( ক)
………..পাৰ হৈ যাব খুজিও ৰৈ গ’ল ৰেহান। চাওঁ-নাচাওঁকৈ উভতি চালে। সেই একেই স্নিগ্ধ, শান্ত সমাহিত পোহৰ পোহৰ লগা চিনাকি মুখ। অবাক হৈ ক’ব নোৱাৰাকৈয়ে থৰ লাগি চালে সুবাসনাৰ মুখলৈ। একেই আছে তাই। মাত্ৰ পকা চুলি দুডালমানে ভুমুকি মাৰিছে মাজে মাজে। পাতল ওঁঠ দুটাত মিচিকিয়া হাঁহিটো লাগি আছে। উজ্জ্বল দুচকুত কৌতুকৰ তিৰবিৰণি আগৰদৰেই। অসম্ভৱ ধুনীয়া তাইৰ চকু দুটা। সি প্ৰায়ে কৈছিল “তোমাৰ দুচকুৰ নীলাখিনিত মোৰ সদায়ে ডুবি থাকিবৰ মন যায় সু। তুমি কাজল সানিবা চকুত। মোৰ ভাল লাগে। ওঁঠত ডাঠ ৰঙৰ লিপষ্টিক কেতিয়াও নাসানিবা দেই। ডাঠ ৰঙেৰে বুলালে তোমাৰ ওঁঠযুৰি আৰু মোহনীয় হৈ উঠে। আনে তোমাক ৰৈ ৰৈ চাওক সেয়া মোৰ সহ্য নহয়। তুমি মোৰ। তোমাক তেনেকৈ ৰৈ ৰৈ তধা লাগি চোৱাৰ অধিকাৰ অকল মোৰহে আছে বুজিছানে? শুনিছানে নাই কি কৈছো?” “শুনিছো অ’ বাবা শুনিছো” বুলি পাহাৰৰ নিজৰাৰ দৰে কলকলাই বৈ আহে হাঁহিৰ নিজৰা। তৃপ্তিত আশ্বস্ত হৈ উঠে ৰেহান! আজিও তাই চকুত কাজল সানিছে। ওঁঠত পাতল গুলপীয়া ৰঙৰ লিপষ্টিক। চকুৰ তলৰখিনি অলপ কলা পৰিছে নেকি! কিন্তু সেইখিনিয়ে তাইক আৰু মোহনীয় কৰি তুলিছে। কিমান বছৰ হ’ল বাৰু তাইৰ স’তে এৰাএৰি হোৱাৰ? বিশ বছৰ ? বাইছ বছৰ? নে তাতোকৈ বেছি? নাঃ সঠিককৈ একো মনত পৰা নাই ৰেহানৰ। খালি হৈ গৈছে মূৰৰ ভিতৰখন। বুকুৰ ভিতৰতহে যেন পাতল ঘূৰ্ণী বতাহ এজাকে বা-মাৰলি তুলিছে! অজানিতে মূৰটো জোকাৰি দিলে ৰেহানে। মন আৰু মগজুৰ মাজত সংযোগ ঘটাব নোৱাৰিলে সি তেনে কৰে। লগৰ সকলোৱে জানে সেই কথা।
: একেই আছা তুমি ৰেহান অলপো সলনি নহ’লা!
: তুমিওতো একে আছা সু!
: মোৰ সলনি হ’ব লগাকৈ একো নাছিলেই দেখোন ৰেহান! সালসলনিৰ কচৰৎ তুমিহে কৰিছিলা। তথাপি সলনি নহ’লা যে!
: মানুহে ভাবিলেই সকলো নহয় সু। বিধাতাই দিলেহে হয়। বাদ দিয়া সেইবোৰ। তুমি ভালে আছা?
: আছো ৰেহান, ভালে আছো। ভালে আছো দেখিয়ে আজি অকস্মাত তুমি মোক ইয়াত এনেকৈ দেখা পালা। তুমি ভালে আছা নে?
: আছো আৰু।
…..কথাৰ মাজতে সুবাসনাৰ উকা কপাললৈ চকু গ’ল ৰেহানৰ। কিবা সুধিব খুজিও সুধিব নোৱাৰিলে…….
(খ)
……মহাবিদ্যালয় সপ্তাহৰ শ্ৰেষ্ঠ গায়িকা লিপিকাক বেঢ়ি ধৰি কোঢ়াল কৰি আছে ছোৱালীজাকে। সকলোকে পাৰ্টী লাগে। গৰম গৰম চিঙৰা, মটৰ ঘূগনী আৰু চাহ। কলেজ কেণ্টিনৰ মেনেজাৰ বিপিন কায়ে খদমদম লগাই দিয়ে। এই ছোৱালীহঁতৰ কিবা অৰ্ডাৰ থাকিলে বৰ বিপদ। সিহঁতে বিচৰামতে যোগাৰ দিব নোৱাৰিলে চিঞৰ বাখৰ কৰি কাণ ঘোলা কৰি দিয়ে। ল’ৰাহঁতক অলপ দাবী ধমকি দি ৰাখিব পৰা যায় যদিও এই ছোৱালীমখাক জোকাই লোৱাৰ সাহস নহয় বিপিন কাইৰ। দুজনীমানৰ যিহে লাওপাত কচুপাত মুখ! ধেমালিতে হ’লেও সেইকিজনীৰ কথা-বতৰাই মূৰৰ ঘাম উলিয়াই দিয়ে বিপিন কাইৰ। পঞ্চাশৰ দেওনা পাৰ হ’বৰ হ’ল মানুহজনৰ। তথাপি ঘৰ-সংসাৰ নকৰিলে। সেই লৈয়ে বহুতে বহুত কথা কয়। কথাবোৰ বিপিনকাইৰো কাণত পৰে যদিও গাত লগাই নলয়। জানে লগাই লাভ নাই। দুদিনৰ লগ এইবোৰ। লগনো কি আৰু? সিহঁতে স্কুল এৰি উচ্চ শিক্ষা বিচাৰি কলেজত পঢ়িবলৈ আহিছে। পঢ়া শেষ হ’ব কলেজ এৰি গুচি যাব। ভাগ্যৰ অম্বেষণত কোন ক’লৈ যাব তাৰ কোনো ঠিকনা নাই। মিছাতে হিয়া উদঙাই দি কি হ’ব? কোনেও কাকো মনত নাৰাখে। সকলো চকুৰ চিনাকি। কোনেও হিয়াত কাৰো ছবি আঁকি নুফুৰে।
: বিপিন কাই, আজি আমাৰ ভাগত চাহ-তাহ কিবা পৰিবনে নাই? অকল ছোৱালীসোপাক খুৱাই থাকিলে নহ’ব কিন্তু। সিহঁতৰহে মুখ আছে নেকি? আমাৰো আছে। দস্তুৰমত আমাৰো ৰেহানে শ্ৰেষ্ঠ তাৰ্কিক হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। গতিকে আমিও পাৰ্টী খাব লাগে। এই কাউৰীবাহক কিমান চাহ-চিঙৰা খুৱাই থাকে আৰু?
: হেৰৌ বহচোন খাবলৈ পাবি নহয়। সেইজাকক কিয় জোকাই ল’ব লাগেনো?
: আৰে তুমি সিহঁতক ইমান ভয় কৰা কিয়? সিহঁত কিবা বাঘ নেকি যে তোমাক খাই পেলাব? নে ভূত প্ৰেত কিবা তোমাৰ গাত লম্ভিবগৈ?
: আমি সেইবোৰ একো নহ’লেও আমাৰ যে বহুত শক্তি আছে সেইয়া বিপিনকায়ে জানে বুজিছা বোপাইহঁত। মুখেৰে দেখুৱায় কেটেৰাই মাতিলেও ভিতৰি যে বেথাকণ আছে আমি বুজি পাওঁ। বেছিকৈ হৈ হুলস্থূল নকৰি অলপ অপেক্ষা কৰা। আমি প্ৰথম আহিছোঁ গতিকে আমাৰ আগভাগ। পাছে ৰেহানৰ পাৰ্টীৰ ভাগ আমিও পাব লাগে দেই। মনে মনে কাৰোবাক দিয়াতকৈ লগে ভাগে সকলোকে দিলে আনন্দকণ দুগুণ হৈ উঠিব নে কি কোৱা ৰেহান?
…..জুপিতৰাৰ পোনপতীয়া আক্ৰমণত লাজত ৰঙা-চিঙা পৰি উঠে ৰেহান। ছোৱালী দেখিলে এনেই ঘামি উঠে সি। তথাপি সুবাসনালৈ লুকাই চুৰকৈ চায়। কিয় চায় সি ক’ব নোৱাৰে। বহুদিন সুবাসনাৰ চকুত ধৰা পৰি গৈছে। চকুৱে চকুৱে পৰিলেই তাই ধুনীয়াকৈ হাঁহে। সি লাজত তলমূৰকৈ আঁতৰি যায়। সিহঁতৰ এই চকুৰ খেল সকলোৱে গম পাইছে। লগৰবোৰে সুবাসনাক ৰেহানৰ কথা কৈ জোকাবলৈ লৈছে। ৰেহানকতো লগৰ কেইটাই ডেটিং মাৰিবলৈ উচতাই আছে। চোৱাৰ বাহিৰে তাইক ভালকৈ মাত এষাৰেই লগাই পোৱা নাই তেনেস্থলত ডেটিং! মানুহ মাৰিব এইকেইটাই। কল্পনাত ডুব যায় ৰেহান। সুবাসনাৰ শান্ত ধুনীয়া মুখখনে তাক আমনি কৰে। গভীৰ নীলা চকুযুৰিয়ে তাক হাত-বাউলি মাতে। মনৰ বাহিৰে-ভিতৰে এক উত্তাপ অনুভৱ কৰে ৰেহানে……
(গ)
: মোৰ ভয় লাগে ৰেহান!
: কি ভয় লাগে সু?
: নাজানো ৰেহান। কিন্তু কিবা এক অনিশ্চয়তাই মোক খুলি খুলি খায়।
: মোক বিশ্বাস কৰা?
: নিজতকৈ বেছি কৰোঁ।
: তেন্তে কিয় ভয় কৰা? নকৰিবা। মই আছো নহয়। মোৰ বাবে তুমিয়েই সকলো। তোমাক বাদ দি মই অসম্পূৰ্ণ সেই কথা তুমিও জানা।
: কিন্তু ৰেহান, আমাৰ মৰম-ভালপোৱাৰ বাহিৰে যে আমাৰ মাজত একোৰেই মিল নাই?
: আস্ আকৌ সেইবোৰ উলিয়াইছা। তোমাক আৰু কিমান কম সেই বাজে কথাবোৰ ভাবি মূৰটো নষ্ট নকৰিবা বুলি। আৰু এবাৰ ক’লে খং উঠিব মোৰ!
: আচ্ছা বাবা নকওঁ এই কাণত ধৰিলো চোৱা খুচ?
: জানা সু তোমাৰ কথা ভাবিলেই মোৰ তোমাৰ কাষলৈ উৰা মাৰি গুচি আহিবৰ মন যায়।
: সেই কালিদাসৰ যক্ষৰ দৰে?
: অঁ। আগৰ দিনৰ দেৱতা-অসুৰবোৰৰ দৰে মন গ’লেই য’লৈ ত’লৈ গুচি যাব পৰা হ’লে মই তোমাৰ হাঁহিটোলৈ মনত পৰিলেই তোমাৰ কাষলৈ গুচি আহিলো হয়।
: কিয় কি আছে মোৰ হাঁহিটোত?
: তাতেইতো লুকাই আছে মোৰ জীৱন সুধা। তুমি নুবুজিবা। তোমাৰ দুচকুৰ নীলাত ডুব গৈ তোমাৰ হাঁহিৰ অমিয়া ৰূপ পান কৰি মই যুগ যুগ পাৰ কৰি দিব পাৰিম এনেদৰে বহি বহি তোমাকে চাই চাই।
: বেছি হৈ গ’ল। এই ব’লা এতিয়া বেলি ডুব গ’ল। আন্ধাৰ হৈ আহিছে দেখা নাই।
: দেখিছো কিন্তু মোৰ তোমাক এৰি দিবৰ মন যোৱা নাই।
: কাইলৈ আকৌ লগ পাম নহয়!
: পৰীক্ষাৰ পাছত তোমাক আৰু লগ নাপাম যে মই কেনেকৈ থাকিম?
: কিমান দিননো? ফলাফল ওলোৱাৰ পাছত আকৌ লগ পামেই দেখোন!
: বহুত দিন তেতিয়ালৈ। তোমাক নিশাটো নেদেখাকৈ থাকোঁতেই মোৰ উশাহ বন্ধ হ’ব খোজে আৰু তুমি এনেকৈ কৈছা!
: কি কৰিবা তেনে মোকো টোপোলা বান্ধি লগতে লৈ যোৱা। ইমান আকুলতা ভাল নহয় ৰেহান।
: ভাল-বেয়া মই সেইবোৰ নুবুজোঁ। বুজিবও নোখোজোঁ। তোমাক নাপালে মই পাগল হৈ যাম।
: ধেত্ তেনেকৈ নকবা। মই তোমাৰ কেৱল তোমাৰ। জনমে মৰণে আমি একাত্ম হৈ ৰম। কথা দিছো তোমাক।
: সু, তোমাক যদি কিবা এটা খোজো দিবা?
: মোৰ সকলো তোমাৰেই দেখোন ৰেহান!
: আহাঁ তেনে আজি মোৰ মাজতেই লীন হোৱা। যোৱাৰ আগতে তোমাক মোৰ মাজত ধাৰণ কৰি লৈ যাওঁ পুনৰ লগ নোপোৱালৈকে। তাকে সাৱতি মই পাৰ কৰিম প্ৰতিটো পল অনুপল। মোৰ তেজৰ প্ৰতি টোপাল বিন্দুত কঢ়িয়াই লৈ যাওঁ তোমাৰ দেহৰ গোন্ধ। মোৰ উশাহত গাঁঠি লওঁ তোমাৰ মৰমৰ উত্তাপ। মোৰ আকুল বক্ষত আঁকি দিয়া তোমাৰ উষ্ণ নিশ্বাস। ভালপোৱাৰ বলীয়া বানে উটুৱাই নিয়ক এই ক্ষণ এই প্ৰহৰ। আহাঁ সু, এই নদী, এই গছ-লতিকা, এই মুকলি আকাশ, এই বিশাল ধৰিত্ৰীক সাক্ষী কৰি তুমি-মই আমি হওঁ……
(ঘ)
…..সময়বোৰ পাৰ হৈ যায়। তলসৰা বকুল বুটলি মালা গাঁঠে সুবাসনাই। বকুলৰ সুবাসে সুবাসিত কৰিব ৰেহানক লগ পোৱাৰ মধুৰ সময়খিনি। অধীৰ আগ্ৰহেৰে ৰেহানৰ এখন চিঠিৰ বাবে অপেক্ষা কৰে সুবাসনাই। এখন দুখনকৈ কেইবাখনো চিঠি লিখিলে তাই ৰেহানলৈ। উত্তৰ নাই। তথাপি আশাৰে বাট চায় তাই প্ৰতিদিনে ৰেহানৰ চিঠিলৈ। গুনগুণাই গান গায় আপোনমনে। সপোন ৰচে অদেখা ভৱিষ্যতক লৈ। সপোনতেই ৰেহানৰ বুকুত মূৰ থৈ টোপনি যায়। গা-ধোৱা ঘৰত সোমাই আঙুলিৰে চুই চায় সমগ্ৰ শৰীৰ। হাত-মুখ-চকু-ওঁঠ-কপাল সকলোতে লাগে আছে ৰেহানৰ তপত স্পৰ্শ। বিদায় বেলাত প্ৰতিশ্ৰুতি দিছিল ৰেহানে খুব সোনকালেই তাইক সি তাৰ লগলৈ লৈ যাব। তাইৰ স’তে এই বিচ্ছেদ তাৰ বাবে অসহনীয়। এইবাৰ সি ঘৰত গৈ সিহঁতৰ বিষয়ে কথা পাতিব আৰু নিজাকৈ কিবা এক কৰ্ম সংস্থাপনৰ ব্যৱস্থা হ’লেই সি তাইক লৈ যাব। ৰেহানৰ সৰু সৰু আব্দাৰ, সৰু মান-অভিমানবোৰলৈ মনত পেলায় দুহাত সাৱতি অকলেই হাঁহি পেলায় সুবাসনাই। কি যে নহয় ৰেহানটো! প্ৰথমে তাইক মাতিবই পৰা নাছিল। কেৱল সুবিধা পালেই তাইলৈ ৰ’ লাগি চায়। তাই তালৈ চালেই লাজত তলমূৰ কৰি আঁতৰি যায়। তাৰ লাজ দেখি তাইৰ হাঁহি উঠে। আৰু তাইৰ হাঁহিয়ে তাক বলিয়া কৰে। দূৰলৈ আঁতৰি গৈ সি পুনৰ তাইলৈ উভতি চায় আৰু জান-নাজানকৈ তাৰ ওঁঠতো এটা মিচিকিয়া হাঁহি ফুটি উঠে। তাইৰ মায়া লাগি যায়। অব্যক্ত মৰমত বুকুখন ভৰি উঠে। ভালপোৱাই গজালি মেলে। সৰস্বতী পূজাৰ দিনা তাই এযোৰ নীলা সাজ পিন্ধিছিল। দীঘল চুলিটাৰি মেলি হাতত ধূপ-চাকি লৈ পূজা বেদীলৈ আগবাঢ়োঁতেই অকস্মাৎ আহি ৰেহানে খুন্দা মাৰি দিলে। তাইৰ হাতৰ ধূপ-চাকি ক’ৰবাত উফৰি পৰিলগৈ। বেচেৰাই চ’ৰী চ’ৰী বুলি তাইৰ বস্তুবোৰ তুলি দিলেও মাটিৰ চাকি ভাগি চুৰমাৰ হ’ল। দোষী দোষী ভাৱেৰে কিছু সময় তাইলৈ চাই “পাঁচ মিনিট ৰ’বা” বুলি সি পুনৰ হোষ্টেললৈ দৌৰ দিলে। হাতত এখন নতুন চাকি লৈ সি উভতি আহিল। একেলগে চাকি জ্বলালে দুয়ো। সেৱা কৰি উঠি এই প্ৰথম মুখামুখিকৈ কথা পাতিলে সিহঁতে। একেলগে অঞ্জলি ল’লে। প্ৰসাদ খালে। নোকোৱাকৈয়ে বহুত কথা ক’লে ইটোৱে সিটোক। লাজৰ আৱৰণ ফালি এইবাৰ পোনপতীয়াকৈ ৰেহানে তাইৰ চকুলৈ চালে। তাইক ক’লে-
: তোমাৰ চকুযুৰি সঁচাই বৰ ধুনীয়া।
: হয় নেকি?
: হয়। তোমাৰ চকুৱে মোক ৰাতি ৰাতি শুব নিদিয়ে।
: ধেৎ!
: মিছা নাই কোৱা। একদম সঁচা কৈছো। এই বিদ্যাদেৱীৰ শপত।
: অ’ই ৰেহান তই ইমান আস্তিক কেতিয়াৰ পৰা হ’লি? আৰু তই পূজা কৰিব খুজিছ কৰ সেইবুলি তই মোৰ চাকিখনহে চুৰ কৰিবলৈ পালি নে? চুৰ কৰা চাকিৰে পূজা কৰিলে দেৱীয়ে তোৰ লগ দিব বুলি ভাবিছ নেকি? এনেই মোৰ এই বছৰ অৱস্থা বেয়া। দেৱীক ভালকৈ পূজা-অৰ্চনা কৰি এইবাৰলৈ মোলৈ কৃপা কৰিব বুলি চাকি-তাকি যোগাৰ কৰি থৈছিলো আৰু তই চালা মোৰ চাকিখন চুৰ কৰি মোৰ পূজাভাগ আধাৰুৱা কৰিলি। তোক আজি মই-
বুলি বকি-জঁকি হোষ্টেলৰ আটাইতকৈ দোৰ্ঘোৰ ভক্ত বুলি খ্যাত অনিমেষে ৰেহানৰ ফালে খেদি অহা দেখি গোটেইমখাই হু-হুৱাই হাঁহি উঠিল। ৰেহানে তাক দেখি অলপ থৎমৎ খালে যদিও তাৰ লগৰকেইটাই অনিমেষক প্ৰায় জোৰ কৰিয়ে তাৰ পৰা আঁতৰাই নিলে। সুবাসনাই তালৈ ঘোপাকৈ চোৱা দেখি ৰেহানে কাণত হাত দি জিভা মেলি চ’ৰী বুলি কৈ মাফ খুজিলে। ক’ব নোৱাৰাকৈয়ে সুবাসনাই তাক মাৰিবলৈ হাত দাঙিও ৰৈ গ’ল…
(ঙ)
…..Rehan Aditya Roy Choudhury weds to Nishita Goswami বিয়াৰ নিমন্ত্ৰণী পত্ৰখন হাতত লৈ থৰ লাগি চালে সুবাসনাই। দিনৰ পাছত দিন মাহৰ উপৰি মাহ বাট চোৱাৰ পাছত ৰেহানৰ পৰা অহা চিঠিখন হেঁপাহেৰে মেলি পঢ়িব খুজোঁতেই প্ৰজাপতিৰ চিহ্নটোৱে বাকৰুদ্ধ কৰি পেলালে সুবাসনাক। কাক অবিশ্বাস কৰিব তাই? নিজক নে ৰেহানক? তাইৰ মৰমৰ সেই জোৰ নাছিল চাগে সেয়ে ৰেহানক বান্ধি ৰাখিব নোৱাৰিলে। নে ৰেহানৰ আত্মবিশ্বাস নাছিল তাইৰ ভালপোৱাৰ মৰ্য্যদা ৰাখিবৰ জোখাৰে? কাক দোষাৰোপ কৰিব এতিয়া তাই? সময়ক নে ভাগ্যক? ৰেহানলৈ বুলি সাঁচি থোৱা মৰমবোৰ তাই এতিয়া কি কৰিব? তাৰ সৈতে দেখা সপোনৰ টুকুৰাবোৰ ক’ত কবৰ দিব? এৰি থৈ অহা দিনৰ স্মৃতিবোৰকেইবা ক’ত সুমুৱাই থ’ব? আছে জানো তাইৰ মনত ইমানবোৰ সুকীয়া সুকীয়া কোঠা য’ত সুখ-দুখ-হাঁহি-কান্দোনবোৰ ভাগে ভাগে তলা মাৰি থ’ব? তাইৰ হাঁহি দেখি বলিয়া হোৱা ৰেহানতো আৰু নাই। ৰেহানে তাৰ সমস্ত অনুভূতি বন্ধকত থৈ বিদেশলৈ গ’ল গৱেষণা কৰিবলৈ নিশিতাৰ হাত ধৰি। আৰু তাইলৈ থৈ গ’ল ব্ৰহ্মপুত্ৰৰ পাৰৰ এটি ধূসৰ সন্ধিয়াৰ কোনোদিনে মোহাৰিব নোৱাৰা সুবাসিত বিস্মৃতিৰ একাঁজলি। মনৰ কোণ এটাত মৈদাম সাজি সুবাসনা উভতি গ’ল বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষাৰ সোৱাদ ল’বলৈ। ডক্তৰেট ল’লে। নিজৰ ভৰিত নিজে থিয় দিলে। ৰক্তিমক মানুহ কৰিলে। ৰক্তিমক ডাঙৰ কৰাতেই জীৱন পাত কৰিলে সুবাসনাই। ৰক্তিম এতিয়া সুপ্ৰতিস্থিত। বিবাহযোগ্য ৰক্তিমৰ বিয়াৰ বাবে মাকে ছোৱালীৰ খবৰ কৰিছে। কিন্তু ৰক্তিমে ইমান সোনকালে বিয়া নাপাতে হেনো। সৰুৰে পৰা মাকে তাৰ বাবে কিমান কষ্ট কৰিছে সি দেখিছে। সেয়ে সি প্ৰথমে মাকৰ লগত তাৰ সময় অতিবাহিত কৰিব, মাকক সি সকলোখিনি দিব তাৰপাছতহে সি বিয়াৰ কথা ভাবিব। ক’লৈকো ওলায় নোযোৱা মাকক সি জোৰ কৰিয়ে উলিয়াই আনিছে এক’লেণ্ডলৈ। সি জানে মাকে পানীত নানামে কিন্তু তাৰ সৈতে প্ৰতিটো মূহুৰ্ত তেওঁ উপভোগ কৰে। সেয়ে সি মাকক কেণ্টিনত বহুৱাই থৈ লগৰ কেইটাৰ লগত পানীত নামিলগৈ। এঘণ্টামানৰ মূৰত সি মাকক এবাৰ চাবলৈ আহি দেখে মাকৰ সন্মুখত ৰৈ কোনোবা এজনে কথা পাতি আছে। সি ভালপালে মাকে চিনাকি কাৰোবাক পোৱা দেখি। ওচৰ চাপি আহি দেখিলে সেইয়া আন কোনো নহয় ৰেহান আদিত্য ৰয় চৌধাৰী, তাৰ দেউতাক।
: দেউতা, তুমি অসমত? কেতিয়া আহিলা?
: দেউতা????? তুমি?
: মোৰ ল’ৰা ৰেহান। ইচ্ছা কৰা হ’লে তোমাৰ পৰিচয় লুকুৱাই ৰাখিব পাৰিলোহেঁতেন কিন্তু মই নিজক ফাঁকি দিব নুখুজিলো। সি জানে তুমি তাৰ দেউতাক কিন্তু তাৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই।
: কিন্তু সু তুমিতো মোক এবাৰ ক’ব পাৰিলা হয়?
: কি ক’লো হয় তোমাক? কি কৰিলা হয় তুমি কোৱাহ’লে? বিদেশ যাত্ৰা বাতিল কৰি মোৰ কাষলৈ ওভতি আহি মোক কৃপা কৰিলা হয়? নিজক পুতৌৰ পাত্ৰ সজাবলৈ মন নগ’ল ৰেহান। মইতো কোনো ভুল কৰা নাছিলো। বিশ্বাসেৰে, সমগ্ৰ সত্তাৰে তোমাক মোৰ বুলি আদৰি লৈছিলো। জাহ গৈছিলো তোমাৰ মাজত। তুমি তোমাৰ প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলা। মই মোৰ কথা ৰাখিলো। তোমাত বাদে আন কাকোৱেই মোৰ বুলি আঁকোৱালি ল’ব নোৱাৰিলো। কিন্তু বৰ্তমানে তুমি মোৰ অতীত। ৰক্তিমৰ বাৰ্থ চাৰ্টিফিকেটত তোমাৰ নামৰ আগত লেট লগাই থোৱা আছে। ভয় নকৰিবা। তোমাৰ বৰ্তমানত আমাৰ অতীতে কোনোদিনে ভুমুকি নামাৰে। তোমাৰ কথা ৰক্তিম আৰু মোৰ বাহিৰে কোনেও নাজানে।
: মা, মই কাপোৰ সলায় আঁহো। ভোক লাগিছে। একেলগে কিবা খাম।
…..গুচি গ’ল ৰক্তিম। ৰেহানে চাই থাকিল তালৈ। অবাঞ্চিত গৰ্ভধাৰণ বুলি এবৰ্চন কৰাৰ পাছত কোনোদিনে মাতৃত্বৰ মুখ নেদেখিলে নিশিতাই। সেই দুখ পাহৰিবলৈ নিশিতা ডুবি থাকে মদৰ নিচাত। প্ৰায়ে লগ সংগ গোটাই লৈ পাৰ্টী কৰে। অসমলৈ আহিও পুৰণি লগ দুজনমান গোটাই লৈ পাৰ্টী কৰিছে। অকলশৰীয়া জীৱনটো এনেকৈয়ে উপভোগ কৰাৰ ব্যৱস্থা কৰি লৈছে নিশিতাই। আজিও এক’লেণ্ডত ৰেইন ডেন্সত তিতি মনৰ নিৰ্জনতা উটুৱাই দিছে তাই। ৰেহান অসহায় দৰ্শক মাত্ৰ। যাওঁ বুলি গুচি গ’ল সুবাসনা ৰক্তিমৰ হাত ধৰি। একেঠাইতে নিশ্চুপ হৈ ৰৈ থাকিল ৰেহান সুবাসনাহঁত যোৱালৈ চাই……
--------------------------------------------------------------##----------------------------------------------------------------
দাপোণত কাৰ মুখ-----
……বহি থকাৰ পৰাই পোনপতীয়াকৈ চাই পঠিয়ালো তাইলৈ।
ছোৱালীজনী সঁচাই ধুনীয়া। গাৰ ৰং উজ্জ্বল বগা। হাত দুখন লাহী। বাওঁহাতত এটা ঘড়ী পিন্ধিছে।
সোঁহাতত খাৰু এপাট। সোণৰো হ’ব পাৰে বা ইমিটেচনো হ’ব পাৰে। কাণত সৰু টপ এজোৰ। এদলীয়াকৈ
বেণী গুঁঠা দীঘল চুলিকোচা কঁকালৰ ওপৰত নাচি আছে। টেবুলৰ ফাইলকেইটা টানি-মেলি জাপি যাওঁতে
বেণীদালে অবাধ্য হৈ যেন তাইক জোকাইছে। পিন্ধনত তেনেই সাধাৰণ যেন লগা হালধীয়া চুৰিদাৰ
এজোৰ। কিন্তু হালধীয়া ৰংটোৱে যেন তাইক আৰু তুলিহে ধৰিছে। তলমূৰকৈ কাম কৰি থকা ছোৱালীজনীৰ
সম্পূৰ্ণ মুখখন দেখাৰ কোনো সুবিধা নাই। মোৰ বহা ঠাইৰপৰা তাইৰ এটা ফালহে চকুত পৰিছে।
গালখন নিমজ। ক’তো ফুট এটা নাই। প্ৰয়োজনতকৈ অলপ বেছি মনোযোগ দি চালো তাইলৈ। ভাবি অবাক
লাগিছে ছোৱালী বুলিলেই চিকাৰী কুকুৰৰ দৰে উশাহটো টানিয়েই কেঁচা মাংসৰ গোন্ধ পোৱা মই
যোৱা তিনিমাহে কেনেকৈ এই ছোবালীজনীক উপেক্ষা কৰি থাকিলো। কালি ঝৰ্ণাৰ ঠাইত আন কোনোবা
হোৱা হ’লে লাজেই পালোহেঁতেন নিজৰ তলতীয়া কৰ্মচাৰীক চিনি নোপোৱাৰ বাবে। তাতোকৈ ডাঙৰ
কথা ইমান ধুনীয়া ছোৱালী এজনী এৰাই চলিব পাৰিলো মই! বুৰ্বক যেন লাগিল নিজকে। টাইপিষ্ট
কনক ফুকনৰ হঠাৎ ষ্ট্ৰ’ক হোৱাত খুব ততাতৈয়াকৈ টাইপিষ্টৰ পদটো পূৰণ কৰা হৈছিল। প্ৰাৰ্থীৰ
বাচনিৰ সময়ত মই নাছিলো যদিও কোনোবা ছোৱালী এজনীয়ে কামত জইন কৰাৰ কথা গম পাইছিলো। বিভাগীয়
প্ৰশিক্ষণ শেষ কৰি আহিও মই ছোৱালীজনীক সিমান গুৰুত্ব দিয়া নাছিলো। কাৰণ ইতিমধ্যে কাণত
পৰিছিল ছোৱালীজনী কিবা বেহেনজী টাইপৰ বুলি। বেকৱাৰ্দ গাঁৱলীয়া বুলি। মই আছিলো চহৰত
ডাঙৰ দীঘল হোৱা সম্ভ্ৰান্ত পৰিয়ালৰ গপ-ভেমেৰে পৰিপূৰ্ণ আজিৰ দিনৰ আধুনিক যুৱক। মোৰ
তেজত বৈ আছিল আভিজাত্যৰ অহমিকা। বিলাস-বিনোদন-পাৰ্টি এইবোৰ মোৰ জীৱনৰ এৰাব নোৱাৰা অংগ।
খাৱ-পিয়’ মৌজ কৰ’ এইয়াই মোৰ জীৱনৰ অৰ্থ। ছোৱালী বুলি ক’লে মোৰ বাবে কামনাৰ সংগীৰ বাদে
আন একো নহয়। আৰু এই ছোৱালীবোৰৰ কি মূল্য আছে? দুখনমান দামী শাড়ী, দুপদমান দামী গহণা
পালেই পলকতে খহাই পেলাব পাৰে গাৰ কাপোৰ। কত কুমাৰীৰ কুমাৰীত্ব হৰণ কৰিলো, কত জীয়ৰী-বোৱাৰীক
অংকশায়িনী কৰিলো মোৰ নিজৰেই হিচাপ নাই। সেইহেন মোৰ সন্মুখত এইৰ দৰে অতীব সুন্দৰী এজনী
উপেক্ষিত হৈ ৰৈছে সজম কৰিব নোৱাৰা কথা। ধিক্কাৰ দিলো নিজকে।
…..পুনৰ চালো তাইলৈ। এইবাৰ বহি পৰিছে তাই। বহুপৰ
থিয় হৈ থাকি তাইৰ চাগে অলপ ভাগৰ লাগিছিল। চকীখনত বহিয়েই মূৰটো পাছলৈ সলাই দিলে তাই।
দুপাত্তাখন বাওঁ কান্ধত লৈ থকাৰ কাৰণে তাইৰ উঠন বুকুখন একাষেদি জিলিকি উঠিল। তাকে দেখি
মোৰ মনটো লকলকাই উঠিল। কিজানি কাৰো হাতৰ পৰশ পৰাই নাই এই বুকুত। পূৰঠ আটিল বুকুখন।
তাইক কেন্দ্ৰ কৰিয়েই মোৰ কল্পনাৰ ঘোঁৰাই ধাপলি মেলিলে। এখন তীব্ৰ ৰঙা শাড়ীৰে চকুতলগা
হৈ আহিছে তাই। নাভীৰ ভালেখিনি তলত পিন্ধিছে শাড়ীখন। ব্লাউজ আৰু শাড়ীৰ খোচনিৰ মাজৰ খালি
ঠাইখিনি লোভলগাকৈ মোহনীয় হৈ পৰিছে। পাতল মেলি লোৱা আঁচলখনে তাইৰ উতলা যৌৱনক আবৰি ৰাখিব
পৰা নাই। মেলা চুলিখিনিৰ দুডালমানে তাইৰ গোল মুখখনত আল্পনা আঁকিছে। ৰিবৰিবকৈ বলা বতাহজাকে
যেন উৰুৱাই নিব খুজিছে তাইৰ শৰীৰৰ সমস্ত অৱসাদ। তাইৰ মাদকতাৰ মাতাল নিচাত মই চপাই আনিছো
তাইক কাষলৈ। তাই সন্তৰ্পনে ধৰা দিও যেন ধৰা দিব খোজা নাই মোৰ হাতত। মই কিছু হিংস্ৰ
হৈয়ে থাপ ধৰি আঁজুৰি দলিয়াই দিছো তাইৰ শুভ্ৰ শৰীৰ জিলিকাই ৰখা ৰঙা শাড়ীখন। ক্ষুধাৰ
হাঁতোৰা মেলি এটা এটাকৈ খুলিছো ব্লাউজৰ বুটাম। ৰঙা অন্তৰ্বাসেৰে আবৰি ৰখা তাইৰ মঙহাল
বুকুৰ উপত্যকাত মুখ দিব খোজোতেই দুৱাৰত খুঁতকৈ শব্দ এটা হোৱাত মোৰ কল্পনাৰ আঁতদাল ছিঙি
গ’ল। হাতত ফাইল দুটামান লৈ ৰমেন কাই সোমাই আহিল। চেপা উত্তেজনাত কঁপি উঠিল মোৰ সৰ্ব
শৰীৰ। উত্তেজনা ঢাকিবলৈকে চিগাৰেট এটা জ্বলাই ল’লো।
……কালি কেইবাদিনৰ মূৰত অকলে’ গাড়ীখন লৈ ওলাই গৈছিলো
বজাৰৰ ফালে। বিগ বজাৰৰ সন্মুখত ঝৰ্ণাক হাতত বেগ দুটামান লৈ ৰৈ থকা দেখি গাড়ীখন ৰখাই
দিলো। দেখাত খুব সুন্দৰী নহ’লেও ঝৰ্ণাৰ শৰীৰটো আকৰ্ষণীয়। ইচ্ছা কৰিলে যিকোনো মুহূৰ্ততে
ঝৰ্ণাক কাবু কৰি পেলাব পাৰোঁ। মোৰ প্ৰতি যে তাইৰ দুৰ্বলতা আছে নক’লেও গম পাওঁ। কিন্তু
নতুনকৈ পোৱা তানিয়াৰ শৰীৰৰ গোন্ধে এতিয়াও মোক আছন্ন কৰি ৰখাৰ বাবে ঝৰ্ণাক অলপ এৰাই
চলিছো। ডেপুটি কমিচনাৰৰ ছোৱালী তানিয়াৰ নিজৰ ৰূপ যৌৱনক লৈ অলপ অহংকাৰ আছিল। দেউতাক
ডেপুটি কমিচনাৰ হোৱাৰ বাবে তাই গৰ্বও কৰিছিল। তাৰ বাবেই তাই অনেক যুৱকৰ প্ৰেম প্ৰত্যাখ্যান
কৰিছিল। অনেকক কটু সমালোচনা কৰিছিল। তাইক এসেকা দিবৰ বাবেই আমাৰ মাজত এক অঘোষিত প্ৰতিযোগিতা
আৰম্ভ হৈ গৈছিল। সচৰাচৰ হোৱাৰ দৰেই তানিয়া মোৰ ফান্দত পৰি গৈছিল। মোৰ সান্নিধ্যত কৰ্পূৰৰ
দৰে উৰি গৈছিল তানিয়াৰ ৰূপ লাবন্যৰ অহংকাৰ। দেউতাকৰ প’জিচনক লৈ হোৱা গৰ্ব। তানিয়াক
হাচিল কৰাৰ বাবদ মই এক জোৰদাৰ পাৰ্টি দিব লগীয়া হৈছিল। পুৰণা হৈ গৈছিল কথাবোৰ। তানিয়াৰ
নিচাই আমুৱাইছিল মোক। সেয়ে ঝৰ্ণাক দেখি মনতে হিচাপ-নিকাচ কৰি পেলাইছিলো। ঝৰ্ণাই কি
ডিমাণ্ড কৰিব পাৰে? এটা দামী মোবাইল? এটা গহণাৰ চেট? এটা অসমৰ বাহিৰলৈ যোৱাৰ ট্ৰিপ?
নে আন কিবা? মনৰ মাজত হিচাপবোৰ পাগুলিয়েই গাড়ীত ব্ৰেক মাৰিছিলো।
: হাই ঝৰ্ণা। কি খবৰ? ধেৰ বজাৰ কৰিলা দেখোন! এনিথিং
স্পেচিয়েল?
: অহ্ নাই এনেই। এইৰ লগত আহিছিলো। তাই ঘৰলৈ যাবতো।
সেয়ে বজাৰ কৰিলে অলপ।
: এওঁ?
: কিয় তুমি চিনি পোৱা নাই? এই আকাশী আক’। আমাৰ
নতুন টাইপিষ্ট।
: অ’ আচ্ছা মই চিনিয়েই পোৱা নাছিলো। বাই দি ৱে
বজাৰ শেষ হ’ল নে? ক’লৈ যাবা এতিয়া? ব’লা একাপ কফি খাওঁ।
: আপুনি কফি খুৱাব? ক’ত খুৱাব?
: তুমি য’তেই খাম বুলি কোৱা। আঁহা বুলি দুৱাৰ মেলি
দিছিলো ঝৰ্ণাহঁতলৈ। মেলা দুৱাৰেদি গাড়ীত বহিপৰা ঝৰ্ণাৰপৰা বেগকেইটা লৈ “তুমি যোৱা,
মই নাযাওঁ” বুলি আকাশীয়ে সহজেই প্ৰত্যাখ্যান কৰিছিল মোৰ প্ৰস্তাৱ। বিস্মিত হোৱাৰ পাল
মোৰ। বিক্ৰম বৰঠাকুৰক না কৰে! সপোনতো ভাবিব নোৱাৰা কথা এইয়া। অপ্ৰকাশিত ক্ৰোধত ৰঙা
পৰি উঠিছিল চাগে মোৰ মুখমণ্ডল। ঝৰ্ণাই “প্লিজ, বিক্ৰম দা তাইক বাদ দিয়া। তাই একদমেই
ফেমিলিয়াৰ নহয় জানা। মই যাম ব’লা তুমি য’লৈকে নিয়া” বুলি সোঁহাতখনেৰে মোৰ বাহুত মৃদু
চাপ এটা দিছিল। ঝৰ্ণাৰ ইংগিত বুজি পূৰ্ণ দৃষ্টিৰে চাইছিলো আকাশীলৈ। বগা সাজেৰে এখন
প্ৰসাধনবিহীন বুদ্ধিদীপ্ত মুখ। উজ্জ্বল চকুযুৰিৰ তীব্ৰ চাৱনি সহ্য কৰিব নোৱাৰি মই গাড়ী
ষ্টাৰ্ট দিছিলো। প্ৰতিশোধৰ শীতল তেজ এসোঁতা বৈ গৈছিল মস্তিষ্কেৰে……
(২)
দিনবোৰ গৈ থাকিল দ্ৰুতগতিৰে। আকাশীক হাতলৈ অনাৰ
কোনো সুবিধা পোৱা নাছিলো। অথবা মোৰ ক্ষমতা, দম্ভ, অহংকাৰ, পদমৰ্যদা একোৰেই প্ৰভাৱ পেলাব
পৰা নাই তাইৰ ওপৰত। স্বল্পভাষী ছোৱালীজনী। প্ৰায়ে কামত নিমজ্জিত হৈ থাকে। কামবোৰো নিয়াৰিকৈ
কৰে। এদিন ড্ৰাফ্ট এখন ভুলকৈ টাইপ মৰাৰ অজুহাতত মোৰ কোঠালৈ মাতি নি প্ৰয়োজনতকৈ কঠোৰ
আৰু বেয়াকৈ ক’লো। মোৰ কথাৰ কোনো প্ৰত্যুত্তৰ নিদি তলমূৰকৈ ওলাই গ’ল তাই কোঠাৰ পৰা।
তাইলৈ চাই তাচ্ছিল্যৰ হাঁহি এটা মাৰিলো। ইয়াত কাম কৰিবলৈ হ’লে মোৰ হাতৰ পুতলা হৈয়ে
থাকিব লাগিব। কিছু সময়ৰ পাছত তাই নতুনকৈ টাইপ মাৰি আনিলে। এইবাৰ এটাও ভুল নাছিল। তথাপিও
তাই ৰৈ আছিল মই কিবা কম নেকি বুলিয়েই চাগে।
: ছাৰ, এইবাৰ ঠিকে আছেনে?
: হাঁ অ ঠিকেই আছে।
: তেন্তে মই যাওঁ?
: অ’কে যোৱা।
দুৱাৰখন মেলি যাবলৈ লৈয়ো এখোজ উভতি আহিল তাই। মই
প্ৰশ্নবোধক চাৱনিৰে চালো তাইলৈ।
: ছাৰ, মোৰ কোৱাৰ যোগ্যতা নাই যদিও কওঁ সম্ভৱ হ’লে
অফিচত থকাৰ সময়ত চিগাৰেট নাখাব। অফিচো ৰাজহুৱা স্থানেই নহয় জানো? আপুনি জানে চাগে ৰাজহুৱা
স্থানত চিগাৰেট-ধপাতজাতীয় মাদক দ্ৰব্য সেৱন কৰাটো অপৰাধ।
….অবাক হোৱাৰ পাল মোৰ। চাকৰি কালৰ কথা নালাগে মোৰ
পাৰ হৈ যোৱা জীৱনত আজিলৈ এনে কোনো ওলোৱা নাই যিয়ে মোৰ কিবা কথা-কামত হস্তক্ষেপ কৰিব
পাৰে। এই কোন? কি স্পৰ্ধা ছোৱালীজনীৰ! মোক এনেকৈ কোৱাৰ সাহস ক’ৰপৰা পালে? গম নোপোৱাকৈয়ে
তাই মোৰ মগজুৰ কোণ এটা দখল কৰি বহিল। তাইক নিৰীক্ষণ কৰি থকাতো মোৰ যেন এক এৰাব নোৱাৰা
কাম। অথচ তাইক দেখা পোৱাৰ লগে লগে মগজুত সহস্ৰ কীটাণুৱে যেন তাণ্ডৱ কৰে। এনে লাগে যেন
মুহূৰ্ততে তাইক মষিমূৰ কৰি পাহৰণিৰ গৰ্ভলৈ ঠেলি দিম। গচকি-মোহাৰি নোহোৱা কৰি পেলাম
তাইৰ অস্তিত্ব। অহৰহ পৰিকল্পনা কৰো তাইক কিদৰে মোৰ হাতৰ মুঠিলৈ আনিব পাৰো। কিন্তু তেনে
কোনো সুৰুঙাই নোলায়। তাই সদায় সময়মতে অফিচলৈ আহে। কেতিয়াও ছুটি বিচাৰি বা কামৰ মাজত
অতিৰিক্ত বিৰতি বিচাৰি মোৰ কাষ চপা নাই। কামতো তেনেকৈ ভুল ধৰিব লগা একো নাই। যাৰে-তাৰে
লগত কথাৰ মহলা মাৰি কামৰ সময় নষ্ট নকৰে। না কাৰোবালৈ ফোন কৰে না কাৰোবাৰ ফোন ৰিচিভ
কৰে। মোবাইল লৈ পিটিকি থকাও নেদেখো। অত্যাধুনিক সাজ-সজ্জা বা প্ৰসাধনৰ পয়োভৰ কোনোদিনেই
চকুত নপৰিল। সদায় সেই একেই সাধাৰণ সাজ-পোছাক কিন্তু পৰিপাটি। কি ছোৱালী এইজনী? তাইৰ
কোনো কামনা-বাসনা নাই নেকি? কোনো সপোন? কোনো হেঁপাহ? তাইক লৈ হোৱা মোৰ সকলো কৌতুহ’ল
নিজে নিজে নিস্তেজ হৈ আহিবলৈ লৈছিল। তথাপি তাইক লৈ মনত এটা উত্তজনা ৰৈ গৈছিল মোৰ অজানিতে।
তেনেতে এদিন তাইৰ টেবুলৰ আশে-পাশে বাকী কৰ্মচাৰীসকলৰ ভিৰ দেখিলো। সকলোৱে হাঁহি মুখে
কিবা কৈছে তাইক। তাইয়ো হাঁহি হাঁহিয়ে সকলোকে উত্তৰ দিছে। কিছু সময়ৰ পাছত প্ৰত্যেকৰে
হাতত মিঠাইৰ প্লেট দেখি মোৰ বুজিবলৈ বাকী নাথাকিল নিশ্চয় তাইৰ বিয়াৰ খবৰ। কোনোবা ভাল
ঘৰত তাইৰ সম্পৰ্ক ঠিক হৈছে আৰু সেই লৈ সকলোৱে তাইক অভিবাদন জনাইছে। অপ্ৰকাশিত আক্ৰোশত
মোৰ মূৰটো জ্বলি উঠা যেন লাগিল। ক’লিং বেলটো বজাই দিলো জোৰেৰে। কলিং বেলৰ শব্দ শুনি
আটাইবোৰ নিজ নিজ টেবুললৈ উভতি গ’ল। ৰমেন কায়ে খৰধৰকৈ আহি মোৰ টেবুলৰ কাষত থিয় দিলেহি।
“কাম-বন বাদ দি মানুহবোৰে কিয় কথা চোবাই আছে” বুলি ধমক দিব লওঁতেই ৰমেন কায়ে চুচুক-চামাককৈ
মোলৈকো মিঠাইৰ প্লেট এখন আগবঢাই দিলে। “এইবোৰ কি” বুলি চিঞৰি উঠিব লওঁতেই দুৱাৰ মেলি
আকাশী সোমাই আহিল-
: ছ’ৰী ছাৰ, বেয়া নাপাব অনুমতি নোলোৱাকৈয়ে সোমাই
আহিলো। আৰু এই মিঠাইৰ প্লেটখন ময়ে আপোনাক দিবলৈ কৈছিলো। ৰমেন কায়ে কৈছিল আপুনি আমাৰ
দৰে সাধাৰণ কৰ্মচাৰীৰ সুখ-দুখ শ্বেয়াৰ নকৰে বুলি। কিন্তু মোৰ মনে নামানিলে। মোৰ ভাইটিয়ে
সুখ্যাতিৰে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা পাছ কৰাৰ বাবে সকলোৱে মিঠাই খাওঁ বুলি কোৱাত মোৰো
আনন্দ লাগিল। সেয়ে অলপ নিয়মৰ বাহিৰলৈ গ’লো।
: কংগ্ৰেচুলেচন। অফিচত মই ব্যক্তিগত আলোচনা-বিলোচনা
বেয়া পাওঁ যদিও তোমাৰ ভাইটিৰ খৰবটো শুনি ভাল লাগিল। হ’ব বাৰু। তুমি যোৱা।
বিস্মৃত হ’লো। যিজনী ছোৱালীক দেখিলেই মোৰ মগজুৰ
তাঁৰকেইদাল দাং খাই যায় তাইক ইমান সহজে মাফ কৰি দিলো। আচলতে আজিতো তাইক মই এই এটা ডাঙৰ
ভুলৰ বাবেই শাস্তি দিব পাৰিলো হয়। তাইক ডিউতি আৱাৰ্চৰ বাহিৰেও অধিক সময় থাকিবলৈ বাধ্য
কৰিব পাৰিলো হয়। সিদিনা তাই কৰা অপমানৰ পোতক তুলিব পাৰিলো হয়। তাকে নকৰি কৰিলো কি তাইক
যাবলৈ ক’লো। কি আছে এই ছোৱালীজনীৰ মাজত? কিয় মই তাইক উপেক্ষা কৰিব পৰা নাই? যেতিয়াই
তাইৰ কথা ভাবো মগজুত এক দংশন অনুভৱ কৰো। হাতৰ মুঠি টান হৈ আহে নিজে নিজে। অথচ তাই সম্পূৰ্ণ
নিৰ্বিকাৰ মোক লৈ। ক্ষোভত মোৰ সৰ্বাংগত জুই জ্বলি উঠে। তাইক যেনে তেনে ধ্বংস কৰাৰ ইচ্ছাটো
তীব্ৰ হৈ উঠে।
(৩)
: ছাৰ, সোমাব পাৰোনে?
: অ আকাশী, আঁহা। কিবা কাম আছিল?
: ছাৰ, আজি মই অলপ সোনকালে যাব পাৰোঁনে?
: হঠাৎ? কি কাম আছে? সোনকালে যাব লগা হ’লে আগতিয়াকৈ
এপ্লিকেচন দিব লাগে বুলি নাজানা নেকি?
: জানো ছাৰ কিন্তু সোনকালে যাম বুলি ভবা নাছিলো।
এতিয়াহে যাম বুলি ঠিক কৰিলো। যদি আপুনি অনুমতি দিয়ে?
: এনেকৈ যাবলৈ দিয়াৰ নিয়ম নাই যদিও তুমি আজি প্ৰথমবাৰৰ
বাবে বিচাৰিছা বাবে যাবলৈ দিছো। কিন্তু কিয় ছুটি লাগে তোমাক? কোনোবা আহিব নেকি?
: নাঃ কোনো নাহে ছাৰ। মইহে যাম। মানে গ্ৰন্থমেলালৈ।
আজি গ্ৰন্থমেলাৰ শেষ দিন। শেষৰ দিনা বিশেষ ৰেহাই দিয়ে বাবে মই সদায় শেষৰ দিনাই যাওঁ।
কথাটো মই একদম পাহৰি আছিলো। অকস্মাৎ মনত পৰি গ’ল সেয়ে। নহ’লে আগতেই এপ্লিকেচন দিলো
হয়।
: আচ্ছা সেইটো কথা। ঠিক আছে যোৱা বাৰু তেনেহ’লে।
: থেংক ইউ ছাৰ।
: আকাশী তুমি মোক এটা হেল্প কৰি দিব পাৰাচোন!
: কওক ছাৰ।
: তুমি কেনে ধৰণৰ কিতাপ পঢা? মানে গল্প, উপন্যাস,
কবিতা, প্ৰৱন্ধ কি পঢি ভালপোৱা?
: মই কবিতা আৰু উপন্যাস পঢোঁ। কিয় সুধিলে?
: নহয় মানে মোৰ কাজিন এগৰাকীয়েও উপন্যাস পঢি খুব
ভাল পায়। প্ৰচুৰ কিতাপ পঢে তাই। মোক যেতিয়াই তেতিয়াই ডিমাণ্ড দিয়ে। অহা সপ্তাহত তাইৰ
বাৰ্থ দে আছে। মই যদি তাইলৈ উপন্যাসৰ টোপোলা এটা লৈ যাওঁ তাই নিশ্চয় ভাল পাব। কিন্তু
মই নাজানো কোনজন লেখকৰ উপন্যাস ভাল। এইক্ষেত্ৰত তুমি মোক সহায় কৰিব পাৰিবা নেকি?
: নিশ্চয় পাৰিম ছাৰ। কিন্তু মই যে এতিয়াই যাম ছাৰ।
আপোনাক কেনেকৈ সহায় কৰিম?
: পাৰিবা পাৰিবা ন’ টেনচন। তুমি যোৱা মই এই ফাইলকেইটা
চাইন কৰিয়েই গৈ আছো। গাড়ী লৈ যাম যেতিয়া সোনকালেই পামগৈ। তুমি মাত্ৰ মোক ভাল কিতাপ
দুখনমান বিচৰাত সহায় কৰি দিবা বচ।
(৪)
: বাঃ আকাশী বেলেগ আৰু দেই। আমাক দেখিলেহে নিৰ্জু
হৈ থাকা। চব গম পাইছো ৰ’বা।
: কি গম পাইছা নীনা? কিয় ক’লা এনেকৈ?
: বেছি কৰিব নালাগে। চবেই গম পাইছে তুমি যে ছাৰৰ
লগত মনে মনে বুক ফেয়াৰলৈ গৈছিলা। এনেই হ’লে কথাই নাপাতা। বুকফেয়াৰলৈ যাবলৈ কেনেকৈ ৰাজী
কৰালা ছাৰক? মানিছো দেই তোমাক। চুপাৰুস্তম একেবাৰে। আমিহে ধৰিব নোৱাৰিলো।
: কি বাজে কথা কৈছা নীনা। গ্ৰন্থমেলালৈ মই অকলেই
গৈছিলো। ছাৰে তাতে মোক লগ পায় তেওঁৰ আপোন কাৰোবালৈ উপন্যাস দুখনমান কিনাত মোক সহায়
কৰি দিবলৈ ক’লে সিমানেই। সেইটো এনে কি ডাঙৰ কথা হ’ল তোমালোকে আলোচনা কৰিবৰ জোখাৰে?
: হ’ব দিয়া। কৈফিয়ৎ দিব নালাগে। আমি জানো কোন কিমান
পানীৰ মাছ। মিছাতে গপ দেখুৱাই লাভ নাই।
মনে মনে থাকিল আকাশী। কি লাভ অবুজনবোৰৰ লগত তৰ্ক
কৰি! ইহঁতৰ মানসিকতা এনেকুৱাই। তিলটোকে তাল
কৰাই স্বভাৱ। দৰাচলতে মানুহে প্ৰত্যকটো কথা নিজৰ সুবিধা অনুসৰি বিবেচনা কৰে। মানুহৰ
বৈশিষ্ট্য সেইটো। যিয়ে যি পৰিবেশত থাকে বা ডাঙৰ-দীঘল হয় তাৰ চিন্তাধাৰাও সেই অনুপাতে
গঢ লয়। এচাম মানুহ আছে যি আনৰ কথা লৈয়ে ব্যস্ত হৈ থাকে। ইচ্ছা কৰিলে মানুহে কি কৰিব
নোৱাৰে? দেশৰ-দহৰ উন্নতি সাধিব পাৰে। সমাজৰ পৰিৱৰ্তন আনিব পাৰে। ব্ৰহ্মপুত্ৰৰ বুকু
খান্দি বানপানী ৰোধ কৰিব পাৰে। যাদৱ পায়েঙৰ দৰে সেউজ বিপ্লৱ আনিব পাৰে। উদ্ধৱ ভৰালীৰ
দৰে বিজ্ঞানক ৰাইজৰ কামত লগাব পাৰে। ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰি অন্যায়-অত্যাচাৰ
ৰোধ কৰাত অগ্ৰণী ভূমিকা ল’ব পাৰে। আৰু কত কি কৰিব পাৰে। কিন্তু তাকে নকৰি নিজৰ মাজতেই
খোৱা-কামোৰা কৰি সময় নষ্ট কৰে। এইবোৰে কোনোদিনে সমাজৰ উপকাৰ সাধিব নোৱাৰে। অনাহক কথা
নবহলাই কামত লাগিল তাই। মুখখন গম্ভীৰ হৈ পৰিল।
(৫)
দুদিন হ’ল আকাশী অফিচলৈ অহা নাই। কোনো খবৰো পঠিওৱা
নাই। ক’লৈ গ’ল ছোৱালীজনী? কাক সোধোঁ? ঝৰ্ণাও নাই। বিয়া বুলি দুমাহ ছুটি লৈ এতিয়া হনিমুন
কৰিবলৈ গোৱা পালেগৈ। ঝৰ্ণাৰ লগতেই যি অলপ মুকলিকৈ কথা পাতিছিল তাই। ব্যৱহাৰ-পাতিৰে
কিছু সহজ হৈ অহা ছোৱালীজনীক অলপ অলপকৈ বুজি উঠিছিলো। সঁচাই ব্যতিক্ৰম তাই। ঝৰ্ণাৰ বিয়াত
নিচাগ্ৰস্ত হৈ তাইৰ হাতত ধৰোঁতে তাই অকণো বিচলিত নহৈ মোক হাঁহিমুখেই প্ৰত্যাখ্যান কৰিছিল।
কৈছিল-
: ছাৰ, আমি দুখীয়া মানুহ। মানুহৰ আগত মূৰ দাঙি
পৰিচয় দিবলৈ কেৱল এই আত্মগৌৰৱকণেই যি আছে। আপুনি অন্তঃত তাত আঁচোৰ নেপেলাব। নহ’লে জীয়াই
থকাই টান হ’ব। আপোনাৰ বিষয়ে সকলো জানো। আপুনি কোন আপুনি কি সেই লৈ মোৰ কোনো কৌতুহ’ল
নাই, কোনো দ্বিধা নাই। আপুনি যিয়ে নহওক আপোনাক মই সন্মান কৰো। গতিকে সেই একেখিনি সন্মান
আপুনিও মোক দিব লাগিব। অফিচতহে আপুনি মোৰ বচ। তাত মই ভুল কৰিলেও নকৰিলেও আপোনাৰ তলতীয়া
হৈ চলিবলৈ মই বাধ্য। কাৰণ চাকৰিটো মোৰ বাবে বৰ প্ৰয়োজনীয়। কিন্তু অফিচৰ বাহিৰত আপুনি
মোৰ কোনো নহয়। মই আপোনাৰ শুভাকাংক্ষী হ’ব পাৰো যদিহে আপুনি আপোনাৰ মৰ্যদা বজাই ৰাখিব
পাৰে। অতীতত যি হ’ল হৈ গৈছে। বৰ্তমানটো ভালে ৰাখক। নহ’লে ভৱিষ্যতে আপোনাৰ ছাঁয়ায়ো লগ
এৰিব…..
আকাশীৰ শীতল চাৱনিয়ে অন্তৰাত্মা কঁপাই গৈছিল মোৰ।
নিচা ফাটি গৈছিল। আকাশীৰ কণ্ঠৰ দৃঢ়তাই দিবাস্বপ্নৰ দৰেই খেদি ফুৰিছিল মোক। খাওঁতে-শুওঁতে-উঠোঁতে-বহোঁতে
আকাশীৰ শীতল চাৱনিয়ে বেঢি ধৰিছিল মোক। মগজুৰপৰা আহি বুকুত শিপাইছিল আকাশী। পৰিত্ৰাণ
বিচাৰি আকণ্ঠ মদত ডুব গৈছিলো। আকাশীৰ অস্তিত্বই উপলুঙা কৰিছিল মোক। অট্টহাস্যত তাচপাতৰ
দৰেই খহি পৰিছিল মোৰ আভিজাত্যৰ দালান। ধূলিত বাগৰি পৰিছিল মোৰ অহংকাৰৰ উচ্চ শিৰ। মোৰ
উদ্ধত যৌৱনে যেন মৰুৰ মাজত বাট হেৰুৱাইছিল। মোৰ সহ্য শক্তিয়ে প্ৰতিবাদ কৰাৰ আগতেই ঝৰ্ণাৰ
পৰা আকাশীৰ ঘৰৰ ঠিকনা লৈ ঘৰ ওলালোগৈ। একমাত্ৰ ভায়েকৰ বিয়োগত প্ৰস্তৰ মূৰ্তি হৈ থিয়
দি আছে আকাশী। চকুত চাৱনি নাই। ওঁঠত শব্দ নাই। শৰীৰৰ মনৰ সকলো ৰং হেৰুৱাই বিবৰ্ণ হৈ
গ’ল আকাশী।
: আকাশী আকাশী। মোলৈ চোৱা। এইয়া মই আহিছো। তোমালৈ
বিশ্বাস-সততা আৰু সন্মানৰ সম্ভাষণ আনিছো। মৰম-ভালপোৱা আৰু হেঁপাহৰ আৱৰণ আনিছো। জীৱনৰ
সমস্ত ভৰষা আনিছো। আকাশৰ উদাৰতা, সাগৰৰ বিশালতা আৰু পৰ্বতৰ দৃঢ়তাৰ এধাৰ মালা গাঁঠিছো
তোমাক দিম বুলি। আকাশী, অ মোৰ হিয়াৰ আকাশী এবাৰ মোলৈ চোৱা। এষাৰ মাত দিয়া। চোৱা তোমাৰ
বাবেই দুহাত মেলি ৰৈ আছো তৃষাৰ নৈখনি লৈ। আকাশী শুনা। শুনাচোন…..
========================================================================
: পানী এঘটি দেচোন|
অকস্মাৎ মাতষাৰ শুনি উচপ খাই উঠিল জয়ন্তী| ফুল বাচি থকাৰ
পৰা মূৰ ডাঙি ইফালে সিফালে চাই দেখে পিৰালিত মাটিতে বহি গামোচাখনেৰে ডিঙি-মুখ
মচিছে গিৰীয়েক বলোভদ্ৰই| তাঁতশালৰ পৰা উঠি আহিল জয়ন্তী| পানী এঘটি আনি দিলে|
চকুৱে-মুখে পানী অলপ মাৰি একে উশাহে বাকী থকা পানীখিনি পি পেলালে সি|
: অসময়ত আহিলা যে? সুধিলে জয়ন্তীয়ে|
: কিয় তোৰ কিবা অসুবিধা হ’ল হ’বলা? তাইলৈ নোচোৱাকৈয়ে গেঙেৰি
মাৰি উঠিল সি|
একান্ত মনে তালৈ চালে জয়ন্তীয়ে| ৰ’দত ৰঙা-চিঙা পৰি আহিছে
মানুহটো| ঘামি-জামি অৱস্থা নাই| হ’লেও এইবোৰ তাৰ কাৰণে কোনো কথাই নহয়| শ্ৰম কৰি
খোৱা মানুহ সি| অবাবত সময় নষ্ট কৰি শুই বহি খাবলৈ সি ভাল
নাপায়| মুখখন গোমোঠা হৈ আছে| ভিতৰি ভিতৰি তাৰ কিবা খং উঠা যেন লাগিছে| কোনে বা কি
ক’লে তাইৰ অজলা মানুহটোক! হাঁহি ধেমালি কৰি ৰঙীয়াল হৈ থাকি ভাল পোৱা মানুহটোৰ খং
উঠিব লগাকৈ নিশ্চয় কোনোবাই কিবা বেয়াকৈ কৈছে|
: চাহ একাপ খাবা নেকি? মৰমেৰে সুধিলে তাই|
: দিলে খাব পাৰো| তই আকৌ কোনোবা আলহী-অতিথি আহিব বুলি বাট
চাই আছ যদি নালাগে থাক|
আৰু একো নামাতি পাকঘৰলৈ গৈ গেছতে চাহৰ পানী তুলি দিলে
জয়ন্তীয়ে| ৰন্ধা-বঢ়াৰ বেচিভাগ কাম তাই জুইতে কৰে| কেবল কুকাৰত ভাতকেইটা ৰান্ধিবলৈ
আৰু আলহী-দুলহী আহিলে ঘপহকৈ চাহকাপ দিবলৈহে তাই গেছৰ ব্যৱহাৰ কৰে| নতুনকৈ কানেকচন
লোৱাৰ কাৰণে চিলিণ্ডাৰ এটাহে পাইছে| অৱশ্য়ে ৰাতুল ককাইদেৱে আৰু এটা চিলিণ্ডাৰ
যোগাৰ কৰি দিয়াৰ কথা কৈছে| ভজা পিঠাগুৰি থকা টেমাটো উলিয়াই আনি বাতি এটাত ঢালিলে
তাই| নিজলৈকো আন এটা বাতিত অলপ ল’লে| চাহত চেনিৰ পৰিমাণটো বেচিকৈ দি চাহ অলপ সৰহকৈ
বাকিলে তাই| বলোভদ্ৰই পিঠাগুৰিত চাহ ঢালি খাই ভাল পায়| পিঠাগুৰিত চাহ ঢালিলে যি
এটা ফুৰফুৰীয়া গোন্ধ ওলাই তাইৰ বৰ ভাল লাগে| পিছে তাই তেনেকৈ পিঠাগুৰি খাব নোৱাৰে|
তাই পিঠাগুৰিত চেনি দি গাখীৰ থাকিলে গাখীৰেৰে নহ’লে গৰম পানীৰে সানি লাৰুৰ দৰে
কৰিহে খাই ভাল পায়| আজি পিছে তাইয়ো বলোভদ্ৰই খোৱাৰ দৰেই খাই চাওঁ বুলি পিঠাগুৰিৰ
বাতি দুটা আৰু চাহৰ গিলাচ দুটা ট্ৰেখনত লৈ বাৰাণ্ডালৈ ওলাই আহিল| বলোভদ্ৰই তেতিয়াও
গামোচাখনেৰে নিজক বিচি আছে| তাই ভিতৰৰ পৰা পীৰা দুখন আৰু বিচনী এখন লৈ আহিল| চাহ
খোৱা আক” বুলি কৈ তাই পীৰাত বহি তাক বিচিবলৈ ধৰিলে| কেৰাহিকৈ তাইৰ ফালে চাই
পিঠাগুৰিৰ বাতিটোত চাহ ঢালি ল’লে বলোভদ্ৰই| তাই তাক বিচি দিয়া দেখি তাৰ অলপ লাজ
লাগিল|
: আজি ধান ৰ’দত নিদিলি যে? লাজটো ঢাকিবলৈকে সুধিলে সি|
: আয়ে নালাগে বুলি ক’লে| আহোঁতে পলম হ’ব হেনো|
: আইনো ক’লৈ গ’ল?
