বেবেৰিবাং

নাম যাৰ বিষাদ…..

অনামিকা বৰুৱা






এটা মচিব নোৱাৰা দাগ
নাম তাৰ বিষাদ……
উৰুখা পঁজাত চাউল নাই
খেতিয়কৰ পথাৰত সপোন নাই
বিষবাষ্পই ছানি ধৰা হিয়াত
এধানী মৰমো নাই……
জৰাজীৰ্ণ শৰীৰত ওলমি ৰয়
ভোক আৰু তৃষ্ণাৰ
চিৰন্তন নগ্ন ছবি
শুকান কলিজা ছিৰি বৈ আহে
এটা তপ্ত হুমুনিয়াহ
পৃথিৱীৰ বুকু শুকায়
মাতৃৰ বক্ষ শুকায়
মানৱতাৰ পুখুৰী শুকায়
ঘাতকৰ কঠিন আঘাতত
ভু-লুণ্ঠিত হয় চেতনা
আৰ্তনাদত বিলীন হয়
তেজে কৰাল মৰা
ইতিহাসৰ হেজাৰ পৃষ্ঠা……

(১)
ভাল লগা নাই একো ।  কিয় যে মানুহ হৈ জন্ম ল’লো! একোৱে কৰিব নোৱাৰিলোঁ কাৰো কাৰণে! অৰ্থহীন ভাবে মাথোঁ দৌৰি থাকিলোঁ মৰীচিকাৰ পাছে পাছে । …শিবুক ল’গ পালো কেইবা বছৰৰ পাছত ।  দাস দাৰ কথা সুধিলোঁ, গীতা দিদিৰ কথা সুধিলোঁ, গোপালৰ কথা সুধিলোঁ ।  গোপাল হেনো গুৱাহাটীত আছেগৈ তাৰ নিজৰ কিবা কামত ।  নতুনকৈ ঔষধ সৰবৰাহৰ ব্যৱসায়ত লাগিছে সি ।  শিবুৱে কোনোবা দোকান এখনত কাম কৰে আজিকালি ।  জীয়াই থকাৰ সংগ্ৰামত যুঁজি আছে গোপাল-শিবু দুয়োটা ।  দেউতাকৰ ষ্ট্ৰ’ক হৈ যোৱাৰ পাছত আগৰ দৰে তেওঁ দোকানত গৈ কাম কৰিব নোৱাৰা হ’ল এতিয়া ।  বৰ হেঁপাহেৰে মাতিলে শিবুৱে– খুৰী আহিবচোন কেতিয়াবা ।  বাবা-মামনিৰ কথা সুধিলে । …মনটো বেয়া লাগি গ’ল শিবুক দেখি ।  মনত পৰি গ’ল বৰগুৰিত একেলগে থকা দিনবোৰলৈ ।  আমি ভাৰাত থকা ঘৰটোৰ কাষতেই একে মালিকৰে দুচলীয়া টিন দিয়া দুটা কোঠাৰ ঘৰ এটাত এই গীতা দিদিৰ পৰিয়ালটো আছিল ।  মই বিয়াৰ পাছত মাৰ্ঘেৰিটাৰ পৰা আহিয়েই প্ৰথম তেওঁলোকক পাইছিলোঁ ।  আৰ্থিক অভাৱে জুৰুলা কৰা সৰু পৰিয়াল এটা ।  গোপাল-শিবু তেনেই সৰু সৰু তেতিয়া ।  স্কুললৈ গৈছে দুয়োটা ।  বংগীয় বিদ্যালয়ত পঢ়ে ।  গোপালে মাজে মাজে অংক নোৱাৰিলে মোৰ ওচৰলৈ শিকিবলৈ আহে ।  শিবুৱে দেওবাৰে টিভি চোৱাৰ বাহিৰে এনেই কিন্তু আমাৰ ঘৰলৈ ভুলতেও নাহে পঢ়াৰ কথা সুধিম বুলি ভয়তে ।  দিদিয়ে মাজে মাজে পূজা পাতিলে প্ৰসাদ দিয়ে-খিচিৰি, বাতাচা, মিঠাই এটা, ফলমূলদুটুকুৰামান… ।  শুকান মাছ ৰান্ধিলে মোক মনে মনে দিয়ে ।  এওঁলৈ লাজ কৰে ।  মই এনেই কেতিয়াবা কিবাকিবি দিওঁ ইহঁত দুটাৰ মৰমতে ।  বিহু খাবলৈ মাতো ।  পূজাত মিঠাই কিনি দিলে দিদিয়ে খুব ফুৰ্তি পায় ।  বিশেষকৈ জিলাপী ।  আমি দুয়োজন চাকৰিয়াল হ’লেও নিঃসংকোচে দিদিৰ ঘৰলৈ গৈ বহোঁ, যি দিয়ে তাকে খাওঁ. তেওঁলোকৰ লগত সম ব্যৱহাৰ কৰোঁ কাৰণে দিদিয়ে সুবিধা পালেই কয় আপোনালোকৰ নিচিনা চাফা মনৰ মানুহ আগত পোৱা নাই ।  আমি বৰগুৰিৰ পৰা আহি বৰদলৈ নগৰত ঘৰ লোৱাৰ পাছতেই হেৰাই গ’ল দিদিৰ পৰিয়ালটো ।  ইমানবোৰ বিপদ হৈ গ’ল মাত এষাৰ দিবলৈকো গমেই নাপালো!!!

