কবিতা

কথকতা....


শুদা ভৰিৰে খোজ দিছিল তাই

চকুত কাজল, ভৰিত নূপুৰকঁকালত ৰূপৰ শিকলি
তেওঁ এটা বুটলি ললে
মুকুতা আছে বুলি ভাবিলে নেকি!
চূৰ্ণ-বিচূৰ্ণ শামুকৰ খোলাই
কাটিলে দুহাত
বিষাক্ত হৈ উঠিল সময়....
শুকাত বতৰত
হাবিত জুই লাগে কেতিয়াবা!
বিস্বাদত এঙাই গল মনটো তেওঁৰ
বেলি লহিয়াইছিল তেতিয়া
ফাগুণে আনিছিল সপোন
ৰঙা হোৱাত পলাশৰ দোষ কি???
জীৱনৰ ৰং....
তথাপি!
বাহী ফুল হেনো পূজাত নালাগে
লাগে মাথো ফুলশয্যাৰ নিশাৰ
সৌন্দৰ্য বঢ়াবলে
গোন্ধহীন ফুলৰ দাম
মাত্ৰ এনিশাৰ.....
সুবাসবোৰ.....
আচলতে কলিজাখনতেই ফুটা আছিল
সৰকি গল সোণোৱালী প্ৰহৰ.....
আবতৰীয়া বৰষুণজাকে
ধুৱাই নিলে ধূলিয়ৰি পথটো
এতিয়া এটা খোজ দিগন্তলৈ.....
বিৰিঙি আছিল এটা অভিমান
ভালপোৱাৰ!!!!
বালিচৰত পৰি আছিল শামুক
সাগৰৰ পানীৰ লুণীয়া স্বাদ!
সৰাপাতে সিঁচি যায়
মৰহা ফুলৰ পাপৰিয়েই বিলাইছিল
পেন্দোলামৰ দৰে ওলমি থকা হাঁহিটোত
বিৰিঙি আছিল এটা অভিমান
ভালপোৱাৰ!!!!


কথোপকথন....

এই কি চাওঁ ওফোন্দাই পেলালাচোন মুখখন
বেয়া পালা? পোৱা আৰু কি কৰিমনো!
“ভালপোৱা” নামৰ দুৰাৰোগ্য ৰোগটোত যে আক্ৰান্ত মই
ভয় হয় কিজানি তোমালৈকো সোঁচৰিব পাৰে ই|
জানা, ইয়াৰ হেনো প্ৰতিকাৰ নাই
এবাৰ সংক্ৰমিত হ’লেই দুৰ্বাৰ গতিৰে বৈ যায় কলিজা ধীয়াই,
পাৰিবা জানো সহিব ইয়াৰ কোবাল ধাৰ!!
পাৰিবা জানো প্ৰত্যক্ষ কৰিব ইয়াৰ অমিয়া বিচাৰ
জাতি-কুল বৰ্ণ বৈষম্য নামানে যে ই,
তেজৰ সিৰে সিৰে মাথোন অনুভৱ বিয়পাই|
মাজে মাজে সপোন দেখো জানা সেউজীয়াৰ
আপোনমনে বাজি উঠে গৰখীয়াৰ চিনাকি সুৰ এটি
এনে লাগে যেন পোহৰবোৰ বৈ আহে মৌনতাৰ বুকুৱেদি|
হাঁহিলা যে! কি ক’লা ভুল?
ওহোঁ, নহয় এইয়া তলসৰা বকুল
তাৰে সুগন্ধত তোমাৰো হিয়া আমোলমোল|
হ’ল আৰু, চাওঁ উঠা আবেলি হ’ল,
আঁহা এবাৰ বালিত সুদা ভৰিৰে খোজ দিওঁ

কিজানিবা জীৱনক সহজ ৰূপতেই পাওঁ!!!!!



স্পৰ্শ....
ভালপাওঁ বুলি নকবা
 চুক্তি কৰা যেন লাগে,
 তাতকৈ এনেই থাকাচোন কাষত
 কথা পাতিম, হাঁহিম, গান গাম...
 মন লেই এবাৰ চুই চাম, চুমা খাম
 ভুল নেকি?
 লে হওক দিয়া
 কি বনো?
 জীৱনটোতো আৰু
 বীজগণিতৰ অংক নহয়
 একৰ এক থাকিল শূন্য বুলিবলৈ
 শূন্যতাকে পূৰ্ণ কৰি সজায় তুলিম
 কলুষতাবিহীন স্পৰ্শ এটাৰে.....