: সিখন গাঁৱলৈ আই-সকাম খাবলৈ গৈছে| হিচাবৰ গোপিনী হেনো
নগলেই নহয়৷
বিচিবলৈ এৰি জয়ন্তীয়েও তাইৰ বাতিটোত চাহ অলপ ঢালি ল’লে|
দুচামুচমান খায়ে আৰু খাব নোৱাৰিলে তাই| উঠি গৈ ভিতৰৰ পৰা বিস্কুত দুখন আনি ৰৈ যোৱা
চাহটোপা খোৱাত লাগিল| সি বিস্কুত খাই বেয়া পায়| তাই পিঠাগুৰি এৰি বিস্কুত খোৱা
দেখি তাৰ আকৌ খংটো উঠি আহিল| যোৱা দুদিনমানৰ পৰা সি লক্ষ্য কৰিছে তাই খাবলৈ ববলৈ
মন নকৰা হৈছে| অলপমান খায়ে উঠি গুচি যায়| নোৱাৰাত পৰিহে যেন খায়|
: আজিকালি চহাৰ ঘৰৰ খোৱা খাদ্যত সোৱাদ নোপোৱা হ’ল হ’বলা তোৰ
জিভাই?
: আকৌ কামলে’ যাবা নে? চাহৰ বাচনকেইটা সামৰি তাই সুধিলে|
: নগ’লে কোন বাপেৰে আহি মোক ঘৰতেই হাজিৰাটো দি যাব- ভেকাহি
মাৰি উঠিল সি|
মুখেৰে তেনেকৈ ক’লে যদিও তাৰ গাত উঠি যোৱাৰ কোনো উম-ঘামেই
নাই| হঠাতে জয়ন্তীৰ ভাব হ’ল তাৰ আচলতে তাইক কিবা ক’ব বা সুধিব লগা আছে| কিন্তু
পোনপতীয়াকৈ সি সেইটো তাইক সুধিব নোৱাৰি এইবোৰ আবোল তাবোল বকি আছে| মনৰ ভিতৰতে অলপ
হাঁহিলে জয়ন্তীয়ে| কিমান যে সৰল তাইৰ মানুহটো!
: নেলাগে আজি আৰু কামলৈ যাব| মই ভাত দুটামানকে বহাই দিওঁ
তুমি গা ধুই আহাঁ যোৱা- বুলি কৈ বাচনকেইটা সামৰি জয়ন্তী ভিতৰলৈ গুচি গ’ল|
হাঁ না একো নোকোৱাকৈয়ে জয়ন্তীৰ যোৱালৈ চাই বহি থাকিল
বলোভদ্ৰই| একো ঠিৰাং কৰিব নোৱাৰিলে সি| তাইৰ মাত-কথাত, ব্যৱহাৰত কোনো অস্বাভাৱিকতা
বিচাৰি নাপালে বলোভদ্ৰই| জয়ন্তী ঘৰধৰা ভাল ছোৱালী| সকলোৰে লগত সহজে মিলিব পাৰে|
তাক তাই নিজতকৈয়ো বেচি ভাল পায়| সিয়ো তাইক বিশ্বাস কৰে| সি কষ্ট পাব পৰা কোনো কাম
তাই নকৰে বুলি সি ভালকৈয়ে জানে| কিন্তু মানুহে যে গাই ফুৰিছে কথাবোৰ! সিদিনা জেওৰা
ভেটিবলৈ যাওঁতে ৰেৱতী খুড়ীয়ে সুধিলে- কি অ’ বলো’, জয়ন্তীয়ে দেখোন মৌজাদাৰৰ পুতেকৰ
লগত খুব টাউনলৈ অহা যোৱা কৰিছে তই কিবা গম পাৱ নে নাপাৱ? কথাটো কি? সি একো উত্তৰ
দিব নোৱাৰি বেঙাটোৰ দৰে হাঁহি এটা মাৰি থ’লে| আজিতো ৰমেনে ইমান বেয়ালৈ ক’লে যে সি
খুটা পুতিবলৈ এৰি খঙত একো নাই হৈ ঘৰ পালেহি| কিন্তু ঘৰলৈ আহিয়ে একান্তমনে তলমূৰ কৈ
তাঁতত ফুল বাচি থকা জয়ন্তীক দেখি সি সকলো পাহৰি পেলালে|
: এই বলো ভাই, তই স্বাস্থ্যই পাতিয়ে ঠিকেই আছ দেখোন| তথাপিও
ঘৈণীয়েৰক চম্ভালিব পৰা নাই নে? আজিকালি মৌজাদাৰৰ পুতেকৰ গাড়ীত উঠি খুব ঘূৰি ফুৰে|
কালি হাস্পতাললৈকো গৈছে| চাবি দেই যিহে দিনকাল পৰিছে| কোনদিনা তোৰ ঘৰ এৰি তাই হাৱা
হৈ যাব তই গমেই নাপাবি| নে তোৰ কিবা প্ৰবলেম আছে অই সঁচা কথা কচোন-ৰমেনৰ কথাকেইটা
মনত পৰি তাৰ মূৰটো আকৌ উতলি উঠিল| কিবা এটা নিশ্চয় হৈছে| জুই নজ্বলিলে ধোঁৱা
কেতিয়াও নোলায়| কিন্তু তেনে কোনো বিসংগতি হোৱা হ’লে আয়েতো গম পালে হয়| মাইকী
মানুহৰ মনবোৰ এনেও সন্দেহবাদী| আৰু তাই যদি ইমানকৈ য’তে ত’তে ঘূৰিয়ে ফুৰিল হয় আয়ে
জানো তাইক খং নকৰিল হয়! খং কৰা দূৰৰ কথা আয়েকে আজি দুদিনমানৰ পৰা তাইক বেচিকৈহে
মৰম কৰিবলৈ লৈছে| আজি ধান ৰ’দত দিবলৈও নিদিলে| কথাবোৰ মনতে পাগুলি সি যিমানে গত
লগাব খুজিছে সিমানে এট টান সাঁথৰ হৈ জঁটহে লাগিছে| উপায় নাপাই সি পিছফাললৈ গ’ল গা
ধুবলৈ|
জয়ন্তীয়ে কুকাৰত চাউলকেইটা ধুই বহাই দিলে| জাতিলাউ অলপকে
মিহিকৈ কুটিবলৈ লৈ কন বিলাহী কেইটামান আৰু আলু এটা উলিয়াই ল’লে| তাতে মচুৰ দাইল
দুটামান দি আঞ্জা কৰি দিব| মাছ দুটাও দিওঁ বুলি মাছ জীয়াই থোৱা টিংটোৰ ঢাকনিখন
উদঙাই চালে| কাৱৈ দুজনী , গৰৈ তিনিটা আছে| কাৱৈ দুজনী উলিয়াবলৈ গৈ তাই ৰৈ গ’ল|
আয়েকৰ কথাষাৰলৈ মনত পৰিল-’এই সময়ছোৱাত বৰ সাৱধানে নীতি নিয়মৰ মাজেৰে চলিব লাগে আই|
তই বা সি এই সময়ত জীৱবধৰ দৰে কাম নকৰিবি| নেপায়| প্ৰভুৱে দোষ ধৰিব| মোক নুসুধাকৈ
তই একো কাম নকৰিবি দেই| গোটেই জীৱনৰ কাৰণে ভাবিব লাগিব এতিয়া| এনেয়ে জানো কয় মাইকী
মানুহে এটা জনমতে তিনিবাৰ জনম লয় বুলি|’ জীয়া মাছকেইটা মাৰিব নোৱাৰি তাই পুনৰ
টিংটো ঢাকি থৈ আহিল| কণী থোৱা খৰাহীটো চাই দেখি দুটা কণী আছে| হ’ব তাকে ভাজি দিব|
পাচলি কাটি কাটিয়ে জয়ন্তীয়ে ভাবিলে আজি তাক সকলো খুলি ক’ব লাগিব| সিতো একোৱে
নাজানে| কিমান যে ভালপায় সি তাইক! তাইক সুখত ৰাখিবলৈকে কি কৰা নাই সি! পাৰ হৈ যোৱা
দিনবোৰে জয়ন্তীৰ মনলৈ অগা-দেৱা কৰিবলৈ ধৰিলে|
সৰুতেই মাক ঢুকুৱা জয়ন্তীক চাবলৈকে এদিন দেউতাকে মাহীমাকক
বিয়া পাতিছিল| নতুন মাকক পাই তাইৰ ভালেই লাগিছিল| মাহীমাকেও তাইক মৰম-চেনেহ দিয়াত
কাৰ্পন্য কৰা নাছিল| সময়ত তাইৰ ভায়েক এটা আৰু ভনীয়েক এজনী হ’ল| ঘৰখনত খাৱৰীয়া বঢ়াৰ
লগে লগে খেতিৰ ধানে বছৰটো নোজোৰা হ’ল| অভাৱবোৰ বাঢ়ি অহাৰ লগে লগে মাকজনী খিংখিঙিয়া
হৈ পৰিল| দেউতাকেও জোপোকা মাৰি থকা হ’ল| জোৰা মাৰিব নোৱাৰি এদিন মাকে তাইক স্কুল
এৰুৱাই দিলে| সেইদিনা জয়ন্তীৰ বৰ দুখ লাগিছিল| পঢ়াত বৰ এটা বেয়া নাছিল তাই| ঘৰত
থাকি ঘৰুৱা কামবনৰ লগতে মাকৰ তাঁতশালত বহি বহি সোনকালেই পাকৈত শিপিনী হৈ উঠিল তাই|
এদিন মৌজাদাৰৰ ঘৰলৈ মাকে আধিলৈ বোৱা মেখেলা চাদৰকেইযোৰ দিবলৈ যাওঁতে এটা সুযোগ আহি
পৰিল জয়ন্তীৰ হাতত| শাৰীৰিক অসুস্থতাৰ বাবে মৌজাদাৰনী বৰমাই তাইক দুদিনমানৰ কাৰণে
তেওঁৰ কাম-কাজত অলপ লাগি দিব পাৰিব নেকি সুধিলে| তাই কিবা কোৱাৰ আগতেই মাকে পাৰিব
কিয় নোৱাৰিব তাই ঘৰত এনেইহে থাকে বুলি কোৱাৰ পিছদিনাৰ পৰাই মৌজাদাৰৰ ঘৰলৈ যাবলৈ
লৈছিল| তালৈ গৈ তাই অন্য এখন জগতৰ সন্ধান পাইছিল| শিক্ষাৰ পোহৰ থকা ঘৰ সেইখন| সকলো
কথা-বতৰা, আচাৰ-ব্যৱহাৰত এক মুকলি পৰিবেশ| ৰাতুল দাদা আৰু মেঘালী বা’ৰ কোঠা দুটাত
খালি কিতাপ কিতাপ আৰু কিতাপ| মেঘালী বাই মাজে মাজে গান শুনে, টিভিও চায়, কিন্তু
ৰাতুল দাদাটো যে কি! দিনে ৰাতিয়ে খালি কিতাপ পঢ়ে| এদিন জয়ন্তীয়ে ৰাতুল দাদাৰ
কোঠাটো চিজিল লগাই থাকোতে গোটেই কিতাপবোৰতে হাত ফুৰাই চাইছিল| ভাল লাগিছিল তাই|
কিতাপবোৰ চুই চুই আপোন পাহৰা হৈ কিমান সময় ৰৈ আছিল তাই নিজেই ক’ব নোৱাৰে| পাছত
ৰাতুলে আহি জয়ন্তী বুলি ডাঙৰকৈ মতাতহে তাইৰ তন্ময়তা ভাঙিছিল| তোৰ পঢ়িবলৈ বৰ মন
নেকি অ’ জয়ন্তী- বুলি সোধা ৰাতুলৰ প্ৰশ্নটোৰ উত্তৰ নিদিয়াকৈয়ে তাই ল’ৰ মাৰিছিল
লাজতে| তাৰ দুদিনমানৰ পাছত তাইক আচৰিত কৰি দি মৌজাদাৰ বৰদেউতাই তাইক ওচৰত বহুৱাই
কৈছিল-জয়ন্তী, কাম কাজ কৰাৰ লগতে আজিৰ পৰা তই পঢ়িবও লাগিব| তোৰ সকলো কিতাপ পত্ৰ মই
আনি দিম| ঘৰত পঢ়িয়েই তই পৰীক্ষা দিব পাৰিবি| স্কুলৰ মাষ্টৰৰ লগত মই কথা পাতিম|
শিক্ষাৰ পোহৰ লাভ কৰা বৰ ডাঙৰ সৌভাগ্য বুজিছ| জীৱনত শিক্ষাৰ সমান মূল্যবান আন
একোৱেই নাই| মোৰ ঘৰত থাকিয়েই মই তোক যদি এইকন সুবিধা কৰি দিব নোৱাৰো ইহঁত দুটাই
মোক বৰ বেয়া পাব| ৰাতুলেই প্ৰথম মোক তোৰ শিক্ষাৰ প্ৰতি থকা ধাউতিৰ কথা বুজাই ক’লে|
পুৱা-গধূলি সময়মতে পঢ়িবি আৰু কিবা নোৱাৰিলে ইহঁত দুটাক সুধিবি বুজিছ|’ তেনেকৈয়ে
জয়ন্তীয়ে দ্বাদশ শ্ৰেণীলৈকে পঢ়িলে| উচ্চতৰ মাধ্যমিকত ইটো সিটো অসুবিধা হোৱাত তাই
ভালকৈ পঢ়িব নোৱাৰিলে ফলত ৰিজাল্ট বেয়া হ’ল| তাৰপাছত তাই আৰু পঢ়িব নুখুজিলে|
ইতিমধ্যে তাইৰ ভায়েক ভনীয়েক দুটাও পঢ়াত ভাল হৈ আহিছিল| মৌজাদাৰ বৰমাকে দিয়া দিহা
পৰামৰ্শমতে তাই পঢ়া-শুনাৰ লগতে ঘৰত হাঁহ কুকুৰা ছাগলী পুহিবলৈ লৈছিল| মৌজাদাৰৰ ঘৰতেই
তাই নিজা ববীয়াকৈ আনে আধিলৈ দিয়া বা অৰ্ডাৰ দিয়া মেখেলা-চাদৰ বা গামোচা আদি ববলৈ
লৈছিল| তেতিয়ালৈ মেঘালী বা’ৰ বিয়া হৈ গৈছিল| ৰাতুল দায়ো চাকৰি পাই দূৰলৈ গুচি
গৈছিল| ঘৰখনত কাম বন কমি আহিছিল| এদিন মাকে বৰমাকৰ আগত তাইৰ বিয়াৰ কথা উলিয়াওতে
বলোভদ্ৰই তাইক আচুতীয়াকৈ মাতি নি সুধিছিল-’জয়ন্তী, তইতো জানই মোৰ পঢ়া-শুনা বেচি
নাই| কিন্তু এই হাত দুখন আছে| দেহত শক্তি আছে| আৰু তোলৈ বহুত মৰম আছে| তোক মই আপোন
কৰি ল’ব বিচাৰো| তই মোলৈ আহিবিনে?’ কোনোদিনে মুখা-মুখিকৈ কথা পাতি নোপোৱা বলোভদ্ৰৰ
কথা শুনি তাইৰ বুকুৱে ধান বানিছিল| লাজত নে ভয়ত তাই সেইদিনা একো উত্তৰ দিব
নোৱাৰিলে| ৰাতি বিচনাত পৰি তাই শুব পৰা নাছিল| বলোভদ্ৰৰ মুখখন আৰু তাৰ আশাভৰা চকু
দুটাই তাইক আমনি কৰিছিল| তাই ভয় ভয়কৈ মৌজাদাৰনী বৰমাকক বলোভদ্ৰৰ কথাবোৰ কৈছিল|
কথাকেইটা শুনি বৰমাকে খোলাকৈ হাঁহি এটা মাৰি কৈছিল-’হয় দেই চকুৰ আগতে ইমান ভাল
ল’ৰাটো থাকোতে ল’ৰা বিচাৰি হাবাথুৰি খাইছো| তই অমত নহবি জয়ন্তী| সি বৰ ভাল ল’ৰা|
নিজাকৈ ঘৰ মাটি আছে তাৰ| দ’ নহলেও বাম মাটি দুবিঘামান আছে| আমাৰ সমস্ত খেতি সিয়ে
চম্ভালে দেখোন| তাতে মাকৰ বাহিৰে তাৰ আন কোনোৱেই নাই| হব দে তই একো নাভাবিবি|
মাৰ-বাপেৰৰ লগত যি কথা পতিব লাগে মই পাতিম|’ এনেকৈয়ে যোৱাটো ফাগুনত বলোভদ্ৰৰ লগত
বিয়া হৈ গৈছিল জয়ন্তীৰ|
: আজি ভাত খুৱাবিনে? বলোভদ্ৰৰ মাতত তাইৰ ভাবত যতি পৰিল|
লৰালৰিকৈ তাক ভাতকেইটা যতনাই দি তাইয়ো তাৰ লগতে দুটেপামান খালে| তাক তামোল এখন দি
ক’লে-তুমি বিচনাতে অলপ জিৰোৱা মই বাচনকেইটা সাউতকৈ ধুই আহিছো| তোমাক কথা কেইটামান
ক’ব লগা আছে|
পাকঘৰ সামৰি জয়ন্তী শোৱা কোঠা্লৈ আহিল|
: টোপনি গ’লা নেকি? চাওঁ উঠাচোন এইখনত ইয়াতে চহী এটা কৰি
দিয়াচোন- বুলি বলোভদ্ৰক হেচুকি দিলে জয়ন্তীয়ে|
: কি এইখন আৰু মই কিয় চহী কৰিম?
: এইখন বেংকৰ লোনৰ ফৰ্ম| তুমি নাজানাই কিজানি ৰাতুল দা ইয়াৰ ডি.চি হিচাবে জইন কৰিছে| তেৱেঁই ক’লে চৰকাৰৰ ফালৰ পৰা নিবনুৱাসকলৰ কাৰণে বহুত কিবা কিবি আঁচনি আছে| কিন্তু সাধাৰণ মানুহে সকলো খা-খবৰ সময়মতে নাপাই কাৰণে আঁচনিবোৰৰ
নামত অনুদিত টকাবোৰৰ সঠিক ব্যৱহাৰ নোহোৱাকৈ ঘূৰি যায়| এতিয়ালৈকে ৰাতুল দাই যি
কেইখন জিলাত কাম কৰিছে তাতে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক চৰকাৰী আঁচনি আৰু
অনুদানবোৰৰ বিষয়ে অৱগত কৰাইছে| তেওঁৰ ফালৰ পৰা কৰিব পৰা সহায় সহযোগ সকলোকে দি
আহিছে| মই তেওঁৰ লগত বেংকলৈ গৈ সকলো কথা বুজি আহিছো| তুমিও পৰিশ্ৰম কৰা, ময়ো
পৰিশ্ৰম কৰো| কিন্তু স্থায়ীকৈ কিবা এটা কৰাৰ কথা আমি কেতিয়াও ভবা নাই| এতিয়া মই
ভাবিছো আমিতো সদায় এনেকৈ নাথাকো| এদিন সংসাৰ বাঢ়িব| দ্বায়িত্ব বাঢ়িব| লাহে লাহে
আমি বুঢ়া হৈ আহিম| শৰীৰত বল শক্তি কমি আহিব| সেয়ে সৰুকৈ দোকান এখন দিম| মই তাঁতত
কাপোন ব’ম আৰু দোকানত থৈ বেচিম| তুমিও অ’ৰ ত’ৰ পৰা বোৱা কানি কাপোৰ সংগ্ৰহ কৰি
আনিবা আৰু মই নোৱাৰিলে তুমি দোকানত বহিবা| আজিকালি বোৱা কপোৰৰ চাহিদা বাঢ়িছে| মই
আচলতে গোটেইখিনি কৰি তোমাক চক্ খুৱাই দিম বুলি ভাবিছিলো| কিন্তু কালি ডাক্তৰে
ক’লে এই অৱস্থাত মোক সম্পূৰ্ণ সুস্থ বুলি প্ৰমাণ-পত্ৰ দিব নোৱাৰে হেনো| সেয়ে এতিয়া
লোনটো তোমাৰ নামতেই ল’ব লাগিব|
: তই আকৌ কিহত অসুস্থ হ’লি? কেতিয়া হ’লি? ঠিকেই আছ দেখোন!
কি হৈছে তোৰ?
: তুমি সঁচায়ে বৰ কিবা অ’| সদায় এনেকুৱা ডেকা হৈয়ে থাকিম
বুলি ভাবিছা নেকি? বাপেক.....কথাষাৰ শেষ নকৰাকৈয়ে ৰৈ গ’ল জয়ন্তী| লাজে হেঁচা মাৰি
ধৰিলে তাইক| শৰীৰৰ তেজবোৰ উজাই আহি গাল দুখন ৰাঙলী কৰি পেলালে| কথাটো বুজিব নোৱাৰি
ক্ষন্তেক তভক মাৰি ৰ’ল বলোভদ্ৰই| কিন্তু পাছ মুহুৰ্ততে সি ভাঙিব নোৱাৰা সাঁথৰটোৰ
সমিধানটো ইমান অনুপম হোৱাত আনন্দতে নে লাজতে কি কৰো নকৰোকৈ ক’বলৈ একো বিচাৰি নাপায়
দুহাত মেলি জয়ন্তীক বুকুৰ মাজলৈ টানি আনিলে| সন্ধিয়াৰ আকাশত ৰান্ধনি বেলিয়ে ৰহন
সানিছিল তেতিয়া....
*********************************************************************************
##হেৰুওৱা ছন্দ##
: হাঁহিলা যে!
: নাই এনেয়ে|
: কোৱাচোন|
: মনত পৰি গ’ল|
: কি?
: গছৰ পাতখিলা গাত লাগোতে চক্ খাই উঠিছিলা যে|
: অ’ সেইটো! এনেই দেহা ইমান তপত; তাতে তোমাৰ হিয়াৰ উম| নিয়ৰ সনা গছপাতৰ চেঁচা পৰশত গাটো সিৰসিৰায় গ’ল আক’| তাতেনো হাঁহিবলৈ কি হ’ল!
: চোৱা নদীৰ বুকুত জোনৰ হেন্দোলনি আৰু আকাশত তৰাৰ জিকমিকনি|
: আমাৰ ল’ৰা হ’লে নাম থম জোনাক আৰু ছোৱালী হ’লে নাম থম প্ৰাপ্তি|
: তুমি সিমান দূৰ পালাগৈ? জোনাক বাৰু বুজিলোঁ কিন্তু প্ৰাপ্তি কিয় থ’বা?
: আজি তোমাক পালোঁ যে সেইকাৰণে|........
: হেল্লো’
: কি কৰিছা স্বাতী?
: অ’ তুমি| এই প্ৰাপ্তিক শুৱাবলৈ লৈছোঁ| বৰ আমনি কৰিছে|
: অসময়ত শুৱাবলৈ লৈছা যে?
: এইৰ গাটো অলপ বেয়া| জ্বৰ হৈ আছে| আজি অলপ কমিছে| তুমি ক’ত? ভালে আছানে?
: ভালেই আৰু| এনেই বজাৰলৈ ওলাই আহিছোঁ| কাইলৈ মাহঁত ছোৱালী চাবলৈ যাব| চাব মানে একেবাৰে দিন বাৰ লৈয়ে আহিব| আহিনতে হ’বগৈ নেকি বিয়াখন!
: ভালেই হ’ব দিয়া| তেতিয়ালৈকে প্ৰাপ্তিৰো দুবছৰ পূৰ হৈ যাব| বিশেষ অসুবিধা নহ’লে আমিও যাব পাৰিম বিয়া খাবলৈ|
: অঁ তুমিতো আহিবই লাগিব| মই নিজেই যাম তোমালোকক নিমন্ত্ৰণ দিবলৈ|
: ঠিক আছে তেনে তুমিয়েই আহিবা| পিছে তোমাক উপহাৰ কি লাগিব?
: কি দিবা? অসীমত যাৰ হেৰাল সীমা নহ’লে আধালেখা দস্তাবেজ|
: এতিয়াও লাগে!!
: লাগেতো.............
: আৰে প্ৰতীক তুমি ইয়াত?
: তোমাক বিচাৰিয়ে আহিলোঁ|
: তুমি কেনেকৈ জানিলা মোক ইয়াত পাবা বুলি?
: এনেয়ে মনটোৱে কৈ আছিল|
: ব’লা সৌ তাতে বহোঁ| কোৱা এতিয়া কি কি কৰিলা যোৱা চল্লিশ বছৰে|
: কৰিম আৰু কি চাকৰি কৰিলোঁ| সংসাৰ কৰিলোঁ| জোনাক বিদেশলৈ গ’ল| তাতে থাকি গ’ল| বিয়া বাৰু তাতে কৰালে| নাতি এটা আছে| সদায় মোৰ খবৰ লয়| ৰুমাও গ’লগৈ হঠাতে| জীয়াই থাকিবলৈ যিখিনি লাগে সকলোখিনি পালোঁৱেই দেখোন| আৰু একো বিচাৰিব লগা নাই জীৱনৰ পৰা| ভাবিলোঁ মৰাৰ আগতে এবাৰ চাই যাওঁ নদীৰ বুকুত জোনৰ হেন্দোলনি আৰু আকাশত তৰাৰ জিক্মিকনি| সেয়ে গুচি আহিলোঁ ইয়ালৈ| এনেও অকলশৰীয়া মানুহ| য’তে ৰাতি হয় তাতে কাটি হওঁ| আপত্তি কৰিব পৰাও কোনো নাই এতিয়া| যেতিয়াই যি মন যায় তাকে কৰোঁ| তোমাৰ কথা কোৱাচোন| আৰু প্ৰাপ্তি কেনে আছে?
: প্ৰাপ্তিৰ ল’ৰা এটা ছোৱালী এজনী| জোঁৱাই বৰ মৰমীয়াল| ঠিক অসীমৰ দৰে| সকলো সময়তে প্ৰাপ্তিক মৰমেৰে আবৰি ৰাখে| প্ৰাপ্তিৰ ছোৱালী হাইক’ৰ্টৰ অধিবক্তা| ল’ৰা চফ্টৱেৰ ইঞ্জিনীয়াৰ| সি বেংগালুৰত থাকে| অসীমৰ হাৰ্ট এটেক হোৱাৰ পাছত দুয়োটাই মোক সিহঁতৰ লগত থাকিবলৈ টনা আঁজোৰা কৰিছিল| মোৰহে মন নগ’ল সিহঁতৰ সংসাৰৰ মাজত সোমাবলৈ| ক’লোঁ বোলো অলপ দিন পুৰণা ঠাইবোৰকে ঘূৰি ফুৰি আহোঁ দে| তাৰপাছত ভাবিম ক’ত থাকিম| জোঁৱাইয়ে ইয়ালৈ অহাৰ বাবে সকলো যা-যোগাৰ কৰি দিছে| ক’ত উঠিছাহি তুমি?
: সেই পুৰণা ডাকবাংলোত| আৰু তুমি?
: ময়ো তাতে উঠিছোঁ| মই আজি পুৱাহে আহিছোঁ|
: .........
: .........
: স্বাতী!
: হোঁ!
: আজি নদীৰ বুকুত বেলি মাৰ যোৱা চাওঁগৈ ব’লা| ৰান্ধনি বেলিৰ ৰঙচুৱা ৰহনে কিজানি জীৱনৰ বাকী থকা শেষ মাদকতাখিনি পূৰ্ণ কৰি তোলে........
: নাই এনেয়ে|
: কোৱাচোন|
: মনত পৰি গ’ল|
: কি?
: গছৰ পাতখিলা গাত লাগোতে চক্ খাই উঠিছিলা যে|
: অ’ সেইটো! এনেই দেহা ইমান তপত; তাতে তোমাৰ হিয়াৰ উম| নিয়ৰ সনা গছপাতৰ চেঁচা পৰশত গাটো সিৰসিৰায় গ’ল আক’| তাতেনো হাঁহিবলৈ কি হ’ল!
: চোৱা নদীৰ বুকুত জোনৰ হেন্দোলনি আৰু আকাশত তৰাৰ জিকমিকনি|
: আমাৰ ল’ৰা হ’লে নাম থম জোনাক আৰু ছোৱালী হ’লে নাম থম প্ৰাপ্তি|
: তুমি সিমান দূৰ পালাগৈ? জোনাক বাৰু বুজিলোঁ কিন্তু প্ৰাপ্তি কিয় থ’বা?
: আজি তোমাক পালোঁ যে সেইকাৰণে|........
: হেল্লো’
: কি কৰিছা স্বাতী?
: অ’ তুমি| এই প্ৰাপ্তিক শুৱাবলৈ লৈছোঁ| বৰ আমনি কৰিছে|
: অসময়ত শুৱাবলৈ লৈছা যে?
: এইৰ গাটো অলপ বেয়া| জ্বৰ হৈ আছে| আজি অলপ কমিছে| তুমি ক’ত? ভালে আছানে?
: ভালেই আৰু| এনেই বজাৰলৈ ওলাই আহিছোঁ| কাইলৈ মাহঁত ছোৱালী চাবলৈ যাব| চাব মানে একেবাৰে দিন বাৰ লৈয়ে আহিব| আহিনতে হ’বগৈ নেকি বিয়াখন!
: ভালেই হ’ব দিয়া| তেতিয়ালৈকে প্ৰাপ্তিৰো দুবছৰ পূৰ হৈ যাব| বিশেষ অসুবিধা নহ’লে আমিও যাব পাৰিম বিয়া খাবলৈ|
: অঁ তুমিতো আহিবই লাগিব| মই নিজেই যাম তোমালোকক নিমন্ত্ৰণ দিবলৈ|
: ঠিক আছে তেনে তুমিয়েই আহিবা| পিছে তোমাক উপহাৰ কি লাগিব?
: কি দিবা? অসীমত যাৰ হেৰাল সীমা নহ’লে আধালেখা দস্তাবেজ|
: এতিয়াও লাগে!!
: লাগেতো.............
: আৰে প্ৰতীক তুমি ইয়াত?
: তোমাক বিচাৰিয়ে আহিলোঁ|
: তুমি কেনেকৈ জানিলা মোক ইয়াত পাবা বুলি?
: এনেয়ে মনটোৱে কৈ আছিল|
: ব’লা সৌ তাতে বহোঁ| কোৱা এতিয়া কি কি কৰিলা যোৱা চল্লিশ বছৰে|
: কৰিম আৰু কি চাকৰি কৰিলোঁ| সংসাৰ কৰিলোঁ| জোনাক বিদেশলৈ গ’ল| তাতে থাকি গ’ল| বিয়া বাৰু তাতে কৰালে| নাতি এটা আছে| সদায় মোৰ খবৰ লয়| ৰুমাও গ’লগৈ হঠাতে| জীয়াই থাকিবলৈ যিখিনি লাগে সকলোখিনি পালোঁৱেই দেখোন| আৰু একো বিচাৰিব লগা নাই জীৱনৰ পৰা| ভাবিলোঁ মৰাৰ আগতে এবাৰ চাই যাওঁ নদীৰ বুকুত জোনৰ হেন্দোলনি আৰু আকাশত তৰাৰ জিক্মিকনি| সেয়ে গুচি আহিলোঁ ইয়ালৈ| এনেও অকলশৰীয়া মানুহ| য’তে ৰাতি হয় তাতে কাটি হওঁ| আপত্তি কৰিব পৰাও কোনো নাই এতিয়া| যেতিয়াই যি মন যায় তাকে কৰোঁ| তোমাৰ কথা কোৱাচোন| আৰু প্ৰাপ্তি কেনে আছে?
: প্ৰাপ্তিৰ ল’ৰা এটা ছোৱালী এজনী| জোঁৱাই বৰ মৰমীয়াল| ঠিক অসীমৰ দৰে| সকলো সময়তে প্ৰাপ্তিক মৰমেৰে আবৰি ৰাখে| প্ৰাপ্তিৰ ছোৱালী হাইক’ৰ্টৰ অধিবক্তা| ল’ৰা চফ্টৱেৰ ইঞ্জিনীয়াৰ| সি বেংগালুৰত থাকে| অসীমৰ হাৰ্ট এটেক হোৱাৰ পাছত দুয়োটাই মোক সিহঁতৰ লগত থাকিবলৈ টনা আঁজোৰা কৰিছিল| মোৰহে মন নগ’ল সিহঁতৰ সংসাৰৰ মাজত সোমাবলৈ| ক’লোঁ বোলো অলপ দিন পুৰণা ঠাইবোৰকে ঘূৰি ফুৰি আহোঁ দে| তাৰপাছত ভাবিম ক’ত থাকিম| জোঁৱাইয়ে ইয়ালৈ অহাৰ বাবে সকলো যা-যোগাৰ কৰি দিছে| ক’ত উঠিছাহি তুমি?
: সেই পুৰণা ডাকবাংলোত| আৰু তুমি?
: ময়ো তাতে উঠিছোঁ| মই আজি পুৱাহে আহিছোঁ|
: .........
: .........
: স্বাতী!
: হোঁ!
: আজি নদীৰ বুকুত বেলি মাৰ যোৱা চাওঁগৈ ব’লা| ৰান্ধনি বেলিৰ ৰঙচুৱা ৰহনে কিজানি জীৱনৰ বাকী থকা শেষ মাদকতাখিনি পূৰ্ণ কৰি তোলে........
*********************************************************************************
এমুঠি ভালপো্ৱাৰ সন্ধানত
শেষ উকিটো মাৰি ট্ৰেইনখন চলিবলৈ আৰম্ভ কৰিলে| হাতখন জোকাৰি বিদায় দিলোঁ নীৰা বাইদেউক| চাওঁতে চাওঁতে নেদেখা হৈ গ’ল ট্ৰেইনখন| লাহে লাহে মই ওলাই আহিলোঁ ষ্টেচনৰ পৰা| চাবিপাত লৈ গাড়ীৰ ওচৰ পালোঁগৈ| কিবা খালি খালি যেন মনটো| এনে লাগিল যেন বাইদেউৰ মোক কিবা ক’বলৈ থাকি গ’ল| সকলোৰে অলক্ষিতে তেওঁ যেন কঢ়িয়াই লৈ ফুৰিছে অলপ বিষাদ অলপ ৰিক্ততা! অথচ কিমান ৰাংঢালী মানুহগৰাকী! সেই অলপ সময়তে ঘৰৰ আটাইকেইটা প্ৰাণীকেই বাইদেৱে এনেকৈ মুহি পেলালে যে মোৰ ক’বলগীয়া কৰিবলগীয়া একোৱেই নাথাকিল| এওঁৰ উত্সাহ দেখি অবাকেই হৈছিলোঁ মই| মাছ-মাংস-দৈ-মিঠাইৰে আনি এঘণ্টাৰ বাবে অহা মানুহগৰাকীক জোৰকৰি ৰাতিৰ ভাতসাঁজ খুৱাই পঠিয়াইছিল মই একো ক’বলৈ নাপাওঁতেই| বাইদেউৰ বাবেই এওঁ নিজেই অত্যুত্সাহী হৈ ভিনিদেউকো লৈ আহিছিলগৈ ভাত খাবলৈ| পাছদিনা বাইদেৱেও অলপ আচৰিত হোৱাৰ দৰে কৈছিল আমাৰ কথা| ভিনিদেৱে হেনো খুব শলাগীলে আমাৰ কথা কৈ| বিশেষকৈ এওঁৰ কথা কৈ| কথা পাতি পাতি হাঁহিছিলো আমি দুয়োজনীয়ে| মতা-মানুহ যে! ভাললগাবোৰ সেয়ে মিলে চাগে! আচলতে বাইদেউহঁত আহিছিল কোনোবা আত্মীয়ৰ বিয়া এখন খাবলৈ| তাকে মই গম পায় একপ্ৰকাৰ কথাত বান্ধি বাইদেউক লৈ আহিছিলোঁ আমাৰ ঘৰলৈ| বাইদেউক পায় বহুত দিনৰ মূৰত প্ৰাণখুলি হাঁহিছিলোঁ মই| নহ’লেতো দৈনন্দিৰ জীৱনৰ যিখন ৰুটিন তাত উশাহ ল’বলৈকো আহৰি নাথাকে!!
: জুমন আৰু মিতু, তোমালোক দুটাক কথা এটা কওঁ?
: কোৱা মা|
: তোমালোকে মোক ভালপোৱা?
: পাওঁ মা| কিয় নাপাম বাৰু! কিযে সোধা নহয়!
: নহয়, মই এনেই সোধা নাই| যদি সঁচাই মোক ভালপোৱা, মোৰ প্ৰতি যদি তোমালোকৰ সঁচাই অলপমানো শ্ৰদ্ধাবোধ আছে তেনে তোমালোকে আন যিয়েই নকৰা তোমালোকৰ পঢ়াৰ প্ৰতি অলপ চকু দিয়া| কাৰণ তোমালোকে যদি ভৱিষ্যতে একোটা ভাল জীৱন আহৰণ কৰিব খোজা তাৰবাবে এতিয়াই ভালকৈ পঢ়াতো জৰুৰী| আৰু তোমালোকে যদি জীৱন গঢ়িব নোৱাৰা তেনে মানুহে মোকেই হাঁহিব| হাঁহক বাৰু কোনো কথা নাই, কিন্তু তোমালোকক মানুহ কৰি তুলিব নোৱাৰিলে মোৰ নিজকেই হাৰি যোৱা যেন লাগিব| তোমালোকে জানাই মানুহে এনেও মোক বেয়া বুলি কয়!
: তোমাক বেয়া বুলি কোৱাৰ সুবিধা মানুহক আমি কেতিয়াও নিদিওঁ মা|--জুমনে ক’লে|
: মইতো ভালকৈ পঢোঁৱেই মা—মিতুৱে ক’লে|
: তোমালোকৰ হাততেই আছে মোৰ জীৱনৰ শেষ আস্থা—দুয়োটাকে টানি বুকুত সুমুৱাই ল’লোঁ| কিনো বুজি পায় ইহঁত দুটাই! তথাপি আজিকালি জুমনে বহুত কথাই বুজিব পৰা হৈছে| দিনে দিনে ওখ-ডাঙৰ হৈ আহিছে ল’ৰাটো| বয়ঃসন্ধিৰ কাল এইছোৱা তাৰ বাবে| এই সময়ত যদি তাক পৃথিৱীখনৰ বিষয়ে সঠিক আৰু সম্যক ধাৰণা এটা দিব নোৱাৰোঁ, অথবা সি শুদ্ধ পথ এৰি বিপথে পৰিচালিত হয় তেনে পাছলৈ মোৰ কৰিব পৰাৰ ভিতৰত আৰু একোৱে নাথাকিব| চিন্তা হয় তাক লৈ মোৰ| দেউতাকৰ এইবোৰক লৈ চিন্তা-ভাৱনা নাই যেনেই লাগে| ঘৰখন বুলিবলৈ লাগতিয়াল বজাৰখিনি কৰি দিয়েই তেওঁ তেওঁৰ দায়িত্ব সামৰে| বাকী য’ত যি লাগে সেইবোৰ কৰিবলৈ মইতো আছোৱেই! বিৰক্তি লাগে কেতিয়াবা|
মোবাইলটো বাজি উঠিল| নীৰা বাইদেউৰ ফোন| এই অসময়ত| নিশা প্ৰায় ন বাজেই দেখোন! ঘৰত অকলেই আছিলোঁ দেখি লগে লগে উঠালোঁ ফোনটো-
: বাইদেউ, সিদিনা ভালে ভালে পালেগৈনে? ভাগৰ পলাল জানো?
: উম্ ভালে ভালে পালোহি ’নী| ভাগৰনো কি| ঠিকে আছো দিয়া| ইহঁতবোৰ নাই নেকি? ঘৰখন ঠাণ্ডা হৈ থকা যেন লাগিছে?
: নাই বাইদেউ, জুমনৰ লগৰ ল’ৰাৰ জন্মদিন খাবলৈ গৈছে দুয়োটাই| আহিবৰ হৈছে আৰু| আপুনি অসময়ত ফোন কৰিলে যে! অলপ চিন্তাই হৈছিল মোৰ!
: এনেই আমাৰ ঘৰতো কোনো নাই দেখি তোমাৰ লগত কথা পাতিবলৈ মন গ’ল সেয়ে ফোন লগালোঁ| তুমিও অকলে আছা ভালেই হ’ল| কথাকে পাতো অলপ| সেইদিনা ভালকৈ একো পতাই নহ’ল|
: তাকে, ইমান খৰধৰ হ’ল! মোৰো অলপ বেয়া লাগিছিল| কওকচোন...
: কিনো কম নী! জানাই দেখোন মাইকী মানুহৰ জীৱন-বুৰঞ্জী| সেই একেইবোৰ কথাই| য’তে যি নকৰা লাগে মুক্ত হ’ব নোৱাৰা কেতিয়াও| ভৰিত এডাল অদৃশ্য শিকলি বান্ধ খাই থাকে অহৰহ্| তুমিতো মোতকৈ আৰু গভীৰভাৱে অনুভৱ কৰা কথাবোৰ| ব্যক্ত কৰিবও জানা! তুমি বাৰু কেনেকৈ ধৰিব পাৰা ’নী মানুহৰ মনৰ গতি? কেনেকৈ বজায় ৰাখিব মনৰ সন্তুলন ইমান সাৱলীলভাৱে? তোমাক কেতিয়াও অতৃপ্তি-অশান্তিয়ে নদহেনে?
: দহে বাইদেউ কিয় নদহিব! ময়ো জানো মানুহ নহয়?
: তথাপি তুমি কেনেকৈ নিজক সুদৃঢ় কৰি ৰাখা? যেতিয়াৰ পৰা তোমাক পাইছোঁ তোমাৰ দৃঢ়তা আৰু সততাই মুগ্ধ কৰি আহিছে মোক!
: কিজানি মোৰ সততাই মোক দৃঢ় কৰি ৰখাত সহায় কৰে বাইদেউ| কিন্তু কেৱল সেইয়াই সঁচা নহয়| তাৰ বাহিৰেও জীৱন বাটত অকপটে পোৱা কিঞ্চিত ভালপোৱা কিঞ্চিত সাহস আৰু মাজে-সময়ে পোৱা কাৰো কাৰোবাৰ আস্থাই মোক মই কৰি ৰাখিছে| এইবোৰেই মোৰ সম্পদ| মোৰ জীৱনৰ পাথেয়| আৰু ইহঁত দুটাক মানুহ কৰাৰ কৰ্তব্য নাই জানো?
: এৰা, মাক হৈ সন্তানক মানুহ কৰাটোৱেই মূল কথা| মোৰতো দুয়োটাই নিজে খুটি খাব পৰা হ’ল| নিজাকৈ সংসাৰো কৰিলে| তথাপি কিয় জানো ভাৱ হয় মোৰ জীৱনটো যেন অসম্পূৰ্ণ হৈ ৰ’ল! আৰু কিবা কৰিবলৈ থাকি গ’ল! কিবা পাবলৈ থাকি গ’ল! জীৱনটো যেন অথলে গ’ল! অথচ জীৱনৰ শেষ পৰ্য্যায়ত আহি উপনীত হৈছোঁ!
: এনেকৈ নক’ব বাইদেউ| আপুনি আপোনাৰ কৰ্তব্য ঠিকমতেই পালন কৰিছে| কৰবী আৰু নীলোত্পল আজি নিজৰ ভৰিত নিজে থিয় দিছে একমাত্ৰ আপোনাৰ অহোপুৰুষাৰ্থতেই| এতিয়াতো আপোনাৰ আজৰি সময়| গোটেই জীৱন বহুত কষ্ট কৰিলে আপুনি| এতিয়া অলপ জিৰাওক| নিজক সময় দিয়ক| ভাললগা কামবোৰ কৰক| ক’ৰবালৈ ফুৰিবলৈ যাওক| কিতাপ পঢ়ক|
: একোকেই কৰিবলৈ মন নাযায় ’নী আজিকালি| ভাগৰ লাগে শাৰীৰিক-মানসিক অৱসাদে বেঢ়ি ধৰিছে মোক| গোটেই জীৱন কিজানি সংগোপনে কঢ়িয়াইছোঁ এক নিঃসংগতাৰ ভাৰ| আজি তোমাক কোনেও নজনা কথা এটা কম| জানানে ’নী, কৰবীৰ ফাইনেল পৰীক্ষাৰ সময়ত তাইৰ ওচৰত থাকিবলৈকে তাইক সময় দিবলৈকে মই মোৰ এটা অপাৰেচন কৰাই লৈছিলোঁ স্ব-ইচ্ছাৰে| মোৰ ইউটেৰিয়াছটো উঠাই লৈছিলোঁ| নহ’লে তাইৰ কাষত থকা সময়কণো মই ভগাব লাগে মনোৰঞ্জনৰ কাৰণে| কি ক’ব খুজিছোঁ বুজিছা চাগে!
: বুজিছো বাইদেউ! কি কওঁ এতিয়া আপোনাক!
: জন্ম দিলোঁ বুলিয়েই মাকৰ সন্তানৰ প্ৰতি অসীম দায়িত্ব থাকে কিন্তু সন্তানবোৰৰ বাৰু মাকৰ প্ৰতি কোনো দায়িত্ব নাথাকে নেকি? সন্তানবোৰে জানো এবাৰ হ’লেও মাকৰ মাতৃত্বক স্বীকৃতি দিব নালাগে? তেওঁলোকে জানো ক’ব নালাগে মা তোমাৰ বাবেই মোৰ জীৱনটো ইমান সুন্দৰ হ’ল? মাত্ৰ এবাৰ! এইয়া মাকবোৰৰ প্ৰাপ্য নহয়!
: নিশ্চয় হয় বাইদেউ| যি সন্তানে মাকৰ মুখলৈ চায়েই মনৰ খবৰ অনুধাৱন কৰিব পাৰে তেনে সন্তানৰ মাতৃ হ’ব পৰাতকৈ সুখকৰ আন একো হ’ব নোৱাৰে চাগে! কিন্তু আমি মাকবোৰে সন্তানৰ পৰা একো দাবী কৰিব নোৱাৰোঁ, একো আশা কৰিব নোৱাৰোঁ| যুগ-যুগান্তৰৰ পৰা জন্ম-জন্মান্তৰৰ পৰা এই ধাৰণাই চলি আহিছে যে পিতৃ-মাতৃয়ে মাথোঁ সন্তানক দিব লাগে, মানুহ কৰি তুলিব লাগে| কাৰণ পিতৃ-মাতৃয়ে সন্তান জন্ম দিয়ে নিজ স্বাৰ্থৰ বাবেই| বুঢ়াকালত সাৰথি হ’ব বুলি! জন্ম দিলে বুলি বাৰু মাক-দেউতাকে সন্তানৰ প্ৰতি থকা কৰ্তব্যখিনি কৰিলে, সন্তানেও যদি জীৱন পালোঁ বুলি মাক-দেউতাকৰ প্ৰতি থকা কৰ্তব্য-দায়িত্বখিনি সঁচাকৈয়ে উপলব্ধি কৰিব পাৰে তেতিয়াহ’লে কোনো অসুখী নহ’ল হয়! কোনো বৃদ্ধাশ্ৰমৰ সৃষ্টি নহ’ল হয়| মৃত্যুৰ মুখামুখি হৈয়ো কোনো দুখত ভাঙি নপৰিল হয়| কিছুমান কথা ভাবিলে বৰ বেয়া লাগে বাইদেউ|
: এৰা ’নী| বৰ বিচিত্ৰ এই জীৱন| সময় থাকোঁতে ভাবি নাচালোঁ| এতিয়া ভাবোঁ আৰু বহুত কিবাই কৰিব পাৰিলো হয়| ভাৱাবেগ ৰুধিব পৰাহ’লে চাগে মনটোক সবল কৰিব পাৰিলোঁ হয়! এতিয়া সময় উকলি গ’ল|
: সময় কেতিয়াও অথলে নাযায় বাইদেউ| এতিয়াও আপোনাৰ মাজত সৃষ্টিশীলতা আছে| আপুনি মাথোঁ নিজক বিশ্লেষণ কৰক আৰু ভাৱবোৰক জুকিয়াই লওক| চাব সময় আপোনাৰ হাতৰ মুঠিত|
: তুমি বৰ ভাল ’নী| সদায় মোক উত্সাহ যোগোৱা| ইহঁত দুটাৰ আহিবৰ হোৱা নাই জানো| থওঁ দিয়া| বাহিৰত শব্দ শুনিছোঁ| এওঁ আহিল চাগে!
: ভাল বাৰু বাইদেউ| শুভৰাত্ৰি|
: অ’ই নয়নী বা’ শুনচোন, আজি মোৰ কবিতা এটা নিয়মীয়া বাৰ্তাত ওলাইছে জান’! ইমান ভাল লাগিছে মনটো!
: সঁচা! বৰ ভাল খবৰ| কোনটো পঠিয়াইছিলি পিছে?
: “জীৱনৰ পথ”টো| কিন্তু অলপ এডিট্ কৰিলে সেয়ে অলপ বেয়া লাগিছে!
: মই নাইপঢ়া সেইটো| এডিট কৰিলে নেকি? একো নহয় দে| এইবোৰ থাকেই আৰু| সম্পাদকে তেওঁৰ কেঁচি চলাবই| বিখ্যাত নোহোৱালৈকে তেওঁলোকে ইমানখিনি সুবিধা লয়েই| মন বেয়া নকৰিবি|
: নকৰোঁ| মোৰ ষ্টেটাচত দিছোঁ কবিতাটো| তই সময় পালে এবাৰ চাবি দেই|
: উম্ চাম দে| নাচালে তই সুদাই এৰিবি জানো?
: হেঃ হেঃ নেৰোতো! তই নাচালে কোনে চাব! অ’ই কালি ত্ৰিদীপক ব্লক কৰি দিলোঁ|
: উৱা কেলেই? কিয় কৰ এইবোৰ?
: মোক শিষ্টাচাৰ নজনা বুলি কৈছিল| কিবা কথাত লাগি আছিলোঁ| গতিকে ব্লক|
: কিহে যে পায় তোক!
: এই নতুনবোৰক মই চাই থাকোঁ মাজে মাজে বুজিছ’|
: ভাল কৰ| মোক কিমান চাইছিলি পিছে?
: তোক নাইচোৱা| খাৰাংখাচ-দিলখোলা মানুহ তই| বুজি পাওঁ বুজিছ’ ইমান কেঁচা বুলি নাভাবিবি মোক|
: বাৰু দে পকায়েই তই| ফোন থ’ এতিয়া কাম আছে মোৰ|
: ৰ’চোন| আজি তোৰ বন্ধ নাই জানো? মোৰ ক্লাচ নাই এতিয়া| দুটা ক্লাচ অফ্| আজি ৰাতিপুৱা ভালকৈ খাই নাহিলোঁ সেয়ে ভোক লাগিছে| ঘৰ গৈ পাওঁতে পাঁচটা বাজিব|
: চাহ-তাহ কিবা খা| নোখোৱাকৈ কিয় আহ? এনেই ভোক সহ্য কৰিব নোৱাৰ’ তাতে ইমান দেৰি হ’ব! এনেকৈ হ’লে বেমাৰত পৰিবি হ’লে কৈ দিছোঁ| মৰমীয়েতো তোক কোনোদিনে যোগাৰ নিদিয়াকৈ নাথাকে| অলপ সোনকালে শুই উঠিব নোৱাৰ’ কানিয়া?
: এলাহ লাগে অ’ উঠিবলে’| পুৱা শুৱাৰ আমেজ তই কি বুজিবি?
: মই নুবুজোঁ দে| ফোন থ’বিনে?
: কথা পাতচোন! মোৰ অকলে অকলে আমনি লাগিছে কাৰণেহে!
: কিন্তু এই দুটা স্কুলৰ পৰা আহি পাবৰ হৈছেতো| কিবা এটা ৰান্ধোগৈ অ’| সুদা ভাতকেইটাহে হৈছে|
: আচ্ছা সেইটো কথা| অ’কে দেন বাই|
খৰধৰকৈ হিচাপটো মিলাই মেডিকেল বিলখিনি এৰি দিলোঁ| ফাইলটোত ছাৰে হস্তাক্ষৰ কৰি দিলেই বিলখিনি তললৈ পঠিয়াই দিব পাৰিম| থাৰ্দ্ কোৱাৰ্টাৰৰ টকা নাহিল এইবাৰ| ফাণ্ড নাইহেনো| সেয়ে আগৰ বাকী ৰোৱা এক লাখ পোন্ধৰ হাজাৰ টকাৰ মাজতেই যিমানখিনি পাৰোঁ মিলাই মেলি বিল এৰি দিলোঁ| ছাৰেও কৈছিল চাই মেলি সকলোৱে এখন এখনকৈ পোৱাকৈ দিয়া| পূজাৰ আগত কিবা এটা পালেও কৰ্মচাৰীসকলে ভালপায়| হয়ো কথাতো| মেডিকেল বিলৰ টকা পালে সকলো সুখী হয়| কিন্তু এনেকৈ বিল মিলাব লগা হ’লে বৰ অসুবিধা হয়| পাছত বিল হেৰুৱাৰ ভয় থাকে| এখনকৈ খুব কমেইহে দিয়ে| প্ৰত্যেক মাহে প্ৰায় সকলোৱে দুখন-তিনিখনকৈ বিল জমা দিয়ে| আচলতে অপাৰেটিভ হেডৰ ফাণ্ড যিমান আহিলেও নোজোৰে| কাৰণ সমগ্ৰ ডিভিজনটোত অপাৰেটিভ হেডৰ মানুহেই বেছি| আমাৰ এদ্মিনিষ্ট্ৰেটিভ হেডৰ মানুহ কম হোৱা হেতুকে তুলনামূলকভাৱে ফাণ্ড সদায় বেছিয়েই হয়| এইবাৰো আমাৰ বিল আৰু দুমাহৰ এৰি দিব পাৰিলোঁ হয়| কিন্তু নিদিলোঁ| সিবাৰ এই লৈ বহুত খেলি মেলি হ’ল| আকৌ জানি-শুনি খেলিমেলি এটাৰ সৃষ্টি কৰিবলৈ মন নগ’ল| বিলৰ কাম শেষ হ’লত ভাগৰ লগা যেন লাগিল| এনেও আজি অলপ দিনৰ পৰা গাটো দুৰ্বল যেন লগা হৈছে| অলপতে ভাগৰি পৰোঁ| সেইদিনাতো ছাৰে সুধিয়েই দিলে-তোমাক দেখোন টোপনি নোহোৱা মানুহ যেন লাগিছে! কি হ’ল গা বেয়া নেকি? আদিত্য দায়ো কৈছে-তোৰ চকুৰ গুৰিবোৰ ক’লা পৰিছে| ৰাতি টোপনি নহয় নেকি তোৰ? শুবলৈ নাইপোৱা সঁচাকে’| দুমাহেই হ’ল দৈনন্দিন ৰুটিনখন কিছু সলনি হৈছে| এওঁ প্ৰমোচন লৈ থানালৈ অহাৰ পাছৰে পৰা মোৰো ৰুটিনখন সলনি হৈ গৈছে ইচ্ছা নথকাস্বত্তেও| শেৱালি ঘৰলৈ গৈ আৰু নহা হ’ল| মণিকাই ঘৰ সৰা বাচন ধোৱাৰ বাহিৰে আন একো কাম কৰিব নোৱাৰে| তাতে এওঁৰ মূৰত প্ৰমোচনৰ ভূতে ভালকৈয়ে বাহ লৈছে| ঘৰ সোমাওঁতে কেতিয়াবা নিশা এক বাজে কেতিয়াবা দুই বাজে| কেতিয়াবা নিশা নাহেই| কোনোবাদিনা আকৌ সোনকালে আহিলেও নিশা এক বজাত ওলায় যায়| লাভৰ মূৰত মোৰ চকুৰ টোপনি নোহোৱা হৈছে| এনেও মোৰ টোপনি তেনেই পাতল| অলপতে সাৰ পাওঁ| এতিয়া এওঁৰ লগত পৰি প্ৰায় শুবলৈ নোপোৱাৰ দৰেই হৈছে| পুৱা পাঁচবজাতেই মোৰ দিনটোৰ আৰম্ভ হয়| তাতে সন্মুখত ইহঁত দুয়োটাৰে পৰীক্ষা| অফিচৰ পৰা গৈ ভাগৰত চকু মেলিবৰ মন নাযায়| তথাপি চাহকাপ খায়েই আকৌ মিতুক পঢ়ুৱাবলৈ বহোঁ| জুমনকো চকু দিব লাগে| পঢ়া সামৰি ভাত-পানী ৰান্ধি খাই-বৈ আজৰি হওঁ মানে দহ বাজে| অভ্যাসবশতঃ এবাৰ ফেচবুক খুলি আপদেট্ চাওঁমানে মিতু টোপনি যায়| জুমনে পঢ়ি থাকে| তাক ৰখি থাকোঁতেই কেতিয়াবা দুই-এজনৰ লগত মত বিনিময় কৰোঁ| কোনোবাজনৰ ভাল লগা কবিতা-গল্প-ফটো লাইক কৰোঁ| মন গ’লে নিজৰ ভাৱ একোটাক শব্দৰ ৰূপ দি পেলাওঁ| এওঁ আহি কেনেবাকৈ ফেচবুকত বহি থকা দেখিলেই অশান্তি কৰে| পোনপতীয়াকৈ মোক একো নকয় কিন্তু জুমনৰ আগত কয় এই ফেচবুক বৰ বেয়া বস্তু জানা জুমন| প্ৰত্যেক দিনাই কিমান যে গোচৰ আহে আমাৰ ওচৰলৈ! চব বাজে কাৰবাৰ| এই কথাটোৱে বৰ বেয়া পাওঁ মই| কিয় তেওঁ স্পষ্ট নহয় কোনোদিনে? কিয় তেওঁ এনেকৈ আওপকীয়াকৈ কথা কয়? কিয় জুমনক টানে কথাৰ মাজলৈ? কাক কম! কোনে বুজিব! যিজন মানুহৰ সৈতে মোৰ জীৱন-মৰণৰ সম্পৰ্ক সেইজনেই যেতিয়া একো নুবুজে আন কোনোবাই বুজিব বুলি আশা কৰাটো মূৰ্খামি| বিৰক্তিয়ে হেঁচা মাৰি ধৰে|
: বাইদেউ, মোৰ বিল এখনো নাই! দিয়কনা এখন কিবাকে’ মিলাই!
: তুমি ফেব্ৰুৱাৰী মাহত বিল দিয়াই নাই সন্দীপ| মই ক’ৰপৰা মিলাই দিওঁ কোৱা?
: মাৰ্চৰ পৰা এখন উলিয়াই দিব নোৱাৰি নেকি? ফাণ্ড নাই জানো?
: ফাণ্ড আছে| কিন্তু একাউণ্টচ্ৰ মানুহবোৰ জানো মূৰ্খ? অকল তোমাৰ এখন মাৰ্চৰ বিল উলিয়াই দিলে বাকীবোৰে মোক নধৰিবনে? বিভূদাই জানো মোক সুদাই এৰিব? চ’ৰী ভাই|
: এ’ এইবাৰ মোৰ পূজাতো এনেই গ’ল| বাইদেৱে মোৰ মনটো দুখ লগাই দিলে! অ’ বাইদেউ দিয়কনা এখন!
সন্দীপে এনেয়ে কামুৰি থাকিল অলপ সময়| কিশোৰে চাহ দি গ’লহি| ঘড়ীটোলে চালো| চাৰি বাজিবলৈ দহ মিনিট আছে| তাৰমানে এতিয়াও প্ৰায় দুঘণ্টা আছে অফিচ ছুটী কৰিবলৈ| আৰু ফাইল চুবলৈ মন নাইযোৱা| এলাহ লাগিছে| কিন্তু নুচুলেতো নহ’ব! কাম আছে| দুটা ৰিপৰ্ট তৈয়াৰ কৰিবলৈ আছে| সেই দুটা ৰিপৰ্ট কাইলৈকে দিবই লাগিব| এই ইণ্টাৰনেটডাল হোৱাৰ পৰা সুবিধাতকৈ অসুবিধা হৈছে বেছি| লাগ বুলিলেই ৰিপৰ্ট এটা এতিয়াই লাগে| যেনিবা তাকেই দিবলৈ দিনৰ দিনটো বহি আছোঁ| সময়মতে দিয়া ৰিপৰ্টবোৰো যেতিয়া নোপোৱা বুলি মেচেজ আহে আৰু তাৰবাবেই ওপৰৱালাৰ কথা শুনো মূৰটো গৰম হৈ যায়| আগতেই ভাল আছিল| চিঠি একোখন ডাকত আহে| উত্তৰ-প্ৰত্যুত্তৰ কৰিবলৈ হাতত ঢেৰ সময় থাকে| এতিয়াহে আমাৰবোৰৰ মৰণ| খং উঠি যায় কেতিয়াবা| এনেও কামৰ অন্ত নাই ব্ৰাঞ্চটোত! তাত ভূতৰ ওপৰত দানৱ ওলোৱাদি ওলায়হি আৰ.টি.আই.ৰ কেচবোৰ!
অফিচৰ পৰা ওলাই বজাৰলৈ গ’লোঁ| বিলাহী একেকেজি, চফ্ অলপ, বেচন অলপ আৰু বিস্কুট বজাৰ কৰি চাৰি আলি পালোঁহি| অফিচৰ পৰা ওলাই বজাৰ কৰিবলৈ থাকিলে বৰ বেয়া পাওঁ| এনেও ৰাতি হ’লে আমাৰ ফালে ৰিক্সাৱালাবোৰ যাব নোখোজে| তাতে বজাৰ কৰিলে আৰু অলপ দেৰি হৈ যায় কাৰণে ৰিক্সা নোপোৱাৰ ভয় এটা লাগি থাকে| এওঁ থানালৈ অহাৰ পাছত ৰিক্সা বিচৰা এই এটা নতুন সমস্যাই লগ দিছে মোক| আকাশখন গোমা হৈ থকাৰ কাৰণেই নেকি জানো সময়তকৈ বহুত বেছি ৰাতি হোৱা যেন লাগিল| ৰিক্সা এখন পালোঁ যেনিবা| ঘৰ গৈ পাওঁতে ঘড়ীলৈ চাই দেখো সময় প্ৰায় সাত বাজেই আৰু| চাহ কেতিয়া খাম!
: মা, আমালৈ কিবা আনিছা?
: আনিছোঁ, কিন্তু আগতে মই মুখ-হাত ধুই লওঁ হ’বনে?
: হ’ব মা| মই টিভি চাই আছো দেই মা তেতিয়ালৈ|
: জুমন, ইমান দেৰিলৈ তুমিও টিভি চাই আছা? পঢ়িব লগা নাই নেকি? পৰীক্ষালৈ আৰু কেইদিন? মোক চাহ একাপ কৰি খুৱাবা নেকি তুমি? বৰ ভাগৰ লাগিছে!
: তুমি ভৰি-হাত ধুই আঁহা| মই চাহ কৰোঁ| কিবা এটা খায়েই মই কিতাপ লম মা|
চাহ খাই খায়েই মিতুক পঢ়ুৱাই আছোঁ| অলপ জিৰাবলৈ মন গৈছিল যদিও পাছত ভাত ৰান্ধিবলৈ পলম হ’ব বুলিয়েই তাইক কিতাপ উলিয়াবলৈ দিলোঁ| তায়ো কুৰ্কুৰে খাবলৈ পায় মনে মনে কিতাপ উলিয়াইছে| নহ’লে পেন্পেনাই থাকিলে হয়| কষ্ট হয় ইহঁত দুটাক দেখিলে| কিয়েইবা দিব পাৰিছোঁ! কিমানেইবা কৰিব পাৰিছোঁ ইহঁতৰ কাৰণে! মই চাকৰি কৰাৰ বাবেই ইহঁত দুটাৰ সময়বোৰো গতানুগতিকতাত হেৰাই গৈছে| লগ-সংগ নাই| ক’লৈকো ওলায় যাবলৈ নাপায়| আনন্দ-ধেমালিৰ লগ নাই, উত্স নাই| সিহঁতৰ শৈশৱ পাৰ হৈছে কাৰ্টুন আৰু কিতাপৰ মাজেৰে| গ্ৰাম্য জীৱনৰ মুক্ত আৰু নিৰ্মল শৈশৱ সিহঁতৰ বাবে সাধুকথা মাত্ৰ| চহৰীয়া জীৱনৰ বাধ্যবাধকতাই সিহঁতলৈ আনি দিয়া সীমাবন্ধতাই কেতিয়াবা মোকেই অজস্ৰ প্ৰশ্ন কৰে| উত্তৰ দিব নোৱাৰি অসহায়বোধ কৰোঁ| মোবালটো বাজি উঠিল| উঠি গৈ ধৰিলোঁ-
: নীৰা বাইদেউ!
: ’নী! আহি পালানে অফিচৰ পৰা?
: এই অলপ আগতে আহি পালোঁ বাইদেউ| চাহ খায়েই আছিলোঁ| কওক| আপুনি চাহ খালে? আপোনাৰ মাতটো ইমান বিষন্ন কিয়? কি হৈছে?
: চব শেষ হৈ গ’ল ’নী! চব শেষ হৈ গ’ল!
: কি হ’ল মোক খুলি কওকচোন!
: কৰবীৰ কথা কৈছিলোঁ তোমাক!
: অঁ কৈছিলতো! ভালে আছেনে তাই? এতিয়া কেইমাহ তাইৰ? প্ৰগ্ৰেছ ঠিকমতে হৈছেনে? অৱশ্যে তাই নিজেই ডাক্তৰ যেতিয়া আমি শিকাব লগা নাই| কিন্তু এই মাজৰ সময়ছোৱাৰ গেপটো বৰ দীঘলীয়া হোৱাটোহে চিন্তাৰ কাৰণ|
: একো নাই নহয় ’নী! তাই নষ্ট কৰি পেলালে| মোক সিদিনা ক’লে-মা মোৰ পেটত একো নাই নহয়| চফা কৰি পেলালোঁ তোমালোকে নাথাকোঁতেই| মই মাত্ৰ তোমাক ক’ব পৰা নাছিলোঁ|
: কিন্তু নীৰা বাইদেউ, এনে কি হ’ল যে তাই ইমান ডাঙৰ সিন্ধান্ত এটা লৈ পেলালে| আপুনি কোৱা নাছিল জানো বাৰ বছৰৰ বিৰতিৰ পাছত পুনৰ গৰ্ভৱতী হৈ তাই ভালেই পাইছে বুলি? আৰু আপোনাৰ জোঁৱাই? তেওঁ কি একো কোৱা নাই?
