্ততা মই বিচাৰি নাপাওঁ)। মোৰ অবাক লাগে। নোৱাৰিলোঁ মই আন দহজনী পত্নীৰ দৰে মোৰ হাঁহি কান্দোন মান অভিমানবোৰ বন্ধকত থ’বলৈ । বিবহিতা বেশ্যা হ’বলৈ । মই পত্নী ঠিকেই কিন্তু পাটিৰ তিৰোতা নহয়। এই লৈ আমাৰ মাজত বহুদিন বহু ৰাতি তৰ্কও হৈছে। অলপ অশ্লীলতাৰ দোষে চুইছে ক্ষমা কৰিব। কোনো ভদ্ৰ মহিলাই নিজৰ সংসাৰৰ কথা এনেকৈ নকয়। কিন্তু ভদ্ৰতাৰ মুখা পিন্ধি ফুৰা কিমান দম্পত্তি বন্ধঘৰৰ মাজত সঁচাকৈ সুখী বাৰু? যদি সুখীয়ে তেন্তে পুৰুষে পৰনাৰীক লৈ বা নাৰীয়ে পৰপুৰুষক লৈ কৰা ব্যভিচাৰে সমাজ কলুষিত কৰেনে ? এচাম নাৰী-মাংসলোভী পুৰুষৰ বাবেই বেশ্যাৰ সৃষ্টি হোৱা নাইনে ? শৰীৰটোকে আহিলা হিচাপে লৈ এচাম নাৰীয়ে সহজে ধন ঘটাৰ পথ উলিয়াই নিজৰ লগতে সমাজৰো ক্ষতি সধা নাইনে ? তেনেহ’লে অধিকাৰ কাক লাগে ? কিয় লাগে ? কি বুলি লাগে ? মোক লাগে নাৰী বুলি নহয় মানুহ বুলি মূৰ দাঙি থিয় দিয়াৰ অধিকাৰ। আৰ্থিক সামাজিক নৈতিকভাবে পুৰুষে পাব পৰা সকলোখিনি অধিকাৰ । পিতৃ-মাতৃৰ বিয়োগত পুত্ৰ সন্তানৰ দৰে পুত্ৰীয়েও মুখাগ্নি কৰিব পৰা অধিকাৰ। মোৰ এগৰাকী ভণ্টি আছে। ভালপাই বিয়াত বহিছিল তাই। এতিয়া তাই প্ৰায়ে মোৰ ওচৰত অভিযোগ কৰে মানুহটোৱে তাইক গুৰুত্ব নিদিয়ে। মাথো প্ৰয়োজনৰ সময়তহে তাইক ব্যৱহাৰ কৰে। তাইক দিবপৰা কোনো উত্তৰ মোৰ হাতত নাই। কিয়নো যিমান দিনৰ পৰা মই তাইক দেখিছোঁ তাই কামৰ ভিতৰত খোৱা আৰু শুৱাৰ বাহিৰে একোৱেই নকৰে। অলপ অসুখীয়া বুলিয়ে তাইৰ মানুহটোৱে কামলৈ যোৱাৰ আগতে নিজে ৰান্ধি বাঢ়ি খাই বৈ তাইলৈ খোৱা টেবুলত সজাই থৈ যায় । মই যিমান দিন তাইৰ ঘৰলৈ গৈছো সি থকা অবস্থাত চাহকাপো সিয়ে দিছে। এতিয়া তাহাঁতৰ এটা ল’ৰাও আছে। সি তাইৰ কষ্ট হ’ব বুলি কাম কৰা ছোৱালী এজনীও যোগাৰ কৰি দিছে। বাগান এখন নতুনকৈ খুলিবলৈ লৈছে সি। দিনৰ দিনটো পৰিশ্ৰম কৰি আহিও কেতিয়াবা সি ভাত ৰান্ধি খোৱায় তাইক। তাইকে মই সুধিছিলো সি সকলো কৰাৰ বিনিময়ত যদি তোক পোৱাৰ হাবিয়াস কৰে তেন্তে তাৰ ভুল ক’ত হ’ল ? তাক প্ৰতিবাদ কৰিব পৰাকৈ তই কি কৰ ? ঘৰৰ কাম কাজ কৰি ল’ৰাটোকো চোৱাৰ উপৰিও তাৰ হিচাপ নিকাচ ৰখাত তই যদি তাক অলপ সহায় কৰিলি হয় (ঘৰত কম্পিউটাৰ আছে) নিশ্চয় তাৰ আগত মূৰ তুলি কথা ক’ব পৰা সাহসকণ তোৰ থাকিল হয় । কিন্তু ? তাই মোক উভতি ধৰিছিল তইতো তেনেকে কবিয়েই কাৰণ তোৰ চাকৰি আছে। হয় মোৰ চাকৰি আছে। তাৰকাৰণে মোৰ চিন্তাধাৰা আনতকৈ কিছু সুকীয়া। তথাপিও মোৰো দ্বিধা আছে। মোৰো অভিযোগ আছে । মানুহজনক মই প্ৰায়ে আভিযোগ কৰোঁ একো নিদিলে আপুনি মোক । কি নাপালোঁ সেয়া মই বুজোঁ, কিন্তু কি দিব নোৱাৰিলে সেয়া আজি ইমান বছৰেও তেওঁ বুজি নাপালে। নোৱাৰিলে তেওঁ মোক মোৰ আকাশ দিব। নোৱাৰিলে তেওঁ মোৰ অভিমান ভাঙিব। নোৱাৰিলে তেওঁ মোৰ দুচকুত সপোন সজাব । ভালনাপাওঁ মই তেওঁক কিন্তু অসন্মান নকৰোঁ । মোৰ নোপোৱাখিনিৰ বাবে মই মোৰ সংসাৰৰ পতন মাতি আনিব নোৱাৰোঁ । মোৰ সন্তান দুটিৰ অনিষ্ট কৰিব নোৱাৰোঁ। অপূৰ্ণতাখিনিৰ বাবেই তেওঁক অপমান কৰিব নোৱাৰিম। কাৰণ তেওঁক অপমান কৰা মানে মই নিজেইচোন অপমানিত হোৱা। মিচেছ বৰুৱাই মোৰ একমাত্ৰ আৰু শেষ পৰিচয় নহয় । মই অনামিকা। স্বাভিমানী মই। আত্মনিৰ্ভশীলতাই মোৰ স্বাভিমানক ধৰি ৰখাত সহায় কৰিছে ঠিকেই কিন্তু স্বাভিমান জীয়াই ৰখাৰ স্বাৰ্থতেই কাৰো দাসী হ’ব নোৱাৰিম মই । 
....খুব সৰুতে মিচ্‌ গৌহাটী বুলি এখন কিতাপ পঢ়িছিলো । বোধকৰোঁ লিখক আছিল ড. দিলিপ দত্ত । উপন্যাস আছিল নেকি সেইখন মোৰ একো মনত নাই। থুলমূলকৈ তাৰ এটা ৰেঙনি মনত আছে–এজনী ছোৱালী সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়লাভ কৰি বিদেশ ভ্ৰমণৰ সুবিধা লাভ কৰিছিল। অসমতহে তাই বিখ্যাত বিদেশততো তাইক কোনেও চিনিয়ে নাপায়। পাকচক্ৰত পৰি ছোৱালীজনীয়ে দুজন বিদেশী বন্ধুৰ সান্নিধ্য লাভ কৰিছিল। বন্ধু দুজনৰ লগত তাই প্ৰায়ে ঘূৰে ৰেস্তোৰাঁবোৰত খোৱা বোৱা কৰে কিন্তু সদায় খৰচ সেই বন্ধু দুজনে বহন কৰে । আৰু শেষত এদিন সেই বন্ধু দুজনে তাইৰ লগত কৰা খৰচৰ প্ৰতিদান স্বৰূপে তাইক উপভোগ কৰিলে । দুৰ্য্যোগ পাৰ হৈ যোৱাৰ পাছত তাই এনেকুৱা এজন মানুহৰ সান্নিধ্য পালে যি তাইক স্বাভিমানৰ অৰ্থ শিকালে । মূল অৰ্থটো হ’ল তুমি সদায় আনৰ পৰা সিমানখিনিহে ল’বা যিমানখিনি তুমি দিব পাৰা । সেই কিতাপখন পঢ়াৰ পাছৰ পৰাই মই মোক লৈ সচেতন হৈছিলোঁ । কথাখিনিয়ে মোৰ মনত ইমান দকৈ শিপাই গ’ল যে আজিও কাৰোবাৰ পৰা কিবা এটা লবলৈ মোৰ সংকোচ হয়। (….তুমি মোক ভাল নোপোৱা নাই। নালাগে পাব। কিন্তু মোৰ শৰীৰটো পাবলৈ মিছাকৈ মোক ভালপাওঁ বুলি নকবা। সৌন্দৰ্য্য কেৱল শৰীৰতে নাথাকে। মনতো থাকে। যিদিনা তুমি মোৰ শৰীৰৰ সীমা পাৰ হৈ মোৰ মনৰ খবৰ বিচাৰিবা সিদিনাই চাগে তুমি সঁচা অৰ্থত মোৰ প্ৰেমিক হ’বা।) নাৰীমনে যিকোনো সম্পৰ্কৰ স্থায়ীত্ব বিচাৰে । পুৰুষেও চাগে এটা নিৰ্দিষ্ট ঠিকনা বিচাৰে । ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ অনুৰাধাৰ দেশ পঢ়ি উঠি তেনেকৈয়ে ভাবিছিলো মই।…. পাৰাপাৰহীন সাগৰৰ মাজত দিনৰ পাছত দিন পাৰ কৰা নাবিক সকলে এটা নাৰী শৰীৰৰ বাবে লালায়িত হৈ উঠে।… কিন্তু ডেনিছে যেতিয়া মিচেচ্‌ ডালভিৰ হৃদয়ৰ ঠিকনা পালে তেতিয়া এটা সৰু শিশু হৈ ডেনিছেও ডালভিৰ বুকুত মুখ লুকুৱালে।….সহজতে সমাধান হ’ব পৰা কথাবোৰকে মানুহে জটিল কৰি তোলে । নাৰী “নাৰী” হৈয়ো মানুহ। মানুহ হিচাবে এজন পুৰুষে যি পাব পাৰে এগৰাকী নাৰীয়েও তাক পাব পাৰে। তাৰবাবে কোনেও কাৰো গালৈ বোকা নচতিয়াই এটা সুস্থ আলোচনাৰে যদি সমস্যাবোৰ সমাধান কৰে তেতিয়াহে চাগে মানুহ হৈ জন্ম লোৱাৰ সাৰ্থক হ’ব। যিদিনাই পুৰুষে সৌন্দৰ্য্য বিচাৰি নাৰীৰ শৰীৰটোলৈ নাচায় দুচকুলৈ চাবলৈ শিকিব সিদিনাৰ পৰাই চাগে নাৰীয়েও সুন্দৰতাৰ নামত অৰ্ধ উলঙ্গ হৈ পুৰুষক প্ৰলোভিত কৰিবলৈ এৰি পেলাব । সিদিনাৰ পৰাই পৃথিৱীয়েও কদৰ্য্যতাৰ কালিমা ধুই নিকা হৈ জীৱনৰ জয়গান গাব। কোনো নাৰীবাদৰ প্ৰয়োজন ন’হব।…..আজিৰ দিনটোতে মই সকলো পুৰুষকে ক’ব খোজোঁ…. “মই তোমাৰ অৰ্ধাঙ্গিনী নহয় সঙ্গিনীহে। অংকশায়িনী নহয় সহযাত্ৰীহে। তোমাৰ প্ৰতিটো পল অনুপল মই যদি অনুৰাগেৰে ৰঞ্জিত কৰি সুখেৰে উপচাই তোলো তেন্তে তাৰবাবে এটা হাঁহি মোৰো প্ৰাপ্য। তোমাক পূৰ্ণ কৰাৰ বিনিময়ত মই যদি ৰিক্ত হৈ পৰোঁ তেন্তে বৃথা তোমাৰ জীৱন। তুমি যদি পুৰুষ মই নাৰী। তোমাৰ বাবে মই বিকিনি পিন্ধি ৰেম্পত খোজ দিব নোৱাৰিব পাৰোঁ কিন্তু হিয়াৰ উম বিচাৰা যদি যুগে যুগে তোমাৰ হৈ তোমাৰ কাষত থকাৰ প্ৰতিশ্ৰুতি দিব পাৰোঁ । চৰ্ত মাথো এটাই মোৰ আত্মাত দাগ পেলাব নোৱাৰিবা । বুকুৰ আঁচল খহাই পিয়াহ পলুৱাব নোৱাৰিবা । কাৰণ মই মানবী……।

*********************************************************************************

টেপি বাইদেউৰ কথাৰে


মোৰ লগৰ চিনাকি সকলোৰে বাবে বাইদেউ ”টেপিবাইদেউ” নামেৰেই পৰিচিত ৷ তেখেতৰ সম্পূৰ্ণ নাম ড: নীতা পাল ৷ শাৰীৰিকভাৱেযথেষ্ট শকত বগা গোল মুখৰ বাইদেউ দেখাত বৰ ধুনীয়া ৷ মুখত অনবৰতে এটা হাঁহিলাগি থাকে ৷ তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰঅধ্যাপিকা ৷ ডুমডুমাৰ গান্ধী মূৰ্তিৰ ওচৰতেই বাইদেউৰ ঘৰ ৷ বাইদেউক মই প্ৰথমলগ পাইছিলো ১৯৮৯ চনত ৷ তেতিয়া মই উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী ৷ পঢ়াত বৰ ভাল নহলেও সিমান বেয়াও নহয় ৷ তথাপি ইংৰাজী বিষয়টো মই বৰ টান পাওঁ ৷ তাতে মই বাণিজ্য শাখাৰ ছাত্ৰী হোৱাৰ কাৰণে কলেজত আমাৰ ইংৰাজীৰ ক্লাচ প্ৰায়েনহৈছিল ৷ আমাৰ ইংৰাজীৰ বিষয় শিক্ষক আছিল বদন শৰ্মা ছাৰ, যোচেফ ছাৰ আৰু উষাৰাজকুমাৰী বাইদেউ ৷ উষা বাইদেৱে ক্লাচ লয় যদিও ভুলতেও কথাৰ মাজত অসমীয়া শব্দএটাও নকয় ৷ যোচেফ ছাৰ কেৰেলীয়ান আছিল ৷ তেওঁ ৰেগুলাৰ ক্লাচ লয় যদিও তেওঁৰউচ্চাৰণ ইমানেই পাক লগা যে মোৰ মূৰত একো নোসোমায় আৰু তেওঁ ইংৰাজীৰ অতিৰিক্তকিতাপখনহে পঢ়াইছিল ৷ বদন শৰ্মা ছাৰে তেনেকৈ ক্লাচ নলৈছিল ৷ ইংৰাজীত সাধাৰণতেসকলোৱে দ্বিতীয় কাকততে বেছি নম্বৰ পায় কিন্তু মোৰ ক্ষেত্ৰত কথাটো ওলোটা ৷ মই গ্ৰামাৰ নোৱাৰোঁ ৷ প্ৰথম কাকতত নম্বৰ উঠাব নোৱাৰিলে দ্বিতীয় কাকতৰ ভৰষানাই ৷ ইফালে ঘৰত মোক টিউচন দিয়াৰো সামৰ্থ নাই ৷ কি কৰো কি নকৰো ভাবি উলিয়াবপৰা নাই ৷ পাঠ্যপুথি পঢ়ি প্ৰশ্নোত্তৰ কৰিলেও ঠিকে ঠাকে আছে নে নাই কোনেও চাইনিদিয়ে ৷ বাইদেউ-ককাইদেউক সুধি লাভ নাই ৷ সিহঁত দুটাৰ লগত মোৰ পঢ়াৰ নিয়মনিমিলে আৰু ককাইদেৱেতো ন’টবুক ফ’ল কৰে ৷ সি আগতে নপঢ়ে পৰীক্ষাৰ কেইদিনধামধুম পঢ়া মুখস্থ কৰে ৷ (নহ’লে নকল কৰে মই জানো ৷ ) বহুত ভাবি-চিন্তিহিচাপ-নিকাছ কৰি এমাহৰ কাৰণে টেপি বাইদেউৰ ওচৰত টিউচন লোৱাটোকে ঠিক কৰিলো ৷ তেতিয়া অৱশ্যে বেছিভাগেই বদন শৰ্মা ছাৰৰ ওচৰত টিউচন লৈছিল ৷ কিন্তু তেওঁৰওচৰলৈ যাবলৈ মোৰ মন নগল কাৰণ শুনা মতে তেওঁ হেনো নিজে একো নপঢ়ায়, মাত্ৰ বহীএখন উলিয়াই দিয়ে আৰু ল’ৰা-ছোৱালীবোৰে তাৰ পৰা প্ৰশ্ন-উত্তৰবোৰ কপি কৰিআনে ৷ মই কেতিয়াও মুখস্থ কৰিব নোৱাৰিছিলো সেয়ে পাঠবোৰ বিতংকৈ পঢ়িব নোৱাৰিলে মোৰ নহৈছিল ৷