তোমালৈ.....

এতিয়াও সাৰে আছে সপোনটো
দুহাতত গুলপীয়া সুবাস সানি
কেনে আছা তুমি?
আছেনে দুচকুত আগৰদৰেই
সেউজীয়াবোৰ বৈ?
বহুদিন হ’ল উটি ভাঁহি নোযোৱা
জোনাকৰ স’তে...
বহুদিন হ’ল লুকা ভাকু নেখেলা
অভিমানৰ স’তে....

মেলি ল’লো সোঁৱাৰণীৰ বৰপেৰাটো....
“প্ৰাপ্তিয়েই জানো শেষ কথা?”
প্ৰশ্নটোত কঁপি উঠিছিল অন্ধকাৰখিনি
তাচপাতৰ দৰেই সৰি পৰিছিল
উত্তৰবিহীন মায়াবী সময়....
পাখি লগা কাঁড়ৰ দৰে শিপাইছিল
অকাৰণ ক্ৰোধ এটা দেহত, মনত...
বিধস্ত বিশ্বাসটোৱে আঁত হেৰুৱাইছিল
মম গ’লা নিশাৰ তিনিআলিটোত....

ফাগুনে ৰিঙিয়াই গ’ল
মৰাপাতবোৰো সৰি শেষ হ’ল
দিবা নেকি নামনিমুৱা পচোৱাজাকত
চিলা এখন উৰুৱাই!
বৰদৈচিলাজনীক জোকাই থৈ যাব
শিলদল ভাঙি দৌৰি আহিব মাকৰ ঘৰলৈ
ধুমুহা-বৰষুণে ধুৱাই নিব ধৰণী
ন সাজ পিন্ধি কুলিয়ে বিহুগীত গাব
আকৌ বসন্ত আহিলে বুলি....

দুৱাৰখন মেলি দিয়া
পূবে ফেহুঁজালি দিলে....





এই নদীয়েদি....
কি নাম দিলা??? জোনাক!!!
কিয় দিলা??? ভালপোৱা মোক!!!
কি বিচাৰা??? শিলে কথা কোৱা!!!
কি ক’বা??? একেলগে বৈ যাওঁ আঁহা!!!
মেৰিয়াই ল’লো ৰঙা পাটৰ কাপোৰসাজ গাত
গুণাৰ গুটি গুটি ফুল বচা আছে তাত....
চাওঁ চুমা এটি খাওঁ!!!
ক’ত? কপালত....
জোন হৈ উজ্বলিব তাত
অপ্ৰাপ্তিৰ পাৰ ভঙা ঘাট....
হুঁ কি ক’লা? তৰালীৰ দেশলৈ যাওঁ আঁহা
সাধু এটা শুনিম দেই....
শুকুলা ডাৱৰৰ পিঠিত উঠি
পৰীক বিচাৰি যাম....
ভয়? ওহোঁ নালাগে
তোমাৰ চকুৱেচোন কথা ক’ব জানে....
শুকান খোলাটোত এটা কলিজা আছে
সুৰৰ লহৰ তুলি গান গায় সি
হেৰুৱা সপোন বুটলি
সাজে বিশ্বাস আৰু মমতাৰ দালান
তাজমহল নালাগে বাৰু
মুকলি আকাশেই হওক আশ্ৰয়ৰ স্থান
কথা দিলা? দিলো...
শিলাখণ্ডই হাঁহি দিলে....

এজাক হেঁপাহৰ বৰষুণে ধুৱাই নিলে....





মৰীচিকা নে মৰুদ্যান!!!!

তুমি ক’লা: ঘৰ্মাক্ত শৰীৰৰ প্ৰতি টোপাল ঘামতে থাকে মনৰ স্বাক্ষৰ|
মই ক’লো: তেনে জোনাক গলা নিশাতো কিয় নামে মনলৈ বিষাদৰ ডাৱৰ?
তুমি আছা, মইয়ো আছো, আৰু আছে এটি মৌন প্ৰহৰ
নিয়ৰ সনা সৰাপাতৰ গাত ভেজা দি বগুৱাবাই আহিল সৰ্পিল সপোনটো|
দেৱালৰ সিটো পাৰে তুমি আৰু ইটো পাৰে মই
এতিয়া যে মৰুভূমিত কেক্‌টাচ ফুলাৰ বতৰ|
কাঁইটেৰে হিয়া বিন্ধি 
বুকুৰ তেজেৰে ফুলালে কেতেকীৰ ৰেণু কেতেকীজনীয়ে,
ৰেণুৰ পৰশত প্ৰাণ পালে ৰাজকুমাৰীয়ে,
আনন্দত উতলা ৰাজকুমাৰে পাহৰিলে কেতেকীজনীৰ কথা,
বুকুৰ উম নাপায় নিঠৰ হৈ পৰিল কেতেকীৰ দেহা;
কেতেকী জহি-পমি গ’ল,
সোঁৱৰণীৰ ঘাটত এটা কাহিনী হ’ল,
শেৱালি সৰা ৰাতিটোতে মেলি দিলো দুহাত মোৰ
কিজানিবা তুমি তাতে হাত থোৱা!!!