: কৈছিলো ’নী| আমিও বিচাৰিছিলোঁ তাইৰ দ্বিতীয় এটা সন্তান হওক| কিন্তু তাই সাহস কৰিব নোৱাৰিলে| জোঁৱায়ে তাইক বহুত মৰম কৰে, ভালো পায় কিন্তু সন্তান এটা জন্ম দিলে গৰ্ভধাৰণ কৰাৰ পৰা প্ৰসৱলৈকে সকলো দায়িত্ব তাই অকলেই ল’ব লাগিব| আৰু জন্ম দিয়াৰ পাছতো তাক তাই অকলেই চাব লাগিব| এতিয়াও ঘৰ-সংসাৰ বুলি ক’লে সকলো দায়িত্ব তাই অকলেই লয়| সময় থাকোঁতেই তাই দ্বিতীয় সন্তান এটা বিচাৰিছিল কিন্তু তাইক ল’বলৈ নিদিলে| এতিয়া মাত্ৰ বংশৰক্ষাৰ নামতেই তাই আৰু এটা অত্যধিক বোজা ব’ব পৰাৰ সাহস কৰিব নোৱাৰিলে ’নী| ভাবিছোঁ তাই যি কৰিলে ভালেই কৰিলে!
: !!!
বাহিৰত কলহৰ কাণে ঢলা বৰষুণ| মোৰ নিজৰ মাতটো মই নিজেই নুশুনা হ’লোঁ.......
: জুমন আৰু মিতু, তোমালোক দুটাক কথা এটা কওঁ?
: কোৱা মা|
: তোমালোকে মোক ভালপোৱা?
: পাওঁ মা| কিয় নাপাম বাৰু! কিযে সোধা নহয়!
: নহয়, মই এনেই সোধা নাই| যদি সঁচাই মোক ভালপোৱা, মোৰ প্ৰতি যদি তোমালোকৰ সঁচাই অলপমানো শ্ৰদ্ধাবোধ আছে তেনে তোমালোকে আন যিয়েই নকৰা তোমালোকৰ পঢ়াৰ প্ৰতি অলপ চকু দিয়া| কাৰণ তোমালোকে যদি ভৱিষ্যতে একোটা ভাল জীৱন আহৰণ কৰিব খোজা তাৰবাবে এতিয়াই ভালকৈ পঢ়াতো জৰুৰী| আৰু তোমালোকে যদি জীৱন গঢ়িব নোৱাৰা তেনে মানুহে মোকেই হাঁহিব| হাঁহক বাৰু কোনো কথা নাই, কিন্তু তোমালোকক মানুহ কৰি তুলিব নোৱাৰিলে মোৰ নিজকেই হাৰি যোৱা যেন লাগিব| তোমালোকে জানাই মানুহে এনেও মোক বেয়া বুলি কয়!
: তোমাক বেয়া বুলি কোৱাৰ সুবিধা মানুহক আমি কেতিয়াও নিদিওঁ মা|--জুমনে ক’লে|
: মইতো ভালকৈ পঢোঁৱেই মা—মিতুৱে ক’লে|
: তোমালোকৰ হাততেই আছে মোৰ জীৱনৰ শেষ আস্থা—দুয়োটাকে টানি বুকুত সুমুৱাই ল’লোঁ| কিনো বুজি পায় ইহঁত দুটাই! তথাপি আজিকালি জুমনে বহুত কথাই বুজিব পৰা হৈছে| দিনে দিনে ওখ-ডাঙৰ হৈ আহিছে ল’ৰাটো| বয়ঃসন্ধিৰ কাল এইছোৱা তাৰ বাবে| এই সময়ত যদি তাক পৃথিৱীখনৰ বিষয়ে সঠিক আৰু সম্যক ধাৰণা এটা দিব নোৱাৰোঁ, অথবা সি শুদ্ধ পথ এৰি বিপথে পৰিচালিত হয় তেনে পাছলৈ মোৰ কৰিব পৰাৰ ভিতৰত আৰু একোৱে নাথাকিব| চিন্তা হয় তাক লৈ মোৰ| দেউতাকৰ এইবোৰক লৈ চিন্তা-ভাৱনা নাই যেনেই লাগে| ঘৰখন বুলিবলৈ লাগতিয়াল বজাৰখিনি কৰি দিয়েই তেওঁ তেওঁৰ দায়িত্ব সামৰে| বাকী য’ত যি লাগে সেইবোৰ কৰিবলৈ মইতো আছোৱেই! বিৰক্তি লাগে কেতিয়াবা|
মোবাইলটো বাজি উঠিল| নীৰা বাইদেউৰ ফোন| এই অসময়ত| নিশা প্ৰায় ন বাজেই দেখোন! ঘৰত অকলেই আছিলোঁ দেখি লগে লগে উঠালোঁ ফোনটো-
: বাইদেউ, সিদিনা ভালে ভালে পালেগৈনে? ভাগৰ পলাল জানো?
: উম্ ভালে ভালে পালোহি ’নী| ভাগৰনো কি| ঠিকে আছো দিয়া| ইহঁতবোৰ নাই নেকি? ঘৰখন ঠাণ্ডা হৈ থকা যেন লাগিছে?
: নাই বাইদেউ, জুমনৰ লগৰ ল’ৰাৰ জন্মদিন খাবলৈ গৈছে দুয়োটাই| আহিবৰ হৈছে আৰু| আপুনি অসময়ত ফোন কৰিলে যে! অলপ চিন্তাই হৈছিল মোৰ!
: এনেই আমাৰ ঘৰতো কোনো নাই দেখি তোমাৰ লগত কথা পাতিবলৈ মন গ’ল সেয়ে ফোন লগালোঁ| তুমিও অকলে আছা ভালেই হ’ল| কথাকে পাতো অলপ| সেইদিনা ভালকৈ একো পতাই নহ’ল|
: তাকে, ইমান খৰধৰ হ’ল! মোৰো অলপ বেয়া লাগিছিল| কওকচোন...
: কিনো কম নী! জানাই দেখোন মাইকী মানুহৰ জীৱন-বুৰঞ্জী| সেই একেইবোৰ কথাই| য’তে যি নকৰা লাগে মুক্ত হ’ব নোৱাৰা কেতিয়াও| ভৰিত এডাল অদৃশ্য শিকলি বান্ধ খাই থাকে অহৰহ্| তুমিতো মোতকৈ আৰু গভীৰভাৱে অনুভৱ কৰা কথাবোৰ| ব্যক্ত কৰিবও জানা! তুমি বাৰু কেনেকৈ ধৰিব পাৰা ’নী মানুহৰ মনৰ গতি? কেনেকৈ বজায় ৰাখিব মনৰ সন্তুলন ইমান সাৱলীলভাৱে? তোমাক কেতিয়াও অতৃপ্তি-অশান্তিয়ে নদহেনে?
: দহে বাইদেউ কিয় নদহিব! ময়ো জানো মানুহ নহয়?
: তথাপি তুমি কেনেকৈ নিজক সুদৃঢ় কৰি ৰাখা? যেতিয়াৰ পৰা তোমাক পাইছোঁ তোমাৰ দৃঢ়তা আৰু সততাই মুগ্ধ কৰি আহিছে মোক!
: কিজানি মোৰ সততাই মোক দৃঢ় কৰি ৰখাত সহায় কৰে বাইদেউ| কিন্তু কেৱল সেইয়াই সঁচা নহয়| তাৰ বাহিৰেও জীৱন বাটত অকপটে পোৱা কিঞ্চিত ভালপোৱা কিঞ্চিত সাহস আৰু মাজে-সময়ে পোৱা কাৰো কাৰোবাৰ আস্থাই মোক মই কৰি ৰাখিছে| এইবোৰেই মোৰ সম্পদ| মোৰ জীৱনৰ পাথেয়| আৰু ইহঁত দুটাক মানুহ কৰাৰ কৰ্তব্য নাই জানো?
: এৰা, মাক হৈ সন্তানক মানুহ কৰাটোৱেই মূল কথা| মোৰতো দুয়োটাই নিজে খুটি খাব পৰা হ’ল| নিজাকৈ সংসাৰো কৰিলে| তথাপি কিয় জানো ভাৱ হয় মোৰ জীৱনটো যেন অসম্পূৰ্ণ হৈ ৰ’ল! আৰু কিবা কৰিবলৈ থাকি গ’ল! কিবা পাবলৈ থাকি গ’ল! জীৱনটো যেন অথলে গ’ল! অথচ জীৱনৰ শেষ পৰ্য্যায়ত আহি উপনীত হৈছোঁ!
: এনেকৈ নক’ব বাইদেউ| আপুনি আপোনাৰ কৰ্তব্য ঠিকমতেই পালন কৰিছে| কৰবী আৰু নীলোত্পল আজি নিজৰ ভৰিত নিজে থিয় দিছে একমাত্ৰ আপোনাৰ অহোপুৰুষাৰ্থতেই| এতিয়াতো আপোনাৰ আজৰি সময়| গোটেই জীৱন বহুত কষ্ট কৰিলে আপুনি| এতিয়া অলপ জিৰাওক| নিজক সময় দিয়ক| ভাললগা কামবোৰ কৰক| ক’ৰবালৈ ফুৰিবলৈ যাওক| কিতাপ পঢ়ক|
: একোকেই কৰিবলৈ মন নাযায় ’নী আজিকালি| ভাগৰ লাগে শাৰীৰিক-মানসিক অৱসাদে বেঢ়ি ধৰিছে মোক| গোটেই জীৱন কিজানি সংগোপনে কঢ়িয়াইছোঁ এক নিঃসংগতাৰ ভাৰ| আজি তোমাক কোনেও নজনা কথা এটা কম| জানানে ’নী, কৰবীৰ ফাইনেল পৰীক্ষাৰ সময়ত তাইৰ ওচৰত থাকিবলৈকে তাইক সময় দিবলৈকে মই মোৰ এটা অপাৰেচন কৰাই লৈছিলোঁ স্ব-ইচ্ছাৰে| মোৰ ইউটেৰিয়াছটো উঠাই লৈছিলোঁ| নহ’লে তাইৰ কাষত থকা সময়কণো মই ভগাব লাগে মনোৰঞ্জনৰ কাৰণে| কি ক’ব খুজিছোঁ বুজিছা চাগে!
: বুজিছো বাইদেউ! কি কওঁ এতিয়া আপোনাক!
: জন্ম দিলোঁ বুলিয়েই মাকৰ সন্তানৰ প্ৰতি অসীম দায়িত্ব থাকে কিন্তু সন্তানবোৰৰ বাৰু মাকৰ প্ৰতি কোনো দায়িত্ব নাথাকে নেকি? সন্তানবোৰে জানো এবাৰ হ’লেও মাকৰ মাতৃত্বক স্বীকৃতি দিব নালাগে? তেওঁলোকে জানো ক’ব নালাগে মা তোমাৰ বাবেই মোৰ জীৱনটো ইমান সুন্দৰ হ’ল? মাত্ৰ এবাৰ! এইয়া মাকবোৰৰ প্ৰাপ্য নহয়!
: নিশ্চয় হয় বাইদেউ| যি সন্তানে মাকৰ মুখলৈ চায়েই মনৰ খবৰ অনুধাৱন কৰিব পাৰে তেনে সন্তানৰ মাতৃ হ’ব পৰাতকৈ সুখকৰ আন একো হ’ব নোৱাৰে চাগে! কিন্তু আমি মাকবোৰে সন্তানৰ পৰা একো দাবী কৰিব নোৱাৰোঁ, একো আশা কৰিব নোৱাৰোঁ| যুগ-যুগান্তৰৰ পৰা জন্ম-জন্মান্তৰৰ পৰা এই ধাৰণাই চলি আহিছে যে পিতৃ-মাতৃয়ে মাথোঁ সন্তানক দিব লাগে, মানুহ কৰি তুলিব লাগে| কাৰণ পিতৃ-মাতৃয়ে সন্তান জন্ম দিয়ে নিজ স্বাৰ্থৰ বাবেই| বুঢ়াকালত সাৰথি হ’ব বুলি! জন্ম দিলে বুলি বাৰু মাক-দেউতাকে সন্তানৰ প্ৰতি থকা কৰ্তব্যখিনি কৰিলে, সন্তানেও যদি জীৱন পালোঁ বুলি মাক-দেউতাকৰ প্ৰতি থকা কৰ্তব্য-দায়িত্বখিনি সঁচাকৈয়ে উপলব্ধি কৰিব পাৰে তেতিয়াহ’লে কোনো অসুখী নহ’ল হয়! কোনো বৃদ্ধাশ্ৰমৰ সৃষ্টি নহ’ল হয়| মৃত্যুৰ মুখামুখি হৈয়ো কোনো দুখত ভাঙি নপৰিল হয়| কিছুমান কথা ভাবিলে বৰ বেয়া লাগে বাইদেউ|
: এৰা ’নী| বৰ বিচিত্ৰ এই জীৱন| সময় থাকোঁতে ভাবি নাচালোঁ| এতিয়া ভাবোঁ আৰু বহুত কিবাই কৰিব পাৰিলো হয়| ভাৱাবেগ ৰুধিব পৰাহ’লে চাগে মনটোক সবল কৰিব পাৰিলোঁ হয়! এতিয়া সময় উকলি গ’ল|
: সময় কেতিয়াও অথলে নাযায় বাইদেউ| এতিয়াও আপোনাৰ মাজত সৃষ্টিশীলতা আছে| আপুনি মাথোঁ নিজক বিশ্লেষণ কৰক আৰু ভাৱবোৰক জুকিয়াই লওক| চাব সময় আপোনাৰ হাতৰ মুঠিত|
: তুমি বৰ ভাল ’নী| সদায় মোক উত্সাহ যোগোৱা| ইহঁত দুটাৰ আহিবৰ হোৱা নাই জানো| থওঁ দিয়া| বাহিৰত শব্দ শুনিছোঁ| এওঁ আহিল চাগে!
: ভাল বাৰু বাইদেউ| শুভৰাত্ৰি|
***********==**************==**********
: অ’ই নয়নী বা’ শুনচোন, আজি মোৰ কবিতা এটা নিয়মীয়া বাৰ্তাত ওলাইছে জান’! ইমান ভাল লাগিছে মনটো!
: সঁচা! বৰ ভাল খবৰ| কোনটো পঠিয়াইছিলি পিছে?
: “জীৱনৰ পথ”টো| কিন্তু অলপ এডিট্ কৰিলে সেয়ে অলপ বেয়া লাগিছে!
: মই নাইপঢ়া সেইটো| এডিট কৰিলে নেকি? একো নহয় দে| এইবোৰ থাকেই আৰু| সম্পাদকে তেওঁৰ কেঁচি চলাবই| বিখ্যাত নোহোৱালৈকে তেওঁলোকে ইমানখিনি সুবিধা লয়েই| মন বেয়া নকৰিবি|
: নকৰোঁ| মোৰ ষ্টেটাচত দিছোঁ কবিতাটো| তই সময় পালে এবাৰ চাবি দেই|
: উম্ চাম দে| নাচালে তই সুদাই এৰিবি জানো?
: হেঃ হেঃ নেৰোতো! তই নাচালে কোনে চাব! অ’ই কালি ত্ৰিদীপক ব্লক কৰি দিলোঁ|
: উৱা কেলেই? কিয় কৰ এইবোৰ?
: মোক শিষ্টাচাৰ নজনা বুলি কৈছিল| কিবা কথাত লাগি আছিলোঁ| গতিকে ব্লক|
: কিহে যে পায় তোক!
: এই নতুনবোৰক মই চাই থাকোঁ মাজে মাজে বুজিছ’|
: ভাল কৰ| মোক কিমান চাইছিলি পিছে?
: তোক নাইচোৱা| খাৰাংখাচ-দিলখোলা মানুহ তই| বুজি পাওঁ বুজিছ’ ইমান কেঁচা বুলি নাভাবিবি মোক|
: বাৰু দে পকায়েই তই| ফোন থ’ এতিয়া কাম আছে মোৰ|
: ৰ’চোন| আজি তোৰ বন্ধ নাই জানো? মোৰ ক্লাচ নাই এতিয়া| দুটা ক্লাচ অফ্| আজি ৰাতিপুৱা ভালকৈ খাই নাহিলোঁ সেয়ে ভোক লাগিছে| ঘৰ গৈ পাওঁতে পাঁচটা বাজিব|
: চাহ-তাহ কিবা খা| নোখোৱাকৈ কিয় আহ? এনেই ভোক সহ্য কৰিব নোৱাৰ’ তাতে ইমান দেৰি হ’ব! এনেকৈ হ’লে বেমাৰত পৰিবি হ’লে কৈ দিছোঁ| মৰমীয়েতো তোক কোনোদিনে যোগাৰ নিদিয়াকৈ নাথাকে| অলপ সোনকালে শুই উঠিব নোৱাৰ’ কানিয়া?
: এলাহ লাগে অ’ উঠিবলে’| পুৱা শুৱাৰ আমেজ তই কি বুজিবি?
: মই নুবুজোঁ দে| ফোন থ’বিনে?
: কথা পাতচোন! মোৰ অকলে অকলে আমনি লাগিছে কাৰণেহে!
: কিন্তু এই দুটা স্কুলৰ পৰা আহি পাবৰ হৈছেতো| কিবা এটা ৰান্ধোগৈ অ’| সুদা ভাতকেইটাহে হৈছে|
: আচ্ছা সেইটো কথা| অ’কে দেন বাই|
************==************==************
খৰধৰকৈ হিচাপটো মিলাই মেডিকেল বিলখিনি এৰি দিলোঁ| ফাইলটোত ছাৰে হস্তাক্ষৰ কৰি দিলেই বিলখিনি তললৈ পঠিয়াই দিব পাৰিম| থাৰ্দ্ কোৱাৰ্টাৰৰ টকা নাহিল এইবাৰ| ফাণ্ড নাইহেনো| সেয়ে আগৰ বাকী ৰোৱা এক লাখ পোন্ধৰ হাজাৰ টকাৰ মাজতেই যিমানখিনি পাৰোঁ মিলাই মেলি বিল এৰি দিলোঁ| ছাৰেও কৈছিল চাই মেলি সকলোৱে এখন এখনকৈ পোৱাকৈ দিয়া| পূজাৰ আগত কিবা এটা পালেও কৰ্মচাৰীসকলে ভালপায়| হয়ো কথাতো| মেডিকেল বিলৰ টকা পালে সকলো সুখী হয়| কিন্তু এনেকৈ বিল মিলাব লগা হ’লে বৰ অসুবিধা হয়| পাছত বিল হেৰুৱাৰ ভয় থাকে| এখনকৈ খুব কমেইহে দিয়ে| প্ৰত্যেক মাহে প্ৰায় সকলোৱে দুখন-তিনিখনকৈ বিল জমা দিয়ে| আচলতে অপাৰেটিভ হেডৰ ফাণ্ড যিমান আহিলেও নোজোৰে| কাৰণ সমগ্ৰ ডিভিজনটোত অপাৰেটিভ হেডৰ মানুহেই বেছি| আমাৰ এদ্মিনিষ্ট্ৰেটিভ হেডৰ মানুহ কম হোৱা হেতুকে তুলনামূলকভাৱে ফাণ্ড সদায় বেছিয়েই হয়| এইবাৰো আমাৰ বিল আৰু দুমাহৰ এৰি দিব পাৰিলোঁ হয়| কিন্তু নিদিলোঁ| সিবাৰ এই লৈ বহুত খেলি মেলি হ’ল| আকৌ জানি-শুনি খেলিমেলি এটাৰ সৃষ্টি কৰিবলৈ মন নগ’ল| বিলৰ কাম শেষ হ’লত ভাগৰ লগা যেন লাগিল| এনেও আজি অলপ দিনৰ পৰা গাটো দুৰ্বল যেন লগা হৈছে| অলপতে ভাগৰি পৰোঁ| সেইদিনাতো ছাৰে সুধিয়েই দিলে-তোমাক দেখোন টোপনি নোহোৱা মানুহ যেন লাগিছে! কি হ’ল গা বেয়া নেকি? আদিত্য দায়ো কৈছে-তোৰ চকুৰ গুৰিবোৰ ক’লা পৰিছে| ৰাতি টোপনি নহয় নেকি তোৰ? শুবলৈ নাইপোৱা সঁচাকে’| দুমাহেই হ’ল দৈনন্দিন ৰুটিনখন কিছু সলনি হৈছে| এওঁ প্ৰমোচন লৈ থানালৈ অহাৰ পাছৰে পৰা মোৰো ৰুটিনখন সলনি হৈ গৈছে ইচ্ছা নথকাস্বত্তেও| শেৱালি ঘৰলৈ গৈ আৰু নহা হ’ল| মণিকাই ঘৰ সৰা বাচন ধোৱাৰ বাহিৰে আন একো কাম কৰিব নোৱাৰে| তাতে এওঁৰ মূৰত প্ৰমোচনৰ ভূতে ভালকৈয়ে বাহ লৈছে| ঘৰ সোমাওঁতে কেতিয়াবা নিশা এক বাজে কেতিয়াবা দুই বাজে| কেতিয়াবা নিশা নাহেই| কোনোবাদিনা আকৌ সোনকালে আহিলেও নিশা এক বজাত ওলায় যায়| লাভৰ মূৰত মোৰ চকুৰ টোপনি নোহোৱা হৈছে| এনেও মোৰ টোপনি তেনেই পাতল| অলপতে সাৰ পাওঁ| এতিয়া এওঁৰ লগত পৰি প্ৰায় শুবলৈ নোপোৱাৰ দৰেই হৈছে| পুৱা পাঁচবজাতেই মোৰ দিনটোৰ আৰম্ভ হয়| তাতে সন্মুখত ইহঁত দুয়োটাৰে পৰীক্ষা| অফিচৰ পৰা গৈ ভাগৰত চকু মেলিবৰ মন নাযায়| তথাপি চাহকাপ খায়েই আকৌ মিতুক পঢ়ুৱাবলৈ বহোঁ| জুমনকো চকু দিব লাগে| পঢ়া সামৰি ভাত-পানী ৰান্ধি খাই-বৈ আজৰি হওঁ মানে দহ বাজে| অভ্যাসবশতঃ এবাৰ ফেচবুক খুলি আপদেট্ চাওঁমানে মিতু টোপনি যায়| জুমনে পঢ়ি থাকে| তাক ৰখি থাকোঁতেই কেতিয়াবা দুই-এজনৰ লগত মত বিনিময় কৰোঁ| কোনোবাজনৰ ভাল লগা কবিতা-গল্প-ফটো লাইক কৰোঁ| মন গ’লে নিজৰ ভাৱ একোটাক শব্দৰ ৰূপ দি পেলাওঁ| এওঁ আহি কেনেবাকৈ ফেচবুকত বহি থকা দেখিলেই অশান্তি কৰে| পোনপতীয়াকৈ মোক একো নকয় কিন্তু জুমনৰ আগত কয় এই ফেচবুক বৰ বেয়া বস্তু জানা জুমন| প্ৰত্যেক দিনাই কিমান যে গোচৰ আহে আমাৰ ওচৰলৈ! চব বাজে কাৰবাৰ| এই কথাটোৱে বৰ বেয়া পাওঁ মই| কিয় তেওঁ স্পষ্ট নহয় কোনোদিনে? কিয় তেওঁ এনেকৈ আওপকীয়াকৈ কথা কয়? কিয় জুমনক টানে কথাৰ মাজলৈ? কাক কম! কোনে বুজিব! যিজন মানুহৰ সৈতে মোৰ জীৱন-মৰণৰ সম্পৰ্ক সেইজনেই যেতিয়া একো নুবুজে আন কোনোবাই বুজিব বুলি আশা কৰাটো মূৰ্খামি| বিৰক্তিয়ে হেঁচা মাৰি ধৰে|
: বাইদেউ, মোৰ বিল এখনো নাই! দিয়কনা এখন কিবাকে’ মিলাই!
: তুমি ফেব্ৰুৱাৰী মাহত বিল দিয়াই নাই সন্দীপ| মই ক’ৰপৰা মিলাই দিওঁ কোৱা?
: মাৰ্চৰ পৰা এখন উলিয়াই দিব নোৱাৰি নেকি? ফাণ্ড নাই জানো?
: ফাণ্ড আছে| কিন্তু একাউণ্টচ্ৰ মানুহবোৰ জানো মূৰ্খ? অকল তোমাৰ এখন মাৰ্চৰ বিল উলিয়াই দিলে বাকীবোৰে মোক নধৰিবনে? বিভূদাই জানো মোক সুদাই এৰিব? চ’ৰী ভাই|
: এ’ এইবাৰ মোৰ পূজাতো এনেই গ’ল| বাইদেৱে মোৰ মনটো দুখ লগাই দিলে! অ’ বাইদেউ দিয়কনা এখন!
সন্দীপে এনেয়ে কামুৰি থাকিল অলপ সময়| কিশোৰে চাহ দি গ’লহি| ঘড়ীটোলে চালো| চাৰি বাজিবলৈ দহ মিনিট আছে| তাৰমানে এতিয়াও প্ৰায় দুঘণ্টা আছে অফিচ ছুটী কৰিবলৈ| আৰু ফাইল চুবলৈ মন নাইযোৱা| এলাহ লাগিছে| কিন্তু নুচুলেতো নহ’ব! কাম আছে| দুটা ৰিপৰ্ট তৈয়াৰ কৰিবলৈ আছে| সেই দুটা ৰিপৰ্ট কাইলৈকে দিবই লাগিব| এই ইণ্টাৰনেটডাল হোৱাৰ পৰা সুবিধাতকৈ অসুবিধা হৈছে বেছি| লাগ বুলিলেই ৰিপৰ্ট এটা এতিয়াই লাগে| যেনিবা তাকেই দিবলৈ দিনৰ দিনটো বহি আছোঁ| সময়মতে দিয়া ৰিপৰ্টবোৰো যেতিয়া নোপোৱা বুলি মেচেজ আহে আৰু তাৰবাবেই ওপৰৱালাৰ কথা শুনো মূৰটো গৰম হৈ যায়| আগতেই ভাল আছিল| চিঠি একোখন ডাকত আহে| উত্তৰ-প্ৰত্যুত্তৰ কৰিবলৈ হাতত ঢেৰ সময় থাকে| এতিয়াহে আমাৰবোৰৰ মৰণ| খং উঠি যায় কেতিয়াবা| এনেও কামৰ অন্ত নাই ব্ৰাঞ্চটোত! তাত ভূতৰ ওপৰত দানৱ ওলোৱাদি ওলায়হি আৰ.টি.আই.ৰ কেচবোৰ!
অফিচৰ পৰা ওলাই বজাৰলৈ গ’লোঁ| বিলাহী একেকেজি, চফ্ অলপ, বেচন অলপ আৰু বিস্কুট বজাৰ কৰি চাৰি আলি পালোঁহি| অফিচৰ পৰা ওলাই বজাৰ কৰিবলৈ থাকিলে বৰ বেয়া পাওঁ| এনেও ৰাতি হ’লে আমাৰ ফালে ৰিক্সাৱালাবোৰ যাব নোখোজে| তাতে বজাৰ কৰিলে আৰু অলপ দেৰি হৈ যায় কাৰণে ৰিক্সা নোপোৱাৰ ভয় এটা লাগি থাকে| এওঁ থানালৈ অহাৰ পাছত ৰিক্সা বিচৰা এই এটা নতুন সমস্যাই লগ দিছে মোক| আকাশখন গোমা হৈ থকাৰ কাৰণেই নেকি জানো সময়তকৈ বহুত বেছি ৰাতি হোৱা যেন লাগিল| ৰিক্সা এখন পালোঁ যেনিবা| ঘৰ গৈ পাওঁতে ঘড়ীলৈ চাই দেখো সময় প্ৰায় সাত বাজেই আৰু| চাহ কেতিয়া খাম!
: মা, আমালৈ কিবা আনিছা?
: আনিছোঁ, কিন্তু আগতে মই মুখ-হাত ধুই লওঁ হ’বনে?
: হ’ব মা| মই টিভি চাই আছো দেই মা তেতিয়ালৈ|
: জুমন, ইমান দেৰিলৈ তুমিও টিভি চাই আছা? পঢ়িব লগা নাই নেকি? পৰীক্ষালৈ আৰু কেইদিন? মোক চাহ একাপ কৰি খুৱাবা নেকি তুমি? বৰ ভাগৰ লাগিছে!
: তুমি ভৰি-হাত ধুই আঁহা| মই চাহ কৰোঁ| কিবা এটা খায়েই মই কিতাপ লম মা|
চাহ খাই খায়েই মিতুক পঢ়ুৱাই আছোঁ| অলপ জিৰাবলৈ মন গৈছিল যদিও পাছত ভাত ৰান্ধিবলৈ পলম হ’ব বুলিয়েই তাইক কিতাপ উলিয়াবলৈ দিলোঁ| তায়ো কুৰ্কুৰে খাবলৈ পায় মনে মনে কিতাপ উলিয়াইছে| নহ’লে পেন্পেনাই থাকিলে হয়| কষ্ট হয় ইহঁত দুটাক দেখিলে| কিয়েইবা দিব পাৰিছোঁ! কিমানেইবা কৰিব পাৰিছোঁ ইহঁতৰ কাৰণে! মই চাকৰি কৰাৰ বাবেই ইহঁত দুটাৰ সময়বোৰো গতানুগতিকতাত হেৰাই গৈছে| লগ-সংগ নাই| ক’লৈকো ওলায় যাবলৈ নাপায়| আনন্দ-ধেমালিৰ লগ নাই, উত্স নাই| সিহঁতৰ শৈশৱ পাৰ হৈছে কাৰ্টুন আৰু কিতাপৰ মাজেৰে| গ্ৰাম্য জীৱনৰ মুক্ত আৰু নিৰ্মল শৈশৱ সিহঁতৰ বাবে সাধুকথা মাত্ৰ| চহৰীয়া জীৱনৰ বাধ্যবাধকতাই সিহঁতলৈ আনি দিয়া সীমাবন্ধতাই কেতিয়াবা মোকেই অজস্ৰ প্ৰশ্ন কৰে| উত্তৰ দিব নোৱাৰি অসহায়বোধ কৰোঁ| মোবালটো বাজি উঠিল| উঠি গৈ ধৰিলোঁ-
: নীৰা বাইদেউ!
: ’নী! আহি পালানে অফিচৰ পৰা?
: এই অলপ আগতে আহি পালোঁ বাইদেউ| চাহ খায়েই আছিলোঁ| কওক| আপুনি চাহ খালে? আপোনাৰ মাতটো ইমান বিষন্ন কিয়? কি হৈছে?
: চব শেষ হৈ গ’ল ’নী! চব শেষ হৈ গ’ল!
: কি হ’ল মোক খুলি কওকচোন!
: কৰবীৰ কথা কৈছিলোঁ তোমাক!
: অঁ কৈছিলতো! ভালে আছেনে তাই? এতিয়া কেইমাহ তাইৰ? প্ৰগ্ৰেছ ঠিকমতে হৈছেনে? অৱশ্যে তাই নিজেই ডাক্তৰ যেতিয়া আমি শিকাব লগা নাই| কিন্তু এই মাজৰ সময়ছোৱাৰ গেপটো বৰ দীঘলীয়া হোৱাটোহে চিন্তাৰ কাৰণ|
: একো নাই নহয় ’নী! তাই নষ্ট কৰি পেলালে| মোক সিদিনা ক’লে-মা মোৰ পেটত একো নাই নহয়| চফা কৰি পেলালোঁ তোমালোকে নাথাকোঁতেই| মই মাত্ৰ তোমাক ক’ব পৰা নাছিলোঁ|
: কিন্তু নীৰা বাইদেউ, এনে কি হ’ল যে তাই ইমান ডাঙৰ সিন্ধান্ত এটা লৈ পেলালে| আপুনি কোৱা নাছিল জানো বাৰ বছৰৰ বিৰতিৰ পাছত পুনৰ গৰ্ভৱতী হৈ তাই ভালেই পাইছে বুলি? আৰু আপোনাৰ জোঁৱাই? তেওঁ কি একো কোৱা নাই?
: কৈছিলো ’নী| আমিও বিচাৰিছিলোঁ তাইৰ দ্বিতীয় এটা সন্তান হওক| কিন্তু তাই সাহস কৰিব নোৱাৰিলে| জোঁৱায়ে তাইক বহুত মৰম কৰে, ভালো পায় কিন্তু সন্তান এটা জন্ম দিলে গৰ্ভধাৰণ কৰাৰ পৰা প্ৰসৱলৈকে সকলো দায়িত্ব তাই অকলেই ল’ব লাগিব| আৰু জন্ম দিয়াৰ পাছতো তাক তাই অকলেই চাব লাগিব| এতিয়াও ঘৰ-সংসাৰ বুলি ক’লে সকলো দায়িত্ব তাই অকলেই লয়| সময় থাকোঁতেই তাই দ্বিতীয় সন্তান এটা বিচাৰিছিল কিন্তু তাইক ল’বলৈ নিদিলে| এতিয়া মাত্ৰ বংশৰক্ষাৰ নামতেই তাই আৰু এটা অত্যধিক বোজা ব’ব পৰাৰ সাহস কৰিব নোৱাৰিলে ’নী| ভাবিছোঁ তাই যি কৰিলে ভালেই কৰিলে!
: !!!
বাহিৰত কলহৰ কাণে ঢলা বৰষুণ| মোৰ নিজৰ মাতটো মই নিজেই নুশুনা হ’লোঁ.......
ৰংবোৰ হেৰায় যোৱাৰ পৰত...
: তই কেতিয়াও সলনি নহ’বি নেকি? ঠেলা এটা মাৰি সুধিলে জিন্তিয়ে|
: আৰে কি সুখত মই সলনি হ’বলৈ যাম! এইবোৰ সলনি-চলনি হ’বলৈ নকবি মোক| তাতকৈ মৰি থাকিবলৈ ক’—মই চিৰাচৰিত ধৰণেৰেই উত্তৰ দিলোঁ|
মোক মাৰিবলৈ হাত এখন দাঙি ৰৈ গ’ল তাই| দুপৰীয়া টিফিন খাবলৈ নামি আহিছিলোঁ| কেণ্টিনৰ পৰা ওলায়েই তাইক দেখি ডাঙৰকৈ চিঞৰি দিছিলোঁ| দৌৰি গৈ সাবটি ধৰিলোঁ| বাটৰ মানুহে উভতি চাইছিল| মোক পাগলী বুলিয়েই ভাবিছিল চাগে! তাইৰ হাতত ধৰি অফিচৰ চৌহদৰ ভিতৰলৈ টানি আনিছিলোঁ—
: ক’লৈ আহিছিলি?
: ভাইটিৰ তালৈ| জান্তুলৈ কিবা এটা পঠাব লাগে|
: মানে অমৃত দাৰ তালৈ| কাৰ লগত আহিছ?
: অকলে আহিছোঁ|
: অকলে আহিব পাৰিলি?
: ভাইটিৰ তালৈ অকলে আহিব পাৰোঁ দে|
: তিনি বাজিল| যাগৈ তেনে| নহ’লে ঘৰ গৈ নাপাবিগৈ| ক’ৰবাত হেৰায় থাকিবি|
: বেছি নকবিচোন|
: ভালে আছ?
: আছোঁ আৰু! মোৰনো কি! তই ভালে আছ? আৰু ইহঁতকেইটা? বৰুৱা দা?
: আছে দে চবেই ভালে|
: ক’লৈ আহিছিলি?
: ভাইটিৰ তালৈ| জান্তুলৈ কিবা এটা পঠাব লাগে|
: মানে অমৃত দাৰ তালৈ| কাৰ লগত আহিছ?
: অকলে আহিছোঁ|
: অকলে আহিব পাৰিলি?
: ভাইটিৰ তালৈ অকলে আহিব পাৰোঁ দে|
: তিনি বাজিল| যাগৈ তেনে| নহ’লে ঘৰ গৈ নাপাবিগৈ| ক’ৰবাত হেৰায় থাকিবি|
: বেছি নকবিচোন|
: ভালে আছ?
: আছোঁ আৰু! মোৰনো কি! তই ভালে আছ? আৰু ইহঁতকেইটা? বৰুৱা দা?
: আছে দে চবেই ভালে|
ইটো সিটো কথা পাতি বিদায় দিছিলোঁ তাইক| কথা পাতি থাকোঁতে তাইৰ মুখখনলৈ, উকা কপালখনলৈ চাই আছিলো আলেঙে আলেঙে| চকুৰ তলত গভীৰভাবে ক’লা দাগ পৰিছে| ক্লান্তি আৰু বিষাদত শেঁতা পৰা তাইৰ মুখত উলমি আছে এটা অপ্ৰকাশিত দুখ| অকাল বৈধব্যই আনি দিয়া ভাগৰে জুৰুলা কৰিছে তাইক| বুকুখন মোচৰ খাই উঠিল কোনোবাখিনিত!
....এইজনী জিন্তি| মোৰ জীৱনৰ একমাত্ৰ বান্ধবী| মোৰ পাঁচবছৰীয়া কলেজীয়া জীৱনৰ প্ৰতিটো ঘটনাৰ সাক্ষী| সেই সময়ৰ মোৰ প্ৰতিটো সুখ-দুখ-মান-অভিমানৰ সমভাগী| কলেজত তাই আছিল ক’লা শাখাৰ আৰু মই আছিলো বাণিজ্য শাখাৰ| তথাপিও জানো কেনেকৈ আমি ল’গ হ’লো! ক্লাচ হোৱাৰ সময়ৰ বাহিৰে বাকী সময়চোৱা কলেজ আৰু বয়জ হোষ্টেলৰ মাজত থকা ফিল্ডখনৰ বননিত বহি আমি কথা পাতিছিলোঁ| আমাৰ মাজত আন কোনোবা সোমোৱাৰ সুবিধা নাছিল| আনকি পবিত্ৰৰো| মোৰ বেপৰোৱা আৰু উগ্ৰ স্বভাৱৰ বিপৰীতে শান্ত-শিষ্ট মৰমীয়াল আছিল জিন্তি| মিহি মিহি মাত কথাৰে সহজেই মানুহৰ মন জয় কৰিছিল| এসময়ত গান গাইছিল, কবিতা লিখিছিল, তাঁত বৈছিল, তাঁতত ফুল বাচিছিল, কাপোৰত ফুল তুলিছিল, ঊল গুঠিছিল, টিউচন কৰি ঘৰ চলাইছিল, স্কুলত পঢ়াইছিল, এখন ঘৰ চম্ভালিছিল, মোৰ লগত এন.চি.চি শিকিছিল, তেজপুৰলৈ এন.চি.চিৰ কেম্প কৰিবলৈ গৈছিল....| নীলিমা বাইদেউৰ বিয়াৰ পাছত বহুত কষ্টেৰে গোটেই ঘৰখন সামৰি ৰাখিছিল তাই| লিপিকা, মুনু আৰু বাব্লিৰ সকলো দায়িত্ব তাই পালন কৰিছিল| অসুখীয়া দেউতাকো পাৰ মানে সহায় কৰি দিছিল দোকানখন চলাবলৈ| কিন্তু বিয়াৰ পাছতেই অদ্ভুত ধৰণে সলনি হৈ গৈছিল তাই| ডুমডুমাৰ পৰা নিজৰ ওপজা ঘৰখনলৈ মানে কাকপথাৰলৈ অকলে’ যাব নোৱাৰা হৈছিল| প্ৰত্যেকটো কথাতে তপন দাৰ ওপৰত ভৰষা কৰিছিল| আনকি কেতিয়াবা সময়ৰ অভাৱত তপন দাই যদি শাক-পাচলি বজাৰ কৰি নিদিয়ে তাই ঘৰৰ সন্মুখেদি যোৱা পাচলি বেপাৰীটোৰ পৰাও শাক-পাচলি এটা কিনিব নোৱাৰিছিল| দাইলত আলু দি ভাত ৰান্ধিছিল| তপন দাই হাঁহি হাঁহি যেতিয়া তাইৰ কথাবোৰ আমাৰ আগত কৈছিল মোৰ তাইক ভুকু দুটামান লগাবৰ মন গৈছিল| আঁৰ চকুৰে দেখুৱাইছিলোও তাইক ভুকুটো| দেখি জিভা উলিয়াই সিঁয়াৰি দিছিল তাই| অনবৰতে তপন দাৰ ওপৰত ভৰষা কৰা তাইৰ এই ৰূপ দেখি তপন দাই দ্বিতীয় এটা সন্তানৰ কথা ভবা নাছিল| তাইক কৈছিল দ্বিতীয় সন্তানটো যদি ছোৱালী হয়? নাই নালাগে থাওক| জান্তুৱে হ’ব|
....কলেজত পঢ়ি থাকোঁতে য’লৈকে যাওঁ টানি লৈ ফুৰোঁ তাইক| তাইৰ লগতো যাওঁ| ক’ৰবালৈ যোৱাৰ আগতেই তাই মোক সকীয়াই দিয়ে আজি ক’তো জেং নকৰিবি| অনমনীয় মই| অন্যায়ভাবে কোনোবাই কিবা ক’লেই ফেপেৰি পাতি ধৰোঁ| এই লৈ তাইৰ বিৰাট আপত্তি| ৰাস্তাৰে পাৰ হৈ যাওঁতে কোনোবা ল’ৰাই কিবা কমেণ্ট দিলেই থমকি ৰৈ বা উভতি গৈ প্ৰত্যুত্তৰ দিয়াটো মোৰ স্বভাৱ আছিল| ভয় কৰে তাই| কেতিয়াবা বিপদত পৰিম বুলি| মোৰ ভয় চয় নাই| ওলোটাই তাইক দম দি কওঁ আৰে কথা হ’ল নেকি ল’ৰা হ’ল বুলি আমি সিহঁতৰ মনোৰঞ্জনৰ সামগ্ৰী নেকি? মোৰ এই স্বভাৱটোৰ কাৰণেই কলেজত কোনেও মোক ভালপাওঁ বুলি কৈ নাপালে| ক’বলই সাহস নকৰিলে! মাত্ৰ পৰীক্ষা হ’লত মোৰ লেবেলত কোনোবাই লিখি থোৱা পাওঁ I Love You বুলি| কিন্তু কোনে লিখিছে তাক বিচাৰি পোৱাৰ সাধ্য নাই| যিকেইটাৰ লগত মোৰ সম্পৰ্ক ভাল সেইকেইটাই পৰীক্ষাত পৰাপক্ষত মোৰ লগত কেতিয়াও নবহে| মোৰ লগত বহি নকল কৰিব নোৱাৰে| লাজ পায়| আৰু যদি মিটাৰ উঠি ছাৰ-বাইদেউক কৈ দিওঁ সেই ৰিস্ক কোনে ল’ব! ডিগ্ৰী ছেকেণ্ড ইয়েৰত গৈ পবিত্ৰক মই ভালপাওঁ বুলি কৈছিলোঁ| এজন দুজনকৈ লগৰবোৰে গম পাইছিল আমাৰ কথা| তথাপি বহুতৰে সন্দেহ আছিল মোক লৈ| মৃদুপৱন দাৰ দৰে চিনিয়ৰজনেও হেনো পবিত্ৰক কৈছিল –ছোৱালীজনী ভাল কিন্তু বৰ মুডী| এই অপবাদ মোৰ এতিয়াও আছে—মুডী|
....ফাইনেল পৰীক্ষা দিয়াৰ দুমাহমানৰ পাছতেই জিন্তিৰ বিয়া ঠিক হৈছিল তপন দাৰ লগত| খবৰ পাই মই গৈছিলোঁ কাকপথাৰলৈ| কৈছিলোঁ তাইক তপন দাক মই ভালকৈ নাজানো কিন্তি দীপ দাক ভালকৈ জানো| চিনি পাওঁ| মোতকৈ চিনিয়ৰ দীপ দা (ত্ৰিদিপ ডেকা)| বহুকেইখন নাটক কৰিছোঁ আমি একেলগে| কিমানদিন যে কলেজৰ পৰা বাহিৰে বাহিৰে গৈ দীপ দাৰ ভাগৰ ভাত খাইছোঁ তেওঁলোকৰ ঘৰত তাৰ হিচাপ নাই| মাক-দেউতাক আৰু চাৰিজন ককাই-ভাইৰে ভাল লাগে দীপ দাহঁতৰ ঘৰখন| সামাজিক প্ৰতিটো কাম-কাজতেই আগৰণূৱা ঘৰখন| ভাইটি দাকো আগতে পাইছোঁ বিহু ফাংচনত বিহু নাচোঁতে| ৰাজুৰ লগত অৱশ্যে পাছত চিনাকি হৈছিলোঁ| সকলো ফালৰ পৰা ঘৰখন ভাল| খালি তোৰ শাহুজনীহে বৰ চাৰ| একেবাৰে টি.ভি-চিনেমাত ওলোৱা চাৰ শাহুবোৰৰ দৰে| হ’ব দে একো নাই| একলগে চব বিচাৰিবলৈ গ’লে কেনেকৈ হ’ব! বুঢ়ীৰ এনেও হাই-প্ৰেচাৰ আছে বুজিছ| আৰু তোকনো কোনে বেয়া পাব যিহে মাতবোল নোহোৱা নিমাতী কন্যা মোৰ| ধাম-ধুমেৰে বিয়া হৈ গৈছিল ডুমডুমাৰ নিউ কলনিৰ তপন ডেকাৰ লগত| বিয়াৰ পাছত তাইক কৈছিলোঁ অলপ সময় লবি জিন্তি চিধাই গা-গধূৰ কৰি ন’লবি| কিন্তু তাই সাৱধান হোৱাৰ আগতেই বছৰটো নুঘূৰোঁতেই জান্তু আহিছিল তাইৰ কোলালৈ| জান্তু হোৱাৰ পাছতো মোলৈ খবৰ নিদিয়াৰ ঠেহ ধৰিছিলো মই| কাৰোবাৰ মুখত খবৰটো পাই তাইক আৰু সেই দেৱশিশুক চাবলৈ গৈছিলোঁ| জান্তুক চাই কোলাত লৈ তাইক এষাৰো নমতাকৈ মনে মনে চাহ খাইছিলোঁ| মাতি মাতি মাত নাপায় তাই গাত ধৰি জোকাৰি দিছিল মোক| এচাৰ মাৰি এৰুৱাই দিছিলোঁ তাইৰ হাতখন| দুখত কান্দিছিল তাই| কেঁৰাহীকৈ তাইলৈ চাই জান্তুক কৈছিলো-- বুজিছ সোণ আজি তোক চাবলৈহে আহিছিলোঁ মই| মাক হ’ল, তোৰ মাৰৰ এই কন্দা স্বভাৱটো আৰু নগ’ল| ধমকি লগাইছিলোঁ তাইক –কান্দি নেদেখুৱাবি তই মোক| আজি আহিলোঁ| আজিৰ পাছত আৰু নাহোঁ তোৰ খবৰ ল’বলৈ| তইতো পাহৰিয়ে থাকিলি মোৰ কথা! মই জীয়াই আছোঁনে নাই!
: এনেকৈ নকবিচোন|
কথা কটা-কটি কৰি সেইদিনা গুচি আহিছিলোঁ| তাৰপাছত সঁচাকৈয়ে তাইৰ খবৰ লবলৈ মই যোৱা নাছিলোঁ| আৰ তাৰ মুখত তাইৰ খবৰ পাই থাকোঁ| দুলিয়াজানত টাইপিং আৰু কম্পিউটাৰ হেণ্ডলিং শিকিবলৈ গ’লোঁ| চাকৰি পালোঁ| বিয়া হ’লোঁ| অনিচ্ছাকৃত ভাবেই ব্যস্ত হৈ গ’লো আন এক জীৱনত|
.....কাৰ্ এক্সিডেণ্টত নিহত হৈছিল তপন দা| সোতৰ দিন আদিত্যত থকাৰ পাছত প্ৰথম জানুৱাৰীৰ দিনাই শেষ নিশ্বাস পেলাইছিল তপন দাই| সেই খবৰটো পাইছিলোঁ মই তিনিদিনৰ পাছত অফিচত থাকোঁতে| জঠৰ হৈ গৈছিলোঁ খবৰটো পাই| আধাঘণ্টাৰ ভিতৰত এওঁলৈ ফোন কৰি ডুমডুমা পাইছিলোঁগৈ| মোক দেখি দীপ দাই চকুৰে মাতি নিছিল মোক জিন্তিৰ ওচৰলৈ| বগা সাজ পিন্ধি মাটিত পৰা পাটি এখনত বহি আছিল তাই| নীৰৱে গৈ বহিছিলোঁ তাইৰ কাষত| একেথৰে চাইছিলোঁ তাইক| কান্দিব পৰা নাছিলোঁ| এনেও চকুলো উলিয়াই কান্দিব নাজানিছিলোঁ মই| তাইয়ো কন্দা নাছিল মোক দেখি| বহুত সময় মোলৈ চাই থাকি লাহেকৈ কৈছিল মোক—মোৰ কপালখন ভালকৈ চাচোন| ক’ৰবাত লিখা আছিল নেকি মই বিধবা হম বুলি| বুকু ফাটি ওলাই আহিছিল মোৰ কান্দোন| দুয়োজনীয়ে ডিঙিত ধৰি কান্দিছিলোঁ ভাগৰি যোৱাকৈ| কান্দি কান্দিয়েই কৈ গৈছিল তাই কেনেকৈ তপন দাই নিজে চলাই অহা কাৰখনত বিপৰীত ফালৰ পৰা আহি থকা আন এখন গাড়ীয়ে খুন্দা মাৰি দিছিল| কোনে কেনেকৈ তিনিচুকীয়ালৈ নিছিল, তাৰপাছত কেনেকৈ আদিত্যেলৈ নিছিল, আদিত্যত ইমানদিন থকাৰ পাছত অলপ ভাললৈ আহিছিল তপন দা| এক জানুৱাৰীৰ দিনা এটা দুটা কথাও পাতিছিল| জান্তুৰ লগতে সকলোকে নতুন বছৰৰ শুভেচ্ছা যাচিছিল| কিন্তু নিশালৈ তপন দালৈ চুপ অকণ সিজাবলৈ যাওঁতেই আই.চি.ইউৰ পৰা ক’ল আহিছিল| উধাতু খাই দৌৰিছিল তাই আৰু দীপ দাই| গৈ নাপালেগৈ| তেতিয়ালৈ সকলো শেষ| তাইৰ শিৰৰ সেন্দুৰ চিৰকাললৈ মচি তপন গুচি গৈছিল কোনোবা অজান দেশলৈ|
.....জান্তু পঢ়াত ভাল| যোৱা বছৰ পৰীক্ষা অলপ বেয়া হৈছে যদিও এইবছৰ ৰিজাল্ট ভাল হ’ব তাক জানো মই| সি পঢ়া শেষ কৰি নিজৰ ভৰিত নিজে থিয় দিব পাৰিব তাত সন্দেহ নাই| ভাল ল’ৰা সি| তপন দাৰ বিয়োগে তাক আৰু ধীৰ-স্থিৰ কৰি তুলিছে| সি হয়তো তাৰ ভৱিষ্যতলৈ আগুৱাই যাব| কিন্তু জিন্তি! কি লৈ থাকিব তাই? একাকী জীৱন কি কটোৱা যায়? তাইকতু জানো মই| বুকু ভাঙি গ’লেও মুখ ফুটাই কাকো একো নকয় তাই| নমৰালৈকে তেনেকৈয়ে কটায় দিব তাই দিনবোৰ নীৰৱে-নিমাতে অকলশৰে| কিন্তু অকলশৰে জানো মানুহ জীয়াই থাকিব পাৰে? নিজকে আঁচুৰি চালো| মোৰ দেখোন সকলো আছে তথাপিও মোক একাকীত্বই কন্দুৱায়| কি নাম এই যন্ত্ৰণাৰ? তাইৰ মনটোত বাৰু কি আছে? তাইৰো বাৰু কাবোৰাক কাষত পাবলৈ মন নাযায় নে? হ’ব পাৰে তাইৰ আৰু মোৰ মনোজগত সুকীয়া| তথাপি জীয়াই থকাৰ তাড়নাতে মনটোৱে কাৰোবাক পাবলৈ হাবিয়াস নকৰেনে? তায়েই যদি জীয়াই আছে মই কিয় জীয়াই আছোঁ বুলি অনুভৱ নকৰোঁ? কি নাই মোৰ? এটা চাকৰি আছে| এখন সংসাৰ আছে| আৰু কি লাগে? এই প্ৰশ্নটোৰ উত্তৰ নাপাওঁ| নাপালেই বিক্ষিপ্ত হৈ উঠে মনটো| আচলতে মানুহে কাৰ কাৰণে জীয়া থাকে? নিজৰ কাৰণে জীয়াই থাকে নে আনৰ কাৰণে জীয়াই থাকে? বহুতে বহুত ধৰণে কয়| ময়ো কওঁ ইহঁত দুটা নথকাহ’লে কেতিয়াবাই মৰি থাকিলোঁ হয়| শুনাত কথাষাৰ সন্তোষজনক হ’লেও কথাষাৰ সঁচা নহয়| মানুহে সদায় নিজৰ বাবেই জীয়াই থাকে| সেয়ে জীয়াই থকাৰ দিনবোৰ ক্ষণবোৰ নিজৰ ইচ্ছানুসাৰে উপভোগ কৰিব খোজে| ময়ো মোৰ ভাললগা ধৰণে জীয়াই থাকিব খোজোঁ| খোৱা-পিন্ধাৰ সমস্যাটোৰ উপৰিও মনৰ খাদ্যৰ সন্ধান কৰোঁ| সকলো থাকিলেও বৌদ্ধিক বিকাশৰ ক্ষেত্ৰখনত অভাৱ আছে মোৰ| ক্ৰমশ: গতানুগতিকতাত ক্ষয় যোৱা দিনবোৰত নতুনত্বৰ অভাৱ আছে মোৰ| ক’লা ৰঙে গ্ৰাস কৰা মনটোত ৰামধেনুৰ পৰশৰ অভাৱ আছে মোৰ| হতাশাই ছানি ধৰা মৌন প্ৰহৰবোৰত অলপ কোলাহলৰ প্ৰয়োজন আছে মোৰ| অন্ধকাৰে আবৰি ধৰা জয়াল নিশাবোৰত নিৰ্মল জোনাকৰ প্ৰয়োজন আছে মোৰ| নিৰ্জনতাৰ হেঁচাত বোবা হোৱা হৃদয়খনত সংগীতৰ লহৰ তোলাৰ হাবিয়াস আছে মোৰ| অভিমানে প্ৰলয় নমাব খোজা অস্থিৰ সময়খিনিত অলপ পৰিবৰ্তনৰ প্ৰয়োজন আছে মোৰ| কেবল অভ্যাস বুলিয়েই জীয়াই থাকিব নোখোজোঁ| সঁচা অৰ্থত প্ৰাণৰ স্পন্দন শুনি কলিজাৰ কঁপনি ভেদি তেজৰ শিৰাই শিৰাই উপলব্ধি কৰিব খোজোঁ জীৱনৰ অনুভূতি| অকপট সুন্দৰ আৰু অৰ্থবহ মুহূৰ্তৰে সজাই তুলিব খোজোঁ বাকী থকা দিনবোৰ| কিন্তু নোৱাৰোঁ দেখোন| কোনোবাখিনিত মই বাৰু হাৰি গ’লো নেকি!!!
*********************************************************************************
## পৰিচয়##
…...আঁচলটো জাপি কান্ধৰ ওপৰত শেষ পিন্টো মাৰি নিজকে আইনাত চালে নীলাই| পেট, পিঠি, ডিঙিৰ শুভ্ৰতা চকুত লগাকৈ জিলিকি উঠিছে নীলা শাৰীখনৰ আঁৰত| হাতৰ ঠাৰিত দুডাল ব্লেক মেটেলৰ চুৰি| কাণত সৰু বগা পাথৰৰ টপ্ এযোৰ| চকুত ডাঠকৈ সনা কাজল| নীলা বিন্দি এটা লগাই ল’লে কপালত| চুলিখিনি সৰু ক্লিপ এডালেৰে পাছফালে সাঙুৰি থ’লে| ডিঙিত একো নাই পিন্ধা| উদং হৈ থকা ডিঙিটোৱে যেন তাইৰ ৰূপখিনিক আৰু তুলি ধৰিছে| ওঁঠযোৰলৈ চালে তাই| কিবা ভাবি পাতল ৰঙৰ লিপষ্টিকডাল বুলাই ল’লে ওঁঠযোৰৰ ওপৰেৰে| নিজকে চাই সুখী হ’ল নীলা| এতিয়া যদি বন্তিশিখা থাকিল হয় তাইক দেখি নিৰ্ঘাত ক’লে হয়-“আজি নীলাৰ বিষ পাণ কৰি কোন বা’ নীলকণ্ঠ হ’ব!!” ঘড়ীটোলৈ এবাৰ চালে| পাঁচ বাজি পোন্ধৰ মিনিট গ’ল| তাইক সময় দিয়া হৈছে আবেলি ছটা| সময়টো আচহুৱা| সাধাৰণতে যিকোনো বিশেষ অফাৰ থাকিলে সিহঁতে নিমন্ত্ৰণ পায় ৰাতি গভীৰ হ’লে| দিনৰ পোহৰত ভদ্ৰতাৰ সাজ পিন্ধা অভদ্ৰবোৰে নিশাৰ অন্ধকাৰত সহজেই নাঙঠ হ’ব পাৰে বাবেই চাগে! অ’ট লৈ গ’লে তাই বিছ মিনিটত পাই যাব| এতিয়াও তাইৰ হাতত উপৰঞ্চি ২৫ মিনিট সময় আছে| অলপ সোনকালেই সাজু হ’ল নেকি তাই? এনেয়ে মিউজিক চিষ্টেমটো অন্ কৰি দিলে তাই| গমগমাই ভাঁহি আহিল তপন দাসৰ কণ্ঠ.....
....ক’লৈ আহিলো!
এইয়া কি গাঁও নগৰ চহৰ
এইয়া কি অলীক স্তব্ধ প্ৰহৰ
ক’ত পেলালো মোৰ লংগৰ
এইয়া কি অচিন চিনাকী মোৰ বন্দৰ
ক’লৈ আহিলো!
এইয়া কি চহৰ....
....অন্যমনস্ক হৈয়ে লাগতিয়াল বস্তুকেইপদ বেগত ভৰালে নীলাই| পানী আধাগিলাচ খালে| আইনাখনত নিজকে আকৌ এবাৰ চালে| মিউজিক চিষ্টেমটো অফ্ কৰি ৰুমৰ লাইট নুমোৱাই দুৱাৰত তলা লগাই ওলাই আহিল নীলা| অ’ট এখন ল’লে| নিদিৰ্ষ্ট হোটেলখনৰ সন্মুখত নামিল তাই| নিৰ্বিকাৰ মুখেৰে গৈ ৰুম নম্বৰ ৩১০ৰ সন্মুখত ৰৈ কলিং বেলটো টিপিলে|
: কাম্ ইন্!
....দুৱাৰখন ঠেলি ভিতৰলৈ সোমাই গ’ল নীলা| দুৱাৰমুখতে এক মুহূৰ্ত থমকি ৰ’ল তাই| সচৰাচৰ চিনাকি ছবিৰ বিপৰীতে কোঠাটোত এটা অচিনাকি পৰিবেশ| কোঠাটোৰ এমূৰত কম পোহৰৰ বাল্ব এটা জ্বলি আছে যদিও সমগ্ৰ কোঠাটোৱে অদ্ভূত আলোকময় হৈ আছে| অত্যাধুনিক কোঠাটো| দামী চোফাযোৰৰ মাজত চেণ্টাৰ টেবুলখনত এথোপা সতেজ ৰঙা গোলাপ| বতাহত এটা মৃদু সুগন্ধ বিয়পি আছে| বোধকৰোঁ অলপ আগতে ৰুম ফ্ৰেছনাৰ চটিয়াই গৈছে| বাকী আৰু একো নাই কোঠাটোত| মিউজিক, ৰঙীন পানীয় জাতীয় দেহ-মন আলোড়িত কৰিব পৰা একোৰে যোগাৰ নাই দেখোন! কিবা এক খালি খালি ভাৱ! নীলাৰ কিবা ভুল হ’ল নেকি? বেগটো খুলি ঠিকনা চাব খোজোতেই-
: স্বাগতম! থিয় হৈ ৰ’ল যে! বহক| অলপ কাম আছে মোৰ| শেষ কৰি লওঁ| তাৰপাছত চা-চিনাকি হম| বেয়া নিশ্চয় নাপায়!
: নাই নাপাওঁ|
: গুদ্| কি খাব আপুনি চাহ কফি?
: সদ্যহতে পানী এগিলাচ|
: অ’কে, হাতত অফুৰন্ত সময় আছে আমাৰ| খাম বাৰু কি খাওঁ লাহে ধীৰে| আপুনি গান শুনক বুলি মিউজিক চিষ্টেমটো অন্ কৰি নীলাক পানী এগিলাচ দি আনটো কোঠালৈ গুচি গ’ল ভদ্ৰলোক(!)| পানীগিলাচ হাতত লৈ চোফা এখনত বহি পৰিল নীলা| মৃদুস্বৰত মিউজিক চিষ্টেমত বাজি উঠিল বিউতি শৰ্মা বৰুৱাৰ গান....
...বেচি দিন লগতে নাথাকোঁ
দেউতা মনত নিদিবি দুখঃ
এই ঘৰ এৰিবতো লাগিবই
মা মৰম কৰিবি মোক....
.......বুকুখনত খামোচ ধৰিলে নীলাই| আউল লাগি গৈছে সকলো| কি হৈছে এইবোৰ! ক’লৈ আহিছে তাই? কোন তাই? কি তাইৰ পৰিচয়? সেউজীয়া গাঁও এখনৰ ধূসৰ ছবি এখন মনলৈ আহিল নীলাৰ| এলাহ এটাই আগুৰি আনিলে নীলাক| চোফাখনতে মূৰটো পেলাই দিলে তাই| কিমান সময় শুলে তাই ক’ব নোৱাৰে| খক্মক্কৈ সাৰ পাই তাই চকু মেলিলে| দেখিলে এযোৰ নীলাভ চকুৱে একেথৰে তাইলৈকে চাই আছে| অপ্ৰস্তুত হৈ নীলাই চ’ৰী বুলি ক’লে| মিচিকিয়া হাঁহি এটাৰে তেওঁ সম্ভাষণ জনালে| বহাৰ পৰা উঠি বাথৰুমলৈ গ’ল নীলা| মুখখন ধুই আহিলগৈ| বাথৰুমৰ আইনাত চাই মুখখন মচি ল’লে ৰুমালেৰে| বিয়পি যোৱা কাজলখিনি টিচু পেপাৰখনেৰে মচি মিলাই ল’লে| লিপষ্টিকখিনিও মচি পেলালে| কোঠাটোলৈ উভতি আহি দেখে টেবুলত চাহৰ যোগাৰ মজুত হৈ আছে| ট্ৰেখনত এটা টিপট্, দুটা চাহৰ কাপ, দুখন চামোচ, চেনিৰ কিউব কেইটামান, প্লেট এখনত পকোৰাকেইটামান, আন এখনত চেন্দুইচৰ পিচ্কেইটামান|
: আহক| আপোনাৰ টেষ্ট কি মই নাজানো| সেয়ে মোৰ পছন্দৰ বস্তুকেই অৰ্ডাৰ দিলোঁ| আপুনি যদি অন্য কিবা ল’ব খোজে কওক|
: নাই নালাগে ধন্যবাদ| চাহ বা কফি একাপ পালেই মোৰ বাবে যথেষ্ট|
: হ’ব তেনে| আৰম্ভ কৰক| মই খাওঁ দেই| চাহ একাপৰ প্ৰয়োজনীয়তা খুব অনুভৱ কৰি আছিলোঁ তেতিয়াৰ পৰা কিন্তু আপোনাক এৰি খাবৰ মন নগ’ল!
: আচলতে মই বুজা নাই!
: মানে?
: আপুনি নিশ্চয় একেলগে বহি চাহ খাবলৈ মোক মতা নাই?
: অৱশ্যে চাহ খাবলৈ নাই মতা| কিন্তু যিটোৰ বাবে মাতিছো সেইটোৰ বাবে গোটেই নিশা সন্মুখত পৰি আছে| হ’ব লাহে লাহে| তাৰ আগতে অলপ চা-চিনাকি হৈ লওঁ নে কি কয়!
: গোটেই নিশা?
: অঁ মই তেনেকৈয়ে বন্দৱস্ত কৰিছিলোঁ| আপোনাক নাই কোৱা নেকি?
: নাইকোৱা| গোটেই নিশাৰ বন্দৱস্ত কোনেও নকৰে| অন্তঃত আজিলৈ কোনেও নাইকৰা বাবেই চাগে একো নক’লে|
: তেনেহ’লে? আপোনাৰ অসুবিধা হ’ব নেকি?
: কি অসুবিধা হ’ব! ৰেট্টো অলপ ইফাল-সিফাল হ’ব মাত্ৰ!
: টকাৰ বাবে চিন্তা নকৰিব| মোৰ টকা খাওঁতা নাই| যি বিচাৰে পূৰা পাব|
.....এক লহমাৰ বাবে দুকুৰা জুই জ্বলি উঠিল নীলাৰ দুচকুত| কিন্তু লগে লগে নিজক সামৰি পেলালে নীলাই| কি লাভ শৰীৰৰ বজাৰত আত্মাৰ ক্ৰন্দন কাণপাতি শুনাৰ! কি প্ৰয়োজন মনৰ বিজ্ঞাপন দিয়াৰ! মনটো জোকাৰি পেলালে তাই| সহজ হৈ পৰিল স্বাভাৱিক ভংগীমাৰে|
: কওক কিদৰে আপোনাক সুখী কৰিব পাৰোঁ!
: মই সুখী নহওঁ বুলিলে আপুনি মোক সুখী কৰিব নোৱাৰে|
: তেন্তে আপুনি মোক কিয় বিচাৰিছে? আৰু মোৰ পৰা বিচাৰিছেই বা’ কি?