ভাবি গুণি এদিন গ’লো বাইদেউৰ ওচৰলৈ৷ আৰম্ভ হ’ল মোৰ টিউচন ৷ প্ৰথমদিনাই বাইদেৱে মেক্‌বেথ পঢ়ুৱাইছিল ৷ বাইদেউৰ পঢ়োৱা ধৰণ দেখি মোৰ ভাৱ হৈছিলইংৰাজীটো তেনেই সহজ ৷ এবাৰ পঢ়ুৱাই দিয়াৰ পাছত দ্বিতীয়বাৰ কিবা সুধিবলগানহৈছিলেই দেখোন! বাইদেৱে পঢ়াই শেষ কৰি প্ৰশ্ন দিছিল আৰু আমি উত্তৰবোৰ নিজে নিজে কৰিছিলো ৷ মোৰ এদিনো ভুলতো হোৱা নাছিলেই বৰং কেতিয়াবা আন কাৰোবাৰ ভুল হ’লে মোৰ পৰা উত্তৰ চাই লবলৈ কৈছিল ৷ তেতিয়া অলপ লাজ লাগিছিল যদিও মনে মনেনিজৰ ওপৰতে বিশ্বাস বাঢ়িছিল মোৰ ৷ খুব সোনকালেই এমাহ পাৰ হৈ গ’ল ৷ এমাহত মোৰতিনিটা পাঠ সম্পূৰ্ণ হ’ল ৷ টিউচনৰ ফীজটো দিয়াৰ পাছত বাইদেউক ক’লো –”বাইদেউমই আৰু আহিব নোৱাৰিম ৷ ইয়াতেই মোৰ আপোনাৰ ওচৰত পঢ়া শেষ হ’ল ৷ বৰ ভাল লাগিলআপোনাৰ লগত পঢ়ি ৷ ” মোৰ কথা শুনি বাইদেৱে অলপ থত্‌মত্‌ খালে ৷ এনেকৈ এমাহৰবাবে চাগে কোনেও পঢ়িবলৈ নাহে! বাইদেৱে মোক সুধিলে- ”কেইদিন নাহ? ক’ৰবালৈযাবি নেকি?” মই ক’লো-”কলৈকো নাযাওঁ বাইদেউ ৷ ঘৰতেই পঢ়িম ৷ টিউচনলৈ আহিবলৈ মোৰঅলপ ঘৰুৱা অসুবিধা আছে ৷ ” আৰু বিশেষ একো নকৈ মই সেইদিনা গুচি আহিলো ৷ অলপদিন গ’ল ৷ কলেজলৈ গৈ আছো ৷ এদিন বিজয়ে ক’লে তই টিউচনলৈ নোযোৱা হ’লি যে? বাইদেৱে তোৰ কথা সুধিছিল ৷ বিজয়ক মই এতিয়া কেনেকৈ কওঁ টিউচন কৰিবলৈ টিউচনৰফীজ দিয়া দূৰৰ কথা বাচত অহা যোৱা কৰিবলৈকে মোৰ ভাড়াৰ অভাৱ! একো নকলো তাক ৷ দুদিন পাছত সি আহি আকৌ ক’লে তোক বাইদেৱে কাইলৈ মাতিছে ৷ কাকো একো কব নোৱাৰিউপায় নাপায় গ’লো বাইদেউৰ ওচৰলৈ ৷ মোক দেখিয়ে বাইদেৱে ধমকি দিলে পঢ়িবলৈনোযোৱা দেখি ৷ সেইদিনা পঢ়ায় উঠি সকলোকে বিদায় দি মোক অলপ সময় ৰবলৈ ক’লে ৷ ৰ’লো ৷ অকলশৰীয়াকৈ বাইদেৱে মোক সুধিলে আচলতে মোৰ অসুবিধাটো ক’ত? কওঁ-নকওঁকৈয়ে বাইদেউক ক’লো অভাৱে জুৰুলা কৰা মোৰ ঘৰখনৰ কথা ৷ আৰ্থিক অসুবিধাৰ কথা ৷ ফীজ দিব নোৱাৰি সংকোচবোধ কৰিয়েই যে মই তেওঁৰ ওচৰলৈ আহিব খোজা নাই সেই কথাও ক’লো ৷ হীনমন্যতাত ভুগিছিলো মই ৷ বাইদেৱে কি বুজিলে নাজানো; হাত এখনমোৰ পিঠিত থৈ মোক ক’লে- “এটা কাম কৰ তই যদি ইহঁতৰ লগত পঢ়িবলৈ বেয়া পাইছ শনিবাৰে আৰু দেওবাৰে তোৰ যেতিয়াই সময় হ’ব তই পঢ়িবলৈ আহিবি ৷ মোক ফীজ দিব নোৱাৰিবি বুলিয়েই তই যদি তোৰ পঢ়াখিনি আধা কৰি থৱ মোৰ বেয়া লাগিব ৷ মোৰ নিজকে কোনোবাখিনিত অপৰাধী যেন লাগিব ৷ মইতো আৰু ব্যৱসায় কৰা নাই ৷ শিক্ষা হে বিলাইছো আৰু তাৰ বিনিময়ত পাৰিশ্ৰমিক লৈছো ৷ তোৰ পৰা নল’লো যেনিবা , কি হ’লনো!তোৰ লগত মই বেছিকৈ কষ্টও কৰিব নালাগে ৷ অলপ দেখুৱাই দিলেই পাৰ দেখোন তই ৷ কোনেও কাকো একো কব নালাগে, তই বৰকৈ একো ভাবিবও নালাগে তোৰ যেতিয়াই মন যায় আহি যাবি ৷ মই আছো নহয় ৷ এতিয়া যাগৈ যা ৷”শূন্য হৈ গ’ল মনটো ৷ ভাল লাগিল নেবেয়া লাগিল একো ধৰিব নোৱাৰাকৈয়ে মনে মনে আহি ঘৰ পালোহি ৷ একো থিৰাং কৰিবনোৱাৰিলো ৷ বাইদেউৰ মনোভাৱক অসন্মান কৰিব নোৱাৰিলো ৷ প্ৰথম প্ৰথম অকল দেওবাৰেদেওবাৰে বাইদেউৰ তালৈ যোৱা আৰম্ভ কৰিলো ৷ দেওবাৰে বাইদেউৰ বিশেষ এটা বাদুটাৰ বাহিৰে আন টিউচন নাথাকে ৷ গতিকে মোক দুঘণ্টা বা তিনিঘণ্টা একেলেঠাৰিয়ে সময় দিয়ে ৷ এনেকৈ অকলে অকলে পঢ়োঁতেই ইটো সিটো কথা পাতোতেই বাইদেউৰ লগত মনৰসকলো কথাকেই ভগাব পৰা হ’লো ৷ বাইদেৱেও লাহে লাহে তেওঁৰ জীৱনৰ পুৰণা পাতবোৰ এখন দুখনকৈ মোৰ আগত মেলিবলৈ ধৰিলে ৷
কেতিয়াবা একো একোটা ঘটনাই গোটেই জীৱনটোকে সলায় দিব পাৰে ৷ অভাৱৰ মুখা-মুখি হৈ সেই সময়ত মই আন এখন জগতত ভৰি থৈছিলো সকলোৰে অগোচৰে অজানিতে ৷ লোকচক্ষুৰ আঁৰত দুমুখীয়া জীৱনৰ দোদুল্যমান অৱস্থাই ক্ৰমাৎ গ্ৰাস কৰি আনিছিল মোক ৷ অপৰাধবোধত অস্তিত্বহীনতাত ভুগি প্ৰতি মুহুৰ্ততে নিজকে শেষ কৰি দিয়াৰ এক দুৰ্বাৰ বাসনাই অহৰহ ক্ৰিয়া কৰিছিল মনত ৷ ভাগি পৰিছিলো ভিতৰি ভিতৰি ৷ এফালে নিজকে জীয়াই তোলাৰ দুৰ্জয় বাসনা আনফালে নিজক হেৰুৱাই প্ৰতিপলে পলে জীৱনৰ প্ৰতি বাঢ়ি অহা প্ৰচণ্ড বিতৃষ্ণা ৷ যেতিয়াই মৰি থাকিবৰ মনযায় মই টেপি বাইদেউৰ ওচৰলৈ গুচি যাওঁ ৷ কেতিয়াবা আমি নপঢ়োঁ ৷ খালি কথা পাতো ৷ লাগ-বান্ধ নোহোৱা যা-টা কথা ৷ বাইদেউৰ শৈশৱৰ পৰা প্ৰেমৰ আগলি-বতৰালৈকে আগগুৰি নোহোৱা দেধাৰ কথা ৷ বাইদেউৰ মাক আছিল কলিকতাৰ এক সম্ভ্ৰান্ত ঘৰৰ ছোৱালী ৷ যি মাকৰ ঘৰত থকালৈকে নিজে পানী এগিলাচো লৈ নাখাইছিল ৷ তেখেতৰ উপৰিপুৰুষ বাংলাদেশৰ কোনোবা ৰাজপৰিয়ালৰ আছিল বুলি মাকে কৈ কেতিয়াবা গৰ্ব কৰিছিল ৷ কিন্তু বিয়াৰ পাছত অভাৱনীয়ভাৱে আৰ্থিক দুৰৱস্থাত পৰি তেওঁ গোবৰ মাটিৰে কেঁচা মজিয়া মচাৰ কামো কৰিছিল নিৰ্বিকাৰভাৱে ৷ প্ৰথম প্ৰথম তেনে কামকৰোঁতে তেওঁ হাতৰ অৱস্থা নোহোৱা হৈছিল কিন্তু লাহে লাহে সকলো সহজ হৈ আহিছিল ৷ বাইদেউৰ দেউতাকৰ পৈতৃক সম্পত্তিৰ ভাগ বটোৱাৰা কৰাৰ সময়ত আন আন সহোদৰ-সহোদৰাসকলে তেওঁক প্ৰতাৰণা কৰি সম্পত্তিৰ ভাগৰ পৰা বঞ্চিত কৰিলে ৷ ফলত তেওঁ অবৰ্ণনীয় অভাৱৰ সন্মুখীন হ’ল ৷ সৰু সৰু তিনিটা ল’ৰা-ছোৱালীৰে সৈতে পাঁচজনীয়া পৰিয়ালটোৰ ভৰণ-পোষণ দিবলৈ অনেক কষ্ট হৈছিল তেওঁৰ ৷ একমাত্ৰ থকা ঘৰটোৰ বাহিৰে আন একো সম্বল নাছিল তেওঁৰ তেতিয়া ৷ ঘৰৰ সন্মুখতে চাইকেল মেৰামতিৰ দোকান এখন আৰম্ভ কৰি কোনোমতে তেওঁ পৰিয়ালটোক ভৰণ-পোষণ দিছিল ৷ অভাৱৰ মাজেৰেই ডাঙৰ হৈ আহিল টুটু বাইদেউ, মলয় পাল ছাৰ আৰু টেপি বাইদেউ ৷ কেতিয়াবা খাবলৈ ভাত নাথাকিলে গুড়ৰ লগত শুকান ৰুটী খাই পানী খাই শুই থাকে ৷ টুটু বাইদেৱে বি.এ. পাছ কৰিছিল নে নাই মোৰ ভালকৈ মনত নাই ৷ কিন্তু মলয় পালছাৰে বি.এচ.চি পাছ কৰিছিল খুব ভাল নম্বৰ লৈ তেতিয়াৰ দিনতে ৷ তাকো ৰয়েলবি.এছ.চি ৷ মোমায়েকহঁতে উচ্চ শিক্ষা লবলৈ মাতিছিল কলিকতালৈ ৷ কিন্তু ছাৰে ঘৰৰ অভাৱৰ কথা চিন্তা কৰিয়েই আৰু পঢ়িবলৈ নগ’ল ৷ অ’ত ত’ত টিউচন কৰা আৰম্ভ কৰিলে ৷ প্ৰথম অৱস্থাত মাত্ৰ ৩০টকাৰ কাৰণে ছাৰে ডুমডুমাৰ পৰা বৰহাপজনলৈকে খোজকাঢ়ি টিউচন কৰিবলৈ গৈছিল ৷ পাছলৈ কিন্তু ছাৰৰ ওচৰত টিউচন বিচাৰি যোৱা ছাত্ৰ-ছাত্ৰীতকৈ অভিভাৱকৰ ভিৰহে বেছি হৈছিলগৈ ৷ সকলোৱে ছাৰৰ ওচৰতেই টিউচন লোৱাটো বিচাৰিছিল ৷ কেতিয়াবা এনেকুৱাও হৈছিল যে বহিবলৈ ঠাই নাই বুলি ক’লেকোনোবাই ঘৰৰ পৰা মূঢ়াকে লৈ আনিব খোজে ৷ ছাৰৰ কথা আজি থাওক ৷ বাইদেউ সৰুৰে পৰাপঢ়াত ভাল আছিল ৷ প্ৰথম স্কুলত নাম লগাই দিয়াৰ পাছত বাইদেৱে কিতাপবোৰ এবাৰ পঢ়াৰ পাছতেই ফালি পেলাইছিল ৷ কেলেই ফালিলি বুলি সুধিলে কয় মোৰ পঢ়া হৈ গ’লসেই কাৰণে ৷ সৰু অৱস্থাত বাইদেউৰ এনে হাঁহি উঠা ঘটনা ধেৰ আছে ৷ ৷
সেইবোৰ আমাক টুটু বাইদেৱে মনে মনে কয় ৷ বাইদেউক হেনো যেতিয়াই সোধেমাছ ক’ত থাকে বাইদেৱে সদায় কয় ৰামজীৰ টুকুৰীত ৷ পানীত থাকে বুলি কেতিয়াও নকয় ৷ ৰামজীয়ে মাজে মাজে বাইদেউহঁতক মাছ দিবলৈ আহে সেই কাৰণে ৷ স্কুলত ৰোলক’লকৰোঁতে উপস্থিত থাকিলে হেনো থিয় হৈ হাজিৰ বুলি কব লাগে ৷ কিন্তু বাইদেউৰ হাজিৰটো কোনোপধ্যে মনত নাথাকে ৷ টুটু বাইদেৱে এটা বুধি দিলে হাজিৰটো হাজৰিকাৰ লগত একে ৷ গতিকে বাইদেৱে হাজৰিকাটোকে মনত ৰাখি কা’টো কাটি দিলেই সমস্যাৰ শেষ ৷ টুটু বাইদেউৰ ফৰ্মূলা অনুসৰন কৰিবলৈ গৈ বাইদেৱে হাজিৰৰ ঠাইত হাজৰিকাকৈ পিটন খাইছিল ৷ পৰীক্ষা দি আহিলে বাইদেৱে ঘৰৰ পিছফালে বহি থাকে কলগছ চাইচাই ৷ কোনোবাই হেনো ক’লে পৰীক্ষা দি অহাৰ পাছত কলগছৰ পাত লৰিলে পৰীক্ষা ভালহয় ৷ এঘণ্টামান বহিও যেতিয়া গছৰ পাত নলৰিল বাইদেউৱে খঙতে নিজেই গৈ কলৰ পাতল’ৰাই থৈ আহিলগৈ ৷ আলু ভাজি আৰু ফুলা লুচি বাইদেউৰ প্ৰিয় খাদ্য ৷ মিঠাইৰ ভিতৰত ৰচ্‌গোল্লা প্ৰিয় ৷ এবাৰ কোনোবা আত্মীয়ৰ লগত এখন বিয়া খাবলৈ গ’ল ৷ খাবলৈ বহোঁতে ভাত খাই হোৱাৰ পাছত দৈ আৰু ৰচ্‌গোল্লা দিছে খাবলৈ ৷ বাইদেউক হেনো সৰু দেখি আধা ৰচগোল্লা দিলে ৷ তাকে দেখি খঙতে একোনাই হৈ তয়ে খা বুলি আধা ৰচ্‌গোল্লা বিলনীয়াৰ মুখলৈ মাৰি বাইদেউ গপচত গুচি আহিল ৷ তাৰ পাছৰ পৰা হেনো বাইদেৱে বঙালী মানুহৰ বিয়া খাবলৈ নাই যোৱা ৷ মাষ্টাৰ ডিগ্ৰী কৰি প্ৰথম চাকৰিত যোগ দিবলৈ যোৱাৰ দিনাৰ কথা ৷ বাছত বহি আছে ৷ কাষৰ ছিটটো খালি দেখি এজন ল’ৰা বহিলহি ৷ বোধকৰোঁ তিনিচুকীয়া কলেজত নতুনকৈ নাম লগাইছিল ৷ ইউনিফৰ্মেই কয় তিনিচুকীয়া কলেজৰ ছাত্ৰ বুলি ৷ বাইদেউক সুধিলে ক’লৈ যোৱা হৈছে?চুটি-চাপৰ বাইদেউক দেখিবলৈ কলেজীয়া ছোৱালীৰ দৰেই লাগিছিল ৷ বাইদেৱে এনেই ক’লে মহিলা মহাবিদ্যালয়লৈ যাওঁ বুলি ৷ দুই এটা কথা পতাৰ পাছত ল’ৰাজনে সুধিলে সদায় একেই সময়তে আহাঁনে?তেতিয়াহ’লে আমি সদায় লগ পাম ৷ নামিবৰ সময়ত বাইদেৱে যেতিয়া কলেজত পঢ়িবলৈ নহয় পঢ়ুৱাবলৈহে যাওঁ বুলি ক’লে ল’ৰাজনে বাছৰ পৰা নামি আৰু উভতি নোচোৱাকৈ খৰধৰকৈ আঁতৰি গ’ল ৷ মোৰ বিয়াৰ পাছত এদিন মানুহজনক লৈ গৈছিলো বাইদেউৰলগত চিনাকী কৰি দিবলৈ ৷ আহিবৰ সময়ত মিষ্টাৰে বাইদেউক ক’লে- এদিন আপোনাক আমাৰ ঘৰলৈ লৈ যাম ৷ আপুনি কোন দিনা যাব পাৰিব ক’ব ৷ বাইদেৱে মনে মনে মোক কৈছে তোৰ মানুহ টোৱে মোক তাৰ স্কুটাৰত উঠাবলৈ আহিলে বেচেৰাই লুটি খাই পৰিব ৷ সিদেখাই নাই মই কিমান শকত! বাইদেউৰ এনেকুৱা ধেমেলীয়া কথা আৰু বহুত আছে ৷

বহুত দিন বহুত কথা পাতিছো বাইদেউৰ লগত ৷ এদিন কিবা কথা প্ৰসংগত বিয়াৰ কথা ওলাল ৷ বাইদেৱে ক’লে আমি তিনিজনৰ কোনো এজনেই বিয়া নকৰোৱাৰ সংকল্প লৈছোঁ ৷ আমি শপত খাই থৈছো দেউতাৰ প্ৰজন্মক আৰু আগবঢ়াই নিনিওঁ বুলি ৷ আমাৰকোনো আত্মীয় নাই কোনো সমাজ নাই ৷ কাকো বিচাৰি নাযাওঁ ৷ কোনোবা যদি মৰেও তহঁতবোৰ আহিবি নহয় তহঁতেই আমাৰ দুখৰ ভাগী হবি ৷ কোনো নাহিলেও নাই অকলে মৰাশ সৎকাৰ কৰিম তথাপি আপোন মানুহ বিচাৰি নাযাওঁ ৷ কিমানখিনি য্ন্ত্ৰণা পালে মানুহে এনে সিদ্ধান্ত লব পাৰে মই ভাবি আজিও পাৰ নাপাওঁ ৷ কিন্তু বাইদেউহঁতৰ কোনোৱে সঁচাকৈয়ে বিয়া নকৰালে ৷ এদিন সৰুতে পেহীয়েকৰ ঘৰলৈ যাওঁতে বাইদেউৰ ভৰিত চেণ্ডেল নাছিল দেখি পেহীয়েকে কলমেৰে বাইদেউৰ ভৰিত চেণ্ডেলৰ ফিটাৰ আৰ্হিত আঁকি দিছিল ৷ সেই কথাটোৱে বাইদেউক ইমান মৰ্মান্তিক আঘাত দিলে যে গোটেই জীৱনত সেই কথাটোৰ প্ৰতিক্ৰিয়া ৰৈ গ’ল ৷ বাইদেৱে যেতিয়াই নতুন চেণ্ডেল কিনে ভৰিত পিন্ধি লৈ বিচনাত শুই শুই ভৰি দুটা ওপৰলৈ তুলি ঘণ্টা ঘণ্টা ধৰি ভৰি দুটাচাই থাকে ৷ বোধকৰোঁ এতিয়াও এই কামটো কৰে!সেই ঘটনাৰ পাছৰ পৰাই বাইদেৱে মনবান্ধি লৈছিল জীৱনত কিবা এটা কৰাৰ ৷ নিজৰ ভৰিত নিজে থিয় দিয়াৰ ৷ দেউতাকেও কৈছিল নিজৰ কৰ্মেৰে নিজক গঢ় দিবলৈ ৷ আজি বাইদেউ এগৰাকী সফল ব্যক্তি ৷
জীৱনৰ এক জটিল সময়ত মই বাইদেউক লগ পাইছিলো ৷ বাইদেউক লগ নোপোৱা হ’লে এইবোৰ কথা ক’বলৈ মই আজি থাকিলোহেঁতেন নে নাই নাজানো ৷ হয়তো নাথাকিলোহেঁতেন অথবা থাকিলেও কোনোবা অন্ধকাৰ গলিত শেষ হৈ গ’লোহেঁতেন ৷ কিন্তু বাইদেৱে মোক শিকালে কিদৰে নিজক ভালপাব লাগে ৷ কিদৰে বুকুৰ য্ন্ত্ৰণা একাষৰীয়া কৰি থৈ নিজৰ বিশ্বাসৰ ভেটি সুদৃঢ় কৰিব লাগে ৷ কিদৰে মানুহৰ তাচ্ছিল্য-ভেঙুচালিক উন্নতিৰ মাধ্যম কৰি লৈ নিজে আগুৱাই যাব লাগে সাহসেৰে ৷ কিদৰে আৰ্তজনক এষাৰ মাত দিব লাগে ৷ কিদৰে হতাশাত ভাঙি পৰাজনক অলপ মৰমেৰে তুলি ধৰিব লাগে ৷ কিদৰে তেজৰ সম্পৰ্ক নাথাকিলেও পৰক আপোন কৰিব লাগে ৷ বাইদেউ মোৰ জীৱনৰ এটা টাৰ্নিং পইণ্ট ৷ জীৱন দিও বাইদেউৰ উপকাৰৰ ধাৰ এই জনমত শুজিব নোৱাৰোঁ ৷ কিন্তু এইটো সঁচা যে বাইদেৱে দেখুৱাই দিয়া পথেৰে আজিও মই বাট বুলিগৈ আছোঁ ৷ মই বাইদেউৰ পৰা যিখিনি পালো সেইখিনি মোৰ সীমিত সামৰ্থ্যৰে মানুহৰ মাজত বিলাই দিয়াৰ চেষ্টা কৰোঁ ৷ লগ পাওঁ বাইদেউক কেতিয়াবা ৷ যেতিয়াই লগ পাওঁবাইদেউ বুলি ডাঙৰকৈ চিঞৰি বাইদেউক জোৰকৈ সাৱটি ধৰোঁ ৷ ওচৰ-পাজৰৰ মানুহবোৰে আমালৈ উভতি চায় ৷ বান্ধোন খুলি দুয়োজনীয়ে মুখত সোপা দি হাঁহো ৷ হাতত সময় থাকিলেওচৰৰ ৰেষ্টুৰেণ্টলৈ গৈ হয় ৰচ্‌গোল্লা খাওঁ নহ’লে চক্‌লেত খাওঁ ৷ ছাৰলৈকো এটা চক্‌‍লেত দি পঠাওঁ ৷ শুনিছো ছাৰৰ হেনো বেমাৰ ৷ কিন্তু যান্ত্ৰিক জীৱনৰ পৰা অলপ আহৰি উলিয়াই লৈ মই ছাৰক চাবলৈ যাব পৰা নাই ৷ কিমান স্বাৰ্থপৰ হৈ পৰিছোঁ!
(টেপি বাইদেউলৈ সশ্ৰদ্ধ প্ৰণামেৰে)

************************************************************************************************************

 কাণে কাণে সংগোপনে....

…পুৰুষৰো বলাত্‌কাৰ হয় শব্দকেইটাই দু:স্বপ্নৰ দৰেই বহুদিনলৈ খেদি থাকিল মোক| কিমানখিনি ৰিক্ততা থাকিলে অথবা কিমানখিনি অসহায়বোধ কৰিলে এজন পুৰুষে এগৰাকী নাৰীৰ আগত নিজকে এনেকৈ উদঙাই দিব পাৰে বাৰু? মইতো বৰদৈচিলা! মোৰ স্থিৰতা নাই| অসীমৰ পম খেদি আকাশৰ বিশালতাত নিজক হেৰুৱাই দিয়াৰ উন্মাদনাত আজন্ম বন্দী মই! কিন্তু তেওঁক কিহে উচতালে? আশ্চৰ্যবোধ কৰাৰ লগতে অকাৰণ সমমৰ্মিতাৰে ভৰি পৰিছিল মোৰ মন| থাকি থাকি মগজুত খুন্দিয়াইছিল এটা প্ৰশ্নই-কি দিলো মই তেওঁক যে তেওঁ নিজকে মোৰ আগত এনেকৈ উদঙাই দিলে? বিশ্বাস-আস্থা-প্ৰেম-ভালপোৱা নে আন কিবা? নে স্বাৰ্থপৰতা অথবা সাময়িক মোহাছন্নতা? ওহোঁ সেইবোৰ একো নহয়| হয়তো মই দিছিলো তেওঁক আজিৰ দিনত দুৰ্লভ-দুষ্প্ৰাপ্য অলপ সঁচা আন্তৰিকতা!!!

...মোৰ এটা লেখা পঢ়ি মোৰ বন্ধু হৈছিল তেওঁ| বৰ বেছি নহয় কেতিয়াবা এদিন দুদিন এটা দুটা মেছেজৰ মাজেৰে কথা বিনিময় কৰিছিল মোৰ লগত| সৰু সৰু চুটি চুটি কথা পাতিছিলো আমি| কেতিয়াবা কিতাপৰ কথা কেতিয়াবা জীৱনৰ কথা| পেছাত তেওঁ এজন সাংবাদিক| দিনে ৰাতিয়ে খবৰ সংগ্ৰহ কৰি ঘূৰি ফুৰে| খবৰ গোটোৱাই তেওঁৰ কাম| জীৱিকা উপাৰ্জনৰ পথ| কিন্তু মানুহৰ মাজত খবৰ বিচাৰি ঘূৰি ফুৰোঁতে তেওঁ নিজেই কেতিয়া যে এটা খবৰ হৈ পৰিল তাক উপলব্ধি কৰিলে সৌ সিদিনা| নি:সঙ্গগতাৰ আৱৰণ পিন্ধি কেতিয়া যে তেওঁ বিলুপ্তিৰ গৰাহত পৰি ৰ’ল গমেই নাপালে| পত্নী-সন্তান-পৰিয়াল সকলোৰে কাষত মাত্ৰ এটা অবয়ৱ হৈ ৰ’ল| তেওঁলোকৰ প্ৰয়োজনীয় আহিলা পূৰাব পৰা কেবল মাত্ৰ এটা কাৰক হৈ গ’ল| অস্তিত্বহীনতাৰ দংশনত ৰোগাক্ৰান্ত হৈ ক্ষণে ক্ষণে কাটি গ’ল উশাহৰ ধাৰ| কবই নোৱাৰিলে হৃদয়ৰ সেউজীয়া হেৰুৱাই কেতিয়া মৰুৰ বালিত পৰি প্ৰাণ হেৰুৱালে তেওঁ আলফুলীয়া সপোনবোৰে|

...কবি তেওঁ| বচা বচা শব্দৰে ফুল বাচে অনুভৱৰ আকাশত| ঠিক কোনদিনা তেওঁৰ শব্দৰ মায়াজালত আবদ্ধ হৈ পৰিছিলো মোৰ মনত নাই| কিন্তু এইটো মনত আছে উত্তৰ-প্ৰতিউত্তৰ কৰোঁতে ক’ব নোৱাৰাকৈয়ে তেওঁ ধৰা দিছিল মোৰ সন্ধানী দুচকুত| টুকুৰিয়াই-টুকুৰিয়াই উলিয়াই আনিছিলো তেওঁৰ মনৰ মাজত সুপ্ত হৈ শুই থকা পাহৰণিৰ গৰ্ভৰ এচোৱা দীঘল সোণোৱালী সময়| কল্প কথাৰ দৰে পাঠ কৰি গৈছিল তেওঁ তেওঁৰেই অতীত বুৰঞ্জী| মেলি দিছিল শৈশৱ-কৈশোৰ-যৌবনৰ অপ্ৰকাশিত দাস্তান| প্ৰথম প্ৰেমৰ অসফলতা| জীৱিকাৰ সন্ধান| প্ৰকৃতিৰ টান| বিবাহ বন্ধনত বান্ধ খালে| এটা সন্তানো জন্ম হ’ল| ক’ত জানো ভুল হ’ল! ৰক্তবীজৰ দৰে বাঢ়ি আহিল সংসাৰৰ বিৰাগ| হোম চুইট হোম হোৱাৰ পৰিবৰ্তে সংসাৰে গলগ্ৰহৰ ৰূপ ল’লে| বিক্‌চিনা লাগি সকলো যুক্তি তৰ্ক বাদ দি মাথো কৰ্তব্য বুলি পালন কৰি গ’ল সংসাৰৰ ধৰ্ম| কিন্তু এনেকৈ কিমান দিন!!

...মূৰ্খৰ দৰে মই প্ৰশ্ন কৰিছিলো আপোনাৰ ওচৰত তেওঁৰ কোনো দাবী নাই? অথবা আপুনিয়েই বা ইমান নিৰ্বিকাৰ হৈ থাকে কেনেকৈ? সৰুকৈ হাঁহি তেওঁ উত্তৰ দিছিল দাবীবোৰ যেতিয়া জোৰ কৰি আদায় কৰি লয় তেতিয়া সেইবোৰ দাবী হৈ নাথাকে; বৰং শাস্তি হৈ পৰে| পাৰ হৈ গৈছিল নিৰৱ সময়| কথা বিচাৰি পোৱা নাছিলো ক’বলে| ইটো সিটো বহু কথাই মূৰত পাকঘূৰণি খাবলৈ আৰম্ভ কৰিছিল| পুৰুষ-নাৰী সম্পৰ্কৰ জটিলতাই সদায় মোক আকৰ্ষণ কৰে| দুৰ্বোধ্য এই বিভেদৰ ৰহস্য বিচাৰি নিজকে নিজে প্ৰশ্ন কৰোঁ অহৰহ| পুৰুষ কি নাৰী কি? শৰীৰ নে প্ৰাণ নে আত্মা নে মন? ঠিক কোনখিনিত উলমি ৰয় ইয়াৰ যুক্তিযুক্ততা? কিহে নিৰ্ধাৰণ কৰে ইয়াৰ সীমা অথবা ধাৰাবাহিকতা? কি সঁচা শৰীৰ নে মন? কি নিৰ্ভুল মন নে মগজু? কি ডাঙৰ জীৱন নে মৃত্যু? জীৱন কিয় লাগে নিজে জীয়াই থাকিবলে’ নে আনক জীয়াই তুলিবলে’? জীৱনৰ বিশুদ্ধতাৰ মাপকাঠি কি? কোন কাৰ পৰিপূৰক? কোন কাৰ পৰিচায়ক? ভাগৰুৱা মনে উত্তৰ বিচাৰি নাপায়|

...উত্তৰবিহীন প্ৰশ্নেৰে মূৰটো গৰম কৰি আকৌ আওঁৰাইছিলো সেই ভয়াবহ শব্দটো-বলাত্‌কাৰ| কি বাৰু ই? এটা শব্দ? এটা বিশেষণ? এক অপবাদ? এক অভিশাপ? এক অনৈতিক কাৰ্যৰ অপলাপ? শক্তিশালীৰ শক্তি প্ৰদৰ্শন নে শক্তিহীনৰ দুৰ্বলতাৰ বাহন? যিয়েই নহওক লাগিলে ইয়াৰ এটাই ধৰ্ম ধ্বংশ-অনিষ্ট| য’তেই নহওক যেনেকৈয়ে নহওক পলকতে ই মানুহৰ পৰিবেশ-পৰিস্থিতি সলনি কৰি দিয়ে| মুহূৰ্ততে নমাই আনে অমানিশাৰ কলীয়া ডাৱৰ| শেষ হৈ যায় জীৱনৰ আনন্দ| শুহি পেলায় সকলো ৰং| এইয়াই সঁচা| কিন্তু বলাত্‌কাৰ কিহৰ হয় শৰীৰৰ? নে মনৰ? স্পন্দন থাকে মানে শৰীৰ থাকে| শৰীৰ থাকে মন থাকে| শৰীৰ যদি ঘূণীয়া হয় মন ঘূণীয়া নহয় নেকি? শৰীৰৰ ঘাঁ হয়তো সময়ত শুকাই যায় কিন্তু মনৰ ঘাঁ? আচলতে বলাত্‌কাৰ মানে কি? কেনেকৈ হয়? এজনৰ সন্মতিৰ অবিহনে আন এজনে সিজনৰ ওপৰত চলোৱা অত্যাচাৰকে বলাত্‌কাৰ কৰা বুলি কোৱা হয়| ঘৰ্ষণত পিষ্ট হয় শৰীৰ| যন্ত্ৰণাত কোঙা হয় শৰীৰ| কিন্তু কেবল শৰীৰেই নে? আৰু মন? আত্মা?