(২)
কামৰ খাতিৰতে তললৈ নামি গ’লো ।  আৰতি বাইদেউৰ লগত এনেই কথা পাতি ৰৈ আছো ।  আচলতে মোৰ কাম আছিল পংকজৰ লগত ।  কিন্তু তাক প’ষ্টমেন কেইজনে তেতিয়াও বেঢ়ি থকাৰ কাৰণেহে ৰৈ আছিলোঁ ।  কথাই কথাই আৰতি বাইদেৱে বিয়া বাৰুৰ ক্ষেত্ৰত কোষ্ঠী মিলোৱা বা কিবা গণ মিলোৱাৰ কথা উলিয়ালে ।  মইতো এইবোৰ ভালকৈ নাজানো ।  আমাৰ বিয়াৰ সময়ত ৰাহি-জোৰা চোৱাইছিল বুলি শুনিছিলোঁ বাকী কোষ্ঠীৰ কথা মই নাজানো ।  আমাৰ কাৰো নাইও ।  স্বামীহীনা আৰতি বাইদেৱে চিন্তাত পৰিছিল জুৰিৰ বিয়াক লৈ ।  জুৰি সৰু হৈ থাকোঁতেই অসুখত পৰি দেউতাক ঢুকাইছিল ।  আৰতি বাইদেৱে মাক-দেউতাক-ভায়েকৰ সহযোগত জুৰিক অকলেই ডাঙৰ দীঘল কৰিলে ।  মাষ্টাৰ ডিগ্ৰী লোৱাৰ পাছত জুৰিয়ে এতিয়া মহিলা মহাবিদ্যালয়ত সোমাইছে ।  মাকৰ চিন্তা ছোৱালীক কেনেকৈ এজন সুপাত্ৰত বিয়া দিব পাৰে ।  খা-খবৰ কৰোঁতে এই কোষ্ঠী জাতীয় বিভেদটোৱে বাইদেউক বৰ আহুকালত পেলাইছে ।  টকা-পইচাৰ অসুবিধা নাই ।  জুৰি উচ্চ শিক্ষিত ।  দেখাতো ধুনীয়া ।  তথাপি মাকৰ দুঃচিন্তা নকমে ।
(৩)
খুৰীদেউহঁতৰ ঘৰলৈ গ’লো ।  সত্যনাৰায়ণৰ পূজা পাতিছে ।  চাকি এগছ জ্বলাই ধূপ এপেকেট জ্বলাই দিলোঁ ।  পুৰোহিতে পূজা কৰিলে, পাঞ্চালী পঢ়িলে ।  পূজা শেষ হোৱাত মই লুচি বেলি দিলোঁ ।  প্ৰসাদ-ভোগ খাই উঠি সকলোৱে মিক্সচব্জিৰে লুচি খালে ।  কথাৰ মাজতে খুৰীদেৱে অনি-ভনীৰ কথা ক’লে ।  সেই মহাৰাণী দুজনী নাই নহয় ।  পৰশুৰাম কুণ্ডলৈ গৈছে ।  মই ৰাতিপুৱা সিহঁতক মাতিবলৈ গৈছিলোঁ; জানাই নহয় সিহঁতক স্পেচিয়েলকৈ নামাতিলে নহয় ।  লগ নাপাই ফোন কৰোঁতেহে গম পালো তালৈ যোৱা বুলি ।  মই উত্তৰত একো নামাতিলোঁ ।  অৱশ্যে মই নাজানো সিহঁত ফুৰিবলৈ গৈছে বুলি ।  তথাপি মোৰ অলপ বেয়া লাগিল ।  অনি-ভনী দুজনী বয়সীয়াল আবিয়ৈ গাভৰু ।  মাক-দেউতাক নাই ।  ককায়েক-ভায়েকে যেনেকৈ ৰাখিছে তেনেকৈয়ে থাকে ।  আছে ।  কেতিয়াবা নিজে চিলাই কৰে, চুৱেটাৰ গুঁঠে ।  ভাৰাত দিয়া কোঠা দুটাৰ পৰা যি অলপ আৰ্জন হয় তাৰেই টুক-টাককৈ চলি থাকে ।  কিন্তু খুৰীদেউক যিমান দিন পাইছোঁ দেখিছোঁ সিহঁত দুজনীৰ প্ৰতি এটা বিৰূপ মনোভাৱ ।  কিয় সেইয়া নাজানো ।  অথচ তেওঁৰো তিনিজনীকৈ ছোৱালী ।  ডাঙৰজনী মানসিকভাৱে বাধাগ্ৰস্ত ।  বাকী দুয়োজনীক বিয়া দিছে ।  ল’ৰা নাই ।  দদাইদেউ-খুৰীদেউ দুয়োজনেই অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী ।  বয়সো হৈছে ।  অনি-ভনীক কোনোবাই বেয়াকৈ ক’লে মই বৰ দুখ পাওঁ ।  পূজাত-বিহুত, অকলশৰীয়া মুহূৰ্তত ক’ত দিন দুয়োজনীয়ে মোৰ ওচৰত কান্দিছে! নিচাদেউ ঢুকাওতে ইমানবোৰ মানুহৰ মাজতো থাকিও মোক দেখা পাইয়ে দুইজনীয়ে দৌৰি আহি মোক সাবটি ধৰি কন্দা এতিয়াও মনত আছে ।
(৪)
অফিচৰ পৰা আহি চাহকাপ খাবলৈ লৈছিলোঁ হে কৃষ্ণৰ মাক আহি ওলাল ।  বহিবলৈ দি তেওঁকো চাহ একাপ দিলোঁ ।  কওঁ-নকওঁকৈ তেওঁ ক’লে ৰেকাৰিঙৰ পাচবুক দুটা বন্ধ কৰি দিলে হেনো ।  গৰু এজনী ল’বলগীয়া হ’ল ।  তাকে ক’বলৈকে আহিছিল ।  কেইবছৰমানৰ আগতে ময়ে খুলি দিছিলোঁ পাচবুক দুটা ।  উপাৰ্জনৰ কোনো নিৰ্দিষ্ট পথ নথকা কৃষ্ণৰ দেউতাকে যি কাম পায় তাকে কৰে ।  ঘৰৰ ৰং দিয়াৰ পৰা আদি কৰি বাথৰুম-টয়লেট্‌ পৰিষ্কাৰ কৰালৈকে সকলো কামেই কৰে ।  তেওঁৰ কামবোৰো ভাল ।  সন্তান বুলিবলৈ এটা –কৃষ্ণ ।  তাৰ কথা চিন্তা কৰিয়েই এদিন মোক দুপইচা জমা কৰাৰ কথা সুধিছিল ।  মই বুজাই বঢ়াই এশ টকীয়া দুটা ৰেকাৰিংডিপ’জিতৰ পাচবুক খুলি দিছিলো ।  ডাকঘৰত ৰেকাৰিং পাচবুকত তিনিমাহৰ বেছি টকা জমা কৰিব নোৱাৰিলেই তাৰ পাছৰ মাহত বা ছমাহৰ ভিতৰত সমুদায় টকা জমা দিব লাগে ।  নহ’লে একাউণ্টটো বন্ধ হৈ যায় ।  মই ৰেকাৰিংকাউণ্টাৰত থকালৈকে চাৰিমাহ-পাঁচমাহ পাৰ হৈ গ’লেও মনে মনে এশ টকা পাচবুকত জমা কৰি দিছিলোঁ ।  সেই টকাকেইটাই তেওঁলোকৰ কিবা কামত অহাত ভাল লাগিছিল ।  আৰু তেওঁ পাচবুকটো বন্ধ কৰি দিয়া বুলিয়েই মোক ক’বলৈ আহিল!!!
(৫)
এনেই গ’লো কেণ্টিনলৈ কণী এটাকে খাওঁ বুলি ।  মোক দেখি অনিতা বাইদেৱে ক’লে আজি মাংস নাই নহয় তুমি আহিলা যে! কেণ্টিনত মাংস ৰন্ধাৰ দিনাই মই খাবলৈ যাওঁ দেখি মোক সকলোৱে জোকায় ।  অনিতা বাইদেউক মাইনাৰ কথা সুধিলোঁ ।  ভিনদেউৰ কথা সুধিলোঁ ।  ঘৰৰ আন খবৰ সুধিলোঁ ।  বাইদেৱে ক’লে এতিয়া ঘৰত অনবৰতে মানুহ (মানে ননদ/দেওৰেক) থাকে কাৰণে ঘৰৰ কথা বৰ এটা চিন্তা কৰিব নালাগে আৰু ঘৰত থাকিলে কিবাকৈ জেং হ’ব বুলিয়েই মই অফিচলৈকে গুচি আহোঁ ।  বাইদেউৰ কথা শুনি মনটো বহুত সময়লৈ সেমেকি থাকিল ।  অনিতা বাইদেউ-ভিনিদেউ দুয়োজন চাকৰিয়াল ।  মাইনা মানে তেওঁলোকৰ ল’ৰাটো তেওঁলোকৰ প্ৰথম সন্তান ।  প্ৰায় বাৰবছৰমানৰ ব্যৱধানত তেওঁলোকৰ ছোৱালী এজনী হৈছিল ।  জন্মতে ভালকৈয়ে জন্মগ্ৰহণ কৰা ছোৱালীজনীক হাস্পতালত থাকোঁতে ডাক্তৰে ভালকৈ নাচালে নেকি জানো ঘৰলৈ নিয়াৰ দ্বিতীয় দিনাত তাইৰ গাত জণ্ডিচৰ লক্ষণবোৰ ধৰা পৰিছিল ।  বাইদেৱে একো ধৰিব পৰা নাছিল যদিও ধাইগৰাকীয়ে জণ্ডিচ বুলি কোৱাৰ লগে লগে বাইদেউহঁতৰ হুৱাদুৱা লাগিছিল ।  ডাক্তৰৰ লগত যোগাযোগ কৰাত তত্ক্ষণাত্ তাইক ডিব্ৰুগড় মেডিকেললৈ লৈ যোৱাৰ পৰামৰ্শ দিছিল ।  কিন্তু সেইদিনা কিবা কাৰণত তিনিচুকীয়া বন্ধ আছিল ।  হাহাকাৰ লাগি গৈছিল বাইদেউহঁতৰ ।  বহুত খা-খবৰ কৰি গাড়ী এখন লৈ কণমানিজনীক ডিব্ৰুগড়লৈ লৈ গৈছিল ।  ডিব্ৰুগড়ত ক’লে সেই পাঁচ-ছয়দিনীযা অকণমানিজনীৰ গোটেই শৰীৰৰ তেজেই সলনি কৰিব লাগিব ।  ইতিমধ্যে সেইখিনি দূষিত হৈ গৈছে ।  সৰগ ভাগি পৰিছিল বাইদেউহঁতৰ মূৰত ।  ভিনিদেউ আৰু তাইৰ মোমায়েকৰ দুবটল তেজ লৈ তাইৰ সেই পিট্‌কলি দেহাটোত অস্ত্ৰোপচাৰ আৰম্ভ কৰিছিল ডাক্তৰে ।  মেডিকেলত বহুত দিন থকাৰ পাছত তাইক লৈ পাছত বাইদেউহঁত তিনিচুকীয়ালৈ উভতি আহিছিল ।  অপাৰেচন কৰাৰ পাছত ডাক্তৰে তাইক বৰকৈ মালিচ নকৰিবলৈ কৈছিল বুলিয়েই বাইদেউহঁতে ভয়তে তাইক একোৱে নকৰিলে ।  মই গৈছিলোঁ তাইক চাবলৈ ।  বগা গোল মুখৰ কণমানিজনী ইমান ধুনীয়া! দিন বাঢ়ি যোৱাৰ লগে লগেতাইয়ো বাঢ়ি আহিব লাগিছিল যদিও তাই বয়সানুপাতে নাবাঢ়িল ।  এবছৰৰ পাছতো তাই বহিব নোৱাৰা হওঁতেই বাইদেউহঁতে তাইৰ বাবে অন্য চিকিত্সাৰ ব্যৱস্থা কৰিব লাগিছিল যদিও তেওঁলোকে কিয় জানো লাহে লাহে সকলো ঠিক হৈ যাব বুলি ৰৈ আছিল! সেই সময়ত বাইদেউহঁতক চাওঁতা বা অলপ সহায় কৰি দিওঁতা কোনো নাছিল ।  তাতে ছোৱালীজনীক লৈ যথেষ্ট কষ্ট হৈছিল তেওঁলোকৰ ।  চাৰিবছৰমানৰ পাছত তাইক বাহিৰলৈ চিকিত্সাৰ বাবে নিছিল যদিও বহুত পলম হৈ গৈছিল ।  বাহিৰতেই শেষ নি:শ্বাস পেলাইছিল তাই ।  যিদিনা খবৰ কৰিবলৈ গৈছিলো কথাবোৰ কৈ কৈ বাইদেউ-ভিনিদেউ দুয়োজনেই কান্দিছিল ।  মাইনাই ভিতৰৰ পৰা উঠিয়েই নাহিল ।
…..যিমান দ্ৰুতহাৰত দিনবোৰ পাৰ হৈ গৈছে সেই হাৰত যেন মানুহৰ মনৰ পৰাও দুখ মৰম চেনেহ অনুকম্পা আদিৰ দৰে কোমল মনৰ ভাববোৰো অন্তৰ্হিত হৈ গৈছে ।  সকলো সলনি হৈছে ।  মইহে যেন একেঠাইত জঠৰ হৈ ৰৈ আছো! আজিকালিৰ মানুহৰ ধৈৰ্য-সহ্য আগতকৈ বহুত বেছি ।  কিমান নিৰ্বিকাৰভাৱে মানুহবোৰে আওকাণ কৰিব পাৰে সকলো কথাকাণ্ড! সকলোৱে মাত্ৰ নিজৰ সুখ-সুবিধাকে প্ৰাধান্য দিয়ে ।  দিবলৈ বাধ্য ।  কিন্তু সেইবুলি আনৰ বাবে অকণমান সহমৰ্মিতাও পোষণ কৰিব নোৱাৰেনে ? কিয় কোনেও কাকো ক’ব নোৱাৰে “মই আছো নহ্য়” বুলি? এষাৰ মাত দিলে অলপ মৰম দিলে কিনো যায়? অনিতা বাইদেউৰ ছোৱালীজনী নোহোৱা হওঁতে আমাৰ অফিচৰ মাত্ৰ দুজন নে তিনিজন মানুহহে গৈছিল খবৰ কৰিবলৈ ।  কংক্ৰিতৰ নগৰীত মানুহৰ মনবোৰো যেন শিল হৈ গৈছে! মানবীয় গুণবোৰো হেৰাই গৈছে ।  এইটো অনস্বীকাৰ্য যে সময় সলনি হৈছে ।  জীৱন ধাৰণৰ মান সলনি হৈছে ।  মানুহৰ প্ৰয়োজনবোৰো সলনি হৈছে ।  তাৰ লগত তাল মিলাই বিচাৰ-বুদ্ধিৰো সলনি হৈছে ।  ৰুচিবোধ সলনি হৈছ ।  জাগতিক জগতৰ লগতে বৌদ্ধিক জগতৰ পৰিসীমাও সলনি হৈছে ।  কিন্তু দুখ-সুখৰ উপলব্ধি জানো সলনি হয়? বিষাদৰ পৰিভাষা জানো সলনি হয়? কষ্টৰ ৰং জানো সলনি হয়? জীৱন সঁচা হোৱাৰ দৰে মৃত্যুওতো সঁচা ।  সকলোৱেতো এদিন মৃত্যুক আঁকোৱালি ল’ব ।  তেন্তে মৃত্যুৰ আগতেই কিয় নিঃস্বাৰ্থ ভাবে এবাৰ আনক আঁকোৱালি ল’ব নোৱাৰে? কিয় মানুহ হৈ মানুহৰ বাবে ভাবিব নোৱাৰে???



 ************************************************************************************************************

 অকথ্য...

ৰাতিপুৱাতে টেমাটো গৰম হৈ গ’ল| টেমা??? মানে মূৰটো| সপ্তাহটোৰ প্ৰতিদিনেই পুৱা ৪:৩০ ত সাৰ পোৱা/ উঠাটো মোৰ অভ্যাস যদিও দেওবাৰে সাৰ পালেও সাতটাৰ আগতে বিচনাৰ পৰা নানামো| এনেই বিচনাতে পৰি থাকো কিবা কিবি ভাবি ভাবি| আজিও তাৰ ব্যতিক্ৰম নহ’ল| গা-ধুবলৈ যাওঁতে বিচনা চাদৰৰ পৰা আৰম্ভ কৰি ইহঁতৰ ইউনিফৰ্ম, মোৰ কাপোৰ, এওঁৰ কাপোৰ আৰু সপ্তাহটোৰ গোট খোৱা ইটো-সিটো লগলাগি হোৱা কাপোৰৰ দমটো লগতে লৈ যাওঁ| ৱাশ্বিং মেচিন নাই মোৰ| ৰানিং ওৱাটাৰেই নাই| তাতে টিউবৱেলৰ পানী বেয়া| গতিকে ফিল্টাৰ কৰি কাপোৰ ধোওঁতে অলপ কষ্ট হয়| আজিও কাপোৰৰ সৰু সুৰা পাহাৰ এটাই হ’ল| গা-ধুই, কাপোৰ ধুই আজৰি হওঁতে পলম হ’ব পাৰে বুলিয়েই মইনাক কাবুলী চানাখিনি (ৰাতিয়েই তিয়াই থৈছিলো) কুকাৰত বহাই দি আটাখিনি মাৰি থ’বলৈ ক’লো| বাকীখিনি মই গা-ধুই আহি কৰিম| ইফালে মোৰ গা ধোৱাত দেৰি হোৱা দেখি এওঁকনো কিহে পালে পাকঘৰত সোমাই কাবুলী চানাখিনি তেল মাৰিলে| লুচিও ভাজিলে| মোক সুধিছে- “হ’ল নে তোমাৰ? চাহ কৰোঁ?” মই মনে মনে আজি দেখোন শেনৰ এজাত! তেওঁ যে পাকঘৰত নোসোমায় তেনে নহয় কিন্তু তেওঁ ৰান্ধিলেই মোৰ খোৱাত কষ্ট হয়| অলপেই খাওঁ যদিও খোৱাখিনি জুতি লগা নহ’লে খাব নোৱাৰোঁ মই| তেওঁও জানে কথাটো| সেয়ে তেওঁ ভাত ৰান্ধিলেই মোক সোধে-কণী খাবা?

খোৱাৰ টেবুলত বহি কাবুলী চানাৰ বৰণটো দেখিয়েই গম পাইছিলো সেইখিনিৰ কি গতি হৈছে বুলি| লুচি এটুকুৰা ছিঙি মুখত ভৰাই চানা এচামুচ খাওঁতেই বিৰক্তিত কৈ উঠিলো-
: কিহে পাইছিল আপোনাক পাকঘৰত সোমাবলৈ?
: সোমালো আক’ তোমাৰ দেৰি হোৱা দেখি|
: সেইবুলি এনেকুৱা খোৱা বনায় নেকি?
: কি বেয়া হ’ল নেকি? বিলাহী দিছো দেখোন| পিয়াঁজো দুটা দিছো তেল মাৰোঁতে| এনেই নকবাচোন!