: অলপ সান্নিধ্য, অলপ একাত্মতা| হয়তো তাৰপাছত আপোনাৰ দেহৰ ভূগোলত মই মোৰ ইস্পিত ঠিকনা বিচাৰি পাবও পাৰোঁ|
: শৰীৰে আকৌ সান্নিধ্য কেনেকৈ দিব? ই মাথোঁ উত্তাপ দিব জানে| উত্তেজনা শাম কটাব পাৰে|
: মনটোৱেতো পাৰে! আপোনাৰ লগত কটোৱা আজিৰ নিশাতো আপুনি স্ব-ইচ্ছাই বৈচিত্ৰময় কৰি তুলিব পাৰে মনটোৰে সহযোগ কৰি|
: আপুনি বোধকৰোঁ মাৰাত্মক ভুল কৰিছে! আমি দেহাহে বেচোঁ, মন নেবেচোঁ| মন বিচাৰিবলৈ হ’লে আপুনি ভদ্ৰ সমাজলৈ যাব লাগিছিল বা তেনে কোনো হৃদয় থকা প্ৰাণী বিচাৰিব লাগিছিল| দেহোপজীৱিনী বিচাৰি আহিল কিয়?
: ভদ্ৰসমাজৰ প্ৰাণীবোৰৰ শৰীৰহে আছে, মন নাই| মন বিচাৰিয়েই বহুতৰ শৰীৰ খেপিয়াই চালোঁ| কিন্তু নাপালোঁ| সকলোৱে একোখন কৃত্ৰিমতাৰ মুখা পিন্ধি ফুৰে| হৃদয়ত সামান্যতমো সততা নোহোৱাকৈয়ো ভালপাওঁ বুলি ক’ব পাৰে| দুটামান দামী উপহাৰ পালেই নিসংকোচে দেহৰ কাপোৰ খহাই নগ্ন হ’ব পাৰে| বিৰক্তি লাগিছে সাপৰ দৰে মোট সলোৱা দেখি দেখি! নিজস্বতা বুলিবলে’ একো নাই এইবোৰৰ! ভাবিলোঁ শৰীৰৰ মাজতো মন থাকিব পাৰে সেয়ে!!
: সেয়ে এইবাৰ দেহোপজীৱিনী বিচাৰি আহিল! যি টকাৰ বাবে প্ৰায় প্ৰতিদিনে নাঙঠ হ’ব লগাত পৰে!
: এইবোৰ কথাৰ কোনো আদি অন্ত নাই| গতিকে বাদ দিয়ক| অন্য কথা পাতক| আপোনাক বন্দৱস্ত কৰিছোঁ আজিৰ ৰাতিটোৰ বাবে| গতিকে আজিৰ ৰাতিটোত মই আপোনাৰ গ্ৰাহক| মোক আপ্যায়ন কৰাটোহে আপোনাৰ কৰ্তব্য| দায়িত্বও| আপোনাৰ শৰীৰ বা মন মই যি বিচাৰোঁ আপুনি মোক তাকেই দিব লাগিব| দেট্চ্ ইট্|
: চ’ৰী মিষ্টাৰ| এইবাৰ আপোনাৰ টকা অথলে গ’ল| মোৰ শৰীৰক লৈ আপুনি যি ইচ্ছা কৰিব পাৰে কিন্তু মোৰ মনক লৈ গৱেষণা কৰাৰ অধিকাৰ কাৰো নাই| গতিকে মই আহিলোঁ| ভয় নকৰিব| আপোনাৰ টকা পানীত নপৰে| মোৰ ঠাইত আপোনাক দেহে-মনে সন্তুষ্ট কৰিব পৰা আন এগৰাকীক পঠিয়াই দিম| আছে, আপুনি বিচৰাধৰণৰ সংগীও আছে| কিন্তু সেইগৰাকী মই নহয়| নমস্কাৰ|
......যাবলৈ উদ্যত হোৱা নীলাক হাতত ধৰি জোৰকৈয়ে বহুৱাই দিলে তেওঁ| অবৰুদ্ধ ক্ৰোধত ৰঙা পৰি গৈছে তেওঁৰ মুখমণ্ডল| ভিতৰি ভিতৰি তেওঁ যে অস্থিৰ হৈ উঠিছে বুজা যায়| তথাপি শান্ত হৈয়ে নীলাক ক’লে-
: আজিলৈ মোক উপেক্ষা কৰি যোৱাৰ সাহস কাৰো হোৱা নাই| আপুনিও নকৰাই ভাল| যায় যদি যাব একো নাই| কিন্তু অলপ সময় বহক প্লিজ| আৰু অনুগ্ৰহ কৰি মোক অৱমাননা নকৰিব| মোৰ সহ্য নহয়!
: মাফ কৰিব| ময়ো কোনোদিনে এনে পৰিস্থিতিত পৰা নাই| সেয়ে এনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পালোঁ| বহিছোঁ বাৰু অলপ সময়| কিন্তু আপোনাক মই বুজিবলৈ টান পাইছোঁ!
: কিয় টান পাইছে? আনসকলে এনে নকৰে নেকি?
: নকৰে| সকলোৱে দৰদাম কৰে ঘণ্টা হিচাবত আৰু শাৰীৰিক চাহিদা পূৰোৱাৰ হিচাবত| কিন্তু আপুনি ব্যতিক্ৰম| আপুনি লিখক নেকি? নে সাংবাদিক?
: মই “মই”| সাহিত্য অথবা সাংবাদিকতাৰ লগত মোৰ দূৰ-দূৰণিলৈকো কোনো সম্পৰ্ক নাই| মই জীৱনটো মোৰ ধৰণে জীয়াই থাকিব বিচাৰোঁ সিমানেই|
: আপোনাৰ ঘৰ-পৰিয়াল নাই?
: আপোনাৰ আছে?
: প্ৰশ্নৰ উত্তৰ প্ৰশ্ন নহয়| আৰু দেহোপজীৱিনীৰ কোনো ঘৰ-পৰিয়াল/পৰিচয় নাথাকে মিষ্টাৰ|
: অৰুনাভ মোৰ নাম|
: কি কৰে আপুনি? ঘৰ ক’ত?
: অদৰকাৰী প্ৰশ্ন| আপোনাৰ বিষয়ে কওকচোন এনেয়ে|
: মোৰ বিষয়ে? কি কম মোৰ বিষয়ে? একো নাই ক’বলৈ| আজিলৈ কোনেও সোধা নাই| সেয়ে পাহৰি গৈছোঁ সকলো| জীয়াই থকাৰ তাড়ণাত দেহা বেচোঁ| নিশাৰ অন্ধকাৰত নগ্ন হওঁ| বিনিময়ত অৰ্থ পাওঁ| প্ৰয়োজনবোৰ পূৰ হয়| সিমানেই....
: একো নাই পাহৰা আপুনি| একুৰা জুই আছে আপোনাৰ মাজত দেখিছিলোঁ তেতিয়া মই| অতীতৰ কথা ক’ব নালাগে| বৰ্তমানৰ কথাকে কওক| যেনে ভাল লগা, বেয়া লগা, প্ৰিয় ৰং, প্ৰিয় সময়, প্ৰিয় ঋতু ইত্যাদি| পাতোঁ বুলিলে বহুত কথাই আছে| কিন্তু আপোনাৰ নাম কি? যিয়েই নহওক আপোনাক নীলা বুলি মাতোঁ নে? নীল পৰী হৈ আহিছে আপুনি!
: মোৰ নাম নীলাই!
: অহ্ সঁচা! এইবাৰ তেনে আমি চিনাকি হৈ পৰিলোঁ| এটা কথা সোধো?
: সোধক|
: টকাৰ বাবেই আপুনি পণ্য হৈ আহিছে মোৰ ওচৰলৈ| তত্স্বত্তেও কিয় মোক প্ৰত্যাখ্যান কৰিলে? কিহৰ জোৰত আপুনি হেলাৰঙে ভৰিৰে ঠেলি দিব পাৰিলে মোৰ প্ৰস্তাৱ? আপুনি জানেনে এই দুনীয়াত টকাৰে কিনিব নোৱাৰা একো নাই?
: টকা মোৰ প্ৰয়োজনহে শেষ অৱলম্বন নহয়| দেহা বেচোঁ জীয়াই থাকিবলৈ বুলি কিন্তু মনৰ সৈতে হেতালি খেলিব নোখোজোঁ| মনৰ সৈতে কোনো আপোচ নহয়| মনটো “মন” হৈ আছে বাবেই জীয়াই থাকিবৰ মন গৈছে| টকাৰে সকলো কিনিব নোৱাৰে মি....
: অৰুনাভ!
: চ’ৰী|
: ইট্চ্ অ’কে| কিন্তু এইয়া কিদৰে সম্ভৱ! এটা সত্ত্বাৰ মাজত দুটা প্ৰতিকৃতিৰ বসবাস কিদৰে সম্ভৱ! দুবিধাত পৰি গৈছোঁ মই| আজিলৈ মোৰ যি ইচ্ছা তাকে কৰিছোঁ মই টকাৰ জোৰত| আপোনাৰ কিবা ইচ্ছা আছে যদি কওক তাকো পূৰাই দিম| বিনিময়ত আপুনি একো দিব নালাগে বাৰু মোক|
: মোক মোৰ শৈশৱ উভতাই দিব পাৰিব?
: পাৰ হৈ যোৱা সময় উভতাই অনাৰ ক্ষমতা মোৰ নাই| কিন্তু আপোনাৰ বৰ্তমানটোক সলোৱাৰ ক্ষমতা বোধকৰোঁ আছে| কি লাগিব কওক| কি পালে আপুনি সুখী হ’ব?
: সুখী? নাজানো সুখ-দুখৰ সংজ্ঞাও পাহৰি গৈছোঁ| যদি দিব পাৰে এখন তৰাভৰা মুকলি আকাশ দিয়ক|
: হুম্! তাক দিব পাৰিম চাগে! কিন্তু তাৰপাছত!
: তাৰপাছত এই জীৱনৰ পৰা মুক্তি!!
: মুক্তি!! কি আছে তোমাৰ মাজত? কিয় মই তোমাৰ লগত এনেকৈ অনৰ্থক সময় পাৰ কৰিছোঁ? গুচি যোৱা তুমি এতিয়াই ইয়াৰ পৰা-একপ্ৰকাৰ চিয়ঁৰি উঠিল অৰুনাভ| নীলাই চাই থাকিল একেথৰে দেহাৰ মাজত মন বিচৰা মানুহজনলৈ| বিক্ষিপ্ত হৈ উঠিল মনটো| বিগত বছৰবোৰত কোনোদিনে হেঁপাহ এটা হেপিয়াই চাবলৈকো হাঁহাকাৰ নকৰা নীলাই উশাহ এটা বিচাৰি বিয়াকুল হৈ উঠিল|
: আপুনি ইমান অস্থিৰ হৈছে কিয়? মোৰ মাজত কি বিচাৰিছে আপুনি? অলপ শান্ত হওকচোন!
: নাজানো নীলা কিয় মই এনেকৈ অস্থিৰ হৈ পৰিছোঁ| তুমি মোৰ সমস্ত ধ্যান ধাৰণা ওলট-পালট কৰি দিছা| খেলিমেলি লাগি গৈছে সকলো| ভদ্ৰ সমাজত বাস কৰা কাৰো মুখতেই মই আকাশৰ কথা শুনা নাই| আকাশৰ হেঁপাহত মুক্তিৰ প্ৰয়াস কৰা দেখা নাই| সকলোকে মাথোন দেখিছোঁ প্ৰাপ্তি-প্ৰতিষ্ঠা-প্ৰলোভনৰ পাছত দৌৰা| স্বাৰ্থপৰতাৰ আঁৰত নুন্যতম মানৱতাকণকো জলাঞ্জলি দিয়াই দেখি আহিছোঁ| কিন্তু তুমি!!
: ক’ত এৰি আহিল আপোনাৰ সততা যাৰ বাবে আপুনি আপোনাৰ জীৱনৰ দৰ্শন সলাই পেলালে?
: তুমি দৰ্শনৰ ছাত্ৰী আছিলা?
: আছিলোঁ এদিন| মোৰ কথা কম পাছত কম| আপোনাৰ কথা কওক আগতে|
: মোৰ কথা? কি কম নীলা? কিজানি খুব দুখীয়া আছিলোঁ| টকাৰ কাৰণেই মাই তিনিটাকৈ নিষ্পাপ শিশুক এৰি বিনাদ্বিধাই আন এজনৰ লগত গুচি গ’ল| দেউতাই সেই অপমান সহিব নোৱাৰি আত্মঘাতী হ’ল| আপোন মানুহবোৰে লেই-লেই-চেই-চেই কৰিলে| কোনোবা এগৰাকীয়ে দয়া পৰবশ হৈ মোক চহৰৰ মানুহ এঘৰত থকাৰ সুবিধা কৰি দিলে| খোৱা-পিন্ধাৰ সুবিধা পালোঁ| ভাগ্যৰ বলত পঢ়াৰ সুবিধাকণো পালোঁ| কিন্তু বিনিময়ত হেৰুৱালোঁ মোৰ সোণালী শৈশৱ| ডাঙৰ দীঘল হ’লো আবদ্ধ জগত এখনত| মুক্ত প্ৰকৃতিৰ লগত কোনো যোগসূত্ৰই নাছিল| কৈশোৰতে নিশাৰ পৃথিৱীৰ সৈতে চিনাকি হ’লোঁ| মোৰ মালিকনীয়ে মোৰ বাবে মেলি দিলে নিষিদ্ধ জগত এখন| মালিকে শিকাই দিলে টকাৰ জোৰ কিমান| এদিন শুনিবলৈ পালোঁ অবৈধ গৰ্ভৰ গৰাকীহীনতাৰ লাজত বাইদেৱে চিপজৰী ল’লে| ভনীজনী ক’লৈ গ’ল ক’ব নোৱাৰোঁ| বৰ্তমান মই আৰু মোৰ পৃথিৱী| হাতৰ মুঠিত টকা আৰু টকা| তাৰে মই যি ইচ্ছা তাকে কৰোঁ| টকাৰে মই পছন্দৰ যিকোনো নাৰীক মোৰ অংকশায়িনী হ’বলৈ বাধ্য কৰোঁ| উপভোগ কৰোঁ যৌৱনপুষ্ট দেহা| বিলাস কৰোঁ| তৃপ্তি লওঁ| বচ সিমানেই|
: আৰু আছে! কৈ যাওক...
: আছে| কিয় জানিব খুজিছা.....কোনেও সোধা নাই আজিলৈ!
: মোকো কোনেও আকাশ উপহাৰ দিম বুলি কোৱা নাছিল!
: প্ৰেমত পৰিছিলোঁ এদিন| প্ৰেমে মোৰ সন্মুখত মেলি দিছিল বিশ্বাস আৰু মমতাৰ অন্য এখন দুৱাৰ| সুখত উটি-ভাঁহি ফুৰিছিলোঁ| হেঁপাহৰ ঘৰ এখন সজাৰ কল্পনা কৰি থাকোঁতেই নিৰ্মমভাৱে তাচ্পাতৰ দৰে সৰি পৰিছিল মোৰ প্ৰেমৰ সৌধ| সেইয়া প্ৰেম নাছিল| মোক ব্যৱহাৰ কৰা হৈছিল মোৰ মোটা অংকৰ বেংক বেলেঞ্চৰ বাবে| নিঃশেষ হৈ গৈছিল মানুহৰ প্ৰতি থকা শেষ আস্থাকণো| তাৰপাছৰ পৰা মই হৃদয় বিচৰাৰ ভুল কৰা নাই মাত্ৰ শৰীৰ বিচাৰিছোঁ| দেশে-বিদেশে মোৰ অপূৰণ বাসনা পূৰাইছোঁ| কামনা চৰিতাৰ্থ কৰিছোঁ অনেক কুমাৰীৰ কৌমাৰ্য হৰণ কৰি| কোনেও আপত্তি কৰা নাই| অভিযোগ কৰা নাই| যেনেকৈ ইচ্ছা তেনেকৈয়ে পাইছোঁ সকলো| তুমি ব্যতিক্ৰম! কিয় জানো তোমাৰ আগত নিজক মুকলি কৰি দিলোঁ এনেকৈ!
: অনুতাপ কৰিছে? নে অনুশোচনা হৈছে? দুদিন পাছত পাহৰি যাব সকলো| এনেও সময় গতিশীল| গতিশীলতাত জাহ গৈয়ে মানুহো এদিন হেৰাই যায় জীৱন পথত| ময়ো হেৰাই যাম|
: নীলা, এৰাতিৰ সলনি তুমি যদি মোক দীৰ্ঘদিনৰ বাবে সময় দিলা হয়!
: তেতিয়া বিৰক্ত হ’ব আপুনি|
: তোমাক মোৰ ভাল লাগিছে| অন্তঃত তোমাৰ অকৃত্ৰিম ব্যৱহাৰ, কথা-বতৰা মোৰ ভাল লাগিছে| যাবা মোৰ লগত?
: ক’লৈ যাম? নিশাৰ সংগীক দিনৰ পোহৰত সহযাত্ৰী কৰা সাহস কাৰো নাই| পৰিচয়েই বা দিব কি বুলি?
: মোক সাহসৰ কথা নক’বা| ভুলে-শুদ্ধই মই কৰা যিকোনো কামক স্বীকাৰ কৰিব পৰাৰ সাহসকণ মোৰ আছে| আৰু তোমাৰ পৰিচয়? কাক দিবলৈ যাম? দিমেই বা কিয়? তুমি মোৰ কাষে কাষে খোজ দিবা সেইয়াই সত্য| মই পুৰুষ তুমি প্ৰকৃতি এইয়াই আমাৰ পৰিচয় হ’ব| আৰু কি লাগে?
: কিন্তু ইমান সহজ জানো কথাবোৰ? আপুনি মোৰ বিষয়ে জানেই বা কি?
: জানিবও নোখোজোঁ একো| নিশাৰ সংগী হয়তো বহুত পাইছা| এইবাৰ দিনৰ সংগীৰ সৈতে সময় কটাই চোৱাচোন কিজানি আকাশখনো তোমাৰ চকুলৈ নামি আহে আৰু মই নীলাক সাৱটি লওঁ!!!
• অৱশিষ্টঃ উৰাজাহাজৰ খিড়িকীৰে নীলাই আকাশলৈ চাইছে| নীলাৰ মাজে মাজে শুকুলা ডাৱৰৰ ধেমালি| আৰু নীলাৰ দুহাতত বন্দী অৰুনাভৰ দুহাত....নীলাই গুণগুণাইছে....
.....দুচকুত কাজল বুলাই লৈ
কবৰীত কৰবী সজাই লৈ
দুহাতত জেতুকা লৈ
পদূলি মুখত ৰৈ
বাট চাই আছোঁ তোমালৈ.....
*********************************************************************************
প্ৰতিধ্বনি...
কোৰখন থৈ বননিতে
ভৰিকেইটা মেলি বহি দিলে নগেনে| ভাগৰ লাগিল তাৰ| অসুখৰ পৰা উঠাৰ পাছত দেহাটো এতিয়াও
টনকিয়াল হৈ উঠাগৈ নাই| জেউতীয়েতো তাক আহিবই দিয়া নাছিল| সিহে একপ্ৰকাৰ জোৰকৰিয়েই
ওলায় আহিল মনটো ডাঠ কৰি| অসুখত পৰি থকাৰ পৰাই তাৰ মনটো ঠিৰে নথকা হৈছে| কিবা কিবি
ভাববোৰে তাক আমনি কৰি থকা হৈছে| জেউতীৰ শান্ত মুখখনলৈ চালে বুকুখন মোচৰ খাই উঠে
তাৰ| তাইৰ গভীৰ নীলা চকুদুটালৈ সি মনে মনে চায়| তাই তাক একো নকলেও তাইৰ দুচকুত সি
এখন নেদেখা নদীৰ উমান পায়| এইকেইদিন বিচনাত পৰি পৰি তাইৰ কামবন আলেঙে আলেঙে লক্ষ্য
কৰি থাকোঁতে সি গম পাইছে ক’ব নোৱাৰাকৈয়ে তাইৰ মুখৰপৰা হুমুনিয়াহ একোটা সৰি পৰে|
তাইৰ হুমুনিয়াহকেইটাই তাক বেজীয়ে বিন্ধা দি বিন্ধিছে| নিজকে অকৰ্মন্য যেন লগা হৈছে
তাৰ| শক্তিহীন যেন লগা হৈছে| ভাবি ভাবি একো এটা উপায় নাপায় কোৰখন লৈ ওলায় আহিল সি|
তাক দেখিয়ে সৰুধন দাইটিয়ে সুধিলে সি কাম বিচাৰি ওলাইছে নেকি বুলি| সি অঁ বুলি
কোৱাত দাইটিয়ে তেওঁৰ পাছচোতালত মাটি দুগাড়ীমান পেলাব লাগে বুলি ক’লে| তাকো ন’কৈ
খন্দোৱা পুখুৰীটোৰ পৰা মাটি আনি| সি ঠেলাৰে আনি দিম কোৱাত সৰুধন দাইটিয়ে হ’ব বুলি
শলাগি তাক কামত লাগিবলৈ কৈ কামলৈ গ’ল| বেছি দূৰত নহয় পুখুৰী খন্দা মাটিখিনি|
কিন্তু চাৰি ঠেলা অনাৰ পাছতেই তাৰ বৰ ভাগৰ লাগিল| চাহপানী এটোপা খাবলৈ মন গ’ল তাৰ|
ঘৰৰ পৰাই আহেগৈ নেকি এবাৰ! নাই নাযায় সি ঘৰলৈ| একেবাৰে কাম শেষ কৰিহে ঘৰলৈ যাব|
নহ’লে জেউতীৰ বিষাদমলিন মুখখনে তাক আকৌ আমনি কৰিব| আকাশলৈ মূৰ দাঙি চালে সি| ফৰকাল
আকাশ| অ’ত ত’ত দুই এটুকুৰা শুকুলা মেঘ আকাশত উপঙি ফুৰিছে| বিহুলৈ বেছি দিন নাই
আৰু| বৰষুণৰ পানী পাই গছবোৰত নতুনকৈ কুঁহিপাত মেলিছে| কুলিজনীয়েও বিনাবলৈ লৈছে|
চৌদিশে যেন এটা আনন্দৰ লহৰ বৈ গৈছে| কিন্তু নগেনৰ মনটোতহে আনন্দ লগা নাই|
অপূৰ্ণতাৰ ভাবটোৱে তাকো আমনি কৰিবলৈ লৈছে| নতুনকৈ জগা গৰু পোৱালিটোৱে মাকৰ পাছে
পাছে দৌৰি ফুৰা দেখি তাৰ উঁঠেৰে হাঁহি এটা সৰকি গ’ল| নোদোকা পোৱালিটো| ৰঙা বগা
পখৰা| দমৰা| কাৰ বা গাইজনী? এনেয়ে গৰু পোৱালিটোক চাই থাকোঁতেই তাৰ মনটো ক’ৰবাত
হেৰাই থাকিল.....
গছতলত বিহু
মাৰিবলৈ অহা নাচনীবোৰৰ ভিতৰত আটাইতকৈ চকুত লগা আছিল জেউতী| তাইক পাবলৈ কত ডেকাই যে
হামৰাও কাঢ়ি মৰে| তাই কিন্তু বৰ একা চেকা| কাকো প্ৰশ্ৰয় নিদিয়ে| কোনোবাই কিবা
ক’লেও খাৰাংখাচ উত্তৰ দি দিয়ে| সেই ভয়তে নগেনৰ সাহস নহয় তাইক তাৰ মনৰ কথা ক’বলৈ|
হ’লেও সদায় সি তাইক লৈ ঘৰপতাৰ সপোন দেখে| তাইক দেখিলেই তাৰ মনটো তোলপাৰ লাগে|
তাইলৈ থকা অবুজ মৰমবোৰে তাক বেঢ়ি ধৰে| বিহুৰ সাতদিন সিহঁত ডেকাসোপাই গছতলৰ ওচৰৰ
ঢাপত গোট খায়হি| ছোৱালীৰ ঢাপত ডেকাল’ৰা উঠিব নোৱাৰে| নাপায়| গতিকে সিহঁতে দূৰৰপৰাই
মুখ চুপতি মাৰে| জোৰা নাম গায়| নামৰ মাজেৰেই কটাকটি চলে| ডেকামখাই কিৰিলী পাৰে|
কোনোবাজনী ৰচকী নাচনীয়ে কোনোবাটো ডেকালৈ চাই চকু টিপ মাৰে| হিয়া দিয়া নিয়া হয়|
বিহুৰ ঢাপৰ পৰাই কোনোবাই কাৰোবাক পলুৱাই নিয়ে| গাঁৱত এইবোৰ সাধাৰণ কথা| ডেকা
গাভৰুৰ মন মিলাটো অতীজৰে পৰা চলি আহিছে| সেইদিনা বিহু উৰুৱাৰ দিন আছিল| লগৰ
দুটামানে নগেনক কথাৰে এনেকুৱাকৈ বান্ধিলে যে সেইদিনাই যদি নগেনে তাইক তাৰ মনৰ কথা
ক’ব নোৱাৰে সিহঁতে তাক কাপুৰুষ নাম দিব| গাত লাগিল নগেনৰ কথাষাৰ| জেদত লাগিয়েই সি
গোটেই দিনটো তাইক মনৰ কথাষাৰ কবলৈ চল চাই থাকিল| চাকি-বন্তি জ্বলাই গছত গামোচাখন
বান্ধি বিহু সামৰি ছোৱালীবোৰ ঘৰাঘৰি হওঁতেই সি জেউতীক তিনিআলিটোতে আগভেটি ধৰিলে|
: বিহু শেষ হ’ল|
তোৰ গাত এতিয়াহে বিহু লাগিল নেকি| চাওঁ বাট এৰ|
: এৰিম তাৰ আগতে
তোক মোৰ কথা এটা ক’বলৈ আছে|
: কি কৱ বেগেতে
ক’| সন্ধিয়া লাগি আহিছে দেখা নাই নেকি?
: দেখিছো সেয়ে
পাতনি নেমেলো| পোনপতীয়াকৈয়ে সোধোঁ তোক উত্তৰটো দিবি| তোক মোৰ কৰি নিব খুজিছোঁ যাবি
নে?
: এইষাৰ
সুধিবলৈকে সদায় মোলৈ জুমি জুমি চাৱ?
: তই কেনেকৈ গম
পালি মই তোলৈ চাওঁ বুলি?
: আমি ছোৱালীবোৰে
চব গম পাওঁ| তহঁতৰ কথাকাণ্ড আমাৰ নখ দৰ্পণত|
: উত্তৰটো
দিবিনে?
: নিয় যদি আজিয়ে
নে? ঘৰত মোৰ বিয়াৰ কথা ওলাইছে|
: আজিয়ে? তই
সঁচাই কৈছ নে?
: মিছা ক’বলে
কিদাল আছে!!!
: তেনে তয়ো মোক
????
: সুধিয়ে থাকিবি
নে সিদ্ধান্তটো ল’বি?
সেই ৰাতিয়ে নগেনে
জেউতীক নি ঘৰ সুমুৱাইছিলগৈ| কাৰো আপত্তি কৰিবলগীয়া নাছিল তাত| জেউতী চকুতলগা আৰু
কামে-বনে পাকৈত ছোৱালী| নগেনৰ মাক-দেউতাকে হাঁহি হাঁহি আদৰি ল’লে| জেউতীৰ ঘৰখনত অলপ
থেৰো-গেৰো কৰিছিল যদিও পাছত ৰাইজ মাতি ভোজ-ভাত খুৱাই তেওঁলোকেও নগেনক আদৰি ল’লে|
আচলতে নগেনো সবল-সুঠাম দেখনিয়াৰ ডেকা, কাম কৰি খাব পাৰে, স্বভাৱে-চৰিত্ৰইয়ো ভাল;
কিন্তু চাকৰি বাকৰি এটা নথকাৰ বাবেহে তেওঁলোকৰ আপত্তি আছিল| নহ’লে গাঁওখনত নগেনৰ
বয়সৰ ডেকাৰ মাজত সিয়ো পেলাই দিব পৰা ল’ৰা নহয়| ৰাইজৰ আশীৰ্বাদ লৈ যুগ্ম জীৱনৰ
পাতনি মেলিলে নগেন-জেউতীয়ে| দিনবোৰ ভালেৰেই গৈ আছিল| সপোন ৰচিবলৈ আৰম্ভ কৰিছিল
সিহঁত দুয়ো লগ হৈ| কিন্ত! ইয়াকে কয় মানুহে পাঙে, ঈশ্বৰে ভাঙে| শেহতীয়া প্ৰয়ংকাৰী
বানে আন বহুতৰে লগতে নগেনহঁতৰ নৈ পৰীয়া মাটিত বালি পেলাই থৈ গ’ল| আটাইতকৈ ভাল ধান
হোৱা মাটিখিনিত এতিয়া একোৱে নহয়| বছৰটোৰ ছমাহৰ ধান সেইখিনি মাটিৰ পৰাই ওলাইছিল|
চলিবলৈ টান হোৱা হ’ল পৰিয়ালটো| পাছৰ বছৰত দুদিনৰ জ্বৰতে দেউতাক ঢুকাই থাকিল|
তাৰপাছৰ পৰাই মাকজনী জোপোকা লাগি থকা হ’ল| মাজে আবোল তাবোল বকে কেতিয়াবা| ভনীয়েকে
ঘৰখনৰ অভাৱৰ স’তে মোকাবিলা কৰিব নোৱাৰি মনে মিলা ৰজতলৈ গুচি গ’ল| সি বেয়া পোৱা
নাছিল| ৰজতৰ চাকৰি আছে| ঘৰখনো ভাল| বিয়াৰ পাছত ভনীয়েকো ৰজতৰ লগত চহৰতে থকা হ’ল| চাৰিবছৰ
পাৰ হৈ যোৱাৰ পাছতো জেউতীৰ কোলা শুৱনি নকৰা কথাটোৱে মানুহৰ মনবোৰ কৌতুহলী কৰি
তুলিলে| তাতে মাইকী মানুহৰ লাগ-বান্ধ নোহোৱা প্ৰশ্নবোৰ শুনি শুনি জেউতীৰ মনটো
কিবাখন কৰে| অপূৰ্ণতাৰ বিষাদে তাইক ছানি ধৰে| মাইকী হৈ সন্তান জন্ম দিব নোৱাৰাটো
যেন এটা অভিশাপ! সমাজৰ কি পৰম্পৰা এইয়া? কিয় কথাই কথাই মাইকী মানুহক জগৰীয়া কৰে
অনাহকতে? দুই একে নগেনক আকৌ বিয়া পাতিব লাগে বুলি কোৱাও শুনিছে তাই| যেন তাইৰ
গাতেই খুঁত আছে| অন্ধকাৰত ৰৈ তলপেটৰ ওপৰেৰে হাতখন দি খেপিয়াই চায় তাই| চেপা
কান্দোন এটা উজাই আহে বুকুফালি| কিন্তু কি কৰিব পাৰে তাই! বুজিও বুজিব নোখোজে তাই
আচলতে কেৰোণটো ক’ত| মাকে এদিন আওপকীয়াকৈ তাইক কৈছিল এবাৰ ডাক্তৰৰ লগত পৰামৰ্শ
কৰিবলৈ| কাৰ গাত দোষ আছে তাক নজনাকৈ এনেয়ে মন বেয়া কৰি লাভ নাই| কিন্তু তাই দোষ
বিচাৰিব কাৰ গাত? তাইৰ বা নগেন যাৰেই গাত দোষ নাথাকক কিয় তাকতো স্বীকাৰ কৰি লবই
লাগিব| সিহঁত দুটা জানো পৃথক! ৰাইজৰ আশীৰ্বাদ মূৰত তুলি লোৱাৰ দিনাই জানো সিহঁত এক
হ’ল বুলি অংগীকাৰ কৰা নাছিল? এতিয়া মাত্ৰ সন্তানৰ খাতিৰতে ইটোৱে সিটোৰ সীমাবদ্ধতাক
লৈ আঙুলি টোঁৱাব জানো? সেইয়া উচিত হ’ব জানো? আৰু নগেনেতো আজিলৈকে তাইক সন্তান
নোহোৱাৰ বাবে একো কোৱা নাই| আনকি তাৰ মৰমৰো হীন-ডেঢ়ি ঘটা নাই| মানুহবোৰেহে তাইলৈ
আঙুলি টোঁৱাই তাইৰ মন মগজুক ভাৰাক্ৰান্ত কৰি তুলিছে| তেন্তে কি কৰিব তাই? কি কৰা
ভাল হ’ব? কথাবোৰ ভাবি ভাবি আউল লাগি যায় জেউতীৰ| এফালে খোৱা-পিন্ধাৰ অভাৱ, আনফালে
সন্তানহীনতাৰ অভাৱে জুৰুলা কৰে জেউতীক| কিন্তু এই কথাবোৰ তাই নগেনক ক’ব নোৱাৰে| আন
কাকোৱে ক’ব নোৱাৰে| সিদিনা নগেনৰ অসুখৰ খবৰ ল’বলৈ আহি ভনীয়েক তগৰে আকৌ তাইৰ
ঘাঁডোখৰ খুচৰি থৈ গ’ল| তাইৰ এবছৰীয়া ল’ৰাটোক লৈ জেউতীয়ে মৰমত মৰি যাওঁতে তগৰে লোকৰ
ল’ৰা কিমান খেলাবা আৰু বৌ নিজেও এটা আনা বুলি ধেমালি কৰি ক’লেও কথাষাৰে কলিজা
বিন্ধি গৈছিল জেউতীৰ| দুখত ক’লা পৰি যোৱা মুখখন দেখি নগেনৰ বুকুতো জোৱাৰ উঠিছিল|
একেবোৰ কথাকে
নগেনেও ভাবে| মানুহে তাকো যা-তা কয়| জেউতীৰ গাতেই দোষ আছে বুলি কৈ আকৌ বিয়া
পাতিবলৈ কয়| ল’ৰা পোৱালি এটা নহ’লে বংশ ৰক্ষা নপৰিব বুলি কয়| গ’ল বাৰু ডাক্তৰৰ
ওচৰলৈ| তাৰ বা জেউতীৰ যিকোনো এটাৰ গাত খুঁত থাকিব পাৰে| নাথাকিবও পাৰে| সেইবুলি
জানো সিহঁত অপূৰ্ণ হৈ ৰ’ব? কিছুমান কথাত মানুহৰ হাত নাথাকে| পাওঁ বুলিলেই সকলো পাব
নোৱাৰি| আৰু সন্তান এটা ইমানেই প্ৰয়োজন জানো যাৰ বাবে জীৱনৰ আটাইতকৈ প্ৰিয়তম সংগীৰ
মৰম-চেনেহ, আদৰ-আব্দাৰ, আগ্ৰহ-আলিংগন, আশা-ভৰষা সকলো আওকাণ কৰিব পাৰি? ভগৱানে নকৰক
যদি দোষ জেউতীৰ গাত খুঁত আছে বুলি ধৰা পৰে তাইক জানো সি এৰিব পাৰিম? তাৰ গাতেই
যেনিবা দোষ ওলাল তাইক ক’ব পাৰিব জানো তই মোক এৰি গুচি যাগৈ বুলি? নিজৰ নহ’ল বাৰু,
তুলি ল’লে সন্তান এটা বুঢ়া বয়সত সাৰথি হ’ব বুলি| কিন্তু বুঢ়া বয়সত সিয়ো যে হাত এৰি
নাযাব তাৰ কি মানে আছে| কোনে জানে অদূৰ ভৱিষ্যতে দিনবোৰ কেনেকুৱা হ’ব| পোৱাখিনি
এৰি নোপোৱাখিনিৰ কথা ভবি মনক কষ্ট দিয়াৰ কোনো মানে নাই| জেউতীক ক’ব সি নালাগে আমাক
সন্তান| নাভাবোঁ আৰু| তয়ো নাভবিবি| তাতকৈ আমি দুটাই লগ হৈ আমাৰ অপূৰ্ণতাখিনিক
মৰমেৰে পূৰ্ণ কৰি তুলিম| বুঢ়া ময়সত তই মোক চাবি, মই তোক চাম| তয়ে মোৰ পৃথিৱী
জেউতী| মই তোৰ আকাশ হ’ব নোৱাৰিম নে? মুখ ফুটাই নক’লেও জেউতীৰ যাতনা মই বুজোঁ| আৰু
কষ্টত থাকিবলৈ নিদিওঁ তাইক| এইবাৰ বিহুতে তাইক আকৌ মোৰ কৰি লম ন উছাহেৰে| তাইক কম
মোৰ বাবে তয়েই সকলো অ’ জেউতী| তোৰ হাঁহিটোলৈ চায়েই মই সুখী হ’ব পাৰিম| আন সুখ
নালাগে মোক| ডুব যোৱা বেলিটোলৈ নাচাবি আৰু| পুৱা উঠি অহা বেলিটোলৈ চাবি| জীয়াই
থাকিবলৈ অন্ধকাৰৰ প্ৰয়োজন নহয়, পোহৰৰহে প্ৰয়োজন| এজোৰ ৰঙা পাটৰ সাজ পিন্ধাৰ বৰ
হেঁপাহ আছিল তাইৰ| এইকেইদিনৰ হাজিৰা কৰি পোৱা টকা কেইটাৰে জোৰা নমৰিলেও ধাৰ কৰি
হ’লেও তাইলৈ কাপোৰ এজোৰ আনিব সি জেউতীক আপোন কৰি ল’বলৈ......
*********************************************************************************
##ডেউকা ভগা পখীৰ
গান##
.....ঢেকীয়াখিনি
মুঠি মুঠিকৈ বান্ধি ল’লে তৰাই| বিশ মুঠি হ’ল| ঔ-টেঙাও ত্ৰিশটামান হ’ব| ভোট জলকীয়া
আধাকেজিমান হ’ব| পাঁচ-ছটামানকৈ ভাগ কৰি দিলে ভালেখিনি হ’বগৈ| মূলাখিনি অলপ সৰু হৈ
আছে| অহাবাৰ নিব পাৰিব চাগে! বেঙেনাকেইটাও তেনেই কলি হৈ আছে| বস্তুকেইপদ যোগাৰ কৰি
ডাঙৰ বেগকেইটাত ভৰাই থ’লে তৰাই| হাটত পাৰি ল’ব লগা বস্তা দুটাও আনি একেলগে থলে|
অলপ সোনকালে হাটলে’ গ’লে তাই সোনকালেই উভটিব পাৰিব| আহি তাঁতত বহিব লাগিব|
গামোচাখিনি যিমান সোনকালে বৈ শেষ কৰিব পাৰে তাইৰেই লাভ| মাণিকে কোৱামতে তাই যদি
এইখিনি নিৰ্দিষ্ট সময়ৰ ভিতৰত দিব পাৰে তেন্তে তাই আৰু চল্লিশখন গামোচাৰ অৰ্ডাৰ
পাব| বিহুৰ আগতে সেইখিনিও বৈ অঁতাব পাৰিলে তাই ল’ৰা দুটাক বিহুৰ চোলাকে এটামান
কিনি দিব পাৰিব| গোটাই লোৱা বস্তুকেইপদত তাই কেইটকামান পাব এনেই মনতে হিচাপ এটা
কৰি চালে| দুশ-তিনিশমান পাব লাগে| দুশ পালেও বহুত| ডাঙৰ ল’ৰা আলোকৰ বহী-কিতাপ
দুখনমান লগা আছে| সেইকেইটকা তাকেই দি দিব তাই| কোৱা দামতেই আঁকোৰ-গোজ মাৰি বহি
থাকিলে হিচাপ কৰামতেই টকাকেইটা পায়| কিন্তু তেনেকৈ বহি থাকিলে তাইৰ নচলে| হাটত
বহাতকৈ তাঁতশালখন আৰু হাঁহ-কুকুৰাৰ আল মাৰিলেহে তাইৰ লাভ হয়| ঘৰখনত তাইৰ বাহিৰে
আৰুনো কোন আছে? ৰূপেশ্বৰে তাইলৈ ল’ৰা দুটা আৰু তাইৰ জীয়া দেহাটো এৰি থৈ গ’ল
অসময়তে| হতচিৰিযোৱাহঁতে একো এটা সহায় কৰিবতো নোৱাৰেই ভালকৈ মাত এষাৰো নিদিয়ে| তাইৰ
গাভৰু দেহাটোলৈ কিন্তু ঠিকেই চকু দিয়ে! নাই, মূৰটো জোকাৰি পেলালে তৰাই| সেইবোৰ
অলাগতীয়াল কথাৰে সময় নষ্ট নকৰে তাই| বহুত কৰণীয় আছে তাইৰ|
: মা, তই আজি
হাটলে’ যাবি নেকি?
: যাম, আলোক|
গোটেইবোৰ যতনাই ল’লোৱেই মই| সাউতকৈ গাটো ধুই আহি ভাত দুটামান বহাই দিওঁ ৰহ্| তই
মুখ হাত ধুই পঢ়গৈ যা| ভাইটিকো জগাই দিবি|
: তই অকলে হাটলে’
কেনেকৈ যাবি মা? বেগ দুটা দেখোন গধুৰ যেন লাগিছে!
: কেলে’ আনদিনাৰ
দৰে তই সৰুকণ দাইটিৰ চাইকেলেৰে বেগ দুটা দি থৈ আহিবি আকৌ|
: কিন্তু তোক বেগ
দিবলে’ গ’লে মোৰ দেৰি হ’ব দেখোন! আজি নবোদয় ক্লাবে প্ৰতিভা সন্ধানীৰ প্ৰতিযোগিতা
এটা পাতিছে| ময়ো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি ভাবিছিলোঁ!
: অ’ তই মোক আগতে
নক’লি কেলেই? বাৰু হ’ব দে মই যাম কিবাকে’| ভাইটিকে লগত লৈ যাম নহ’লে| তই
প্ৰতিযোগিতালৈকে যাবি| কেইটাৰ পৰা হ’ব তোৰ প্ৰতিযোগিতা?
: ন’টাৰ পৰা
আৰম্ভ হ’ব কিন্তু মোক ভবেশ ছাৰে যোৱাৰ আগতে এপাক ছাৰৰ ঘৰত সোমাই যাবলৈ কৈছিল| ছাৰে
সম্ভাব্য বিষয়টোত কিবা অলপ কম বুলি কৈছে|
: বাৰু দে তই
তালৈকে যাবি| মই গাটো তিয়াই আঁহো|
......খৰধৰকৈ
ভাতকেইটা বহাই দিলে তৰাই| সৰু আলু দুটামান কাটি লৈ কেৰাহীখনত তেল অকণমান দি
ভাজিবলৈ লাগিল| পিঁয়াজ-জলকীয়াৰ জ্বলা জ্বলা গোন্ধ এটা তাইৰ নাকত লাগিল| জ্বলি থকা
জুইকুৰালৈ চাই হুমুনিয়াহ এটা সৰি পৰিল তৰাৰ| আলোকৰ কথাকেই মনলৈ আহিল তাইৰ| ডাঙৰ হৈ
আহিছে ল’ৰাটো| এইবাৰ নৱমমানলৈ উত্তীৰ্ণ হৈছে সি| পঢ়াতো ভাল ল’ৰাটো| ভবেশ ছাৰে কৈছে
তাক বহী-কিতাপবোৰ সময়মতে যোগাৰ দিব পাৰিলে মেট্ৰিকত সি ভাল ফলেই দেখুৱাব| পাৰিলে
টিউচন এটাও দিব লাগিছিল! কিন্তু!! ভাৱনাত যতি পৰে তৰাৰ| ৰূপেশ্বৰলৈ মনত পৰি বুকুখন
বিষোৱা যেন লাগে| সুখৰ সংসাৰ এখন গঢ়োঁ বুলিয়েই তাইক বিয়া পাতি আনিছিল ৰূপেশ্বৰে|
প্ৰথম তিনিবছৰ সুখেৰেই কটালে সিহঁত দুটাই| আলোকৰ জন্মৰ পাছৰ পৰাই ৰূপেশ্বৰ মূৰত
ভূতে বাঁহ ল’লে| নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গাঁৱলৈ আহিছিল
প্ৰতিপত্তিশালী নেতা ৰত্নেশ্বৰ ভূঞা| ৰাজনীতিৰ একো ভূ-ভা নোপোৱা ৰূপেশ্বৰে মৌজাদাৰ
দেউতাৰ কথামতেই ৰত্নেশ্বৰ ভূঞাৰ প্ৰচাৰ কাৰ্য্যত অলপ লাগি ভাগি দিছিল| কামত
সন্তুষ্ট হৈ মৌজাদাৰ দেউতাই ৰত্নেশ্বৰ ভূঞাৰ সন্মুখতেই ৰূপেশ্বৰক প্ৰশংসা কৰি
কৈছিল- বুজিছে ভূঞা, আপোনাৰ হৈ এই ৰূপেশ্বৰে বহুত কষ্ট কৰিছে| সময়-সুবিধা হ’লে
তালৈ চকু-কাণ দিব অলপ| তাৰপাছৰ পৰাই ৰূপেশ্বৰে সঘনাই চহৰলৈ বাটকুৰি বাবলৈ লৈছিল|
তাৰ কথা-কাণ্ডবোৰ সলনি হৈছিল| তৰাক মাজে মাজে কৈছিল- “বুজিছ’ তৰা, সদায় এনেকৈ
থাকিলে নহ’ব| সময় থাকোঁতেই কিবা এটা কৰিব লাগিব| চল চাই কঠিয়া পেলাব লাগিব|
তেতিয়াহে এদিন মোৰ ল’ৰাই ভৱিষ্যতে নিজৰ ভৰিত নিজে থিয় দিব পাৰিব| বাহিৰলৈ গৈ
শিক্ষা গ্ৰহণ কৰিব পাৰিব| দেশ-দুনীয়া চাব পাৰিব| ইয়াক মানুহ কৰিবলৈকে এতিয়া মই
বহুত কষ্ট কৰিব লাগিব| আমাৰতো আৰু ধন-সম্পত্তি মাটি-বাৰী বহুত নাই যে একো নকৰাকৈ
শুই-বহি থাকিলেও হ’ব| তই চাই থাক ইয়াক মই ডাক্তৰ বনাম| ডাক্তৰ পঢ়িবলৈ বহুত টকা
লাগে বুজিছ| সেইকাৰণে মই গাঁৱৰ বাহিৰ ওলাব লাগিব|” দিনে দিনে ব্যস্ততা বাঢ়িছিল
ৰূপেশ্বৰৰ| কেতিয়াবা নিশা নহাকৈয়ো থকা হ’ল| কেতিয়াবা আকৌ লগত দুজনমান মানুহ লৈ
আহে| আটাইবোৰে লগ হৈ কিবা পাৰ্টীৰ কথা পাতে| মেল-মিটিঙৰ কথা পাতে| তৰাই চাহ-তামোলৰ
যোগাৰ দি আলেঙে আলেঙে চাই থাকে| কথাবোৰ ভালকৈ নুবুজে তাই| মাত্ৰ ৰূপেশ্বৰৰ পৰিৱৰ্তিত
ৰূপটোলৈ অচিনাকীৰ দৰে ৰ’ লাগি চায়| ভয় ভয় ভাৱ এটাই আগুৰি ধৰে তৰাক| ভৱিষ্যতৰ সপোনত
বিভোৰ হৈ থকা ৰূপেশ্বৰক তাইৰ ক’বৰ মন যায়- “ভাগ্যত যি আছে তাকেই হ’ব| জোৰ কৰি
কোনেও কপালৰ লিখন সলাব নোৱাৰে| ইয়াৰ কপালত যদি ডাঙৰ মানুহ হ’বলৈ লিখা আছে ই
নিশ্চয়কৈ এদিন ডাঙৰ মানুহ হ’ব| সেইবুলি এনেকৈ দিনৰাতি একাকাৰ কৰি ঘৰ এৰি
ঘুৰি-ফুৰিব নালাগে| তুমি নাথাকিলে মোৰ বৰ অকলশৰীয়া যেন লাগে|” কিন্তু ৰূপেশ্বৰক
মুখখুলি একো কোৱা নহয়গৈ| আৰু এদিন ঘটিছিল সেই অঘটনটো| সিদিনাও পাৰ্টীৰ মিটিং গাবলৈ
গৈছিল ৰূপেশ্বৰ| উভতি আহোঁতে দুৰ্ঘটনাত পৰিছিল ৰূপেশ্বৰহঁতৰ গাড়ীখন| তিনিজনৰ
থিতাতে মৃত্যু হোৱাৰ লগতে আন দহজনে বেয়াকৈ আঘাত পাইছিল| ৰূপেশ্বৰে মূৰত আঘাত
পাইছিল| বাউলী হৈ দৌৰিছিল তৰাই মেডিকেললৈ আলোকক লগত লৈ| মূৰত বেণ্ডেজ মৰা
ৰূপেশ্বৰে কাকো চিনিব পৰা নাছিল| উন্নত চিকিত্সাৰ বাবে ৰূপেশ্বৰক ডিব্ৰুগড়লৈ
পঠোৱা হৈছিল| পোন্ধৰ দিন মৃত্যুৰ স’তে যুঁজি যুঁজি শেহত হাৰ মানিছিল ৰূপেশ্বৰে|
গৰ্ভত বাঢ়ি অহা অংকুৰ আৰু আলোকক তৰাক গতাই চকু মুদিছিল ৰূপেশ্বৰে| তাৰ চিকিত্সাৰ
বাবদ তৰাৰ সাঁচতীয়া ধন সকলো শেষ হৈছিল| চকুৰে ধুঁৱলী-কুঁৱলী দেখিছিল তৰাই|
তাঁতশালখন আৰু ভেটিটোৰ বাহিৰে একোকেই থৈ যাব পৰা নাছিল ৰূপেশ্বৰে| কিছুদিনলৈ
পাৰ্টীৰ মানুহে খা-খবৰ লৈছিল| গাঁৱৰ মানুহেও অলপ-অচৰপ সহায় কৰিছিল| কিন্তু সদ্য-বিধৱা
এগৰাকীৰ ঘৰলৈ সঘনাই মতা মানুহৰ সোঁত বোৱাকলৈ মানুহৰ মাজত বু-বু বা-বা আৰম্ভ হৈছিল|
মানুহৰ মনোভাৱ দেখি ভীতিগ্ৰস্ত হৈ পৰিছিল তৰা| কি কৰিব ক’লৈ যাব একো উৱাদিহ নোপোৱা
হৈছিল| ৰূপেশ্বৰৰ দূৰ সম্পৰ্কীয় দদায়েক এজনে যেতিয়া নিশাৰ অন্ধকাৰত তৰাক অশালীন
ব্যৱহাৰ কৰি অপমানিত হৈ দিনৰ পোহৰত আকৌ তেঁৱেই সমাজৰ হিতাকাংক্ষীৰ ৰূপত তৰাৰ কুত্সা–ৰত্না
কৰিছিল তেতিয়া যেন তৰাই সম্বিত ঘূৰাই পাইছিল| ৰুদ্ৰমূৰ্তি ধৰি তৰাই উফৰাই
পঠিয়াইছিল প্ৰতিটো ভিত্তিহীন অভিযোগ| প্ৰতিশ্ৰুতিবদ্ধ হৈছিল সাহসেৰে আৰু
স-সন্মানেৰে জীয়াই থকিবলৈ| নিজক শক্তিশালী আৰু দৃঢ় কৰি তুলিছিল তৰাই| বুজিছিল তাই
এইখন সমাজত মূৰ তুলি থাকিবলৈ হ’লে নাৰী বুলি দুৰ্বল হ’লে নচলিব| সেইদিন ধৰি তৰাই
আৰু উভতি চোৱা নাই| কাৰো আগত নিজক সৰু কৰা নাই| একমাত্ৰ সম্বল ৰূপেশ্বৰে মৰমতে
দিয়া সোণৰ আঙুঠিটোকে বেচি তৰাই হাঁহ-কুকুৰা দুটামান কিনি আনিছিল| তাৰেই তাই লাহে
লাহে সংখ্যা বঢ়াই আনিছিল| শালত আনে আধিলৈ দিয়া কাপোৰ বয়| বিনামূলীয়াকৈ সূতা পালে
গামোচা বয়| কমদামত সৰহীয়াকৈ সূতা পালে কাপোৰ বৈ সমবায়-সমিতিত বেচে| কোনো কোনোৱে
বিভিন্ন ডিজাইন দি একো একোযোৰ কাপোৰ ববলৈ দিয়ে| তেনেকৈ বহুত দাম পায়| চলি গৈছে
তৰাৰ দিনবোৰ আলোক আৰু অংকুৰক লৈ| ৰূপেশ্বৰ যোৱাৰ পাছত জন্ম পোৱা ল’ৰাটোৰ নাম কিয়
জানো অংকুৰ ৰাখিছিল তৰাই| ৰূপেশ্বৰে ভবামতে ল’ৰা দুটাক মানুহ কৰিব পাৰিলেই হ’ল|
তৰাৰ জীৱন সাৰ্থক হ’ব|
......ঢেকীয়া
কেইমুঠি সোনকালেই শেষ হ’ল| ঔ-টেঙাও পাঁচটামানহে আছেগৈ| ভোট জলকীয়াৰ ভাগ আৰু
দুটামান আছে| বেলি উঠি আহিছে লাহেকৈ| সোনকালে ঘৰলৈ যাব পাৰিলে তাঁতখন ভালেখিনি বব
পাৰিব মনতে ভাবিলে তৰাই| আৰু আধা ঘণ্টামানৰ ভিতৰত এইকেইটাও বেচা যাব লাগে| নগ’লে
ওচৰত বহা ল’ৰাটোকে দি যাবগৈ| আলোকতকৈ দুবছৰমান ডাঙৰ হ’ব ল’ৰাটো| হাটতে চিনাকী
হোৱা| দুবছৰমান স্কুললৈ গৈয়ে পঢ়া এৰিলে| তাৰ ঘৰখনত খাৱৰীয়া এগাল| উপাৰ্জন কৰোঁতাহে
কোনো নাই| আজি অমিতা এগালকে লৈ আনিছে সি| মৰম লাগে ল’ৰাটোলৈ| মাজে মাজে দুখ কৰে
সি| তেতিয়া তৰাৰ বেয়া লাগে তালৈ| সঁচাই তাহাঁতৰ দৰে দুখীয়া মানুহৰ জীয়াই থকাটোৱে
কষ্টকৰ| কিয় যে নেদেখাজনে ধনীবোৰক ধনী কৰি নি থাকে আৰু দুখীয়াবোৰক দুখীয়া! সকলোকে
সমানে কেতিয়াও নিদিয়ে| বাকী ৰোৱা ঔ-টেঙা দুটা ওচৰত বহা ল’ৰাটোকে এনেই দি তৰা ঘৰলৈ
উভতিল| অংকুৰে চিপ্চ এপেকেট খাওঁ বুলি কোৱাত তাক পাঁচ টকা এটা দিলে| পাঁচ টকীয়া
চিপ্চ খাই অংকুৰ ঘৰলৈ উভতিল| বাটতে লগৰ এটাক পাই সি খেলিবলৈ ওলাল| বেছি দেৰি
নকৰিবি বুলি তাক সকীয়াই দি তৰা ঘৰ সোমালগৈ| লৰালৰিকৈ চাদৰখন সলায় তাই গোহালি
পালেগৈ| দেখিলে গোবৰ পেলাই গোহালিটো সাৰি থৈ গৈছে আলোকে| তাইৰ হাটৰ পৰা উভটোতে পলম
হ’ব পাৰে বুলিয়েই বেচেৰাই গোহালি সাৰি থৈ গৈছে| ল’ৰাটোৰ মৰমত চকুৰ কোণ সেমেকি উঠিল
তৰাৰ| দামুৰীজনী যোৱাবাৰ লৈছিল ললিতাৰ স’তে আধিত| এইবাৰ গাভিনী হৈছে| কি বা হয়
দমৰা নে দামুৰী! যি হ’লেও এইটো পোৱালি ললিতাই নিব| গাখীৰখিনিহে তাই পাব| হ’ব, ঘৰতে
গাখীৰ অকণ হ’লেও ল’ৰা দুটাই খাবলৈ পাব| নহ’লেনো তাই ক’ৰপৰা কিনি খুৱাব! শালত বহি
খৰধৰকৈ মাকো মাৰিবলৈ ধৰিলে তৰাই| আৰু সাতখন গামোচা আছে ব’বলৈ| পকোৱা সূতাৰ গামোচা|
বিশখন ব’বলৈ দিছিল| ফুলবোৰ অলপ ডাঙৰ হোৱাৰ বাবে তাইৰ অলপ সময় লাগিছে| এইখিনি হ’লে
আৰু চল্লিশখন ব’বলৈ দিয়াৰ কথা কৈছে মাণিকে| সেইখিনিও যদি পকোৱা সূতাৰে হয় তেন্তে
তাই ভালেখিনি মাননী পাব| ঘৰটোৰ খুঁটাও সলাবৰ হৈছে| মাকোটোতে ঠুতৰিটো লগায় এনেয়ে
বাৰীখনলৈ চালে তৰাই| ভেটিটোৰে সৈতে অকণমান বাৰীখন| তাতে বাৰমহীয়া বেঙেনা
দুজোপামান, মূলা অলপ, নেমু দুজোপা, ভোট জলকীয়া কেইজোপামান লগাইছে আলোকে| পিৰালিৰ চুকত
কলা জলকীয়াকেইজোপাও লহ্পহ্কৈ বাঢ়ি আহিছে| ধান জলকীয়াৰ পুলি এটাও লগাইছিল তৰাই|
অংকুৰে নেদেখাত গচক মাৰি দিয়াত আগটোকে ভাগি থাকিল| অলপ চঞ্চল অংকুৰটো| বাৰীৰ সীমাত
থকা তামোলকেইজোপাই জেওৰাৰ খুঁটিৰ কামো কৰিছে| সিবাৰ জেওৰাখন আলোকৰ লগ হৈ তাইয়ে
ভেটিলে| তাকে দেখি তাই মতা কালু নাম পাইছিল| এনেও আজিকালি তাই কাকো আসৈ নিদিয়ে|
সেই লৈ তাইক দাংকাচি বুলি মতাও শুনা পাইছে তাই| সেই লৈ তাইৰ আক্ষেপ নাই| নিজে শ্ৰম
কৰি খাইছে| কাৰো দয়া পৰবশ হৈ তল পৰি থাকিব লগা হোৱা নাই| যেয়ে যি কয় কওক| এইবাৰ
পাৰিলে ভলুকা বাঁহৰ খুঁটাকে লগাব লাগিব| ৰূপেশ্বৰে চালত টিন্পাত দিছিল বুলিহে
ৰক্ষা| নহ’লে ইমান বছৰে তাইৰ চালেৰে আকাশ দেখা গল হয়|
: মা, ভাত দে|
অংকুৰৰ মাতত
তন্ময়তা ভাঙিল তৰাৰ| তাৰমানে তাই বহুপৰ আগগুৰি নোহোৱা কথাবোৰকে ভাবি থাকিল| ফটা
চাদৰখনেৰে তাঁতখন ঢাকি শালৰ পৰা উঠি আহিল তৰা| ভাত ৰান্ধি অংকুৰক খাবলৈ দি মহুৰা
বাতিবলৈ লাগিল তৰাই| তেতিয়াও আলোক আহি নোলোৱাত তাই বাটলৈ চাই থাকিল| তাক এৰি
ভাতকেইটা খাবলৈ মন নগ’ল তৰাৰ| তাৰ চাগে অলপ দেৰি হ’ব আঁহোতে| ভাত খাই উঠিয়েই টিভিত
চিনেমা চাবলৈ ৰবীনহঁতৰ ঘৰলৈ দৌৰ মাৰিলে অংকুৰে| সি মেলি থৈ যোৱা জপনাইদি মাণিক
সোমাই আহিল|
: মাণিক ককাইদেউ,
অসময়ত আহিলা যে? মোৰ আৰু সাতখন ব’বলৈ আছেই দেখোন|
: নাই নাই মই তোৰ
গামোচাৰ খবৰ ল’বলৈ সোমোৱা নাই| এনেই আহিলোঁ| বাৰু কেইদিনমানত শেষ কৰিম বুলি ভাবিছ
সেইকেইখন?
: ফুলবোৰ সৰু
হোৱা হ’লে এসপ্তাহো নালাগিলহেঁতেন| তাতে তুমি কৈছা গামোচাকেইখন বিশেষ কাৰোবাক
দিয়াৰ কথা| সেইকাৰণে ফুলবোৰ বাচি বাচি তুলিব লগা হৈছে| তথাপি এই সপ্তাহতে দিব
পাৰিম চাগে|
: হ’ব দে দিবি
আৰু যিমান সোনকালে পাৰ| তেতিয়াহে বাকীখিনিও ব’ব পাৰিবি| তোৰ হাতখন ভাল বুলি সকলোৱে
কয়| সেইকাৰণে মই জোৰ কৰি গামোচাখিনি তোকেই ব’বলৈ দিবলৈ গাত ল’লোঁ| হেৰ’ থিয় থিয়ই
খেদিবিনে তামোল এখনো খুৱাবি?
: আঁহা বহাঁহি|
মই তামোল আনো|
তৰাই তামোল
আনিবলৈ ভিতৰ সোমোৱাৰ লগে লগে মাণিকো তৰাৰ পাছে পাছে ভিতৰ পালেগৈ| ভৰ দুপৰীয়া কোনো
নথকাৰ সুৰুঙাতে তাৰ মনটো লক্লকাই উঠিল| ৰূপেশ্বৰ নোহোৱাৰ অতবছৰৰ পাছতো তৰাৰ গাত
এতিয়াও যৌৱন আছে| কাম কৰি আঁটিল হোৱা তৰাৰ শৰীৰৰ খলাবমাবোৰে মাণিকৰ দৰে উতনুৱা
ডেকাৰ তেজত খলকনি তোলে| মাণিকে বহুত দিন তৰাৰ আসৈ পাবলৈ সুবিধা বিচাৰিছে| কিন্তু
একা-চেকা তৰাক সহজে বলে নোৱাৰি| সেয়ে সি এই গামোচা বোৱাৰ সুযোগটো অথলে দিবলৈ
নিবিচাৰিলে| তৰাই তামোল আনে মানে তৰাক বিচাৰি পাকঘৰ পালেগৈ মাণিক| অকস্মাত্
মাণিকক পাকঘৰত দেখা পাই উচপ্ খাই উঠিল তৰা|
: তুমি!
: পানী এগিলাচ দে
অ’| বৰ পিয়াহ লাগিছে|
তৰাই পানী গিলাচ
আগবঢ়াই দিয়াৰ লগে লগে মাণিকে তৰাৰ হাতখনত ধৰি নিজৰ গাৰফালে টানিলে| পানীৰ গিলাচটো
উফৰি পৰি মচি থোৱা মজিয়াখন পিছল হৈ পৰিল|
: তই বৰকৈ চিন্তা
কৰিব নালাগে দে| মই তোৰ খবৰ-খাতি লৈ থাকিম নহয়| তয়ো মোৰ খবৰ ল’বি অলপ| সৰু কথা দে
এইবোৰ|
গাৰ জোৰে মাণিকক
ঠেলা মাৰি দি খঙত ফাটি পৰিল তৰা|
: কুকুৰ তই
এতিয়াই ওলা মোৰ ঘৰৰ পৰা| নহ’লে কাটি দুচেও কৰিম|
: হ’ব দে বৰ সতী
হৈ দেখুৱাব নালাগে তই| ভবেশ মাষ্টৰৰ লগত যে তোৰ পীৰিতি আছে চবেই জানে| সেইবুলি
আমিনো কিহত কম? ডেকা ল’ৰা আমি| তোক সেইকন সুখো দিব নোৱাৰিম নে?
: নৰাধম, জহনীত
যোৱা, নমৰ কিয় তহঁত? তহঁতৰ দৰে মানুহৰ বাবেই সমাজখন পতনমুখী হৈছে| নিজেতো কাৰো
উপকাৰ সাধি নাপালি জীৱনত| ভবেশ ছাৰৰ দৰে গুণী মানুহজনে মোৰ ল’ৰাটোক অলপ চাই দিয়া
দেখি তাকো তহঁতৰ সহ্য নোহোৱা হৈছে| তহঁতৰ মুখ লগাও পাপ| ওলা এতিয়াই ওলা তই বুলি
মেচি দাখন লৈ খেদি আহিল তৰাই| তৰাৰ ৰণচণ্ডী মুৰ্তি দেখি ভয়্ত ল’ৰি পলাল মাণিক|
প্ৰচণ্ড খঙত গোটেই গাটো কঁপি উঠিল তৰাৰ| এইবোৰেই সমাজৰ নেতা| এইবোৰ মানুহেই সমাজখন
উঁই পোকৰ দৰে খুলি খুলি খাইছে| যি নিজে নিজক সন্মান কৰিব নাজানে সি আনক কেনেকৈ
সন্মান কৰিব? সন্মানতো আৰু গছত লগা বস্তু নহয় যাক যিমান লাগে সিমান ছিঙি আনিব আৰু
তাৰে চোলা চিলাই গাত পিন্ধিব! ভবেশ ছাৰৰ কথাবোৰলৈ মনত পৰিল তৰাৰ| বয়সস্থ মানুহজনে
যেতিয়াই কথা কয় জীৱনমুখীতাৰ কথা কয়| সন্মানৰ কথা কয়| পুৰুষ-নাৰী নিৰ্বিশেষে সকলোৱে
সমাজত একেলগে খোজ দিয়াৰ কথা কয়| প্ৰগতিৰ কথা কয়| সবে মিলি দেশ গঢ়াৰ কথা কয়| অথচ
সেইজন গুণী লোকক এই পাষণ্ডহঁতে তাইৰ লগত- ছিঃ| অকৃত্ৰিম ঘৄণাত মনটো তিতা হৈ উঠিল
তৰাৰ| আকাশলৈ চালে তাই| ফৰকাল আকাশখনত অ’ত ত’ত বগা ডাৱৰ এচপৰা দেখা গৈছে| এনে
ডাৱৰে বৰষুণ নিদিয়ে| ফাগুনৰ পচোৱাই এই ডাৱৰ উৰুৱাই নি কোনোবাখিনি পোৱাবগৈ|
মাণিকহঁতৰ দৰে অপতৃণবোৰ যিমানেই থাকক লাগিলে ভবেশ ছাৰৰ দৰে বটবৃক্ষ থকালৈকে তৰাৰ
দৰে জীৱন পথৰ পথিকে এধানি হ’লেও আশ্ৰয় পাবই| সামান্য বতাহ-বৰষুণে তৰাক উভালি পেলাব
নোৱাৰে| তৰাই দূৰৰ পৰাই দেখিলে আলোকে হাতত ডাঙৰ ট্ৰফী এটা লৈ আনন্দ মনেৰে ঘৰমুৱা
হৈছে......
*****************************************************************************
খেয়ালী মনৰ
আকাশ....
নি নিলিখো নিলিখো নামটি ঐ
কাগজত
ঠি ঠিকনা তোমাৰে
ৰাখিছো মই ভিতৰত
নাথাকে যদিহে
হিয়াৰে সাঁচতে
লিখি কি লাভ হ’ব
কোৱা
থাকিলে এনেও
থাকিব
জিৰালে জিৰাব
ফুলিলে ফুলিব পাৰিবা
তুমি মোৰ মনৰে
বনত......