...নিজৰ মনৰ ভিতৰলৈ জুমি চাইছিলো| মইয়োতো একপ্ৰকাৰ বলাত্‌কাৰৰ বলি| শাৰীৰিকভাবে নহ’লেও মানসিকভাবে! বিয়াৰ পাছৰ পাৰ হৈ যোৱা বছৰবোৰত কিজানি প্ৰতিদিনেই বলি হৈছোঁ বলাত্‌কাৰৰ| ঘৰৰ মানুহৰ সন্মতিতেই বিয়া হৈছিলো সংসাৰৰ ধৰ্ম পালন কৰি| ভাবিছিলো মোৰ শিক্ষা মোৰ সততা মোৰ মমতাৰে ভৰাই তুলিম প্ৰতিটো পল-অনুপল| কিন্তু কাৰ্য্যত: তেনে একো নহ’ল| মই ভাবি থকাবোৰ ভাবতেই থাকিল| কোনো কথাতেই মিল নাই আমাৰ| কথা নিমিলে, ৰুচিবোধ নিমিলে, ব্যৱহাৰ নিমিলে, চিন্তা নিমিলে, একো নিমিলে| এনেকি চিৰন্তনীয় কথা কিছুমানৰ সত্যাসত্যৰ যুক্তিযুক্ততাও নিমিলে| নাৰী মই| নাৰীসুলভ ধৈৰ্য্য, সহ্য, বিচাৰ, বিবেচনাৰে পাৰ কৰি নিলো সংসাৰ চলোৱাৰ নামত কটাব লগা দিনবোৰ| তেওঁৰ বাবেই মই মাতৃ হ’লো, পত্নী হ’লো, ভগ্নী হ’লো, প্ৰেমিকা হ’লো, শুভাকাংক্ষী হ’লো| আনকি বেশ্যাও সাজিলো| তথাপি বলাত্কাৰৰ বলি হোৱাৰ পৰা নিজকে বচাব নোৱাৰিলো| গতানুগতিকতাত ক্ৰমে ক্ৰমে চিগি ভাগি গৈ থাকিল মোৰ হেঁপাহবোৰ, মোৰ সপোনবোৰ, মোৰ আশাবোৰ| মনে মনে অভিমানবোৰ পাহাৰ হ’ল| দুপৰ ৰাতিৰ চকুলোবোৰ জেদ হ’ল| বেথাবোৰ আক্ৰোশ হ’ল| দুখবোৰ সাহস হ’ল| যুক্তিবোৰ সখী হ’ল| নাৰ্চিচাচৰ দৰে নিজৰ ৰূপত নিজেই ভোল গ’লো| অপ্ৰাপ্তিৰ চাকনৈয়াত নিজক হেৰুৱাই নি:শেষ হ’বলৈ মন নগল| সংগোপনে সযতনে সজাগ কৰি আনিলো নিজকে| মন মগজু একাকাৰ কৰি পণ কৰিলো| নাৰীৰ পৰা মই মানুহ হ’লো| হুমুনিয়াহবোৰক হাঁহিলৈ সলায় পেলালো| উচুপনিবোৰক শক্তি কৰি ল’লো| আকাশখনক সাৰথি কৰি ল’লো| নিৰাশাবোৰক উপলদ্ধিৰ মালিতাৰে সজায় ন-সাজ পিন্ধি আকৌ বাট বুলিলো জীৱনৰ| এইবাৰ মই স্থিতপ্ৰজ্ঞ| দুখ নাই শোক নাই খং নাই দ্বন্দ নাই; আছে মাথো আবেগ আৰু কিছু অভিমান| অভিজ্ঞতাৰ পাহাৰ|

...প্ৰাপ্তিয়ে মানুহজনক না কব নোৱাৰি ৰাতি ভগৱানক আৰাধনা কৰাৰ ভাওতি জোৰে| প্ৰাৰ্থনা শেষ হয় মানে গৰাকী টোপনিত ঢলি পৰে| মৰমীয়ে নোহোৱা-নোপজা কথা এটা উলিয়ায় লৈ মিছাতে তৰ্ক কৰে| তৰ্কত উফোন্দ পাতি সময়তকৈ আগতে গৈ বিচনাত বাগৰ দিয়ে| নিশা বাইদেৱে কয় না বুলি কম সেই সাহস মোৰ নাই| আৰু বিদিশা! অনন্তক নোসোধাকৈ ৰুটি এখনো বেচিকৈ নাখায়| সীমা বাইদেউৰ কথা নকলোৱেই যেনিবা! জানি-শুনি নপুংসক মানুহজনে পুৰুষ সাজি দিঠকতে বিধ্বস্ত কৰি পেলাইছিল বাইদেউৰ জীৱন| ৰূপে-গুণে শিক্ষা-দীক্ষাৰে বিভূষিতা হৈয়ো বাইদেউ মুক্ত হ’ব পৰা নাছিল বিবাহ নামৰ বান্ধোনটোৰ পৰা| পতি গৃহৰ প্ৰতিজনে খোজে খোজে লাঞ্চিত কৰিছিল বাইদেউৰ মমতাক| এটা সন্তানৰ মোহত ১৬ বছৰে নি:শব্দে মূৰত তুলি লৈছিল যন্ত্ৰণাৰ প্ৰহৰবোৰ| এই যে মোৰ চাৰিওকাষে প্ৰায় প্ৰতিদিনে মই লগ পোৱা এই চৰিত্ৰবোৰ এইবোৰো জানো বলাত্‌কাৰৰ বলি হোৱা নাই? কথাবোৰ বাৰু অশ্লীল যেন লাগিছে নেকি? আচলতে অশ্লীলৰ ধাৰণাটো আপেক্ষিক| ধৰক এটা কণী| সকলোৱে জানে যে কণীৰ খোলাটো টান আৰু ভিতৰৰ পদাৰ্থখিনি জুলীয়া| এতিয়া কণীটো ভক্ষণ কৰিব খুজিলে সেইটো কেনেকৈ ৰান্ধিব সেইয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে| কণীটো সিজাই খাব নে ভাজি খাব? অম্‌লেট কৰি খাব নে আন কিবা ব্যঞ্জণ কৰি খাব? কিন্তু অম্‌লেট ৰান্ধিবলৈ গৈ তাক যদি বাটি এটাত আগতীয়াকৈ ভাঙি নলৈ পাৰবীন বেবীৰ দৰে কপালত চপৰিয়াবলৈ যায় সি আপোনাকেই অপৰিস্কাৰ কৰি পেলাব| মোৰ বাবে অশ্লীলতাৰ ধাৰণাতো তেনেকুৱা|

...বিৰক্তিবোধ কৰিছে নেকি কথাবোৰ পঢ়ি পঢ়ি? অলপ ৰব মই শ্লীল-অশ্লীলতাৰ শিক্ষা দিব খোজা নাই| আপোনালোকৰ পৰা জানিবহে খুজিছো মোৰ বিবেচনাই ঢুকি নোপোৱা কিছুমান কথাৰ অৰ্থ| উমান লব খুজিছো মোৰ দৰেই কোনোবা সংবেদনশীল মানুহক এই কথাবোৰেই খোচাঁ-বিন্ধা কৰে নেকি? কৈ আছিলো বলাত্‌কাৰ/ধৰ্ষণৰ কথা| বাতৰি কাকত এখন  মেলিব নোৱাৰি| নিউজ চেনেল এটা চাব নোৱাৰি| দুগৰাকীমান লগ হৈ সামাজিক কথা-বতৰা পাতিব নোৱাৰি| এখোজ ওলায় যাব নোৱাৰি| সময়ে-অসময়ে প্ৰতি দিনে প্ৰতি ক্ষণে চাৰিওফালে হত্যা-হিংসা-ধৰ্ষণৰ বিভীষিকা| অন্যায়-অনীতি-দুৰ্নীতিৰ ধুমুহাত বিলুপ্তপ্ৰায় জীৱশ্ৰেষ্ঠ মানুহৰ জীৱন| পৰুষৰ হাতত নাৰী ধৰ্ষিতা হয় অথবা নাৰীৰ হাতত পুৰুষ ধৰ্ষিত হয় বুলি ই একমাত্ৰ শৰীৰৰ ক্ষতিকে কিয় প্ৰতিনিধিত্ব কৰে? ধৰ্ষণ মানেই কিয় সকলোৱে একমুখে স্বীকাৰ কৰে শৰীৰে শালীনতা হেৰুৱাৰ? এই যে দিনে দিনে মানৱীয় প্ৰমূল্যৰ অৱক্ষয় হৈছে ইয়ো জানো ধৰ্ষণৰ নামান্তৰ নহয়? সমগ্ৰ মানব জাতিৰ ধৰ্ষণৰ! প্ৰাপ্তি-প্ৰাচুৰ্য-প্ৰচাৰৰ জালত ভৰি দি মানুহ নামধাৰী প্ৰাণীবোৰে একে নামধাৰী আন এচাম মানুহৰ প্ৰতি অবিচাৰ কৰি অন্যায় কৰি দেশ তথা সমাজৰ অনিষ্ট কৰি গৈছে ইয়ো জানো ধৰ্ষণৰে ৰূপান্তৰ নহয়? উন্নত দেশবোৰে উন্নতিৰ নামত উন্নয়নশীল দেশবোৰত অযুক্তিকৰ ভাবে মেলি দিছে প্ৰতিযোগিতাৰ বজাৰ ইয়ো জানো ধৰ্ষণৰে এক প্ৰকাৰ নহয়? প্ৰতিপত্তিশালী বিষয়াৰ পৰা দেশ শাসন কৰা ৰাজনীতিবিদসকলৈকে সকলোৱে যে নিৰীহ জনগণক লুটি-পুটি খাইছে ইয়াকো ধৰ্ষণৰ শাৰীতে থব নোৱাৰি জানো? ক্ষয়-ক্ষতি, দুখ-যন্ত্ৰণা আৰু মনোকষ্টৰ আন এটা নাম যদি বলাত্‌কাৰ বা ধৰ্ষণ হয় তেনে এই ধৰণৰ সকলো কথাকেই আমি সৰলীকৰণ কৰিব পাৰোঁ| ধৰা হ’ল প্ৰথমে এজন বা এগৰাকী ব্যক্তি ধৰ্ষণৰ বলি হ’ল; শাৰীৰিক-মানসিকভাবে তেওঁ ঘূণীয়া হ’ল| তেন্তে কাইলৈ সমাজ ঘূণীয়া হ’ব| সমাজ ঘূণীয়া হ’লে দেশ ঘূণীয়া হ’ব| দৰাচলতে সমগ্ৰ দেশেই বিভিন্ন ভাবে বিভিন্ন ৰূপত ধৰ্ষণৰ বলি| দুৰাৰোগ্য ব্যাধিৰ দৰে ধৰ্ষণৰ চিকাৰ| মানব শৰীৰত বিহ-ফোঁহা উঠিলে কি হয়? ফোঁহাৰ প্ৰচণ্ড বিষত মানুহে দেদাউৰি পাৰে| সোনকালে ফোঁহাটোৰ পৰা নিস্তাৰ পোৱাৰ যা-জোগাৰ কৰে| পকি উঠিলে চেপি-মেলি পূঁজ-তেজ উলিয়ায় দিয়ে| কিন্তু চকুটো ওলায় নোযোৱালৈকে বিহ-ফোঁহা  হেনো ভাল নহয়| বৰ্তমানে দেশৰ অৱস্থাও তেনেকুৱা| গোটেই দেশখনক যদি এটা মানব শৰীৰ বুলি ধৰি লোৱা যায় তেন্তে দেশখন ধৰ্ষণৰ বলি হৈছে| লগতে বিহ-ফোঁহাৰ কবলত পৰিছে| ফোঁহাৰ বিষে জৰ্জৰিত কৰিছে দেশক| ভালকৈ পকিবলৈ নাপাওঁতেও ফুটুৱায় দিছে ফোঁহাটো| ফলত তেজ-পূঁজ ওলালেও চকুটো ৰৈ গৈছে| ফোঁহাটো ভাল হোৱা নাই| নহয়| সময় লাগিব| এতিয়া গৰ্ভৱতী সময়|


...ফুলন দেৱীৰ কথা জানিছিলো যদিও সীমা বিশ্বাসে অভিনয় কৰা বেণ্ডিত কুইনখন যিদিনা চাইছিলো ভাত খাব পৰা নাছিলো| ৰাতি শুব পৰা নাছিলো| এমাহমান টোপনিতে চিঞৰ মাৰি উঠিছিলো| পুৰুষ কিম্বা মহিলা যিয়েই নহওক ধৰ্ষণৰ বলি হ’লে ই কেবল ধৰ্ষিত ব্যক্তিগৰাকীকে আক্ৰান্ত নকৰে| ব্যক্তিৰ পৰা গৈ পৰিয়াল, পৰিয়ালৰ পৰা গৈ চুবুৰী, চুবুৰীৰ পৰা গৈ সমাজ, সমাজৰ পৰা গৈ সমগ্ৰ দেশক গ্ৰাস কৰে| ধৰ্ষণ বা বলাত্‌কাৰ এটা আছিলা মাথোন| শৰীৰ নহয় মনৰহে বলাত্‌কাৰ হয়| বলাত্কাৰ হয় মানসিকতাৰ, মানৱতাৰ, সজাগতাৰ, আকংক্ষাৰ, দায়বদ্ধতাৰ, সততাৰ| নিৰ্মোহ হৈ জীৱন ধাৰণৰ আধাৰ আজি এক দু:স্বপ্ন|

...কষ্ট হয় কোনোবা অকালতে মৰহি গ’লে| জীয়াই থাকিবলৈ এৰি মৃত্যুৰ কোলালৈ ঢাপলি মেলিলে| মানুহক ভালপায় ভালপাওঁ মই| ভাললগাখিনি ধৰি ৰাখিব খোজোঁ| অতিমানৱ বা অন্যগ্ৰহৰ প্ৰাণী নহয় মই| ময়ো মাটিৰ মানুহ| মাটিতেই মিলি যাম এদিন| তথাপি কিয় জানো জীয়াই থকাৰ অনুভুতিয়ে আন্দোলিত কৰাতকৈ জীৱন দিয়াৰ অনুভৱে সদায় উদ্ভাসিত কৰে মোক! ৰামায়ণ-মহাভাৰত, নীতি কথা নপঢ়োঁ; কিন্তু বিক্ৰম-বেতাল/ বত্ৰিছ পুতলাৰ সাধু আজিও পঢ়োঁ| ধৰ্ম বিশ্বাস নকৰোঁ| কিন্তু মানুহক আপোন কৰাই মোৰ ধৰ্ম| মগজু আছে যদিও মনৰ নিৰ্দেশ মানো| চকুলো মচি হাঁহি বিলাব খোজোঁ| কি আছে জীৱনত! আশাবাদী মই| বাৰে বাৰে প্ৰকৃতিলৈ চাওঁ| বান আহে, প্ৰলয় নামে| তথাপিও প্ৰকৃতিয়ে মাথোন দি যাব জানে| শুকান পাত সৰি লঠঙা হোৱা গছডালে ন কুঁহিপাত মেলি আকৌ ফলে-ফুলে জাতিস্কাৰ হৈ পৰে| সিঁচি দিয়ে জীৱনৰ অংকুৰ| মই মানুহ| কাৰোবাক এপলক সান্নিধ্য অলপ উম দিলে ভুল হ’ব নেকি বাৰু? নোৱাৰোঁ দেখোন জানি-শুনি কাকো দেখুৱায় দিব আত্মহননৰ পথ| কি নাম এই যন্ত্ৰণাৰ? উন্মাদনা? প্ৰেৰণা? নে মানুহ হৈ মানুহৰ প্ৰতি কঢ়িয়াই ফুৰা জীৱনৰ সম্ভাবনা???