মইনাই লগে লগে মাত দিলে—“পেহী, মই আদা-ৰচুন পিচি দিওঁ বুলি কওঁতে পেহাই মোকহে খং কৰিলে তই বেছি জান বুলি”| বইল কৰা যেন লগা চানাখিনি আঁতৰাই থৈ মই আচাৰেৰে লুচি খোৱাত লাগিলো| মোকে দেখি ইহঁত দুটাইও চানা নোখোৱা হ’ল| তেওঁ ভোৰ্‌ভোৰাবলৈ ধৰিলে—“তোমালোক মাইকী মানুহবোৰক সন্তুষ্ট কৰা সঁচাকৈয়ে অসম্ভৱ|” লেঠাটো তাতেই লাগিল| আৰে, কিহৰ মাইকী-মানুহ মতা-মানুহৰ কথা আহিল ইয়াত? কোনে কৈছিল তেওঁক ৰান্ধিবলৈ? মইতো কোৱা নাছিলো? আৰু যদি তেওঁ সহায় কৰিবই খুজিছিল তেন্তে ভালকৈ নাৰান্ধিলে কিয়? তেওঁ ৰান্ধিলে বুলিয়েই অখাদ্যসোপাও খাম নেকি? নিজে কামটো সঠিককৈ কৰিব নাই পৰা আৰু এতিয়া দোষটো গৈ মোৰ ওপৰত পৰিল! উৰহৰ খং ভগা ঢাৰীত! কথা হ’ল!!!


কথাতেই কয় অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ| তেন্তে কথাবোৰ সিমানখিনিতেই সীমাবদ্ধ হৈ নাথাকি কিয় ব্যক্তি স্বাধীনতাত হস্তক্ষেপ কৰে? কিয় সহজ কথাবোৰেই সময়ত গৈ অসহজ হৈ পৰে? কিয় সাধাৰণ কথা একোটাই বিভেদৰ বীজ সিঁচি দিয়ে মানুহৰ মনত? কিয় অলপ সুৰুঙা পালেই মূৰ দাঙি উঠে বলীৰ অহংকাৰে? কিয় সুবিধা পালেই পুৰুষে নাৰীৰ অহমিকাত আঘাত সানে? সমাজেই বা কিয় পক্ষপাতিত্বৰ দোষত দোষী হৈ অপমানিত কৰে মানুহৰ শ্ৰেষ্ঠতাক? মোৰ কিয়বোৰ কাহানিও শেষ নহ’ব গতিকে বাদ দিয়ক| অৰ্থহীন| উত্তৰো নাই চাগে!

প্ৰকৃতিয়ে নিজ খেয়াল খুচীমতে সৃষ্টি কৰিছে জীৱ জগতৰ আন আন জাতিৰ দৰেই মানৱ জাতি| নাৰী-পুৰুষ তাৰ দুটা প্ৰজাতি| এটা আনটোৰ পৰিপূৰক| ইটো সিটোৰ পৰিচায়ক| এটাক বাদ দি আনটো অসম্পৰ্ণূ| জন্মৰ পৰা মৃত্যুলৈকে সমান্তৰালভাবেই অনস্বীকাৰ্য পৰস্পৰৰ দায়বদ্ধতা| পৰস্পৰৰ নিৰ্ভৰশীলতা| শাৰীৰিক অৱয়বক বাদ দি পুৰুষ-নাৰীৰ মাজত বৰ বিশেষ কিবা পাৰ্থক্য আছে জানো? জীৱন ধাৰণৰ বাবে যিখিনি আনুসঙ্গিক সামগ্ৰীৰ প্ৰয়োজন সেইখিনিৰ মাজতো নিশ্চয় পাৰ্থক্য নাই| বাকী শৰীৰৰ অবয়ৱ, বৰণ, উচ্চতা আদি এইবোৰত পাৰ্থক্য থাকিলেও এইয়া প্ৰকৃতি প্ৰদত্ত| তাক লৈ কাৰো কোনো আপত্তিও নাই বোধহয়| থাকিলেও যি থাকে সেইয়া নিজৰ মাজতেই সীমাবদ্ধ| বোধ-শক্তি, চিন্তা-চৰ্চা, বিচাৰ-বিবেচনা, শিক্ষাৰ প্ৰসাৰ, জীৱন ধাৰণৰ মান এইবোৰতো আজিকালি পাৰ্থক্য নোহোৱাৰ দৰেই হৈছে| তথাপিও কেতিয়াবা শুনো মাইকী মানুহো এনেকুৱানে? তাৰমানে মাইকী মানুহ কেনেকুৱানো বা কেনে হোৱা উচিত? মতা মানুহৰ সংজ্ঞাই বা কি? মতা-মানুহ, মাইকী-মানুহক লৈ এই যে এক সুকীয়া কৰ্ম পৰিচয় আজিও বিৰাজমান ইয়াৰ কাৰণ কি বাৰু? কাৰণ যিয়েই নহওক আচলতে মতা-মানুহৰ কাম কোনবোৰ আৰু মাইকী-মানুহৰ কাম কোনবোৰ? ঠিক কোনখিনিত এই বিভাজনৰ আৰম্ভ হয়? কেতিয়াৰ পৰা আৰম্ভ হৈছিল এই বিভাজনৰ? ক’ত লিপিবদ্ধ আছে এই কৰ্ম বিভাজনৰ? যুগ-যুগান্তৰৰ পৰা যে চলি আহিছে এই মাইকী-মানুহ আৰু মতা-মানুহৰ কামৰ সুকীয়া পৰিচয় ই কিমান সমীচিন? মাইকী-মানুহে নিজক প্ৰকাশ কৰিব নাজানে নে মতা-মানুহে সুবিধা নিদিয়ে? নে মাইকী মানুহে অযথা পুৰুষক সুবিধা দিয়ে আৰু পুৰুষে সেই সুবিধাক ভোগ কৰে? বৰ জটিল নেকি এই মতা-মানুহ আৰু মাইকী-মানুহৰ মাজৰ বিভেদৰ সমীকৰণটো? 


সিমান বেছি জ্ঞান নাই মোৰ| তথাপি মোৰ সাধাৰণ জ্ঞানেৰেই মই বুজোঁ পুৰুষ-নাৰী বুলিলে দুটা সুকীয়া অস্তিত্ব কিন্তু কোনোটো স্বয়ংসম্পূৰ্ণ নহয়| পুৰুষে যদি নাৰীক আশ্ৰয় দিয়ে নাৰীয়ে তাক জীপাল কৰি তোলে| পুৰুষ-নাৰী বুলিলে মই মাত্ৰ এটা পাৰ্থক্যই বুজোঁ পুৰুষে নাৰীক গৰ্ভৱতী কৰে আৰু নাৰীয়ে সেই গৰ্ভক পূৰ্ণতা দিয়ে| বাদ বাকী যি পাৰ্থক্য আছে সেইবোৰ মোৰ আয়ত্বৰ বাহিৰত| অন্যমনস্ক হৈয়ে কেতিয়াবা লক্ষ্য কৰোঁ সচৰাচৰ মাইকী মানুহে ঘৰ এখনক নিয়াৰিকৈ পৰিপাতিকৈ সজাই ৰাখে| একেখিনি কামকে মতা মানুহে এজনেওতো কৰে| কেনেকৈ? আপোনালোকেও অলপ ভালকৈ চাওকচোন দেখিব---ঘৰত পিন্ধা কাপোৰ এখনো বিচাৰি নোপোৱা মতা মানুহ এজনে কিন্তু দোকানত গ্ৰাহকে খোজাৰ লগে লগেই বিচৰা কাপোৰসাজ বা আন যিয়েই নহওক ঘপহ্‌কৈ উলিয়াই দিয়ে| নিজৰ পাকঘৰত নিমখ-হালধিৰ টেমাটোকো বিচাৰি নোপোৱা মতা মানুহজনে কিন্তু ফাৰ্মেচীত পলকতে ঔষধ এটা উলিয়াই দিয়ে| ঘৰত চাহ একাপো কৰি খাব নোৱাৰা মতা মানুহ এজনে হোটেলত বিধে বিধে চাহ-মিঠাই তৈয়াৰ কৰে| নিজৰ ঘৰখন চম্ভালি ৰাখিব নোৱাৰা মতা মানুহ এজনেই আকৌ দেশৰ শান্তি-শৃংখলা বজাই ৰখাত সহায় কৰে| নিজৰ ঘৰখনৰ খৰচৰ হিচাপ ঠিকমতে ৰাখিব মতা মানুহজনেই ব্যৱসায়ত কি নিৰ্ভুল হিচাপ ৰাখে| ঘৰখনৰ বজাৰ কৰিবলৈ দিলে বহুতকে আকৌ লিষ্ট এখন লিখি দিব লাগে নহ’লে পাহৰি থাকে, সেইজনেই কিন্তু অফিচত ফাইল এটা দেখা মাত্ৰকে কৈ দিব পাৰে সেইটো কিহৰ ফাইল; কি আছে তাত; লাগে সেইটো বহুত বছৰৰ পুৰণা ফাইলেই নহওক কিয়| জোতা-চেণ্ডেলজোৰ খুলি নিদিৰ্ষ্ট ঠাইত ৰাখিব নোৱাৰা মতা মানুহজনেই দোকানত ষ্টেচনাৰী সামগ্ৰীসমূহ সযতনে ৰাখে| এইবোৰ সৰু-সুৰা উদাহৰণহে মাত্ৰ| বিতৰ্কলৈ নাযাব| ইয়াৰ বিপৰীত ছবি এখনো নিশ্চয় আছে| মানে পুৰুষে পুৰুষ বুলিয়েই সকলো কৰিব পাৰে ইচ্ছা কৰিলে, কিন্তু নাৰীয়ে নোৱাৰে| কিয় নোৱাৰে? নাৰী সঁচাকৈয়ে অক্ষম নে আন কিবা কাৰণ আছে তাত?

 মায়ে প্ৰায়ে কয় এখন তাল অকলে কেতিয়াও নাবাজে| কথাই কথাই যে পুৰুষে নাৰীক অৱদমিত কৰি ৰাখে বুলি অভিযোগ এটা উঠে ই আচলতে কিমান যুক্তিসংগত? নাৰীনো নিজকলৈ কিমান সচেতন? এনেয়ে জানো কয় লাও যিমান ডাঙৰ হ’লেও পাতৰ তল বুলি! নাৰীয়েনো পুৰুষক সেই সুযোগ কিয় দিছে যিয়ে নাৰীক অৱহেলিত কৰি তোলে| কথাটো এনেকুৱা নেকি যে হ’লা গছ দেখিলে সকলোৱে বাগি কুঠাৰ মাৰে| মানে নাৰীয়ে পুৰুষক সুবিধা লোৱাৰ বাট কাটি দিয়ে আৰু পুৰুষে নিতে ন ন সুৰুঙা উলিয়াই সেই সুবিধা গ্ৰহণ কৰে| তেন্তে অকল পুৰুষক দোষাৰূপ কৰা হয় কিয়? নাৰীয়েনো কপাল চপৰিয়াই কিয় কান্দে? দেখাত সহজ যেন লাগিলেও কিছুমান কথা বৰ সহজ নহয় চাগে| বৰ্তমান সমাজত পুৰুষ-নাৰীৰ সম-মৰ্যদা সকলোৱে স্বীকাৰ কৰি ল’লেও নাৰী কিন্তু আজিও সম-অধিকাৰৰ পৰা বঞ্চিত| আজিও নাৰী পিষ্ট হয় সাধাৰণ একোটা কথাতে| আজিও মানুহৰ মুখে মুখে প্ৰচলিত হৰিণাৰ মাংসই বৈৰী| হৰিণা আৰু আন শ্বাপদ জন্তুৰ সম্পৰ্কত কথাষাৰ মানি ল’ব পাৰি| কিন্তু নাৰীৰ ক্ষেত্ৰত? নাৰী কি চিকাৰ আৰু পুৰুষ চিকাৰী? তেন্তে আওপকীয়াকৈ কিঞ্চিত হ’লেও পুৰুষেই দায়ী নেকি নাৰীৰ অধোগতিৰ কাৰণে?