.......বিগত
কেইদিনমানত এটা নতুন অভিজ্ঞতা হৈছে| মায়াত প্ৰকাশিত মোৰ লেখা এটাৰ আঁত ধৰি বহুত
ফোনক’ল আৰু মেছেজ পাইছো| ইটানগৰ, ধেমাজি, নলবাৰী, বৰপেটা, গুৱাহাটী, বঙাইগাঁও,
তেজপুৰ, গোলাঘাট, ডিব্ৰুগড়, দিল্লী বিভিন্ন ঠাইৰ পৰা বিভিন্নজনে ফোন কৰি কথা
পাতিছে| ভাল লাগিছে| এটা সঁচা কাহিনী লিখিছিলো| মানুহে তাক গল্প সজালে| সজাওক বাৰু
আপত্তি নাই| মোৰ কাহিনীৰ সৈতে একাত্মবোধ কৰা লোকসকলৰ সংস্পৰ্শলৈ আহি আকৌ এবাৰ
উপলব্ধি কৰিছো প্ৰত্যেকৰে জীৱনত একো একোডোখৰ খালি ঠাই থাকে| লোকচক্ষুৰ অলক্ষিতে
তাত সকলো অকলশৰীয়া| জীৱনৰ পোৱা নোপোৱাবোৰে মাজে মাজে হেন্দোলনি তোলে তাত|
পোৱাখিনিয়ে যিদৰে মানুহক ভৰাই তোলে সেইদৰে নোপোৱাখিনিয়ে মানুহক উটুৱাই নিয়ে|
জ্ঞাতে বা অজ্ঞাতে নোপোৱাখিনিয়ে মনৰ মাজত খোপনি পোতে| অবচেতন মনত ৰৈ যায় নোপোৱাৰ
আঁচোৰবোৰ| অলপমান সুযোগ পালেই এইবোৰে মূৰ দাঙি উঠে| পোৱাৰ স্বাক্ষৰে মুখখন পোহৰাই
তোলে| কিন্তু প্ৰাপ্তিয়েই জানো শেষ কথা!!!!
অলপ পোহৰ অলপ
আন্ধাৰ
চাওঁ নেকি মুখখন
তোমাৰ
কিজানি অঁকা আছে
তাত
মোৰ প্ৰেমৰ
স্বাক্ষৰ.....
......মোক লৈ
মানুহৰ অভিযোগ দেধাৰ| কোনোৱে কয় মই ইমান জেদী কিয়, কোনোৱে কয় মই ইমান খঙাল কিয়,
কোনোৱে কয় মই সহজ নহয় কিয়? মই নিজক লৈয়ে অভিযোগ কৰোঁ মই মুখা পিন্ধিব নোৱাৰোঁ কিয়!
কিজানি ভিৰৰ মাজত এটা ব্যতিক্ৰম হৈ থিয় দিওঁ মই! কিজানি মই নৈ হৈয়ো উভতি বওঁ! মোক
লৈ বহুত মানুহৰ এটা ভ্ৰান্ত ধাৰণা আছে মই চাগে হাঁহিব নাজানো| কাৰণ বেছিভাগ সময়তেই
মই দুখৰ কথা কওঁ| পোৱাতকৈ নোপোৱাৰ কথাই বেছিকৈ কওঁ| মোৰ কথা শুনি মানুহে মোক
হতাশাত ভোগা এগৰাকী ৰোগী বুলিয়ে ভাবে| কিন্তু এইয়া সঁচা নহয় চাগে| দুষাৰমান কথা
শুনিয়েই মোক নজনাকৈ মোৰ বিষয়ে ধাৰণা এটা কৰি লোৱাটো ভুল| নিচেই কাষৰ পৰা পোৱা
মানুহজনেই দুদিনমানৰ পাছত কৈ উঠে তুমি ব্যতিক্ৰম! আনৰ লগত নিমিলা! হাঁহি পেলাওঁ মই
অকৃত্ৰিমভাবে| তেওঁ কি মোক প্ৰমাণ কৰি চাবলৈকে মোৰ লগত সম্পৰ্ক গঢ়িছিল?
হুৰমূৰকৈ নামি
আহিছিল
আবতৰীয়া বৰষুণজাক
ভিতৰলৈকে তিয়াই
পেলাইছিল মোক!
শব্দবোৰ সুৰ হৈ
বৈ যাব ধৰিছিল....
.....অকপটে কৈ
উঠিছিলো But the green wind of your eyes touches me too. May be
its official but its true. সন্তৰ্পনে খুলি দিছিল তেওঁ মনৰ দুৱাৰখন মোৰ বাবে| ভাল
লাগিছিল| ভয়ো লাগিছিল| জানোচা ভুল হয়! কিন্তু তেওঁ ৰৈ আছিল তিনিআলিটোত দুহাত মেলি|
তিমিৰাছন্ন নিশাটোত তেওঁৰ কাতৰতাই আতুৰ কৰি তুলিছিল মোক| শেহ ৰাতিৰ নীৰৱতাই
উচতাইছিল তেওঁক চুই চাবলৈ| নোৱাৰিলো উপেক্ষা কৰিব তেওঁৰ সেই আকুল আহ্বান| নিজৰ
মাজলৈ এবাৰ জুমি চালো| পাৰিমনে তেওঁক মই তেওঁৰ ইস্পিতখিনি দিব? নে তেওঁ মোক উটুৱাই
নিব? মইতু বটবৃক্ষ| সাধাৰণ ধুমুহা বতাহে মোক একো কৰিব নোৱাৰে| হয়তো জোকাৰি যাব
পাৰে কিন্তু উভালি পেলাব নোৱাৰে| এইবাৰ নিৰ্ভয়ে সোমাই পৰিলো তেওঁৰ দুবাহুত| আশ্ৰয়
লাগিছিল কাক তেওঁক নে মোক? অবান্তৰ প্ৰশ্ন এটা| তেওঁৰ তৃষা আছিল| সেইয়া পূৰণ হ’ল|
সেয়ে আঁতৰি গ’ল| তাৰবাবে জানো তেওঁ দোষী? কেতিয়াও নহয়| মই সুখী মোৰ প্ৰতিশ্ৰুতি
ৰাখি|
আহিবা জোনালী
ৰাতি
মুখামুখি হম আমি
ৰ’ লাগি নাচাবা
জীৱন মানে মাথোঁ
গতি.....
......স্বত:স্ফুৰ্ততা
ভালপোৱাৰ প্ৰথম চৰ্ত| জোৰ কৰি ইয়াক আদায়
কৰিব নোৱাৰি| ভালপোৱাত মন ভৰিলে শৰীৰে ইয়াৰ দাবী তোলে| মই নাভাবোঁ ইয়াত কিবা ভুল
হয় বুলি| কিন্তু ভালপোৱাৰ ধাৰাবাহিকতা তেতিয়াহে থাকে যেতিয়া আত্মাৰ গভীৰতো এজনে আনজনৰ
প্ৰতিবিম্ব অনুভৱ কৰে| অধিকাৰৰ দাবীৰে ইয়াক জুখিবলৈ গ’লে সেইয়া এক নিৰ্দিষ্ট
বান্ধোন হৈ পৰে যিটো গতানুগতিকতাত হেৰায় যায়| অধিকাৰ সাব্যস্ত কৰাৰ আগতেই মই যদি
তোমাৰ হাতত ধৰা দিওঁ ইয়াৰ অৰ্থ এইটো নহ’ব জানো মই তোমাৰ| মোৰ মাজত মই তোমাকে ধাৰণ
কৰিছো! থাকিল সহবাসৰ কথা| সেইয়া তোমাৰ পাৰ্ট...মোৰ আৱৰণ ফালি মোক কেনেকৈ উলিয়াই
নিয়া সেইয়া তুমি বুজিবা| কৃত্ৰিমতাবিহীন সকলো ভালপাওঁ মই| নগ্নতাও ভালপাওঁ| কিন্তু
নিজে নগ্ন হ’ব নোৱাৰিম| কিমানখিনিলৈ উতলা কৰিব পাৰা তোমাৰ কথা| মোৰ সংকোচ আছে এই
ক্ষেত্ৰত....যা তা কৈ দিলো....বেয়া নাপাবা....মনত পৰিছে তোমালৈ....
সোঁৱৰণীৰ বুকু ফালি
বৈ আহিছিল এসোঁতা
চকুলো
দুখৰ?
ওহোঁ আনন্দৰ....
শুকান ওঁঠ দুটাত
লাগি আছিল
স্পৰ্শ প্ৰথম
অনুৰাগৰ....
......তোমাৰ
কথাষাৰে দুস্বপ্নৰ দৰে খেদি ফুৰিছে মোক| মোৰ অভিজ্ঞতাই কয় পুৰুষক মাত্ৰ শৰীৰ লাগে|
কিন্তু তুমি কেনেকৈ ব্যতিক্ৰম হ’লা? কিয় শৰীৰ ভেদি মন বিচৰাৰ ভুল কৰিবলৈ গ’লা? মন
বিচাৰি ফুৰাৰ এই যাত্ৰা যে বৰ কষ্টকৰ! অলপতে ভাঙি যায় ঠুনুকা হৃদয়! গোটেই জীৱনৰ
কথা নক’লেও যোৱা ছবছৰত এনে কোনো নোলাল নে যিয়ে তোমাৰ হাতত হাত থ’ব পাৰে? এটা হাঁহি
দিব পাৰে? তোমাৰ বহুত বন্ধু দেখোন! কোনেও কাণ পাতি নুশুনিলে নে তোমাৰ হিয়াৰ
উচুপনি? নে তুমি কাকো সেই সুবিধা নিদিলা? মোক কেনেকৈ বিচাৰি পালা? মইচোন তোমাৰ
পদূলিয়েদিও যোৱা নাছিলো| কিহে তোমাক উচতালে মোৰ স’তে বান্ধ খাবলৈ? মইতু অঘৰী|
বান্ধোন মানিব নুখুজোঁ| তুমি কি পালা মোৰ মাজত যে চুই চাব খুজিছা? এইটো সঁচা যে
সুখ দিব নোৱাৰিলেও দুখ কেতিয়াও নিদিওঁ তোমাক| সেই বিশ্বাস ৰাখিব পাৰা মোৰ ওপৰত|
মোৰ মৌনতাত তোমাৰ ইস্পিত মুহূৰ্ত বিচাৰি পোৱা যদি তাক দিয়াত কৃপণালি কেতিয়াও
নকৰোঁ| মাত্ৰ মনত থ’বা মই মগজুতকৈ মনক বেছি বিশ্বাস কৰোঁ| হৃদয়ৰ তাগিদাক মানি
ভালপাওঁ.....
বৈ আছিল লুইতখন
একেদৰে....
মৰমবোৰোচোন বৈ
থাকে অজানিতে...
অভিমান এটিয়ে
পোখা মেলে
অন্ধকাৰত বাট
হেৰুৱায় উশাহবোৰে....
......কি পালা কি
নাপালা কি হ’ল কি নহ’ল এইবোৰ পাহৰি যোৱা| এপলক ধ্যান কৰা| নিজৰ মনটোক বিচাৰি চোৱা|
আত্মাৰ গভীৰতো যদি মোকেই বিচাৰি পোৱা ক’বা
মই থাকিম ৰৈ| তোমাক সাৱটি ল’বলৈ মৰম দিবলৈ অকণো কাৰ্পণ্য নকৰো....তোমাৰ প্ৰতি মোৰ
বিশ্বাস প্ৰথমতে নাছিল| এতিয়াও নাই| কিন্তু আশা কৰিছো| তুমি যে ফাঁকি দি আছা
সেইয়াও জানো মই| কিন্তু তোমাৰ মাজত কিবা এটাৰ অভাৱ আছে, মই তাকেহে আঁতৰাব খুজিছিলো
আন্তৰিকতাৰে| মানুহ চিনি পোৱাত আজিকালি ভুল নহয় মোৰ| মোক প্ৰতাৰিত কৰি তুমি কি পাবা?
কাইলৈ নিজেই কাৰোবাৰ হাতত প্ৰতাৰিত হ’বা!.....তুমিও এটা কথা জানি থোৱা মই আন
সাধাৰণ নাৰীৰ দৰে নহয়| মোৰ দুৰ্বলতা থাকিব পাৰে কিন্তু তাৰ কাৰণে আত্মসন্মানবোধ
দলিয়াই দিবলৈ মই ৰাজী নহয়| আৰু কোনো হীনমন্যতাও মোৰ নাই| মাত্ৰ অলপ অপমানিতবোধ
কৰিছো তোমাৰ অসাধৱানতাৰ কাৰণে| কিন্তু মই যদি ধূলিস্যাত হ’বলৈ হয় তোমাকো লগত লৈহে
মৰিম| সময় কটাবলৈ সংগী নালাগে মোক.....তোমালোক পুৰুষবোৰ এনেকুৱাই| শৰীৰটো খেপিয়াই
থাকি ভালপোৱা| শৰীৰৰ ভোক মোৰো আছে| সেইবুলি এনেকৈ হুৰমূৰকৈ নোৱাৰোঁ মই| কালি চুই
চালো তোমাক| ভাল লাগিল মোৰ| আলেঙে আলেঙে লক্ষ্য কৰি আছিলো তোমাক| চিনেমাৰ ব্ৰেকত
সুধিলা কিবা খাম নেকি, বাটত সমানে সমানে খোজ দিলা, চিগাৰেট খাওঁতে পিছ পৰি দিলা,
দোকানত বাৰে বাৰে কৈ আছা দামটো চাবলৈ—হয়তো এইবোৰ তেনেই সৰু কথা| কিন্তু এনেকুৱা
সৰু সৰু কথাবোৰে মাইকী মানুহৰ হেঁপাহ জাগ্ৰত কৰে| কেয়াৰ লওঁ বুলি কাকো ক’ব নালাগে
কিন্তু কথা কাণ্ডই মানুহৰ মনটোক দাঙি ধৰে| আনৰ কথা নাজানো মোক বস্তুবাদী সমাজৰ
কোনো কথাই টানি নধৰে| একোৰে প্ৰতি মোৰ দুৰ্বলতা নাই| তোমাক যদি মাত্ৰ শৰীৰটো লাগে
এটা কাম কৰা যিকোনো এখন হোটেলত এটা ৰুম ঠিক কৰা| আহিম মই| বিলৰ কথা ভাবিব নালাগে|
মই পে’ কৰিম| তাৰপাছত বোধকৰোঁ তোমাৰ আৰু আক্ষেপ নাথাকিব| এট্ লিষ্ট্ মোক বিচাৰি
অহাৰ কিবা এটা লাভটো হ’ব!
সৰি পৰা সময়ে
ৰিঙিয়াই যায়
আলিদোমোজাত
হাঁহিবোৰে বাট হেৰুৱায়
ছাঁ-পোহৰত
লুকাভাকু খেলে
অভিমানৰ আঁৰে
আঁৰে বিষাদ আগুৱায়.....
....একো নাই মই
বুজিছো| মোৰ ভালপোৱাৰ পৃথিৱী বৰ আলসুৱা| সযতনে সুকুমলকৈ
সুন্দৰতাৰে সজাওঁ প্ৰতিটো ক্ষণ| সৰু সৰু ঠেহ পেচ হাঁহি আনন্দৰে পূৰ্ণ কৰিব খোজোঁ
প্ৰিয়জনৰ বুকু| সেইবুলি শৰীৰক উপেক্ষা নাই কৰা| কিন্তু তাক লৈ মোৰ আকাংক্ষা সীমিত|
তুমি যেনেকৈ হাতত ধৰি নিবা তেনেকৈ আগুৱাম মই...বুজিলা?....কি ক’লা গালি পাৰিবলৈ?
ইমানেই বুজিলা মোক! নাজানিলা নুবুজিলা বুকুৰ কোনখিনিত হাত দিছিলা তুমি| হয়তো মোৰ
ভুল বুজাব নোৱাৰিলো তোমাক| কিন্তু এনে কিয় কৰিলা মৰম কৰিবলৈ নাপাওঁতেই আঁতৰি গ’লা?
তোমাক খং কৰাৰ অভিমান কৰাৰ অধিকাৰ মোৰ নাই| আৰু মৰম!!! সেই অধিকাৰো মোৰ কোনোদিনেই
নাছিল| নহয়ো.....ভুল নাই বুজা| মাত্ৰ জানিব খুজিছোঁ সিমান দূৰৰ পৰাই সময় দিব
নোৱাৰা মই গ’লে কেনেকৈ সময় কটাবা মোৰ সৈতে? কৈছিলো তোমাক নিজকে টুকুৰা টুকুৰ কৰি ভাল নাপাওঁ মই| তোমাকো
তেনেকৈ নিবিচাৰো| তোমাক মই মোৰ কৰি বিচাৰো সম্পূৰ্ণকৈ....
ছাঁ-পোহৰত ভেজা
দি
সাৰপাই উঠিছিল
জীয়া সপোন এটা...
শুকান পুখুৰীটোত
ঢল নামিছিল
হেঁপাহৰ.....
......বিচৰাখিনি
হয়তো নাইপোৱা| যি পাইছো তাকো হেৰুৱাইছো| কিন্তু প্ৰতিবাৰেই একো একোট নতুন
উপলব্ধিয়ে মোক জীপাল কৰি গৈছে| এইবোৰৰ মাজত তুমি অনন্য| ক্ৰোধ আৰু কোমলতাৰ এক
অদ্ভূত সংমিশ্ৰণ আছে তোমাৰ মাজত| বন্দনা তোমাৰ প্ৰেম হৈ জীয়াই থকা তোমাৰ মাজত, আছে
তোমাৰ বিফলতাৰ প্ৰতীক হৈ| আছে তোমাৰ পুৰুষত্বৰ এটা জীৱন্ত প্ৰশ্ন হৈ| সঁচাই তোমাক
পাই মই বহুত সুখী| তোমাৰ মাজত এক সন্মানবোধ আছে| এক অহং আছে| জীৱনক ভালপোৱা এক
হেঁপাহ আছে| তোমাৰ এক নিজস্ব সত্ত্বা আছে|..... সঁচা ক’বলৈ গ’লে আজিলৈ মই নিজকেই
ভালপায় আহিছিলো| গতিকে যিকোনো পৰিস্থিতিত পৰিলেও মই নিজক সামৰি লৈছিলো| কিন্তু তোমাক
মই মোতকৈ বেছি ভালপাওঁ| কিয় মই নাজানো| তোমাক হেৰুৱাৰ ভয়ে সেয়ে খেদি ফুৰে মোক|
তুমিবিহীন দিন মোৰ কল্পনাৰো বাহিৰত| নাজানো মোৰ বাবে কি দিন আহি আছে কিন্তু তোমাক
বাদ দি আন একো নাই.....তোমাক এক মুহূৰ্তৰ বাবেও পাহৰিব নোৱাৰোঁ| নিজৰ ওপৰতে সন্দেহ
হৈছে মোৰ এইয়া ময়েইনে? বাৰে বাৰে সেমেকি উঠে দুচকু| বুকুখন তোলপাৰ কৰি উঠে| মই কি
কৰোঁ? এবাৰ লগ নোপোৱালৈ নোৱাৰিম মই মোক সামৰি ৰাখিব| ভিতৰখন খালি হৈ গৈছে| এবাৰ
বুকুত সুমুৱাই ল’বা মোক মৰমেৰে| তাৰপাছত চাগে শান্ত হম| ল’বানে???
উভতি বৈছিল
বতাহজাক
ধূলিৰে ঢাকি
ধৰিছিল চৌপাশ....
সৰি পৰা উশাহত
বিয়পিছিল
কলিজা পোৰাৰ
গোন্ধ....
....নাজানো কি পালা
মোৰ মাজত! আৰু কি পাবলৈ আশা কৰা তাকো নাজানো! কিবা কিবি ভাবে হেন্দোলনি তুলিছে
মনত| তুমি আবতৰীয়া বৰষুণজাকৰ দৰে| আবেলিৰ বেলিৰ ৰহণৰ দৰে| জোনাক নিশাৰ জোনটোৰ দৰে|
শৰতৰ আকাশৰ দৰে| গতিশীলতাত হেৰাই যোৱাই তোমাৰ ধৰ্ম| থমকি ৰ’ব নোখোজা| অহৰহ কিবা
এটাত ব্যস্ত হৈ থাকি নিজক পাহৰাই ৰাখিব খোজা| মাত্ৰ সময়বোৰ পাহৰি থাকিব খোজা|
সেইয়াই ভাল চাগে!!! মই সৰাপাতৰ দৰে| সেয়ে বাৰে বাৰে বিবৰ্ণ হৈ পৰো| হ’লেও জীৱন
বিচাৰি ফুৰোঁ| কেতিয়াবা আঁকোৱালি ল’ব খোজোঁ| তুমি কৈছিলা এইয়া বাস্তৱ| অলপ সপোনৰ
পৰা বাহিৰ ওলোৱা| চাইচিতি চলা| তোমাৰ বন্ধুমহলক অনুসৰণ কৰি চাইছিলো| বেছিভাগেই হয়
নিজক ঢাকি ৰাখে নহয় পলায় ফুৰে| মোৰ দৰে কোনো মুক্ত নহয়| সকলো কিবা এটা বান্ধোনত
বন্দী| আত্মপ্ৰকাশ কৰিব পৰাৰ সাহস কাৰো নাই| হয়তো কাকো তাৰ প্ৰয়োজনো নাই| সপোনতেই
হওক বা বাস্তবতেই হওক কোনো মোৰ দৰে বেপৰোৱা নহয়| বলিয়া নহয়| মইনো কিয় এনেকুৱা হ’লো
তুমি কোৱাচোন| তুমি জানা মোক!
গৰাখহনীয়াত জাহ
গৈছিল সময়
জহি খহি গৈছিল
হৃদয়খন....
অচিন ৰোগ এটাই লগ
দিছিল
পথ্য বিচৰাৰ আহৰি
কাৰো নাছিল.....
.....কি কথা
পাতিবা তুমি? তোমাৰতো কোনো কথাই নাথাকে মোৰ লগত পাতিবলৈ| মই অলপ কিবা ওলোটাকে
ক’লেই তুমি মন বেয়া কৰি মুখ ফুলাই বহি থাকা| যেনিবা আৰু কিবা ক’লেই জগৰ লাগিব|
জুখি মাখি হিচাপ কৰি মাত দিয়া তুমি| কি ভাবা নাজানো| ভালপাওঁ বুলি কোৱা| কি
ভালপোৱা তাকো নাজানো| মই যেন অজীৰ্ণ কিবা এটা! ক’তো জীণ যাব নোৱাৰো| বিভীষিকা এটা|
সকলোৱে মোলৈ ভয় কৰে| তুমিও কৰা| মই কিজানি সঁচাই অদ্ভূত! কোনো যুক্তি কোনো নিয়মত
নপৰা কোনো বান্ধোনত বান্ধ নোখোৱা নিয়ন্ত্ৰণহীন ধুমুহা এজাক! যেনিয়ে যাওঁ উৰুৱাই লৈ
যাওঁ সকলো| কেলৈ যে মই এনেকুৱা হ’লো? মইনো কিয় ব্যতিক্ৰম হ’লো? মইয়োতু পাৰো জীৱনক
চুই চাব| মইয়োতু জানো হাঁহি বিলাব| আন বহুততকৈ মই বেছি ভালকৈ বুজি পাওঁ জীৱনৰ
অৰ্থক| অনুভৱেৰে সজাব জানো মুহূৰ্তবোৰক| তথাপিও কিয় মই ৰিক্ত হৈ আছো???
ধাৰাল নীৰৱতাই
কাটি নিছিল আমঠু
ধূসৰ চামনি এটা
পৰিছিল বিৰক্তিৰ...
তিতা পানী এখিনি
উজাই আহিছিল
তিতাৰ স্বাদত কোঙা
হৈ গৈছিল শৰীৰ....
.....বৰ ডাঙৰ
উপহাৰ দিলা| একো নাই| তুমি দিয়া সকলো মই মোৰ বুলি আদৰি লৈছো| এনেও তুমি মোৰেই|
গতিকে তুমি দিয়া দুখবোৰো মোৰ নহৈ আন কাৰ হ’ব? ক’বলৈ একো নাই আজি| তোমাক সাৱটি
তোমাৰ মৰমেৰে বুকু ভৰাই থৈছো| মই হাজাৰ চেষ্টা কৰিলেও তাক মোহাৰিব নোৱাৰোঁ| ভালে
থাকা| য’তে থাকা মোৰ হৈ থাকা| বুজোঁ মই.....মোক লগ পাই তোমাৰ বেয়াহে হ’ল| এটা
অবাঞ্চিত মূৰ কামোৰণি| কিজানি কোনো কোনো ক্ষেত্ৰত অপদস্থও হ’লা! মইয়ো টান কথা কৈ
কষ্ট দিলো তোমাক| তাৰপাছতো সহ্য কৰিছা মোক!!!.... সহজ হোৱা মোৰ সৈতে| যি হ’ল সকলো
পাহৰি যোৱা| বন্ধু হৈ থাকা মোৰ| ইমানো বেয়া নহয় মই| মুকলি কৰা নিজক| অপৰাধবোধ
নানিবা মনলৈ| ভালপোৱাবোৰ মৰমবোৰ তেনেকৈয়ে থাকক দিয়া হিয়াৰ তলত ৰৈ| আন কথা পাতা|
নহ’লে কষ্ট পাবা| মোৰো শান্তি নহ’ব| মই এৰি দিছো নিজক| আগৰ সেই বলিয়ালি নাই আৰু|
সামৰি পেলাইছো| কৈছিলো তোমাক এইবাৰ মই শান্ত হম বুলি| অনুগ্ৰহ কৰি মনত কোনো বোজা
নৰাখিবা| জীৱনটো তেনেই চুটি| কিয়নো মিছাতে মনোকষ্ট খাব লাগে! ভালে থাকা সদায়....
উৰি গ’ল এজাক
শৰালি আকাশ ধিয়াই
নীলাবোৰ হৈ আহে
চকুৱেদি....
এইমাত্ৰ পাৰহৈ
গ’ল ধুমুহাজাক
এটা নতুন পুৱাৰ
ৰেঙনি......
.....একো নাই কিয়
মিছাতে টেনচন লৈছা! মোক চুই অশুচি হ’বলৈ হ’বলৈ কোৱা নাই তোমাক| ভয় নাখাবা| জানাই
দেখোন মই কিমান বলিয়া বুলি! শান্তিত থাকা| মই কোনো নহয় তোমাৰ! জানো তুমি আৰু কেতিয়াও
মোক বিচাৰি নাহা| তথাপি আশা কৰোঁ| ভাল লাগে যে! তুমিয়েতু মোৰ! মোক পোৱাটো তোমাৰ
দুৰ্ভাগ্য| ভবা নাছিলা চাগে মোক বিচৰাৰ পৰিণাম এনে হ’ব বুলি| ক’ত ভুল হ’ল জানা?
তুমি প্ৰখ্যাত মানুহ| তাতে লেখক| গতিকে জানা নিজক কেনেকৈ আবুৰ দিব লাগে| মই মূৰ্খ|
নাজানো একো| খুলি দিলো সকলো| আচলতে মুকলি আকাশৰ দৰেই সকলো মুকলি বুলি ভাবিলো| সেয়ে
ভুল হ’ল| লেখিকা নহয় মই সেইয়াও এটা ভুল| তাতে বাস্তৱৰ জটিল পৃথিৱী| নিজে নগ্ন হৈ
তোমাকো উদং কৰি দিলো আৰু এটা ভুল.....প্লেন প্ৰগ্ৰেম কৰি জোখ মাপ কৰি ভালপোৱা
নাযায়| হয়তো তোমাৰ অভ্যাস আছে এনেকৈ উটি যোৱাৰ| মোৰ নাই| সেয়ে তোমাক আমনি কৰি আছো|
অলপ সময় দিয়া মোক| লাহে লাহে স্মৃতি হৈ যাম মই| তেতিয়ালৈ অলপ সহ্য কৰা| কিন্তু
এইটো ঠিক যে তোমাক সহজে পাহৰিব নোৱাৰিম| মন আৰু শৰীৰ একাত্ম হোৱাৰ পাছত নিজক সামৰি
ৰাখিবলৈ কিছু সময় লাগিব মোক....
এমুঠি তলসৰা বকুল
সুবাসত
আমোলমোল.....
সোঁৱৰণীৰ বাটে
বাটে
জীৱনৰ নাও
তুলবুল.....
.....সুপ্ৰভাত
বন্ধু| মৰমে মাথো মৰমৰ ভাষা বুজে| সেয়ে চাগে ইমান মৰম তোমালৈ| নুশুনিবাচোন মোৰ
কথাবোৰ| মনত লগাইয়ো নল’বা| মনলৈ যি আহে তাকে তোমাক কৈ দিওঁ মই| তোমাক কষ্ট দিবলৈ
বুলি নকওঁ| তোমাৰ মাজত মোক বিচাৰি ফুৰোঁ| সেয়ে কওঁ| নধৰিবা মোৰ কথাবোৰ| মই এনেও
ভাবি থাকোঁ কিবা কিবি| ভালে থাকা.....হাঁহি থাকা......কাৰণ মই জানো তুমি মোৰ বাবে
অপেক্ষা নকৰা.....মোৰ হিয়াৰ এচুকত স্থান নোলোৱা.....তুমি তোমাৰ স্বাভিমান নেৰা আৰু
মই মোৰ আত্মসন্মান.....
সুৰুঙাইদি সৰকি
আহে এচেৰেঙা ৰ’দ
ভিজা কলিজাত পৰি
উপঙি আহে
সেমেকা সেমেকা
গোন্ধটো....
কুলিৰ মাতত সাৰ
পাই উঠে হেৰুৱা সপোনটো!!!
নিৰ্জনতাৰ আঁৰে
আঁৰে
থমকি থমকি বৈ যায়
মৰম নদীৰ ঢল
হৃদয়ৰ পৰা হৃদয়লৈ....
বৰদৈচিলাই ধুৱাই
নিয়া প্ৰহৰ....
উজান উঠে বিৰহী
বক্ষত উত্তাপৰ
উম লাগি সৰি পৰে
অভিমানৰ কলিয়া ডাৱৰ.....
ইয়াত এখন নদী
আছিল
দুয়োপাৰত জীৱন
আছিল....
আজিও আছে এখন
মৃতপ্ৰায় চহৰ
আৰু এখন সেউজীয়া
অন্তৰ....
************************************************************
এটা মৃত্যুৰ
প্ৰস্তুতি......
....দুৱাৰখন ধাম্কৈ
মাৰি স্মৃতিৰেখাৰ পাছে পাছে হোটেলৰ কোঠালৈ সোমাই আহিল প্ৰকাশ| প্ৰকাশৰ সমগ্ৰ
অভিব্যক্তিতে ক্ৰোধৰ অপ্ৰকাশিত ভাৱৰ জুই| স্মৃতিৰেখাৰ মুখমণ্ডলত তেনে কোনো
উৎকণ্ঠাৰ চিনচাব্ নাই| শান্তভাবেই কাপোৰবোৰ সামৰিবলৈ ধৰিছে তাই| যেন একো হোৱাই
নাই| এপাকত স্মৃতিৰেখাৰ হাতৰপৰা জাপিবলৈ লোৱা কাপোৰখন টান মাৰি আনি প্ৰকাশে
স্মৃতিৰ মুখলৈ চাই প্ৰশ্ন কৰিলে-
: এইবোৰৰ অৰ্থ
কি? তুমি কি বুলি ভাবা নিজকে?
: তুমি কি ক’ব
বিচাৰিছা?
: মই কি ক’ব
বিচাৰিছোঁ তুমি ভালকৈয়ে বুজিছা| ঘৰ এৰি ইমান দূৰলৈ ওলাই আহিছোঁ| ইয়ালৈ আহিও যদি
সেই একেবোৰৰেই পুনৰাবৃত্তি হয় তেন্তে কি হ’ব? অলপতো এৰা-ধৰা
কৰিব পাৰা তুমি!
: এৰা-ধৰা?
প্ৰকাশ, আৰু কিমান এৰা-ধৰা কৰিম মই? এৰা-ধৰা কৰোঁতেই আজি মোৰ এই অৱস্থা; আৰু
নোৱাৰোঁ| বহুত হ’ল| আৰু মই একোকেই নকৰোঁ| বাকী তুমি যি ভাবা|
: ফুৰিবলৈ আহিছা|
তুমি আন মানুহবোৰক নাই দেখা নেকি? আন পতি-পত্নীসকলক নাইদেখা? কোনেওতো তোমাৰ দৰে
আঁতৰি আঁতৰি নাইফুৰা? মই তোমাৰ কাষ চাপিব খুজিলেই তুমি অসহিষ্ণু হৈ উঠা কিয়?
: কিয় তুমি
ভালকৈয়ে জানা| তোমাৰ সান্নিধ্য সহ্য নহয় মোৰ|
: কিয় নহয়? মোৰতো
তোমাক বাদ দি আন কোনো নাই! কিমান ভালপাওঁ তোমাক| কি কৰা নাই তোমালোকৰ বাবে?
: তোমাৰ এই
কিয়টোৰ উত্তৰ আৰু নিদিওঁ প্ৰকাশ| পাৰ হৈ যোৱা বছৰবোৰত এই কিয়টোৰ সমিধান দিওঁতে
দিওঁতে তিতা-কেঁহা লাগি গ’ল মোৰ| আৰু ভালপোৱাৰ কথা নক’বা| বেয়া শুনি| কিনো কৰিলা আজিলৈ মোৰ বাবে? কি দিলা মোক? মোক লগাখিনি যদি
দিলাহেঁতেন আজি এই পৰিস্থিতিৰ উদ্ভৱেই নহয়| এইবোৰৰ বাবে দায়ী তুমি| মই নহয়| সময়
থাকোঁতেই সকিয়াই দিছিলোঁ তোমাক| কিন্তু তুমি নুশুনিলা| তুমি ভাবিলা এইয়া তোমাৰ
প্ৰাপ্য| তোমাৰ অধিকাৰ| গতিকে মই দি থাকিলোঁ তুমি লৈ থাকিলা| মই কোনোবাখিনিত পৰি
থাকিলোঁ বুলি তুমি যদি সময় থাকোঁতেই উপলব্ধি কৰিলা হয়! মোৰ কথা বাদেই দিয়া তুমি ল’ৰা-ছোৱালীকেইটাৰো যত্ন ল’ব নাজানা| তুমি নাজানা
সিহঁত দুটাৰ মনৰ খবৰ| তোমাৰ ল’ৰা ডাঙৰ হৈ আহিছে| আৰু খুব
বেছি দুবছৰ সি থাকিব আমাৰ লগত| তাৰপাছত সি নিজেই নিজৰ সাৰথি হ’ব লাগিব| তুমি কি শিক্ষা দিছা তাক তাৰ ভৱিষ্যতৰ সহায় হোৱাকৈ?
: কি কৰা নাই মই
তোমালোকৰ বাবে? দিন-ৰাতি তোমালোকৰ কথা চিন্তা কৰোঁতেই দেখোন মই শেষ হৈ গ’লো!
জীৱন বৰবাদ্হৈ গ’ল মোৰ!
: তোমাৰ জীৱন
বৰবাদ্ হ’ব লগাকৈ এনে কি হ’ল প্ৰকাশ? কি নাপালা
তুমি? আৰু কি পাবলৈ বাকী থাকিল তোমাৰ? এখন ঘৰ, এজনী সুন্দৰী চাকৰিয়াল পত্নী,
দুটাকৈ ধুনীয়া ল’ৰা-ছোৱালী| তাৰপাছতো তোমাৰ জীৱন বৰবাদ্ হৈ
গ’ল বুলি ক’লে বেয়া শুনি| তোমাক লগা
সকলোখিনিয়েই মই দিছোঁ| আনকি মোৰ ইচ্ছাৰ বিপৰীতে গৈয়ো তোমাৰ মন বুজি তোমাক সন্তুষ্ট
কৰিছোঁ| তাৰপাছতো তোমাৰ এই আক্ষেপৰ কোনো ভিত্তি নাই|
: তুমিওতো পাইছা
একেখিনি| তেনে তোমাৰ ইমান আক্ৰোশ কিয়?
: মই নাইপোৱা|
মোক লগা একোৱেই মই নাপালো|
: কি লাগিছিল
তোমাক?
: তোমাক কৈ কি
লাভ হ’ব? কোনোদিনে বুজিবলৈ চেষ্টা নকৰিলা মোক কি লাগে| অথচ তেনেই
সাধাৰণ আছিল মোৰ প্ৰয়োজনবোৰ|
: আচলতে তুমি বৰ
জটিল| তোমাক বুজা কাৰো পক্ষে সম্ভৱ নহয়| আজি নতুনকৈ পাই কাৰোবাক হয়তো অলপ ভালপাইছা
কিন্তু কাইলৈ সেই একেই হ’ব| তোমাৰ মনৰ গতি ধৰিব পৰা সামৰ্থ কাৰো নাই|
: শুনি সুখী হ’লো প্ৰকাশ| নিজৰ
অক্ষমতা ঢাকিবলৈ ইয়াতকৈ ভাল মন্তব্য কোনেও দিব নোৱাৰিলেহেঁতেন| যিহওক বাদ দিয়া|
শুৱাগৈ যোৱা| কাইলৈ পুৱা সোনকালে ওলাব লাগিব|
: নাযাওঁ মই| আজি
ইয়াতেই শুম|
: শুৱা তেন্তে|
মই বাব্লিক উঠাই দিওঁ| সি তাত শুৱকগৈ|
: তুমি ইমান বেছি
কৰা কিয়?
: কি বেছি
কৰিলোঁ?
: দেখি আছোঁ নহয়|
ইয়ালৈ অহাৰ পৰা এটা অচিনাকী ডেকাৰ লগত সমানে খোজ দি ফুৰিবলৈ গৈছা, একেখন ৰিক্সাত
উঠিছা| আৰু আজিতো যি কৰিলা কি কম আৰু! তাৰ লগত সাগৰত গা ধুইছা, তাক সাৱটি ধৰিছা!
লাজ নালাগিল তোমাৰ| সেইয়াতো কৰিলাই, কালি তাৰ কোঠাত বহি মদ খাইছা| আজি মই উপায়
নাপাই তোমালোকক লগ দিছোঁ| অথচ মোৰ ফালে চাবলৈ তোমাৰ আহৰি নাই| মই কাষলে গ’লেই
খঙত ফাটি পৰা তুমি|
: লাজ? ওহোঁ,
নাইলগা প্ৰকাশ| লাজ লাগিব লগা একো নাই তাত| কালি তোমাক সুধিছিলোঁ মদ খাবা নেকি
বুলি| নাখাওঁ বুলি ক’লা| মই খাম বুলি কওঁতে তুমি খোৱা বুলি ক’লা| স্পষ্টকৈ খুলি একো কিয় নোকোৱা? আজিও সাগৰত মই নমাই নাছিলোঁ| তোমালোকৰ
পাছে পাছে গৈ থাকোঁতে সাগৰৰ ঢৌৱে যদি মোক তিয়াই নেপেলালে হয় মই পানীত নানামিলোঁ
হয়| সাগৰৰ ঢৌৱে উটুৱাই নিওঁতে সি আৰু বাব্লিয়ে টানি আনিছিল মোক| নহ’লে চাগে পানীত ডুব গ’লো হয়| পাছত মদ খাই নিচা লাগোতে
তাক সাৱটি ধৰি ভালেই লাগিছিল মোৰ| কিয় জানো ভাৱ হৈছিল তাৰ বুকুত এটা কলিজা আছে!
চুই চাবৰ মন গৈছিল তাৰ বুকুৰ খোলটো! এবাৰ তাৰ চকুৰ মণিত মোৰ প্ৰতিবিম্ব বিচাৰি
চাবৰ মন গৈছিল! তাক সুধিবৰ মন গৈছিল উশাহত যেতিয়া তোৰ কলিজাটোৱে উঠা-নমা কৰে
তেতিয়া কেনে লাগে? তৰাৰে মিতিৰালি পতা তোৰ আকাশত পপীয়া তৰা আছেনে? জোনাকী পৰুৱাই
যেতিয়া আন্ধাৰ খেদে তোৰো বাৰু বতাহ এচাটি হৈ জোনাকীৰ পাছে পাছে দৌৰিবলৈ মন নাযায়
নে? সুদা ভৰিৰে যেতিয়া দুবৰিত খোজ দিয় সেমেকা ভাৱটোৱে তোৰ ওঁঠযোৰ তিয়াই পেলাইনে?
কোনোবাদিনা মাজৰাতি অজান পখীৰ চিয়ঁৰত টোপনি ভাঙি গ’লে তোৰ
মনলৈ গৰখীয়া সুৰ এটা বৈ আহেনে? আৰু বহুত কিবাকিবি মন গৈছিল| তথাপি তোমালৈ মনত পৰা
নাছিল মোৰ| ইমানেই বিৰক্তি সোমাই আছে তোমাৰ প্ৰতি মোৰ|
: একেপাত চৰে ঠিক
কৰিম| কথা ক’বলৈ আহিছা| লোকৰ ডেকাৰ লগত সময় কটাই আকৌ মোকেই কথা শুনোৱা!
মোৰেই ভুল| বহুত সহ্য কৰিলোঁ তোমাক| ইমান এৰি দিব নালাগিছিল তোমাক| নহ’লে তুমি ইমান মূৰৰ ওপৰত উঠিব নোৱাৰিলা হয়|
: আন যিয়ে নকৰা
লাগে মোৰ গাত হাত তোলাৰ ভুল যেন কেতিয়াও নকৰা প্ৰকাশ| মনত আছে চাগে বিয়াৰ পাছতেই
তোমাক এই কথাষাৰ কৈছিলোঁ| আৰু কি সহ্য কৰিলা তুমি মোক? কি এৰি দিলা? সহ্য কৰিব
নোৱাৰাই যদি আগতেই তোমাক কৈছিলোঁ কিবা এটা স্থায়ী ব্যৱস্থা কৰা প্ৰকাশ; আৰু পৰা
নাই এই ভুৱা আন্তৰিকতাৰ ভাৰ ব’ব| তুমি শুনিছিলানে মোৰ কথা?
: মোৰেই ভুল|
ভাবিছিলোঁ সময়ত সকলো ঠিক হৈ যাব| তুমিতো কৈয়ে আছিলা মইহে প্ৰশ্ৰয় দিয়া নাছিলোঁ|
এইবাৰ উভতি গৈ তুমি যি কোৱা তাকে কৰিম| য’ত চাইন্ কৰিব কোৱা তাকে কৰিম| যি হয় হ’ব যা|
: মই একো নকওঁ,
একো নকৰোঁও| যি ক’ব লগা কৰিব লগা আছে তুমি কৰিবা| সংসাৰ মই
অকলে পতা নাই, ল’ৰা-ছোৱালী দুটা মই অকলে জন্ম দিয়া নাই|
সিহঁতৰ প্ৰতি তোমাৰো সমানে দায়িত্ব আছে| কেৱল জন্ম দিয়াতেই তোমাৰ দায়িত্ব শেষ হৈ
যোৱা নাই|
: মই কৰিছোঁ মোৰ
কৰ্তব্য| তুমি ক’লেই সকলো নহয়| তুমি মাকজনী হৈ লোকৰ কোঠালৈ
গৈ মদ খাবলৈ লাজ পোৱা নাই| এইবাৰ উভতি গৈ ময়ো সদায় মদ খাম|
: খাবা আকৌ| মদহে
খাবা| কিনো মানুহে নোখোৱা বস্তুটো খাবা| পাৰা যদি ঘৰতেই আনি খাবা| একো নহয়| মদ
খোৱা মানুহ দেখিছোঁ প্ৰকাশ| সৰু হৈ থাকোঁতে মোৰ দেউতা অতিপাত মদপী আছিল| মাত্ৰ
চাবা তোমাৰ ভুলৰ বাবে যেন মোৰ ল’ৰা-ছোৱালীৰ কোনো হানি বিঘিনি নহয়|
: তুমি মাকজনী হৈ
যেতিয়া সিহঁতৰ কথা নাভাবা মই কিয় ভাবিম? তুমি এই বয়সত প্ৰেম কৰিছা, আনৰ লগত ঘূৰি
ফুৰিছা| কাইলৈ তোমাৰ ল’ৰা-ছোৱালীয়ে এইবোৰ গম নাপাব নেকি? সিহঁতেও
কথাবোৰ গম পোৱা উচিত| জানক সিহঁতেও| বাব্লি ডাঙৰ হৈছে, কাইলৈ মৌমনো ডাঙৰ হ’ব|
: প্ৰেম এই বয়সত?
প্ৰকাশ, তুমি প্ৰেম আৰু বন্ধুত্বৰ মাজৰ পাৰ্থক্যখিনিও নুবুজা দেখোন! মোক প্ৰেমৰ
প্ৰয়োজন নাই আৰু বন্ধুত্ব মোৰ বাবে আটাইতকৈ বিশ্বাসী বান্ধোন| বাকী তুমি যি বুজা|
মোৰ ফালৰপৰা একো নুবুজাওঁ তোমাক| মোৰ ল’ৰা-ছোৱালীৰ অনিষ্ট হ’ব
পৰা তেনে একো কৰা নাই মই| ফাঁকিও দিয়া নাই একো| তুমি নাজানিব পাৰা কিন্তু বাব্লিয়ে
জানে মোক| কোন মোৰ বন্ধু, কাৰ লগত মই সময় কটাওঁ কাৰ লগত কথা পাতোঁ বাব্লিয়ে জানে|
অন্ততঃ সি মোক বিশ্বাস কৰে সেইয়াই মোৰ বাবে যথেষ্ট|
: হুঁহ্ বন্ধুত্ব!
তোমাৰ একো এটা বস্তু তোমাৰ অনুমতিৰ অবিহনে কোনেও
চুব নোৱাৰে| আনকি ময়ো| তেনেস্থলত সি তোমাৰ মোবাইলৰ চিকিওৰিটি ক’ড্
জানে| তোমাৰ এ.টি.এম.ৰ পাছৱৰ্ড জানে| আৰু কি বাকী থাকিল| তোমাৰ এই বিশ্বাসত
কোনোবাদিনা চেঁচাপানী ঢালি কোনদিনা সি উধাও হ’ব তুমি গমেই
নাপাবা| ফিনিচ্ হৈ যাব তোমাৰ বন্ধুত্ব| তেতিয়াহে শিক্ষা হ’ব
তোমাৰ|
: আৰু কি
হেৰুৱাবলে’ বাকী আছে প্ৰকাশ? টকা-পইচাই কি সকলো? তাৰ-বাহিৰে আন একো নাই
মানুহৰ জীৱনত? তুমি কোৱা, তুমি মোক কৈছা ফুৰিবলৈ আহিও মই কিয় সলনি হোৱা নাই? মই
কিয় পুৰণা অনুভূতিবোৰ বিসৰ্জন দিয়া নাই? তুমি কোৱা, যোৱা সোতৰ বছৰৰ পিছত এই প্ৰথম
আমি ঘৰ এৰি বাহিৰলৈ ফুৰিবলৈ আহিছিলোঁ| টকা-পইচাৰ পৰা আৰম্ভ কৰি গোটেইখিনি যা-যোগাৰ
অকলশৰীয়াকৈ কৰিও ভাল লাগি আছিল মোৰ| কিন্তু তুমি কৰিলা কি? অহাৰ কেইঘণ্টামানৰ আগতে
তুমি কাজিয়া কৰা নাছিলানে মোৰ লগত? মোৰ স’তে ইমান বছৰ সংসাৰ
কৰাৰ পাছত তুমি জানো জানা যে অকণমান বিজুতি ঘটিলেই মোৰ মনটোৱে সংগতি হেৰুৱায়?
তেনেক্ষেত্ৰত তুমি জানি-শুনিয়েই লাগি লৈছিলা মোৰ লগত তাকো গাড়ীখন ধুবলৈ গৈ| তোমাৰ
যুক্তি মানুহ নথকা অৱস্থাত গাড়ীখন ধুই থৈ যোৱা ভাল অথচ আমি যাম মাত্ৰ দহদিনৰ বাবে|
সেই দহদিনত ঘৰৰ ভিতৰখন যি হয় হওক তাক লৈ তোমাৰ কোনো চিন্তা-ভাৱনা নাই| কাৰণ ঘৰৰ
ভিতৰখন মানুহৰ চকুত নপৰে| তোমাৰ কাৰণে ঘৰ-গাড়ী তোমাৰ পৰিচয়| তোমাৰ প্ৰয়োজন
টকা-পইচাৰ হিচাপ-নিকাচৰ| হিচাপ কৰাহে কৰা অথচ আজিলৈ তোমাৰ সংসাৰৰ হিচাপ মিলাওঁতে
মিলাওঁতে মই বেহিচাপী হৈ গ’লো| যান্ত্ৰিকতাত মই থাউনি নোপোৱা
হ’লো| তথাপি তোমাৰ অভিযোগৰ অন্ত নাই|
: অভিযোগ নকৰোঁ
মই| সেইদিনা তুমি হূলস্থূল নকৰা হ’লে একো গণ্ডগোলেই নহয়| আৰু হ’ল যেনিবা কিবা এটা তুমি তাকেই ধৰি থাকিব লাগে নেকি! বাদ দিয়া আৰু|
আঁহাচোন.....
: হাত নলগাবা
প্ৰকাশ| তুমি গাত হাত লগালে বিছা বগোৱা যেন লাগে মোৰ!
: তুমি এনেকৈ
কোৱা| কিয়? ময়ো একো পাব নালাগে জানো| আজিকালি নিবিচৰাই হ’লো
দেখোন!
: ময়ো মানুহ
প্ৰকাশ| জীয়া শৰীৰ এটা মোৰো আছে| কিন্তু তোমাক লগাৰ দৰে মোক কেৱল শৰীৰ নালাগে| মই
মাত্ৰ এটা শৰীৰ নহয়| ইয়ালৈ আহিও যদি প্ৰথম নিশাতেই মই তোমাৰ ক্ষুধা পূৰালোঁ হয়
তোমাৰ কোনো অভিযোগেই নাথাকিল হয় মোক লৈ| সকলো বুজোঁ মই| কিন্তু মাফ কৰি দিবা তোমাৰ
মনোৰঞ্জনৰ আহিলা হ’ব নোৱাৰোঁ আৰু| তোমাক যদি নিতান্তই শৰীৰ
লাগে কোৱা ইয়াতো পাবা ১২০ টকাত অজস্ৰ শৰীৰ| লাগে যদি কোৱা লাইন লগাই দিওঁ....
: কি কথাবোৰ
কোৱা! পতি-পত্নী আমি| বৈবাহিক জীৱনত আন সকলোবোৰৰ লগত এইখিনিও লাগে মানুহক| তুমি
কিয় ইমান অবুজ? কি ধৰণৰ কথাবোৰ কৈছা কোৱাচোন!
: বুজাততো সকলো
বুজোঁ প্ৰকাশ কিন্তু আৰু নুবুজোঁ প্লিজ্| ভাগৰ লাগিছে বুজোঁতে বুজোঁতে| যিমান
টনা-আঁজোৰা কৰিবা সিমান নিমিলা অংক হৈ গৈ থাকিব সময়বোৰ| গতিকে মোৰ ওপৰত হেঁচা
দিবলৈ এৰা| অলপ নিজা ববীয়াকৈয়ো ভাবা অলপ| ওলাই আহিছোঁ| অলপ সকাহ দিয়া মোকো|
: আজিলৈ যি হ’ল
হ’ল বাদ দিয়া| আঁহা কথাবোৰ নতুনকৈ ভাবোঁ| ইহঁত দুটাও নাই
জানো?
: ইহঁত দুটাৰ
বাবেই ময়ো আছোঁ নহ’লে কাহানিবাই ছিঙি পেলালো হয় এই বান্ধোন|
মাক মই ইহঁতৰ| জন্ম দিছোঁ মই| নিজে জীৱন দি ধ্বংস নমাই আনিব নোৱাৰোঁ ইহঁতলৈ| সেয়ে
তোমাৰ অস্তিত্ব আজিও আছে মোৰ জীৱনত|
: তুমি যিদৰে
কোৱা ইমান সহজ জানো স্মৃতি কথাবোৰ?
: সহজ নে জটিল
নাজানো প্ৰকাশ| ভাবিবলৈ বাদ দিলোঁ মই| সলনি হৈ গৈছে মোৰ পৃথিৱী| সলনি হৈ গৈছে মোৰ
বাবে জীৱনৰ সংজ্ঞা| তুমি তাক টনা-টনি কৰি লাভ নাই| কাইলৈ যদি তুমি নাথাকা তোমাৰ
নামত উকা কপালেৰে বগা সাজযোৰো ময়েই পিন্ধিম কিন্তু তোমাক মোৰ বুকুত সোমোৱাই
আঁকোৱালি ল’ব নোৱাৰিম| তাৰবাবে ক্ষমা কৰিবা মোক|
: ইমান দূৰলৈ
ভাবিছা? তেন্তে মই এনেকৈ কেনেকৈ বাচি থাকিম? মোৰ কি হ’ব?
এনেকৈ জানো মানুহ থাকে?
: থাকে নে নাথাকে
নাজানো| কিন্তু থাকিব লাগিব| অন্য কোনো পথ নাই| তুমি ভাবা এইবাৰ| ভাবি-চিন্তি যি
সিদ্ধান্ত লোৱা জনাবা মোক| মই মানি লম| এতিয়া শুবলৈ যোৱা| দুই বাজিল|
.........................................**........................................
সময় পুৱা পাঁচ
বাজি গৈছে| স্মৃতিয়ে কাকো নজগোৱাকৈ অকলেই সাগৰৰ পাৰলৈ খোজ ল’লে|
সাগৰৰ পাৰলৈ গৈ দেখে অগণন মানুহ| কোনোবাই সাগৰৰ চেঁচা বালিত খোজ কাঢ়িছে, কোনোবাই
পানীত গা ধুইছে, কোনোবাই চিঞৰ-বাখৰ কৰি অনৰ্গল কথা পাতিছে, কোনো কোনোৱে আকৌ চাহৰ
জুতি লৈছে| দুটামান ডেকাই বল এটা লৈ দৌৰা দৌৰি কৰি আছে| চকুৰে মণিব পৰালৈ ইমূৰৰ
পৰা সিমূৰলৈ কেৱল মানুহ আৰু মানুহ| তাৰমাজতে অকস্মাত্ তাইৰ চকুত পৰিল দুজন দুজন
মানুহে একেশাৰীতে থিয় দি কিবা ৰচী একোডাল টানি আছে| ৰচীডাল টানোতেও একধৰণৰ
সাৱধানতা অৱলম্বন কৰিছে| অলপ ভালকৈ গমি চাই তাই গম পালে সেইকেইজন মাছমৰীয়া| নিশা
সাগৰত পাতি থোৱা জালবোৰ চপাইছে| তাই একেৰাহে তেওঁলোকলৈকে চাই থাকিল| দুজন দুজনকৈ
প্ৰায় আঠজন মানুহে একো একোডাল ৰচী টানিছে| বেলেগে বেলেগে কেইবাযোৰা মানুহে এনেদৰে
ৰচী টানিছে| কি কষ্টকৰ এই মাছমৰীয়াসকলৰ জীৱন-সংগ্ৰাম| আগদিনা নিশাও তাই সাগৰৰ পাৰত
বহি তেওঁলোকৰ নাওবোৰৰ ৰেহ্ৰূপ চাই আছিল| চাওঁতে চাওঁতে অন্ধকাৰত সাগৰৰ বুকুত
বিলীন হৈ গৈছিল তেওঁলোকৰ নাও| মানুহবোৰক চাহ খোৱা দেখি স্মৃতিৰো চাহ একাপ খাওঁ যেন
লাগিল| কিন্তু তাই হাতত টকা-পইচা একো অনা নাই| পুনৰ মানুহবোৰলৈ চাই শিলৰ ওপৰত বহি
থাকিল তাই| সাগৰৰ বতাহ লাগি চেঁচা চেঁচা লাগিছে অলপ| তাই হাত দুখনেৰে এনেই গাটো
মেৰিয়াই ধৰিলে|
: হুঁ চাহ খা|
ঠাণ্ডা লাগিছে তোৰ| আকৌ হাঁচিয়াবি নহ’লে|
.....চক্খাই
উঠিল স্মৃতি জোনাকৰ মাত শুনি| চাহৰ কাপটো হাতত লৈ তালৈ চালে তাই| চকু দুটা ৰঙা পৰি
আছে তাৰ|
: ৰাতি নুশুলি
তই? কিয়নো এই পুৱাতে উঠি মোৰ পাচে পাচে আহিলি? পাছত আকৌ মোকেই কথা শুনাবি মই শুবলৈ
নিদিলোঁ বুলি—হাঁহি এটা মাৰি চাহৰ কাপটো হাতত লৈ ক’লে
স্মৃতিয়ে|
: লেক্চাৰ
নিদিবি| মই জানো তই যে পুৱাতেই আহি ইয়াত বহি থাকিবিহি বুলি|
: হুম্!!
: কালি তহঁতে
কাজিয়া কৰিলি?
: উম্ কৰিলোঁ|
কৰিব খোজা নাছিলোঁ কিন্তু প্ৰকাশে বৰ কিবাকিবি ভাবিছে|
: তইনো অলপ সহ্য
নকৰ কিয়? তোৰ হাততেইতো সকলোখিনি আছে|
: চা জোনাক, বয়সত
সৰু হ’লেও তই বহুত কথাই জান’| বুজি পাৱ| আৰু
ইমান দিনে মোকো বুজি পাইছ কিজানি| তাৰপাছতো এনেকৈ জোৰকৰি মোক মাটিত মিলি যাবলৈ
নকবি| মৰি থাকিম|
: এনেওনো কোন চা
জিন্দা আছ তই!
: জীয়াই থকা নাই
কিন্তু উশাহ লৈ আছোঁ মুক্তমনে| তই কি সেইখিনিকো মোহাৰি পেলাব খোজ?
: নোখোজোঁ| মাত্ৰ
মই ক’ব খুজিছিলোঁ....বাদ দে| তোৰ পৰা এটা প্ৰতিশ্ৰুতি বিচাৰিম দিব
পাৰিবি?
: কথাত বান্ধি
লৈছ যে? সন্দেহ আছে নেকি? কৈ চা| দিব পৰা হ’লে দিম কিন্তু মোৰ নিজস্বতা হেৰুওৱা কিবা হ’লে দিব নোৱাৰোঁ| মোৰ বাবে মোৰ অভিমান, মোৰ সন্মান বৰ ডাঙৰ| জেদ্ এৰিব
নোৱাৰোঁ কোনো কাৰণতে| বিনা অপৰাধত কাৰো আগত মূৰ দোঁৱাবও নোৱাৰোঁ|
: সিমান বেছি একো
নকওঁ তোক| বিশ্বাস ৰাখ| মই জানো এতিয়াও মোৰ বাহিৰে আৰু বন্ধু আছে তোৰ| তোৰ দৰে ময়ো
বন্ধুত্বক বিশ্বাস কৰোঁ| মই কোৱা নাই যে তোৰ কিবা ভুল হৈছে বা তই কিবা ভুল কৰিছ|
তোৰ এটাই মাত্ৰ ভুল যাক তই বিশ্বাস কৰ তেওঁৰ আগত তই সৰ্বস্ব উজাৰি দিয়| যিটোৱে তোৰ
ক্ষতি কৰিছে আৰু এই কথাটোৱে মোক কষ্ট দিছে| কাইলৈ কোনোবা আহি তোৰ কিবা অনিষ্ট কৰি
যাওক মই সহিব নোৱাৰিম সেইটো| যদি তই মোক বিশ্বাস কৰ তেনে কথা দে মোৰ পাছত আৰু কাৰো
আগত তই নিজক উদঙাই নিদিওঁ বুলি| আৰু কাকো খুলি নেদেখুৱাবি তোৰ বুকুৰ খালি খাই
ঠাইখিনি| তোৰ জীৱন কি হ’ল সেইবোৰ বাদ দে| ইহঁত দুটাৰ কথা ভাৱ|
কেনেকৈ ইহঁত দুটাৰ জীৱন সজাব পাৰ তাৰ কথা ভাব|
: ইহঁতৰ কথাই
ভাবোঁচোন অহৰহ্!!
: ভাব, নাভাব
বুলি কোৱা নাই| কিন্তু এতিয়াৰ পৰা তই পাহৰি যা তই কোন| তোৰ কিবা পাব লগীয়া কিবা
আগ্ৰহ-হেঁপাহ আছে বুলিও পাহৰি যা| মাত্ৰ ভাব ইহঁতক কেনেকৈ মানুহ কৰিব পাৰ| তোক
সঁচা কৈছোঁ, তোৰ ল’ৰা-ছোৱালী দুটাৰ মৰমত বলিয়া হৈ গৈছোঁ মই|
তোৰ অকণমান অমনোযোগিতাৰ কাৰণে ইহঁত দুটাৰ কিবা এটা হ’বলৈ হ’লে তোক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম মই| তই নিজেও জান’ তোৰ ল’ৰাটো তোৰ ছোৱালীজনী কিমান সংবেদনশীল| কাইলৈ
তহঁতৰ এই কাজিয়াবোৰে এই অমিলবোৰে ইহঁতৰ মনত খোপনি পুতিব বুলি নাভাব নেকি? কোনে
জানে ভৱিষ্যতে ডাঙৰ হৈ তোৰ ছোৱালীজনী বা তোৰ ল’ৰাটোৱে যদি কয়
মা-দেউতাৰ সংসাৰখন দেখি সংসাৰৰ মায়াত বান্ধ খাবলৈ মন নাই আৰু! সেইদিনা জানো নিজক
ক্ষমা কৰিব পাৰিবি তই?
: তই কোৱা কথাবোৰ
প্ৰায়ে ভাবোঁ জোনাক| কিন্তু কি কৰোঁ ক’| কেতিয়াবা দুৰ্বলতা জয় কৰিব নোৱাৰোঁ|
কিতাপৰ পাতত মনটোক আবদ্ধ কৰিব নোৱাৰোঁ| আবেগক ভেটা দিব নোৱাৰোঁ| তেতিয়াই কাৰোবাৰ
সান্নিধ্যৰ বাবে বলিয়া হৈ উঠোঁ| অলপ উত্তাপ মোকো নালাগে জানো?
: তোক অলপ সময়
আৰু অলপ অন্তৰঙ্গতাৰ বাহিৰে একো নালাগে| ইমানদিনে ভালকৈয়ে বুজি উঠিছোঁ সেই কথা|
সেয়ে তোক এনেকৈ ক’বলৈ সাহস কৰিব পাৰিছোঁ| সাধাৰণ দুৰ্বলতাত
উটি যোৱা মানুহ নহয় তই| মাত্ৰ খেয়াল-খুচিমতে কেতিয়াবা কিছুমান ভুল কৰ যিবোৰৰ কোনো
সমাধান নাই| কিন্তু কথা দে মোক আৰু এনে নকৰ বুলি|
: ......!!!
: দিবিনে? দিব
পাৰিবিনে? নে তোৰ বাবে মোৰ কোনো মূল্য নাই?
: হ’ব
দে, তই যি কৈছ সেইয়াই হ’ব| এইয়া তোৰ গা চুই কথা দিছোঁ তোক|
খুচ?
: উম্...সেইবুলি
নতুন কোনো নাহিল বুলি পুৰণা কাৰোবাকো আমন্ত্ৰণ কৰিব নোৱাৰিবি|
: হ’ব
অ’ বুজিছোঁ....যাওঁ ব’ল....বহুত কৰণীয়
আছে মোৰ.....
উপসংহাৰ: গংগাৰ
মোহনাত ৰৈ নিজৰ নিজৰ ভাৱনাত উটি গৈছে প্ৰকাশ, স্মৃতি, জোনাক, বাব্লি আৰু মৌমন|
প্ৰচণ্ড বতাহে কোবাই আছে সিহঁতৰ শৰীৰবোৰ| অলপ দূৰে দূৰে মানুহৰ ভিৰ| সকলো যেন কিবা
ভাৱত মগ্ন| দুটামান পৰিয়ালৰ সদস্যই ইমান জোৰে জোৰে কথোপকথন কৰিছে যেন আটাইবোৰৰে
কাণবোৰ কলা! আচলতে সাগৰৰ গৰ্জনে সকলোৰে মাত তল পেলাই দিছে সেয়ে| কোনোবাই আকৌ ফটো
চেচন্ আৰম্ভ কৰিছে| এক ধৰণৰ প্ৰাণ-স্পন্দনে চুই গৈছে সকলোকে| সাগৰৰ কলৰৱ, পানীৰ
কোবাল সোঁত| জোৰেৰে কোবাই থকা বতাহ| দূৰণিত সেউজীয়া গছৰ হাবিডৰা কি অৰ্পূব সুন্দৰ
হৈ ধৰা দিছে স্মৃতিৰ দুচকুত! তেনেতে পানীত এটা জীয়া কেঁকোৰা দেখি আনন্দত জঁপিয়াই
উঠিল মৌমন| কেঁকোৰাটোৰ পাছে পাছে তাইয়ো এখোজ দুখোজ কৈ যাবলৈ লাগিল| লগতে দেউতাককো
টানি লৈ গ’ল তাই| দূৰণিৰ সেউজীয়া বননিৰ পৰা চকু ঘূৰাই আনি স্মৃতিয়ে বাব্লিলৈ
চালে| কৈশোৰ-যৌৱনৰ সন্ধিক্ষণত আহি থিয় দিছে ল’ৰাটো| বয়স
অনুপাতে বেছি ওখ হৈছে সি| গজ্গজ্কৈ মানুহটোহে বাঢ়িছে| বাকী আচাৰ-আচৰণবোৰ এতিয়াও
অপৈণত হৈয়ে আছে| তালৈ চাই চাই মমতাত চকুযোৰ সেমেকৈ গ’ল
স্মৃতিৰ|
: বাব্লি, তুমি
সুখীনে ফুৰিবলৈ আহি?
: উম্খী মা|
বহুত সুখী| থেংকচ্মা|
: আৰু কোনো
অভিযোগ নাইতো তোমাৰ?
: নাই মা|
: তুমিও আৰু
কেতিয়াও নোকোৱাতো কি দিলা মোক বুলি?
: কেতিয়াও নকওঁ
মা|
: মনত থাকিব?
: থাকিব|
: প্ৰমিজ্?
: প্ৰমিজ্| একদম
পাক্কা প্ৰমিজ্|
: ইয়াৰ পৰা গৈ
কিতাপ ল’বলৈ মই বা দেউতাই সোঁৱৰাই দিব লাগিব নে নিজেই ল’বা?