************************************************************************************************************

দ্বিধা নে দ্বন্দ্ব নে দায়বদ্ধতা

অলপদিন আগতে ল’ৰাটোক ইমচ’নেলি ব্লেকমেইল কৰিছিলোঁ। তাৰ বাহিৰে আন উপায় নাছিল। কম্পিউটাৰত গেম খেলি আছিল সি। মোৰ হাত এখন তাৰ ফালে আগবঢ়াই দি তাক ক’লোঁ—”বাবা, এটা প্ৰমিজ কৰা।” উচপ্‌ খাই উঠিল সি। এনেও মোলৈ ভয় কৰে। ক’ত, কেতিয়া, কেনেকৈ তাক শলঠেকত পেলাওঁ তাৰ ঠিকনা নাই। সি কোনোপধ্যেই মোৰ হাতত  তাৰ হাত নিদিয়ে। কি বা কৰিবলৈ দিওঁ তাক! নতুবা সি কৰি ভালপোৱা কোনটোবা নকৰিবলৈ কম! কৈছিলোঁ তাক—”মোকতো তুমি জানা। বিশ্বাসো কৰা। তোমাক কেতিয়াও এনেকুৱা একো কৰিবলৈ নকওঁ যিটো তুমি কৰিব নোৱাৰা!” থেৰোঁ-গেৰোঁ কৰি সি কোনোমতে তাৰ হাত থৈছিল মোৰ হাতত। তাৰ হাতখন ধৰি কৈছিলোঁ—
: আজিৰপৰা পৰীক্ষা শেষ নোহোৱালৈ তুমি কম্পিউটাৰ চুব নোৱাৰা| চুলেই মোৰ মৃত্যু হ’ব|
লগে লগেই সি চিঞৰি উঠিছিল—
: মা, এনেকৈ কিয় কোৱা? ইমানদিন নেখেলাকৈ থাকিব পাৰি নেকি?
: তাৰমানে তোমাক মোক নালাগে?
: লাগে| তুমি নহ’লে কেনেকৈ হ’ব! সেইবুলি এইটো কিবা এটা কথা হ’ল নেকি?
: তেতিয়াহ’লে তুমি নিজে ঠিক কৰা তোমাক কি লাগে| কেইদিনমানহে, তাকো পৰীক্ষা বুলি| মোৰ কাৰণে তুমি এইকণো কৰিব নোৱাৰা?
: অ’কে অ’কে হ’ব| নুচুওঁ দিয়া কম্পিউটাৰ| অ’ মা, তেতিয়া তুমি মোক এটা গে’ম্‌ দিবা?
: দিম|
: প্ৰমিজ?
: তুমি জানা মই কথা দি কথা কেতিয়াও নেপেলাওঁ|
…তাক এনেকৈ বান্ধি মই কষ্ট পাইছিলোঁ যদিও বান্ধিবলৈ বাধ্য হৈছিলোঁ| কাৰণ সেই একেটাই-কিতাপ নপঢ়া| আৰু তাকে লৈ পুৱা-গধূলি, দিন-ৰাতি ঘৰখনত হুলস্থুল| দেউতাকে আন কিবা কৰক নকৰক পুৱা শুই উঠাৰ পৰা ৰাতি বিছনাত নপৰালৈকে তাক বকি থাকে ”নপঢ়ে” বুলি| আজিলৈকে দেউতাক হিচাপে কৰাৰ ভিতৰত তেওঁ সেই কামটোকে কৰিছে– তাক বকি থাকে| বকেহে হয়, কিন্তু বকাখিনি কিমান কামত আহিল তাক নাচায়| কোনোদিনে তাৰ বহী এখন মেলি চাই পোৱা নাই; তাক প্ৰশ্নোত্তৰ এটা কৰাত সহায় কৰি দি পোৱা নাই| সেই লৈ মই কিবা ক’লে কয়- মই পঢ়াৰ বিষয়ে একো নাজানো| এইবাৰ মই কোৱাৰ বাবে টিউচন ঠিক কৰি দিছে হয়| কিন্তু টিউচনত কি শিকাইছে, শিকোৱাখিনি সি আয়ত্ত কৰিব পৰিছে নে নাই তাক লৈ কোনোদিনে মূৰ ঘমোৱা নাই| তাক কোনোদিনে ফুৰাবলৈ নি পোৱা নাই| তাৰ মনৰ জগতখনৰ উমান লোৱা নাই| সময় নাই অসময় নাই মাত্ৰ হিচাপ উলিয়ায় কাৰ ল’ৰাই ক’ত পঢ়িছে! ইয়াক লৈ অভিযোগৰ অন্ত নাই– এনেকৈ কি হ’ব! টেবুলতে নবহে ই! মই কিবা কব খুজিলেই কয় তুমি কিয় আছা? তুমিতো পাৰা তাক চাব| নোচোৱা কেলে’? এইয়া এক অন্য প্ৰসংগ|
…সন্দেহ নাই বাবাই প্ৰয়োজনতকৈ কম পঢ়ে| ময়ো জানো| ক্লাচ নাইনত পঢ়া ল’ৰা হিচাপে যিমানখিনি সময় অধ্যয়ন কৰিব লাগে সি নকৰে| তাৰ ধাণ্ডা কেবল মাত্ৰ কম্পিউটাৰত গেম খেলা| আৰু দেউতাকৰ এই কথাটোতে বিৰাট আপত্তি| যোৱা বছৰলৈকে ময়ে পঢ়াই আছিলোঁ তাক| টিউচন-চিউচন নাছিল| অফিচৰ পৰা গৈ ভাগৰ লাগে যদিও তাৰ কাৰণে সেইখিনি কষ্ট কৰি বেয়া নালাগে মোৰ| সিও কম নহয় মাকজনী ওচৰত বহি থকালৈকে ভালকৈ পঢ়ি থাকে| যেই মই ভাত ৰান্ধিবলৈ উঠি গ’লোঁ সিও বিস্কুট বিচাৰি পাকঘৰ পায়গৈ| বহুত চোকা নহয় মোৰ ল’ৰাটো| কিন্তু পঢ়োঁ বুলিলে পাৰে মাত্ৰ তাৰ পিছে পিছে লাগি থাকিব লাগে| যোৱা বছৰৰ পৰাই তাক অলপ অলপকৈ এৰি দিছিলোঁ মই| ইয়াৰ কাৰণ দুটা- প্ৰথম কাৰণ মোৰ মানুহজন| এই কাৰণটো আজি বিশ্লেষণ নকৰোঁ| কাৰণ ক’ব খোজা প্ৰসংগটো তাৰ লগত নিমিলে| দ্বিতীয় কাৰণটো বাবা নিজেই| লক্ষ্য কৰিছিলোঁ পঢ়া ক্ষেত্ৰত সি সম্পূৰ্ণৰূপে মোৰ ওপৰত নিৰ্ভৰ কৰিবলৈ লৈছে| যিটো এজন ছাত্ৰ হিচাপে মুঠেই গ্ৰহণযোগ্য নহয়| অষ্টমমানত পঢ়া ল’ৰা এজনক যদি প্ৰথম দ্বিতীয় শ্ৰেণীত পঢ়া ল’ৰাৰ দৰে পঢ়ুৱাব লগা হয় তেন্তে সি নিজাকৈ কি শিকিব? নিজে একো নাজানি নুবুজি যদি ভাটৌ চৰাইৰ দৰে মুখস্থ মাতি পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পায়েই ই ভৱিষ্যতে তাক প্ৰকৃততে শিক্ষিত কৰি তুলিবনে? নালাগে সি টপাৰ হ’ব কিন্তু যিখিনি শিকিলে যিখিনি পঢ়িলে সেইখিনি যাতে তাৰ মনত ৰয় ভৱিষ্যতে তাৰ কামত আহে মই সেইটো বিচাৰিছিলোঁ| মই নিবিচাৰোঁ সি ৰবট হওক লাগে অলপ গাধাই হওক কিন্তু যোগ-বিয়োগ-পূৰণ-হৰণ অংক কৰাত সি নিজৰ মগজুৰ কচৰত্‌ কৰক| অসমীয়া-ইংৰাজী-হিন্দীৰ পাঠবোৰ পঢ়ি উঠি নিজেই তাৰ প্ৰশ্নোত্তৰ সম্পূৰ্ণ কৰক| ভুল হওক একো নাই শুধৰাই দিম, নম্বৰ কম পাওক কোনো কথা নাই, পাছৰ বছৰ বেছিকৈ পাব সেইবুলি হকে নহকে অনবৰতে তাক চিঞৰি থকাৰ পক্ষপাতী মই নহয়| এইবছৰ এৰি দিছিলো তাক নিজে নিজে পঢ়িবলৈ| টিউচন দিছিলো অংক, ইংৰাজী আৰু সমাজ অধ্যয়নত| এইবাৰৰ অংকবোৰ কৰিবলৈ মই সঁচাকৈ টান পাইছিলোঁ| আৰু ইংৰাজীখন জোঁটাই জোঁটাই পঢ়ি অসমীয়াত ভাঙনি কৰি পঢ়ি নিজে বুজি উঠি তাক পঢ়াবলৈ সিমান মানসিক প্ৰস্তুতি নাছিল মোৰ| কাৰণ আজিকালি অফিচৰ আহোঁতে মোৰ বহুত পলম হয়| ভাগৰো লাগে অলপ|
…দেউতাকৰ যুক্তি ল’ৰাই দিনে ৰাতিয়ে সকলো বাদ দি মাত্ৰ পঢ়া টেবুলত বহক| মোৰ যুক্তি অলপ সময়েই পঢ়ক কিন্তু যিখিনি পঢ়ে মনপুতি পঢ়ক| আচলতে বাবাই নপঢ়াতকৈ মই তাক নপঢ়োৱাটোতহে এওঁৰ আপত্তি বেছি| তেওঁ মোক কিজানি মেচিন বুলি ভাবে! কোনোদিনে ক্ষয়-ক্ষতি নোহোৱা এটা আটক ধুনীয়া আজৱ মেচিন! তেওঁৰ দৰে সকলো সময়তে কামোৰি নাথকিলেও তাৰ প্ৰতিটো কৰ্মকাণ্ডই মোৰ নখ্‌-দৰ্পণত| কেতিয়া সি সঁচাকৈ পঢ়ে, তাৰ কিমানখিনি পঢ়া সম্পূৰ্ণ হ’ল, কিমানখিনি বাকী আছে সি নোকোৱাকৈয়ে গম পাওঁ মই| দেওবাৰৰ দিনটোত কানি-কাপোৰ ধুই ঘৰৰ কাম-বন সামৰি আজৰি হৈ আমি দুটা সদায়ে পঢ়িবলৈ বহোঁ| কেতিয়াবা ভাত খোৱাৰ আগতে; কেতিয়াবা ভাত খোৱাৰ পাছত| পঢ়িবলৈ পালেও মোৰ লগত বহিবলৈ পোৱাৰ কাৰণেই সি বৰ বিশেষ ওজৰ আপত্তি নকৰে| উভতি যুঁজে কেতিয়াবা নুযুঁজা নহয়; কিন্তু ক্ষন্তেক সময়ৰ বাবেহে| কাৰণ সি জানে মোৰ লগত ওজৰ আপত্তি কৰি লাভ নাই| ল’ৰা-ছোৱালী হ’ল বুলিয়েই অপত্য মৰমত অন্ধ হৈ উটি-ভাঁহি নাযাওঁ মই| খোৱা পাতৰ পৰা মাছ-মাংস খুৱাই দি ইহঁতক মৰম নেদেখুৱাওঁ| লাগ বুলিলেই যিহকে লাগে তাকে আনিও নিদিওঁ| যিটো সিহঁতৰ প্ৰয়োজন হয় সেইটো মই নিজেই চাই-মেলি আনি দিওঁ| দেউতাকৰ তুলনাত মই বেছিকৈ শাসন কৰোঁ চাগে ইহঁতক| তথাপিও মই নহ’লে এক মূহুৰ্ত নচলে ইহঁতৰ| সিহঁতৰ প্ৰয়োজনত মোকেই বিচাৰে| মই সন্মতি নিদিয়ালৈকে যিকোনো এটা কাম কৰিবলৈ সাহস নকৰে| বাবাৰ বিশ্বাস তাৰ মাকজনী পৃথিৱীৰ বেষ্ট মাক| বেষ্ট নহ’লেও তাক বুজি পাওঁ মই| সি নোকোৱাকৈয়ে তাৰ মনৰ খবৰবোৰ গম পাওঁ| কেতিয়াবা চুৰ কৰি ধৰা পৰি সি কয় মা তোমাক কিন্তু মানিব লাগিব| তুমি চব কথা কেনেকৈ গম পোৱা? সৰৱজান নেকি তুমি? প্ৰিয় বান্ধৱী মই তাৰ| তাৰ সকলো অনুভৱ ভগাওঁ মই| সময় উলিয়াই বহুত কথা পাতোঁ আমি| গুণগুণকৈ কৈ যায় সি তাৰ মনৰ কথাবোৰ| কেতিয়াবা তাৰ সপোনবোৰৰ প্ৰশ্ৰয় বিচাৰি সি মোৰ মুখলৈ চায়| নতুন কিবা এটা কৰিলেই খৰধৰকৈ আহি মোক কয়| দেউতাকে বেছিকৈ তৰ্ক-বিতৰ্ক কৰিলে সি অসহায় হৈ মোৰ মুখলৈ চায়| দেউতাকে বকি থকা সময়ত প্ৰশ্ৰয় নিদিওঁ তাক| কিন্তু পাছত বুজাই কওঁ কিয় দেউতাকে তাক তেনেকৈ কব লগীয়া হ’ল| তাৰ ভুল ক’ত হ’ল|
…আজিৰ যুগত ভালকৈ পঢ়া-শুনা নকৰিলে, পৰীক্ষাত ভাল ফলাফল নাপালে উঠি অহা তৰুণ-তৰুণীৰ যে ভৱিষ্যত অন্ধকাৰ তাক অস্বীকাৰ কৰাৰ উপায় নাই| অপ্ৰয়োজনীয় প্ৰতিযোগিতাৰ দৌৰত অনিচ্ছাসত্বেও ভাগ লবলৈ বাধ্য| কিন্তু এই প্ৰতিযোগিতাই কি দিছে? মোৰেই ল’ৰা-ছোৱালী দুটাক মই কি দিছোঁ? দি দিব পাৰিছোঁ? সিহঁত দুটাৰ ভৱিষ্যত সুৰক্ষাৰ নামত এটা উন্নত জীৱনৰ সন্ধানত আমি দুয়োজনে চাকৰি কৰিছোঁ| পুৱাতেই ওলায় যাওঁ, আবেলি আহি সোমাওঁ| ইহঁত দুটাক কিমানকণ সময় পাওঁ? যিকণ সময় পাওঁ তাৰে সিংহভাগ দেখোন পঢ় পঢ় কৰোঁতেই যায়| ইহঁতৰ শৈশৱ-কৈশোৰ বন্দী কৰি পেলাইছোঁ আধুনিকতাৰ নামত| জীৱন গঢ়াৰ নামত| ভৱিষ্যতৰ প্ৰতিশ্ৰুতিৰ নামত| নিৰ্মমভাবে মোহাৰি পেলাইছো সিহঁতৰ হাঁহিবোৰ| অযুক্তিকৰ অকাৰণ বিৰক্তিৰে পুতি পেলাইছো সিহঁতৰ আলসুৱা মনবোৰ| ৰাতিপুৱা ৮টাতেই পিঠি এবোজা বোজা লৈ স্কুললৈ ওলায় গৈ আবেলি চাৰিটাত ঘৰলৈ উভতে| স্কুলৰ পৰা অহাৰ পাছত যি অলপ মুকলি সময় তাতো বাধ্যবাধকতা| টিউচনৰ বান্ধোন| ইহঁতৰ বাবে শৈশৱ-কৈশোৰ উপভোগ কৰাৰ আহিলা হ’ল টি.ভি চোৱা, কম্পিউটাৰত গেম খেলা, কেতিয়াবা এদিন ওলায় গৈ চিপ্‌চ খোৱা-চক’লেট খোৱা, মন গ’লে এখন কমিক্‌‍চ পঢ়া, তাকো নহ’লে এনেয়ে এপাক চাইকেল চলোৱা(ল’ৰাটোৰ ক্ষেত্ৰত), লগৰ কোনোবা এটা আহিলে অলপ ল’ৰা-ধপৰা কৰা| দেওবাৰ বুলি যি এদিন বন্ধ পায় তাকো আৰ্ট স্কুল, গিটাৰ স্কুল, দবাখেলাৰ স্কুললৈ গৈ বন্ধ দিনটোৰ সদ্‌ব্যৱহাৰ কৰা ইত্যাদি ইত্যাদি| ইহঁতক দেখি দুখত বুকু ফাটি যায় মোৰ| বেবিলনৰ ওলমা বাগানৰ দৰে দেখাই-শুনাই ধুনীয়া এটা সপোন দেখুৱাইছোঁ ঠিকেই কিন্তু তাৰ বাবে সঁজাৰ চৰাইৰ দৰে বন্দী কৰি নিষ্ঠুৰভাবে কাঢ়ি নিছো সিহঁতৰ ইস্পিত সোণোৱালী শৈশৱ| ইহঁতৰ ঠাইত নিজক বহুৱাই চাওঁ| কেনে আছিল মোৰ শৈশৱ???
…জীৱন দিবলৈ গৈ জীৱনৰ পৰা বিছিন্ন কৰি আনিছো সিহঁতক| মোৰ ল’ৰা-ছোৱালীয়ে নাজানে গাঁৱৰ বোকা-পানীৰ গোন্ধ ল’ব! সিহঁতে নাজানে ভূঁই ৰুবলে গ’লে কেনে লাগে, ধান ধাবলে গ’লে কেনে লাগে, ধানৰ নৰাই কাটিলে হাত-ভৰিৰ চেক্‌চেকনি কেনে লাগে| সিহঁতে কোনোদিনে উপলব্ধি কৰি নাইপোৱা ধানৰ লেচেৰি বুটলাৰ আনন্দ, পথাৰত চেচু খন্দাৰ আনন্দ, বিল-পুখুৰী সিঁচি মাছ ধৰাৰ আনন্দ, নৈ-পুখুৰীত জোবোৰা মাৰি গা ধুৱাৰ আনন্দ, মাঘৰ বিহুত ৰাজহুৱা ভোজ খোৱাৰ আনন্দ, ভোজ খাবলৈ আনৰ বাৰীৰ পৰা শাক-পাচলি আৰু গঁৰালৰ পৰা হাঁহ-কুকুৰা চুৰ কৰাৰ আনন্দ, বহাগ বিহুত ঘৰে ঘৰে বিহু মাৰিবলৈ গৈ চাহ-পিঠাৰ জুতি লৈ ঘৰত ৰাতি ভাত খাব নোৱাৰাৰ আনন্দ, দূৰৈত বিহু মাৰিবলৈ গৈ ৰাতি বৰষুণত তিতাৰ আনন্দ, আৰ বাৰীত তাৰ বাৰীত সোমায় লেটেকু-পনিয়ল-বগৰী পাৰি খোৱাৰ আনন্দ, ফাগুণত চিলা উৰুৱাৰ আনন্দ, বৰশীৰে মাছ ধৰাৰ আনন্দ, ৰবাব টেঙাৰে ফুটবল খেলাৰ আনন্দ, পথাৰত ৰুৱাৰ দিনত জলপান খোৱা আৰু ধান দোৱাৰ দিনত লাইশাক ভজা, শুকতি মাছেৰে ভাত খোৱাৰ আনন্দ…আৰু কিমান কম! মাঘৰ বিহুত একেলগে ভোজভাত খাই পোৱা নাই, গৰু বিহুত নদীলৈ গৈ গৰুক গা ধুৱাই পোৱা নাই মোৰ ল’ৰা ছোৱালীয়ে!!!
(২)
…দেউতাৰ চাকৰিৰ খাতিৰতে বিভিন্ন ঠাই ভ্ৰমি ফুৰিছিলোঁ যদিও নিভাঁজ গ্ৰাম্য জীৱনৰ সোৱাদ লোৱাৰ পৰা বঞ্চিত হোৱা নাছিলোঁ| সৰু নিচাদেউৰ ছোৱালী মিনু মোৰ সৈতে একে বয়সৰ আছিল| মামাহঁতৰ ঘৰলৈ গ’লেই আমি দুইজনীয়ে পিন্‌পিনাই ঘূৰি ফুৰোঁ| বাধা দিওঁতা কোনো নাই| কচু-ঢেকীয়া বুটলোঁ| ঘৰত খৰি নাথাকিলে বাঁহৰ আগ শুকান গছৰ ঠানি বিচাৰি ফুৰোঁ| সেই চেগতে যাৰে তাৰে বাৰী লুংলুঙাই ফুৰোঁ| বছৰেকীয়া পৰীক্ষা শেষ হ’লেই মাৰ লগত আমি লাহোৱাললৈ যাওঁ এনাইৰ ঘৰলৈ| ধান দোৱাৰ দিনত আমি সৰুকেইজনীয়ে ধান দাবলৈ নাযাওঁ| যাওঁ পথাৰত ভাত খাবলৈ আৰু চেচু খান্দিবলৈ| মিনুৱে দুডাল হোলাং (ফলা বাঁহৰ টুকুৰাৰে আগতো জোঙা কৰি লোৱা আমাৰ চেচু খন্দাৰ সঁজুলি) তৈয়াৰ কৰি থৈ দিয়ে| চেচু খান্দি খান্দি এসোপামান হ’লে ঘৰলৈ গুচি আহোঁ| আহি টিউবেলৰ পানীত ভালকৈ হাত-ভৰি ধোৱাৰ লগতে চেচুবোৰো ধোওঁ| তাৰপাছত মিঠাতেল হাত-ভৰিত সানি চেচুবোৰ সকলোৰে সৈতে ভগাই খাওঁ| সন্ধ্যা নমাৰ লগে লগে মামীয়ে বিস্কুতৰ লগত ৰঙা চাহ দিয়ে| অলপ অলপ আন্ধাৰ হোৱাৰ লগে লগে জেওৰাত বগা কাপোৰ এখন মেলি দি ওচৰত কেৰাচিন তেলৰ চাকি এটা জ্বলাই লৈ দুডাল শুকান বাহেঁৰে টুকুৰিয়াই টুকুৰিয়াই চাক্‌চন মাতোঁ| এই কামটো সদায় নকৰোঁ| আকাশত জোন নাথাকিলেহে কৰোঁ| আকাশত জোন থাকিলে ডাঙৰ নিচাদেউহঁতৰ চোতালত বহোঁ| ডাঙৰ নিচাদেউ সাধু কথাৰ ভঁৰাল| ক’ত ৰকমৰ যে সাধু কয়! বেছিভাগ ভূতৰ সাধু| কাণঢপলা, বুকুত চকু লগা, হাতৰ তলুৱাত ফুটা থকা, ভৰি দুটা উভতি থকা, পৰুৱাই পোৱা, আঁহতৰ তলৰ ভূত, বাঁহ গছৰ তলৰ ভূত মুঠৰ ওপৰত সাধুৰ শেষ নাই| ভূতৰ সাধু শুনি আমি পোৱালিবোৰ ভয়ত তাপ মাৰোঁ| গাটো লৰচৰ কৰিবলৈকো ভয়| এপাদেৱে ভাত খাবলৈ মাতিলে ইটোৱে-সিটোৰ হাতত ধৰাধৰিকৈ যাওঁ| আনকি সৰুপানী চুবলৈ গ’লেও আটাইকেইটা শাৰী পাতিহে যাওঁ| ৰাতি ভয়তে মাত নোলোৱাকেইটাৰ দিন হোৱাৰ লগেই লগেই ৰূপ সলনি হৈ যায়| চাহ খাই ৰাতিপুৱাৰ ভাতকেইটা পেটত পৰাৰ লগে লগেই গোটেইবোৰ যেনি তেনি পিয়াপি পি নোহোৱা হৈ যাওঁ| তাত শাসন কৰোঁতা কোনো নাই| একমাত্ৰ মাক অলপ ভয় লাগে| মই বুলিয়েই নহয় মালৈ সকলোৱে ভয় কৰে| সৰু এপাদেৱেতো বাঘ দেখা দি দেখে| মাঘ বিহুৰ ক’ত যে কাহিনী আছে! ধন মামাৰ মামীজনীৰ হাতখন অলপ টান| ইমান ডাঙৰ বাৰীখনত শাক-পাছলিয়ে উভৈনদীকৈ থাকিলেও দিবলৈ টান পায়| সেয়ে এবাৰ অনুপ কাহঁতে খঙতে কৰিলে কি ৰাতি ভোজ-ভাত খাই আজৰি হৈ সকলোবোৰ শুই যেতিয়া নিঃপালি দিলে ধন মামাহঁতৰ বাৰীৰ পৰা লাইশাক-ফুলকবি-বন্ধাকবি-ধনীয়া যেয়ে যি পাৰে তুলি নি গাঁৱৰ প্ৰত্যেক ঘৰৰে দুৱাৰমুখত এসাঁজ খাবৰ জোখাৰে পাছলি থৈ দিছিল| পুৱা উঠি দুৱাৰ মেলিয়েই দুৱাৰ মুখত পাছলি দেখি সকলো অবাক হৈছিল| পাছত অৱশ্যে কথাটো সকলোৱে গম পাইছিল| ধন মামাহঁতেও কাকো দোষাৰূপ কৰা নাছিল| বহাগ বিহুত গছৰ তলত বিহু মাৰিবলৈ যোৱাৰ আনন্দই সুকীয়া আছিল| আমি সৰুবোৰে স্কাৰ্ট-ফ্ৰক পিন্ধি বিহুৰ ঢাপত উঠিব পাৰিছিলোঁ যদিও পুষ্পিতা হোৱাকেইজনীয়ে মেখেলা-চাদৰ পিন্ধি যোৱাটো বাধ্যতামূলক আছিল| নিয়ম হেনো| আমাৰ গাভৰুৰ ঢাপত ডেকা ল’ৰা উঠিব নোৱাৰিছিল| ডেকাবোৰে ওচৰৰে আন এটা ঢাপৰ পৰাই কেতিয়াবা জোৰা নাম গাই ছোৱালীবোৰৰ লগত প্ৰতিযোগিতাত নামিছিল| লাহোৱালৰ বিহুনামৰ এক অন্য মাধুৰ্য আছে| সাতদিনলৈকে গছৰ তলত বিহুমৰাটো বাধ্যতামূলক আছিল| সেই কেইদিনত ঢাপত এজনী হ’লেও ছোৱালী উঠি নাম এষাৰ গাই এগছি বন্তি জ্ব্লাব লাগিছিল| সাতদিনৰ পাছত বিহু উৰুৱাইছিলোঁ| গাঁৱে গাঁৱে হুঁচৰি গোৱাৰ সুযোগো পাইছিলোঁ| ৰাতি চাইকেলত উঠি দূৰলৈ হুঁচৰি গাবলৈ যাওঁ| মাৰ পাটৰ ৰিহাখন শাৰী কৰি পিন্ধাৰ বয়সৰ পৰাই মই বিহু নাচিছোঁ| ডুমডুমাত থাকোঁতে আমাৰ সৰু হুঁচৰি দলটোৰ নাচনীকেইজনীৰ মেখেলা-চাদৰ পিন্ধোৱাৰ দায়িত্ব আছিল মাৰ আৰু ল’ৰাহঁতক চুৰিয়া পিন্ধোৱাৰ দায়িত্ব আছিল দেউতাৰ| ভাদ-মাহত, কালি পূজাত ভাওনা উপভোগ কৰাৰ আমেজৰ কথা আৰু কি কম! ভাওনাৰ লগততো দেধাৰ স্মৃতি জড়িত হৈ আছে| এবাৰ কোনোবা এখন ভাওনাত ৰাক্ষসে কৰা টনা-আঁজোৰাত কোনোবা সুন্দৰীৰ চুলি খুলি পৰিছিল| সেই লৈ কি যে অৱস্থা হৈছিল!!!
…কঠীয়া তুলিবলৈ শিকিছিলো শিৱসাগৰলৈ গৈ| তেতিয়া প্ৰাথমিক বিদ্যালয়তে আছিলো চাগে! মাজনী বা আৰু পুতু বাক কঠীয়া তুলি থকা দেখি মোৰো তুলিবলৈ মন গ’ল| চুচুক-চামাককৈ গৈ ক’লো ময়ো কঠীয়া তুলিম| মোক দেখি দুয়োজনীয়ে হাঁহিলে| ক’লে-পাৰিবি জানো? নেলাগে যা বোকা লাগিব তোৰ গাত| নাই মই তুলিমেই| সিহঁতক চাই চাই এবাৰ একোচা কঠীয়া তুলি লৈ ভৰিটো দাঙি কোবাবলৈ লওঁতেই কঠীয়া হাতৰ পৰা ছিঙি গৈ ক’ৰবাত পৰিলগৈ| মোৰ অৱস্থা দেখি সিহঁতে আকৌ হাঁহিলে| পুতু বাই শিকাই দিলে এনেকৈ অলপ ওচৰত ধৰ আৰু এনেকৈ ভৰিত এচাৰি দিবি| প্ৰথমে কম কমকৈ  ল| তই নাজান নহয়| আৰু এইখিনিত মাটি অলপ বেছিকৈ আহে পানীত ভালকৈ জুবুৰিয়াই লবি বুজিছ| আগ্ৰহেৰে সিহঁত দুইজনীৰ লগত কঠীয়া তুলিছিলোঁ| অভ্যস্ত হৈ পৰিছিলোঁ| ভাল লাগিছিল| শালি ধানৰ কঠীয়া আছিল সেইবোৰ| পাছত অলপ ডাঙৰ হৈ লাহোৱালত আহু ধানৰ কঠীয়া তুলিবলৈ শিকিছিলোঁ| কি ধানৰ কঠীয়া এবিধ তুলিছিলোঁ জানো মনত নাই| ছুটি ছুটি| ভৰিত মাৰিব নোৱাৰি| সেইবাৰ আমাৰ ঘৰত মানে ককাৰ ঘৰত প্ৰথম ভূঁই ৰোৱাৰ দিনা ময়ো পথাৰত নামি ৰুবলৈ গৈছিলোঁ| কোনোমতে হিচাপ কৰি কৰি তিনিডাল চাৰিডাল কঠীয়া গোঁজ মাৰি ৰুই গৈছিলো| আঙুলি পিছল নেখায়| কঠীয়া বোলাব নাজানো| মোক দেখিয়েই পথাৰত নামিবলৈ টান পোৱা কৃষ্ণ দাইদ’ৰ সৰু ছোৱালী তুতুমণিও পথাৰত নামিছিল| পাছে বেছি সময় ভূঁই ৰুবলৈ নাপালো| মোৰ ভৰিত জোক এটা লগাত ভয়তে চিঞৰি বাখৰি হুলস্থুল কৰি দৌৰাদৌৰি কৰাত যিখিনি ৰুইছিলোঁ সেইখিনিও উভাল খাই গ’ল| কোনে মোৰ জোক এৰুৱাই দিছিল মনত নাই| জোকৰ ভয়ত আৰু পথাৰত নমাৰ সাহস নহ’ল| পুখুৰীলৈ আহি গা ধুইছিলোঁ| পুখুৰীত গা ধোৱাটো এটা সমস্যা| বিৰাট দ’ পুখুৰীটো| সঁচা-মিছা নাজানো দীপ দাই কয় তিনিডাল বাঁহ কাটি জোৰা দি পুখুৰীটোত জুবুৰিয়াই দিলেও হেনো ডুব যাব| সাঁতুৰিবতো নাজানো| পুখুৰীত পৰি মৰাৰ ভয়ত পানী তুলিবলৈ সাজি দিয়া বাঁহৰ চাংখনতে বহি বহি গা ধোওঁ| খুঁটা এটাত জোৰকৈ ধৰি কোনোমতে এবাৰ দুবাৰ পানীত জোবোৰা মাৰোঁ| গাঁৱৰ এটা কথা মোৰ ভাল লাগিছিল প্ৰথম ভূঁই ৰোৱাৰ দিনা সৰহভাগ মানুহেই আহি সহায়-সহযোগ আগবঢ়াইছিল| এনেকৈ সহায় কৰাতো হেনো পৰম্পৰা| এতিয়া এই পৰম্পৰা আছে নে নাই নাজানো| বহুত বছৰ হ’ল মই শিৱসাগৰলৈ নোযোৱাৰ| লাহোৱালতো সেই গছতলৰ ঢাপটো নাই| তাৰ কোনো চিনচাবেই নাই এতিয়া তাত| শিৱসাগৰত থকাকেইদিন তুতুমণিৰ লগত কলঠৰুৱাৰ কঠ লৈ তাইৰ স্কুললৈ যাওঁ ধাইআলিলৈ| মাটিত কঠ পাৰি বহোঁ| এই কথাটোত মই বৰ ৰস পাইছিলোঁ| ঘৰলৈ আহিলে বৰ আইতাই ৰন্ধা ভাত খাওঁ| বৰ আইতাই যিয়ে ৰান্ধক খাবলৈ বৰ সোৱাদ হয়| আমি চহৰত খাবলৈ নাপাওঁ বুলিয়েই বৰ আইতাই মাতি মাতি ইটো-সিটো খাবলৈ দি থাকে| সান্দহ, হুৰুম, ভজা পিঠাগুৰি…| ইফালে পেটত নাটে| বৰ আইতাক দেখিলেই মই ভয়ত পলাওঁ| এনেও মই আমাৰ ঘৰত বেছি সময় নাথাকিছিলোঁ খুৰীদেউৰ কাৰণে| খুৰীদেৱে কথাই কথাই তুতুমণিক মোৰ লগত তুলনা কৰে| তুতুমণি মোৰ কাণ সমনীয়া| পঢ়াত তাই চোকা নে মই চোকা এই লৈ খুৰীদেৱে অনবৰতে প্ৰশ্ন সুধি থকাৰ কাৰণে মই ৰাজেন বৰদেউতাহঁতৰ ঘৰলৈ গুচি যাওঁ| ৰাজেন বৰদেউতাৰ ভনীয়েক(নামটো পাহৰিলো) পেহীৰ লগতহে মোৰ আচল দিয়া-লোৱা| মোৰ প্ৰতিটো কথাৰ উত্তৰ পেহীৰ ওচৰত পাওঁ| পেহীয়ে মোৰ সকলো আব্দাৰ পূৰা কৰে| কেতিয়াবা ৰাতি তেওঁলোকৰ ঘৰতেই থাকি যাওঁ| আমাৰ ঘৰৰ পৰা পেহীৰ ঘৰলৈ গ’লে পানী বঢ়াৰ দিনত পথাৰৰ মাজত জুইৰ আগ দেখোঁ| সেইয়া হেনো ধনগুলৈ| ধনগুলৈৰ বিভিন্ন কাহিনী শুনো| ভয় লাগে| কেতিয়াবা জাৰকালি মাজু বৰ দেউতাই আটাইকেইটাকে মাতি আনি জুইৰ কাষত বহুৱাই লয়| জুইত আলু পুৰিবলৈ দি সাধু কয়| মাজু বৰদেউতাৰ এটা বিশেষ সাধু টুনি চৰাইৰ ধান কঢ়িওৱা যিটো কাহানিও অন্ত নপৰিল| সাধুটো ৰস লগাকৈ আৰম্ভ কৰি অলপ সময়ৰ পাছত মনে মনে থাকে| আমি ভাবো পাছৰখিনি ক’ব| ৰৈ থাকো শুনিবলৈ| আমনি লাগি তাৰপাছত বুলি সুধিলে কয়—হেৰ’ টুনি চৰায়ে ধান আনিয়েই আছে ৰ’| এখন পথাৰৰ ধান আনিবলৈ কিমান সময় লাগিব তহঁতেই অলপ ভাবি চা! মাজু দেউতাক অভিযোগ কৰোঁ সদায় সদায় ঠগে এনেকৈ! আবেলি আবেলি ককাই বৰকাঁহ বজায় নামপ্ৰসংগ গায়| আমি সৰুকেইটাই দুহাত জুৰি ককাৰ লগত ঘৰৰ নামঘৰত বহোঁ| চকু মুদি প্ৰাৰ্থনা গাওঁ| পদূলি মুখত থিয় দি শিৱদৌলৰ চুড়াটো চাওঁ| গাঁৱৰ নিৰিবিলি আনন্দত বুৰ যাওঁ| আমাৰ থকা ঠাইলৈ উভতি অহাৰ দুদিনমান আগৰ পৰাই বৰদেউতাই মাক কয় ভঁৰালত গুটি ধান আছেই| আৰু কি কি নিব খোজা নিজে যা-যোগাৰ কৰি লোৱা| মই মিলিকক কৈ ধান কুটাই দিম| মায়ে নালাগে বুলি ক’লেও বৰদেউতাই মানুহ মাতি আনি নিজেই বাচত চাউলৰ বস্তা তুলি দিয়ে|
…বয়স বাঢ়ি আহিছিলো যদিও ধেমালিবোৰে লগ এৰা দিয়া নাছিল| লাহোৱালত থাকোতে পূজাত বাগানবোৰত দেখুওৱা ডাঙৰ পৰ্দাৰ চিনেমা চাবলৈ আমি জাকপাতি গৈছিলোঁ| তেনেকৈ একেলগে দুখন তিনিখন চিনেমা চাই ৰাতি পুৱাই দিছিলোঁ| তালাপলৈ আহিও এই বাগানত চিনেমা চোৱাৰ আনন্দ উপভোগ কৰিছিলোঁ| আমাৰ ঘৰৰ ওচৰেৰে বৈ যোৱা পানীৰ সৰু সুঁতিটোত গা ধুইছিলোঁ| কাপোৰ ধুইছিলোঁ| বালি খুচৰি খুচৰি বতিয়া মাছ ধৰিছিলোঁ| ধলাৰ আহোম গাঁৱলৈ গৈ গোঁহাই মামাহঁতৰ লগত বিহুৰ অনুশীলন কৰিছিলোঁ| আহোম গাঁৱৰ মুকলি বিহুজোৰাই প্ৰায়ে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল| তাতেই মই ভীম বুঢ়া গোঁহাইক পাইছিলোঁ| ডাঙৰীত হোৱা বিহুৱতী প্ৰতিযোগিতাত তেওঁ বিচাৰক আছিল| গোঁহাই মামাহঁতৰ ঘৰলৈ গ’লে ভীম বুঢ়াহোঁহাইৰ পদূলি পালেই সাৱধান হৈ যাওঁ| তেওঁৰ ঘৰলৈ সাধাৰণতে গাঁৱৰ মানুহ নাযায়| গ’লেও সতকাই এৰা খাই আহিব নোৱাৰে| তেতিয়াই শুনামতে বিভিন্ন দিশত তেওঁৰ ইমান দখল আছিল যে মানুহে তেওঁৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিহে ভয়ত পলাইছিল| নানা ৰকমৰ ফুলেৰে তেওঁ বাৰীখন ভৰি আছিল| পদূলি মুখখন সদায় সাৰি-পুচি ইমান পৰিষ্কাৰ কৈ ৰাখিছিল যে তেওঁৰ ঘৰৰ সন্মুখ পালেই গম পাই যাওঁ| তালাপত অনুষ্ঠিত হোৱা বিভিন্ন অনুস্থান সমূহত ভাগ লৈছিলো| ছাত্ৰ সন্থাৰ মিটিং কৰিছিলোঁ, প্ৰদীপ দাহঁতৰ লগত নাটক, সংগীতালক্ষ কৰিছিলো| গাঁৱে গাঁৱে গৈ সুৰ  বাহিনীৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিছিলোঁ| কলেজ পোৱাৰ পাছতো নাটক কৰিছিলোঁ| ৰাজীৱক দম দি একেদিনাই নাটক লিখাইছিলোঁ| ৰাজীৱহঁতে নিজেই ঠিক কৰিছিল কলেজ উইকত নাটক কৰিম বুলি| মোক সুধিলে তুমি আমাৰ লগত কৰিবা নেকি বুলি| কৰিম বুলি ক’লোঁ| কিন্তু তাৰ পাছত নাটকৰ দেখা দেখি নাই| কথা আছিল ৰাজীৱে এখন নতুন নাটক লিখিব আৰু সেইখনেই মঞ্চস্থ কৰিব| আজি লিখিম কালি লিখিম কৰি থাকোঁতে কলেজ উইকলৈ আৰু মাত্ৰ পাঁচদিন আছে| নাটকৰ উম-ঘাম নাই| এদিন ৰাজীৱক জোৰ কৰিয়েই বয়জ হোষ্টেললৈ লৈ গ’লোঁ| তাক হেঁচা মাৰি বহুৱাই ক’লোঁ তুমি লিখা মই কপি কৰিম| জিন্তু-পোপিয়ে মোক চকুৰে ইঙ্গিত দিছে তাক যেন কোনোপধ্যেই এৰি নিদিওঁ| মূৰে কপালে হাত দি বহি আছে ৰাজীৱ| ময়ো বহি আছো আজি লিখিবই লাগিব বুলি| বেচেৰাই যুঁজি যুঁজি দুপেজমান কিবা লিখিলে| কিন্তু এনেকৈ জানো নাটক লিখিব পাৰি? মোক ক’লে অ’ই চা আজি ৰাতিয়ে ফাইনেল লিখিম| এতিয়া মোক এৰি দে প্লিজ| এনেকৈ মূৰৰ পৰা একো নোলায়| একদম গড্‌ প্ৰমিজ| কাইলৈ আমি ৰিহাৰ্চেল কৰিমেই তোক কথা দিলোঁ| তাৰ অৱস্থা দেখি মোৰ হাঁহি উঠিছিল যদিও আকৌ তাকহে দম দি ক’লোঁ কাইলৈ যদি নাটক নাপাওঁ তোমাক কেঁচাই খাম| পাছদিনা নাটক লিখাই নহয় প্ৰত্যেকৰে হাতে হাতে একোটাকৈ কপি পৰিছিল| আমাৰ নাটকৰ পাণ্ডুলিপিও জমা দিয়া হৈ গৈছিল| সেইবাৰ আমাৰ নাটকে শ্ৰেষ্ঠ নাটক, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল| কেণ্টিনত পাৰ্টি খাইছিলোঁ আমি ফূৰ্তিতে| এই নাটকখনেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত অংহগ্ৰহণ কৰাৰ নিমন্ত্ৰণ লাভ কৰিছিল| মই যাবলৈ পোৱা নাছিলোঁ ব্যক্তিগত অসুবিধাৰ কাৰণে| সেইয়া এক অন্য কাহিনী| পাছত শুনিছিলো মই অভিনয় নকৰাৰ কাৰণেই আমাৰ নাটকখনে পুৰস্কাৰ নাপালে| বেয়া লাগিছিলো মোৰ তেতিয়া|
…এক সহজ গতিৰে পাৰ হৈ গৈছিল আমাৰ জীৱন| কিন্তু ইহঁতৰ! ইহঁতৰ ঠাইত নিজক বহুৱাই চালে পৰ্বতৰ টিঙৰ পৰা কোনোবাই বগৰাই দিয়া যেন পাওঁ| কোনো চাঞ্চল্য নাই, কোনো উদ্যম নাই, কোনো আমেজ নাই, কোনো তৰংগ নাই, কোনো শিহৰণ নাই, কোনো উৎসাহ নাই, কোনো হেঁপাহো নাই| এক নিঃসাৰ-নিস্তেজ জীৱন| গতানুগতিক দিনপঞ্জী| সেই একেই স্কুল, হোমৱৰ্ক, টি.ভি, ভিডিঅ’ গেম, কম্পিটাৰত গেম খেলা, মন গলে দুই এখন কমিক্‌চ পঢ়া| এনেকৈ ল’ৰাই পঢ়িব কেনেকৈ? নিজকে সুধোঁ মই! মই নিজেও বেছি সময় নপঢ়িছিলোঁ| একেৰাহে বেছি সময় কিতাপ পঢ়াৰ ধৈৰ্য নাছিল মোৰ| কিন্তু কৰিম বুলি ভবা বা ঠিক কৰি লোৱাটো কৰিব পাৰিছিলো| মোৰ ল’ৰাটোক দেখো পঢ়োঁ বুলিলে সি পাৰে কিন্তু নপঢ়ে| বাকী স্বভাৱে চৰিত্ৰই ভালেই সি| তাৰ বয়সৰ আন ল’ৰাৰ দৰে মই খং কৰিব পৰা তেনে কোনো বাজে অভ্যাস নাই| পকেট মানি বিচৰাৰ অভ্যাস নাই| কেতিয়াবা চ’কলেট এটা বা চিপ্‌চ খাবলৈ মন গ’লে মোৰ পৰা দহ টকা খুজি নিয়ে| আচলতে সি নিজাকৈ কিবা কৰিবলৈ মই তাক এৰিয়েই দিয়া নাই| মোৰ অনুমতিৰ অবিহনে লগৰ ল’ৰাৰ ঘৰলৈকো নাযায় সি| কিতাপ পঢ়িবলৈ বিশেষকৈ স্কুলৰ পাঠবোৰ আওৰাবলৈ মনটোক সজীৱ কৰি ৰখাৰ দৰকাৰ| মই তেনেকৈয়ে ভাবোঁ| এইটো বয়সত পঢ়িবলৈ মন নাযায়| কাৰণ মই পঢোঁতেও তেনেকৈয়ে পঢ়িছিলোঁ| মন গ’লে নিশা চাৰিটা বজালৈকে পঢ়িছিলোঁ কেতিয়াবা| সি কিতাপ পঢ়িবলৈকে মাক-দেউতাক হিচাপে আমি অন্য ধৰণে কিছু পদক্ষেপ লোৱাৰ দৰকাৰ| মোৰ সাধ্যৰ ভিতৰত থকাখিনি মই কৰোঁ| চাকৰি নকৰি ঘৰত থকা হ’লে হয়তো মই সিহঁতৰ জীৱনটো অন্য ধৰণে সজাব পাৰিলোঁ হয়| কিন্তু এতিয়া কেতিয়াবা ময়ো ভাগৰি পৰোঁ, বিৰক্তিবোধ কৰোঁ| ফলত অনিচ্ছাকৃতভাবে সিহঁতৰ ওপৰত খৰ্গহস্ত হৈ পৰোঁ| মোৰ ভাগৰ আঁতৰাবলৈকে কেতিয়াবা সিহঁতক আওকাণ কৰোঁ| এই সাধাৰণ কথাটোকে দেউতাকে নুবুজে| দেউতাকে ভাবে পঢ় পঢ়কৈ থাকিলেই তেওঁৰ দায়িত্ব শেষ| দেউতাকৰ মাত্ৰ এটাই কথা নপঢ়ি নুশুনি ভাল ৰিজাল্ট কৰিব নোৱাৰিলে ভৱিষ্যতে সি কি কৰি খাব? মানুহৰ আগতেইবা মুখ উলিয়াম কেনেকৈ? সি আমাক খুৱাব নালাগে নহয়| আগলৈ সিয়ে খাব|
….কথাষাৰৰ অৰ্থ নথকাও নহয়| মানুহৰ আগত মুখ উলিওৱাৰ কথা বাদ দিলেও তাৰ ভৱিষ্যতৰ কথাটোৱে কেতিয়াবা মোকো ভবাই তোলে| তাৰ ভৱিষ্যত মানে? আগলৈ সি ডাঙৰ হ’ব| বিয়া বাৰু কৰাই আমাৰ দৰে সিও সংসাৰ কৰিব| সতি সন্ততি জন্ম দিব| এইখিনি কৰি সুখে সন্তোষে জীয়াই থাকিবলৈ তাক আৰ্থিক নিৰাপত্তা লাগিব| আৰ্থিক নিৰাপত্তা আহৰণ কৰিবলৈকে শিক্ষাগত অৰ্হতা অৰ্জন কৰিব লাগিব| তাৰ কাৰণে ভালকৈ পঢ়িব লাগিব| এটা সৰল সমীকৰণ| অলপো জটিলতা নাই ইয়াত| এইখিনিলৈকে ঠিক আছে| কিন্তু? এই কিন্তুৰ বজ্ৰকামোৰৰ পৰা মই কোনোদিনেই মুক্তি নাপাওঁ| সেইদিনা পেটেলা আহিছিল| পেটেলা মানে মোৰ ভিনিদেউ| মই কোনোদিনে ভিনিদেউ বুলি নামাতো আগৰে পৰা| ভাগিনটোৰ কথা ক’লে| ভুৱনেশ্বৰত কম্পিউটাৰ ইঞ্জিনীয়াৰিং পঢ়ি আছে সি| তেওঁ কোৱামতে এতিয়া হেনো তাৰ বিদেশত পঢ়াৰ মন| সি নিজাববীয়াকৈ তাৰবাবে অনুশীলনো কৰিছে| ভিনিদেউৱে কৈছে যে সি ভালপোৱা বিষয়টোত পঢ়োৱাবলৈ কমেও চল্লিশ লাখ টকা লাগে| অইলত চাকৰি কৰা ভিনিদেউৰ কাৰণে এইখিনি টকাৰ যোগাৰ কৰাটো বৰ এটা টান কাম নহ’ব| পাৰিব তেওঁ| কিন্তু মোক খুলি খুলি খাইছে এটা কথাই সি বিদেশলৈ গৈ যদি নিৰুদ্দেশ হৈ যায়! যদি নিজক বিচাৰি চোৱাৰ নিচাত মোহগ্ৰস্ত হৈ পৰিয়ালৰ পৰা বিছিন্ন হৈ যায়! মই কোৱা নাই যে ঘৰৰ প্ৰতি তাৰ টান নাই বা শিপা ছিঙি যাব পৰাকৈ মাক-দেউতাকে তাক সিমানখিনি শিক্ষা দিয়া নাই| কিন্তু কাইলৈ মাক-দেউতাকৰ অসুখৰ সময়ত তেওঁলোকে যদি তাক কাষত নাপায়? তাক এবাৰ দেখাৰ হেঁপাহতে নেদেখাকৈ যদি মাকৰ চকু মুদ খাই যায়? হাই প্ৰেচাৰে জুৰুলা কৰা ভিনিদেউৰ হঠাত্‌ ষ্ট্ৰ’ক হৈ যদি সি আহি পোৱাৰ আগতেই নোহোৱা হৈ যায়? কি অমংগলীয়া কথাবোৰ কৈ আছোঁ? বিদেশত আৰু মানুহ নাই নেকি? বিদেশতো থাকি মানুহে অসমত থকা পৰিয়ালৰ লগত যোগাযোগ ৰখা নাই নেকি? জীৱন মৰণ এইবোৰতো মানুহৰ হাতত নাই| আৰু নোহোৱা নোপজা, নেদেখা নুশুনা কথাৰ বাবে এতিয়া সি তাৰ সপোন পূৰ নকৰিব নেকি?