ধৰি ল’লো পৰিয়ালটো সুকলমে চলাই নিবলৈকে পুৰুষজনে অৰ্থ উপাৰ্জন কৰিবলৈ ল’লে আৰু নাৰীগৰাকীয়ে সংসাৰখন সুকলমে পৰিচালনা কৰিবলৈ ল’লে আৰু ক্ৰমে ইয়েই গৈ মাইকী-মানুহ আৰু মতা-মানুহৰ কাম হিচাপে নিৰ্ধাৰিত হ’ল| কিন্তু বৰ্তমান সময়ত এই কৰ্ম বিভাজন সমুচিত নে? আজিকালিচোন পুৰুষ-মহিলা নিৰ্বিশেষে সকলোৱে পৰাপক্ষত অৰ্থ উপাৰ্জন কৰে| কৰিবলৈ বাধ্য নিজৰ আৰ্থিক নিৰাপত্তাৰ খাতিৰতেই| পুৰুষৰ সমানে সমানে মহিলাগৰাকীয়েও ঘৰখনৰ আৰ্থিক নিৰাপত্তাত অৰিহণা যোগায়| তথাপিও মহিলা বা নাৰীগৰাকী স্বতন্ত্ৰ নহয় কিয়? কিয় সংসাৰ চলোৱাৰ ভাৰ নাৰীগৰাকীয়ে বহন কৰিব লাগে? কিয় মনৰ হেঁপাহ এটা পূৰাবলৈ পুৰুষজনৰ অনুমতিলৈ বাট চাব লাগে? অপ্ৰাসংগিক যদিও এইখিনিতে কথা এটা উনুকিয়াও—হঠাতে সিদিনা মই পাঠশালালৈ যাব লগা হ’ল| দিনৰ ভাগৰ মাৰি ৰাতি ভাত-পানী খাই উঠি আমি কথা পাতি বহি আছো| বাপুৱে ক’লে দীপেও হেনো বিয়া পাতো পাতোকৈ আছে| (দুয়োটা মোৰ ভতিজা| বাপুৱে যোৱা বছৰ বিয়া পাতিছে আৰু এটা দুমহীয়া কেঁচুৱা আছে তাৰ|) মই বোলো পাতক দে| সি বিয়া পাতিব, সি খুৱাব| লগে লগে বাই মানে সিহঁতৰ মাকে ক’লে ভনীয়েক জনী আছে তাইকহে আগতে দি ল’ব লাগে| তেতিয়া মই মইনাক ক’লো-ককায়েৰ দুটাই নিজে ভালপাই বিয়া পাতিছে তইনো নিজে ল’ৰা এটা পছন্দ কৰি নাযাৱ কিয়? মইনাই ক’লে-খুৰী-মা, কাকো ভাল নাপাওঁতেই দাদাই খঙতে আজিলৈ তিনিটা ম’বাইল ভাঙিলে, মই কাৰোবাক ভালপাব লাগিলে ঘৰটোৱেই ভাঙি পেলাব চাগে| তাইৰ কথা শুনি হাঁহিছিলো মই| বাপুৱে নিজে ভালপাই বিয়া পাতিছে| যাক পাতিছে তাইয়ো কিন্তু ছোৱালীয়ে| দীপে ভালপাই যাক বিয়া পাতিব তাইয়ো ছোৱালীয়ে| তেন্তে মইনাৰ ক্ষেত্ৰত এই বান্ধোন কিয়? তাৰমানে এনেকুৱা নেকি যে পুৰুষে নিজৰ সুবিধামতে নিয়ম একোটা সাজি লয়?

মই মতা-মানুহকলৈ উনুকিওৱা কামকেইটা বিশেষ বুলি নধৰি এনেই কৰা কাম বুলিয়েই যদি ধৰোঁ তথাপি খোকোজা এটা থাকি যায়| বাহিৰত যে মতা মানুহে নিয়াৰিকৈ একেখিনি কামকে কৰিব পাৰে ঘৰত কিয় নোৱাৰে? বাহিৰত কৰা কামৰ লগত অৰ্থ উপাৰ্জনৰ কথাটো জড়িত হৈ থকাৰ কাৰণেই মতা মানুহজনে তাক নিয়াৰিকৈ কৰে নেকি? অথবা মাইকী-মানুহ গৰাকী ঘৰত থাকে কাৰণেই ঘৰখনৰ কামবোৰ তেওঁ সুকলমে কৰে নেকি? কিন্তু যদিহে কথাটো ওলোটা হয়? মানে মাইকী-মানুহ গৰাকীয়ে অৰ্থ উপাৰ্জন কৰিবলৈ বাহিৰলৈ যাব আৰু মতা মানুহজনে ঘৰখন নিয়াৰিকৈ চলাব| কাৰ্যত: তেনে হয় জানো? আমি সৰহসংখ্যকেই দেখোন অফিচলৈ যোৱাৰ আগতেই হওক বা অফিচৰ পৰা আহিয়েই হওক ঘৰৰ দ্বায়িত্ব বেছিকৈ পালন কৰিব লাগে| ইয়াৰ বাবে আমিয়েই দায়ী নেকি? চম্পাই কয় মানুহজনে বজাৰ কৰি নি দিয়াৰ পাছত মন নগলেও তেওঁৰ পছন্দ মতেই খাদ্য ৰান্ধিব লাগিব| নহ’লে ঘৰত অশান্তি হয়| বৰ্ণালী বাইদেৱে কয় মতা মানুহে পাকঘৰত কেনেকৈ সোমাব? মাম্পীয়ে কয় ৰতনক পাকঘৰত সোমাবলৈ দিয়াতকৈ লঘোণে থকাই ভাল| এইবোৰত আচলতে কিহৰ অভাৱ? নিশ্চয়কৈ একাগ্ৰতা আৰু আগ্ৰহৰ অভাৱ| চুমুহঁতৰ দদাইদেউক দেখো পুৱা গধূলি খুব সুন্দৰকৈ ভাত ৰান্ধে| তামুলী দাক দেখো ফুলনিখন যেনেকৈ সদায় পৰিপাতিকৈ ৰাখে তেনেকৈ সদায় ঘৰৰ ভিতৰখনো পৰিপাতিকৈ ৰাখে| গোঁহাইক দেখো ৰীমাই নোকোৱাকৈয়ে চাহৰ বাচনৰ দাগ, পানীৰ বাল্টিৰ দাগ নিজেই মাজি মাজি পৰিস্কাৰ কৰে| মকৰা জাল চফা কৰে| বাচন থোৱা ৰেক্‌ডাল মদৰুৱা হ’লে নিজেই ঘঁহি ঘঁহি ধুই পেলায়| পবনক দেখো গোঁসাই ঘৰৰ সমুদায় কাম নিজেই কৰে| অৰ্জুনক দেখো পাকঘৰৰ লাগতিয়াল বস্তুবোৰ চাই চাই নিজেই বজাৰখিনি কৰি নিয়ে| মায়াই বেলেগকৈ তাৰ বাবে মূৰ ঘমাব নালাগে| 

কথাবোৰ গৈ আকৌ নাৰীবাদত পৰিল নেকি? ক্ষমা কৰিব তেতিয়াহ’লে| মই কোনো নাৰীবাদ-পুৰুষবাদ সমৰ্থন নকৰোঁ| মই মাথোঁ বিচাৰোঁ নাৰী যদি সুন্দৰ, তেনে পুৰুষ সেই সুন্দৰতাৰ আধাৰ হওক| বলিদান যদি আদৰ্শ হয়, উচৰ্গাও তেনে অনুপ্ৰেৰণা হৈ ৰওক| নাৰী যদি সন্ধ্যা হয়, পুৰুষ তেনে সন্ধ্যাৰ আৰতি হওক| নাৰী যদি জোন হয়, পুৰুষ তেনে জোনাক হওক| নাৰী যদি আকাশ হয়, পুৰুষ তেনে পৃথিৱী হওক|...কথাবোৰ লিখি গৈ থাকোঁতে অন্য কথা কিছুমানহে মনলৈ আহি আছে| নাৰীয়ে যে নিজৰ অধিকাৰ বিচাৰি তাল-ফাল লগাইছে, তেওঁলোকে পোৱা অধিকাৰখিনিৰ সদ্‌ ব্যৱহাৰ কৰিছে নে? আজিৰ নাৰীক ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হোৱাৰ পৰা দেশৰ সকলো গুৰুত্বপূৰ্ণ কাৰ্যতে অংশীদাৰ হোৱা দেখিবলৈ পোৱা যায়| এইয়া নিশ্চয়কৈ গৌৰৱৰ কথা| কিন্তু তথাপিও যেন কোনোবাখিনিত নাৰী নিজেই মূল সুঁতিৰ পৰা বিচ্ছিন্ন| সেইদিনা আদিত্য দাই ধেমালিতে ক’লে আজিৰ পৰা মই তহঁতৰ লগত লগাতকৈ একো বেছি কথা নাপাতো দেই| মই সুধিলোঁ-কিয়? তেওঁ ক’লে-নহয় কালি টাউনৰ মাজ মজিয়াতে যিটোহে ঘটনা হ’ল তাক দেখি ভয়েই খাইছো| দেখাত ধুনীয়া ছোৱালী এজনীয়ে অতিমাত্ৰা মদ খাই মাতাল অৱস্থাত মিডিয়াৰ আগত যিটো পৰিস্থিতিৰ সৃষ্টি কৰিলে কাইলৈ ভুলতে মোৰ লগতো যদি তেনে এটা অৱস্থাৰ সৃষ্টি হয় মোৰ সহ্য নহব| বিশেষ যুক্তি-তৰ্ক নকৰিলো যদিও মই মনে মনে ভাবি থাকিলো এইবোৰে কি সূচাইছে? স্বাধীনতাৰ নামত, আধুনিকতাৰ আঁৰত নাৰীয়ে নিজক মুক্ত বুলি অনুভৱ কৰিছে ঠিকেই; কিন্তু এই মুক্তাৱস্থাৰ নাম বিশৃংখলতা নেকি? এনেকৈ আমাৰ জীৱনলৈ উন্নতি আহিব নেকি? আমাৰতো এনেও অনেক বদনাম আছে-শাহু-বোৱাৰীৰ কাজিয়া, বোৱাৰীয়েকে পুতেকক ঘৰখনৰ পৰা আঁতৰাই লৈ যোৱাৰ অপবাদ, নাৰীক লৈয়ে গৃহকন্দল হোৱাৰ অপবাদ, নাৰী অতি বেছি আবেগিক হোৱাৰ অপবাদ, নাৰী ছলনাময়ী হোৱাৰ অপবাদ, নাৰীয়ে কথাবোৰ দকৈ ভাবিব নোৱাৰে আদিকে ধৰি অনেক অপবাদ আছে আমি নাৰীবোৰৰ বিৰুদ্ধে| আমিনো এই অপবাদবোৰ খণ্ডাবলৈ কৰিছো কি? বৰং সেইবোৰক আৰু শুদ্ধ বুলিহে প্ৰমাণ কৰিছো নেকি?