কোনো খেদ নাই....

সাগৰৰ উত্তাল ঢৌ দেখি তুমি সুধিলা
এতিয়া কি ফুলাৰ ৰাতি ভাস্বতী?
অন্যমনস্ক হৈ উত্তৰ দিলো
এতিয়া সৰিয়হ ফুলাৰ ৰাতি|
শেহ নিশা উৰি অহা এচ্‌.এম্‌.এচ.ৰ উত্তাপত
সৰিয়হ ফুটে দেহত, মনত, কলিজাত!!!

ভুল তোমাৰ নহয় ভুল মোৰেই
কোনে কৈছিল মোক জাকজমকতাৰ চাকচিক্যত
বিজ্ঞাপন দেখি ভোল যাবলৈ!
এবাৰ ”ট্ৰাই” কৰি চোৱা উচিত আছিল...
আচলতে মোৰ গাতো দোষ নাই
সযতনে সুন্দৰকৈ সজোৱা ফুলনিখন দেখি
ভাবিয়েই নাচালো যে এই ফুলত সঁচাকৈয়ে গোন্ধ নাই|


যি হ’ল হ’ল
কি কৰিবা আৰু?
আঁজুৰি আনিলেই জানো শৈশৱ উভতাই পায়
ঠেহ-পেঁচ ভাঙোতেই সময়ৰ সোঁত বলি যায়
সোঁৱৰণীয়ে ভেঙুচালি কৰি কয়
এই বাটে নাহিবা দুনাই....

শেৱালি ফুলাৰ বতৰত মৰাশ পোৰাৰ গোন্ধ
তোমাৰ টোপনি কেনেকৈ আহিব?
গোৰোহাৰ শুভ্ৰতাত মাতাল হ’ব খুজি
নিজেইচোন মাতি আনা বিচ্ছেদৰ গান....
আধা কেঁচা টোপনিত প্ৰলাপ বকা এইটো তোমাৰ পুৰণি বেমাৰ!
চাওঁ অলপ শুবলৈ চেষ্টা কৰাচোন|
চকু দুটা মুদা|
মই এটি নিচুকনি গীত গাওঁ| 
বহুদিনেই হ’ল ভোটাতৰাটো বিচাৰি নোযোৱাৰ!!!


হুঁ? নাই কোনো খেদ নাই
আৰু একো নালাগে মোক
আছেই দেখোন হাতত মোৰ
ভেজালৰ এই দুৰ্দিনত তুমি দিয়া নিৰ্ভেজাল ১০০গ্ৰাম মৰম
এয়াও কি কম?
তাৰেই একাঁজলি খাৰিকাজাঁই কিনিম
দীঘলকৈ উশাহ টানি সুবাসিত কৰিম
আহত অভিমানী আলসুৱা হিয়া মোৰ
বুকুৰ উপত্যকাত লহ্‌পহ্‌কৈ গজি উঠিব 
এডৰা সতেজ ভালপোৱা.....

তুমিচোন জানাই ঠেহ পাতি 
কলমেৰে আঁক-বাঁক কৰাতো মোৰ পুৰণি বেমাৰ
তোমাৰোতো অভ্যাস আছে পাছলৈ উভতি চোৱাৰ!!!



এখন্তেক.....

আহানা এদিন মুখামুখি হওঁ
একেলগে আওৰাও নিষিদ্ধ এৰাতিৰ কবিতা
ভাগৰ লাগিছে আৰু কৃত্ৰিমতাৰ সাজ পিন্ধি
কিমানক উত্তৰ দিম ভালে আছো বুলি?
ভালে নাই মই সেই কথা তুমিও জানা
যন্ত্ৰবত্‌ গতানুগতিকতাত হেৰাল মোৰ
জীৱ্নৰ ইস্পিত সেউজীয়া….