…আচলতে মই ভয় কৰিছো কাইলৈ মোৰ ল’ৰাই ভালকৈ পঢ়ি যদি বিদেশলৈ নগ’লেও বাহিৰলৈ পঢ়িবলৈ গৈ মোৰ কাষলৈ উভতি নাহে? যদি সি বাহিৰতে ৰৈ যায়? তেতিয়া কি কৰিম মই? পাৰিম জানো তাৰ সপোন পূৰণৰ নামত তাৰ ভৱিষ্যত সুৰক্ষাৰ দোহাই দি মোৰ মনটোক বুজনি দিব সি য’তেই আছে তাতেই কুশলে থাকক বুলি? প্ৰায়েই শুনো বাহিৰলৈ গৈ শিপা হেৰুওৱা বিভিন্নজনৰ বিভিন্ন কাহিনী| ৰতনৰ মুখত শুনা তিনিচুকীয়া কলেজৰ সেই ছাৰজনৰ কথা| পুত্ৰ-জীয়াৰীক উচ্চ শিক্ষাৰে শিক্ষিত কৰি এতিয়া দুয়োজনেই বিদেশত| ইয়াত বৃদ্ধ মাক-দেউতাক| চাওঁতা কোনো নাই| টকা-পইচাৰ অভাৱ নাই| দুই সন্তানে পঠিয়াই থকাৰ উপৰিও ছাৰৰ সাঁচতীয়া টকা আৰু পেঞ্চনৰ টকাৰেই চলি যায়| কাষত মাথোন চোৱা-চিতা কৰিবলৈ মাত এষাৰ দিবলৈ মানুহ নাই| কাইলৈ মোৰো যদি সেই অৱস্থা হয়? ভয় লাগে মোৰ| নোৱাৰিম মই প্ৰত্যক্ষ কৰিব সেই নিঃসঙ্গতাৰ| এতিয়াও মই নিঃসঙ্গ| কিন্তু এতিয়াৰ লগত তেতিয়াৰ নিঃসঙ্গতাৰ তুলনা নহয়| স্বাৰ্থপৰ হৈ পৰিছো যদিও উপায় নাই| স্বাৰ্থতেইতো সিহঁতক নমাই আনিছিলো এই স্বাৰ্থপৰ পৃথিৱীলৈ| মই নিবিচাৰো বাবাই মোক এৰি কোনোবা দূৰণিলৈ যাওক| পৰীক্ষাত টপাৰ হৈ ভাল ৰিজাল্ট কৰি উচ্চ শিক্ষা বিচাৰি বিদেশলৈ ঢপলিয়াওক| মানুহৰ আগত পৰিচয় দিবৰ বাবেই সি পঢ়াত চোকা হ’ব নালাগে| ইয়াতে থাকক সি মোৰ আশে-পাশে মোৰ উশাহ-নিশাহৰ পৰিধিৰ ভিতৰত| পাৰিম দিব তাক তাৰ ভৱিষ্যতৰ আৰ্থিক নিৰাপত্তা| অৰ্থ উপাৰ্জনৰ বাবেই সি ঘৰ এৰি মোক এৰি দূৰ-দূৰণিলৈ যাব নালাগে| ধনৰ ধনী হ’ব নালাগে মনগে মনৰ ধনী হওক| তাতকৈ সি মাটিৰ মানুহ হওক| মানুহৰ সুখ দুখ ভগাব পৰা কাৰোবাৰ চকুলো মচিব পৰা এজন সঁচা পুৰুষ হওক| মোৰ অসুখত সি কাতৰ হৈ উঠক| যুক্তি তৰ্কৰ উৰ্ধলৈ গৈ জীৱনক সহজ ৰূপত গ্ৰহণ কৰক| মই চকুৰ দৃষ্টি এতিয়াই হেৰুৱাইছোঁ| চশমা নিপিন্ধিলে একো নেদেখো| ঘ্ৰাণ শক্তি হেৰুৱাইছোঁ| যিকোনো গোন্ধ মোৰ সহ্য নহয়| কাইলৈ যদি কলিজাৰ ৰঙো হেৰায় যায়? নাই নাই সি ইয়াতেই থাকক অলপ গাধা হৈ মোৰ মৰমৰ অকণমানি বাবাটো হৈ| মোৰ লগত কাজিয়া কৰক| মোৰ লগত ঠেহ পাতক, তৰ্ক কৰক, উভতি যুঁজক, মোৰ অবাধ্য হওক, তাৰ বাবে মই শাস্তি দিম তাক, শাস্তি পাই সি মোক সুধিব অ’ মা তুমি মোক বেয়া পালা, মই কম পালো বেয়া; তেতিয়া সি মোৰ ডিঙিত দুখ পোৱাকৈ ধৰি চুমা খাব, মই তাক চুমা নিদিয়ালৈকে তাৰ গালখন পাতি ৰৈ থাকিব; চুমাটো দিলেই ক’ব- মা তুমি বহুত ভাল….

************************************************************************************************************
তাৰ পাছত কি!!!!

এদিন এজনে মোক প্ৰশ্ন কৰিছিল তাৰপাছত কি বুলি| প্ৰসংগ আছিল মোৰ দুটামান লেখা| সেইবোৰত মই মোক নিজকে বা নাৰীজনিত কথা-কাণ্ডক সমৰ্থন কৰি কিছু কথা কৈছিলো| কথাবোৰ মোৰ ব্যক্তিগত ভাৱধাৰাক বহুখিনি প্ৰতিনিধিত্ব কৰাৰ দোষত দোষী আছিল যদিও কিছুদূৰ নিৰপেক্ষও আছিল| যাৰবাবে এগৰাকী অনুভৱী লোকে প্ৰশ্ন কৰিছিল তাৰপাছত কি? মানে তেওঁ ক’ব খুজিছিল নাৰী-নাৰীবাদলৈকে ঠিকে আছে| কিন্তু নাৰীবাদৰ উৰ্ধলৈ গৈ তেওঁ মোৰ লেখাবোৰত এটা তাত্ত্বিক আধাৰ বিচাৰিছিল| এটা সমাধান বিচাৰিছিল| বোধহয় এটা পথ বিচাৰিছিল| সেইদিনা প্ৰত্যক্ষভাবে তেওঁক কোনো উত্তৰ দিয়া নাছিলো মই, ইচ্ছাকৰিয়েই| দিলেই আন এক বিতৰ্কৰ সূত্ৰপাত হ’ল হয় যিটো মই বিচৰা নাছিলো| তাৰ বিপৰীতে মই নিজকে নিজে প্ৰশ্ন কৰিছিলো—মোৰ ভুল ক’ত হৈছে? নাৰী হৈ মই মোৰ পৰিচয় দিয়াত ভুল হৈছে নে মই নাৰী হৈ পুৰুষক সমালোচনা কৰাত মোৰ ভুল হৈছে? জীৱনে আনি দিয়া বেমেজালিবোৰক ভাগ্যৰ লিখন বুলি স্বীকাৰ নকৰি তাক প্ৰত্যাহ্বান জনোৱাটো মোৰ ভুল হৈছে নে জীৱনে দাবী কৰা প্ৰয়োজনখিনিক প্ৰাপ্য বুলি অধিকাৰ বুলি দাবী কৰাত মোৰ ভুল হৈছে? যদি জীৱন বিলাই দিয়াৰ নাম তেনে জীৱন জীয়াই থকাৰো নাম| জীয়াই থাকিবলৈকেতো মানুহক অৱলম্বন লাগে| আশ্ৰয় লাগে| অনুভৱ লাগে| আকাশ লাগে| বতাহ লাগে| ৰ’দ লাগে| পানী লাগে| জোনাক লাগে| পৃথিৱী লাগে| লাগে প্ৰতি ক্ষণে ক্ষণে জীপাল কৰা হেঁপাহৰ সেই অপূৰ্ব অনুভূতি যিয়ে ক’ব হয় এইয়ে- “জীৱন”|

জীৱশ্ৰেষ্ঠ মানৱ জীৱন! এবাৰ হেৰুৱালে দুনাই পাবলৈ নাই! কিন্তু!!!


কিবা ক’বলৈ গৈ বাৰে বাৰে থমকি ৰৈছোঁ| যেনিবা জীৱন্তে চিতাজুইত বহি আছোঁ! দাউ দাউ কৈ জ্বলি উঠা জুইৰ লেলিহান শিখাই পুৰি সংকোচিত কৰি আনিছে মোৰ দেহা! তথাপি মগজুত অনুভৱ কৰিছোঁ এক বিষাক্ত দংশন| অসহনীয় তাৰ জ্বালা| সমগ্ৰ দেহত বিয়পি পৰিছে দংশনৰ বিষ| তীব্ৰ বেদনাত চট্‌ফটাইছে মোৰ দেহা| এই যন্ত্ৰণাৰ পৰা উপশম পোৱাৰ কোনো উপায় নাই| কোনো প্ৰতিকাৰ নাই| আমৰণ কঢ়িয়াই ফুৰিব লাগিব এটা অৰ্থগলিত দেহাৰ ভাৰ| সহ্য কৰিব লাগিব পোৰা কলিজাৰ অসহ্যকৰ গোন্ধ| বলি হ’ব লাগিব বিকল মগজুৰ খেয়াল-খুচিৰ| আৰু শেষত পৰি ৰ’ব লাগিব পাহৰণিৰ গৰ্ভত| এদিন গতানুগতিকতাত হেৰায় যাম মই| কাৰণ মই নাৰী!!!