শহুৰেক আৰু জোঁৱায়েকে কাজিয়া লাগিছে বুলি সাধাৰণতে শুনা নাযায়| কেতিয়াবা কিবা শুনা গ’লেও সেইয়া ঘৰুৱা বিবাদহে হয়| বোৱাৰীয়েকে পুতেকক আঁতৰাই লৈ গ’ল বোলা অপবাদটোৰ মই কিন্তু প্ৰতিবাদ কৰিম| বিয়াৰ পাছত পুত্ৰজনৰ পত্নী গৰাকীৰ প্ৰতি যিমান দায়িত্ব, ঘৰখনৰ প্ৰতিও সিমানেই দায়িত্ব| এইক্ষেত্ৰত পুৰুষজনৰ সবল নিৰপেক্ষতা মই নিশ্চয়কৈ কামনা কৰিম| নাৰী বেছি আবেগিক বোলা কথাষাৰ কিছুদূৰ সত্য চাগে| মোৰ নিজৰ ক্ষেত্ৰতো কথাষাৰ কিছুদূৰ প্ৰযোজ্য| কিন্তু এইক্ষেত্ৰত এনেও হ’ব পাৰে নেকি যে সংসাৰ নামৰ চক্ৰটোৰ একঘেয়েমীতাত পিষ্ট হৈ নাৰীগৰাকী কোনোবাখিনিত অলপ হতাশ হৈ পৰে আৰু কাৰোবাৰ অলপ সহৃদয়তা পালেই তেওঁ বিচলিত হৈ উঠে? বাকী ছলনাময়ী অপবাদটোৰ কথা নকওঁ আৰু| ক’লে আন এক অধ্যায় উন্মোচিত হ’ব| কথাই কথাই পুৰুষক জগৰীয়া কৰি থকাতকৈ আমি নিজেহে সচেতন হ’ব লাগে| জ্ঞান হওক বা অৰ্হতা হওক বা যোগ্যতা হওক; যদি শ্ৰেষ্ঠ হয় তাক নাৰী হ’লেও সকলোৱে স্বীকাৰ কৰিবলৈ বাধ্য| মেৰীকম আজি সমগ্ৰ পৃথিৱীতে সমাদৃত| মাদাৰ টেৰেছা, ভগ্নী নিবেদিতা, মেডাম কুৰী, সৰোজিনী নাইডু, কনকলতা, ঝান্সীৰ ৰাণী লক্ষ্মীবাই, চন্দ্ৰপভা শইকীয়া, ইন্দিৰা মিৰি.....আৰু কাৰ কাৰ নাম লম! এওঁলোকক জানো নাৰী বুলি সন্মান নজনোৱাকৈ আছে? এওঁলোকে সন্মান অৰ্জন কৰিছে নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ জৰিয়তে| পুৰুষেও স্বত:ফুৰ্তভাবেই স্বীকাৰ কৰিছে এওঁলোকৰ কৰ্ম আৰু ব্যক্তিত্বৰ বিশালতাক| তেন্তে এইটোৱেই সঁচা নহয় জানো যে গুণীৰ আদৰ সকলো সময়তে আছে| তাত নাৰী-পুৰুষ বুলি কোনো ভেদাভেদ নাই| তেতিয়াহ’লে নাৰীত্বৰ ঠেক সীমাৰ পৰা বাহিৰ ওলাই আমিহে নিজক প্ৰতিষ্ঠা কৰিব লাগে| পুৰুষে আমাক অৱদমিত কৰি ৰাখিছে বুলি মিছা হীনমন্যতাত আবদ্ধ হৈ নিজৰ সামৰ্থক অৱহেলা কৰিব নালাগে| নিজেই নিজৰ সাৰথি হ’ব লাগে| তাৰবাবে পুৰুষৰ অলপ সহযোগ লাগে| অলপ বদান্যতা লাগে| অলপ নিৰপেক্ষতা লাগে| কাৰোবাক শোষণ কৰাটো, শাসন কৰাটো যদি অপৰাধ হয় তেনে আনৰ দাসত্ব বা বশ্যতা স্বীকাৰ কৰাটোও অপৰাধেই হ’ব নিশ্চয়| আপোনালোকে কি কয়?
*********************************************************************************

ধেমালি কিন্তু সঁচা....

এদিন সৰু নিচাদেউ আৰু কোষেশ্বৰ মামাই কিবা কথাত কথা কটা-কটি কৰি আছে| কোষেশ্বৰ মামা খাই ফিটিং| সৰু নিচাদেৱে বুজাইছেহে বুজাইছে নাই কোষেশ্বৰ মামাই নামানে| মুঠৰ ওপৰত হুলস্থুল বাঢ়ি গৈ আছে| কণমামাৰ ছোৱালী উৰ্মিলাই ওচৰতে দুয়োজনকে চাই থাকি বাৰে বাৰে কৈ আছে এটা খাই পগলা এটা নেখাই পগলা| এপাকত সৰু নিচাদেৱে তাইৰ কথা শুনি কিনো কৈ আছ বুলি দিলে তাইক চৰ এটা লগাই| চৰ খাই তাই গালত হাত দি থমক খাই ৰ’ল| পাছপাকতে তাই চব খাই পগলা অ’ বুলি চিঞৰি দৌৰ দিলে.....
******************
ডাঙৰ নিচাদেৱে খুব চাধা খায়| এদিন তেওঁ চাধা টেমাটোৰ ঢাকনিখন হেৰাল| গোটেই ঘৰ বিচাৰি তালফাল| ভয়তে সকলোৱে কাম-বন বাদ দি ঢাকনি বিচৰাত লাগিল| নবৌৱে ঢাকনি এখন পাই সেইখনকে হয় নেকি বুলি নিচাদেউক দিলে| বেলেগ যদিও ঢাকনিখন টেমাটোত খাপ খাই পৰিল| নবৌৱে ক’লে-ইয়ে মোৰ মুখখনে দেউতাৰ টিকাটোৱে খাপ খাই পৰিল পায়!!!!!!!
******************
সপ্তম নে অষ্টম শ্ৰেণীত পঢ়ি থকাৰ কথা| চেত্ৰী মামা বুলি আমাৰ এজন হোমগাৰ্ড মামা আছিল| মামাৰ এটাই নিচা সদায় আবেলি আমাৰ লগত লুডু খেলা| ডিউটি নাথাকিলেই আহি আমাৰ লগত লুডু খেলে| আমিও মামাৰ এই দুৰ্বলতাৰ পূৰ্ণ সুযোগ লওঁ| বাজী লগাওঁ| যিয়ে হাৰিব সি পাঁচ টকাৰ চানা নহ’লে পকৰি খুৱাব লাগিব| বাজীত মামাই প্ৰায়ে হাৰে| তথাপি খেলিবলৈ নেৰে| শীতকালৰ দিন আছিল| সেইদিনাও মামাই খেলত হাৰিলে, হাৰি কিন্তু গৰম গৰম চিংৰা আনিলেগৈ| দৰমহা পাইছিল হেনো| মায়ে কৰি দিয়া চাহৰ লগত গৰম চিংৰাৰ জুতি লৈ খাই ইটো সিটো কথা পাতি আছিলো| এনেতে মামাই ক’লে- মই বহুত দিনৰ পৰা কথা এটা সুধিম সুধিম বুলি ভাবি আছিলো| আমি বোলো কি? মামাই সুধিলে –গৰু, ছাগলী, কুকুৰ চব পোৱালীয়েটো মাকৰ গাখীৰ খায়, কিন্তু এই কুকুৰা পোৱালীয়ে কেনেকৈ মাকৰ গাখীৰ খা্য়? একেলগে চব পোৱালী যে মাকৰ পাখিৰ তলত সোমাই থাকে??????????????????
*******************

মোৰ মা-দেউতা অশিক্ষিত আছিল মানে দুয়োৰে স্কুলীয়া শিক্ষা নাছিল| তথাপি দুয়োৰে নিজা আগ্ৰহৰ ফলতে অসমীয়াত ভালকৈ লিখা পঢ়া কৰিব পাৰিছিল| দেউতাই অলপ অচৰপ ইংৰাজীও জানিছিল| আমি পঢ়া গল্প-উপন্যাস কোনোবা এখন মন গ’লে দেউতাই কেতিয়াবা পঢ়ি ভাল পাইছিল| মায়ে এতিয়াও নাতিহঁতৰ পৰা হিন্দী শিকে| পুনেত সোণমণিৰ তাত থাকি অহাৰ পৰা মায়ে গম পাইছে যে বাহিৰত ফুৰিবলৈ গ’লে হিন্দী নাজানিলে অসুবিধা হয়| আমি সৰুতে লেম-চাকিৰ পোহৰতে পঢ়া-শুনা কৰিছিলো| গৰমৰ দিনত বাহিৰত পাটি পাৰি কিতাপ পঢ়োঁ মাজে মাজে| সেইদিনাও পঢ়া-শুনা শেষ কৰি আমি ল’ৰা-ছোৱালী চাৰিটা আৰু মা-দেউতাই বিভিন্ন কথা পাতি আছোঁ| কিবা কথাত মঙ্গল গ্ৰহৰ কথা ওলাল| দেউতাৰ কি জানো মনত খেলালে অকস্মাত কৈ উঠিল-এই পৃথিৱীত যিমান চোৰ-ডকাইত আছে গোটেইসোপাকে মঙল গ্ৰহলৈ লৈ যাব লাগে আৰু তাৰ পৰা পেলাই দিব লাগে| তেতিয়া আৰু ক’তো কোনো গণ্ডগোল নহব| দেউতা পুলিচৰ মানুহ আছিল...........................
********************
দেউতাৰ লগৰে কলিতা উপাধিৰ এজনে থানাৰ বেৰেকতে কুকুৰা পুহিছিল| এবাৰ তেওঁ কিবা ঘৰুৱা লেঠাত দীঘলীয়া ছুটি লৈ ঘৰলৈ যাব লগা হ’ল| গতিকে তেওঁৰ কুকুৰা কেইজনী আমাৰ ঘৰতে থৈ গ’ল চোৱা-মেলা কৰিবলৈ| তেওঁ যোৱাৰ দুদিনমানৰ পাছতেই এজনী কুকুৰাই কণী পাৰিলে| কণীটো আমাৰ কুকুৰাকেইজনীয়ে পৰাতকৈ ডাঙৰ আছিল| তাকে দেখি বাইদেউ আৰু ককাইদেৱে চিঞৰ বাখৰ কৰিছে-কলিতাৰ কণী মই খাম কলিতাৰ কণী মই খাম বুলি| দেউতাই শুনি ধমকি লগালে-মনে মনে থাকিলি নে তহঁত? কাৰ কণী খাবলৈ আহিছ? সেইফালে হাঁহি হাঁহি মাৰ অৱস্থা নাই.........................
*********************
এইবাৰ এটা মিছা ধেমালি.....


এজনী ছোৱালীয়ে ভালকৈ পাছ কৰি গুৱাহাটী ইউনিভাৰ্চিটিত নাম ভৰ্তি কৰিলে| ছোৱালীজনী অলপ আগৰণুৱা মানে অলপ লিখা-মেলাৰ অভ্যাসো আছে| তাতে অসমীয়াত মেজৰ আছে| গতিকে অসমীয়া ভাষাটোক লৈ নিজে নিজেই গৰ্ববোধ কৰে| ইউনিভাৰ্চিটিত নামভৰ্তিৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি হোষ্টেলত চিট যোগাৰ কৰি শেষত এদিন বয়বস্তুৰে সৈতে আই.এচ.বি.টি.ত নামিল| অ’ট চালকক ক’লে গুৱাহাটী বিশ্ববিদ্যালয়লৈ যাম| অ’ট চালকে হ’ব বহক বুলি বয়বস্তুৰে সৈতে তাইক উঠাই অ’ট চলাই দিলে| দুঘণ্টামান ঘূৰাৰ পাছতো যেতিয়া বিশ্ববিদ্যালয় নাপালেগৈ ছোৱালীজনীয়ে অ’ট চালকক সুধিলে-দাদা আপুনি গুৱাহাটীত নতুন নেকি বিশ্ববিদ্যালয়লৈ যাবলৈ ইমান দেৰি নালাগে দেখোন? আপুনি বাট চিনি নেপায় নেকি? অ’ট চালকে বোলে- নতুন নহয় ৰবা কিন্তু বিশ্ববিদ্যালয়খন ক’ত আছিল সেইটোহে পাহৰিলো| ছোৱালীজনীয়ে বোলে কিয় গুৱাহাটী ইউনিভাৰ্চিটি বুলি ক’লে নিচিনাজনেও চিনি পায় দেখোন? অ’ট চালকে ক’লে-তাকে ভালকে’ ক’ব লাগে, তেতিয়াৰ পৰা ইমানপৰ এনেই ঘূৰি ফুৰিলো| মই কোনোবা নতুন ল’জ বুলিহে ভাবিছিলো!!!!!

*********************************************************************************

স্বাধীনতাৰ আঁৰত....

ধৰেনে জনম কেৱে এই মৰতত
শিলাময় কৰি তাৰ হিয়া
এইয়ে মোৰ জন্মভূমি বুলি মনে মনে
এবাৰো যি কোৱা নাইকিয়া.....