: নিজেই লম|
তোমালোকে একো ক’ব নালাগে| এইবাৰ চাবা মই খুব ভালকৈ পঢ়া-শুনা কৰিম|
: দেউতাই আৰু ক’ব
নালাগেতো অমুকে ইমান পঢ়িছে তমুকে ইমান পঢ়িছে বুলি?
: নালাগে| দেউতাক
অভিয়োগ কৰাৰ কোনো সুৰুঙাই নিদিওঁ মই|
: ঘৰলৈ গৈ পাহৰি
যোৱা যদি?
: নাপাহৰোঁ মা|
মই তোমাৰ ল’ৰা|
: ঠিক্তো?
: উম্ ঠিক্.....
......শব্দ
কৰিয়েই হাঁহি উঠিল মাক-পুতেক দুয়োটাই| জোনাকে হাতত একাঁজলি পানী লৈ চটিয়াই দিলে
সিহঁত দুটালৈ.......
*****************************************************************
পৰিক্ৰমা
: খুড়ী, আহিলে অফিচৰপৰা? বেগত কি আনিছে? মিঠাই আনিছে নেকি? ময়ো খাম দেই-
…..ৰাখীৰ ওপৰাওপৰি প্ৰশ্নকেইটা শুনি মিচিকিয়াই হাঁহিলে ৰাস্নাই। উত্তৰ নিদিলে তাই। তাইৰ হাঁহিটো দেখিয়েই ৰাখীয়ে গম পায় খুড়ীয়েকে আজি মিঠাইজাতীয় একো অনা নাই। নহ’লে খুড়ীয়েকে নিশ্চয় ক’লে হয় –“ওঁ মিঠাই আনিছো ৰাখী। তোমালৈকো আনিছো। অলপ পাছত আহিবা দেই খাবলৈ”। আচলতে ৰাখীয়ে কোনো উত্তৰৰ আশাত প্ৰশ্ন নকৰে। এনেই কৰে। চিনাকি মানুহ পালে প্ৰশ্ন সোধাতো তাইৰ অভ্যাস। কোনোবাই উত্তৰ দিয়ক বা নিদিয়ক সেই লৈ তাইৰ ভ্ৰূক্ষেপ নাই। বয়সেৰে এজনী পৰিপূৰ্ণ গাভৰু হ’লেও মানসিকভাৱে অপৰিপক্ক ৰাখী। প্ৰথম দেখাত তাইৰ বিসংগতিবোৰ বৰকৈ চকুত নপৰে যদিও অলপ ভালকৈ লক্ষ্য কৰিলে ধৰিব পৰা যায়। বৰগুৰিৰ পৰা ৰাখীহঁতৰ ভাড়াঘৰলৈ আহোঁতে ৰাখীৰ মাক-দেউতাকে পাৰ্যমানে ৰাখীক ৰাস্নাহঁতৰপৰা আঁতৰাই ৰখাৰ চেষ্টা কৰিছিল। দেখাই-শুনাই কথাই-বতৰাই তেনেকৈ বিশেষ খুঁত নথকা ৰাখীক ভালেই লাগিছিল ৰাস্নাৰ। খালি তাই বৰকৈ প্ৰশ্ন কৰাটোত মাজে মাজে বিব্ৰতবোধ কৰিছিল। তিনিজনী ছোৱালীৰ মাজত ডাঙৰ আছিল ৰাখী। ভনীয়েক দুজনী পঢ়া-শুনাই ভাল আছিল। ৰাখীহঁতৰ মাক-দেউতাক পেছাত দুয়োগৰাকী শিক্ষক-শিক্ষয়িত্ৰী। ব্যৱহাৰ পাতি স্বাভাৱিক। দেউতাকে মাজে মাজে ৰাখীৰ কথা পাতে ৰাস্নাহঁতৰ লগত। মাকে কয় জন্মৰ সময়ত ডাক্তৰৰ ভুলৰ বাবেই ৰাখীৰ এই অৱস্থা হ’বলৈ পালে। ফ’ৰচেপ বেবী আছিল ৰাখী। ফ’ৰচেপৰ ফলত তাইৰ মগজুৰ তেজ সঞ্চালন কৰা মূল শিৰাডাল চেপা খাই গ’ল। আৰু তাৰেই ফলস্বৰূপে ৰাখীৰ মগজুৰ সঠিক বিকাশ নহ’ল। কেতিয়াবা কিছুমান বস্তু লাগে আঁকোৰগোজ মাৰি ধৰে ৰাখীয়ে। কাৰো কথা নুশুনে। তেতিয়া তাইক চম্ভালি ৰাখিবলৈ টান হৈ পৰে। কিন্তু তাই সকলো কথা বুজি পায়। তাইৰ স্মৃতিশক্তিও প্ৰখৰ। এবাৰ কাৰোবাক দেখিলে সতকাই নাপাহৰে।
.….আঠটা বছৰ ৰাখীহঁতৰ ভাড়াঘৰত কটাই পাছত সেইখিনিতে নিজাকৈ ঘৰ বান্ধিলে ৰাস্নাহঁতে। গতিকে অফিচলৈ বা বজাৰলৈ অহা-যোৱা কৰোঁতে ৰাখীৰ মুখামুখি প্ৰায়ে হয় ৰাস্নাই। এনেও অতবছৰ একেলগে কটোৱাৰ বাবে তাইলৈ মৰম সোমাইছিল ৰাস্নাৰ। বয়স বাঢ়িলেও শিশুসুলভ সৰলতা আছে ৰাখীৰ মাজত। ঘৰ সোমাইয়ে ভাগৰে হেঁচা মাৰি ধৰিলে ৰাস্নাক। অফিচ-ঘৰ, দায়িত্ব-কৰ্তব্য সকলো সামৰোঁতে সামৰোঁতে কেতিয়াবা বিৰক্তি লাগে। সদায় সেই একেসোপাই কাম। একেসোপাই চিন্তা। গতানুগতিকতাই গ্ৰাস কৰি অনা জীৱন। দিনে দিনে বাঢ়ি অহা ল’ৰা-ছোৱালী দুটাৰ ফালে চাই অৱশ লাগে তাইৰ। চাকৰিটো এৰি দিবৰ মন যায় কেতিয়াবা। কিমান আৰু চোঁচৰাই লৈ ফুৰাব নিজকে! আজৰি বুলিবলৈতো অলপো সময় নাপায়। চাকৰিও যিটোহে বন্ধ বুলিবলৈ নায়েই। পুৱা ছাৰে ন’টাৰপৰা আবেলি ছ’টালৈ অফিচৰ সময়। বেমাৰ-আজাৰ হ’লে বা ইহঁত দুটাৰ পৰীক্ষা থাকিলেহে যি দীঘলীয়াকৈ ছুটি লোৱা হয়। তাকো তেনেকৈ ছুটি ল’লে দিনকেইটা প্ৰয়োজনতকৈ সোনকালে পাৰ হৈ গ’ল যেন লাগে। ছুটিৰপৰা গৈ অফিচত বহিলে কামত মন নবহা হয়। কানি-কাপোৰ সলায় মুখ হাত ধুই আহিল ৰাস্নাই। ৰূপাই পানী এগিলাচ আনি দিলে। ৰূপাৰ চাহ হয় মানে ডাইনিং টেবুলতে বহি পৰিল তাই। টেবুলত ঢাকি থোৱা কাঁহীখন দেখি গাম পালে অতনু আজি ভাত খাবলৈ নাহিল বুলি। ক’ব নোৱাৰাকৈয়ে হুমুনিয়াহ এটা সৰি পৰিল ৰাস্নাৰ। প্ৰমোচন পোৱাৰপৰা কিহে যে পাইছে মানুহটোক! খোৱা-বোৱাৰো টাইম-টেবুল নোহোৱা হ’ল। খালি ডিউটি আৰু ডিউটি। পুৱা আঠটাতেই ওলায় যায় কোনোবাদিনা। নিশা এক-দুইবজাৰ আগেয়ে ঘৰ নোসোমায়হি। ভালকৈ কথা এষাৰো পতা নহয় অতনুৰ লগত। ল’ৰা-ছোৱালীয়ে কি খাইছে কি পিন্ধিছে খবৰ নাই অতনুৰ। আগে-পিছেও যে অতনুৱে বৰকৈ সেইবোৰ খবৰ ৰাখিছিল তেনে নহয়। সংসাৰৰ সমস্ত লেঠা ৰাস্নাই মাৰিছিল যদিও অতনু অন্ততঃ ঘৰত আছিল। জোনক কিবা কথা শুনাব নোৱাৰিলে তাই অতনুৰ ওচৰত জোনৰ গোচৰ দিছিল। লগে লগে অতনুৰ ওপৰতো খৰ্গহস্ত হৈছিল “দেউতাকতো হৈয়ো তাক একো এটা নকয়” বুলি। তাইৰ ধমকি শুনি অতনুৱে দায়িত্বশীল হৈ জোনৰ স্কুলৰ কিতাপ-বহী চাবলৈ লয়। জোনৰ ওচৰত বহি তাক কয় ভালকৈ পঢ়া-শুনা কৰিব লাগে। মাকে যি কয় শুনিব লাগে। ভালকৈ পঢ়া-শুনা নকৰিলে যে তাৰ ভৱিষ্যত অন্ধকাৰ তাকো বুজাবৰ যত্ন কৰে তেওঁ। ৰাস্নাৰ কথা কাটিবলৈকে কোনোবা এখন বহী টানি লৈ তেওঁ প্ৰশ্ন দি জোনক উত্তৰ লিখিবলৈ দিয়ে। জোনে তিনিটামান প্ৰশ্নৰ উত্তৰ লিখেমানে দেউতাকে তাৰ টেবুলৰ কাষৰ বিচনাখনতেই ঢলি পৰে। পাকঘৰৰ পৰা আহি ৰাস্নাই দেখে হাতত বহী লৈ দেউতাক টোপনিৰ কোলাত আৰু সেই সুযোগতে জোনে ভনীয়েকৰ লগত টিভি চায়গৈ। খং উঠিলেও হাঁহি পেলায় ৰাস্নাই। এনেকুৱাই মানুহজন। কোনো এটা কথাতে চিৰিয়াচ নহয়। ভাবে ৰাস্নাই সকলো কৰেই দেখোন। আৰু কিবা অসুবিধা হ’লেতো তাই ক’বই!
…..অতনুৰ গাত দোষ দিয়ো লাভ নাই। মাক-দেউতাক নোহোৱা ল’ৰা। সৰুৰেপৰা অনেক দুখ-কষ্টৰ মাজেৰে ডাঙৰ হৈছে। পঢ়াত ভাল আছিল দেখি চৰকাৰী চাকৰি এটা গোটাই ল’ব পাৰিলে। জীয়াই থকাৰ সংগ্ৰাম কৰোঁতে কৰোঁতে জীৱনৰ ৰূপ-ৰস-গোন্ধৰ কথা পাহৰিয়ে থাকিল চাগে অতনুৱে! আবেগ-ৰোমাঞ্চৰহিত মানুহ এটা। কথাবোৰ দকৈ নাভাবে। দিনবোৰ গৈ আছে গৈ থাকিব এনে এক ভাৱত থাকে। তথাপি ভাল লাগে মানুহটোক। সহজ-সৰল, অলপ অজলা ধৰণৰ মানুহটো। প্ৰতিটো কথা ভাঙি-পাতি বুজাব লাগে। ভাতৰ পাতত বহিও কোনো ওজৰ-আপত্তি নাই। যেনেকৈ দিয়ে তেনেকৈয়ে খাই উঠি যায়। মাজে মাজে ৰাস্নাক ঘৰুৱা কামত সহায় কৰি দিয়ে। পাকঘৰত সহায় কৰিবলৈ গ’লে ৰাস্নাৰ সহায় হোৱাতকৈ কাম বাঢ়েহে। তথাপি তাই অতনুৰ সাহচৰ্য বিচাৰে। অতনুক কাষত বিচাৰে। চাবলৈ গ’লে তাই অতনুৰ ওপৰত নিৰ্ভৰ হোৱাতকৈ অতনুহে তাই ওপৰত বেছিকৈ নিৰ্ভৰশীল। কোনোবাদিনা ৰাস্নাই অতনুক কয়-“দিনকাল সলনি হৈছে। আগৰ দিন নাই আৰু। আজিকালি সন্তান প্ৰতিপাল কৰা বৰ সহজ কথা নহয়। দেশৰ পৰিস্থিতি যিহে হৈছে ইহঁতৰ ভৱিষ্যতক লৈ ভয়হে লাগে। বাটে-ঘটে দেখা ল’ৰাবোৰৰ কাণ্ড-কাৰখানাবোৰে ভবাই তোলে। ল’ৰা-ছোৱালী মানুহ কৰাটো বৰ ডাঙৰ কথা। সকলো দায়িত্ব মোৰ ওপৰতেই নিদি আপুনিও মাজে মাজে চাব ইহঁতক। অকলে সংসাৰ চলাব নোৱাৰি নহয়। ………” তাইৰ কথাৰ ওপৰত মাত নামাতে অতনুৱে। একান্ত বাধ্যৰ দৰে তাইৰ কথাবোৰ শুনি যায়। দুই-এষাৰ কথা লগে লগে শলাগে। “ভগৱান আছে নহয়। তেওঁ সকলো দেখি আছে। তেঁৱেই সকলো ঠিক কৰিব, চিন্তা নকৰিবা। আমি কাৰো একো অন্যায় কৰা নাই যেতিয়া আমাৰ সন্তানৰো কেতিয়াও অমংগল নহয়।”-বুলি অতনুৱে কথাৰ মুখনি মাৰে। তেতিয়া বৰ অসহায় লাগে ৰাস্নাৰ। মানুহজনক কেনেকৈ বুজোৱা যায় যে ভগৱানলৈ চাই থাকিলেই নহয়, নিজে কৰিবলগাখিনিও সময়মতে কৰিব লাগিব। তেতিয়াহে আহিব ধৰা দিনবোৰত সাফল্যই লগ দিব। মানুহজনে বহু কথাই নুবুজে। কেৱল খাই-বৈ জীয়াই থকটোৱে যে জীৱন নহয় তাক বুজাবলৈ গৈ ভাগৰি পৰিল ৰাস্না। এতিয়া ল’ৰা-ছোৱালী দুটা ডাঙৰ হৈ অহাৰ লগে লগে তাইৰ মনত অনেক ভাৱনাই তোলপাৰ লগায়। জোন ডাঙৰ হৈ আহিছে। আজিকালি অলপ অবাধ্য হয় সি। নতুনকৈ টিউচন কৰিবলৈ যোৱাৰপৰা সলনি হৈছে ল’ৰাটো। অৱশ্যে বয়ঃসন্ধিৰ কাল এইচোৱা। এই সময়ত প্ৰাকৃতিকভাৱেই ল’ৰা-ছোৱালীৰ শাৰীৰিক-মানসিক পৰিৱৰ্তন আহি পৰে। এই সময়ত সিহঁতক উপযুক্ত শিক্ষা দিব পৰাটোহে আচল কথা।
…..কালিও টিউচনৰপৰা আহি বেগটো বিচনাত দলিয়াই দি মুখ-হাত নুধুৱাকৈয়ে জোনে মোবাইল পিতিকিবলৈ লাগি গ’ল। ৰাস্নাই বহুবাৰ কোৱাৰ পাছতো জোনে লৰচৰ নকৰিলে। খং উঠি ৰাস্নাই হাতত স্কেলদাল লৈ তাক এচাত দিওঁতেই জোনে যিধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হতভম্ব হৈ গ’ল ৰাস্না। সিতো এনে নাছিল! প্ৰথম ধাক্কাটো চম্ভালি লৈ খঙতেই ভালকৈ কোব দুটামান লগাই দিলে জোনক। গালিও দিলে। মাকৰ কোব খাই কান্দি কান্দি উঠি গ’ল জোন। আৰু একো নমতাকৈ চুপচাপ গৈ পঢ়াৰ টেবুলত বহিলগৈ। অতনুৰ ওপৰতে খং এটা উঠি আহিল ৰাস্নাৰ। বিগত এবছৰে প্ৰমোচন পোৱাৰ আচিলাতে অতনুৱে ঘৰ-সংসাৰৰ পিনে সমূলি পিঠি দিলে। আগতে একো নকৰিলেও অন্ততঃ ঘৰখনত ক’ত কি হৈছে গম পাইছিল। নপঢ়ালেও জোনৰ পঢ়া সময়খিনিত তাৰ ওচৰত বহি থাকিছিল। এতিয়া কিবা ক’লেও কাণত নোসোমায়। আজি ৰাতিপুৱা ইহঁতক স্কুললৈ পঠাই গোটেই কথাবোৰ অতনুক কওঁ বুলি লওঁতেই বচৰ পৰা ফোন অহাত “এই আহি আছো” বুলি ভাত নোখোৱাকৈয়ে ওলায় গ’লত ৰাস্নাৰ খঙে চুলিৰ আগ পালেগৈ। দিনটো কামৰ ফাঁকে ফাঁকে তাইক খংটোৱে আমনি কৰি থাকিল। ঘৰলৈ আহি অতনুক লগ পাব বুলি ভাবিছিল। কাৰণ তাই আজি সোনকালে অফিচ ছুটি কৰিছিল। কিন্তু নাপালে। তাৰ সলনি টেবুলত সজাই থোৱা ভাতৰ কাঁহীখন দেখি আকৌ খং উঠিল ৰাস্নাৰ, মোবাইলটো উলিয়াই ফোন লগালে অতনুলৈ-
: অঁ কোৱা কিবা লগা আছিল নেকি? বজাৰ কি নিব লাগিব?
: অকল বজাৰ কৰি দিয়াতে সংসাৰৰ প্ৰতি আপোনাৰ দায়িত্ব শেষ বুলি ভাবিছে নেকি?
: অ’ কি হ’ল কিয় এনেকৈ কৈছা?
: কি হোৱা নাই তাকে সোধক। আপুনি যে দিনে ৰাতিয়ে এনেকৈ চাকৰিৰ পাছত দৌৰিবলৈ আৰম্ভ কৰিছে ইয়াৰ মানে কি?
: কিয়? যি কৰিছো তোমালোকৰ বাবেইতো কৰিছো।
: কৰিছে ভাল কৰিছে কিন্তু আপোনাৰ সংসাৰ কেনেকৈ চলিছে তাৰ কিবা খবৰ ৰাখিছে নে? ল’ৰাই কি খাইছে ছোৱালীয়ে কি পিন্ধিছে তাৰ খবৰ ৰাখিছে নে? মোৰ কথা ন’কলোৱে যেনিবা।
: কিয় তুমি আছাই দেখোন সিহঁতৰ খবৰ ৰাখিবলৈ। মইনো কি কৰিম?
: মই থাকিলেই হৈ যাব। আপোনাৰ একো গুৰুত্ব নাই, কোনো দায়িত্ব নাই? অকল জন্ম দিয়াতেই আপোনাৰ দায়িত্ব শেষ নেকি?
: ধেৎতেৰিকা এনেকৈ কিয় কৈছা? মইনো কেতিয়া ক’লো মোৰ দায়িত্ব নাই বুলি। কিন্তু তুমি সকলো কৰাতো।
: মই সকলো কৰোতো। আপোনাক মই কৈ আছো যে ল’ৰা ডাঙৰ হৈ আহিছে দিনে দিনে তাক অলপ সময় দিয়ক। তাৰ লগত সময় উলিয়াই অলপ বহক। তাৰ বন্ধু হওক। তাৰ মনৰ খবৰ ৰাখক। আৰু দুবছৰমানৰ পাছত সি ওলায় যাব বাহিৰলৈ। তেতিয়া যদি সি বিপথে খোজ দিয়ে আপুনি কি কৰিব? এতিয়াইতো তাক বুজাব লাগিব। ভাল কি বেয়া কি তাক জনাব লাগিব। সকলো মোৰ ওপৰত জাপি দিলে হ’ব নেকি? কালি সি কি কৰিছে আপুনি জানো খবৰ ৰাখিছে?
: কি কৰিলে? তুমি মোক একো কোৱাই নাই দেখোন। দেখাততো সকলো ঠিকেই আছে। সেয়ে ভাবিলো একো নাইহোৱা।
: আপুনি ভাবিলেই চব হৈ যায়। আপোনাক ক’বলৈ সুবিধা পালো ক’ত? সময়েই নাই দেখোন আপোনাৰ।
: সঁচাকৈয়ে মোৰ সময় নাই অ'। তুমি দেখিছাই দেখোন ভাত খাবলৈকো সময় নোপোৱা হৈছো।
: কোনে কৈছে আপোনাক এনেকৈ পৰি মৰি কাম কৰিবলৈ? আমিতো কোৱা নাই। আমাক লৈয়ে আপোনাৰ পৰিচয়। কাইলৈ আমি যদি নাথাকো কি কৰিব আপুনি? কাৰ কাৰণে কৰিব এইবোৰ? টকা-পইচা ধন-সম্পত্তিয়ে সকলো নহয়। সময়তকৈ মূল্যৱান একো নহয় এই জীৱনত। কাইলৈ ল’ৰাই যদি ভাল ৰিজাল্ট কৰিব নোৱাৰে আপুনি উপাৰ্জন কৰা টকা ক’ত খৰছ কৰিব? আমাৰতো এনে দিন অহা নাই যে আপুনি নাখাই-নবৈ ঘৰ-সংসাৰ এৰি চাকৰিৰ টানত দিনে-নিশাই ঘূৰি ফুৰক। সপ্তাহত মাছ-মাংস বজাৰ কৰি দিয়াটোৱে সংসাৰৰ দায়িত্ব নহয়। সংসাৰ মানে কেৱল মাক বা কেৱল দেউতাক নহয়। মাক-দেউতাক দুয়োজনৰ বুজাবুজি মৰম-চেনেহৰ আৱৰণ হ’ল সংসাৰ। কাইলৈ ঘৰ এৰি ল’ৰাই বাহিৰলৈ গ’লে তাৰ ঘৰখনলৈ মনত পৰিব লাগিব। আমি তাক সেইকণ অনুভৱ দিব লাগিব। আপুনি যদি কেৱল চাকৰিৰ তাগিদাতে এনেকৈ ঘৰ এৰি থাকে কোনোবাদিনা সকলো হেৰুৱাব লাগিব।
: তেনেকৈ নক’বা। তোমালোকক বাদ দি মোৰ আৰু একো নাই। তুমি যি কোৱা মই তাকেই কৰিম।
: মই কৈ কৈ কৰোৱাৰ দিন গ’ল। নিজে উপলব্ধি কৰক কথাবোৰ। দিনৰ দিনটো ময়ো ঘৰত নাথাকো। ভাগৰ লাগে মোৰো। দুয়োটাকে সমানে সময় দিব নোৱাৰা হৈছো। জোনে আজিকালি কথা নুশুনা হৈছে। আপুনি নথকাৰ বাবে সি চাগে নিজকে ডাঙৰ হ’লো বুলি ভাবিছে। তাক অলপ চকু দিয়াৰ সময় আহি পৰিছে। এনেকৈ এৰি দিলে নহ’ব। আপোনাক বাৰে বাৰে সঁকীয়াই আছো। পাছত মোক নোদোষিব কৈ থ’লো।
: মই গৈ আছো ৰ’বা। তুমি ইমান হতাশ হ’লে মই কি কৰিম? তুমিয়েই সকলো। আহি আছো মই। মোলৈকো ভাত ৰান্ধিবা। একেলগে খাম। খং নকৰিবা। জোনক বুজাম মই।
…..ভাত বাঢ়িবলৈ লওঁতেই ৰাস্নাৰ ফোনটো বাজি উঠিল।
: তোমালোকে ভাত খাই ল’বা। মোৰ পলম হ’ব। মেডিকেলত আছো।
: কি হ’ল?
: ৰাখীৰ এক্সিডেণ্ট হৈছে। বচাৰ আশা নাই।
: কি????
: মটৰ চাইকেল এখনে খুন্দিয়ালে।
: কেনেকৈ?
: মদ খাই চলাইছিল। কণ্ট্ৰল কৰিব নোৱাৰিলে। কেইবাখনো মটৰ চাইকেলে ৰেচ লগাইছিল সেই ৰাতি। আটাইবোৰ সৰু সৰু ল’ৰা। ৰাখীয়ে মাকৰ লগত দোকানলৈ গৈছিল। বস্তুকেইটা লৈ তাই আগে আগে আহি থাকোঁতেই অঘটনটো ঘটিবলৈ পালে। মাকে একো তাৰ্কিবই নোৱাৰিলে। মোৰ দেৰি হ’ব।
……তাতেই থৰ লাগিল ৰাস্না। মাত্ৰ সন্ধিয়া তাইক মাত দিছিল ছোৱালীজনীয়ে। ধেমালিতে তাইক সুধিছিল-মিঠাই আনিছে নেকি বুলি। আৰু এতিয়া কেইঘণ্টামানৰ বিৰতিত তাই আনৰ অপ্ৰাকৃতিক ধেমালিৰ বলি হ’ল। জীৱন জীয়াই থকাতোও এটা ধেমালি নেকি!!! মূৰটো ঘূৰোৱা যেন লাগিছে ৰাস্নাৰ.....
========================================================================
নিয়তি.....
:
মা, আজি টিফিনত তোমাৰ স্পেচিয়েল আলু ভাজি দিবা দেই| সেই যে দাইলত আলু দি
পিঁয়াজ সৰহকৈ দি যে ভাজা তেনেকৈ| মই ভালপোৱাকৈ| অলপ বেছিকৈ দিবা কিন্তু|
নহ’লে ৰণিয়ে তাক নিদিলে বেয়া পাব| সিয়ো তোমাৰ আলু ভাজি খাই বৰ ভাল পায়
জানা|
সোণৰ
মাতত টোপনি ভাঙি গ’ল উপাসনাৰ| খক্মক্কৈ ঘড়ীটো চাই দেখে ৫ বাজি দহ মিনিট
গ’লেই| খৰ্ধৰ্কৈ বিচনাৰ পৰা নামি আহিল তাই| কাপোৰকেইটা লৈ পোনে পোনেই
বাথৰুমত সোমালগৈ| গাটো ধুইয়ে
চাউল-দাইল ধুই দুটা কুকাৰত দি গেছত বহাই দিলে| দাইলত আলু তিনিটাও দি দিলে|
ঝাৰুদাল লৈ অকল পাকঘৰটো সাৰি হাত ভৰিকেইটা ধুই ধূপ দুডাল জ্বলাই দিলে
উপাসনাই| মাহেকীয়া হোৱা দিনকেইটাৰ বাহিৰে উপাসনাই ধূপ জ্বলাই ভগৱানৰ আগত
মূৰ দোঁওৱাত এদিনো গাফিলতি কৰা নাই| বিয়াৰ পাছৰ প্ৰথম পুৱাটোতে শাহুৱেকে
তাইৰ মূৰত হাত ফুৰাই কৈছিল-
: এইখন তোমাৰ ঘৰ উপাসনা| ইয়াত তুমি মনে বিচৰা ধৰণেৰে থাকিবা, যি মন যায় তাকে কৰিবা| ইয়াত কোনেও তোমাক একো নকয়| কোনো কথাতে বাধা নিদিয়ে| বৰং তুমি আমাৰ যিমান আপোন আমিও তোমাৰ সিমান আপোন হোৱাৰ চেষ্টা কৰিম| তেতিয়াহে আমাৰ মৰমবোৰ এক হৈ বৈ যাব| মই মাত্ৰ কম তুমি দিনটোৰ আৰম্ভণি ভগৱন্তৰ আগত মূৰ দোঁৱাই কৰিবা| ই তোমাৰ মনক প্ৰশান্তি দিয়াৰ লগতে ঘৰখনলৈকো শান্তি কঢ়িয়াই আনিব|
সেইদিনাৰ পৰা উপাসনাই শাহুৱেকৰ কথাষাৰ আন্তৰিকতাৰে পালন কৰি আহিছে| সোণৰ স্কুল আৰম্ভ হোৱাৰ পাছত অকনমান সময়ৰ ইফাল সিফাল হৈছে যদিও তাই ভগৱানৰ আগত মূৰ দোঁৱাবলৈ কেতিয়াও পাহৰা নাই| আটা অলপ সানি লৈ মজলীয়া আকাৰৰ পিঁয়াজ চাৰিটাৰ বাকলি গুচাই তাই আকৌ ঘড়ীটোলৈ চালে| ৬ বাজি ১৫ মিনিট গ’ল| তাৰমানে আজি নিৰ্ঘাত দেৰি হ’ব| ৭টাত সোণৰ স্কুল বাছ| তাক এতিয়াও উঠোৱাই নাই| খৰ্ধৰ্ কৰিবলৈ লৈ তাই প্ৰতাপক চিঞৰিলে-
: হেৰা, সোণক উঠাই দিয়ানা প্লিজ্| ৬-১৫ হ’ল| দেৰি হৈ যাব নহ’লে|
উপাসনাৰ মাতত জাপমাৰি উঠিল প্ৰতাপ| তাই নামি যোৱাৰ উমান পাইছিল যদিও টোপনিৰ আবেশত বাথৰুমলৈ যোৱা বুলিয়ে ভাবিছিল| সেই ভাবত থাকোঁতেই আকৌ কেতিয়ানো টোপনি আহি গ’ল গমেই নাপালে| এতিয়া উপাসনাৰ এই স্বাভাৱিক মাতষাৰত উদ্বিগ্ন হৈ উঠিল প্ৰতাপ| একে উশাহে বিচনাৰ পৰা নামি আহি পাকঘৰৰ দুৱাৰ মুখ পাই স্তব্ধ হৈ গ’ল তেওঁ| যুদ্ধোত্তৰ প্ৰস্তুতিৰে সোণৰ পুৱাৰ খোৱা আৰু টিফিনৰ যোগাৰত ব্যস্ত হৈ আছে উপাসনা| বাধা দিবলৈ লৈয়ো উপাসনাৰ ব্যৱহাৰত ফুটি উঠা সহজ অভিব্যক্তিলৈ চাই সাহস কৰিব নোৱাৰিলে প্ৰতাপে| যোৱা তিনিমাহৰ স্তব্ধতাৰ পাছত আজি পুনৰ অকস্মাত উপাসনাক এনেদৰে স্বাভাৱিক অৱস্থাত দেখি কি কৰোঁ কি নকৰোঁ কৈ একো ঠাৱৰ কৰিব নোৱাৰি একে ঠাইতে বিমূঢ় হৈ ৰৈ থাকিল তেওঁ|
: এইখন তোমাৰ ঘৰ উপাসনা| ইয়াত তুমি মনে বিচৰা ধৰণেৰে থাকিবা, যি মন যায় তাকে কৰিবা| ইয়াত কোনেও তোমাক একো নকয়| কোনো কথাতে বাধা নিদিয়ে| বৰং তুমি আমাৰ যিমান আপোন আমিও তোমাৰ সিমান আপোন হোৱাৰ চেষ্টা কৰিম| তেতিয়াহে আমাৰ মৰমবোৰ এক হৈ বৈ যাব| মই মাত্ৰ কম তুমি দিনটোৰ আৰম্ভণি ভগৱন্তৰ আগত মূৰ দোঁৱাই কৰিবা| ই তোমাৰ মনক প্ৰশান্তি দিয়াৰ লগতে ঘৰখনলৈকো শান্তি কঢ়িয়াই আনিব|
সেইদিনাৰ পৰা উপাসনাই শাহুৱেকৰ কথাষাৰ আন্তৰিকতাৰে পালন কৰি আহিছে| সোণৰ স্কুল আৰম্ভ হোৱাৰ পাছত অকনমান সময়ৰ ইফাল সিফাল হৈছে যদিও তাই ভগৱানৰ আগত মূৰ দোঁৱাবলৈ কেতিয়াও পাহৰা নাই| আটা অলপ সানি লৈ মজলীয়া আকাৰৰ পিঁয়াজ চাৰিটাৰ বাকলি গুচাই তাই আকৌ ঘড়ীটোলৈ চালে| ৬ বাজি ১৫ মিনিট গ’ল| তাৰমানে আজি নিৰ্ঘাত দেৰি হ’ব| ৭টাত সোণৰ স্কুল বাছ| তাক এতিয়াও উঠোৱাই নাই| খৰ্ধৰ্ কৰিবলৈ লৈ তাই প্ৰতাপক চিঞৰিলে-
: হেৰা, সোণক উঠাই দিয়ানা প্লিজ্| ৬-১৫ হ’ল| দেৰি হৈ যাব নহ’লে|
উপাসনাৰ মাতত জাপমাৰি উঠিল প্ৰতাপ| তাই নামি যোৱাৰ উমান পাইছিল যদিও টোপনিৰ আবেশত বাথৰুমলৈ যোৱা বুলিয়ে ভাবিছিল| সেই ভাবত থাকোঁতেই আকৌ কেতিয়ানো টোপনি আহি গ’ল গমেই নাপালে| এতিয়া উপাসনাৰ এই স্বাভাৱিক মাতষাৰত উদ্বিগ্ন হৈ উঠিল প্ৰতাপ| একে উশাহে বিচনাৰ পৰা নামি আহি পাকঘৰৰ দুৱাৰ মুখ পাই স্তব্ধ হৈ গ’ল তেওঁ| যুদ্ধোত্তৰ প্ৰস্তুতিৰে সোণৰ পুৱাৰ খোৱা আৰু টিফিনৰ যোগাৰত ব্যস্ত হৈ আছে উপাসনা| বাধা দিবলৈ লৈয়ো উপাসনাৰ ব্যৱহাৰত ফুটি উঠা সহজ অভিব্যক্তিলৈ চাই সাহস কৰিব নোৱাৰিলে প্ৰতাপে| যোৱা তিনিমাহৰ স্তব্ধতাৰ পাছত আজি পুনৰ অকস্মাত উপাসনাক এনেদৰে স্বাভাৱিক অৱস্থাত দেখি কি কৰোঁ কি নকৰোঁ কৈ একো ঠাৱৰ কৰিব নোৱাৰি একে ঠাইতে বিমূঢ় হৈ ৰৈ থাকিল তেওঁ|
চিভিল
ইঞ্জিনীয়াৰ প্ৰতাপ গগৈ| নম্ৰ-ভদ্ৰ, সহজ-সৰল, হাঁহিমুখীয়া-মিলনসাৰ প্ৰতাপক
সকলোৱে ভাল পায়| অফিচটো চতুৰ্থ শ্ৰেণী কৰ্মচাৰীৰ পৰা উপৰৱালালৈকে সকলোৰে
প্ৰিয় প্ৰতাপ| মাক-দেউতাক, ভনীয়েক মনালী আৰু পত্নী উপাসনাৰে সৈতে সৰু অথচ
সুখৰ সংসাৰ প্ৰতাপৰ| কোনো দিনে কোনো কথাতে অসূয়া-অশান্তিৰ ছাঁ-টো নপৰা
ঘৰখনকলৈ সকলোৰে মুখত এটাই কথা| এনে সুখী মানুহ খুব কমেইহে আছে|
মাক-দেউতাকেই উপাসনাক পছন্দ কৰি বিয়া পাতি দিছিল প্ৰতাপৰ লগত| হাঁহি মাতি
থাকি ভালপোৱা উপাসনাই খুব কম সময়তেই ঘৰখন আপোন কৰি লৈছিল| ওচৰ-চুবুৰীয়াইয়ো
প্ৰতাপৰ মাক-দেউতাকক এনে গুণী বোৱাৰীয়েক পোৱাৰ বাবে শলাগ লৈছিল|
লুকাই-চুৰকৈ মানুহৰ এটা-দুটা কথা কেতিয়াবা কাণত পৰিলে আনন্দত উপাসনালৈ
মৰমবোৰ আৰু বাঢ়ি যায় প্ৰতাপৰ| কোনো ধৰণৰ উচ্চাকাংক্ষা নথকা উপাসনাই সৰু সৰু
কথাতেই সুখ বিচাৰি পায়| মাক-দেউতাক আৰু মনালীক কেনেকৈ অলপ বেছিকৈ সুখ দিব
পাৰে তাতেই সদা ব্যস্ত হৈ থাকে তাই| এই লৈ মাজে মাজে প্ৰতাপে তাইক আপত্তি
কৰে মোক বাদ দি বাকী সকলোৰে খবৰ ৰাখা তুমি| মোলৈহে তোমাৰ অলপো মৰম নাই|
ক্ষন্তেকতে য’ৰে কাম ত’তে পেলায় প্ৰতাপৰ মুখখন দুহাতেৰে তুলি ধৰি তাৰ চকুলৈ
চাই সোধে উপাসনাই-
:
তুমি এনেকৈ কৈছা? তুমি নহ’লেচোন মোৰ একোৱেই নাই| তোমাৰ মৰমত তোমাৰ ভৰষাতে
মই জীয়াই আছো প্ৰতাপ| তুমিয়েইতো মোক পূৰ্ণ কৰি তুলিছা| মোক লৈ তুমি পূৰ্ণ
নহয় নেকি? ক’ত অসম্পূৰ্ণ হৈ আছা কোৱা মোক| মই কি কৰিলে তুমি সুখী হ’বা কোৱা
মোক| তোমাৰ সুখেই যে মোৰো সুখ প্ৰতাপ!
উপাসনাৰ
সৰল মনৰ স্বীকাৰোক্তিত বাকৰুদ্ধ হৈ যায় প্ৰতাপ| মিছাতেই হ’লেও তাইক অলপ
দুখ দিয়াৰ অনুতাপত দগ্ধ হৈ দুহাত মেলি বুকুত সুমুৱাই লয় উপাসনাক| তাইয়ো সৰু
ছোৱালীজনীৰ দৰে কুৰুকি কুৰুকি সোমাই যায় তাৰ বুকুৰ ভিতৰলৈ| ঘৰখনৰ সকলো
কামত সহায় কৰি দিবলৈ মায়া আছে যদিও পাকঘৰৰ সকলো কাম উপাসনাই নিজেই কৰে|
সঠিক সময়ত নিয়াৰিকৈ| পাকঘৰৰ কোনোটো কাম কোনোটো বস্তুৰ বেমেজালি ভাল নাপায়
তাই| কেতিয়াবা ক’ৰবালৈ যাব লগা হ’লে গাড়ীত সকলো বস্তু তোলাৰ পাছত প্ৰতাপে
সোধে আৰু একো থাকি যোৱা নাইতু? উপাসনাই নাই বুলি ক’লেই প্ৰতাপে কয় কেলেই
তোমাৰ পাকঘৰটো থাকি গ’ল যে! কৃত্ৰিম খঙত প্ৰতাপলৈ ঘোপাকৈ চায় উপাসনাই|
হাঁহি
আনন্দৰ মাজেৰেই দিনবোৰ গৈ আছিল| উপাসনাৰ কোলালৈ সোণ আহি সুখৰ জোৱাৰত নতুন
লহৰ তুলি দিলে| সোণক লৈ গোটেই ঘৰখনেই ব্যস্ত হৈ পৰিল| সোণৰ
খোৱা-শুৱা-কাপোৰ-কানি নিত্য ব্যৱহাৰ্য সামগ্ৰী সকলোবোৰতেই যেন এক নাম নজনা
হেঁপাহ সোমাই আছে সকলোৰে| দিন-মাহ বছৰ গৈ সোণ লাহে লাহে ডাঙৰ হ’ল| থিয় দঙা
দি এখোজ দুখোজ কাঢ়িব পৰা হোৱা সোণ এদিন স্কুললৈ যাব পৰা হ’ল| সোণক প্ৰথম
স্কুললৈ পঠিওৱাৰ দিনা ঘৰখনত যেন এটা উত্সৱৰহে আয়োজন হৈছিল! সোণৰ লগত
সকলোৱেই যেন শৈশৱলৈ উভতি গৈছিল! সোণৰ আব্দাৰ পূৰোৱাটো এটা প্ৰিয় খেল হৈ
উঠিছিল সকলোৰে বাবে| সোণৰ লগত পৰি সকলোবোৰ শিশু হৈ পৰিছিল|
কুকাৰৰ হুইচেলৰ শব্দ শুনি পঢ়াৰ পৰা উঠি আহিল মনালী| দুৱাৰমুখত ককায়েক প্ৰতাপক তভক মাৰি ৰৈ থকা দেখি তায়ো ৰৈ গ’ল| বৌৱেকক কিবা কোৱাৰ সাহস তাইৰো নহ’ল| একান্ত মনে নিজৰ কামত ব্যস্ত থকা উপাসনাই এপাকত মনালীক দেখি কৈ উঠিল---
: মনা’, চৰী অলপ ৰ’বা হাঁ| এই ইয়াৰ টিফিনটো ৰেডি হ’লেই তোমাৰ চাহকাপ দি আছোঁ| আজি মোৰ উঠাত অলপ পলম হ’ল জানা| সাৰেই পোৱা নাছিলো এক্কেবাৰে|
অবুজ বেদনাত মনালীৰ দুচকু সেমেকি উঠিল| ককায়েকৰ ফালে চালে তাই| ভাবলেশহীন ভাবেই ৰৈ আছে সি| চিঞৰি চিঞৰি কান্দিবৰ মন গ’ল মনালীৰ| উপাসনালৈ চালে তাই| এখন কেৰাহীত দাইলত তেল মাৰি উতলিবলৈ দি আনটো কেৰাহীত লুচি ভাজিছে বৌৱেকে| ডাঙৰকৈ বেলা ৰুটি এখনকে সোণৰ সৰু গিলাচটোৰে কাটি কাটি কৰা মেকুৰীৰ কাণৰ দৰে অকণি অকণি লুচি| টিফিন নোখোৱাকলৈ সদায় আপত্তি কৰা সোণক প্ৰায়ে নতুন নতুন কিবা-কিবি ৰান্ধি খুৱাবলৈ যত্ন কৰে উপাসনাই| ফলমূল খায় যদিও ৰুটি বা ভাত খাবলৈ বৰ টান পায় সোণে| সেয়ে এদিন ৰুটি বা লুচিৰ ঠাইত এনেকৈ গিলাচেৰে কাটি কাটি অকণি অকণি লুচি ভাজি দিওঁতে বৰ ফুৰ্তি পাই সোণে স্কুলৰ পৰা আহিয়েই মাকক অৰ্ডাৰ দিছিল মা আজিৰ পৰা সদায় এনেকৈ ফুলা লুচি দিবা| কি মজা দেখিবলৈ! আজি মই তিনিটা লুচি খাই দিলো| সোণে সেই অকণি লুচিকে তিনিখন খোৱাৰ আনন্দত উপাসনাই সদায় সোণৰ প্ৰিয় অকণি লুচি ভাজে আৰু টিফিনত দুখনমান সৰহকৈ দিয়ে| কাৰণ তাই জানে আনৰ লগত ভগাই নাখালে সোণৰ টিফিন কেতিয়াও খালি হৈ নাহে|
কুকাৰৰ হুইচেলৰ শব্দ শুনি পঢ়াৰ পৰা উঠি আহিল মনালী| দুৱাৰমুখত ককায়েক প্ৰতাপক তভক মাৰি ৰৈ থকা দেখি তায়ো ৰৈ গ’ল| বৌৱেকক কিবা কোৱাৰ সাহস তাইৰো নহ’ল| একান্ত মনে নিজৰ কামত ব্যস্ত থকা উপাসনাই এপাকত মনালীক দেখি কৈ উঠিল---
: মনা’, চৰী অলপ ৰ’বা হাঁ| এই ইয়াৰ টিফিনটো ৰেডি হ’লেই তোমাৰ চাহকাপ দি আছোঁ| আজি মোৰ উঠাত অলপ পলম হ’ল জানা| সাৰেই পোৱা নাছিলো এক্কেবাৰে|
অবুজ বেদনাত মনালীৰ দুচকু সেমেকি উঠিল| ককায়েকৰ ফালে চালে তাই| ভাবলেশহীন ভাবেই ৰৈ আছে সি| চিঞৰি চিঞৰি কান্দিবৰ মন গ’ল মনালীৰ| উপাসনালৈ চালে তাই| এখন কেৰাহীত দাইলত তেল মাৰি উতলিবলৈ দি আনটো কেৰাহীত লুচি ভাজিছে বৌৱেকে| ডাঙৰকৈ বেলা ৰুটি এখনকে সোণৰ সৰু গিলাচটোৰে কাটি কাটি কৰা মেকুৰীৰ কাণৰ দৰে অকণি অকণি লুচি| টিফিন নোখোৱাকলৈ সদায় আপত্তি কৰা সোণক প্ৰায়ে নতুন নতুন কিবা-কিবি ৰান্ধি খুৱাবলৈ যত্ন কৰে উপাসনাই| ফলমূল খায় যদিও ৰুটি বা ভাত খাবলৈ বৰ টান পায় সোণে| সেয়ে এদিন ৰুটি বা লুচিৰ ঠাইত এনেকৈ গিলাচেৰে কাটি কাটি অকণি অকণি লুচি ভাজি দিওঁতে বৰ ফুৰ্তি পাই সোণে স্কুলৰ পৰা আহিয়েই মাকক অৰ্ডাৰ দিছিল মা আজিৰ পৰা সদায় এনেকৈ ফুলা লুচি দিবা| কি মজা দেখিবলৈ! আজি মই তিনিটা লুচি খাই দিলো| সোণে সেই অকণি লুচিকে তিনিখন খোৱাৰ আনন্দত উপাসনাই সদায় সোণৰ প্ৰিয় অকণি লুচি ভাজে আৰু টিফিনত দুখনমান সৰহকৈ দিয়ে| কাৰণ তাই জানে আনৰ লগত ভগাই নাখালে সোণৰ টিফিন কেতিয়াও খালি হৈ নাহে|
ডাঙৰ হৈ আহিছিল সোণ| নিতে নতুন নতুন দাবী-আব্দাৰেৰে উপাসনা-প্ৰতাপৰ ওচৰত ঠেহ ধৰিছিল সোণে| সোণৰ ঠেহ ভাঙিবলৈ সদা তত্পৰ হৈ আছিল উপাসনা| এদিন স্কুলৰ পৰা আহি সোণে মাকক ক’লে-
: মা, এইবাৰ মোৰ বাৰ্থ দে’ত মোক নতুন চাইকেল এখন দিবা| বুবুল দাদাৰ নিচিনা| ৰেড্ কালাৰৰ| আজিকালি ময়ো ডাঙৰ হ’লো নহয়|
: তোমাক ডাঙৰ হ’লা বুলি কোনে ক’লে? তুমিচোন এতিয়াও পুতুকলিয়ে হৈ আছা!
: ইহ্ ডাঙৰ হ’লো মই| সকলোৱে কয়| সেই কাৰণেতো স্কুললৈ যাব পৰা হৈছো| সৰু ল’ৰাই স্কুললৈ নাযায় নহয়! মাহীহঁতৰ পাহিহে সৰু| এতিয়াও কোচতেই উঠি থাকে|
: অ’ হয় দেই| তুমি তেতিয়াহ’লে ডাঙৰ হ’লা! বাৰু, আজি মই দেউতাক কম তুমি ডাঙৰ হ’লা বুলি আৰু সেইকাৰণে তোমাক বুবুলৰ নিচিনা এখন ডাঙৰ চাইকেল আনি দিব লাগে বুলি| হ’বনে?
: অ’ মা, আজিয়ে চাইকেল আনি দিবা মোক?
: আজিয়ে? কিয় তুমি বাৰ্থ দে’তহে লাগে বুলি কৈছিলা| বাৰ্থ দে’লৈচোন আৰু কেইদিনমান আছেই|
: আজিয়ে দিয়া না| বাৰ্থ দে’ত দিয়া আজি দিয়া একেই কথাটো! তেতিয়া বাৰ্থ দে’ত খালি কেক্ আনিলেই হ’ব আকৌ| আৰু বেলেগ একো নালাগে মোক|
: বাৰু মই দেউতালৈ ফোন কৰি কথাতো কম আৰু দেউতা যদি অফিচৰ পৰা সোনকালে আহে তেতিয়া আমি বজাৰলৈ যাম| তুমি শোৱা এতিয়া| নহ’লে গধূলি সাৰেই নাপাবা|
: ঠিক আছে| দেউতা আহিলে কিন্তু আমি বজাৰলৈ যাম|
: বাৰু|
সোণৰ কথামতেই চাইকেল কিনিবলৈ বজাৰলৈ গৈছিল উপাসনা, প্ৰতাপ আৰু মনালী| সোণে কৈ আছে তাক কিন্তু ৰেড্ কালাৰৰ চাইকেলেই লাগিব| মনালীয়ে মিছাতেই তাক কিবাকিবি কৈ জোকাই আছে| চাইকেল কিনাৰ পাছত সোণলৈ কাপোৰ এজোৰো চাওঁ বুলি মলৰ ওপৰ পালেগৈ প্ৰতাপহঁত| মনৰ পছন্দৰ চাইকেলখন পোৱাৰ কাৰণে আনন্দতে সোণে জঁপিয়াই আছে| কাপোৰ কিনিবলৈ যাবলৈ তাৰ মনেই নাছিল| কেতিয়ানো ঘৰলৈ যাব আৰু ঘৰত গৈ চাইকেলখন চলাব সেই কথাই তাৰ মূৰত খেলি আছিল তেতিয়া| উপাসনাহঁতে সোণৰ কাপোৰ পছন্দ কৰে মানে পলম হোৱা দেখি সোণে প্ৰতাপক কুটুৰি আছে তললৈ যাবলৈ| চাইকেলখন এবাৰ চাই আহিবলৈ| সোণে বাৰে বাৰে কৈ থকাত প্ৰতাপে ব’লা বাৰু বুলি ক’বলৈহে পালে সোণে একেদৌৰে তললৈ নামিবলৈ ধৰিলে আৰু অকস্মাত্....মা-------
প্ৰস্তৰ
মূৰ্তিৰ দৰেই ৰৈ আছিল উপাসনাই| বিবৰ্ণ চকুত কোনো ভাষা নাছিল| এহাতে
ল’ৰা-ধপৰা আনহাতে উপাসনাৰ এই অৱস্থা! অসহায় হৈ প্ৰতাপে সৰু ল’ৰাৰ দৰেই
ফেঁকুৰি ফেঁকুৰি কান্দিছিল| কিন্তু উপাসনাৰ চকুত চকুলো নাছিল| প্ৰাণত কোনো
স্পন্দন নাছিল| জড় পদাৰ্থৰ দৰেই মাথোঁ চাই ৰৈছিল সুদূৰলৈ| চাবি দিয়া পুতলাৰ
দৰে যেয়ে যি ফালে টানে সেইফালেই ঢলি পৰিছিল উপাসনা| মোক্ষম আঘাত পাই
বেদনাত বিধস্ত হৈয়ো উপাসনাক বুকুত সুমুৱাই লৈছিল প্ৰতাপে| ডাক্তৰে কৈছিল
মনত পোৱা প্ৰচণ্ড আঘাতৰ বাবেই উপাসনাই বাহ্যিক জগতৰ লগত সংযোগ হেৰুৱাইছে|
অলপ সময় লাগিব| লাহে লাহে সকলো ঠিক হৈ যাব| আপোনালোকে ধৈৰ্য ধৰক| ধৈৰ্য
ধৰিছিল প্ৰতাপে| চৰাই পোৱালিৰ দৰেই আবৰি ৰাখিছিল উপাসনাক| যোৱা তিনিমাহে
অফিচত থকা সময়ৰ বাদে এক মুহূৰ্তৰ বাবেও উপাসনাক চকুৰ আঁৰ হ’বলৈ দিয়া নাই
প্ৰতাপে| কিন্তু আজিৰ এই পৰিস্থিতিৰ সম্পৰ্কে কোনো ধাৰণাই নাছিল প্ৰতাপৰ|
কিংকৰ্তব্যবিমূঢ় হৈ তেতিয়াও প্ৰতাপে স্থানুৰ দৰে একেঠাইত ৰৈয়ে আছে|
পাকঘৰৰ ফালে কিবা শব্দ হোৱা যেন পাই মাক-দেউতাকো শোৱাৰ পৰা উঠি আহিল| এনেও উপাসনাক লৈ গোটেই ঘৰখনেই অলপ সজাগ হৈয়ে আছিল| ডাক্তৰেও তেওঁক কোনো সময়তে অকলে নেৰাৰ পৰামৰ্শ দিছিল| তেওঁলোকে গৈয়ে পাকঘৰৰ দুৱাৰ মুখত প্ৰতাপ আৰু মনালীক তেনেকৈ নিশ্চুপ হৈ থিয় থকা দেখি তেওঁলোকো চিন্তিত হৈ উঠিল| মাকে কিবা এষাৰ কবলৈ লওঁতেই উপাসনা পাকঘৰৰ পৰা ওলাই আহিল| প্ৰতাপক ক’লে—
: তুমি যে আৰু কি নহয়! তেতিয়াই ক’লো সোণক টোপনিৰ পৰা জগাই দিবলৈ নিদিলা| এতিয়া চোৱা কিমান দেৰি হ’ল| ৬.৩০ বাজি গ’ল| আজি বাছ নাপায় সি চাবা| একদম স্কুললৈকে থৈ আহিব লাগিব| ময়ে উঠাওঁ গৈ তাক|
আৰু সহ্য নহ’ল প্ৰতাপৰ| সোণক উঠাবলৈ যাবলৈ উদ্যত হোৱা উপাসনাৰ হাত এখনত টান মাৰি ধৰিলে| প্ৰতাপৰ হাতৰ টান পাই থমকি ৰ’ল উপাসনা| প্ৰতাপৰ মুখলৈ চালে| দুখত ক’লা পৰি গৈছে প্ৰতাপৰ মুখ| একো বুজিব নোৱাৰি আকৌ মনালীলৈ চালে উপাসনাই| বেৰখনত মূৰ গুজি উচুপি আছে মনালীয়ে| কান্দোন সামৰিবলৈ চেষ্টা কৰোঁতে তাইৰ গাটো কঁপি কঁপি উঠিছে| মাকেও চাদৰৰ আঁচলটো টানি মুখত সোপা দিছে| এজন এজনকৈ সকলোৰে মুখৰ ওপৰেৰে দৃষ্টি বুলাই আকৌ প্ৰতাপলৈ চালে উপাসনাই| প্ৰতাপৰ দুচকুৰে দুধাৰি লোতক বৈ আহিছে| বুকু ফলা চিঞৰ এটা মাৰি পাৰ ভঙা কান্দোনত উটি গ’ল উপাসনা.........
পাকঘৰৰ ফালে কিবা শব্দ হোৱা যেন পাই মাক-দেউতাকো শোৱাৰ পৰা উঠি আহিল| এনেও উপাসনাক লৈ গোটেই ঘৰখনেই অলপ সজাগ হৈয়ে আছিল| ডাক্তৰেও তেওঁক কোনো সময়তে অকলে নেৰাৰ পৰামৰ্শ দিছিল| তেওঁলোকে গৈয়ে পাকঘৰৰ দুৱাৰ মুখত প্ৰতাপ আৰু মনালীক তেনেকৈ নিশ্চুপ হৈ থিয় থকা দেখি তেওঁলোকো চিন্তিত হৈ উঠিল| মাকে কিবা এষাৰ কবলৈ লওঁতেই উপাসনা পাকঘৰৰ পৰা ওলাই আহিল| প্ৰতাপক ক’লে—
: তুমি যে আৰু কি নহয়! তেতিয়াই ক’লো সোণক টোপনিৰ পৰা জগাই দিবলৈ নিদিলা| এতিয়া চোৱা কিমান দেৰি হ’ল| ৬.৩০ বাজি গ’ল| আজি বাছ নাপায় সি চাবা| একদম স্কুললৈকে থৈ আহিব লাগিব| ময়ে উঠাওঁ গৈ তাক|
আৰু সহ্য নহ’ল প্ৰতাপৰ| সোণক উঠাবলৈ যাবলৈ উদ্যত হোৱা উপাসনাৰ হাত এখনত টান মাৰি ধৰিলে| প্ৰতাপৰ হাতৰ টান পাই থমকি ৰ’ল উপাসনা| প্ৰতাপৰ মুখলৈ চালে| দুখত ক’লা পৰি গৈছে প্ৰতাপৰ মুখ| একো বুজিব নোৱাৰি আকৌ মনালীলৈ চালে উপাসনাই| বেৰখনত মূৰ গুজি উচুপি আছে মনালীয়ে| কান্দোন সামৰিবলৈ চেষ্টা কৰোঁতে তাইৰ গাটো কঁপি কঁপি উঠিছে| মাকেও চাদৰৰ আঁচলটো টানি মুখত সোপা দিছে| এজন এজনকৈ সকলোৰে মুখৰ ওপৰেৰে দৃষ্টি বুলাই আকৌ প্ৰতাপলৈ চালে উপাসনাই| প্ৰতাপৰ দুচকুৰে দুধাৰি লোতক বৈ আহিছে| বুকু ফলা চিঞৰ এটা মাৰি পাৰ ভঙা কান্দোনত উটি গ’ল উপাসনা.........
========================================================
আবেলিৰ ৰং....
এলাৰ্মৰ শব্দত টোপনি ভাঙিল বন্দিতাৰ| উঠো-নুঠোকৈ শোৱাৰ পৰা উঠিল তাই| লগত শুই থকা সোণকনলৈ চালে| হাত দুখন মুঠি মাৰি ওপৰলৈ উলিয়াই দি গভীৰ টোপনিত থকা সোণকনক দেখি মৰমতে হাত এখন বুলাই দিলে তাৰ ঘন চুলিৰ মাজেৰে| কবই নোৱাৰে সি টোপনিত| দিনটো ল’ৰি-ঢাপৰি ফুৰা তাৰ কণমানি দেহাটো টোপনিত পৰাৰ পাছত ভাগৰত লাল-কাল দিয়ে| এবাৰ শুলে সি আৰু একো গম নাপায় অংকুৰৰ দৰে| যাবৰ মন নাছিল তাই| কিন্তু নগ'লে সুজাতাহঁতে বেয়া পাব| ইমান মৰম কৰে ইহঁতকেইজনীয়ে তাইক! অনবৰতে আবৰি ৰাখিব খোজে| দুৰ্য্যোগৰ দিনটো প্ৰতি মুহূৰ্ততে তাইক লগ দিয়া এই বন্ধু-বান্ধবী কেইটাৰ নি:স্বাৰ্থ মৰম তাই কেতিয়াও পাহৰিব নোৱাৰে|
: মানু, উঠাই নাই তুমি?
পলম হৈ যাব দেখোন! ৬টাতে যোৱাৰ কথা নাই জানো তোমালোকৰ?
সুজাতা ওলাবহিয়ে এতিয়া তোমাক নিবলৈ|
যিহে ঘড়ীৰ দৰে চলে তাই|
: উঠো আৰু মা| আপুনি এই ঠাণ্ডাত কিয় উঠি আহিল? মই যোৱাৰ আগতে আপোনাক মাত দি গ’লোহেঁতেন! এই সোণকনক আপোনালোকৰ তালৈ নিওঁ বুলি লৈছিলো|
: নালাগে তাক আমাৰ বিচনালৈ নিব| ধুনীয়াকৈ শুই আছে সি| তুমি যোৱাৰ পাছত ময়ে তাৰ লগত শুই থাকিম| তুমি সোনকাল কৰা| আৰু শুনা ডাইনিং টেবুলতে সৰু বেগটোত ক’ল দুটামান, বইল কণী দুটামান, ব্ৰিটানিয়া কেক্ এটা আৰু পানীৰ বটলটো থৈ দিছো মই| তুমি নিবলৈ নাপাহৰিবা|
: এইবোৰ কেলেই মা? অকল পানীৰ বটলটো হ’লেই হ’লহেঁতেন!
: একো নহয় গৈ পাওঁতে পলম হ’লে ভোক লাগিব| মই ৰাতিয়েই ভৰাই থৈছো| তুমি যোৱা গা ধোৱাগে’|
মই গাখীৰ এগিলাচকে গৰম কৰি দিওঁ তোমাক|
বিস্কুট দুখনেৰে খাই যাবা|
: নালাগে মা| মই একো নাখাওঁ|
: খাবা| সুদা পেটেৰে কলৈকো যাব নাপায়|
আৰু বাক্যব্যয় নকৰি গা ধুবলৈ গ’ল বন্দিতাই| খৰধৰকৈ গাটো ধুই আহি গোঁসাইৰ থাপনাত ধূপ দুডাল জ্বলাই দিলে| চুলিখিনি আঁচুৰি ক্লিপ এডালেৰে বান্ধি ল’লে| পিন্ধো নিপিন্ধোকৈ সেউজীয়া চুৰিদাৰজোৰ পিন্ধিলে তাই| শাৰী বা মেখেলা চাদৰ পিন্ধিয়েই ভাল পায় তাই| কিন্তু সুজাতাই কালিয়েই কৈ থৈছে যিহেতু যাত্ৰাটো অলপ দীঘলীয়া হ’ব গতিকে তাই চুৰিদাৰ পিন্ধিলেই ভাল হ’ব| অৱশ্যে ভ্ৰমণকালত শাৰী-মেখেলা চাদৰতকৈ চুৰিদাৰ বেছি উপযোগী| মোজাজোৰ পিন্ধি চুৱেটাৰটো পিন্ধিবলৈ লওঁতেই গাড়ীৰ মাত শুনা যেন লাগিল তাইৰ| চুৱেটাৰটো পিন্ধি পিন্ধিয়েই দুৱাৰখন মেলি দিলে তাই| সুজাতাই হাত দুখন মোহাৰি মোহাৰি সোমাই আহিল|
: তোৰ হোৱাই নাই মানু?
: এই হ’লেই আৰু|
: ই টিকলু উঠিল নেকি?
: নাই উঠা| ধুনীয়াকৈ শুই আছে|
: তোক বিচাৰি আমনি কৰিব নেকি?
: নকৰিব চাগে! তাক কালিয়েই মই ক’ৰবালে’ যাম বুলি কৈ থৈছো আৰু আহোঁতে তালৈ এটা ফ্ৰুইট এণ্ড নাট্ আনিম বুলি কৈছো|
: বঢ়িয়া তেতিয়াহ’লে| ব’ল দেৰি হৈ যাব নহ’লে|
: অলপ ৰ’| মায়ে গাখীৰ খাই যবলৈ কৈছে বেয়া পাব নহ’লে| তই কি খালি?
: ৰঙা চাহ আৰু বিস্কুট| তই সোনকাল কৰ| দাদাৰ খং উঠিব এতিয়া|
সৰু হেণ্ডবেগটোত ফণীখন, গাৰ্নিয়েৰৰ ক্ৰিমটো, লিপষ্টিকটো আৰু মোবাইলটো ভৰাই ল’লে বন্দিতাই| দুখন বিস্কুটেৰে গাখীৰ গিলাচ খাই শাহুৱেকক সেৱা কৰি বন্দিতা যাবলৈ ওলাল| তেনেতে শহুৰেকে গলহেকাৰি মৰা শুনি তাই তেখেতকো মাত লগাই আহিল| অংকুৰ নোহোৱা হোৱাৰ পাছত এই তিনিটা প্ৰাণীৰ ইটোৰ সিটোৰ প্ৰতি থকা টান আৰু আব্দাৰখিনি নেদেখিলে বুজিব নোৱাৰি|
: ভালকৈ যাবা মা|
: যাম দেউতা|
: সোণকনৰ কাৰণে মন বেয়া নকৰিবা| সি একো আমনি নকৰে| ভাল ল’ৰা সি| মই আছোৱেই নহয়| সি মোৰ লগত ফুৰিব|
: ভাল দেউতা| মই আহোঁ|
: যোৱা|
সুজাতাৰ লগত আহি কলেজৰ সন্মুখত নামিল বন্দিতাই| খোৱা বস্তু থকা বেগটো আৰু হেণ্ডবেগটো লৈ ৰৈ থাকিল তাই| সুজাতাই মস্ত বেগ এটা নমোৱা দেখি হাঁহি উঠিল তাইৰ|
: ইমান ডাঙৰ বেগটোত কি আনিছ তই? অকলেই প্ৰীতিভোজ খাম বুলি ভাবিছ নেকি?
: তোৰ মূৰ| ইয়াত পুৱাৰ জলপানৰ আধা বস্তু আছে| নহ’লে এইডাল কঢ়িয়াই মৰিবলে’ মোক ভূতে পাইছে নেকি? কাৰোবাক চাওঁ ৰ’ গধূৰ হৈছে বেগটো| তই অলপ ৰ’ ইয়াতে| মই আৰু কোন কোন আহিল চাই আহোঁ| বাচখনো নাই দেখাচোন!
বন্দিতাক একো ক’বলৈ সুবিধা নিদি খৰ খোজেৰে কলেজ অভিমুখে গুচি গ’ল সুজাতা| প্ৰাণচাঞ্চল্যৰে ভৰপূৰ সুজাতা সকলো সময়তে এনে এক সতেজতাৰে পূৰ্ণ হৈ থাকে যে তাই যিফালে যায় যেন চাৰিওকাষে সেউজীয়া সিঁচি যায়|
অদ্ভূত প্ৰাণশক্তিৰে ভৰপূৰ এই সুজাতা|
তাইৰ মৰমতে নাহোঁ বুলিও আহিল বন্দিতাই|
চাৰি বছৰৰ পাছত এনেকৈ ঘৰৰ পৰা ওলাই আহি অসহজ যেন লাগিল বন্দিতাৰ|
চাৰিওফালে মূৰ ঘূৰাই চালে তাই|
নিমাও-মাও পৰিবেশটোৱে তাইৰ মনটো সেমেকাই পেলালে|
অংকুৰলৈ মনত পৰি গ’ল তাইৰ|
সিহে ভাল পাইছিল এইবোৰ! অনবৰতে হাঁহিমুখীয়া ফুৰ্তিবাজ হৈ থকা অংকুৰৰ মানুহক আপোন কৰি ল’ব পৰা এটা বিশেষ গুণ আছিল|
পৰোপকাৰ কৰি ভালপোৱা ল’ৰাটোৱে আনক বিপদত পৰা দেখিলে একমুহূৰ্তও ৰ’ব নোৱাৰিছিল|
তাৰ মৃত্যুও ঘটিছিল আনৰ উপকাৰ কৰিবলৈ যাওঁতেই|
এক্সিডেণ্টত বেয়াকৈ দুখ পোৱা ৰাণা দাক তেজ দি ঘূৰি আহোঁতেই ঘটিছিল অঘটনটো|
মদ খাই মাতাল হৈ চলোৱা কোনোবা ধনীৰ দুলালৰ গাড়ীয়ে খুন্দা মাৰিছিল অংকুৰৰ বাইকত|
সেইদিনা বন্দিতাই তাক দহাই দহাই কৈছিল ৰাতি দেৰি হ’লে ঘূৰি নাহিবলৈ|
মামাকহঁতৰ ঘৰত থাকি আহিবলৈ কৈছিল|
কিন্তু তাইক এৰি ক’তো থাকিবলৈ ৰাজী হোৱা নাছিল অংকুৰ|
কাৰণ তেতিয়া বন্দিতা অন্ত:সত্ত্বা আছিল|
সিহঁতৰ প্ৰেমৰ সাক্ষী পৃথিৱীলৈ আহিব ধৰাৰ খবৰটো পোৱাৰ দিনাৰে পৰা অংকুৰে কিছুমান নকৰা কাম কৰিবলৈ লৈছিল|
তাইক লগাতকৈ বেছিকৈ মৰম কৰিবলৈ লৈছিল| যেতিয়াই তেতিয়াই খোৱা বস্তুৰে তাইক আপ্যায়িত কৰি থকা হৈছিল| তাই অলপ উহ্ আহ্ কৰিলেই ব্যতিব্যস্ত হৈ উঠিছিল সি| প্ৰথম তিনিমাহত তাই মাজে মাজে বমি কৰোঁতে উত্কণ্ঠাত অৱস্থা বেয়া হৈ গৈছিল তাৰ| মাকে বহুত বুজোৱাৰ পাছ্তহে সি অলপ বুজিছিল কথাবোৰ| তথাপিও সময় পালেই তাইৰ মুখলৈ ৰ’ লাগি চাইছিল সি| মৰমতে সাৱটি ধৰিছিল| তাই মনে মনে সুখী হৈছিল অংকুৰৰ আব্দাৰবোৰ দেখি| কিন্তু???? অকস্মাত সুজাতাৰ মাত শুনি চক্ খাই উঠিল বন্দিতা|
: মানু, ব’ল| বাচখন কলেজৰ পাছফালে আছে| সকলো আহিল জান| অৰুণিমা বাইদেউ নাহিব বুলি ভাবিছিলো| তেওঁও আহিল| বৰ ভাল লাগিব আজি| গল্প আৰু কবিতাৰ মজলিছ্ জমি উঠিব| আহ্ আহ্ আমালৈকে সকলো ৰৈ আছে| সমীৰণ দা আপুনি বেগটো দাঙিব পাৰিবতো?