যুঁজি যুঁজি মৃত্যুৰ আগত হাৰ মানিলে দামিনীয়ে| তেৰ দিন অত্যন্ত সাহসেৰে জীয়াই থাকিবলৈ সংগ্ৰাম কৰি কৰি অৱশেষত বিদায় মাগিলে তেওঁ| মানৱ সমাজক কলংকিত কৰি চিৰদিনলৈ মেলানি মাগিলে এটা প্ৰাণশক্তিৰে ভৰপূৰ আত্মাই| তেওঁৰ আত্মাই বাৰু মুক্তি পাবনে? মৃত্যুৰ সিপাৰলৈ গৈয়ো তেওঁ শান্তি পাবনে? পাৰিবনে তেওঁৰ আত্মাৰ পৰা মচি দিব যন্ত্ৰণাৰ সেই দাগ যাৰ বাবেই তেওঁ মৃত্যুক সাবটি ল’লে? তেওঁৰ দোষ কি আছিল? অপৰাধ কি আছিল? নাৰী হোৱাটোৱেই তেওঁৰ অপৰাধ আছিল নেকি? নে এটা নাৰী শৰীৰ কঢ়িয়াব লগা হোৱাটোৱে তেওঁ দোষ আছিল? অবান্তৰ প্ৰশ্ন কৰিছো এইটো| কোনো অৰ্থ নাই এনেধৰণৰ প্ৰশ্নৰ| তাতকৈ সোধা ভাল পুৰুষৰ অহংকাৰ ক’ত? কিহত? ইমানদিনে ভাবি আছিলো আৰ্থিকভাৱে সফল হৈ আনক বশ কৰি ৰখাতেই পুৰুষৰ অহংকাৰ বুলি| কিন্তু নহয়| পুৰুষৰ অহংকাৰ পুৰুষত্ব জাহিৰ কৰাত! যৌনাংগক সাৰথি কৰি বিকৃত ৰুচিৰ পৰিচয় দি নাৰীৰ জীৱনলৈ কাল অমানিশা নমাই অনাতেই পুৰুষৰ অহংকাৰ! যেন ক’ব আমিয়েই তোমালোকৰ ভাগ্য বিধাতা| ইচ্ছা কৰিলেই তোমালোকক মাটিত মিলাই দিব পাৰোঁ| আমাৰ ক্ষুধাৰ বলি হ’বলৈকে তোমালোকৰ জন্ম| তোমালোকৰ নিজস্ব কোনো স্থিতি নাই| কোনো ভেটি নাই| শূন্যৰ পৰা জন্ম তোমালোকৰ, শূন্যতেই মিলি যাবা তিল্‌তিল‌কৈ| এনেকৈ.......

বহুত চেষ্টা কৰাৰ পাছতো আজিলৈকে নুবুজিলোঁ এটা নাৰীদেহত আছে কি? ময়ো নাৰী| এনে কি আছে মোৰ মাজত যিয়ে মোক পণ্য সামগ্ৰীৰ শাৰীলৈ নমাই নিব পাৰে| এনে কি সুখ লুকাই আছে শাৰীৰিক সম্বন্ধত যিয়ে নিজৰ মান-মৰ্যদাকো অদেখা কৰি দিব পাৰে? আপোনজনৰ মান-সন্মান, নিজৰ শিক্ষা, সমাজৰ বিধি-ব্যৱস্থা, দেশৰ আইন-কানুনকো ভেঙুছালি কৰিব পাৰে| নুন্যতম অনুশোচনাও নোহোৱাকৈ মানুহ অমানুহ হৈ যাব পাৰে| এইয়া কি দেহৰ ভোক? নে খঁক? কি আছে এই ক্ষন্তেকীয়া উপভোগত যি সকলো পাহৰাই দিব পাৰে? জীৱশ্ৰেষ্ঠ মানুহ হোৱাৰ গৌৰৱকো ধূলিস্যাত্‌ কৰি দিব পাৰে? এইয়ে নেকি মানুহ হোৱাৰ পৰিণাম? ইতৰ প্ৰাণীয়েও এনে নকৰে চাগে!!!

মাজে মাজে ভাবোঁ শৰীৰে কেৱল পুৰুষকে আমনি কৰে যে নাৰীক আমনি নকৰে নেকি? দুয়োটা একেই তেজ মাংসৰ শৰীৰ| তথাপিও এনে কিয় হয়? কিয় পুৰুষেহে শৰীৰক বেছি গুৰুত্ব দিয়ে? কিয় নাৰীদেহ ইমান লোভনীয়? অবচেতন মনত থাকি থাকি অনেক প্ৰশ্নই ভুমুকি মাৰে-- এইয়া বাৰু পুৰুষপ্ৰধান সমাজৰ বিকৃত দম্ভৰ ফলাফল নেকি? যুগ যুগ ধৰি সমাজক প্ৰতিনিধিত্ব কৰা পুৰুষৰ অধিকাৰ আৰু অহংকাৰৰ প্ৰতিফলন নেকি এইয়া? পুৰুষৰ অৱচেতন মনত আজিও নাৰীৰ স্থান পদদলিত নেকি? নাৰী মানেই যেন ভোগ-বিলাস আৰু উপভোগৰ অৱদান! উন্নতিৰ চৰম পৰ্যায় পোৱাৰ পাছতো মানসিকতাৰ এনে কদৰ্য ৰূপ দেখিবলৈ পোৱাটো সঁচায়ে পৰিতাপৰ কথা|....কণমানি বৰ্ণালীও বলি হৈছিল এদিন নৰখাদকৰ| বৰ্ণালীৰ নিৰ্যাতনৰ বিভীষিকাই এদিন উত্তাল কৰিছিল গোটেই অসম| বৰ্ণালীক হত্যা কৰা সেই পাষণ্ডক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড দিয়াৰ ঢৌ মাৰ নাযাওঁতেই এই দুৰ্ঘটনা| আচলতে দামিনীৰ মৃত্যু ঘটিছিল নৰাধমকেইটাই অত্যাচাৰ কৰোঁতেই| মাত্ৰ হাড়ৰ মাজত উলমি আছিল হৃত্পিণ্ড নামৰ শৰীৰৰ অংগটো ঢিপ্‌ ঢিপ্‌কৈ| যেন ক্লান্ত-অৱসন্নভাৱেই কৈ যাব বিচাৰিছিল বহু কথা|

এসময়ত দেশৰ ভিতৰতে নাৰীৰ বাবে আটাইতকৈ সুৰক্ষিত স্থান হিচাপে চিহ্নিত হৈ থকা উত্তৰ-পূৰ্বাঞ্চল সম্প্ৰতি দেশৰ আন কেতবোৰ স্থানৰ দৰেই নাৰীৰ নিৰাপত্তাৰ দিশত ভয়াবহভাৱে অসুৰক্ষিত হৈ উঠিছে| নাৰীজনিত অপৰাধ, বিশেষকৈ বলাত্‌কাৰ যৌতুকৰ বাবে হত্যা আৰু অন্যান্য যৌন নিৰ্যাতনৰ ঘটনা এতিয়া উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যতে অত্যন্ত সুলভ হৈ পৰিছে| নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ শেহতীয়া পৰিসংখ্যামতে নাৰীজনিত অপৰাধ চকুতলগাকৈ বৃদ্ধি হোৱা উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ভিতৰত শীৰ্ষত আছে ত্ৰিপুৰা| যোৱা বছৰ ৰাষ্ট্ৰীয় হাৰ ১৮.৯ শতাংশৰ বিপৰীতে ৰাজ্যখনত নাৰীজনিত অপৰাধৰ হাৰ আছিল ৩৭ শতাংশ| এই ক্ষেত্ৰত ৩৬.৯ শতাংশ হাৰেৰে দ্বিতীয় স্থানত আছে অসম| আনহাতে নাগালেণ্ডত উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ ভিতৰতে নাৰীজনিত অপৰাধৰ হাৰ আটাইতকৈ কম| পৰিসংখ্যাৰ তথ্যমতে যোৱা বছৰ সমগ্ৰ দেশত ২,২৮,৬৫০ টা নাৰীজনিত অপৰাধ সংঘটিত হয় আৰু ইয়াৰে ১১,৫০৩ টা সংঘটিত হয় অসমত| অসম আৰক্ষীৰ তথ্য অনুসৰি যোৱা বছৰ ৰাজ্যখনত স্বামী আৰু আত্মীয়ৰ দ্বাৰা নাৰী নিৰ্যাতনৰ ঘটনা ৫,৭৪৫টা সংঘটিত হোৱাৰ বিপৰীতে ২,০১১ টা বলাত্‌কাৰৰ ঘটনা পঞ্জীয়ন হৈছিল| এই তথ্য যোৱা ২৫ ডিচেম্বৰত প্ৰকাশিত প্ৰতিদিনৰ| এই তথ্য মাথোঁ পঞ্জীয়ন হোৱা ঘটনা সমূহৰহে| পঞ্জীয়ন নোহোৱাকৈ সকলোৰে অগোচৰে আৰু ক’ত কিমান ঘটনা বাদ পৰি গৈছে তাক কোনে জানে!

প্ৰসংগক্ৰমেই উল্লেখ কৰিব খুজিছোঁ আন এক পৰিঘটনাৰ| টানি আনিব খুজিছোঁ ড. দীনেশ বৈশ্যৰ উপন্যাস ’নিষিদ্ধ প্ৰান্তৰ’ৰ কিয়দংশ|...মানৱ সভ্যতাৰ আদিমতম বৃত্তিৰে জীৱন নিৰ্বাহ কৰা এদল নিঃস্ব নাৰীৰ জীৱন আৰু তেওঁলোকৰ সৈতে কেইগৰাকীমান সমাজকৰ্মীৰ বিস্ময়কৰ অভিজ্ঞতাৰ কাহিনীয়ে এই উপন্যাসৰ মূল আধাৰ|

.....ভয়াবহভাৱেই এই উপন্যাসখনে উদঙাই দিছে মানুহ নামধাৰী এচাম মানুহৰ জীৱন সংগ্ৰাম, আৰু আনহাতে আন এচামৰ ভোগৰ এখন দু:সহ আৰু নিৰ্বিকাৰ ছবি| বিজয় নামৰ উচ্চশিক্ষিত ডেকাজনে চাকৰি কৰিবলৈ গৈছিল গোপালপুৰলৈ| চাকৰিনো কি এটা স্বেচ্ছাসেৱী সংস্থানে চলোৱা এক সংগঠনৰ প্ৰকল্প সমন্বয়কৰ কাম| সংগঠনটোৰ কাম আছিল ’ছেক্স ৱৰ্কাৰ’ বা ’বেশ্যা’ বা ’যৌনকৰ্মী’সকলৰ কল্যানৰ বাবে কাম কৰা| প্ৰকল্প চলাবলৈ গৈ বিজয় অনেক অসুবিধাৰ সন্মুখীন হৈছিল| হোৱাতো স্বাভাৱিকেই| কোন ভদ্ৰ মানুহে সুস্থিৰ অৱস্থাত ’যৌনকৰ্মী’ৰ লগত কাম কৰিবলৈ যোৱা বুলি ক’লে উচপ খাই নুঠিব! দিনৰ পোহৰত তেনে এটা শব্দ উচ্চাৰণ কৰাই যে মহাপাপ! কিন্তু প্ৰতিকুল অৱস্থাকো নেওচি বিজয়ে গোপালপুৰৰ দৰে সৰু ঠাই এখনত প্ৰায় ৫০০ যৌনকৰ্মীৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছিল| প্ৰকল্পৰ কামৰ খাতিৰতে কলকাতালৈ গৈছিল বিজয়| চিটি অৱ জয় অৰ্থাত্‌ কলকাতাত ভৰি দি বিজয়ে শুনিছিল শতিকা ধৰি চলি অহা গণিকা সংস্কৃতিৰ কথা| যুগ যুগ ধৰি কলকাতাত চলি আছে গনিকালয়| এই গণিকালয়লৈ প্ৰেম আৰু যৌনতা বিচাৰি যুগ যুগ ধৰি গৈ আছে কলকাতাৰ বাবুসকল| পুৰণি কলকাতাৰ জমিদাৰ বাবুসকলে প্ৰেম আৰু যৌনতাৰ উপাদানেৰে জীৱন উপভোগ কৰিবলৈ প্ৰতি গধূলি গণিকালয়লৈ গৈছিল| তেওঁলোকৰ বাবে নিদিৰ্ষ্ট হৈ আছিল গণিকাৰ ৰূপত সুন্দৰী নাৰী| গণিকাৰ ৰূপেৰে প্ৰেম আৰু যৌনতাৰ সম্ভাৰ বিমুক্ত কৰি উপচাই দিয়া এই সুন্দৰী নাৰীসকলে বাবুসকলৰ পৰা লাভ কৰিছিল আৰ্থিক আৰু সামাজিক সুৰক্ষা| পুৰণি কলকাতাৰ এই সংস্কৃতিত গণিকাসকলক যৌনকৰ্মী বুলি ক’ব নোৱাৰি| বাবুসকলকো গ্ৰাহক বুলি ক’ব নোৱাৰি| তেওঁলোকৰ মাজত আছিল এক অন্য সম্পৰ্ক| এতিয়াৰ কলকাতাত সেই সংস্কৃতি নাই| নাই সেই বাবু আৰু সেই গণিকা নাৰী| এতিয়াৰ কলকাতাত আছে যৌনকৰ্মী আৰু যৌন গ্ৰাহক| যৌনকৰ্মীসকলৰ বাসস্থান কলকাতাৰ বিভিন্ন প্ৰান্তত এতিয়াও আছে| সেই নিষিদ্ধ প্ৰান্তক এতিয়াৰ প্ৰশাসনে ৰেড্‌লাইট এৰিয়া বুলি কয়| পুৰণি কলিকতা আৰু এতিয়াৰ কলকাতাৰো প্ৰসিদ্ধ নিষিদ্ধ প্ৰান্তৰ ’সোনাগাছি’|

এই কিতাপখনৰ প্ৰসংগটো টানিলো দুটা কাৰণত-প্ৰথম জীৱন ধাৰণৰ বাবে বেশ্যাবৃত্তি গ্ৰহণ কৰা বেশ্যাসকলৰ আঁৰৰ দুখ-যন্ত্ৰণাক উপলব্ধি কৰা আৰু দ্বিতীয়তে তেওঁলোকৰ বাবে নি:স্বাৰ্থভাৱে কাম কৰা সংগঠনসমূহে এনে কিছুমান কথা দাঙি ধৰিছে যিবোৰক তেওঁলোকে এক জলন্ত সমস্যা বুলি নিৰ্ধাৰণ কৰিছে আৰু তাক নিবাৰণৰ বাবে তেওঁলোকে গৱেষণাও আৰম্ভ কৰিছে| কলকাতাত হোৱা তিনিদিনীয়া যৌনস্বাস্থ্য বিষয়ক আলোচনাচক্ৰত উল্লেখ কৰে যে বিশ্বায়নৰ প্ৰভাৱ যে অকল সমাজতে পৰিছে তেনে নহয় বৰং বিশ্বায়নৰ প্ৰভাৱত যৌনকৰ্মী জীৱনলৈও বিপদ আহিছে| এই বিষয়ে আঙুলিয়াই দেখুৱাইছিল সমাজকৰ্মী নীলাক্ষী পাটিলে| নীলাক্ষীৰ গৱেষণাপত্ৰৰ বিষয়বস্তু আছিল বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু বিশ্বায়নৰ প্ৰভাৱত বিপন্ন যৌনকৰ্মীৰ জীৱন| যৌনকৰ্মীৰ জীৱনলৈও বিজ্ঞান আৰু প্ৰযুক্তিবিযাই বিপন্নতা আনিব পাৰে| নীলাক্ষী পাটিলেই কৈছিল মুম্বাইৰ বহু গণিকালয় এতিয়া গ্ৰাহকৰ অভাৱত বিপন্ন হৈছে| জীয়া মানুহৰ স্পৰ্শৰে যৌন সুখ বিচাৰি যোৱা মানুহে এতিয়া পুতলা যৌন সংগীৰ আশ্ৰয় লৈছে| আশ্ৰয় লৈছে কৃত্ৰিম যৌন সঁজুলিৰ| এতিয়া বহুতো মানুহে গণিকালয়লৈ গণিকাৰ দেহৰ স্পৰ্শ সুখ বিচাৰি নাযায়| কাৰণ তেওঁলোকে ইতিমধ্যে ঘৰলৈ আনিছে পুতলা যৌন সংগী বা অন্যান্য যৌন সঁজুলি| তেখেতৰ সমীক্ষামতে বৰ্তমান ভাৰতবৰ্ষত বছৰি এহেজাৰ কোটি টকাৰ যৌন সঁজুলিৰ বজাৰ এখন চলি আছে| চীন দেশ আৰু দক্ষিণ পশ্চিম এছিয়াৰ পৰা ভাৰতবৰ্ষলৈ আহে পুতলা নাৰী| এই পুতলা নাৰী এতিয়া বহু পুৰুষৰ যৌন সংগী হৈ পৰিছে| আনহাতে বহুতো মহানগৰীত এতিয়া পুৰুষ যৌনকৰ্মী সৃষ্টি হৈছে| পুৰুষে এতিয়া পুৰুষ যৌনকৰ্মীৰ ওচৰলৈ যায় যৌনসুখ বিচাৰি| ইয়াৰ বাবেও পুৰণি গণিকালয়সমূহত গ্ৰাহকৰ সংখ্যা কমিছে বুলি নিলাক্ষী পাটিলে মন্তব্য কৰিছে| কিতাপখনৰ কিছুমান কথাই মোৰ স্বাভাৱিক বিচাৰ বুদ্ধিক তাচ্ছিল্য কৰিলে| পঢ়ি শিঞৰি উঠা এনে কিছু কথা পঢ়িছিলো যিবোৰ মোৰ ধ্যান-ধাৰণাৰ বাহিৰত আছিল| কল্পনাৰো অগোচৰ এনে কিছুমান পৰিবেশৰ মুখামুখি হৈছিলো যিবোৰ মাথো বোলছবিতহে সম্ভৱ বুলি মোৰ ধাৰণা আছিল| কিন্তু এই পৃথিৱীত চাগে সকলো সম্ভৱ!!!

যৌনতা কথাটোৱেই চাগে এটা আইচবাৰ্গৰ দৰে| আইচবাৰ্গৰ যেনেদৰে মূৰটোহে দেখা যায় বাকী খণ্ড পানীৰ তলত থাকে তেনেদৰেই যৌনতাৰ মূৰটোহে দেখে মানুহে বাকী খণ্ড নেদেখা হৈ থাকে| কথাখিনি আৰম্ভ কৰিছিলো এটা যন্ত্ৰণাক মূৰ্ত ৰূপ দিবলৈ| কিন্তু বিক্ষিপ্ত মনটোৱে আন এক খতিয়ানহে দাঙি ধৰিলে| কোনোপধ্যেই মানি ল’ব পৰা নাই সাময়িক ভোগ-আতিশয্যৰ বলি হৈ এটা নিৰ্দোষ জীৱন শেষ হৈ যোৱাটো! আৰু কিমান দিন চলিব এই অত্যাচাৰৰ প্ৰহাৰ? আৰু কিমান দিন নাৰীয়ে নাৰী হোৱাৰ বাবেই কৰিব লাগিব চৰম ত্যাগ? কিমান আহুতি দিলে বন্ধ হ’ব এই ধ্বংস যজ্ঞৰ? কিমান তেজ দিলে গোন্ধ লোৱা বন্ধ কৰিব নৰখাদকে নাৰীৰ তেজৰ? কোনোবাদিনা সঠিক মূল্যাংকন হ’বনে নাৰী জীৱনৰ? পাবনে নাৰীয়ে নাৰী হোৱাৰ গৌৰৱৰ অধিকাৰ? এইয়াই নেকি জীৱশ্ৰেষ্ঠ মানুহ হোৱাৰ অহংকাৰ???? উত্তৰ নোহোৱা হেজাৰ প্ৰশ্নই জুমুৰি দি ধৰিছে....


************************************************************************************************************

 প্ৰসংগক্ৰমে : বন্ধুত্ব !!!

(...কাৰোবালৈ বন্ধুত্বৰ হাত এখন আগবঢ়াই দিয়াতো বৰ সহজ, তাক আলফুলে সাবটি ৰখাটোহে বৰ টান....ফেচবুকত ভৰি দিয়েই লিখিছিলো বন্ধুত্বক লৈ একলম...)


আপোনালোকৰ বাবে বন্ধুত্ব মানে কি বাৰু? ইয়াৰ বাবে নিৰ্দিষ্ট কোনো সংজ্ঞা আছে নেকি আপোনালোকৰ বাবে?......আজি অফিচত কামৰ মাজতে এবাৰ ফেচবুক খুলিছিলো| খৰধৰকৈ চকু ফুৰাওঁতে চকুত পৰিল বনজিত দাৰ কথাখিনি...কোনোবাই তেওঁক বন্ধুত্বৰ তালিকাৰ পৰা আতঁৰাই পৰা দিছে| যিসকলে নিজেই উপযাচি তেওঁৰ সৈতে বন্ধুত্ব গঢ়িব খুজিছিল|.....অকস্মাত্‌ যেন ভূমিকম্প আহিল পৃথিৱীখন দুফাল হ’ল আৰু মই অন্তহীন অন্ধকাৰ গহ্বৰ এটাত সৰি পৰিলো! এতিয়াও মোৰ তেনে লাগি আছে| মোৰ বাবে বন্ধুত্ব সংজ্ঞাহীন| সীমাহীন তাৰ পৰিধি| এই এটা সম্পৰ্ক য’ত মই জীয়াই থকাৰ সাহস পাওঁ| মোৰ বাবে একমাত্ৰ বিশ্বাস আৰু ভৰসাৰ বান্ধোন এইয়া| আকাশৰ দৰে বিশাল সাগৰৰ দৰে গভীৰ আৰু পৰ্বতৰ দৰে দৃঢ় এই বন্ধুত্ব| বৰ্ণ বৈষম্য, লিংগভেদ, ধনী, দুখীয়া অথবা বয়সৰ প্ৰভেদৰ দৰে প্ৰাচীৰো বন্ধুত্বৰ আগত তুচ্ছ| বাকী দৈনন্দিন জীৱনক চুই যোৱা সাধাৰণ প্ৰয়োজনবোৰৰ কথা নকলোৱেই যেনিবা!!.....