এই দেশ মোৰ দেশ| আপোন দেশত আপোন মানুহৰ মাজত দুবেলা দুসাঁজ সুখৰ ভাত, এষাৰ মৰমৰ মাত, এপলক শান্তিৰ নিদ্ৰা কাৰ কাম্য নহয়! অথচ আজি নিজৰ দেশতেই আমি নিজৰ অস্তিত্বক লৈ বিপদাপন্ন হৈছোঁ| বহিৰাগত বিদেশীয়ে আহি এদিন আমাৰ সৰলতা উদাৰতাৰ সুযোগ লৈ খাবলৈ বিচাৰিলে| খাবলৈ পায় বহিবলৈ খুজিলে| আৰু কালক্ৰমত গোঁজেই গজালি হৈ চুকতে থাকি বুকুতে কামোৰ মাৰিলে| আজি বিদেশী সমস্যা কেৱল সামাজিক সমস্যা নহয়, ৰাজনৈতিক অৰ্থনৈতিক ক্ষেত্ৰতো এক বিৰূপ সমস্যা হৈ দেখা দিছে|

বাল গংগাধৰ তিলকে কৈছিল-”স্বাধীনতা মোৰ জন্মস্বত্ত্ব”| কিন্তু এই স্বাধীনতাই যেতিয়া খৰ্ব হয়? মূৰ তুলি জীয়াই থকাৰ অধিকাৰ যেতিয়া বিঘ্নিত হয়? আপোন মাতৃৰ শালীনতা যেতিয়া লুন্ঠিত হয়? তেতিয়াই চাগে বিপ্লৱৰ সূত্ৰপাত হয়| এনেকৈয়ে পদে পদে ভাৰত চৰকাৰৰ প্ৰতাৰণাৰ বলি হৈ অসমক মাহী আইৰ চকুৰে চোৱা কাৰ্যৰ প্ৰতিবাদ কৰিবলৈকে এদিন স্বাধীনতাপ্ৰেমী এচাম যুৱকৰ হেঁপাহত ৰংঘৰৰ বাকৰিত সৃষ্টি হৈছিল সংযুক্ত মুক্তি বাহিনী, অসম নামৰ সশস্ত্ৰ সংগ্ৰামী বিপ্লৱী গোটটোৰ| আদিতে নৈতিক আদৰ্শ আৰু নিকা ভাবমূৰ্তিৰে অসমীয়াৰ হিয়াৰ কাষ চপা গোটটো ক্ৰমাত্‌ শক্তিশালী হৈ উঠিছিল| সাংগঠনিক ক্ষমতা বঢ়াৰ লগে লগে গোটটোৰ শক্তি আৰু দৃঢ়তাত চৰকাৰ সন্দিহান হৈ উঠিল| মালিক গোষ্ঠী-বণিক গোষ্ঠীৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰা গোটটো অসম তথা ভাৰত চৰকাৰৰ মূৰৰ কামোৰণি হৈ উঠিল| এসময়ত বণিকগোষ্ঠীৰ স্বাৰ্থতে ৰাজনৈতিক পৃষ্ঠপোষকতাত চৰকাৰীভাবে নিষিদ্ধ ঘোষণা কৰা হ’ল আলফা ওৰফে সংযুক্ত মুক্তি বাহিনী, অসমক| সশস্ত্ৰ সংগ্ৰাম দমন কৰাৰ নামত আৰম্ভ হ’ল অপাৰেচন বজৰং| ১৯৯০ চন তেতিয়া| অগ্নিগৰ্ভা অসম| বিপ্লৱ দমন কৰিবলৈ বিপ্লৱীক ধৰিবলৈ অসমৰ বুকুত মেলি দিয়া হ’ল ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ সেনাবাহিনীৰ নামত ভেৰোণীয়া গুণ্ডাৰ দল| ক’ত জীয়ৰী-বোৱাৰীয়ে মৰ্যদা হেৰুৱালে, ক’ত মাতৃৰ বুকু শুদা হ’ল, ক’ত উঠি অহা তৰুণৰ প্ৰাণ কাঢ়ি নিলে তাৰ সঠিক লেখ আজিও পাবলৈ নাই| বিপ্লৱীক মষিমূৰ কৰাৰ নামত সেনাবাহিনীয়ে ক’ত নিৰপৰাধী যুৱকক নিৰ্মমভাবে মৃত্যুৰ মুখলৈ ঠেলি দিলে তাৰ হিচাপ চাগে চৰকাৰী পৰিসংখ্যাটো পাবলৈ নাই| তেনে এক জীৱন্ত কৰুণ দুৰ্ঘটনাৰ সাক্ষী আছিলো মই|

আলফাৰ ২৮ নং বেটেলিয়নৰ মূল ঘাটি উজনি অসমৰ তিনিচুকীয়া| ডিব্ৰুগড় আৰু শিৱসাগৰতো অত্যন্ত সক্ৰিয় এই বেটেলিয়ন| তিনিচুকীয়া জিলাৰ লক্ষীপথাৰত আলফাৰ গণকবৰ উদ্ধাৰ হোৱাৰ পাছত পুলিচ আৰু সেনাবাহিনীয়ে খুব সন্তৰ্পনে ৰচনা কৰিছিল বচা বচা যুৱকসকলক হত্যা কৰাৰ ব্লু-প্ৰিণ্ট| নিৰীহ জনগণৰ মাজত ভয় আৰু ত্ৰাসৰ সৃষ্টি কৰিবলৈ আৰু আলফাৰ মেৰুদণ্ডত আঘাট কৰিবলৈকে পৰিকল্পনা কৰিছিল ভুৱা সংঘৰ্ষত নিৰীহ যুৱকক আলফা সজাই মৃত্যুদণ্ড দিয়াৰ| সেই সময়ত তিনিচুকীয়া জিলাত ”আছু”(AASU)ৰ স্থিতি শক্তিশালী আছিল| গতিকে সেনাই পোনতে ”আছু”ৰ বিষয়ববীয়া সকলকে লক্ষ কৰি লৈছিল| মোৰ ককাইদেউ আছিল তিনিচুকীয়া জিলাৰ ”আছু”ৰ উপ-সভাপতি| তালাপ আৰক্ষী চকীৰ চিনাকী পুলিচ বিষয়া এজনে তাক মাতি নি কৈছিল সি যেন অকলে কলৈকো নাযায় আৰু নিশা ভুলতো যেন ঘৰৰ বাহিৰত নাথাকে| পৰিস্থিতি ক্ৰমাত্‌ বেয়ালৈ অহাত সিয়ো মনে মনে ভয় খাবলৈ আৰম্ভ কৰিছিল| ৰাতি ৰাতি ভয়তে শুব নোৱাৰি আমি সকলো বহি থাকোঁ| তাতে আমাৰ ঘৰত শ্ৰদ্ধেয় পৰাগ কুমাৰ দাসৰ ছাংলট্‌ ফেন্‌লাখন আছিল| লগতে আছিল আলফাৰ দুখনমান আলোচনী| আগতে ককাইদেৱে সেইবোৰ দেখুৱাই গৰ্ব কৰিছিল| কিন্তু দিনে দিনে চাৰিওদিশে পৰিস্থিতি উতপ্ত হৈ পৰাত সি নিজে কান্দি কান্দি আলোচনীকেইখন পুৰি পেলাইছিল| ছাংলট্‌ ফেন্‌লাখন মই দুলিয়াজানত থকা বাইদেউৰ ঘৰলৈ দি পঠিয়াইছিলো|

নিশা গভীৰ হৈ আহিলেই ৰাষ্টাৰে যোৱা সেনাবহিনীৰ গুৰুপ-গাৰাপ বুটৰ শব্দ শুনি ভাব হয় এই যেন ককাইদেউক ধৰি লৈ যাব| উশাহ লব নোৱাৰি ভয়ত তাপ মাৰোঁ| এনেকুৱাতে এদিন শুনিলো প্ৰদীপ দত্ত, প্ৰবীণ সোণোৱাল, দেৱজিত্‌ বিশ্বাস, ভবেন মৰাণ, অখিল সোণোৱালক সেনাই ধৰি নিছে আলফা বুলি| দেৱজিত্‌ বিশ্বাস, ভবেন মৰাণ আৰু অখিল সোণোৱালক মই ব্যক্তিগতভাবে চিনি নাপাইছিলো, কিন্তু প্ৰদীপ দত্ত আৰু প্ৰবীণ সোণোৱালক খুব ভালকৈয়ে জানিছিলো| আমি তালাপত ভৰি দিয়াৰ পাছৰ পৰাই (মই তেতিয়া ষষ্ঠ শ্ৰেণীত পঢ়িছিলো) প্ৰদীপ দাহঁতৰ ঘৰখন সেইটো অঞ্চলত সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰত আগৰণুৱা আছিল বুলি জানিব পাৰিছিলো| প্ৰদীপ দাহঁত চাৰিজন ককাই ভাই আৰু এজনী ভনীয়েক| আটাইতকৈ ডাঙৰ দীপক দাই গান গায়, প্ৰদীপ দাই গিটাৰ বজায়, প্ৰণৱ দাই মেণ্ডোলিন বজায় আৰু মণি দাই তবলা বজায়| চাৰিও ককায়েকক লৈ ববিয়ে গান গায়| কিমান দিন প্ৰদীপ দাহঁতৰ ঘৰলৈ গৈ গানৰ ৰিহাৰ্চেল কৰিছোঁ, নাটক-নৃত্যনাটিকা-সংগীতালক্ষৰ অনুশীলন কৰিছোঁ| বৰমাই কৰি দিয়া চাহ খাইছোঁ, অনুশীলনত ভুল কৰি বৰ্‌তাৰ গালি খাইছোঁ| ৰাতি ৰাতি প্ৰদীপ দাহঁতে উলিওৱা সুৰ-বাহিনীত মেগেলা, বৰধাদুম, সৰুধাদুম, বৰপথাৰ আদি ভিতৰুৱা গাঁৱলৈ গৈ অনুষ্ঠানত গীত-নৃত্য পৰিবেশন কৰিছোঁ| এদিনলৈকেও শুনা নাছিলো প্ৰদীপ দাহঁত কোনোবা বিপ্লৱ অথবা বিল্পৱীৰ লগত জড়িত বুলি| অৱশ্যে ইয়াৰ মানে এইটো নহয় যে তেওঁলোকে নিজৰ ঠাইখনক নিজৰ দেশখনক ভাল নাপায়| বৰং অসম আৰু অসমৰ ঐতিহ্যৰ কথা দীপক দা বা বৰ্‌তাৰ মুখত প্ৰায়ে শুনো আমাৰ অনুশীলনৰ বিৰতিৰ পৰত| প্ৰবীণ সোণোৱাল আছিল ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী| সেই ষষ্ঠ শ্ৰেণীৰ পৰাই পাইছোঁ তেওঁক ছাত্ৰ সন্থাই আয়োজন কৰা সমূহ কাৰ্যক্ৰমত| ৰাভা দিৱস, জ্যোতি দিৱস, বিহুৰ সন্মিলন আদি প্ৰায়বোৰ ৰাজহুৱা অনুষ্ঠানতে প্ৰবীণ সোণোৱালক পাইছিলো| আমাৰ মাজত তেওঁ প্ৰবীণ গুণ্ডা নামেৰে প্ৰচলিত আছিল| ওখ-পাখ স্বাস্থ্যৱান প্ৰবীণ সোণোৱালৰ কথা বতৰাবোৰ অলপ ৰুক্ষ আছিল কাৰণে আমি তেওঁক খুব ভয় কৰিছিলো কিন্তু তেওঁ কাম-কাজত খুব নিকা আছিল| আৰু কালৈকো ভয় নকৰিছিল| বাকী ভিনিদেউৰ মুখত শুনা মতে ভবেন মৰাণ তেনেই সহজ সৰল আৰু দুখীয়া আছিল| মাজে মাজে অইলত বাঁহ আদি যোগান ধৰি অলপ টকা পইচা উপাৰ্জন কৰিছিল| ককাইদেউৰ মুখত শুনা মতে দেৱজিত্‌ বিশ্বাস শান্ত-শিষ্ট ল’ৰা আছিল| অখিল সোণোৱালো নিমাখিত প্ৰাণী আছিল| ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে জানিছিল তেওঁলোক পাঁচজনৰ এজনো আলফা নাছিল অথবা আলফাৰ লগত তেওঁলোকৰ কোনো ধৰণৰ যোগসূত্ৰ নাছিল| যিদিনা প্ৰদীপ দাক ধৰি লৈ গৈছিল সেইদিনাৰ পৰা সাতদিনমান আগতে মাত্ৰ তেওঁৰ বিয়া হৈ গৈছিল| দেৱজিত্‌ বিশ্বাসৰ ডায়েৰীয়া হৈ আছিল| গোটেই দিনটো একো খাব নোৱাৰি লঘোণে থকা অসুখীয়া দেহাতে তেওঁক ধৰি লৈ গৈছিল| একে নিশাতে তেওঁলোক পাঁজনক ধৰি লৈ গৈছিল| পাছদিনা তালাপ-ডাঙৰী সমগ্ৰ অঞ্চলতে হুলস্থূল লাগি গৈছিল| প্ৰথম প্ৰথম তেওঁলোকক তাৰেই সামৰিক চাউনীত ৰাখিছিল যদিও সমূহ ৰাইজৰ হেঁচাৰ ভয়ত নিশাতেই তেওঁলোকক কোনোৱা অজ্ঞাত ঠাইলৈ লৈ যায়| ইফালে ককাইদেৱে ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াৰ লগত আলোচনা কৰি গুৱাহাটীৰ কৰ্মকৰ্তাসলকৰ লগতো যোগাযোগ কৰি আদালতৰ দাৰস্থ হৈ তেওঁলোকক মুকলি কৰি অনাৰ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছিল| আবেলি সি গুৱাহাটীলৈ যাব, ৰাতিপুৱাতে মোক কৈ গৈছে-”চিন্তা নাই| প্ৰদীপ দাহঁতৰ একো নহয়| আজিয়েই অৰ্ডাৰ লৈ আহিম| ভনী তই মোৰ কাপোৰ-কানি কেইটা ধুই পাৰ যদি ইস্ত্ৰি কৰি দিবি মই পটক্‌কৈ বজাৰৰ পৰা টিকটটো কনফাৰ্ম কৰি আহোঁ|” সি গৈ চাগে বজাৰ নাপালেগৈ| ওচৰৰ ভায়ে আহি ক’লে- ”জয়া বাইদেউ এজনো নাই| গোটেই পাঁজনকে মাৰি পেলালে|” স্তব্ধ হৈ গলো মই| আশংকাত চিঞৰি দিলো- ”কি কৈছ এইবোৰ? এইমাত্ৰ ককাইদেৱে কৈ গৈছে তেওঁলোকৰ বেইল হৈ গৈছে বুলি|” আধা ঘণ্টামানৰ পিছত ককাইদেউ ঘৰলৈ ঘূৰি আহিল| আহিয়েই মাটিত বাগৰি বাগৰি কান্দিছে মই তেওঁলোকৰ কাৰণে একো কৰিব নোৱাৰিলো বুলি| কান্দি কান্দি লেবেজান দি এসময়ত সি অস্থিৰ হৈ আকৌ ওলাই গ’ল| ইতিমধ্যে বৃহত্তৰ ডাঙৰী অঞ্চলৰ ৰাইজ হিলদল ভাঙি ওলাই আহিছে| সকলোৱে যেন মৃত্যুক জিনি ওলাই আহিছে|