মই জানো কোনোবাখিনিত তুমিও ৰুক্ষ হৈ পৰিছা

তুমিও হেৰুৱাইছা জীৱনৰ স্বাভাৱিক ছন্দ|
আহাঁ তেনে আমি আজি উ‌দ্‌যাপন কৰোঁ
এটা বিমূৰ্ত মূহুৰ্ত
য’ত মৌনতা হ’ব আমাৰ প্ৰাণৰ ভাষা| 
জোনাকৰ বৰষুণত গা ধুই
তুমি দিবা এটা উষ্ণ চুমা
মই দিম হিয়াৰ পৰশ
আমাৰ আলিঙ্গনত সাৰ পায় উঠিব
শেষ হৈয়ো শেষ নোহোৱা এটা সাধুকথা…..

তোমাৰ খোজে খোজে মই খোজ দিম

আঙুলিত আঙুলি লাগি মূৰ দাঙি উঠিব
জঠৰ দেহাত এটা অচিন অনুৰাগ
সিৰাই সিৰাই বৈ যাব অলপ উন্মাদনা
কম্পমান লহৰে তাতে সানি দিব
এচিকুট মাদকতা
আৰু দেহৰ ভূগোলত ঘামৰ টোপালে
আঁকিব শেষ নিশাৰ অশ্লীলতা…..

উন্মুক্ত আকাশৰ তলত

তৰা গণি গণি আকৌ এবাৰ কম
এইয়াই জীৱন য’ত নাই কোনো কলুষতা….


ৰূপকথা....

সৌৱা চোৱা হাতীপটি 
আৰু তাৰ আশে-পাশে এটি দুটি এঘাৰটি তৰা
তাতে উলমি আছে এখন ৰক্তাক্ত কলিজা
কলিজাত সাৰে আছে এটা উমাল সপোন....

পাৰ হ’ল সুখৰ এৰাতি!

জিলিৰ মাতত উত্তাল হৈ উঠিছিল
দুখন হিয়াৰ নজহা নপমা হেঁপাহবোৰ...
জোনাকৰ আঁৰে আঁৰে নামি আহিল
এজোলোকা প্ৰাণখোলা হাঁহি....

ৰূপহী গাভৰু হ’ল
ৰংমনো পাহোৱাল ডেকা হ’ল
বালিচৰত পৰি ৰ’ল ঘামৰ টোপাল
বুকুৰ পথাৰত গজি উঠিল
এসাগৰ সেউজীয়া....


কি সঁচা কি মিছা!!!
জীৱন মানেই মাথোঁ অনুভৱ সঁচা
নগ্ন দেহাত সভ্যতাৰ কৃত্ৰিম আৱৰণ
জীৱনৰ নামত মৃত্যুৰ গোপন বেহা
জীৱনৰ দৰে মৃত্যুও সঁচা....

কালৈ ভয় কৰা তুমি?
মোলৈ? নে সমাজলৈ? নে নিজলৈ?
মৃত্যুৰ সিপাৰে যে একোৱেই নাই
কিয় বান্ধিব খোজা মোক 
পোৱা-নোপোৱাৰ মাপকাঠিৰে
মোৰ বাবে মুহূৰ্তবোৰেই সঁচা.....

ঠিকনা হেৰুৱা নিশাটোতেই 
হেৰুৱাইছিলো অভিমানবোৰ
আঁজুৰি আনিছিলো অলপ বলিয়ালি
চুই চাব খুজিছিলো
পুৱতি তৰাটোক!!!
ক’ৰবাত আজান দিছে
মানুহবোৰো শুই আছে নিচিন্তমনে
মোৰহে টোপনি নাই!


ক’ত ভুল হ’ল জানো!!!
আচলতে ভুল শুদ্ধ একো নহয়
কিঞ্চিত সময়ৰ ছলনা
কিঞ্চিত জীৱনৰ প্ৰবঞ্চনা
হ’ব পাৰে বেদনাৰ ৰং নীলা
আকাশৰ ৰঙো কিন্তু নীলা
ডাৱৰৰ বোকোচাত উঠি অহা
ৰামধেনুৰ সাতো ৰঙে সানি দিব
ধূসৰ দুচকুত উজ্জ্বল সপোন বাৰে-বৰণীয়া!!!
   

No comments:

Post a Comment