: নোৱাৰিলে ৰক্ষা আছে জানো? দুই সুন্দৰীৰ আগত সন্মান বুলিওটো কথা এটা আছে!
: একদম ঠিক| আপোনাক এটা কণী বেছিকৈ দিম বাৰু মনে মনে| বেগ কঢ়িওৱা বুলি|
: পাছত নাপাহৰিবা হ’লে! নহ’লে তোমাৰ ভাগৰটোকে দিব লাগিব|
: দিম দিম বলক|
৬.৩০ ত যাত্ৰা আৰম্ভ হৈছিল বন্দিতাহঁতৰ অৰুণাচলৰ চৌখামলৈ| স্নাতক অন্তিম বৰ্ষৰ ছাত্ৰ-ছাত্ৰী আৰু কলেজৰ ছাৰ-বাইদেউসকল লগলাগি আয়োজন কৰা এটা প্ৰীতিভোজ| আচলতে ভূ-তাত্বিক বিভাগৰ ফালৰ পৰা এটা অঞ্চলভিত্তিক ক্ষেত্ৰ অধ্যয়নৰ বাবে যোৱাৰ কথা আছিল| কিন্তু কি কাৰণত জানো সেই ভ্ৰমণৰ তালিকা বাতিল হোৱাত সুজাতা আৰু সমীৰণে লগ হৈ এই প্ৰীতিভোজৰ আয়োজন কৰিছিল ওচৰৰ ক’ৰবাত| ল’ৰাহঁতে গম পাই সিহঁতো যাম বুলি কোৱাত ওচৰৰ ঠাইখন সলাই এই অৰুণাচলৰ ঠাইটুকুৰা বাচি ল’লে| ইমানদিনে সুজাতাই অকলেই কলেজখনত প্ৰাণসঞ্চাৰ কৰি আছিল| যোৱা বছৰ সমীৰণ আহি অৰ্থনীতি বিভাগত যোগদান কৰাৰ লগে লগে কলেজখনৰ পৰিবেশটোৱে সলনি হৈ গ’ল| সমীৰণো অংকুৰৰ দৰেই কৰ্মোদ্যগী আৰু প্ৰবল আত্মবিশ্বাসী| প্ৰথম অৱস্থাত সমীৰণক লৈ সকলোৱে প্ৰশ্ন তুলিছিল|
দিল্লী বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি ইমান ভাল ফলাফল লাভ কৰাৰ পাছতো কিয় ইয়ালৈ ঘূৰি আহিল|
সমীৰণে হাঁহি হাঁহিয়ে উত্তৰ দিয়ে- দিল্লীলৈ পঢ়িবলৈ গৈছিলো নিজে উচ্চ শিক্ষা লম বুলি|
সেইয়া সম্পূৰ্ণ হ’ল|
এতিয়া মই মোৰ শিক্ষাৰ ভাগ মোৰ আপোনসকলৰ মাজত বিলাব খোজোঁ|
তাত দুবছৰমান থাকি চালো|
কিন্তু মনে নসহিলে|
আপোন মাটিয়ে টানিলে|
সেয়ে উভতি আহিলো|
সমীৰণৰ খোলা মন আৰু বন্ধুসুলভ ব্যৱহাৰে কম সময়তে সকলোকে আপোন কৰি পেলালে|
বাচখনে গতি লৈছে| ছাৰ-বাইদেউসকলক দেখি ল’ৰাহঁত শান্ত হৈ আছিল যদিও সমীৰণ আৰু সুজাতাই “এ এনেকৈ মনে মনে প্ৰীতিভোজ খাবলৈ আহে নেকি? তোমালোক কেনেকুৱা ডেকা ল’ৰাহে” বুলি ক’বলইহে পালে আটাইজাকে সুহুৰিয়াই উঠিল| লগে লগে আৰম্ভ হৈ গ’ল বিহু| হাতচাপৰি আৰু বিহুৰ মাতে গমগমাই গ’ল বাচৰ ভিতৰখন| সকলোকে অবাক কৰি উপেন ছাৰ উঠি আহিল ল’ৰাহঁতৰ মাজলৈ| কলেজত উপেন ছাৰ গহীন-গম্ভীৰ আৰু দুৰ্দান্ত বুলিয়েই বিখ্যাত| ছাৰৰ মুখত পুৰণা বিহু শুনি ৰঞ্জিতা বাইদেৱেও চিটত বহিয়েই হাত জোকাৰি নাচিবলৈ লাগিল| সকলোৰে হাঁহিত উজ্বল মুখবোৰ দেখি ভাল লাগিল বন্দিতাৰ| তায়ো বহাৰ পৰা পাছলৈ উভতি চাই বিহু উপভোগ কৰিবলৈ লাগিল| কুঁৱলীৰ আৱৰণ তেতিয়াও আছে| বেলিটো বগা হৈ আছে| জোনটোৰ দৰে দেখা গৈছে বেলিটো| বাচ গৈ ৰূপাইত ৰ’ল| কোনোবা কোনোবা নামিল| বন্দিতাই নানামো বুলি কোৱাত সুজাতাও তাইৰ লগতে বহি থাকিল| অলপ দেৰিৰ পাছত দুহাতত দুকাপ চাহ লৈ সমীৰণ উঠি আহিল|
: আৰে’ আপুনি কিয় লৈ আহিল? আমাক মতা হ’লেই হ’ল হেঁতেন!
: বন্দিতা নানামে বুলি জানো কাৰণেই লৈ আনিলো| একো নহয় খোৱা| মই খালো| ভাল হৈছে চাহকাপ সেয়ে আনিলো|
: ধন্যবাদ সমীৰণ দা|
: স্বাগতম বন্দিতা|
: আপুনি চাহ খালেই যেতিয়া কেক্ এডোখৰ সুদাকেই খাওক বুলি বেগৰ পৰা ব্ৰিটানিয়া কেকৰ পেকেটটো খুলি সমীৰণলৈ আগবঢ়াই দিলে বন্দিতাই|
: বাঃ ব্ৰিটানিয়া কেক্! মই বৰ ভালপাওঁ| দুটুকুৰা খাম হ’লে!
: আমাৰ মানুৱে গাখীৰো খাই কেকো খাই সৰু ছোৱালীৰ দৰে| সৰুৱে হৈ আছে এতিয়াও|
: সেয়ে ইমান সৰল হৈ আছে বুলি কৈ আৰু একমুহূৰ্ত নোৰোৱাকৈ বাচৰ পৰা নামি গ’ল সমীৰণ|
আকৌ আৰম্ভ হ’ল যাত্ৰা| এইবাৰ বিহুৰ ঠাইত অন্তাক্ষৰী আৰম্ভ হৈছে পাছফালে| উপেন ছাৰৰ ৰূপ বেলেগ আজি| অলপ অলপ ৰ’দ উঠিছে| ঠাণ্ডাৰ পৰিমাণতো কমা যেন লাগিল|
: মানু, তোক কথা এটা কওঁ?
: ক’ আকৌ| কথা এটা ক’বলই তোক কেতিয়াৰ পৰা অনুমতিৰ প্ৰয়োজন হ’ল!
: সেইটো জানো কিন্তু তই সদায় এনেকৈয়ে থাকিবি নেকি?
: মানে?
: মানে অকলে!
: প্লিজ সু আজি আৰু এইবোৰ নুলিয়াবি|
বন্দিতাৰ মাতৰ কাতৰতাই বুকুত খুন্দিয়ালে সুজাতাৰ|
তাইলৈ চাই এনেই তাইক সাৱটি ল’লে সুজাতাই|
: নকওঁ দে| বেয়া নাপাবি| কিন্তু মাত্ৰ এটা প্ৰশ্নৰ উত্তৰ দে!
: কি?
: তই যেনেকৈ আছ তেনেকৈয়ে যদি তোক কোনোবাই আপোন কৰিব খোজে তেতিয়াও কি তই আপত্তি কৰিবি নেকি? মই কি ক’ব খুজিছো তই বুজিছ চাগে?
: বুজিছো| তেনে কোনোবা আছে যদি মই এবাৰ ভাবি চাম কিন্তু এতিয়াই একো নকওঁ| তই জান অংকুৰ মোৰ বুকুত শিপাই আছে অটল তলিলৈকে|
: জানো| বহুত বহুত ধন্যবাদ মানু| তই অন্ত:ত ভাবি চাম বুলি কৈছ| আৰু একো নোসোধো তোক|
চৌখাম পাওঁতে পাওঁতে দহটাই বাজিল| খৰধৰকৈ মানুহবোৰ বাচৰ পৰা নামিল| ল’ৰাহঁতে ধাম-ধুম বস্তুবোৰ নমাই টেণ্ট টানি পলকতে সকলো সজাই পেলালে| সুজাতাহঁতে সেইফালে কফি হয় মানে ব্ৰেডত জাম সানি সানি বইল কণী আৰু ক’লেৰে প্লেট সজাই গ’ল| ছোৱালীবোৰে সকলোৰে হাতে হাতে তুলি দিলে পুৱাৰ আহাৰ| গৰম গৰম ধোঁৱাই থকা কফি খাই খাই অৰুণিমা বাইদেৱে আৰম্ভ কৰিলে কবীন ফুকনৰ কবিতা আবৃতি—
কণমান ৰং দিয়া| কণমান ৰং|
আছে যদি সেউজীয়া| নাই যদি,
কণমান ৰঙা| মুগাচানেকীয়া|
হেঙুল হ’লেও হ’ব|
নাই যদি বিশুদ্ধ বগা|
অস্তৰাগী আকাশত দিম এটি ফোঁট|
...........
..........
তৰুণ ছাৰে উলিয়ালে ৰগৰ| নিহাৰীকা বাইদেৱে ক’লে ভ্ৰমণকালত হোৱা অভিজ্ঞতা এটা| কলেজৰ চোকা ল’ৰা অভিজিতে অণু গল্প এটা ক’লে| সীমাই গান গালে| জমি উঠিল আদ্দা| তামুলী ছাৰে উলিয়ালে বিয়াৰ পাছত প্ৰথম শহুৰেকৰ ঘৰলৈ যাওঁতে হোৱা জমনি অভিজ্ঞতাৰ কথা| সকলো সমনীয়া হৈ উঠিল| আনন্দময় আৰু উপভোগ্য হৈ উঠিল পৰিবেশটো| ছাত্ৰ-ছাত্ৰী ছাৰ-বাইদেউৰ মাজত এক পোনপতীয়া সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিল|
মুকলি আকাশৰ তলত প্ৰকৃতিৰ মুক্ত পৰিবেশত সকলো যেন নিষ্পাপ শিশু হৈ উঠিল|
ভাল লাগি গ’ল বন্দিতাৰ|
সকলোৱে জোৰ কৰাত তাইয়ো লতাৰ ’দিল ত’
হে দিল’
গীতটো গালে|
মাতটো মিঠা বন্দিতাৰ|
পঢ়ি থকা কালত শ্ৰেষ্ঠ গায়িকাৰ সন্মান পাইছিল তাই|
বহুদিনৰ অনভ্যাসৰ পাছত গোৱাতো তাইৰ গীতে সকলোকে মুহি পেলালে|
সকলোৱে আৰু এটা আৰু এটা বুলি চিঞৰাত তাই আৰু দুটা গীত গালে|
কল্লোল আৰু নমিতাই আটাইকে কমলা বিলাই গ’ল|
ৰ’দটো টান হৈ অহাত সকলোৱ এপাক এনেই ফুৰিবলৈ ওলাল|
ইতিমধ্যে মনৰ মিল থকা ল’ৰা-ছোৱালীহঁত এখোজ দুখোজকৈ আঁতৰিবলৈ লৈছিল| উপেন ছাৰে ৰান্ধনিৰ ওচৰলৈ গৈ ৰন্ধাৰ তদাৰক কৰিবলৈ লাগিল| সকলো ভাগ ভাগ হৈ ওলাল| মতামানুহ দুজনমান হাবিৰ ফালে গ’ল| সুজাতা, বন্দিতা, সমীৰণ, অনুপল, নয়না, নিহাৰীকা বাইদেউ, অৰুণিমা বাইদেউ একেলগে ওলাল| বন্দিতাই চাৰিওফালে চকু ফুৰাই চালে| কি সুন্দৰ পৰিবেশ! মূৰৰ ওপৰত সুনীল আকাশ| সন্মুখত পাহাৰীয়া খৰস্ৰোতা নদী| বৰ বেছি দ’ নহয় যদিও শিলৰ ওপৰেৰে কি কোবাল সোঁতেৰে বৈ গৈছে নদীখন| সোঁতৰ তীব্ৰতাত প্ৰচণ্ড শব্দ উঠিছে| একাষে অৰুণাচলৰ সেউজীয়া পাহাৰ| দূৰৈত অ’ত ত’ত বহুকেইটা বনভোজ খোৱা দল| সৰহভাগ মানুহেই নদীৰ পানীত তিতি-বুৰি ধেমালি কৰিছে| সৰু সৰু ল’ৰাবোৰে গা ধুইছে| ক’তই যে বিভিন্ন প’জ দি ফটো উঠাইছে| বন্দিতাহঁতৰ বহুতৰে হাতত ডিজিটেল কেমেৰা আছে| আৰু কেমেৰা থকাকেইজনে যাত্ৰা আৰম্ভ হোৱাৰে পৰা ফটো তুলিয়েই আছে|
খোজকাঢ়ি খোজকাঢ়ি সকলো আগবাঢ়িল| সকলোকে নদী পাৰ হোৱা দেখি বন্দিতাহঁতেও পানীত ভৰি দিলে|
: অ’ মা ইমান চেচা! পানীত ভৰি দিয়েই চিঞৰি উঠিল নয়নাই| অনুপলে এখোজ আগলৈ গৈ এচলু পানী লৈ চটিয়াই দিলে নয়নাহঁতৰ ফালে| পানীৰ সোঁত দেখি পানীত নামিবলৈ ভয় কৰিলে বন্দিতাই| তাতে শিলবোৰ ইমান পিছল! তাই “মই নাযাওঁ তহঁতেই যা” বুলি তাতেই শিল এটাৰ ওপৰত বহি পৰিল| অৰুণিমা বাইদেৱে “এই বন্দিতা একো নহয় ব’লা ধৰি ধৰি নিম” বুলি কোৱাৰ পাছতো বন্দিতাই মূৰটো জোকাৰি তাতেই বহি ৰ’ল| তাইক এৰি বাকীকেইজন পানী ফালি নদী পাৰ হ’বলৈ গ’ল| এজনে আনজনৰ হাতত ধৰি তেওঁলোক নদীৰ মাজ পালেগৈ| তাত পানী নাই বুলিয়েই ক’ব পাৰি| শিলৰ ফাঁকে ফাঁকে এনেই সুঁতিৰ দৰে পানীৰ লুৰ এটা বৈ গৈছে| অলপ আঁতৰলৈ নদীখন অলপ দ’| তাৰপৰাই পানীৰ সোঁসোৱনিৰ শব্দ এটা আহিছে| নদী পাৰহৈ ভাগৰত সকলো শিলৰ ওপৰতে বহি পৰিল| অনুপলে ফটো উঠোৱাত লাগিল| কিছু দেৰি থকাৰ পাছত তেওঁলোক আকৌ এই পাৰলৈ আহিল| সুজাতাই দূৰৰ পৰাই চিঞৰি আহিল-
: আহ্ মানু আহিব পাৰিবি| তই মিছাতে ভয় কৰিছ| এবাৰ আহ্চোন কিমান ভাল লাগিব গম পাবি|
: নাই নাযাওঁ দেই| তই মিছা কৱ|
তাই সৰু ছোৱালীৰ দৰে কোৱা শুনি সকলোৱে হাঁহিলে| এইপাৰলৈ আহি অৰুণিমা বাইদেউ আৰু নিহাৰীকা বাইদেৱে পানীত জুমি জুমি শিল বুটলিবলৈ লাগিল| ঘৰত সজাব হেনো! অনুপল আৰু নয়না অলপ আঁতৰি গ’ল| নতুনকৈ বিয়া হৈছে সিহঁত দুটাৰ| সিহঁতলৈ চাই সুজাতাই সুহুৰি এটা মাৰি চকু টিপিয়াই দিলে| প্ৰত্যুত্তৰত নয়নাই জিভা উলিয়াই সিঁয়াৰি দি গুচি গ’ল| বন্দিতাই হাঁহিলে| সমীৰণে বন্দিতাৰ মুখলৈ একেথৰে চাই থাকিল|
: সুজাতা, পানীৰ পিয়াহ লগা নাই জানো?
: লাগিছে, কিন্তু আকৌ ইমান দূৰলৈ গৈ কোন আহিব! একেবাৰে অলপ পাছত যাম|
: নালাগে যাব| মই গৈ লৈ আনো ৰ’বা| মোৰ বৰ পিয়াহ লাগিছে| ফলমূল কিবা আছে যদিও লৈ আনিম|
: ইমান দূৰ যাব আপুনি?
: যাওঁ ফট্কে আহিম| তোমালোক ইয়াৰ পৰা কলৈকো নাযাবা|
: অ’কে বচ্|
সমীৰণ যোৱাৰ ফালে চাই থাকিল বন্দিতাই| সমীৰণো অংকুৰৰ দৰেই| সহজেই মানুহৰ লগত মিলি যাব পাৰে| কলেজত যিমানখিনি সময় তেওঁৰ স’তে মুখামুখি হৈছে তেওঁ নিজেই হাঁহি এটাৰে বন্দিতাক সম্ভাষণ জনায়| ভাল বেয়া সোধে| আন সকলৰ লগতো একেই ব্যৱহাৰ কৰে| ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো খুব সোনকালেই জনপ্ৰিয় হৈ উঠিল সমীৰণ| কমন ৰুমতো তেওঁৰ পঢ়োৱাৰ ধৰণক লৈ আলোচনা হয়| অগতানুগতিক তেওঁৰ পঢ়োৱাৰ ধৰণ; কিন্তু আকৰ্ষণীয়| ব্যক্তিত্ব আছে যিটো সঁচাই শলাগিবলগীয়া| বন্দিতাৰ অন্যমনস্কতালৈ লক্ষ্য কৰি সুজাতাই সুধিলে-
: মানু, সমীৰণ দাৰ দৰে মানুহ যদি তোৰ জীৱনলৈ আহে?
: কাৰ ভাগ্যত কি লিখা আছে কোনেও নাজানে অ’ সু| মই জানো জানিছিলো অংকুৰে এনেদৰে মাজবাটতে মোক অকলশৰীয়াকৈ এৰি থৈ যাব বুলি|
: কিন্তু গোটেই জীৱন তই অকলে কিদৰে কটাবি? আজি মা-দেউতা আছে| তই সাহস পাইছ| তেওঁলোকৰো বয়স হৈ আহিছে| ভগৱানে নকৰক কাইলৈ যদি তেওঁলোকো নোহোৱা হয় তেতিয়া কি কৰিবি? সোণকনক লৈ অকলে কি কৰিবি তই?
: তেতিয়া কি হ’ব নাজানো সু| কিন্তু এনেধৰণৰ কথাবোৰ মই কেতিয়াও নাভাবো| বৰ কষ্ট হয় ভাবিবলৈ| অংকুৰ থাকোঁতে কৈছিলো তুমি নাথাকিলে ময়ো নাথাকো| অথচ আজি চাৰি বছৰে মই বাচি আছো| বাকী থকা দিনবোৰো যাব কিবাকৈ|
: তেনেকৈ নকবি মানু| কিমাননো বয়স হৈছে তোৰ| গোটেই জীৱনটোৱেই পৰি আছে মুখৰ আগত| লগ নোহোৱাকৈ অকলে দিন পাৰ কৰা বৰ সহজ নহয় অ’| আৰু সোণকনকো মানুহ কৰিব নালাগিব জানো?
: ক’তনো অকলে আছো! তহঁত আছ নহয়! চাকৰিটো আছে যেতিয়া সোণকনক ডাঙৰ কৰিব পাৰিম দে|
: ইমান সহজ নহয় মানু! তই মই জীৱনৰ কিমান ৰঙেইবা দেখিছো! তই জাননে জেঠা-জেঠীয়ে তোক লৈ কিমান চিন্তা কৰে?
: জানো সু| তেওঁলোকৰ চিন্তাতে মোৰ টোপনি নাহে| এই বসয়ত তেওঁলোকক নিঠৰুৱা কৰি থৈ মই স্বাৰ্থপৰৰ দৰে নিজৰ কথা কেনেকৈ ভাবোঁ তয়ে ক’? তই নাজান জানো এই পৃথিৱীত তেওঁলোকৰ বাহিৰে মোৰ কোনো নোহোৱাৰ দৰে তেওঁলোকৰো মোৰ বাহিৰে আন কোনো নাই?
: জানো, কিন্তু জেঠীয়েই তোৰ অবৰ্তমানত তোক বুজাবলৈ মোক উপদেশ দিছিল|
: কেতিয়া?
: হ’ল আজি ছমাহমান| জেঠাৰ ষ্ট্ৰ’ক হোৱাৰ পাছতেই|
: তই মোক আগতেই নকলি কিয়?
: কাৰণ তোক মই বুজোঁ মানু| এনেবোৰ কথা ক’লে তই মনত আঘাত পাবি বুলি জানিয়েই কোৱা নাছিলো|
: আজি কিয় ক’লি তেনে?
: অথনি তই ভাবি চাম বুলি ক’লি যে সেয়ে ক’লো|
সমীৰণক ওচৰ পোৱা দেখি দুয়োজনীয়ে কথা বন্ধ কৰিলে| পানীৰ বটল এটা আৰু কমলা দুটা সিহঁতলৈ আগবঢ়াই দিলে সমীৰণে| ওখ চাই শিল এটাত তেওঁও বহি পৰিল| সুজাতাই একেকোবে আধা বটল পানী পি পেলালে| বন্দিতাই অলপ খালে| দুইজনীয়ে কমলাৰ বাকলি গুচাই খোৱাত লাগিল| বন্দিতাই সমীৰণৰ ফালে দুফোটমান কমলা আগবঢ়াই দিলে|
: ধন্যবাদ বন্দিতা| সুজাতা কম স্বাৰ্থপৰ নহয়| অকলেই খোৱাত লাগিল|
: হেঃ হেঃ তাই দিব বুলি জানো নহয় সেইকাৰণে নিদিলো| খাই যদি লওক এইয়া|
: নালাগে হ’ব মই এটা খায়েই আহিছো|
আটাইকেইটা মনে মনে ৰ’ল| সকলোৰে চকু বিপৰীত মুখলৈ আবদ্ধ| সকলো নিজৰ নিজৰ ভাবত মগ্ন| দূৰত বনভোজৰ দলবোৰে বজোৱা কিচিৰ মিচিৰ গানৰ শব্দ উটি আহিছে| বন্দিতাই পানী খেলি থকা সৰু ল’ৰা দুটালৈ চাই আছে|
: হাৰে কি হ’ল মই অহাৰ আগতে দুই বান্ধবীয়ে কথাত মচগুল হৈ আছিলা| এতিয়া ইমান নীৰৱ হৈ গ’লা যে? মই অহাত অসুবিধা হ’ল যেন পাইছো| যাওঁগৈ তেনে তোমালোকৰ অসুবিধা হৈছে যদি!
: নাই নাই আমি এনেই কিবাকিবি পাতি আছিলো| তেনে কোনো কথা নাই| দুয়োজনীয়ে প্ৰায় একেলগেই কৈ উঠিল|
সমীৰণে পোনপতীয়াকৈ চালে বন্দিতাৰ ফালে| ৰ’দত ৰঙা পৰি উঠিছে বন্দিতাৰ মুখখন| সেউজীয়া সাজজোৰে শুৱাই পৰিছে তাইক| ক্ষীণ-মীন ছোৱালীজনীয়ে অনবৰতে দুচকুত কঢ়িয়াই লৈ ফুৰে এসাগৰ বিষাদ| তাইৰ নীলা চকুৰ বিষাদ দেখি সমীৰণৰ বুকুখন তোলপাৰ কৰি উঠে আজানিতে| বহুদিন নিজৰ স’তে নিজেই তৰ্ক কৰিছে সমীৰণে ইয়াৰ কাৰণ বিচাৰি| কিন্তু কোনো সঠিক উত্তৰ বিচাৰি নাপায়| বন্দিতাৰ বিষয়ে সুজাতাক সুধি সকলো জনাৰ পাছত সিদ্ধান্ত লৈ পেলাইছিল সমীৰণে| এই নীলা চকুৰ বিষাদৰ সাগৰত ডুব যাবলৈ নিজকে প্ৰস্তুত কৰি তুলিছিল| কিন্তু বাধা আছিল বন্দিতাক লৈ| সুজাতাই সতৰ্ক কৰি দিছিল সমীৰণক| তাই খুব সংবেদনশীল মনৰ| খুব স্পৰ্শ কাতৰ| তেওঁ যেন খৰধৰ নকৰে| সুজাতাক কথা দিছিল সমীৰণে বন্দিতাৰ পৰা সদুত্তৰ নোপোৱালৈকে বাট চাব তেওঁ| বন্দিতাৰ মুখলৈ চাই অদ্ভুত মমতাত ভিতৰি গলি গ’ল সমীৰণ| ভৰি গ’ল বুকুখন|
: বন্দিতা, তোমাক এটা কথা সোধোঁ?
: সোধক| কি সুধিবনো?
: তোমাক যদি এই নদীখন পাৰ হ’বলৈ লগ ধৰোঁ যাবা মোৰ লগত?
: মোৰ ভয় লাগে|
: মই যদি তোমাৰ সাৰথি হওঁ? তোমাক হাতত ধৰি লৈ যাওঁ?
: ইমান সহজ জানো?
: তুমি কোৱা কিয় কঠিন যেন লাগিছে তোমাৰ?
: আপুনি অলপ ভাবকচোন কিয় মই কঠিন বুলি কৈছো?
: মই ভাবি চিন্তিয়েই কৈছো| এইয়া চোৱা ওপৰত মুকলি আকাশ| তলত মুক্ত পৃথিৱী| চৌদিশে উন্মুক্ত পৰিবেশ| বৈ যোৱা পানীক সাক্ষী কৰি মই কথা দিছো তোমাক চিৰদিন তোমাৰ হৈ ৰম| তোমাক সাৱটি ৰাখিম বিশ্বাস আৰু মমতাৰে| আহাঁ মোৰ জীৱনলৈ| তোমাৰ সেউজীয়াখিনি মোৰ বুকুতো সিঁচি দিয়া|
: কিন্তু?
: আৰু কোনো কিন্তু নাই| আহাঁ নদীখন পাৰ হওঁ| এদিন সোণকনকো ইয়ালৈ লৈ আনিম| তাক কম তোমাৰ মা আৰু দেউতাই ইয়াতেই জীৱনৰ পাতনি মেলিছিল| সি নিশ্চয় সুখী হ’ব আমাৰ মৰমত| তুমি তাকেই নিবিচাৰা জানো?
: দেউতা???
: উম্ দেউতা| সোণকন আমাৰ ল’ৰা| তোমাৰ আৰু মোৰ ল’ৰা| আহাঁ যাওঁ মানু|
চলচলীয়া চকুৰে বন্দিতাই সমীৰণৰ হাতত হাত থৈ পানীত খোজ দিলে এখোজ দুখোজকৈ| সুজাতাই কেমেৰা সাজু কৰি ক’লে
---স্মাইল প্লিজ!!!!
ড্ৰাইভাৰ যোৱাৰ ফালে একেথৰে চাই থাকিল জোনালীয়ে| গাখীৰ খাই কেঁচুৱাটো আকৌ টোপনি গ’ল| ফাগুনৰ পচোৱা বা এজাকে কঁপাই থৈ গ’ল জোনালীক| কম্বলখন গালৈ টানি ল’লে তাই| কম্বলখনৰ উমটো মনলৈকো বিয়পি পৰা যেন লাগিল তাইৰ.....
========================================================================
****************************************************
আপোনজনৰ
ঠিকনা....
.....খোলা
খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালে জোনালীয়ে| ফাগুন মাহৰ পৰিস্কাৰ নীলা আকাশ| দুই
এটুকুৰা শুকুলা ডাৱৰে আকাশৰ জেউতি চৰাইছে| শোৱাৰ পৰা উঠোঁ বুলি মূৰটো দাঙি চাই
গধুৰ যেন লাগিল তাইৰ| অৱশ লগা শৰীৰেৰে পুনৰ হাস্পতালৰ লোৰ বিচনাখনতে পৰি ৰ’ল
জোনালী| ডিঙিটো ঘূৰাই চালে সদ্যোজাত অকণমানিজনীলৈ| টোপনিত লাল-কাল দিছে ৰঙচুৱা
পুতলাটোৱে| পুতলাটোৱেতো নাজানে বৰ্তমানৰ জটিল পৃথিৱীখনৰ কথা| ইয়াত ক্ষণে ক্ষণে
দৰদাম চলে জীৱন আৰু মৃত্যুৰ| তাই বা কি কপাল লৈ আহিছে কোনে জানে! সদ্য মাতৃত্বৰ
সুখে আপ্লুত কৰিব পৰা নাই জোনালীক| বৰং আসন্ন অনিশ্চয়তাই খুলি খুলি খাইছে তাইক|
হাস্পতালৰ পৰা ওলাই গৈ কি কৰিব তাই? ক’লৈ যাব? ক’ত পাব এটুকুৰা নিৰাপদ আশ্ৰয়?
এটুকুৰা ৰুটি বা এসাঁজ ভোকৰ ভাত? কোনে বা দিব এষাৰ মৰমৰ মাত? আপোন বুলিবলৈ তাইৰ
আছেনো কোন? এৰি অহা দিনবোৰলৈ মনত পৰিল জোনালীৰ|
.....এটা পুত্ৰ
সন্তানৰ আশাত এজনী এজনীকৈ পাঁচজনী ছোৱালীৰ জন্ম দিলে মাকে| মাকৰ নিশকতীয়া দেহাটো
দিনে দিনে দুৰ্বল হৈ আহিল| তথাপি পুত্ৰ সন্তানৰ কামনাত ষষ্ঠ সন্তান গৰ্ভত থকা অৱস্থাতেই
প্ৰসূতিজনীত ৰোগত পৰি সিফলীয়া হ’ল মাক| মানুহে কোৱা শুনিছিল মানুহজনীৰ গাত হেনো
তেজ একেবাৰেই নাছিল| বুঢ়ী আইতাকে বংশ ৰক্ষা নহ’ল বুলি দিনে ৰাতিয়ে ৰাউচি জোৰে|
সিহঁতক সন্মুখত পালেই গালিৰে থকা-সৰকা কৰে| সিহঁতে নাজানে সিহঁতৰ দোষ কি| ঘৰ নচলাৰ
আচিলাতে আইতাকে বায়েক দুজনীক স্কুলৰ পৰা এৰুৱাই আনি ঘৰুৱা কামত লগালে| ঠিকাদাৰ
দেউতাকে নিশা মদ খাই মাতাল হৈ ঘৰ সোমাইহি| সিহঁত ছোৱালীকেইজনীয়ে ইজনীয়ে-সিজনীক
চায়| খোৱা-বোৱাত কষ্ট নাপালেও সিহঁতক চাওঁতা কোনো নাছিল| তেনেকৈয়ে সিহঁত ডাঙৰ হৈ
আহিল| বায়েক দুজনীক বিয়া দিয়াৰ পাছত এদিন দেউতাকে নতুন কইনা এজনী আনি ঘৰ
সুমুৱালেহি| আইতাকৰ আশা এইবাৰ কিজানি নাতি এটাৰ মুখ দেখেই! মাহী-মাকৰ গা-ভাৰী
হোৱাৰ উমান পায়েই আইতাকে সিহঁতক হুকুম দিয়ে ন-মাকক আল ধৰিবলৈ| তেওঁ হেনো নাতি
হোৱাৰ লক্ষণ দেখিছে তেওঁৰ গাত| দোল-মাদলিৰে ভৰাই পেলালে তেওঁৰ গা| পূজা-পাৰ্বন,
শৰাই দিয়াকে ধৰি দেউৱে দিয়া বিধি-বিধান কৰাত অকনো কৃপণালি নকৰিলে আইতাকে| যথা সময়ত
আইতাক-দেউতাকৰ মনোবাঞ্চা পূৰ্ণ কৰি ল’ৰা এটা ওপজিল| সেইদিনা ঘৰখনত হোৱা উত্সৱ্মুখৰ
পৰিবেশৰ কথা আজিও মনত আছে জোনালীৰ| গোটেই গাঁৱৰ ৰাইজ মাতি ভোজ-ভাত খুৱাইছিল
দেউতাকে| এটাই ভায়েক হোৱাত সিহঁতেও মৰম কৰিছিল তাক| আইতাকৰ আলাসৰ লাড়ু আছিল
ভায়েকটো| ভায়েকটো ডাঙৰ হৈ অহাৰ লগে লগে মাহীমাকৰ ব্যৱহাৰো সলনি হৈ আহিল| শুদি সবাহ
খাবলৈ অহা মাহীমাকৰ ভায়েকটো লাহে লাহে জোনালীহঁতৰ ঘৰতেই থকা হ’ল| মাহীমাকে দেউতাকক
কৈ তাকো তেওঁৰ লগতেই কামত লগাই ল’বলৈ ক’লে| দুদিনমান দেউতাকৰ লগত কামলৈ ঠিকেই ওলাই
গৈছিল| কিন্তু ইমানবোৰ মানুহ থকা ঘৰ এখনত মতা মানুহ এটা থাকিব লাগে বুলি অজুহাত
দেখুৱাই সি ঘৰতেই থাকিবলৈ ল’লে| দিনে ৰাতিয়ে গজ্ গজ্কৈ ডেকা মানুহ এটা শুই বহি
খাই থকা দেখিও কোনেও একো নক’লে| আচলতে দেউতাকে খৰচখিনি দিয়াৰ বাহিৰে ঘৰখনৰ আন একো
খবৰেই নাৰাখে| আইতাকৰো শৰীৰ পৰি আহিল| গাভৰু হৈ অহা জোনালী দেখাত ধুনীয়া আছিল|
মাহীমাকৰ ভায়েকে সুবিধা পালেই জোনালীক অসত্ ইংগিত দিয়ে| শাৰীৰিকভাৱে অপদস্থ কৰে|
স্কুলৰপৰা অকলে উভতি আহিলে কেতিয়াবা বাট ভেটি ধৰে| কাকো একো খুলি ক’ব নোৱাৰা
জোনালী ভয়ে ভয়ে সংকোচিত হৈ পৰে| মাহীমাককতো এইবোৰ কথা ক’ব নোৱাৰি| ক’লে তাইকেই ভুল
বুজিব| তাইৰ গাতে দোষ দিব| জোনালীৰ পৃথিৱীখন দিনতেই আন্ধাৰ হৈ পৰে| সময়বোৰ জোনালীৰ
বাবে দুঃসহ হৈ উঠে| পৰিত্ৰাণ বিচাৰি মনোহৰৰ কথাতে হয়ভৰ দিয়ে জোনালীয়ে| ভাওনা চাবলৈ
গৈ মনোহৰৰ স’তে পলাই যায়| কিন্তু তাতো জোনালীৰ বাবে ৰৈ আছিল অন্য এখন নৰক| মনোহৰৰ
মাকে পলাই যোৱাৰ বাবে জোনালীক বোৱাৰী বুলি ভালদৰে আদৰি নল’লে| সুদা হাতেৰে ঘৰ
সুমোৱা বুলি অনবৰতে ককৰ্থনা কৰি থাকে| দুদিনমান ঠিকে-থাকে যোৱাৰ পাছত মনোহৰেও ঘৰ
এৰি ঘূৰি ফুৰিবলৈ ধৰিলে| কাম-বন নোহোৱা মনোহৰে জোনালীক আনি জোনালীৰ দেউতাকৰ তলতে
কাম এটা পাম বুলি আশা কৰিছিল| কিন্তু তাই পলাই যোৱাৰ খঙতে দেউতাকে তাইৰ স’তে সকলো
সম্পৰ্ক ছেদ কৰি পেলালে| এনেই ঘৰখন চলিবলৈ টান, তাতে আৰু এজনী আনি খাৱৰীয়াৰ সংখ্যা
বঢ়োৱাত মনোহৰৰ মাকে মনোহৰকো ৰেহাই নিদিলে| মাকৰ খেচখেচনিত অতীষ্ঠ হৈ কাম বিচাৰি গৈ
মনোহৰ ঘৰলৈ নহা হ’ল| মনোহৰ ঘৰলৈ নহা দিনাৰ পৰা জোনালীৰ ওপৰত শাহুৱেকৰ অত্যাচাৰৰ
সীমা নাথাকিল| কুলক্ষণী বুলি জোনালীক ঘৰৰ পৰা উলিয়াই দিলে| জীয়াই থকাৰ তাড়ণাতে
জোনালী আহি চহৰ পালেহি| দুদিন দুৰাতি কোনোমতে গা বচাই লঘোণে-ভোকে থাকি এদিন এঘৰত
কাম বিচাৰি গ’ল| মানুহগৰাকী সাদৰী আছিল| জোনালীৰ জীৱনৰ কথাবোৰ শুনি তাইক তাতেই
থাকিবলৈ ক’লে ঘৰুৱা কামবন কৰা ছোৱালী হৈ| থিতাপি লাগি আহিছিল জোনালীৰ জীৱনৰ|
কিন্তু জ্বৰে এৰিলেও কৰ্পতিয়ে নেৰাৰ দৰে দিন যোৱাৰ লগে লগে জোনালীৰ গাত মাক হোৱাৰ
সকলো লক্ষণ ফুটি উঠিল| জোনালীৰ লগতে মালিকনীও চিন্তিত হৈ উঠিল| তেওঁ জোনালীক
ভৱিষ্যতৰ কথা ভাবিবলৈ ক’লে| কেঁচুৱা প্ৰসৱ হোৱাৰ পাছত তাইক তেওঁ ৰাখিব নোৱাৰিব
বুলি আগতীয়াকৈ জনাই দি তাইক অন্য কিবা সুবিধা কৰিব পাৰে নেকি ব্যৱস্থা কৰিবলৈ
ক’লে| কৰ্ম সংস্থান বিচাৰিয়ে অ’ত ত’ত দুই এঠাইত খা-খবৰ কৰি চালে জোনালীয়ে| মালী
চাচাৰ কথামতেই বজাৰ বনাই থকা বৃহত বিল্ডিংটোৰ ঠিকাদাৰজনক এবাৰ লগ কৰি আহিলগৈ| কাম
তাই পাব| কিন্তু তাই থাকিব ক’ত? আৰু কেঁচুৱা হোৱাৰ পাছত তাক ৰখিবই বা কোনে? কাম
কৰা ঠাইলৈ জানো কেঁচুৱাটো লৈ যাব পাৰিব? তাক দিনটো চাব কোনে? তাই তাক চাব নে কাম
কৰিব? দুৰ্ভাৱনাত টোপনি নোহোৱা হয় জোনালীৰ| নিজৰ ওপজা ঘৰখনতেই তাই নিৰাপদে থাকিব
নোৱাৰিলে| আৰু এইখন চহৰ| ইয়াত কোনেও কাকো চিনি নাপায়| ইয়াত মানুহ মানুহৰ শত্ৰু|
সাধাৰণ কথা একোটাতে ইয়াত মানুহে খোৱা-কামোৰা কৰি মৰে| সৰু সৰু কথাতে প্ৰাণ লয় ইজনে
সিজনৰ| তেনেস্থলত জোনালীৰ দৰে কেউকিছু নোহোৱা জীয়া গাভৰু এজনীৰ দায়িত্ব ল’ব কোনে?
বৰং পশুৰ দৰে কেঁচাই খাই শেষ কৰিব জোনালীৰ কোমল শৰীৰ| নৰপিশাচবোৰে পিয়াপি ফুৰে
ইয়াত দিন-ৰাতি|
: জোৱান চুকৰী
হ’লে খৰিদ্দাৰ বহুত ওলাব| মাল ভী বহুত পালি হয়| কিন্তু এই ৰকম পেট ফুলাই থাকিলে
কোনে তোৰ ফালে চকু দিব? এইটোৰ বাপ আছে নে নাই? নে জহৰা ই?
ড্ৰাইভাৰৰ
কটুক্তি শুনি খঙত চৰ এটা বহুৱাই দিবৰ মন গৈছিল জোনালীৰ| কিন্তু তাক একো নক’লে তাই|
ক’বই বা কি? সিয়ো মতা মানুহ| তাৰো নিশ্চয় চকু তাইৰ দেহটোৰ ওপৰত| অচিনাকীবোৰেও
সুবিধা পালে তাইৰ দেহাটোৰ ওপৰেৰে এবাৰ হ’লেও চকু ফুৰাই চায়| কিজানি সহজলভ্য বুলি
ভাবে| সিতো তাইক দেখিয়ে থাকে| দেখি দেখিয়ে চাগে তাৰো মনত দুষ্ট বুদ্ধি খেলাইছে|
হয়তো সিয়ো চল বিচাৰিছে| তাইৰ এই দুৰৱস্থাৰ সুযোগ ল’ব খুজিছে| অজানিতে ভয় এটাই খেদি
ফুৰে জোনালীক| থকা ঠাইৰ ব্যৱস্থা এটাৰ খুবেই দৰকাৰ জোনালীৰ| লগতে সাময়িকভাৱে লগ
এটাৰো| কিন্তু একো এটাৰো যোগাৰ কৰিব পৰা নাই তাই| মালী চাচাই দুটামান খবৰ দিছিল
কিন্তু নিশ্চিন্ত হ’ব নোৱাৰিলে তাই| সাঁচতীয়া যি দুপইচা আছে তাকো লৈ তাইক এৰা দিব
লাগিলে তাইৰ জীৱনৰে মুদা মৰিব| তথাপি উপায় নাপালে মজদুৰ বস্তিৰ নেপালী বুঢ়ীজনীৰ
ঘৰলৈকে যাবগৈ লাগিব| দুচলীয়া টিনৰ কোঠা এটাত অকলেই থাকে বুঢ়ীয়ে| তাতে ৰান্ধে বাঢ়ে
খায়, তাতে শুৱে| বঢ়ীয়ে মদ তৈয়াৰ কৰে আৰু বেচে| অৱশ্যে বুঢ়ীয়ে ঘৰত মদ নেবেচে|
বস্তিৰ মুৰত থকা চাহ-ভাতৰ হোটেলখনত দি থৈ আহেগৈ বেচিবলৈ| আগতে ঘৰতেই বেচিছিল|
কিন্তু মদৰ নিচাত এদিন এটাৰ মূৰ ফলাফলি হোৱাত বুঢ়ীয়ে পুলিচৰ ভয়তেই ঘৰত মদ বেচিবলৈ
বাদ দিলে| টকা-পইচাৰ ক্ষেত্ৰত বুঢ়ী অলপ লোভী|
সময়তকৈ আগতেই
প্ৰসৱ যন্ত্ৰণা আৰম্ভ হোৱাত নিশাতেই হাস্পতালত ভৰ্তি হ’লহি জোনালী| পুৱতি নিশা
ছোৱালী এজনী জন্ম দিলে তাই| এতিয়া সময় আবেলি| কাইলৈ নিশ্চয় তাইক ছুটী দিব| তাৰপাছত
তাই ক’লৈ যাব তাৰে চিন্তাত বিভোৰ হৈ থাকোঁতে ড্ৰাইভাৰে কেতিয়া আহি তাইক মাত লগালে
তাই গমেই নাপালে| সাৰ পাই কেঁচুৱাটোৱে কন্দাতহে সম্বিত ঘুৰাই পালে জোনালীয়ে|
কেঁচুৱাটোক কোলাত ল’বলৈ লওঁতেই ড্ৰাইভাৰলৈ চকু গ’ল জোনালীৰ|
: কেনে আছ?
: ভাল|
: আৰু কেঁচুৱাটো?
: ভাল|
: তোক কেতিয়ামানে
এৰিব?
: কাইলৈ কিজানি!
: ক’লৈ যাবি?
: ভাবিয়ে পোৱা
নাই|
: বেয়া নাপাৱ যদি
কথা এটা কওঁ?
: কি?
: মোৰ ঘৰলৈকে
ব’ল|
আচৰিত হৈ চকু
দুটা বহলকৈ মেলি তালৈ চালে জোনালীয়ে| মুখেৰে একো নামাতিলে তাই| তাইৰ পৰা কোনো
উত্তৰ নাপায় সি পুনৰ ক’লে-
: তই কিজানি মোক
বহুত বেয়া মানুহ বুলি ভাবিছ| যিমান বেয়া বুলি ভাবিছ মই সিমান বেয়া নহয়| অঁ এইটো
সঁচা যে এদিন মই বেয়াই আছিলোঁ; বহুত বেয়া, কিন্তু আজি নহয়| তোৰ বাচ্চা হ’ব বুলি
তোক মালিকনীয়ে নিজা ব্যৱস্থা কৰিবলৈ কোৱাৰ পৰাই মই তোক এই কথাটো কম কম বুলি ভাবি
আছিলোঁ| কিন্তু মোৰ প্ৰতি তোৰ ভাল ভাৱ নাই দেখি একো কোৱা নাছিলোঁ| এতিয়া এই
এদিনীয়া বাচ্চাটো লৈ তই ক’লৈ যাবি? তাতকৈ মোৰ ঘৰলৈকে ব’ল| মোৰ ঘৰত কোনো নাই| কাম
নাথাকিলে তাইক ময়ে ৰখিব পাৰিম| তই কামলৈ যাব পাৰিবি|
এইবাৰো একো
নামাতিলে জোনালীয়ে| তালৈ অবিশ্বাসৰ চাৱনিৰে একেথৰে চাই থাকিল| যেন তাই তাৰ কথাবোৰ
বুজাই নাই| সি যেন কিবা অদ্ভূত ভাষাত কথা কৈছে| জোনালীক নিৰুত্তৰ দেখি সি আকৌ ক’লে-
: হাঁ না কিবা
এটা ক’ জোনালী| তই বিশ্বাস কৰ নে নকৰ নাজানো কিন্তু তোক সঁচা কথা এটা কওঁ|
এক্সিডেণ্টত পৰি মই মোৰ পুৰুষত্ব হেৰুৱাইছোঁ| কিজানি এসময়ত কৰা পাপৰ ফল মই পাইছোঁ|
সেই কাৰণে মোলৈ কোনো মাইকী নাহে| দুদিনৰ কাৰণে কোনোবা আহিলেও সঁচা কথাটো গম পাই
মোক এৰি পলাই যায়| তইতো জানই চব মাইকীয়ে মাক হ’ব বিচাৰে| তোৰ এটা বাচ্চা আছে|
তোকতো আৰু শৰীৰৰ সুখ নালাগে| তোক এটা নিৰাপত্তা লাগে আৰু এই বাচ্চাটোৰ ভৱিষ্যতটো
সুখৰ হ’ব লাগে| তোৰ দৰে কেঁচুৱাটোৰো জীৱনটো দুখ-কষ্টৰে ভৰি পৰাটো তই নিশ্চয়
নিবিচাৰ| তই যদি মান্তি হৱ তেন্তে তোৰ আৰু তোৰ কেঁচুৱাৰ সম্পূৰ্ণ দায়িত্ব ল’বলৈ মই
ৰাজী আছোঁ| তই যদি বিচাৰ তোৰ কেঁচুৱাক মোৰ নাম দিবলৈকো মই ৰাজী আছোঁ| আধাতকৈ বেছি
জীৱন গ’ল অকলশৰে| লগ এটা মোকো লাগে| তই মোৰ কথাত মান্তি হ’লে আমি দুটাই লগ হৈ ঘৰ
এখন পাতিব পাৰোঁ|
: কিন্তু তুমি
জানো জানা কেঁচুৱাটো ল’ৰা নে ছোৱালী?
: ল’ৰা বা ছোৱালী
যিয়ে নহওক তাত কি আহে যায়| আমি তাক মানুহ বনাব পাৰিম দে|
: এইজনী ছোৱালী|
কাইলৈ আকৌ তুমিয়ে জানো আপত্তি নকৰিবা ছোৱালী হোৱাতকৈ ল’ৰা হোৱাই ভাল আছিল বুলি?
ভালকৈ ভাবি চোৱা|
: ছোৱালী যদি
ভালেই দে| মোৰ ঘৰলৈ লচমী আহিব| ছোৱালী মানুহে জীৱনটোক সজাব জানে জোনালী| তহঁত দুয়ো
আহি মোৰ বেচিজিল ঘৰখন চিজিল লগাই দেহি| কাইলৈ মই তহঁত দুয়োলৈ নতুন কাপোৰ লৈ আহিম|
এতিয়া যাওঁ দে| ঘৰটো সাৰি-মুচি চফা কৰোঁগৈ| অলপ বজাৰো কৰিব লাগিব| এতিয়াৰ পৰাই
কামত লাগিব লাগিব| অকলশৰীয়া মানুহ যেতিয়া.....
ড্ৰাইভাৰ যোৱাৰ ফালে একেথৰে চাই থাকিল জোনালীয়ে| গাখীৰ খাই কেঁচুৱাটো আকৌ টোপনি গ’ল| ফাগুনৰ পচোৱা বা এজাকে কঁপাই থৈ গ’ল জোনালীক| কম্বলখন গালৈ টানি ল’লে তাই| কম্বলখনৰ উমটো মনলৈকো বিয়পি পৰা যেন লাগিল তাইৰ.....
========================================================================
বিবৰ্ণ আকাশ....
....তেতিয়াও
হাতখন পুৰি আছিল জয়াৰ| এনায়েকে গাখীৰ অকণ ঘঁহি দিছিল যদিও পোৰণিটো মাৰ নাই যোৱা| ৰঙা পৰি গৈছে তাইৰ অকণি অকণি হাত
দুখন| মাকে নেলাগে থাকক দে বুলি কৈছিল কওঁতে, তাইহে মৰমতে! তায়েতো সৰুৰে পৰা কেঁচু
খান্দি খান্দি খুৱাই ডাঙৰ কৰিছে মাক নোহোৱা হাঁহ পোৱালিকেইটাক| কালি ডাঙৰ আমৰলিয়া
হাঁহটোক লেঙেৰাই লেঙেৰাই খোজ কঢ়া দেখি তাই মাকক ক’লে মা এইটোৰো বেমাৰ লাগিলচোন!
হাঁহ-কুকুৰাৰ বেমাৰ হ’লে এই এটা লেঠা| এটাৰ আৰম্ভ হ’লেই আটাইকেইটাৰে লাগি যায়|
মাকে ভোট জলকীয়া সানি পোৱালিকেইটাক খুৱাব পৰাহ’লে ভাল আছিল বুলি কোৱা শুনি তাই
ঠাণ্ডা ভাতকেইটামানত দুটা ভোট জলকীয়া সানি খুৱাই দিলে পোৱালিকেইটাক| সিহঁতক খুৱাই
থাকোঁতে তাইৰ হাতখন যে পুৰিছে গমেই পোৱা নাছিল| অলপ দেৰি যোৱাৰ পাছতহে হাত দুখন ভক্ভকাই
উঠিল| পোৰণিত তত্ নাপায় চকুপানী ওলায় আহিল তাইৰ| তাকে দেখি এনায়েকে মৰমতে বাতি
এটাত গাখীৰ অকণ আনি তাইৰ হাত দুখন মোহাৰি দিলে| পোৰণিটো অলপ কমিল যদিও তাইৰ হাত
দুখন ৰঙা পৰিয়েই থাকিল|
: বৰকৈ পুৰিছে
আই|
: তইনো দুটাকৈ
জলকীয়া কিয় ভাঙি লৈছিলি?
: মইনো কি জানো
ইমান পুৰিব বুলি! বেছি জ্বলা খালে পোৱালিকেইটা ভালে থাকিব বুলিহে লৈছিলো আকৌ|
: সিহঁতলৈ তোৰ
ইমান মৰম?
: উম্, মাক
নাইকিয়া পোৱালিকেইটা দেখা নাই| ময়েচোন সিহঁতৰ মাক| মই নাচালে আৰু কোনে চাব!
: হয় মোৰ আই| তই
নাচালে হাঁহ-কুকুৰাবোৰক চাওঁতা কোনো নায়েই অৱশ্যে| মাৰৰ যিমানহে কাম, যিমানহে
চিন্তা| বায়েৰ-ককায়েৰহঁতৰ এইবোৰ চাবলৈ সময় নাই| আহ্ হাতখন জুইত অলপ সেকি দিওঁ|
তেতিয়া তোৰ হাতখন সোনকালে ভাল হ’ব|
: জুইত সেকিলে
কেনেকৈ ভাল হ’ব আই? জুইয়ে পোৰা নাই নহয়|
: জুইয়ে
নুপুৰিলেও অলপ জুইত সেকি দিলে এই জ্বলা-পোৰা ভাৱটো জুইয়ে কাঢ়ি নিব| আহ্ মই সেকি
দিম| বৰকৈ ৰঙা পৰিছে হাতখন|
: আই ঔ নেলাগে আই
ইমান পুৰিছে! নেলাগে মোৰ হাত সেকিব| এনেই ভাল হ’ব বুলি এনায়েকৰ হাত এৰা দি দৌৰ
মাৰিলে জয়াই|
এইজনী জয়া| দেখাত
খীন-মীন বগা এঘাৰবছৰীয়া দেহাটোত কিন্তু প্ৰাণশক্তি প্ৰচুৰ| পুৱা শুই উঠাৰ পৰা ৰাতি
বিচনাত পৰালৈকে অনবৰতে কিবা নহয় কিবা এটাত লাগিয়ে থাকে| মাকক সকলো কামতেই সহায় কৰি
দিয়ে| ঘৰ সৰা, বাচন ধোৱা, ধুই মেলি দিয়া কাপোৰবোৰ চপাই অনা, কাপোৰ জপা, মাকে ভাত
ৰান্ধোঁতে লাচনি-পাচলি কৰি দিয়া, হাঁহ-কুকুৰাৰ হিচাপ ৰখা, সেইবোৰক চোৱা এইবোৰ কাম
জয়াৰ| কেতিয়াবা মাকে বায়েকক ইমান এজনী ছোৱালী একো এটা কৰিব নোৱাৰ বুলি কোৱা শুনি
তাইয়ো কয় মই ইমান সৰু ছোৱালীজনীয়ে মাক কাম কৰি দিছো তাই ডাঙৰজনীয়ে নকৰে ন’ মা|
মাকে মৰমতে তাইক মূৰত হাত ফুৰাই দিয়ে| হাঁহ পোৱালিবোৰক কোৰখনেৰে কেঁচু খান্দি দিয়া
আৰু কুকুৰা পোৱালিবোৰক খুদ্ চাউল দিয়া তাইৰ প্ৰিয় কাম| বৰ মৰম লাগে তাইৰ কণ কণ
পোৱালিবোৰ দেখিলে| ওপৰেদি কাউৰী বা আন কিবা উৰি গ’লে হাঁহ পোৱালিবোৰে যেনেকৈ ডিঙি
মেলি চায় তাইৰ দেখি হাঁহি উঠি যায়| চাৰিটা ল’ৰা-ছোৱালীৰ মাজত তৃতীয় সন্তান জয়া|
বায়েক, ককায়েক আৰু ভনীয়েক এজনী তাইৰ| চাকৰিৰ খাতিৰত দেউতাক দূৰত থাকে| মাহটোৰ মূৰত
আহে যদিও কেতিয়াবা সুবিধা পালে এৰাতিৰ বাবে আহি সিহঁতৰ লগত থাকি যায়| দেউতাক অহাৰ
দিনা বৰ ভাল লাগে জয়াৰ| সেইদিনা সিহঁতে মাছ নহ’লে মাংসৰে ভাত খায়| আৰু দেউতাকে
আহোঁতে বিস্কুতৰ লগত কিবা মিঠাইয়ো আনে|
মাক-দেউতাক-বায়েক-ককায়েক-ভনীয়েক
আৰু হাঁহ-কুকুৰাৰে সৈতে সুন্দৰ সৰু জয়াৰ পৃথিৱীখন| ৰাতিপুৱা শুই উঠি মুখখন ধুই ঘৰ
সৰাৰপৰা আৰম্ভ হয় জয়াৰ দিনপঞ্জী| তাৰপাছত কিতাপ পঢ়া, পঢ়ি থাকোঁতেই চাহ খোৱা, পঢ়া
শেষ কৰি হাঁহ-কুকুৰাবোৰক মেলি দি দানা-পানী দি গা ধুই ভাত খাই স্কুললৈ যোৱা|
স্কুলৰ পৰা আহি আকৌ মুখ হাত ধুই ভাত খাই আজৰি হৈ লগে লগে হোমৱৰ্ক কৰা| তাৰ পাছৰ
সময়খিনি জয়াৰ আজৰি সময়| কেতিয়াবা তাইৰ লগৰবোৰৰ লগত খেলে, কেতিয়াবা কোৰখন লৈ হাঁহ
পোৱালিবোৰক কেঁচু খুৱায়| পোৱালিকেইটা ডাঙৰ নোহোৱালৈকে তাইৰ এইটো ওপৰঞ্চি কাম হয়|
কৰি বেয়া নালাগে তাইৰ| বন্ধবাৰত বৰশী বায় ককায়েকৰ লগত| বাৰিষাত বায়েকক কুটুৰি
কুটুৰি জাকৈ বাবলৈ যায় যদিও হেঁপাহ নপলায়| বায়েকজনী বৰ কিবা| জাকৈত চেঙেলী বা গৰৈ
পোৱালি উঠিলে ধৰিব নোৱাৰি জাকৈ-চাকৈ পেলাই দৌৰ মাৰে| ইফালে জোকৰ ভয়টো আছেই| এদিনটো
বৰশীত কাৱৈ এজনী উঠা দেখিয়েই বৰশী পেলাই দৌৰ মাৰিছিল বায়েকে চিঞৰি বাখৰি| বায়েকৰ
চিঞৰ শুনি কিবা অঘটন হ’ল বুলি মাক-এনায়েক ল’ৰি আহিছিল| ইফালে বায়েকক দেখি ককায়েক
আৰু তাই বাগৰি বাগৰি হাঁহিছিল| কেতিয়াবা ঘৰৰ সমুখৰ নলাটোতে মাছৰ উজান উঠে| বৰষুণত
পানী বাঢ়ি আহিলে মাছবোৰ জঁপিয়াই আহি বননিতে পৰেহি| ডাঙৰ ডাঙৰ পুঠিমাছকেইজনী ধৰিবলৈ
সহজ| বছৰেকীয়া পৰীক্ষা শেষ কৰি মোমায়েকৰ ঘৰলৈ গ’লে এপায়েক-মামীয়েকৰ লগত পথাৰলৈ যায়
জয়াই| ধান দাবলৈ নহয় চেঁচু খান্দিবলৈহে যায়| সৰু নিচায়েকৰ জীয়েক মিনুৱে তাইলৈকো
হোলাং এদাল তৈয়াৰ কৰি থৈ দিয়ে| কেতিয়াবা চেঁচু নাখান্দি সিহঁতে লেচেৰি বুটলে| জয়াই
আৰু এটা কাম কৰে| মামীয়েকে ঘৰত সযতনে দি থৈ যোৱা ভাতখিনি ঘৰতে নাখায় পথাৰত খাবলৈ
টোপোলা বান্ধি লৈ যায়| লাইশাক ভজা আৰু শুকতি মাছৰ সৈতে পথাৰত খোৱা ভাতকেইটাৰ
সোৱাদেই হেনো বেলেগ জয়াই কয়| কলপাতত নিমখ জলকীয়া সনা ৰবাব টেঙাৰ জুতি পথাৰত যিমান
পোৱা যায় ঘৰত সিমান পোৱা নাযায়| লুকাই-চুৰকৈ কলি আম খোৱাৰ মজাই বেলেগ| বাঁহৰ
চোঁচেৰে কেঁচা আম চুচি, তাত কণ জলকীয়া নিমখ সানি খালে খায়েই থাকিবৰ মন যায়| পথাৰৰ
পৰা উভতি আহোঁতে তাই আৰু মিনুৱে কোনোবাদিনা ঢেকীয়া, কোনোবাদিনা কচু বুটলি আনে| কণ
বিলাহী আৰু শুকান মাছ দি মামীয়েকে কচুশাক ৰান্ধে| মোমায়েকৰ ঘৰলৈ গৈ বৰ ভাল লাগে
জয়াৰ| বিহুৰ দিনত যাবলৈ পালে আৰু ভাল লাগে| এবাৰ কণমামাকৰ লগত তাই অকলে লাহোৱাললৈ
গৈছিল ব’হাগ বিহুৰ আগে আগে| মোমোয়েকে বিহু বুলি চাউল, দৈ আৰু কিবা-কিবি দিবলৈ
আহিছিল| তাইক লগ ধৰিবলৈহে পালে| একেবাৰতে সাজু হৈ গ’ল তাই যাবলৈ| সেইবাৰ গৰু ধোৱাৰ
পৰা গছতলত বিহু মৰালৈকে প্ৰতিটো দিন মন ভৰি যোৱাকৈ উপভোগ কৰিছিল| তাইৰ বয়সৰ
ছোৱালীবোৰে ফ্ৰক পিন্ধি গছতললৈ গৈছিল যদিও কল্পনা বাই, দিবি বাইহঁতে মেখেলা চাদৰ
পিন্ধিহে তালৈ গৈছিল| শান্তি হোৱা ছোৱালীয়ে ফ্ৰক পিন্ধি ঢাপত উঠিব নাপায় হেনো|
জাকে জাকে বিহুনাম, জোৰা নাম কি যে মন উতলা কৰা দিন! কোনোবাটো দুষ্ট ল’ৰাই দূৰৰ
পৰাই জোৰা নাম এফাঁকি গাই জোকাই যায়| ছোৱালীবোৰেও প্ৰত্যুত্তৰ দিয়ে| জেং বিহু,
মুকলি বিহুৰ আখৰা কৰিছিল স্কুলঘৰৰ সন্মুখৰ মুকলি ঠাইখিনিত| জেং বিহুত তাই, পলি আৰু
মিনুৰ এটা নাচৰ পাক আছিল যিটোৱে সকলোৰে মন মুহি নিছিল| সেইবাৰ তিনিঠাইত সিহঁতৰ
দলটোৱে পুৰস্কাৰ পাইছিল|
সময়বোৰ সোনকালেই
পাৰ হৈ যায়| একলা দুকলাকৈ বাঢ়ি জয়া গাভৰু হয়| বিহুতলীত বিহুৱতী হোৱা ৰূপৱতী জয়াৰ
ৰূপে কোনোবা ডেকাৰ মন জয় কৰে| কিন্তু জয়াৰ সেইবোৰলৈ ভ্ৰুক্ষেপ নাই| অভাৱৰ স’তে
যুঁজি যুঁজি জীৱন গঢ়াত ব্যস্ত জয়া| দেউতাকে চাকৰিৰ পৰা অৱসৰ পোৱাৰ পাছত ক’ত থাকিব
কি কৰি ছটাকৈ প্ৰাণীক পোহপাল দিব এই কথাবোৰে ঘৰখন তোলপাৰ কৰি ৰাখিলে| চাকৰি
সূত্ৰেই সদায় দেউতাকৰ ঘৰখনৰ পৰা দূৰত থকা সিহঁতকেইটাই এতিয়া চাকৰি শেষ হোৱাৰ পাছত
তালৈ যাব নুখুজিলে| কিন্তু দেউতাকে ভাবিছিল ঘৰত মাটি-সম্পত্তি আছে যেতিয়া ঘৰলৈকে
উভতি যাব| শেহত সিহঁতৰ কথাতেই মান্তি হৈ দেউতাকে অৱসৰৰ পাছত পোৱা টকাকেইটাৰে মাটি
এটুকুৰা লৈ তাতে বাঁহ-খেৰেৰে তিনিটা কোঠাৰ সৰু ঘৰ এটা সাজিলে| পেঞ্চনৰ টকাকেইটাৰে
জোৰা নমৰা জয়াৰ পৃথিৱীখনত হাঁহ-কুকুৰাৰ লগত গৰু-ছাগলীও আহি গোট খালে| দুবিঘা বাম
মাটি লোৱাত তাত আঙুলিৰে হেঁচি হেঁচি ভুঁই ৰুৱা নতুন অভিজ্ঞতা হ’ল জয়াৰ| সৰুতে
ধেমালিতে দ’ মাটিত ভুঁই ৰুৱা কঠীয়া তোলাৰ অভিজ্ঞতা আছিল তাইৰ| গোহালি পৰিস্কাৰ
কৰা, গৰুলৈ ঘাঁহ কটা, ছাগলী পোৱালিৰ উকনি বচা, মাকৰ তাঁতত ফুল বচা, নিজৰ পঢ়াৰ লগতে
পুৱা-গধূলি আনক পঢ়ুৱাই নিজৰ খৰচ উলিওৱা জয়াৰ দৈনন্দিন কামৰ তালিকাখন আৰু অধিক
ব্যস্ত হৈ পৰিল| তথাপিও জয়াই গান গায়| পখিলা খেদে| বিহু নাচে| তৰাবোৰৰ স’তে সখী
পাতে| বৰষুণৰ স’তে কথা পাতে|
বিহুতলীত নাচনীৰ
সাজতেই জয়াক বাচনি কৰিছিল সাগৰৰ মাক-দেউতাকে বোৱাৰী কৰিম বুলি| সাতবিহুৰ শেষৰ
দিনাই তেওঁলোকে আহি জয়াক খুজিছিলহি| সুন্দৰ সুদৰ্শন সাগৰক দেখি আপত্তি কৰিবলগা একো
নাছিল জয়াৰ| ধুমধামেৰেই বিয়া হৈ গ’ল জয়াৰ| নতুন ঘৰ, নতুন পৰিবেশত অলপ আচহুৱা
লাগিছিল জয়াৰ| ঘৰখনত মনতকৈ ধনৰ প্ৰাদুৰ্ভাৱ বেছি| সেইবুলি মানুহবোৰ সিমান জটিল
নহয়, মৰমিয়াল| মাত্ৰ শিপা হেৰুওৱাৰ নিচিনা| কিজানি নকৈ ধনী হোৱাৰ সুক্ষ্ম অহংকাৰ
এটা আছে| অথবা দেখাক দেখি পশ্চিমীয়া ভাৱধাৰাক অনুকৰণ কৰাৰ প্ৰবণতা! সাগৰো সৰুৰে
পৰা বাহিৰে বাহিৰে থকাৰ বাবে অসমীয়া সংস্কৃতিৰ সৈতে বেছিকৈ সংযুক্ত নহয়| বিহু বুলি
ইয়াত সৰুৱে ডাঙৰক সেৱা নকৰে| পিঠা-পনা ভজাৰ উখল-মাখল নাই| আলহী-অতিথি সত্কাৰৰ
আয়োজন নাই| হুঁচৰি আহিব বুলি কোনেও কাণ উনাই নাথাকে| বৰং যেতিয়াই তেতিয়াই হোৱা
পাৰ্টীৰ প্ৰকোপত, পোলাও-কোপ্তা-কালিয়াৰ আঁৰত জয়াৰ কচুশাক, ঢেকীয়া, শুকতিৰ সোৱাদ তল
পৰি গ’ল| কোনোবাখিনিত সংকোচিত হৈ ৰ’ল জয়া| কিন্তু সাগৰৰ অকৃত্ৰিম মৰমে জয়াক বশ কৰি
পেলালে| মানুহৰ মৰমে বনৰ পশুকো বশ কৰিব পাৰে, জয়াতো মানুহ! কেনেকৈ বাৰু উপেক্ষাৰ
কৰে জীৱন লগৰীৰ মৰমৰ টান! ক’ব নোৱাৰাকৈয়ে জয়া উটি গ’ল| লাহে লাহে জয়াৰ পৃথিৱীখন
সলনি হ’ল| ৰামধেনুৰ ঠাই ল’লে নিশাৰ বিজুলী বাতিয়ে| তৰাবোৰে-জোনাকবোৰে আহি থিতাপি
ল’লে সাগৰৰ বুকুত| বৰষুণৰ টোপালবোৰ কাঢ়ি নিলে শ্বাৱাৰৰপৰা সৰি পৰা পানীৰ টোপালবোৰে|
ৰাতিপুৱা শুই উঠিয়ে এঙাৰেৰে দাঁত মজা জয়াৰ দিনটোৰ আৰম্ভণি হ’ল বিচনাতে একাপ চেনি
নিদিয়া ফিকা চাহেৰে| দামী কাপোৰ দামী গহণাৰে জয়াৰ প্ৰকৃতি বলিয়া মনটো ঢাকি ধৰিলে|
মোহাচ্ছান্ন হ’ল জয়া| জয়াৰ আকাশ ছানি ধৰিলে আবতৰীয়া ডাৱৰ এটুকুৰাই|
কেৰ্ৰ্ৰেচ্চ্......জোৰেৰে
ব্ৰেক মৰা ধাতৱ শব্দত জয়াৰ চিন্তাৰ আঁতদাল ছিঙি থাকিল| তাৰমানে তেতিয়াৰ পৰা তাই
সোঁৱৰণিৰ পাতত ওমলি আছিল! খিৰীকিৰে তললৈ চালে জয়াই| ড্ৰাইভাৰ বিনোদে গাড়ীৰ পৰা
বহুতবোৰ টোপোলা নমাইছে| আজি ৰাতিও পাৰ্টী হ’ব| প্ৰথম ব’হাগৰ পাৰ্টী! বিনোদে চাগে
পাৰ্টীৰ খাদ্যৰ বজাৰ কৰি আনিছে| কাক কাক বা মাতিছে? মি. এণ্ড মিছেচ হেন্দিক, কাগ্তি,
চালৈ, তালুকদাৰ, মোদী, আগৰৱালা, বেনাৰ্জী আদি সকলোৱেই আহিব চাগৈ! ৰান্ধনিয়ে বিধে
বিধে ৰান্ধি দিয়াৰ পাছতো জয়াই নিজ হাতে কিবা এখন ৰান্ধি খুৱাই ভালপায়| সেইদিনা কি
জানো মন গ’ল তাই নাৰান্ধো বুলিও মাটিমাহৰ দাইল ৰান্ধিছিল| কোনেও তেনেকৈ নাখালে|
সাগৰে তাই ৰন্ধা বুলিয়ে দুচামুচমান খালে| কিন্তু কোনোবা এজনে খাই প্ৰশংসা কৰিছিল
মাটিমাহৰ| কৈছিল বৌ মাটিমাহৰ আঞ্জাখন বৰ সোৱাদ হৈছে খাবলৈ| কিমান বছৰৰ মূৰত যে
খালো! কোন আছিল বাৰু সেইজন? আনকালে নহা অচিনাকি কোনোবা আছিল| মনত নাই জয়াৰ|
আজিকালি জয়াৰ একো মনত নথকা হৈছে| যোৱা অলপদিনৰ পৰা কথাকাণ্ডত খেলিমেলি হোৱা হৈছে|
সেইদিনাতো সাগৰে সুধিয়েই দিলে-
: কি হৈছে জান?