ডুমডুমা থানাৰ পৰা মৃতদেহকেইটা আহি ডাঙৰী পালেহি| লোকে লোকাৰণ্য সমগ্ৰ অঞ্চল| অঘোষিতভাবেই ৰাজহুৱাকৈ চিতা সজালে তেওঁলোক পাঁচজনৰ বাবে ডাঙৰী নদীৰ পাৰতেই| কান্দোতে কান্দোতে চকু মুখ উখহি গৈছে সকলোৰে| মোৰ লগৰ হাফিজা পাগলী হৈ গৈছে| তাই প্ৰবীণ সোণোৱালক ভাল পাইছিল বুলি পাছত গম পাইছিলো| ককাইদেউৰ মুখত শুনিছিলো সেনাই কিমান যাতনা দি মাৰিছিল তেওঁলোকক| নখবোৰ উভালি পেলাইছিল| সমগ্ৰ দেহাতে চিগাৰেটেৰে পুৰি দিয়া দাগ| প্ৰদীপ দা আৰু প্ৰবীণ দা ওখ-পাখ আছিল কাৰণে মৰিয়াই মৰিয়াই হাত-ভৰিৰ হাড়বোৰ হেনো ভাঙি দিছিল| ৰাইজৰ ৰোষত পৰাৰ ভয়ত পষ্টমৰ্টেম কৰিছিল যদিও পষ্টমৰ্টেম কৰাৰ পাছত চিলাইবোৰো ভালকৈ নামাৰিলে| গাড়ীৰ পৰা নমাওতে মৃতদেহকেইটা যেন দুটুকুৰা হৈ ছিগিহে যাব তেনে লাগিছিল| আৰু বৰ্ণাব নোৱাৰো| আজিও বুকু বিষায় এই কথাবোৰ মনত পৰিলে| আপোনালোক কোনোবা যদি ডাঙৰী অঞ্চললৈ আহে ডাঙৰী নৈৰ দলং পাৰ হোৱাৰ পাছতেই এওঁলোক পাঁচজনৰ শ্বহীদ বেদীত এবাৰ মূৰ দোঁৱাই যাব| বাটৰ কাষতেই সজা আছে তেওঁলোকৰ স্মৃতিস্তম্ভ| সেনাৰ বৰ্বৰতাৰ সাক্ষী এই স্মৃতিস্তম্ভ|

পাছত ককাইদেৱে কৈছিল তেওঁলোকে যেতিয়া আদালতৰ পৰা এওঁলোকৰ বাবে বেইল অৰ্ডাৰ পাইছিল তেতিয়ালৈ সেনাই এওঁলোকক শাৰীৰিকভাবে ইমান অত্যাচাৰ কৰিছিল যে সুস্থ অৱস্থাত উভতাই দিব নোৱাৰিব বুলিয়েই এওঁলোকক নিৰ্মমভাবে মাৰি পেলাইছিল| মোৰ চি.আৰ.পি.ফ.ত চাকৰি কৰা ভতিজাটোৰ মুখত এতিয়াও শুনো সেনা-পুলিচৰ এনে ভুৱা সংঘৰ্ষত নিৰীহ যুৱকক আলফা সজাই মৃত্যুদণ্ড দিয়াৰ কথা| 

(দেশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিজন ছহিদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাচিলোঁ)
************************************************************************************************************

এনেয়ে ইটো-সিটো.....

বিভাগীয় ট্ৰেইনিং এটাৰ কাৰণে গুৱাহাটীলৈ গৈছিলো| ৩০ জুলাইৰ পৰা ১১ আগষ্টলৈকে| মই গুৱাহাটীত থাকিবলৈ বৰ বেয়া পাওঁ| তাতে ইমান দীঘলীয়া ট্ৰেইনিং আৰু বিৰক্তিকৰ| তথাপি এইবাৰৰ ট্ৰেইনিং কেইটামান কথাৰ কাৰণে মোৰ মনত বিশেষ হৈ ৰব| উজান বজাৰৰ আছুৰ শ্বহীদ ভৱনৰ সন্মুখত থকা ৰেডক্ৰছ ভৱন আমাৰ ট্ৰেইনিঙৰ ঠিকনা| বিভিন্ন ঠাইৰ পৰা অহা আমি মুঠ তেৰ গৰাকী প্ৰশিক্ষাৰ্থীহে গোট খাইছিলো| তাৰে চাৰিগৰাকী মহিলা আৰু বাকী পুৰুষ| তিনিচুকীয়াৰ পৰা ৰতন আৰু মই গৈছিলো| দুলিয়াজানৰ পৰা অঞ্জলিয়ে ডেৰ বছৰীয়া ল’ৰাটোক গৈছিল| অকণমানিটোৰ বৰ কষ্ট হ’ল| শিৱসাগৰৰ পৰা জুনমণি আৰু যোৰহাটৰ পৰা ইলা বাইদেউ| খোৱা-বোৱা থকা-মেলাৰ সুবিধা তাতেই আছে| কোনোবাই বাহিৰত থাকিলেও বিল প্ৰডিউচ কৰিব নোৱাৰিব বুলি আগতেই সকলোকে জনাই দিয়া হৈছ| যোৱা ডিচেম্বৰ মাহত যাওঁতে প্ৰশিক্ষাৰ্থী বেছি আছিল কাৰণেই নেকি খোৱা-বোৱাক লৈ সিমান এটা অসুবিধা হোৱা নাছিল| গাইপতি হিচাপ কৰি টকাকেইটা দি দিলতেই হৈ গৈছিল| কিন্তু এইবাৰ মানুহ কম হোৱাৰ বাবে সৰু-সুৰা অসুবিধা কিছুমান হ’ল| হ’লেওতো উপায় নাই! প্ৰথম দিনা গুৱাহাটীত ভৰি দি হোষ্টেললৈ গৈ গা-পা ধুই চাৰিআলিত থকা চাহৰ দোকানলৈ ওলায় আহি কেক এটুকুৰা আৰু চাহ খালো| দহমান বজাত এজন দুজনকৈ লগৰকেইজন গোট খালে| চাৰে দহমান বজাত ৰাম ছাৰে আহি সকলোৰে লগত চা-চিনাকী হৈ কোন ক’ত আছে সকলোবোৰ সুধিলে| তাৰপাছত ক’লে এইবাৰ আপোনালোকে নিজেই মেচ কৰি খাব লাগিব| গতিকে আপোনালোকৰ মাজৰে কোনোবা এজনক চেক্ৰেটেৰী কৰি লব আৰু সকলোৱে লাগি-ভাগি খাব| ৰান্ধনি আছে যদিও ৰান্ধনিৰ হাজিৰাটোও আপোনালোকে দিব লাগিব; লগতে গেচৰ দাম| শুনি সকলোৱে বু বু-বা বা আৰম্ভ কৰিলে| তথাপি দুপৰীয়াৰ সাজ খোৱালৈকে সকলোৱে কথা পাতি ঠিক-ঠাক কৰি ল’লো| হব আৰু উপায়তো নাই! পুৱা দহ বজাৰ পৰা আবেলি পাঁচ বজালৈ আমাৰ ট্ৰেইনিঙৰ সময়|

এনেয়ে তাত থাকি বৰ অশান্তি পাওঁ| তাতে এইবোৰ নমুনা দেখি মোৰ মনটো সেমেকি গ’ল| ভাতৃপ্ৰতিম বন্ধু এজনক ফোন কৰিলো| অকস্মাত গম পালো তেওঁৰ পত্নীৰ প্ৰসূতিজনিত কিবা অসুবিধাৰ কাৰণে সময়তকৈ আগতে সন্তান প্ৰসৱ হ’ল আৰু সন্তানটোৰ ওজন তেনেই কম হোৱাৰ কাৰণে বিশেষ তত্ত্বাৱধানত ৰখা হৈছে| খবৰটো শুনি ভালো লাগিল বেয়াও লাগিল| মাক ঠিকেই আছে যদিও কণমানিটো এতিয়াও বিপদ সীমাৰ ভিতৰতে আছে| অলপ কষ্ট অনুভৱ কৰিলো| কোন নাৰ্ছিং হোমত আছে সুধি-মেলি ঠিকনাটো ল’লো| আবেলি ৫ বজাত ট্ৰেইনিং শেষ হোৱাৰ লগে লগে ৰতনক ক’লো ব’লা এঠাইৰ পৰা আহোঁ| সি সুধিলে ক’লৈ? ক’লো তাক ঠিকনাটো| চিটিবাচেৰে গৈ মাছখোৱাত নামিলো| আকাশখন ওন্দোলায় অনা দেখি দুয়ো অট’ এখন ল’লো| অট’ত বহি অলপ দূৰ গৈছোহে আহিল দবা পিটা বৰষুণ| ভালকৈ তিতিলো| তিতি বুৰিয়ে গৈ নাৰ্ছিং হোম পালোগৈ| বন্ধুজন ৰৈয়ে আছিল| তেওঁৰ লগত গৈ চালোগৈ পুতলাৰ দৰে ৰঙা পৰি থকা কণমানিটোক| পত্নীগৰাকীক লগ নাপালো| তেওঁক হেনো সেইদিনাই ছুটি দিছিল হাস্পতালৰ পৰা| ইটো-সিটো কথা পাতি কিবা অসুবিধা আছে নেকি সুধিলো| কওঁ নকওঁকৈ ক’লে অলপ টকাৰ টান পৰিছে| আত্মীয়-স্বজনসকলে দিব খোজা নাই আৰু এ.টি.এম.টো কিবা কাৰণত ল’ক হৈ গ’ল অথচ কাইলৈকে হাস্পতালত চল্লিশ হাজাৰ টকা জমা দিব লাগে| কণমানিটোৰ চিকিত্‌সাৰ বাবে দিব লগা আগধন| মই একো নভবাকৈয়ে মোৰ এ.টি.এম কাৰ্ডখন উলিয়াই দি ক’লো বিছহাজাৰ ল’ব পাৰিবা মোৰ পৰা| তাৰ বেছি নাই কিন্তু| সি থত্‌মত্‌ খাই গ’ল| কি কৈছে এইবোৰ বুলি কৈ উঠিল| মই ক’লো ইমান ভাবিব লগা কি আছে তোমাৰ যেতিয়া সুবিধা হ’ব তেতিয়া দিবা| মোকতো এতিয়া টকাৰ প্ৰয়োজন নাই| মোক লগাখিনি মই লগত লৈয়ে আহিছো| আগতে তোমাৰ বুকুৰ কলিজাটোকতো জীয়াই তোলা| কৃতজ্ঞতাবোধত চলচলীয়া চকুৰে মোৰ হাতদুখন সাবতি সি কৈছিল আপোনাৰ এই উপকাৰ মই কেতিয়াও নাপাহৰো| মই যিমান সোনকাল পাৰো টকাখিনি উভতাই দিম আপোনাক| কথা দিয়াৰ দৰেই দহহাজাৰ ঘূৰাই দিলে মোক আৰু বাকী দহহাজাৰ পূজাৰ পাছ্ত দিব