......আকৌ হেৰাই গৈছে মোৰ ভৰিৰ তলৰ মাটি| বৰ অসহায় লাগিছে| কিয় কৰে মানুহে এনেকুৱা? কেনেকৈ কৰিব পাৰে? তেওঁলোকৰ অন্তৰাত্মাই তেওঁলোকক তেনে কৰাৰ অনুমতি দিয়ে নে? এনে কৰি উঠি তেওঁলোকে নিজৰ মুখামুখিয়ে বা হয় কেনেকৈ? অপৰাধবোধত নোভোগে নে? তাৰপাছতো তেওঁলোক মানুহ হৈ থাকেনে? তেওঁলোক আচলতে মানুহেই নে?...নেজানো| একো নেজানো মই| মই মাথো জানো মানুহক মানুহ লাগে| সঁচা অৰ্থত মানুহ| পেটৰ ভোক দেহৰ ক্ষুধা বিশ্ৰামৰ টোপনি নিবাৰণ হোৱাৰ পাছতো কিবা এটা অপূৰণ হৈ থাকি যায়| এই আধাৰুৱাখিনিক পূৰ্ণ কৰি তুলিবলৈকে মানুহক মানুহ লাগে| এষাৰ মাত লাগে| অকণ হিয়াৰ উম লাগে| এটা আশ্ৰয় লাগে| এটা আশ্বাস লাগে| আত্মাৰ লগৰী লাগে|.....এটা তেজে ধোৱা ইতিহাস আছে মোৰ | য’ত মোৰ আপোন মানুহেই মোক ধৰাসায়ী কৰিছে| নিজ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ বাৰে বাৰে প্ৰতাৰণাৰে মোৰ হিয়াত কুঠাৰাঘাট কৰিছে| তেজৰ সম্পৰ্ক থকা মোৰ আপোন মানুহবোৰেই মোক নি:সংকোচে তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে| তথাপিও মই বাচি আছো| ৰক্তাক্ত কলিজা লৈ স্ব-ইচ্ছাৰে মই নিৰ্বাসন লৈছো আপোন মনুহৰ পৰা| ওলাই আহিছো স্বাৰ্থপৰতাৰ সেই ঠেক গণ্ডীৰ পৰা যি তেজৰ সম্পৰ্কৰ দোহাই দি বাৰে বাৰে ভুলুন্ঠিত কৰে মোক| মোৰ আত্মাক| চিনাকি পৃথিৱী এৰি অচিনাকি পৃথিৱীক সাবতি লৈছো| বিশালতাৰ মাজত হেৰাই গৈছো| সাৰথি মাথো মোৰ বন্ধুত্ব......|


.......মই নাৰী| সুন্দৰী হয় নে নহয় নাজানো| কিন্তু মোক এৰাতিৰ বাবে হ’লেও পাব খোজা বন্ধুৰ সংখ্যা বৰ কম নহয়| দুদিন কথা পাতি তৃতীয় দিনা ভালপাওঁ বুলি কোৱা বন্ধুও আছে| এওঁলোকক মই বন্ধুৰ শাৰীত থওঁ বা নথওঁ তেওঁলোকে নিজকে মোৰ বন্ধু বুলিয়ে দাবী কৰে| তথাপি মোৰ বাবে বন্ধুত্ব বৰ আপুৰুগীয়া| যিকেইজন সঁচা অৰ্থত মোৰ বন্ধু তেওঁলোকৰ সান্নিধ্য তেওঁলোকৰ উপকাৰ মই এই জীৱনত পাহৰিব নোৱাৰিম| মোৰ সুখ মোৰ দুখ মোৰ বহুতো উকা প্ৰহৰৰ অংশীদাৰ মোৰ এই বন্ধুকেইজন| এবাৰ মোৰ দাদাৰ ডাঙৰ এক্সিডেণ্ট এটাত যোৱা থোৱা অবস্থা| মই, মোৰ মানুহ্জন আৰু ভনী জোৱাঁইটোৱে তিনিবটল তেজ দিয়াৰ পাছতো আৰু সাত বটল তেজৰ প্ৰয়োজন হৈছিল| তেজ দিব পৰা মানুহ আছিল মামাৰ গাঁৱত| কিন্তু বহাগ বিহু উপলক্ষে প্ৰায়বোৰেই মদ খাই আছিল| ইফালে সিফালে খবৰ কৰিও তেজ যোগাৰ কৰিব পৰা নাছিলো| তেনেতে মোৰ বন্ধু এজনে ফোন কৰি খবৰ লওঁতে ক’লো অসুবিধাৰ কথাটো| তেওঁলোক নিজে চাৰিজন যোৱাৰ উপৰিও তেওঁলোকৰ লগত আৰু দুজন মানুহ লৈ গৈছিল সেই ৰাতি| তেজ দিবলৈকে বুলিয়ে তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈ গাড়ী ভাৰা কৰি গৈছিল ৰাতি দহ বজাত| তেওঁলোক মোৰ কোনো নহয়| মোৰ অফিচতে চাকৰিৰ খাতিৰতে চকুৰ চিনাকি মাত্ৰ| মোৰ একমাত্ৰ দাদা বুলি আমি ঘৰৰ মানুহবোৰে তেজ দিলো| সাধ্য অনুযায়ী টকা পইচাও খৰছ কৰিলো| কিন্তু এওঁলোকৰ এই ধাৰ মই জীৱন দিও সুজিব নোৱাৰোঁ| আজি মোৰ দাদাই কিন্তু মোক পাহৰিলে|

......কিনো আছে জীৱনটোত! মৃত্যুৰ পাছত দেখোন একোৱেই নাই| তেনে কিয় আমি নি:স্বাৰ্থভাবে কাকো আপোন কৰিব নোৱাৰোঁ? কিয় দুখত ভাগি পৰাজনক এখন সহায়ৰ হাত আগবঢ়াই দিব নোৱাৰোঁ? কিয় দৃঢ়তাৰে কাৰো চকুত চকু থৈ এবাৰ হ’লেও ক’ব নোৱাৰোঁ “মই আছো নহয়” বুলি? বহুত কিবা হানি হ’ব জানো এষাৰ মাত দিলে? অবাবতে সময় নষ্ট হ’ব নেকি কাৰোবাৰ কাষত অলপ থমকি ৰ’লে? নে অভিজাত্যৰ দৌৰত পাছ পৰি অস্তিত্ব হেৰুৱাম বুলি আমি নিজেই ভয়ত আতুৰ?.......ময়ো স্বাৰ্থপৰ| ময়ো মনে মনে আশাকৰোঁ মোৰ অলস উকা মূহুৰ্তবোৰ ফুল তৰা গানেৰে ভৰি পৰক| সাৰে থকা প্ৰতিটো ক্ষণ অৰ্থবহ হওক| মোৰ চকুলৈ চাই আন কোনোবাই প্ৰতিশ্ৰুতি দিয়ক বা নিদিয়ক মোৰ দুচকুত চিৰদিনেই সজাম বন্ধুত্বৰ সাতোৰঙী ৰামধেনু| ধন সম্পত্তি টকা পইচাৰে বহুত ধনী নহ’ব পাৰো কিন্তু হিয়াৰ আঁচলত সদায় সাঁচি থম এবুকু সেউজীয়া| জীৱনৰ যুঁজত হাৰি হাৰি সকলো ৰং হেৰুৱাই পেলোৱা কাৰোবাক দিম  তাৰে অকণ সেউজীয়া| কোনে জানে কাক ক’ত কেতিয়া লগ পাওঁ! কিজানি যাক লগ পাম তেওঁ হয়তো সকলোৰে অগুচৰে বুকুত কঢ়িয়াই লৈ ফুৰিব এখন মৰুভুমি! বিষন্নতাত উটি যোৱা সেই ক্লান্ত আত্মাক একো দিব নোৱাৰিলেও হাতত হাত থৈ ক’ব পাৰিম...... “শেষ হৈ যোৱা নাই পৃথিৱী| এতিয়াও মানুহ আছে ইয়াত| তুমি আৰু অকলশৰীয়া নহয়| মূৰ তুলি চোৱা এতিয়াও প্ৰাণত স্পন্দন আছে| তোমাৰ বাবে অট্টালিকা সাজিব নোৱাৰিব পাৰো কিন্তু থমকি ৰ’বলৈ এখন্তেক জিৰাবলৈ মোৰ বুকুৰ চোতালৰ নঙলা খুলি থৈছোঁ| মনটো জীপাল কৰিব খোজ যদি এষাৰ মাত দিব পাৰিম| পিয়াহ পলুৱাব খোজা যদি অলপ মৰম দিব পাৰিম| শস্য শ্যামলা কৰিব খোজা যদি তোমাৰ মনৰ পথাৰ বিশ্বাস আৰু আস্থাৰ কঠিয়া সিঁচি দিব পাৰিম তোমাৰ মনৰ উপত্যকাত| আৰু এদিন মোৰ দৰে তুমিও ক’বা হয় মই জীয়াই আছো| আহাঁ বন্ধু আমি একেলগে খোজ দিওঁ.....কাৰণ আমি যে মানুহ..............|”


(বনজিত দা লৈ শ্ৰদ্ধাৰে......অনামিকা)

*********************************************************************************

অস্পৃশ্য......

সাৰ পায়েই ম’বাইলটো চালো| ৪ বাজি ত্ৰিছ মিনিট গৈছে| ৫টা বাজিবলৈ এতিয়াও ৩০ মিনিট আছে| সদায় হয় এনেকুৱা| ম’বাইলত এলাৰ্ম দিয়া আছে পুৱা ৫টাত| কিন্তু এলাৰ্মৰ শব্দত সাৰ পোৱাৰ আগতেই সদায় মোৰ টোপনি ভাঙে| নিজৰ ওপৰতে খং উঠি যায় কেতিয়াবা| ইমান মোৰ টোপনি পাতল! বেজী এটা পৰিলেও সাৰ পাওঁ| ৰাতি যিমান দেৰিকৈ শুলেও দুবাৰ তিনিবাৰ সাৰ পাওঁ| ৰাতিপুৱাও দেৰিলৈকে শুবলৈ সময় নহয়| আগতে ছোৱালীজনীক বিবেকানন্দত এড্‌মিছন নিদিওঁতে ৬টাত উঠিলেও হৈছিল: কিন্তু এতিয়া নহয়| তাইৰ স্কুল বাছ যায় ৭টাত| গতিকে চকু মেলাৰ পৰাই এক ধৰণৰ খৰধৰ লাগি যায়| তাতে মইনাই গা ধুবলৈ যিমান হে সময় লয়! মই মইনালৈ চালো| নাই খবৰেই নাই| তাইক উঠোৱাতো এটা সমস্যা| গাত ধৰি জোকাৰি নিদিলে মহাৰাণীৰ চকু মেলেই নাখায়| তাইক উঠাই গাটো ধুৱাবলৈকে মই ৫টাত উঠিব লাগে| নহ’লে গোটেই ৰূটিন্‌খন খেলি মেলি হৈ যায়|

মইনা মিষ্টাৰৰ দূৰ সম্পৰ্কীয় ভতিজী| আগৰবাৰ আমাৰ ঘৰত থকা ছোৱালীজনী মনে মনে পলায় যোৱাত ভাল ভয় খালো| এদিন স্কুল বন্ধ থাকোতে মোৰ ৭ বছৰীয়া ছোৱালীজনীক অকলে অকলে ঘৰত এৰিথৈ তাই যেতিয়া নোহোৱা হ’ল মাথাই কাম নকৰা হৈছিল| পুলিচত খবৰ দি বিচাৰ খোচাৰ কৰি একো খা খবৰ নাপাওঁতে মিষ্টাৰৰ চাকৰিটো যাব বুলিয়েই ভাবিছিলো| দুদিন পিছত গম পাইছিলো তাই মাকৰ লগত মিলি মনে মনে পৰিকল্পনা কৰি ভিনিয়েকৰ লগত তিনিচুকীয়াৰ পৰা পাঠশালালৈ পলাই গৈছিল| নহ’লে অহা মাত্ৰ দুমাহ হোৱা ছোৱালী এজনী যি ঘৰৰ চাৰিসীমাৰ বাহিৰ হৈ পোৱা নাই অকস্মাত্‌ হেৰায় থাকিল চিন্তাৰ কাৰণ হোৱাটোৱে স্বাভাবিক| তাৰপাছত আৰু ছোৱালী তোৱালী নাৰাখো বুলিয়েই ভাবিছিলো| কিন্তু নহ’লে নহয়| আচলতে কাম বন কৰাত বৰ বিশেষ অসুবিধা নহ’লেও দুপৰীয়া স্কুলৰ পৰা অহাৰ পিছত ল’ৰা ছোৱালী দুটাক ভাতকেইটা দিয়াটোৱে আটাইতকৈ ডাঙৰ সমস্যা| আমি দুয়োজনেই চাকৰিলৈ ওলায় যোৱাৰ পিছত ছোৱালীজনীক বাছৰপৰা নমায় আনি হাত ভৰি ধুৱাই দি ভাতকেইটা দিবলৈকে কোনোবা এজনী নহ’লেই নহয়| কিন্তু এই মোক সহায় কৰা ছোৱালীহঁতক মই কাম কৰা বা ৰখা ছোৱালী বুলি ক’বলৈ বেয়া পাওঁ| পাপী পেটটোৰ কাৰণেই সিমান দূৰৰ পৰা নিজৰ ঘৰখন এৰি মোৰ ঘৰত আছেহি মোৰ প্ৰয়োজনতেই| সিহঁতক হাঁহি আনন্দৰে ৰাখিবলৈ সদায় যত্নপৰ হওঁ| এদিন কথা প্ৰসংগত ল’ৰাটোৱে আগৰ থকা ছোৱালীজনীক তাই কাম কৰা ছোৱালীহে বুলি কিবা কওঁতে তাক দুখ পোৱাকৈ শাস্তি দিছিলো| আকৌ এবাৰ বুজাই কৈছিলো তাক-“কাম কৰা ছোৱালী নহয় তাই বা’| আমাৰ ঘৰতেই থাকে যেতিয়া তাই আমাৰ পৰিয়ালৰে এজন সদস্য| তাই আমাৰ ঘৰত আছে তোমালোকৰ কাৰণে| স্কুলৰ পৰা আহি তোমালোকে যাতে ভোকত থাকিবলগীয়া নহয় সেইবাবেহে তাই তাইৰ জন্মৰ চিনাকি ঘৰখন এৰি আমাৰ লগত আছেহি| তোমালোকে এনেকুৱা একো নকৰিবা যিটোৰ কাৰণে তাই কিবা হীনমন্যতাত ভুগিব লগা হয়| মনত কষ্ট পাব লগা হয়| সন্মান কৰিব তাইক| যি মানুহে আনক সন্মান দিব বা কৰিব নাজানে সেই মানুহে নিজেও আনৰ পৰা সন্মান আশা কৰিব নোৱাৰে| তুমি দেখিছাই দেখোন তাইৰ লগত মই কোনো কথাতে কোনো ধৰণৰ বৈষম্য নাৰাখোঁ| তেন্তে মোৰ ল’ৰা হৈ তোমাৰ মুখত তেনে কথা ওলাল কেনেকৈ? শুনি লাজ পাইছো মই| আৰু কোনোবাদিনা যদি মই এই ধৰণৰ কথা শুনো মোতকৈ বেয়া কোনো নহ’ব কিন্ত মনত থবা|”

আৰু এই মইনা! পৃথিৱী ওলট পালট হৈ যাওক কি জানো কৰে এঘণ্টাৰ কমত গা ধোৱা নহয় কেতিয়াও! তাইক ৰাতিপুৱা উঠাই দিয়াৰ পৰাই মোৰ দিনটোৰ কাম আৰু চিঞৰ বাখৰ যি আৰম্ভ হয়; শেষ হয় ৰাতি বিচনাত পৰাৰ পাছত| চাকৰিটো কৰি ভালো লাগে বেয়াও লাগে| ভাল লাগে নিজৰ ভৰিত নিজে থিয় দিবলৈ পায়| বিশেষকৈ দৰমহা পোৱাৰ পৰা কেইদিনমানলৈ মনটো বেছি ভাল লাগি থাকে| বেয়া লাগে একেবোৰ কামকে সদায় কৰি কৰি| তাতে চেণ্ট্ৰেলৰ চাকৰি বুলি বন্ধ চন্ধও কম| কাৰোবাৰ বেমাৰ আজাৰ নহ’লে মোৰ তেনেকৈ ছুটীও লোৱা নহয়| বিৰক্তি লাগে কেতিয়াবা| চাকৰিত সোমোৱাৰ আগলৈকে ডাকঘৰ মানে অকল চিঠি-পত্ৰৰ আদান প্ৰদানৰ এটা কাৰবাৰ বুলিয়েই ভাবিছিলো| ৰঙা ৰঙৰ অসম পৰিবহন নিগমৰ বাছবোৰে বস্তা একোটাত ভৰায় চিঠিবোৰ ইঠাইৰ পৰা সিঠাইলৈ নিয়ে আৰু পিয়নে ঘৰে ঘৰে গৈ চিঠিবোৰ দি আহে| খবৰ দিয়া লোৱাৰ এটা সহজ পন্থা| কিন্তু চাকৰিত সোমাইহে গম পাইছো চিঠি-পত্ৰয়েই নহয় ক্ষুদ্ৰ সঞ্চয়ৰ পৰা আৰম্ভ কৰি আৰু বহুত কিবা কিবি কাম হয় ইয়াত| নীতি নিয়মবোৰো ইমান ধৰা বন্ধা যে কামত গাফিলতি কৰাৰো সুৰুঙা নাই| তাৰমাজতো কোনো কোনোৱে যে ফাঁকি নিদিয়াকৈ নাথাকে তেনে নহয়| অহ্‌ আজিতো পি.এম.জি(Postmaster General)  অহাৰ কথা| প’ষ্টমাষ্টৰে কালিয়ে অৰ্ডাৰ দি দিছে সকলোকে সময়মতে অফিচত উপস্ঠিত হ’বলৈ| এই ওপৰৱালাবোৰ কিয় যে আহে! আমাৰ একো কামত নাহে বৰং অনবৰতে সন্ত্ৰস্ত হৈ থাকিব লাগে| মই কোনোদিনে সময়্ত গৈ অফিচ নাপাওঁ| ১৫-২০ মিনিট পলম হৈয়ে যায়| এই পলম হোৱা সময়খিনিক বাদ দি বাকী কামত যিকোনো টেবুলত বহিলেও মই কামখিনি নিষ্ঠাৰে কৰো| কাম কৰাতো মোৰ নিচা| অৱশ্যে ওপৰৱালাবোৰ আহিলে সমজুৱাকৈ এটা লাভ হয়-অফিচটো পৰিস্কাৰ কৰা হয়| কালিও চাফ্‌-চিকুণ কৰোঁতে উদ্ভৱ হোৱা অপ্ৰীতিকৰ পৰিস্থিতিটোলৈ মোৰ মনত পৰি গ’ল| মণি অৰ্ডাৰ বুকিং কাউণ্টাৰত মই, চিঠি ৰেজিষ্ট্ৰেচন কাউণ্টাৰত বৰ্ণালী বাইদেউ আৰু টি.আৰ.চি (Telephone Revenue collection)  কাউণ্টাৰত ৰতন| মোৰে সৈতে আমাৰ অফিচত মহিলা কৰ্মচাৰী কেইবাগৰাকীও আছে| চম্পা, অজন্তা, দেউৰী বাইদেউ, মধুমিতা বাইদেউ, বৰ্ণালী বাইদেউ, আৰু প্ৰেমেশ্বৰী বাইদেউ| অজন্তা আৰু মই একেলগৰ| চম্পা আমাতকৈ সৰু| দেউৰী বাইদেউ, মধুমিতা বাইদেউ আৰু বৰ্ণালী প্ৰায় সমসাময়িক| প্ৰেমেশ্বৰী বাইদেউ বহুত চিনিয়ৰ| অৱসৰ ল’বলৈ দুবছৰমান আছে|

ধানটোৱে প্ৰতি কনটো মানুহটোৱে প্ৰতি মনটো| ব্যক্তিবিশেষে সকলোৰে চিন্তাৰ পৰিধি সুকীয়া সুকীয়া| মই সাধাৰণতে অকলেই থাকি ভাল পাওঁ| কাৰণ বাকীসকলৰ দৰে পাকঘৰটোক ডাকঘৰলৈ তুলি আনিব লগা হোৱা ধৰণৰ আলোচনাবোৰত মই কোনো ৰস বিচাৰি নাপাওঁ| আইসকলৰ লগত মোৰ ধ্যান ধাৰণাবোৰ অলপ নিমিলে| দুই তিনিজনী লগ হৈ বিয়নী মেল পাতি ফুৰা কামবোৰ মই আগৰে পৰাই বেয়া পাওঁ| গতিকে তেৰাসৱৰ মেলবোৰত ভাগ নলৈ মই দূৰৰ পৰাই আলেঙ আলেঙ সকলোকে লক্ষ্য কৰি থাকো| সৰু সৰু খুটি নাতিবোৰ নিজৰ মনতেই বিশ্লেষন কৰি থাকো| বৰ্ণালী বাইদেউ দেখাত ধুনীয়া| বি.এচ্‌.চি পাছ| চুটি-চাপৰ অলপ শকত| গাৰ ৰং বগা| কিন্তু প্ৰতিটো কথাতে যেন অলপ বেছি স্পৰ্শকাতৰ| নিজক লৈ অলপ বেছি সচেতন| নিজক সজায় ভালপায়| সদায় দামী দামী নতুন নতুন শাৰী পিন্ধে| টিক্‌টিকিয়া ৰঙা লিপষ্টিক লগায়| প্ৰসাধনৰ নামত মুখৰ সৌন্দৰ্য্য বঢ়াবলৈ যেয়ে যি কয় তাকে কৰে| পূজা-পাতলো বহুত কৰে| মানুহজনক ভৰসা কৰিব নোৱাৰি শাক পাছলি মাছ-মাংসৰ বজাৰো নিজেই কৰে| ঘৰখন সজোৱাতো বিৰাট চখ্‌| অশেষ ব্যস্ততাৰ মাজতো বাৰীত-টাবত ফুলৰ পুলি ৰুৱে| সেইবোৰৰ যত্ন লয়| সময়ত ফুলি উঠা ফুলবোৰৰ ফটো তুলি আনি আমাক দেখুৱায়| গানো গায়| বাকী একমাত্ৰ ল’ৰাটোৰ কাৰণে কৰা চিন্তা ভাবনাৰ কথা আজি থাওক| সেয়া অন্য এখন মহাভাৰত হ’ব| কিন্তু এই সৌন্দৰ্য্য পিয়াসী সৌন্দৰ্য্য সাধনা কৰা আধুনিক মনটোত কেনেকৈ যে অন্ধবিশ্বাসে ঠাই পায় মই ভাবি উলিয়াব নোৱাৰো| বাইদেৱে খুব ধুতী নীতি মানে| পায় নাপায়বোৰ খুব মানে| পূজা-পাতলৰ নামত প্ৰ্ৰায়ে লঘোণ দিয়ে| এক ধৰণৰ মেনিয়া নেকি জানো! মই দুৰ্ঘোৰ নাস্তিক| মাজে মাজে মোৰ লগত এই লৈ খকা খুন্দা লাগিয়ে থাকে| মই নিজে নিজে ভাবো অতি বেছি একোৰে ভাল নহয়| উগ্ৰ তিতা আৰু উগ্ৰ মিঠা দুয়ো বিহ| মই নিয়ম সিমানলৈকেহে মানো যিমানখিনিয়ে মোক বা আনক অসুবিধাত নেপেলায়| আৰু সদায় ঘৰৰ পৰা বাহিৰলৈ ওলায় যোৱা মানুহ এগৰাকীৰ ক্ষেত্ৰত অহেতুক নিয়ম মানি চলা অসম্ভব| কিন্তু এই বৰ্ণালী বাইদেউ অলপ ব্যতিক্ৰম| তেওঁৰ মঙ্গলবাৰ, বৃহস্পতি বাৰ, শনি বাৰ, আঁউসী, একাদশী এইবোৰতো আছেই; কোনোবাই টিফিনত ভাত খাই ভুলতে যদি তেওঁৰ টেবুলখন ছুলে হ’ল আৰু| মাহেকীয়া হৈ কোনোবাই কেনেবাকৈ যদি তেওঁক ছুৱে তেওঁ হেনো ঘৰলৈ মূৰ-গা তিয়াই গা ধুৱেগৈ| কাৰোবাৰ বংশত কোনোবা জন্ম হ’ল বা মৰিলে সেই চুৱাও ডাকঘৰলৈ বিয়পে| আমি কিছুমান কথা তেওঁক নোকোৱাকৈয়ে থাকো| এইখিনিলৈকে তথাপি ঠিকেই আছিল কিন্তু কালি যি হ’ল!

ইলা হৰিজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী| লক্ষ্মী বাচফোৰ ছুইপাৰ| মানুহ হিছাপে মই কেতিয়াও কাকো ঘিণ কৰি নাইপোৱা| অসমীয়া, মুছলমান, খ্ৰীষ্টান, শিখ এনেকৈ ধৰ্মৰ ভাগ বটোৱাৰাও মোৰ মনত নাথাকে| উচ্চ নীচৰ ভেদাভেদবোৰো মোৰ চকুত নপৰে| কিন্তু টয়লেট‌ চফা কৰি ঝাৰু দি উঠিও হাত নোধোৱা লক্ষ্মীলৈ মোৰ কেতিয়াবা ঘিণ লাগে| তাই হৰিজন বুলি নহয় লেতেৰী বুলিহে ঘিণ লাগে তেতিয়া| পি.এম.জি অহাৰ খবৰ পাইয়েই প’ষ্টমাষ্টৰে সকলোকে নিজৰ নিজৰ কাউণ্টাৰবোৰ চাফ্‌-চিকুণ কৰি ল’বলৈ ক’লে| ইলাই আমাৰ টেবুল আৰু কম্পিউটাৰবোৰ কাপোৰ এখনেৰে মহাৰি ধূলিবোৰ  জোকাৰি দিলে| লগে লগে লক্ষ্মীক ক’লো তই তলবোৰ ভালকৈ সাৰি দে| তাইক সাৰিবলৈ দি আমিবোৰ আঁতৰি আহিলো|.......আবেলিৰ সময়| আমি আটাইকেইটা নিজৰ নিজৰ হিচাপ মিলোৱাত ব্যস্ত| এনেতে বৰ্ণালী বাইদেৱে মঞ্জু বাইদেউক ৰবৰ আনি দিবলৈ চিঞৰিলে| টকাৰ বান্দিল বনাবলৈ ৰবৰ লাগে| মঞ্জু বাইদেউও কম নহয় নিজে নানি লক্ষ্মীক আনি দিবলৈ ক’লে| লক্ষ্মীয়ে আনি বাইদেউক দিওঁতেই কিবাকৈ তাইৰ হাতখন বৰ্ণালী বাইদেউৰ হাতত লাগি গ’ল| বচ্‌ বাইদেৱে ইমান বেয়াকৈ আৰু অদ্ভুত ধৰণেৰে চিঞৰ বাখৰ কৰিলে যে কথাবোৰ শুনি মোৰ শিক্ষা দীক্ষা সকলোবোৰ অথলে যোৱা যেন লাগি গ’ল| বাইদেউৰ কথাৰ সাৰাংশটো এনেধৰণৰ-তেওঁ উচ্চ বৰ্ণৰ মানুহ| বৈবাহিকসুত্ৰে বামুণ| তাতে সেইদিনা তেওঁৰ কিবা ব্ৰত আছিল| এতিয়া লক্ষ্মীয়ে তেওঁক ছুই দিয়াৰ কাৰণে তেওঁ অপবিত্ৰ হ’ল আৰু তেওঁ দিনটোৰ ব্ৰত মিছাতে ভংগ হ’ল| কাৰণ লক্ষ্মী হৰিজন সম্প্ৰদায়ৰ| অস্পৃশ্য| তাইহঁতে ছুলে মানুহৰ জাত যায়|

লাজ পাইছিলো মই| মোৰ এগৰাকী সহকৰ্মীৰ এনে আচৰণে অপৰাধী সজাইছিল মোক| তেনেকৈ কোৱাতকৈ তেওঁ যদি ক’লে হয় তই এইমাত্ৰ ইমান লেতেৰা ছুইছ’ হাত ধুইছিলি জানো? বা লক্ষ্মীয়ে ছুৱাৰ কাৰণে তেওঁৰ ইমানেই অস্বস্তি লাগিছিল যদি ঘৰলৈ গৈ মনে মনে গাটো ধুই পেলালেই হ’লহেতেন! এনেকৈ ৰাজহুৱাকৈ লক্ষ্মীক অপমান নকৰিওতো পাৰিলেহেতন! লক্ষ্মীক অপমান কৰাৰ অধিকাৰেইবা তেওঁক কোনে দিলে? তেওঁৰ শিক্ষাই? তেওঁ উচ্চ বৰ্ণৰ অহংকাৰে? তেওঁৰ পদমৰ্য্যাদাই? যিজন ভগৱানৰ তেওঁ দিন ৰাতি  আৰাধনা কৰে সেইজন ভগৱানেইচোন তেওঁৰ দৰে লক্ষ্মীকো স্ৰজন কৰিছে| সৃষ্টি কৰোঁতে প্ৰভুৱে জানো কৈছিল তুমি উচ্চ বৰ্ণৰ তেওঁ নীচ বৰ্ণৰ| এই বৰ্ণভেদ মানুহেহে সৃষ্টি কৰিছে| আৰু হৰিজনসকল! মোৰ মাজে মানে বাপুজীক সুধিবৰ মন যায় তুমি আচলতে তেওঁলোকক জীৱন দিলা নে জীৱনৰ নামত এটা অভিশাপ দিলা যিটো আমৃত্যু প্ৰতিজন হৰিজনে কঢ়িয়াব লাগে কেৱল হৰিজন হৈ জন্ম ল’লে বুলিয়েই....!
**********************************************************************************************************************************

 মোৰ অনুভৱৰ সোপানে সোপানে মামণি ৰয়ছম...