এনিথিং ৰং?
: ক’তা
নাইহোৱাতো! কি হোৱা দেখিলা?
: নাইহোৱা যদি
তুমি এনেকৈ কিয় আছা?
: কেনেকৈ?
: ক’ৰবাত হেৰাই
আছা তুমি| এতিয়া চোৱা তোমাক সুধিলো মই কি পিন্ধোঁ চাৰ্ট নে টি-চাৰ্ট, তুমি ক’লা
চেণ্ডেল পিন্ধি যোৱা একো নহয়| অলপ ধূলি-বালি লাগিলে একো নহয়| মাটিৰ সংস্পৰ্শত
থাকিব লাগে নহ’লে মাটিৰ মানুহ কেনেকৈ হ’বা| কি এইবোৰ? কি হৈছে কোৱা মোক| বুজাই
দিলে বুজিম মই|
: অহ্ নাই নহয়
একো হোৱা নাই| মই মানে নিজে অলপ বনত খোজ কাঢ়িম বুলি ভাবি আছিলোতো সেয়ে তোমাকো কৈ
পালো| প্ৰেচাৰেই বাঢ়িছে নেকি জানো গাটো বৰ এটা ভাল লগা নাই|
: টেক্ কেয়াৰ
জান| তুমি নিজৰ একেবাৰেই যত্ন নোলোৱা| বেছি গা বেয়া লাগিছে যদি ব’লা এবাৰ চেক্আপ
কৰি আহোঁ| মই অলপ দেৰিকৈ গ’লেও হ’ব অফিচলৈ|
: নাই নাই তুমি
এনেই বেছি বেছি কৰা| যোৱা তুমি| কিবা অসুবিধা পালে মই ফোন কৰিম নহয়!
সেইদিনা সাগৰক
তেনেকৈ কৈয়ে সাৰিছিল জয়াই| আচলতে ঈশানৰ পৰা ই-মেইলটো পোৱাৰ পাছৰ পৰাই জয়াৰ মনটোত
আউল লাগি গৈছে| ভুৱনেশ্বৰত কম্পিউটাৰ ইঞ্জিনীয়াৰিং পঢ়ি থকা পুত্ৰ ঈশানে সেইদিনা
তাইলৈ এখন দীঘল চিঠি লিখিছিল ইংৰাজীতে| সি সুধিছিল-
......মা, আমি
বাৰু অসমীয়া হয়নে? যদি হয় কেনেকৈ হয়? অসমীয়াৰ ইতিবৃত্ত কি? অসমীয়াৰ পৰিচয় কি?
কৃষ্টি-সংস্কৃতি কি? আমাৰ ঐতিহ্য কি? আমাৰ গৰিমা কি? আমাৰ ভেটি কি? কিহে আমাক
অসমীয়া বুলি তুলি ধৰিছে? জানা মা, ইয়ালৈ পঢ়িবলৈ আহি এনে কিছুমান অভিজ্ঞতাৰ
সন্মুখীন হৈছো যিবোৰৰ লগত মোৰ কোনোদিনে পৰিচয়েই নাছিল| কিন্তু কথাবোৰে মোক ভবাই
তুলিছে| তুমি নকলেও মই নিজেই জানো আমি অসমীয়া| কিন্তু মাত্ৰ অসমীয়াত কথা-বতৰা পতাৰ
বাহিৰে আমাৰ গাত অসমীয়া হোৱাৰ কোনো চিনচাব নাই| আনকি আমাৰ ঘৰত গামোচাৰ ব্যৱহাৰো
নাই| খোৱাৰ টেবুলত বহিও আমি ভাৰতীয় খাদ্যহে খাওঁ| বাকীবোৰ নকওঁ বাৰু| আমাৰ
ককা-আইতাৰ কথা নকওঁ| পেহী-পেহা, জেঠা-জেঠীৰ কথাও নকওঁ| কিন্তু তুমিতো গাঁৱত ডাঙৰ
ছোৱালী আছিলা মা| তেন্তে কিয় মোক আৰু বিদিশাক অসমীয়া জন-জীৱনৰ অংগ হোৱাৰ পৰা
বঞ্চিত কৰিলা? তুমিতো পাৰিলা হয় আমাক অসমীয়া কৰি তুলিব| কিয় আমাক তোমাৰ পৃথিৱীখনৰ
সৈতে চিনাকি কৰি নিদিলা? কিয় বিষ্ণু-জ্যোতিৰ সৈতে চিনাকি কৰাই নিদিলা? কিয়
শংকৰ-মাধৱৰ ইতিহাস নক’লা? কিয় অসমীয়া জাতিৰ বুৰঞ্জী পঢ়িবলৈ নিদিলা? কিয় তুমি নিজকে
শামুকৰ খোলাৰ দৰে আবদ্ধ কৰি ৰাখিলা? কিয় আমাক গাঁৱৰ বোকা-পানীৰ গোন্ধৰ সৈতে পৰিচয়
কৰাই নিদিলা? কিয় জোনাক ৰাতি তৰাৰে ওমলিবলৈ নিশিকালা? কিয় জোনাকী পৰুৱাৰ পম খেদি
নীতিকথাৰ সাধু নুশুনালা? অ’ মা, মই বৰকৈ অভাৱ অনুভৱ কৰিছো এই আপুৰুগীয়া অনুভৱবোৰৰ
যিবোৰৰ সৈতে মিতিৰালি পাতি তুমি ডাঙৰ হ’লা| আমি যে একোৱেই নাজানো আমাৰ বিষয়ে! মোৰো
এইবোৰ পাবৰ মন গৈছে| তুমি নজনাকৈ মই এটা ভুল কৰিলো মা| নাপায় বুলি জানিও এইবাৰ
ঘৰলৈ যাওঁতে বিচনাতে পায় তোমাৰ ডায়েৰীখন মই মনে মনে পঢ়ি পেলালো| পঢ়ি মোৰ এনে
লাগিছে যেন বনৰ পখী এটিক ধৰি আনি সোণৰ সজাত বন্দী কৰি থৈ দিছে! ভুল কৰাৰ বাবে তুমি
যি শাস্তি দিয়া মই বিনাবাক্যব্যয়ে মূৰ পাতি লম মা, কিন্তু তাৰ বিনিময়ত তুমি মোক
তোমাৰ শৈশৱৰ সেই সোণসেৰীয়া অনুভৱৰ সৈতে পৰিচয় কৰাই দিব লাগিব| মোকো অসমীয়া কৰি
তুলিব লাগিব| তুলিবা মা? মই জানো তুমি এখন মৰমৰ সাগৰ| তুমি মাত্ৰ বিলাই দিব জানা|
আনক দিবলৈ পালে তুমি নিজলৈ নোচোৱা| অতদিনে তুমি মাথোঁ সকলোকে দিয়ে আহিছা| আজি মই
বিচাৰিছো মা| মোকো দিয়া তোমাক তোমাৰ সেই নিভাঁজ ৰূপত চাবলৈ| তোমাৰ অকৃত্ৰিম আৰু
চেনেহী পৃথিৱীখনৰ সৈতে একেলগে খোজ দিবলৈ তোমাৰ আঙুলিত ধৰি| অ’ মা, পৰীক্ষা শেষ
হ’লেই আহিম মই| তুমি, মই আৰু দেউতাই তোমাৰ সেই পুৰণা দিনবোৰলৈ উভতি যাম| চাম, আমি
কি কি হেৰুৱালো বৰ্তমানত ভৰি দি| বুটলি আনিব পৰাখিনি বুটলি আনিম মই মোৰ ভৱিষ্যতৰ
বাবে| মোৰ পাছৰচাম নতুন প্ৰজন্মৰ বাবে| জীৱনে মৰণে আমি অসমীয়া হৈ ৰম| বিদিশাকো কম|
এতিয়াও একো দেৰি হোৱা নাই| তুমি মোক বাট দেখুৱায় নিবা আৰু মই বিদিশাক সপোন
দেখুৱাম| প্ৰতিশ্ৰুতি দিয়া মা| তোমালৈ আৰু দেউতালৈ সেৱা আৰু অলেখ মৰমেৰে...
ঈশানৰ চিঠিখনে জয়াক জোকাৰি দিলে| যেন ইমান দিনে টোপনিত আছিল তাই| পাৰ হৈ যোৱা দিনবোৰলৈ মনত পেলাই চালে| বিয়াৰ পাছত প্ৰায় চৌবিছ বছৰে তাই শিপাহীন হৈ জীয়াই থাকিল| কেনেকৈ পাৰিলে বাৰু? তাই বাৰু আলি কেঁকুৰিত বাট হেৰুৱাইছিল নেকি? নে তাইক পৰুৱাই পাইছিল? সাগৰ শিল নহয়| বুজালে হয়তো বুজিলে হয়| কিন্তু তাইতো কোনোদিনেই সাগৰক কোৱা নাছিল তাইৰ পৃথিৱীখনৰ কথা| মাটি-পানী-বতাহৰ সৈতে একাত্ম হৈ, শৰীৰৰ মাজেৰে ওপজা মাটিৰ গোন্ধ লৈ, বুকুৰ ভাঁজে ভাঁজে লুকাই লুকাই বৈ থকা উপলব্ধিৰ নৈখনৰ কথা| কোনোদিনে সাগৰক কোৱা নাছিল ব’লা গাঁৱলৈ যাওঁ শিপা বিচাৰি| সাগৰৰ গাত দোষ নাই| কিজানি দোষ কাৰো গাতো নাই| মাত্ৰ সময়ৰ হাতৰ পুতলা হৈ তাইৰ দৰে বহুতেই আঁত হেৰুৱাইছে| বহুত বেছি পলম হ’ল নেকি বাৰু সাৰ পাওঁতে? ওহোঁ নাই হোৱা| এতিয়াও সকলো শেষ হৈ নাইযোৱা| পাৰিব তাই উভাল খাই পৰা শিপাদাল মাটিৰ গভীৰলৈ গুজি দিব| আজি পহিলা ব’হাগ| আজিৰ পৰাই তাৰ আৰম্ভণি কৰিব| ৰাতিৰ পাৰ্টীৰ বাবে ৰান্ধনিয়ে যি ৰান্ধে ৰান্ধক তাই আজি পাকঘৰত থকা সকলো শাক-পাচলি মিহলাই এখন ভাজি কৰিব| গৰু বিহুৰ দিনা এশ এটা শাক খাব লাগে যদিও আজিয়ে যি আছে তাৰেই ভাজি ৰান্ধিব| আলমিৰাটো খুলি পাটৰ কাপোৰ এসাজ আৰু অসমীয়া সোণৰ গহণাৰ চেট এটা উলিয়াই ল’লে তাই পিন্ধিবলৈ| সাগৰৰ বাবে বিয়াত পিন্ধা ধুতিখন, গামোচাখন আৰু পাটৰ পাঞ্জাৱীটো বিচনাতে থৈ তাই পাকঘৰলৈ ঢাপলি মেলিলে......
*********************************************************************************
পৰিধি ভাঙি...
…….বৈ আছে লুইতখন
একেদৰেই শান্ত সমাহিত হৈ| খৰালি বাবেই পানী কম এতিয়া| দুয়োকাষে বিস্তীৰ্ণ এলেকা
জুৰি মাথোঁ বালি আৰু বালি| বাৰিষা নদীত পানী বাঢ়িলে ঘাটটো ওচৰ চাপে কিন্তু এতিয়া
খৰালি বাবে ধলা চহৰৰ পৰা প্ৰায় তিনিমাইল দূৰত্বলৈ আঁতৰি আহিল ঘাটটো| সময় প্ৰায় ভৰ
দুপৰীয়া| মূৰৰ ওপৰত প্ৰখৰ ৰ’দ| ঘাটত নাও এতিয়াও ৰৈ আছে| বোধহয় যোৱাৰ সময় হোৱা নাই|
এজন দুজনকৈ যাত্ৰী গোট খাইছে| সৰু গাড়ী দুখনো ৰৈ আছে| সেই দুখনো সিপাৰলৈ যাব চাগে|
শদিয়া, চাপাখোৱা, কুণ্ডিল আদিকে ধৰি ব্ৰহ্মপুত্ৰৰ সিপাৰে থকা অৰুণাচলৰ এলেকাসমূহৰ
সৈতে ৰাজ্যৰ আনঠাইলৈ জলপৰিবহনেৰে যাতায়াতৰ বাবে সুচল পথ এই ব্ৰহ্মপুত্ৰ| সেই
তাহানিৰপৰাই এই পথেৰে যাতায়াত চলি আহিছে| অৰুণাচল হৈ আন এক পথেৰে যাতায়াতৰ সুবিধা
আছে যদিও সেই পথৰ দূৰত্ব বেছি হোৱাৰ বাবে বেছিভাগেই এই পথকে বাচি লয়| তথাপি নদীৰ
সিপাৰে থকা মানুহখিনিৰ দুখ-দুৰ্দশা কম নহয়| সৰু বৰ প্ৰতিটো কথাৰ বাবে তিনিচুকীয়া
চহৰলৈ আহিব লাগে| বেমাৰ-আজাৰ হ’লে উন্নত চিকিত্সা বিচাৰিও এইপাৰলৈ আহিব লাগে| বহু
সময়ত চিকিত্সাৰ অভাৱত বহু মানুহ মৃত্যু মুখত পৰে| আজিৰ দিনতো নদীৰ সিপাৰে পিছপৰা
অঞ্চলসমূহত বসবাস কৰা লোকৰ সংখ্যা তেনেই কম নহয়| উন্নতিৰ ঢাক-ঢোল বজাই ফুৰা অসম
চৰকাৰৰ আচল নমুনা এই নৈ পৰীয়া অঞ্চলসমূহত ভৰি দিলেই বুজিব পাৰি|
দূৰৈত বগৰী গছ
এজোপাৰ ছাঁত বহি সকলোৰে আলেখ-লেখ চাই আছে মালবিকাই| মনৰ জগতখনৰ সৈতে বাহ্যিক
জগতখনৰ মাজত সংযোগ স্থাপন কৰিব খুজিও বাৰে বাৰে বিফল হৈ অসহায়বোধ কৰিছে তাই| পুনৰ
হাতত থকা বটলটোৰ পৰা পানী এঢোক খালে| শেষেই হ’ল দেখোন পানী বটল! কিমানপৰ হ’ল বাৰু
তাই এনেদৰে ইয়াত বহি থকা? এঘণ্টা? দুঘণ্টা? কিজানি তাতকৈয়ো বেছি! পুৱাতেই ওলাই
আহিছিল তাই উদ্দেশ্যবিহীনভাৱে| অ’ত ত’ত ঘূৰি পকি নিজে ক’ব নোৱাৰাকৈয়ে তাই নদীৰ ঘাট
পাইছিলহি| কি আছিল বাৰু তাইৰ মনত? অজানিতে নিজক নিঃশেষ কৰি দিয়াৰ বাসনা এটাই খুচি
আছিল নেকি তাইক? আছিল নেকি অৱচেতন মনত কোনোবাদিনা মৃত্যুক কাষত পোৱাৰ কামনা এটা?
তাইতো কোনো কথাতেই কোনো পৰিস্থিতেই হাৰি যোৱা মানুহ নহয়| তেনে তাই ইয়ালৈ কিয় আহিল?
কিহে তাইক টানি আনিলে ব্ৰহ্মপুত্ৰৰ পাৰলৈ? কিঞ্চিত সকাহ বিচাৰি আন ক’ৰবালৈয়ো যাব
পাৰিল হয় দেখোন! ইয়ালৈকেহে কিয় মনটোৱে টানি আনিলে?
হুমুনিয়াহ এটা
সৰি পৰিল তাইৰ| বেগটো খুলি আকৌ এবাৰ চিঠিখন শান্ত হৈ পঢ়ি চালে| জান-নাজান হাঁহিৰ
ৰেঙনি এটা বাগৰি গ’ল তাইৰ ওঁঠৰ ওপৰেৰে| কিমান দ্ৰুতগতিৰে পাৰ হৈ যায় সময়| কেইবছৰ
হ’ল বাৰু সমীৰণৰ স’তে একেলগে বাট বুলা? কলেজত ভূপেন হাজৰিকা অহাৰ উপলক্ষে আছুৰ
ফালৰ পৰা তেখেতক সম্বৰ্ধনা জনোৱাৰ বাবে সভা এখনৰ আয়োজন কৰিছিল| সমূহ ছাত্ৰ-ছাত্ৰীৰ
লগতে অধ্যাপক-অধ্যাপিকা/অধ্যক্ষ মহোদয় সকলো উত্সাহিত হৈ আছিল তেওঁক আদৰিবলৈ| তেওঁ
আহিছিল শদিয়ালৈ বুলি| বাটতে ডুমডুমা কলেজত ক্ষন্তেকৰ বাবে তেওঁ সোমাই যাব| তাকে লৈ
গোটেই কলেজখনতে উখল-মাখল পৰিবেশ এটা| তাৰ মাজতে সমীৰণে মালাক ক’লে
: মালা, তোমাক
কথা এটা ক’ব লগা আছিল মোৰ|
: কোৱা আকৌ|
: এতিয়া নহয়|
পাছত কম|
যিমানবাৰ সমীৰণৰ
মুখামুখি হৈছিল সিমানবাৰ মালবিকাই সুধিছিল তাক কথাটো কি? কম কম বুলি তাইৰ উত্কণ্ঠা
বঢ়াই গৈ আছিল সমীৰণে| ভূপেন হাজৰিকা আহিল| লগত ৰূবী পেটেলো আহিল| অনুষ্টুপীয়াকৈ
পতা সভাখনত ভূপেন দাই তেওঁৰ স্বভাৱজাত গমগমীয়া মাতেৰে সকলোকে সজীৱ কৰি থৈ গ’ল| সভা
ভাগিল| ল’ৰা-ছোৱালীবোৰ ঘৰা-ঘৰি যাবলৈ ওলাল| মালবিকাই ইফালে-সিফালে সমীৰণক চালে
যদিও নেদেখিলে| যাওঁ-নাযাওঁকৈ তাইয়ো যাবলৈ ওলাল| কলা শাখাৰ কোঠাটো পাৰ হৈ আহিল
যদিও এনেই এবাৰ উভতি চাওঁতেই দেখিলে সমীৰণ আহি আছে| তাক দেখি ৰৈ দিলে তাই|
: কথাষাৰ
নুশুনাকৈয়ে যাবলৈ ওলালা যে?
: তুমি দিনটো
ঠগিছা মোক| এতিয়া আকৌ ওলোটাই মোকহে কৈছা!
: কতনো ঠগিলো?
সুবিধা পোৱা নাই দেখিহে!
: এনে কি কথা
আছেনো যে ক’বলৈকো সুবিধা লাগে? এতিয়া ক’বানে? কি কথানো?
: মানে মই ক’ব
খুজিছিলো এই যে সকলোৱে মিছাকৈ আমাৰ কথা কৈ ফুৰে কথাবোৰ সঁচা হ’লে তুমি বেয়া পাবা
নেকি?
: হাঁ!!!!
কঁপনি উঠিছিল
মালবিকাৰ গাত| এনে লাগিছিল যেন ক’ৰবাত ধৰি নল’লে তাই পৰি যাব| আঁঠুৰ ওপৰত ভৰি দুটা
অৱশ অৱশ লাগিল| কাণ দুখন গুমগুমাই উঠিল| লাজত দেহৰ সমস্ত তেজ উঠি আহি মুখখন ৰঙা হৈ
পৰিল| ডিঙিত কিবা এটাই সোপা মাৰি ধৰা যেন লাগিল তাইৰ| লৰচৰ কৰিব নোৱাৰাকৈ তাইক যেন
কিহবাই একেঠাইতে শালিহে ধৰিলে|
: একো নক’লা যে?
বেয়া পালেও কোৱা আকৌ|
: হ’ব| কোনোমতে
মাতষাৰ ওলাল মালবিকাৰ|
: হ’ব মানে?
: তুমি যি কৈছা
তাকেই হ’ব বুলি আৰু পিছলৈ উভতি নোচোৱাকৈ খৰ খোজেৰে গুচি গ’ল মালবিকা| যেন পলাই
সাৰিল তাৰপৰা| সুখী সুখী ভাৱ এটাৰে মালবিকা যোৱালৈ চাই ৰৈ থাকিল সমীৰণ|
******************##*****************##*****************
: কি ভাবিছা
মালা?
: হুঁ, একো নাই
কি ভাবিমনো! আৰু পঢ়া নহ’ব মোৰ| ইয়াতেই সামৰিব লাগিব| ৰিজাল্টটো ইয়ান বেয়া হ’ব বুলি
ভবাই নাছিলো| বিশ্ববিদ্যালয়ত ছিটো নাপাওঁ এই কম নম্বৰ লৈ| প্ৰাইভেটকৈ পঢ়িবলৈকো ঘৰত
পঢ়ুৱাব নোৱাৰে বুলি কৈ দিছে দেউতাই|
: ছিট নাপালেও
এনেই ক্লাচ কৰি প্ৰাইভেটকৈ পৰীক্ষা দিব পাৰিতো|
: পাৰিলেও পঢ়িব
নোৱাৰিম চাগে| দেখিছাই দেখোন ঘৰৰ পৰিবেশ| পঢ়াৰ সুবিধা আছে জানো তাত?
: ঘৰৰ কথা নকওঁ
কিন্তু মই তোমাক জানো| পঢ়াৰ প্ৰতি যথেষ্ট ধাউতি আছে তোমাৰ| তুমি ইচ্ছা কৰিলে পঢ়িব
পাৰিবা| আৰু মইতো আছোৱেই|
: তোমাকনো আৰু
কিমান আমনি কৰিম? তোমাৰ কাৰণেই স্নাতক হ’ব পাৰিলো| নহ’লে চাগে ইমানখিনিও পঢ়া নহ’ল
হয় মোৰ|
: মোৰ কাৰণে একো
নাইহোৱা| সকলো তোমাৰ আগ্ৰহ আৰু একাগ্ৰতাৰ বাবে হৈছে|
: আগ্ৰহখিনি আৰু
ধৰি ৰাখিব নোৱাৰা হৈছো ৰণ!
: কিয়নো মালা?
আমি একেলগে খোজ দিয়াৰ কথা নাছিল জানো? এতিয়া আদবাটতে তুমি এনেকৈ ভাঙি পৰিলে কেনেকৈ
হ’ব? অকলে মই কি কৰিম? তুমি জানাই তোমাক বাদ দি মই একো ভাবিব নোৱাৰোঁ|
: জানো ৰণ|
কিন্তু কি কৰোঁ কোৱা| কেতিয়াবা কথাবোৰে ভবাই তোলে| তোমাৰ আৰু মোৰ মাজত এখন সু-উচ্চ
দেৱাল| ধনী-দুখীয়াৰ প্ৰভেদটো বাদ দিলেও বৰ্ণ-বৈষম্যৰ কথা মনলৈ আহিলেই বুকুখন কঁপি
উঠে| তাতে মই ছোৱালী| গতিকে নাভাবোঁ বুলিলেও ভাৱবোৰে মনৰ আগত অগাদেৱা কৰে| মোক ভুল
নুবুজিবা প্লিজ|
: ভুল নাইবুজা
মালা| তোমাৰ মনত কথাবোৰে জোৱাৰ তোলাতো অস্বাভাৱিক নহয়| কিন্তু আজি এই ৰ’দ, বতাহ,
আকাশ, মাটি সকলোকে সাক্ষী কৰি তোমাক কথা দিছো মোৰ জীৱনত যদি কেতিয়াবা কাৰোবাক আপোন
কৰি ল’ব লগীয়া হয় সেইয়া মাত্ৰ তুমিয়ে হ’বা, তোমাৰ বাহিৰে আন কোনেও সেই ঠাই ল’ব
নোৱাৰে| কথা দিলো তোমাক| বিশ্বাস ৰাখা মোৰ ওপৰত| আমি লগ হৈ এটা মন্দিৰ সাজিম সুখ
আৰু সুন্দৰৰ|
*****************##**********************##***************
কান্দোতে
কান্দোতে চকু উখহি গৈছে মালবিকাৰ|...... সমীৰণৰ মৰমেও ভেটিব পৰা নাই তাইৰ
চকুপানীক| আসন্ন মাতৃত্বৰ আনন্দত মতলীয়া হৈ দেৱশিশু এটাৰ আগমনত ঘৰখন সজাই থকাৰ হেঁপাহত
ওমলি থাকোঁতেই অকস্মাত আউল লাগি গৈছিল| তলপেটত প্ৰচণ্ড বিষ এটা অনুভৱ কৰাত খৰধৰকৈ
হাস্পতালত ভৰ্তি কৰিছিল মালবিকাক| সদায় পৰীক্ষা কৰা ডাক্তৰজন নাছিল| আন এজন
ডাক্তৰে ততাতয়াকৈ মালবিকাক অপাৰেচন থিয়েটাৰত সুমুৱাই দিলে| জ্বলি থকা ৰঙা
বাল্বটোলৈ চাই চাই অস্থিৰ হৈ বহি আছিল সমীৰণ| কিছুবেলিৰ পাছত সমীৰণৰ পৰিয়ালৰ
মানুহবোৰ আহি পাইছিলহি| থম্থম্কৈ বহি আছিল সমীৰণ| কান্দোন এটাই বাট বিচাৰি নাপায়
ঘুটমুটাই ফুৰিছিল| মতা মানুহে কান্দিব নাপায় হেনো| তেনেতে নাৰ্চ এগৰাকীয়ে সমীৰণৰ
মুখৰ আগত ফৰ্ম এখন দাঙি ধৰিছিলহি| বুৰ্বকৰ দৰে নাৰ্চজনীৰ মুখলৈ চাওঁতেই ডাক্তৰে
খৰধৰকৈ আহি ক’লেহি-
: মি.
ভট্টাচাৰ্য, দুৰ্ভাগ্যজনকভাৱে আপোনাক জনাবলগীয়া হৈছে যে আপোনাৰ পত্নীৰ গৰ্ভস্থ
সন্তানৰ লগতে এটি টিউমাৰো সমানে বাঢ়ি আহিছে আৰু সেইটোৰ বাবেই আপোনাৰ পত্নী এনে
অসহ্য বিষত আক্ৰান্ত হৈছে| টিউমাৰটো জৰুৰীকালীনভাৱে অপাৰেচন কৰিব লাগিব লগতে
সন্তানটিৰো ব্যৱস্থা কৰিব লাগিব| অন্য কোনো উপায় নাই| কিন্তু অপাৰেচন কৰাৰ পাছত যে
তেওঁৰ পুনৰ মাতৃ হ’ব পাৰিব তাৰ কোনো নিশ্চয়তা নাই| হয়তো তেওঁ মাতৃ হ’ব পৰা ক্ষমতা
হেৰুৱাব| সকলো ভগৱানৰ ওপৰত| আপুনি ফৰ্মখন পূৰাই দিলে আমি অপাৰেচনত অগ্ৰসৰ হ’ব
পাৰোঁ| আপুনি সোনকালে সিদ্ধান্তত উপনীত হওক| অন্যথা তেওঁৰ জীৱনৰ বাবেই টনাটনি হ’ব|
বুকুত শিল থৈ
ফৰ্মখনত হস্তাক্ষৰ কৰিছ্ল সমীৰণে| কান্দো বুলিও কান্দিব নোৱাৰিলে তেওঁ| মালবিকাই
আনন্দতে ঘৰখনৰ ইমূৰৰ পৰা সিমূৰলৈ সজাই থোৱা ছবিবোৰ এটা এটাকৈ চকুৰ আগত ভাঁহি উঠিল|
ভাল হোৱাৰ পাছত সেইখন ঘৰলৈ কেনেকৈ উভতাই নিব সমীৰণে তাইক! মূৰত কাৰোবাৰ হাতৰ পৰশ
পাই মূৰ তুলি চালে সমীৰণে| মাকক সাৱটি সৰু ল’ৰাৰ দৰেই ফেঁকুৰি উঠিল সি|
*************##********************##***********************
: ৰণ, শেষবাৰৰ
বাবে কাবৌ কৰিছো তোমাক মা-দেউতাৰ প্ৰস্তাৱত সন্মতি দিয়া তুমি| মোকতো দেখিছাই
সৃষ্টি কৰিব পৰা ক্ষমতা হেৰাই গৈছে| মোৰ বাবেই তুমিও আধাৰুৱা হৈ ৰ’লা| এই কথাটোৱে
বিন্ধি থাকে মোক| ঘৰখনত তুমিয়েই একমাত্ৰ সন্তান| মা-দেউতাৰ জানো তোমাক লৈ অযুত
সপোন নাই? কেৱল মোৰ কথা ভাবি তুমি তেওঁলোকৰ মনত দুখ দিয়াতো মোৰ অলপো সহ্য হোৱা নাই
ৰণ! বংশ ৰক্ষা বুলিওতো কথা এটা আছে| অলপ ভাবি চোৱাচোন|
: চোৱা মালা,
অনৰ্থক আৱেগিক হৈ লাভ নাই| যিটো সত্য তাক মা-দেউতাইয়ো স্বীকাৰ কৰি ল’ব লাগিব| কেৱল
বংশ ৰক্ষাৰ বাবেই মই আন এগৰাকীক বিয়া পাতি সন্তান জন্ম দিয়া কথাটো কোনো পধ্যেই
মানি ল’ব নোৱাৰোঁ| মোৰ ঔৰষজাত হ’লেহে যে আমাৰ বংশ ৰক্ষা হ’ব সেইবোৰ এলান্ধুকলীয়া
ভাৱধাৰা মই নামানো| যদি মা-দেউতাই সঁচাকৈয়ে নিঃস্বাৰ্থ হৈ মোৰ সন্তানৰ স’তে ওমলিব
খোজে তেন্তে ঠিক আছে আমি সন্তান এটা তুলি লম| সেইয়া আমাৰ সন্তান হ’ব| তোমাৰ-মোৰ
সন্তান| ডাঙৰ হৈ সি আমাৰ নাম উজ্বলাব| বংশ ৰক্ষাও সিয়ে কৰিব| তেতিয়া অন্তঃত তোমাক
অসম্পূৰ্ণতাই পীড়া কৰি নাথাকিব|
: তুমি যিমান
সহজভাৱে কৈছা কথাবোৰ সিমান সহজ নহয় ৰণ! মই বুজিলেও সমাজে তোমাৰ ভাৱধাৰা নুবুজে|
মানি নলয়| মা-দেউতাকেইবা বুজাবা কিদৰে? কাক কিমান কৈফিয়ত দিবা? তাতকৈ তুমি
মা-দেউতাৰ কথাত মান্তি হৈ যোৱা মোৰ শপত|
: তোমাৰেই শপত
মালা, আৰু এবাৰ যদি তুমি এই কথা কোৱা আজিয়েই মোৰ শেষ দিন হ’ব|
**************##*********************##*********************
চাকৰিৰ খাতিৰত ট্যুৰলৈ গৈছে সমীৰণ| তাইকো লগ
ধৰিছিল| এনেও য’লৈকে যায় প্ৰায়ে তাইক লৈয়ে যায় সমীৰণে| এইবাৰ তাই যাব নুখুজিলে|
গাটো দুৰ্বল দুৰ্বল লাগি আছে অলপ দিনৰপৰা| অলপতে ভাগৰ লাগে| শুই থাকিবৰ মন যায়|
অনবৰতে জ্বৰ জ্বৰ ভাৱ এটাই হেঁচি থাকে তাইক| সমীৰণ ট্যুৰলৈ যোৱাৰ আগদিনাও জ্বৰ
উঠাত সমীৰণে একপ্ৰকাৰ জোৰ কৰিয়ে তাইক ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল| ডাক্তৰেও বাৰে বাৰে
জ্বৰ উঠি থকা দেখি তেজ পৰীক্ষা কৰিবলৈ ক’লে| তেজ দি মেলি আহি নিশাটো থাকি পাছদিনা
সমীৰণ গ’লগৈ| দুদিনৰ পাছত দিবলগা ৰিপৰ্টটো আনিবলৈ ওলাওঁতেই পিয়নজনে সমীৰণৰ নাম-ঠিকনাত
অহা চিঠি এখন মালবিকাৰ হাততেই দি দিলে| বিশেষ একো নাভাবি চিঠিখন বেগত ভৰাই মালবিকা
ডাক্তৰৰ চেম্বাৰ পালেগৈ| ৰিপৰ্টতো হাতত লৈ জঠৰ হৈ গ’ল মালবিকা| ভগৱানে আৰু কিমান
পৰীক্ষা লয় তাইৰ আৰু সমীৰণৰ! সপোনতো নভবা কথাবোৰেই বাস্তৱত সঁচা হৈ উঠিছে!
মালবিকাৰ তেজত ধৰা পৰিছে দুৰাৰোগ্য ৰোগৰ বীজানু| প্ৰাথমিক পৰ্যায়তে আছে| উন্নত
চিকিত্সাৰ সহায়ত হয়তো সুস্থ হৈ উঠিবও পাৰে মালবিকা| বৰ্তমান বিজ্ঞানে বহুত উন্নতি
কৰিছে| কিন্তু এই খবৰটো সমীৰণক কেনেকৈ দিব তাই? কিয়েইবা ক’ব সমীৰণে! অৱশ হৈ
কোনোমতে ঘৰ পালেহি তাই| বহল চোফাখনতে হাত-ভৰি মেলি বহি দিলে| অনিমাই আহি কি হ’ল
মামী বুলি কেইবাবাৰো মাতি মাত নাপায় গুচি গ’ল| শূন্য হৈ গৈছে সকলো| মূৰৰ ওপৰত
ফেনখন ছাঁ ছাঁকৈ ঘূৰি আছে| নিশা হৈ অহালৈকে তেনেকৈয়ে পৰি থাকিল তাই| আন্ধাৰ হোৱাৰ
পাছতো তাই লৰচৰ নকৰা দেখি অনিমাই পুনৰ আহি গাত ধৰি জোকাৰি দিলে তাইক| অনিমাৰ কোনো
প্ৰশ্নৰে উত্তৰ নিদি শোৱা কোঠালৈ গৈ কাপোৰ সলাই মুখ-হাত ধুই পেলালে মালবিকাই|
সমীৰণক এবাৰ ফোন লগাই চালে| সংযোগ সীমাৰ বাহিৰত আছে| হয়তো কিছু ভিতৰুৱা অঞ্চললৈ
যাব লগা হৈছে| নহ’লে ইমান দীঘলীয়া সময় ফোন এটা নকৰাকৈ নাথাকে সমীৰণে| অনিমাক কৈ
কাঢ়াকৈ চাহ একাপ অনোৱাই ল’লে মালবিকাই| হঠাত্ মনত পৰাত বেগৰ পৰা চিঠিখন উলিয়াই
আনিলে| কোনে বা দিছে| প্ৰেৰকৰ ঠিকনাটো অচিনাকি| অন্যমনস্ক হৈয়ে চিঠিখন খুলি পেলালে
মালবিকাই| চিঠিখন পঢ়ি শেষ নহওঁতেই বিচনাত ঢলি পৰিল মালবিকা|
******************##***************##************************
*****************************************************************
চিনাকি-অচিনাকি.....
: ভালপোৱাৰ সংজ্ঞা কি?
: নাজানো|
: সীমা কি?
: নাজানো|
: ভালপাব জান?
: নাজানো|
: তেন্তে কি জান?
: তোক ভালপাওঁ|
: তোৰ মূৰটো|
যোৱা চাৰিদিনত এইকেইটা শব্দৰ বাহিৰে আৰু একো লিখিব পৰা নাই ৰূপশিখাই| ভাবিছিল এটা প্ৰেমৰ গল্প লিখিব| কিন্তু লিখিবৰ জোখাৰে সঠিক জুমুঠিটো তাই তৈয়াৰ কৰিব পৰা নাই| কিতাপে পত্ৰই বহুত কাহিনী পঢ়িছে তাই| বাস্তৱতো প্ৰেমৰ বিভিন্ন ৰূপ দেখিছে| মনৰ প্ৰেমৰ পৰা শৰীৰৰ প্ৰেমলৈকে নিতে নতুন নতুন কাহিনী আলোচিত হয় লগৰবোৰৰ লগত| দেখি শুনি হতাশ হয় ৰূপশিখা| কোনোধণৰ হীনমন্যতা বা নীচাত্মিকাবোধ নাথাকিলেও তাই প্ৰেমত পৰি পোৱা নাই| প্ৰেম তাইৰ বাবে এক ভাঙিব নোৱাৰা সাঁথৰ|
: আজি অফিচ নোযোৱা নেকি মাইনা-মাকে চিঞৰিলে|
: যাম মা| ডায়েৰীখন সামৰি উঠি আহিল ৰূপশিখা| আজিও একো লিখা নহ’ল| ঘড়ীলৈ চাই ৮.৩০ হোৱা দেখি খৰধৰকৈ বাথৰুমত সোমাল গৈ তাই|
তিনিচুকীয়া প্ৰধান ডাকঘৰত নতুনকৈ জইন কৰিছে তাই, পল্লবী, চন্দ্ৰমা, পবিত্ৰ, সঞ্জয় আৰু স্বৰ্ণজিতে| বাকী পৰিস্মিতা, মিহিৰ, হৃষীকেশ, সন্দীপ আৰু খনীন্দ্ৰ চাব অফিচত আৰু ইন্দ্ৰজিত ডিবিজন অফিচত| কম বয়সতে চাকৰিত সোমায় প্ৰথম প্ৰথম সিহঁতকেইটাৰ ভালেই লাগিছিল| কিন্তু অলপ দিন যোৱাৰ পাছত বাকীবোৰৰ কথা নাজানে তাই নিজে হ’লে বিৰক্তিবোধ কৰিছে| সদায় অফিচটোত কিবা নহয় কিবা প্ৰবলেম থাকেই| কামো সেই একেবোৰেই| কম স্টাফক লৈ প’ষ্টমাস্টৰৰ দোমোজা কাক ক’ত দিব| পাব্লিকৰ কমপ্লেইন্| এজেণ্টবোৰৰ ওজৰ–আপত্তি| পুৱা ৯.৩০ৰ পৰা ৫.৩০লৈকে অফিচ| বন্ধ চন্ধ নাই| দেওবাৰটোত শুবলৈকে সময় নোজোৰে তাইৰ| কিয়নো চাকৰিত সোমালো বুলি বৰ আক্ষেপ হয় তাইৰ! পঢ়াত চোকা ছোৱালী তাই| চিভিল চাৰ্ভিচৰ পৰীক্ষা ট্ৰাই কৰিছে তাই| পালেই গুচি যাব| নকৰে ডাকঘৰৰ এই একঘেয়া চাকৰি| তথাপি দৰমহা পোৱাকেইদিন মনটো ভাল লাগি থাকে|......আজি এম.আই.এচ( monthly income scheme) কাউণ্টাৰত বহিছে তাই| আৰু পবিত্ৰ চেভিংছৰ ডিপোজিত কাউণ্টাৰত| বুঢ়াকেইজনক বিদায় দি এজেণ্টৰ ল’টখিনি মাৰি শেষ কৰে মানে দুটা বাজিল| ভোক লাগিছে| পবিত্ৰলৈ চাই দেখে সি থৰ লাগি মুখ মেলি বহি আছে|
: অ’ই মুখখন বন্ধ কৰ| মাখি সোমাব এতিয়া|
সি একো নামাতিলে| লৰচৰো নকৰিলে| তেনেদৰেই থাকিল| অলপ আগতে বৰ ধুনীয়া ছোৱালী এজনী তাৰ কাউণ্টাৰৰ পৰা গৈছিল| সি চাগে তাইকেই মনত পেলাই আছে| ছোৱালী বুলিলে অলপ আমনি লগাকৈয়ে ৰিয়েক্ট কৰে সি| এনেই সি ল’ৰাটো সিমান বেয়া নহয়| কিন্তু তাৰ এই ছোৱালীক লৈ কৰা বলিয়ালি বোৰৰ কাৰণে মাজে মাজে অসহ্য লাগে ৰূপশিখাৰ|
: কি পাহৰিলি অ’ই? কিবা নম্বৰ চম্বৰ দি গৈছিল নেকি? নে ভুলতে টকা বেছি দি দিলি? খাবলৈ যাবি নে এতিয়া? মই হ’লে যাওঁ ভোক লাগিছে| পবিত্ৰলৈ চাই আকৌ ক’লে ৰূপশিখাই|
এইবাৰ সি তাইলৈ মূৰ ঘূৰায় চাই ক’লে-আচলতে ছোৱালী এইবোৰকহে কয়| তই কি বুজিবি ৰূপ কি যৌবন কি! তাইক দেখি তোৰ হিংসা লাগিছিল ন? মই জানোতো| তই হ’লি আগে গুৰিয়ে সমান| কাপোৰো যিসোপাহে পিন্ধ তাৰমাজত তোৰ ফিগাৰ বিচাৰিবলৈ গ’লে পণ্ডশ্ৰম হ’ব| তাইক দেখিছিলি কি গাৰ ৰং; কি চকু; কি ওঁঠ; কি চুলি! বা: মানিব লাগিব| তাতে পিংক কালাৰৰ টপ আৰু টাইট জীনছ্টোৱে তাইৰ ফিগাৰৰ যি বিজ্ঞাপন দিছে মই কি কোনোবা ঋষি মুনিয়েও তাইক দেখিলে পাগল হৈ যাব|
:হ’ব দে তই আৰু অলপ সময় তাইৰ ধ্যান কৰ মই টিফিন খাবলৈ যাওঁ বুলি তাক আৰু একো ক’বলৈ নিদি টকাৰ ড্ৰয়াৰটো লক কৰি তাই কেণ্টিনলৈ গুচি গ’ল|
কেণ্টিনত গৈ দেখে পল্লবী, চন্দ্ৰমা, ৰিংকু, মনীষ আৰু স্বৰ্ণজিতে সঞ্জয়ক লৈ কিবা হুলস্থুল কৰি আছে| তাই গৈ বহাৰ লগে লগে চন্দ্ৰমাই ক’লে সঞ্জয়ৰ এটা গুড নিউজ আছে| স্মৃতিৰ লগত তাৰ বিয়া ঠিক হ’ল| মানে ইমানদিনে সি ভালপাই অহা ছোৱালীজনীক ঘৰৰ পৰাও স্বীকাৰ কৰি ল’লে| নহ’লে সি বেচেৰাই বৰ চিন্তাত পৰি আছিল| কাৰণ স্মৃতিৰ লগত তাৰ কাষ্ট নিমিলে| আৰু তিনিবছৰৰ পাছত সিহঁতে বিয়া পাতিব| শুনি ভাল লাগিল ৰূপশিখাৰ| সঞ্জয়ক কংগ্ৰেচুলেচন দিলে| টিফিন খাই থাকোতেই আটাইকেইটাই সঞ্জয়ক ধৰিলে এতিয়া এটা পাৰ্টি দিব লাগে বুলি| সঞ্জয় ঠাণ্ডা ল’ৰা| সি কিনো পাৰ্টি লাগে বুলি কওঁতেই গোটেইকেইটাই হেচাঁ মাৰি ধৰিলে যে চাকৰিত সোমোৱাৰ পৰা সিহঁতে ভালকৈ একো এটা এন্জয় কৰিব নাই পৰা| গতিকে এই বাহানাতে সিহঁতে পাৰ্টি খাব তাকো চেণ্টাৰ পইণ্টত| ঠিক হ’ল দেওবাৰে এটা বজাত গোটেইকেইটা গোট খাব হোটেল চেণ্টাৰ পইণ্টত| স্মৃতিকো মাতিব| ভাল লাগিব| ছোৱালীকেইজনীয়ে কথা পাতি ঠিক কৰিলে আটাইকেইজনীয়ে শাৰী বা মেখেলা চাদৰ পিন্ধিব|
....এই শাৰী বা মেখেলা চাদৰ পিন্ধিবলৈ বৰ টান পায় ৰূপশিখাই| তাতকৈ চুৰিদাৰ বা কুৰ্টি আৰু লেগিংচ পিন্ধা কিমান সহজ! তথাপি তাই মূগাৰ মেখেলা খনৰ লগত ৰঙা ফুল থকা চাদৰ এখন পিন্ধিলে| লগাওঁ নলগাওঁকৈ পাতলকৈ লিপষ্টিক অলপো বুলাই ল’লে ওঁঠত| চুলিখিনি বান্ধিব খুজিও কিয় জানো নাবান্ধিলে| সৰু ক্লিপ এডালেৰে দুডালমান চুলি ধৰি এনেই পিছফালে টানি থলে| আয়নাখনত নিজক দেখি ভাল লাগিল ৰূপশিখাৰ| মাকে জোৰ কৰি ফোঁট এটা লোৱালে| ৰিক্সাৰে গৈ তাই যেতিয়া চেন্টাৰ পইণ্টৰ আগত নামে তেতিয়া ঘড়ীত ১.৩০ বাজিছে| সকলো ৰৈ আছে তাইলৈকে| তাইৰ অলপ লাজ লাগিল| কিহে পাইছিল তাইক আজি ইমানকৈ সাজিবলৈ!
: বাহ্ বেলেগ আৰু দেই| তোক আজি চিনিবই নোৱাৰি দেখোন বুলি আটাইবোৰেই কিবা এষাৰ এষাৰ ক’লে তাইক| মাত্ৰ পবিত্ৰই একো নক’লে| হুলস্থুল কৰি আটাইকেইটা হোটেললৈ সোমায় গ’ল| হাঁহি ফুৰ্টি কৰি প্ৰায় দুঘণ্টা সময় কটালে সিহঁতে| আহিবৰ সময়ত ৰূপশিখাই ইমান সময়ে বেগত লুকুৱাই থোৱা ৰঙা গোলাপ এপাহ স্মৃতিক আৰু সঞ্জয়ক সৰু চেণ্টৰ বটল এটা দিলে|
: অ’ই তই অকলে অকলে গিফ্ট আনিলি যে বুলি পল্লবীয়ে চিঞৰি উঠিল|
: গিফ্ট নহয় অ| আনন্দৰ সৌৰভ অলপ সিহঁতৰ জীৱনৰ লগতে আমাৰ জীৱনতো বিয়পি পৰিল আৰু| ইয়াতকৈ বেলেগ কি লাগে ক!
: হয় দে তই মানুহেই বেলেগ| ব’ল যাওঁ বুলি সঞ্জয় উঠিল| লাহে লাহে হোটেলৰ পৰা ওলায় আহিল সিহঁতকেইটা| চন্দ্ৰমাই ক’লে তাই বাহিৰে বাহিৰে গীটাৰ ক্লাচলৈ যাব| বায়েক ৰৈ থাকিব তাইলৈ| সঞ্জয়ে স্মৃতিক থবলৈ ওলাল| পল্লবী আৰু ৰিংকু বিগ বজাৰলৈ যায়| অকস্মাত পবিত্ৰই ৰূপশিখাক ক’লে –“ব’ল আজি তহঁতৰ ঘৰলৈ যাওঁ|” ৰূপশিখাই তাৰ মুখলৈ চালে| সি সঁচা কৈছে নে মিছা কৈছে তাই ধৰিব নোৱাৰিলে| আজি এনেও সি কথা কম কৈছে| কিবা এটা যেন হৈছে তাৰ!
: সঁচা কৈছ নে?
: মিছা ক’বলে কি আছে? অ’ই ৰিক্সা বুলি সি ৰিক্সাত উঠি তাইকো মাতিলে| অলপ আচহুৱা যেন লাগিল ৰূপশিখাৰ| লগ পোৱাৰ দিনৰে পৰা তাই তাক ইমান নীৰৱে থকা কেতিয়াও নাই দেখা| আজি কি হ’ল তাৰ! ওৰে বাটে তাই তাৰ কথাকে ভাবি গ’ল| সদায় পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকি ভাল পায় সি| স্মাৰ্ট সাজ পোছাকেৰে কথা বতৰাতো যথেষ্ট স্মাৰ্ট সি| লগ সমনীয়াক সকলো সময়তে সহায় কৰিবলৈ সদায় তত্পৰ সি| কথা অলপ বেচি কয়| ছোৱালীৰ প্ৰসংগ ওলালে কেতিয়াবা তাৰ কথাই সীমা চেৰাই যায়| এই এটা দোষৰ বাহিৰে তাক বৰ এটা বেয়া নালাগে| বাকী তাৰ ঘৰ তেজপুৰত| মাক বায়েক আৰু ভনীয়েক আছে| মাক কোনোবা কলেজৰ অধ্যাপিকা| তাৰ বিষয়ে এইখিনিয়ে জানে তাই| বৰগুৰিৰ পেট্ৰল ডিপোটো পোৱাৰ লগেই লগেই তাই ক’লে –“ইয়াতে নামো দে| অলপ খোজ কাঢ়িম| খোৱাটো ইমান ৰিচ্চ্ হ’ল পেটটো ভাল লগা নাই|” ৰিক্সাৰ পৰা নামি তাই ভাৰাটো দিয়াৰ আগতেই সি দিলে|
: তই কিয় দিলি? মই দিলো হয় নহয়|
: বেচি কিয় কৰনো? মই দিলো কি হ’ল? ব’ল এতিয়া|
....দুইটাই খোজ ল’লে| অলপ দূৰ গৈয়েই ৰূপশিখাই পবিত্ৰক সুধিলে
: তোৰ আজি কি হ’লনো ইমান মনে মনে আছ যে? তোক এনেকৈ থকা মই কেতিয়াও নাই দেখা| আজি মোক চবেই কিবা কিবি ক’লে তই একো নক’লি যে! নে আজিও মোক ছোৱালী যেন লগা নাই নেকি তোৰ?
: শিখা, তোক এটা কথা কওঁ? তই আৰু কেতিয়াও এনেকৈ নাসাজিবি| তোক বাহ্যিক সাজোনৰ প্ৰয়োজন নাই| তোৰ দুচকুৰে তোৰ ব্যক্তিত্বৰে তোৰ যি সৌন্দৰ্য্য প্ৰকাশ পায় সেইয়াই তোক সুন্দৰ কৰি তুলি ধৰিবলৈ যথেষ্ট| আনৰ চকুত ধুনীয়া হোৱাৰ প্ৰয়োজন নাই তোৰ|
একো নুবুজি বুৰ্বকৰ দৰে পবিত্ৰলৈ চালে ৰূপশিখাই| ব’ল ক’ৰবাত অলপ বহোঁ| তোৰ লগত বহুত কথা পাতিবৰ মন গৈছে| বহিবি? জুৰীয়া নামঘৰটো পাৰ হৈ অলপ দূৰ গৈয়েই পোৱা কালভাৰ্টটোতে বহিল সিহঁত দুটা| কিছুসময় মনে মনে থকাৰ পাছত পবিত্ৰই সুধিলে
: মোক দেখি তোৰ কি ভাব হয় সঁচা কথা ক’চোন?
: কি ভাব হবনো! আনবোৰৰ দৰে একেই এটা ল’ৰা তই| মাত্ৰ ছোৱালী দেখিলে অলপ বেচি বেচি কৰ|
: ছোৱালী পগলা যেন লাগে ন?
: অঁ|
: মোৰ এটা কাহিনী আছে| যিটো কোনেও নাজানে| কাকো কোৱাও নাই মই| কিয় জানো আজি তোক ক’বৰ মন গৈছে| শুনিবি?
উত্তৰ নিদিলে ৰূপশিখাই| তাইৰ হাত এখন নিজৰ হাতৰ মাজত লৈ আত্মমগ্ন হৈয়ে কৈ গ’ল পবিত্ৰই-
মা-দেউতা বা’-ভণ্টিৰে বৰ সুখৰ আছিল আমাৰ পৰিয়ালটো| হাঁহি ধেমালিৰ মাজেৰেই দিনবোৰ গৈ আছিল| মোৰ বা’ বৰ শান্ত-শিষ্ট প্ৰকৃতিৰ আছিল| গান গাইছিল| বা’ৰ তুলনাত ভণ্টি বৰ চঞ্চল আছিল| আমাৰ সকলোৰে বৰ মৰমৰ আছিল তাই| সকলোতে আগৰণুৱা আছিল তাই| গান-বাজনা খেলা ধূলা সকলোতে পাকৈত আছিল তাই| দেখা শুনাতো বৰ ধুনীয়া আছিল তাই| মানুহৰ লগত মিলি জুলি থাকিবলৈ বৰ পাইছিল| সকলোকে সহজতে বিশ্বাস কৰিছিল| আৰু এই বিশ্বাসেই এদিন তাইলৈ ধ্বংস কঢ়িয়াই আনিলে| কলেজ উইক চলি আছিল সিহঁতৰ| খেলা শেষ কৰি ঘৰলৈ উভতোতে তাইৰ প্ৰায়ে পলম হয়| দেউতাই সদায় তাইক আনিবলৈ যায়| সেইদিনা তাইয়ে ফোন কৰি দেউতাক ক’লে-“দেউতা তুমি আজি আহিব নালাগে| আজি আমাৰ ফাইনেল খেল আছে মোৰ অলপ দেৰি হ’ব মই কৰবীৰ লগতে যাম|” কৰবী আমাৰ ঘৰৰ ওচৰতে থাকে| গতিকে কোনেও বিশেষ একো নাভাবিলো| কিন্তু নিশা ৮ বজাটো যেতিয়া তাই ঘৰ নোলালহি তেতিয়া আমি চিন্তিত হৈ উঠিলো| কলেজত খবৰ কৰিলো| লগৰবোৰক খবৰ কৰিলো| সকলোৱে ক’লে সন্ধিয়া ৭টাতে খেলা শেষ হৈছিল| তেন্তে ইমান সময় তাই ক’লৈ গ’ল? কৰবীহঁতৰ ঘৰতো খবৰ ল’লো| নাই কৰবীয়ে একো নাজানে| পুলিচত খবৰ দিলোঁ| বহুত বিচাৰ খোচাৰৰ অন্তত শেষৰাতি পুলিচে তাইক বিধ্বস্ত অৱস্থাত উদ্ধাৰ কৰিছিল চহৰৰ পৰা দূৰৈত এটা পৰিত্যক্ত ঘৰত| দলবদ্ধ ধৰ্ষণৰ চিকাৰ হৈছিল তাই| মুহুৰ্ততে দুৰ্য্যোগ নামি আহিছিল আমাৰ পৰিয়ালটোলৈ| কি হ’ল কিয় হ’ল কেনেকৈ হ’ল একো শুংসূত্ৰ উলিয়াব নোৱাৰিলে পুলিচে| মিডিয়াৰ হাতত পৰি ঘটনাটোৱে বিকৃত ৰূপ ল’লে| সৰহসংখ্যকে আঙুলি টোঁৱালে মোৰ ভণ্টিৰ চৰিত্ৰলৈ| অথচ তেতিয়ালৈ তাই কোনো উত্তৰ দিব পৰা অৱস্থাত নাছিল| মানসিক ভাৰসাম্য হেৰুৱাইছিল তাই| নিজা ববীয়াকৈ আমি গম পাইছিলো সেইদিনা কৰবীৰ ককায়েকে বেডমিণ্টনৰ খিতাপ জিকাৰ অজুহাতত পাৰ্টি দিবলৈ বুলি ভণ্টিক ক’ৰবালৈ লৈ গৈছিল| ভণ্টি নতুনকৈ তাৰ প্ৰেমত পৰিছিল| কোমল বয়সৰ অপৈণত প্ৰেম কি ভয়ংকৰ! তাৰ পাছৰখিনি সহজেই অনুমেয় যদিও প্ৰমাণৰ অভাৱত আমি একো কৰিব নোৱাৰিলো| ইতিমধ্যে মিডিয়াৰ সমালোচনা সহিব নোৱাৰি ষ্ট্ৰোক হৈ দেউতাৰো মৃত্যু হ’ল| মই চাৰিওফালে ধোঁৱা কোৱা দেখিলো| কিন্তু মোৰ মাৰ সাহস মই মানিব লাগিব| মায়ে সাহসেৰে সাবতি ৰাখিলে মোক, বা’ক আৰু ভণ্টিক| মায়ে বুজালে এই পৃথিৱীত সেইজনেহে টিকি থাকিব পাৰে যিয়ে নিজক সবল কৰি ৰাখিব পাৰে| সুখ দুখ দুৰ্য্যোগ এইবোৰ মানুহৰ জীৱনৰ নিৰ্মম সত্য| যিমান সহজে তাক স্বীকাৰ কৰিব পাৰি সিমান সহজেই তাক সহ্য কৰিব পাৰি| সহ্য শক্তি বাহিৰৰ পৰা নাহে| ই ভিতৰৰ পৰা জন্মে| ইয়াৰ জন্মদাতা তুমি মই আমি নিজে| পাৰ হৈ আহিলো দুৰ্য্যোগৰ দিন মাৰ ভৰষাতে| বা’ই মাষ্টাৰ ডিগ্ৰী পাছ কৰি স্কুল এখনত জইন কৰিছিল যদিও ভণ্টিৰ কাৰণেই চাকৰি এৰি দিলে| তাই আজিকালি এটা দুটা কথা কয়| ডাক্তৰে কৈছে খুব সোনকালে তাই সুস্থ হৈ উঠিব| মাত্ৰ তাইক অলপ মেণ্টেল চাপৰ্ট লাগে| সিদিনা যে মোৰ কাউণ্টাৰলৈ ছোৱালীজনী আহিছিল মোৰ ভণ্টি দেখিবলৈ ঠিক তাইৰ দৰে| সেয়ে মই বহুত সময় থৰ লাগি আছিলো| আচলতে ছোৱালী দেখিলে মই নিজকে সেই লম্পট কেইটাৰ শাৰীত নিজকে বহোৱাই চাওঁ যিকেইটাই ক্ষন্তেকীয়া সুখৰ কাৰণে মোৰ ভণ্টিৰ জীৱনটো ধ্বংস কৰিলে| ময়োতো ল’ৰা| মোৰোতো কামনা বাসনা আছে| সেয়ে হকে নহকে মই যা টা কমেণ্ট দিওঁ| কিন্তু এটা জীৱন ধ্বংস কৰিবৰ জোখাৰে মনৰ মাজত কোনো লোভ কোনো লালসা জগাই তুলিব নোৱাৰো দেখোন! ভণ্টিৰ জীৱন ধ্বংস হোৱাৰ বাবে মোৰ নিজকে অপৰাধী যেন লাগে কেতিয়াবা| ল’ৰা হোৱাৰ অপবাদে মোক থকা সৰকা কৰে| সেয়ে মায়ে আপত্তি কৰা স্বত্তেও মই ইয়ালৈ চাকৰি কৰিবলৈ গুচি আহিলো| কালি বায়ে ফোন কৰি কৈছে ভণ্টিয়ে হেনো আকৌ হাতত ৰং তুলিকা তুলি লৈছে| তাই কালি এখন ছবি আঁকিছে| নীলা আকাশত উৰি থকা এটা উৰণীয়া চৰাইৰ ছবি| শুনি মোৰ কেনে লাগিছে তোক মই বুজাই ক’ব নোৱাৰিম শিখা| কালি ওৰে ৰাতি ভাবি মই এটা সিদ্ধান্ত লৈছো| মই ইয়াত এটা ডাঙৰ ভাৰাঘৰ লম| মা, বা’ আৰু ভণ্টিক ইয়ালৈ লৈ আনিম| তেজপুৰত থকা ঘৰটো ভাৰালৈ দি দিম| পৰিবেশৰ সলনি হ’লে ভণ্টিও সোনকালে ভাল হৈ উঠিব| এই ক্ষেত্ৰত তই মোক সহায় কৰিবি শিখা?
: ????
: স্বাৰ্থপৰৰ দৰেই মই তোক বিচাৰিছো মোৰ জীৱনত| আহিবি মোৰ জীৱনলে’? তোৰ অন্তৰাত্মাৰ পোহৰেৰে মোৰ লগতে মোৰ সৰু পৰিয়ালটোকো পোহৰাই যাবি| মোৰ অসুস্থ ভণ্টিক তোৰ সৌন্দৰ্য্যৰ পৰশেৰে অলপ উজ্বলাই যাবি| ক’ দিবি মোক তোৰ সান্নিধ্য?
একো নক’লে ৰূপশিখাই| পবিত্ৰৰ হাতখন তাইৰ দুয়োখন হাতেৰে জোৰেৰে চেপি ধৰিলে| সন্ধিয়াৰ আকাশত তেতিয়া এটা দুটা তৰাই ভুমুকি মাৰিছে|
: যাওঁ ব’ল| চাকি দিবৰ হৈছে| যুৰীয়া নামঘৰত সেৱা এটা কৰি যাম আহ| নীৰৱতাখিনিয়ে তেতিয়া অধিক বাঙ্ময় হৈ আগুৰি ধৰিছিল দুয়োটাকে....
Can you send one of your story at kahinixunuahok@gmail.com
ReplyDeleteকাহিনী শুনো আহক এটি YouTube চুটি গল্পৰ সংকলন | আমাৰ লিংক টো হ'ল https://goo.gl/RwkPju