নোবেল বঁটা বিজয়ী সাহিত্যিক “ ভি এছ নাইপল”এ কৈছিল—এই পৃথিৱীত ড. ইন্দিৰা গোস্বামী (মামণি ৰয়ছম)ৰ দৰে সৌন্দৰ্যময়ী (চাৰ্মিং) আৰু আশ্চৰ্যময়ী নাৰী দ্বিতীয় গৰাকী মই দেখা নাই|

মোৰ জীৱনক গভীৰভাৱে প্ৰভাৱাম্বিত আৰু আলোড়িত কৰা ব্যক্তিসকলৰ ভিতৰত মামণি ৰয়ছম অন্যতম| যিমানেই তেখেতক জানিবৰ বুজিবৰ যত্ন কৰোঁ সিমানেই মোৰ বুকুৰ স্পন্দন দ্ৰুত হৈ যায়| কিমান বিশাল তেওঁৰ ব্যাক্তিত্ব! দু:খ আৰু যন্ত্ৰণাৰ উত্তৰণ ঘটাই অভিজ্ঞতাৰ হাত ধৰি জীৱনৰ সত্য উন্মোচন কৰি তেওঁ যি অমৰ সাহিত্য সৃষ্টি কৰি গ’ল তাক মোৰ ক্ষুদ্ৰ কলমেৰে বৰ্ণনা কৰা দুৰূহেই নহয় অসম্ভবো| মামণি ৰয়ছম গোস্বামীক মহিলা লেখিকা হিচাপে বিচাৰ কৰিবলৈ গ’লে তেখেতৰ সাহিত্য প্ৰতিভাৰ প্ৰতি অন্যায় কৰা হ’ব| প্ৰগতিশীল, নাৰীবাদী এনে ধৰণৰ বিশেষণেৰে তেখেতক সাঙুৰিব নোৱাৰি| অসমীয়া সাহিত্যৰ অন্যতম শক্তিশালী নাৰী চৰিত্ৰকেইটাই মূৰ্ত ৰূপ পাইছে তেখেতৰ উপন্যাস সমূহত ইয়াত কাৰো দ্বিমত নাই| কিন্তু তেখেতৰ কোনোটো চৰিত্ৰই বাস্তৱজগতত থাকিব পৰা চৰিত্ৰ এটাৰ বিশালতাৰ সম্ভাৱনীয়তাক অতিক্ৰম বা অস্বীকাৰ কৰা নাই| যদিও তেখেতৰ ৰচনাৰ কোনোবাটো চৰিত্ৰ্ৰ নাৰীবাদী, সেই নাৰীবাদ এগৰাকী তিৰোতাৰ জীৱনৰ প্ৰতি অহা উত্পীড়ন বা ভাবুকিবোৰক অতিক্ৰম কৰাৰ প্ৰয়াসহে| সেই চিন্তাত তছ্‌লিমা নাছ্‌ৰিণৰ দৰে পুৰুষৰ প্ৰতি ঘৃণাৰ অনল নাই| মানৱসত্তা প্ৰতিষ্ঠা কৰাত তেওঁৰ যি প্ৰয়াস তাক কেৱল নাৰীবাদীৰ আখ্যা দিব নোৱাৰি| মামণি ৰয়ছম গোস্বামীৰ ৰচনাৰ প্ৰতিটো চৰিত্ৰই নিষ্পেষিত আৰু শোষিত| যদিও নিৰুপমা বৰগোহাঞিৰ দৰে মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত স্পষ্ট প্ৰতিবাদৰ সুৰ নাথাকে তথাপিও তেখেতৰ উপন্যাসে যি সামগ্ৰিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সি বেছি ক্ৰিয়াশীল| আৰু এইয়া সম্ভৱ হৈ উঠে তেখেতৰ হৃদয়গ্ৰাহী বৰ্ণনাভংগীৰ বাবে|

মামণি বাইদেউৰ বিষয়ে প্ৰথম পঢ়িছিলোঁ প্ৰান্তিকৰ পাতত কোনোবা এটা প্ৰৱন্ধত| কি চন আছিল তেতিয়া? বোধকৰোঁ ১৯৮৬-৮৭! ভালকৈ মনত নাই| তেতিয়া উপন্যাস পঢ়াত মোৰ খুউব নিচা| কাৰণ ঘৰত বাইদেৱে কয়, স্কুলত ছাৰে কয় উপন্যাস নপঢ়িবি বুলি| অৱশ্যে কেৱল উপন্যাস বুলিয়েই নহয় তেতিয়ালৈ কিতাপ পঢ়াটোৱে মোৰ একমাত্ৰ নিচা হৈ উঠিছিল| তেতিয়াতে পঢ়ি শেষ কৰিছিলোঁ—নজ্বলা ধূপৰ ইতিকথা, শেষ সীমান্তৰ সূৰ্য্য, স্বপ্ন সত্য বাস্তৱ, সোণালী সূতাৰে বন্ধা, সূৰুজমুখীৰ স্বপ্ন, স্বপ্নভংগ, এমুঠি তৰাৰ জিলিমিলি, উদাসী সন্ধ্যা, পিতা-পুত্ৰ, অন্যজীৱন, অভিযাত্ৰী, অসীমত যাৰ হেৰাল সীমা, ডাৱৰ আৰু নাই, মান-সন্মান(বাংলা), মৰম মাথো মৰম(অনুবাদ), আচল মানুহ, বৈৰী মানুহ, এয়েতো জীৱন, এজাক মানুহ আৰু এখন অৰণ্য, মৃত্যুঞ্জয়, আই, অশান্ত প্ৰহৰ, অন্তৰীপ আৰু বহুতো| মোৰ এই কিতাপ পঢাক আৰু বেছি তীব্ৰ কৰি তোলাত ইন্ধন যোগাইছিল মইনা দাহঁতৰ আলমাৰীটোৱে| ঠাকে ঠাকে সযতনে সজায় থোৱা কিতাপবোৰে মোক চুম্বকৰ দৰে টানিছিল| কেৱল কিতাপ বিচাৰিয়েই মই তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ| কাৰণ সেইসময়ত কিনি কিতাপ পঢ়াৰ সামৰ্থ মোৰ নাছিল| মইনা দাই এবাৰত দুখনতকৈ বেছি কিতাপ নিদিয়ে| অৱশ্যে সেই দুখন উভতাই দিলে লগে লগেই আন কিতাপ দিয়ে তথাপি মোৰ আক্ষেপ থাকি যায়| কিতাপখিনিতো মোৰ নহয়! তাতে মইনা দা নাথাকিলে কিতাপৰ আলমাৰী কোনেও খুলিব নোৱাৰে| চাবি বিচাৰি নাপায়|

মইনা দাই প্ৰথম মোক ”দঁতাল হাতীৰ উঁইয়ে হাওদা”খন পঢ়িবলৈ দিছিল| অভ্যাসবশত: পঢ়িছিলোঁ যদিও উপন্যাসখন পঢ়ি বৰ এটা সোৱাদ পোৱা নাছিলোঁ| ইয়াৰ কাৰণ দুটা আছিল—প্ৰথম, উপন্যাসখনত ব্যৱহৃত কথনভংগী যিটো সম্পূৰ্ণৰূপে মোৰ বাবে অপৰিচিত আছিল| দ্বিতীয়, ইয়াৰ অগতানুগতিক বৰ্ণনাশৈলী| তেখেতৰ ৰচনাত একাত্ম হ’বলৈ গৈ বাৰে বাৰে মই উজুতি খাইছিলোঁ| বুজা-নুবুজাৰ দোমোজাৰেই উপন্যাসখন পঢ়ি শেষ কৰিছিলোঁ| তাৰ পাছত যেতিয়া প্ৰান্তিকত তেখেতক লৈ লিখা প্ৰৱন্ধটো পঢ়িলোঁ মোৰ মনত তেওঁক জনাৰ এক উত্সু কতাৰ উত্পন্ন হৈছিল যিটো আজিও অব্যাহত আছে| তাৰ পাছত কলেজত ভৰি দিওঁতেই পঢ়িছিলোঁ—”অহিৰণ”| ইতিমধ্যে তেখেতৰ লিখনি বা তেখেতৰ বিষয়ে লিখা প্ৰৱন্ধ ঘুকুতি ফুৰাটো মোৰ দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছিল| তাৰপাছত যেতিয়া “আধা লেখা দস্তাবেজ” হাতত তুলি ল’লো তেওঁ কেৱল লেখিকা বা সাহিত্যিক হৈ নাথাকিল; মোৰ বাবে তেওঁ হৈ পৰিল ৰূপকথাৰ নায়িকা| আধা লেখা দস্তাবেজৰ প্ৰতিটো শব্দ, প্ৰতিটো শাৰী, প্ৰতিখিলা পাত মোৰ মুখস্থ হৈ গৈছিল| তেওঁৰ দু:খ আৰু য্ন্ত্ৰণাবোৰ তেজ হৈ মোৰ শৰীৰৰ মাজেৰে প্ৰবাহিত হ’বলৈ আৰম্ভ কৰিছিল| মই মোৰ নিজস্বতা এৰি আন এক সত্তা ধাৰণ কৰিছিলোঁ—দু:খ আৰু যন্ত্ৰণাৰ, প্ৰেম আৰু মমতাৰ|

সময়ৰ তাগিদাত ব্যস্ততাৰ আঁৰত আধা লেখা দস্তাবেজ মোৰ হাতৰ পৰা সৰি পৰিল| তথাপি তেখেতৰ জীৱনজোৰা খ্যাতি আৰু সাধনাই আজিও মোক অনুপ্ৰাণিত কৰে| তেখেতৰ জীৱনবোধ আৰু উপলব্ধিয়ে অহৰহ মোক জীপাল কৰে| যুক্তিৰ উৰ্ধলৈ গৈ নিষ্পেষিত জীৱনক সাহিত্যৰ আধাৰত তেওঁ যিদৰে অংকিত কৰি গৈছে সি চিৰদিনেই উত্সাহিত কৰে মোক| সংস্কাৰৰ বেষ্টনী ভেদি নিজক মুক্ত কৰাৰ বাবে সমাজৰ প্ৰচলিত ধ্যান ধাৰণাৰ বিপৰীতে তেওঁ যি সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল তাক সুস্থ মানসিকতাৰ প্ৰত্যেকজন লোকেই সন্মান জনায়| ১৯৮৯ চনত ডুমডুমাত অনুষ্ঠিত সাহিত্য সভাৰ অধিবেশনলৈ আহিছিল তেওঁ| গাখীৰত সেন্দুৰ মিহলোৱাৰ দৰে উজ্জ্বল বগা তেওঁ গাৰ ৰং| চকুত ডাঠকৈ সনা কাজল| ওঁঠত গাঢ় লিপ্‌ষ্টিক| কপালত ডাঙৰকৈ লোৱা এটি ফোঁট| ৰঙা ব্লাউজেৰে পাৰি দিয়া চাদৰেৰে শুভ্ৰ সাজত তেওঁক দেখা পোৱাৰ সেই বিৰল দৃশ্য আজিও স্পষ্টকৈ মনত আছে মোৰ| দুৰ্ভাগ্যজনকভাৱে নিচেই কাষৰ পৰা নাপালো তেওঁক| অনুতাপ হয় বহুত| আমাৰ কলেজৰ অধক্ষ মহোদয় ৰবীন চৌধাৰী ছাৰৰ ঘৰত আতিথ্য গ্ৰহণ কৰিছিল তেওঁ| পাছত ছাৰে কৈছিল তেখেতৰ অধ্যয়ন স্পৃহাৰ কথা| নিশা প্ৰায় দুই-আঢ়ৈ বজালৈকে তেওঁ লিখা-পঢ়া কৰে| এঘণ্টা বা দুঘণ্টামানহে শোৱে| পুৱা চাৰি বজাতে শোৱা-পাতি এৰে| নিতৌ ধ্যান কৰে| প্ৰাৰ্থনা কৰে| ধৈৰ্য্য-সহ্য-কষ্টসহিষ্ণুতাৰ বিপৰীতে তেওঁৰ স্বভাৱ সদায় ধীৰ-স্থিৰ, শান্ত| হাঁহিমুখীয়া বাইদেউ সদায় উন্মুখ হৈ ৰয় জীৱনক যোগাত্মকভাবেৰে গ্ৰহণ কৰিবলৈ| সৃষ্টিৰ মাজেৰে নিজকে বিলায় দিবলৈ| বিশুদ্ধতা আৰু সচেতনতাৰ আন এক নাম মামণি ৰয়ছম গোস্বামী-- ছাৰে এনেকৈয়ে কৈছিল আমাক|

জন্ম আৰু মৃত্যু ৰহস্যময় বুলিয়েই হয়তো জীৱ্ন ইমান আকৰ্ষণীয়| যদি কাহানিবা মানুহে জন্ম আৰু মৃত্যুৰ ৰহস্যৰ পুংখানুপুংখ বিশ্বাসযোগ্য আৰু সৰল ব্যাখ্যা পাই যায়, তেতিয়া আৰু কোনো আকৰ্ষণ নাথাকিব মানুহৰ এই জীৱনৰ প্ৰতি|...মামণি বাইদেউৰ সমস্ত ৰচনাৱলী মই নাই পঢ়া| কিন্তু যিখিনি পঢ়িছোঁ সেইখিনিয়েই তেখেতৰ ব্যক্তিত্বক দাঙি ধৰিবলৈ যথেষ্ট| তথাপি তেখেতৰ লিখনিতকৈ তেখেতৰ নিজস্ব জীৱনৰ বিষয়ে লিখা লিখনি বা প্ৰৱন্ধই মোক বেছিকৈ আকৰ্ষণ কৰে| তেওঁৰ বিষয়ে যিমানে পঢ়োঁ সিমানে এক ৰহস্যময়তাত সোমায় পৰোঁ| মোৰ ব্যক্তিগত সীমাবদ্ধতাৰ অপূৰ্ণতাক পাহৰি জীৱ্নক অকৃত্ৰিমভাবে সাবটি লোৱাৰ প্ৰেৰণা পাওঁ| মনৰ মাজত সৃষ্টি হোৱা অনেক দ্বিধা-দ্বন্দ্বৰ সমিধান পাওঁ|

কৈশোৰ-যৌবনতে কে’বাবাৰো আত্মহত্যাৰ চেষ্টা কৰি হাস্পতালত পৰি থাকিব লগা হোৱা পাগলী (নে ৰহস্যময়ী) মামণি বাইদেউক বিয়া কৰাবলৈ তেতিয়া কোনো ভাল ঘৰৰ যুৱক আগবাঢ়ি অহা নাছিল| বাৰে বাৰে বিয়াৰ যোগাযোগ কৰিবলৈ গৈ বিফল হোৱা তেখেতৰ মাতৃয়ে তেখেতৰ সোঁৱৰণী গণকক দেখুওৱাত গণকে মাকৰ আগত আটাহ পাৰি উঠিছিল—“এইজনী ছোৱালী বিয়া দিয়াতকৈ দুটুকুৰা কৰি কাটি নদীত ভহাই দিয়াই ভাল হ’ব|” কোনোবা মূধাফুটা জ্যোতিষীয়ে দিহা দিছিল বগলা দেৱীৰ মন্দিৰত বলি উত্সৰ্গা কৰিবলৈ| বলি দিয়া তেজেৰে কপালত ফোঁট লৈ কান্দি উঠিছিল বাইদেউ| কোনোবাই আৰ্তনাদ কৰি উঠিছিল-“অমঙ্গল! অমঙ্গল! এইবোৰ চব অমঙ্গলৰ পূৰ্বাভাস|” বগলা দেৱীৰ পূজাৰ পাছতো তেওঁৰ বিয়া হোৱা নাছিল|...প্ৰেমিকৰ অভাৱ নাছিল তেওঁৰ| হতাশাই বিবৰ্ণ কৰি পেলাইছিল তেওঁক| এদিন মাকৰ বিয়াৰ বাবে চলোৱা ব্যৱহাৰত অতিষ্ঠ হৈ তেওঁৰেই এক প্ৰেমিকৰ লগত কৰ্ট-মেৰেজত বহিছিল তেওঁ ঘৰৰ মানুহে গম নোপোৱাকৈ| কিন্তু কৰ্ট-মেৰেজ কৰি অহাৰ পাছতো তেওঁ সেই মানুহজনৰ ওচৰলৈ গুচি যাব পৰা নাছিল| পাছত যেতিয়া সকলোৱে কথাবোৰ গম পাইছিল তেতিয়া ঘৰৰ মানুহৰ মধ্যস্থতাত সেই বিয়া ভাঙি গৈছিল| পাছত মহীশূৰৰ ইঞ্জিনীয়াৰ মাধবেন ৰয়ছম আয়েঙ্গাৰৰ লগত তেওঁৰ বিয়া হৈছিল| 

আধুনিক অসমীয়া কথা সাহিত্যৰ এক বিস্ময়কৰ প্ৰতিভা হ’ল মামণি ৰয়ছম গোস্বামী| নাৰী জীৱনৰ দ্বন্দ্ব-সংঘাত আৰু ৰহস্যময়তাৰ সাৰ্থক ৰূপায়ন ঘটিছে এই গৰাকী সুলেখিকাৰ ছত্ৰে ছত্ৰে| তেখেতৰ লিখনিয়ে অসম তথা ভাৰতবৰ্ষতেই নহয় বিশ্ব সাহিত্যতো তেওঁৰ পৰিচয় দাঙি ধৰিছে| তেৰ বছৰ বয়্সৰ পৰাই তেওঁ লিখা-মেলা আৰম্ভ কৰিছিল| নিজক যন্ত্ৰণাৰ পৰা মুক্ত কৰাৰ একমাত্ৰ মাধ্যম আছিল কলমৰ আশ্ৰয়| গল্প, উপন্যাস বা কবিতা যিয়ে নিলিখক কিয় তেওঁ লিখি গৈছিল নিৰ্মোহভাৱে| নিজৰ জীৱনৰ উপলব্ধিৰে যন্ত্ৰণাক সাহিত্যলৈ ৰূপান্তৰ ঘটাইছিল| আওপুৰণি সংস্কাৰৰ প্ৰতিবাদ কৰিছিল সাহিত্য সৃষ্টিৰ মাজেৰে| বাস্তৱ জীৱনতো তাক অনুসৰণ কৰিছিল| জীৱনত জীয়াই থকাৰ তাগিদাত সহজ অৰ্থত স্বীকাৰ কৰিব পৰা জীৱনবোধক তেওঁ সমৰ্থন কৰিছিল| বিয়াৰ আগতে আৰু বিয়াৰ পাছত মাধবেনৰ মৃত্যুৰ পাছত তেওঁ যি দু:সহ যন্ত্ৰণাৰ মুখামুখি হৈছিল তাক ভাষাৰে বৰ্ণনা কৰা নাযায়| তথাপি তেওঁৰ শুভাকাংক্ষীসকলৰ সহযোগত আৰু সাহিত্য ৰচনাৰ কামত ব্ৰতী হৈ তেওঁ জয় কৰিছিল সেই যন্ত্ৰণাক| লিখনিৰ মাজেৰে বিচাৰি লৈছিল জীয়াই থকাৰ অৱলম্বন| প্ৰেম আৰু বিষাদৰ এক অপূৰ্ব গাঁথা থাকে তেওঁৰ লিখনিত| বাস্তৱৰ ঘটনাবোৰৰ পৰাই তেওঁ লিখে| জীৱনত বিভিন্ন সময়ত লগ পোৱা মানুহকে লেখনিৰ চৰিত্ৰ হিচাপে গঢ় দিয়ে| আচলতে ক’বলৈ গ’লে মামণি ৰয়ছম গোস্বামীৰ প্ৰতিটো গল্প বা উপন্যাসেই আত্মকথা অথবা আত্মজীৱনীৰ উপাদানেৰে সমৃদ্ধ| তথাপি এই লিখনিবোৰ আৰু আত্মজীৱনীৰ মাজত প্ৰভেদ-ৰেখা স্পষ্ট|

হৃদয়গ্ৰাহী বৰ্ণনাভংগীৰ বাবে জনপ্ৰিয় এইগৰাকী লেখিকাৰ প্ৰতিটো চৰিত্ৰৰ হা-হুমুনিয়াহ পাঠকৰ অন্তৰৰ গভীৰ কোণত ৰি ৰি কৈ বাজি থাকে| লেখিকাৰ দক্ষতাৰ বাবে চৰিত্ৰসমূহৰ প্ৰতিবাদৰ সুৰক সংবেদী পাঠকে নিজৰ কণ্ঠত ধাৰণ কৰে| অসমীয়া সাহিত্যত বোধকৰোঁ ইয়াৰ আগেয়ে আন কোনো মহিলা সাহিত্যিকে নিজকে ইমান নিষ্ঠুৰভাৱে প্ৰকাশ কৰা নাই| নাৰী জীৱনৰ দ্বন্দ্ব, সংঘাত, দ্বিধা, সীমাবদ্ধতা, দৈন্যতা, যন্ত্ৰণা সকলোবোৰকে সৰল আৰু নিৰ্মমভাবে দাঙি ধৰিছে তেওঁ তেওঁৰ লিখনিবোৰত| সাহিত্য একাডেমীৰ বঁটা বিজয়িনী মামণি ৰয়ছমে সাহিত্য জগতত এক অনন্য মন লৈ প্ৰবেশ কৰিছে| তেওঁৰ এই যাত্ৰাপথ নি:সঙ্গ| কিন্তু এই কথাও সত্য যে সাহিত্যত তেওঁ ক’তো কাৰো সতেই ’কম্প্ৰমাইজ’ কৰা নাই| তেখেতৰ সৃষ্টিশীল সত্তাক কোনোদিনেই সমালোচকৰ সুতীক্ষ্ণ বাণে ৰক্তাক্ত কৰিব পৰা নাই| সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত তেওঁৰ নিজৰ ভাষাতেই—“মই লিখা প্ৰায় সকলো গল্প বা উপন্যাসৰ চৰিত্ৰবোৰকে মই বাস্তৱত লগ পাইছো| কিন্তু মোৰ গল্প, উপন্যাস আৰু আত্মজীৱনীৰ মাজত পাৰ্থক্য আছে| কিয়নো আত্মজীৱনীৰ প্ৰত্যেকটো কথাই সঁচা আৰু তথ্যসমৃদ্ধ হ’ব লাগিব| সেইবাবেই জীৱনত লগ পোৱা বহু চৰিত্ৰক আত্মজীৱনীত হুবহু প্ৰকাশ কৰিব পৰা নাযায়| কোনো মানুহৰ সবলতাখিনিৰ কথা বাদ দিওঁ, কিন্তু দুৰ্বলতাবোৰক যদি আত্মজীৱনীত হুবহুকৈ স্থান দিওঁ, তেন্তে মানুহজনৰ প্ৰতি অন্যায় কৰা যেন লাগে| কিন্তু গল্প বা উপন্যাস আকাৰে লিখিলে, মানুহজনক হুবহু ৰূপত প্ৰকাশ কৰিলেও তেওঁৰ প্ৰতি অন্যায় কৰা নহয়| কাৰণ গল্প-উপন্যাসত কোনো সঁচা তথ্য দিয়াৰ প্ৰয়োজন নহয়| কেতিয়াবা মানুহজনৰ নাম, কেতিয়াবা বৃত্তি, পদবী নাইবা কেতিয়াবা ঘটনাৰ ঠাই সলাই পেলাব পাৰি| নাঙঠ চৰিত্ৰবোৰক কেতিয়াবা পিন্ধাই দিব পাৰি ধুনীয়া সাজ-পোছাক”....

সদায়ে অৱহেলিত আৰু অপমানিত সকলৰ জীৱনক লৈ লিখা তেওঁৰ সাহিত্যৰ সাধনাই মোৰ দৰে ক্লান্ত আত্মাৰ জীৱনক নতুন ৰূপত বিচাৰি যোৱাৰ, যন্ত্ৰণাক আপোন কৰি লোৱাৰ, বিষাদক জয় কৰাৰ পথ দেখুৱায় যায়| হে মহীয়সী নাৰী—তোমাক মোৰ শত-সহস্ৰ কোটি প্ৰণাম|

1 comment:

  1. উৎকৃষ্ট লিখনি৷ ভাল লাগিল৷

    ReplyDelete