দ্বিতীয় দিনা ইলা বাইদেউৰ লগত ৰাজপথেৰে খোজকাঢ়ি খোজকাঢ়ি ৰাজ্যপাল ভৱন পালোগৈ| সেইটো বাটত খোজকাঢ়িলে ওপৰলৈ উঠি গৈ থাকোঁতে মজা ওলায় যায়| তাতেই ভালেমান সময় ৰৈ বৰষুণত আকৌ তিতিলো| উভতি আহোঁতে ৰিক্সা এখন পায় দুয়ো উঠিলো| সেই মোৰ চিনাকী দোকানখনত ঠাণ্ডা এটা খাই আকৌ উজান বজাৰৰ মাজেৰে খোজকাঢ়ি ৰুমলৈ উভতি আহিলো| তৃতীয় দিনা ৰতনৰ লগত খোজকাঢ়ি খোজকাঢ়ি মেঘ্দূত ভবনলৈ গৈ ঘূৰি আহোঁতে দীঘলী পুখুৰী হৈ আহিলো| হঠাত্‍ আকৌ বৰষুণ আহিল| ৰিক্সা এখনত উঠাত ওৱান ৱে বুলি দীঘলী পুখুৰীৰ পাৰেৰে নগৈ উজান বজাৰৰ মাজেৰে লৈ গ’ল| মোৰ অকস্মাত চকুত পৰিল ৰবীন্দ্ৰ ভৱনত চলি থকা নটসূৰ্য ফণী শৰ্মা নাট সমাৰোহৰ বেনাৰলৈ| সপ্তাহজোৰা কাৰ্যক্ৰম| এক আগষ্টৰ পৰা সাত আগষ্টলৈ| ভাল লাগি গ’ল মনটো| কিমান বছৰ যে নাটক চোৱা নাই! ৰতনক ক’লো কাইলৈৰ পৰা তুমি আৰু মোক লগ দিব নালাগে| এইকেইদিন মোৰ ভালকৈ পাৰ হ’ব| সি হাঁহিলে| চতুৰ্থ দিনা সঁচাকৈয়ে চাৰে পাঁচ হোৱাৰ লগে লগে মই ৰতনক ফোন লগালো-তুমি যাবানে? সি বোলে যাম দিয়া| গ’লো| ৰবীন্দ্ৰ ভৱনত গৈ বহাৰ লগে লগে এক অনন্য অনুভুতিয়ে চুই গ’ল মোক| প্ৰায় ষোল্ল বছৰৰ পাছত মই নাটক চাম! এসময়ত অভিনয় মোৰ প্ৰিয় আছিল| ডুমডুমা কলেজৰ শ্ৰেষ্ঠ অভিনেত্ৰী আছিলো মই| কিন্তু বিয়াৰ পাছত সকলো ক’ৰবাত হেৰায় থাকিল| সেইদিনা ’ৰূপালীম’ চালো| মন ভৰি গ’ল| অভিনয়, আলোক সজ্জা, বেশভুষা, সংলাপ প্ৰক্ষেপণ সকলোবোৰেই উন্নত আছিল| পঞ্চম দিনা চালো ’অভিমানে যেতিয়া হৃদয় স্পৰ্শে’| এটা সাধাৰণ কাহিনীক লৈ কৰা যদিও নাটকখন উপভোগ্য আছিল| সেইদিনা মই অকলে চালো| মাত্ৰ উভতিবৰ সময়্ত ৰতনে মোক নিবলৈ আহিছিল| ষষ্ঠ দিনা ৰতনৰ কাৰণেই চাবলৈ নাপালো| সি ক’ৰবালৈ যোৱাৰ কাৰণে বহুত পলম হ’ল| নাটক চাবলৈ যাবলৈ নাপালো| ৰাতি ভাত খাওঁতে খঙত তাক ভালকৈ নামাতিলোৱে| তাৰ পাছদিনা দেওবাৰ| সি বাৰে বাৰে ফোন কৰি তাৰ ককায়েকৰ ঘৰলৈ লগ ধৰিছে| সকলো ভাগে ভাগে ওলায় যোৱাত অকলশৰীয়া হৈ ময়ো তাৰ লগত গৈ বশিষ্ঠ পালোগৈ| দিনটো তাতে তাৰ ককায়েকৰ ঘৰত খাই-বৈ সন্ধিয়ালৈ চালো প্ৰাঞ্জল শইকীয়া আৰু পূৰ্ণিমা শইকীয়াই অভিনয় কৰা ’সুখ দুখ আৰু বহুতো’| সেইদিনাৰ নাটকৰ শেষত ঘোষণা কৰিলে যে কাইলৈ দাদা চাহেব ফাল্কে বঁটা বিজয়ী সৌমিত্ৰ চেটাৰ্জীৰ অভিনীত নাট ’হোমা পাখি’ দিব| সিদিনাৰ বাবে টিকট কাটিব লাগিব| তলৰ মহলাৰ বাবে পাঁচশ টকা আৰু ওপৰৰ মহলাৰ বাবে এশ টকা| আগদিনাখনেই ইচ্ছুক ব্যক্তিয়ে টিকট সংগ্ৰহ কৰিব পাৰিব| মই লগে লগে দুশ টকাৰে দুটা ওপৰৰ মহলাৰ টিকট ল’লো| সৌমিত্ৰ চেটাৰ্জী আৰু তেওঁৰ দলে মঞ্চত যি উপস্থাপন কৰিলে তাক মই এই জীৱনত কোনোমতে পাহৰিব নোৱাৰো|.

সাত তাৰিখৰ দিনা ৰাতিপুৱা ৰুম সাৰিবলৈ অহা আৰতিয়ে সুধিলে বাইদেউ আপোনালোকে কোনদিনা যাব শনিবাৰে নে শুকুৰবাৰে? মই ক’লো কিয় আমাৰতো শনিবাৰলৈকে ট্ৰেইনিং আছে? তাই ক’লে নহয় বাইদেউ শনিবাৰে ট্ৰেইনিং নহয় কাৰণ সেইদিনা মাহৰ দ্বিতীয় সপ্তাহ| হিচাপত খেলি-মেলি লাগি গ’ল| কাৰণ ৰতন আৰু মই ৰাজধানীত ৰিটাৰ্ণ টিকেট কাটি নিছিলো| আমাৰ টিকেট আছিল শনিবাৰে ৰাতিৰ| এতিয়া শনিবাৰে যদি ট্ৰেইনিং নহয় তেন্তে আমি টিকেট কেন্‌‍চেল কৰি নতুনকৈ কাটিব লাগিব| পাছ্ত ক্লাচত ছাৰক সুধি গম পালো যে সঁচাকৈয়ে আমাৰ শনিবাৰে ট্ৰেইনিং নহয়| আবেলি আকৌ গৈ দুয়োটা ৰেলৱে ষ্টেচন পালোগৈ| আগৰ টিকেট কেন্‌চেল কৰিলো ঠিকেই কিন্তু নতুনকৈ ৰিজাৰ্ভেচন নাপালো| কি কৰা যায়? আহিছো যেতিয়া ভলভ’ৰ টিকেটকে বুক কৰি থৈ যাওঁ আৰু কি মই ক’লো| আকৌ দুইটাই অভাৰব্ৰীজ পাৰ হৈ গৈ এ.এচ.টি.চিত টিকেট কাটো মানে চাৰে সাত বাজিল| ইফালে গৰম| তাতে খোজ কাঢ়োঁতে কাঢ়োঁতে অলপ অলপ ভোকো লাগিছিল| ৰতনক ক’লো কিবা এটা খাওঁ| ঠাণ্ডা আৰু চিকেন ৰ’ল এটা এটা খাই আমি উভতিলো| এইবাৰ মই বেগত থকা খুচুৰা পইচা এটা দুটাকৈ অভাৰব্ৰীজতে পৰি থকা অসহায় লোক এজন দুজনক দি আহিবলৈ ধৰিলো| এই কামটো মই প্ৰায়ে কৰোঁ| খুচুৰাকেইটা শেষ হৈয়ো দহটকা বিছটকাকেইটাও শেষ হ’ল| বেগত হাত দি চাই আৰু নাপায় ৰতনলৈ চাই বেঙীজনীৰ দৰে হাঁহিলো| ৰতনে ক’লে কিমান দিবা! তাৰ কথাৰ উত্তৰত মই একো নামাতিলো| মনে মনে ৰুমলৈ গুচি আহিলোঁ| আহোঁতে ৰতনৰ কথাষাৰ কাণত বাজি থাকিল| কিমান দিবা! হয় কিমান দিম! কিমান আছে মোৰ! কিমানেইবা বিলাব পাৰিম! ময়ো জানো তেওঁলোকক কিবা দি উদ্ধাৰ কৰিবৰ জোখাৰে মোৰ কোনো সামৰ্থ্য নাই| আৰু মোৰ এই এটকা-দুটকাই তেওঁলোকক বৰ বিশেষ এটা সহায় কৰিব নোৱাৰে| তথাপিও মোৰ মন যায় দিব পৰাৰ সামৰ্থ থকালৈকে নি:সহায় কাৰোবাক অলপ সহায় কৰিবলৈ| 

ৰাতিলৈ শুবলৈ লৈ মানসলৈ ফোন কৰিলো| মানস ফেচবুকৰ জৰিয়তে চিনাকী হোৱা মোৰ আন এজন ভাতৃপ্ৰতিম বন্ধু| উপাৰ্জনৰ একমাত্ৰ পথটো বন্ধ হৈ যোৱাত হতাশাত ভাঙি পৰিছিল সি| কথা প্ৰসংগতে এদিন ক’লো তুমি যদি নিজা ববীয়াকৈ কিবা ব্যৱসায় আৰম্ভ কৰিব খোজা তেন্তে অলপ মূলধন ধাৰলৈ বুলি মই দিব পাৰোঁ| কিন্তু মোক টকাখিনি উভতাই দিব লাগিব বাবাৰ প্ৰয়োজনৰ সময়ত| বাবা মানে মোৰ ল’ৰাটো| গোটেইবোৰ ঠিক-ঠাক কৰি এদিন তাক পঞ্চাশ হাজাৰ টকা দিলো| সিও মোৰ টকাৰেই বোৱা কাপোৰৰ দোকান এখন আৰম্ভ কৰিলে গুৱাহাটীতেই| কিন্তু তাৰ দোকানখনলৈ মই যাম বুলি কোৱাৰ লগে লগেই সি মোৰ ফোন কাটি দিলে|( তাৰপাছৰ পৰা আজিলৈকে মোক আৰু যোগাযোগ নাই কৰা)| উদাস উদাস লাগিল মনটো| কিয় এনে হয়! কিয় বিশ্বাসৰ ভেটিত সদায় আউল লাগে? টকাৰ কাৰণেই এজন সুহৃদ বন্ধু পালো, টকাৰ কাৰণেই এজন বন্ধু হেৰুৱালো! টকাৰ কাৰণেই মই চাকৰি কৰিছোঁ! চাকৰিটো ঠিকে-ঠাকে থাকক বুলিয়েই ঘৰ-সংসাৰ ল’ৰা-ছোৱালী এৰি মই ইমান দূৰত আহি আছোহি! টকাই সবৰ্স্ব নেকি? টকাই মানুহৰ সম্পৰ্কৰ মূল্য নিৰ্ধাৰণ কৰে নেকি? টকা নহ’লে এই দুনীয়াত একোৱে নাই নেকি? খুব কষ্ট হয় মোৰ যেতিয়াই ভাবো টকাই শেষ কথা বুলি| মই ভাবো জীয়াই থাকিবলৈকে টকা লাগে কিন্তু টকাই জীৱনৰ একমাত্ৰ অবলম্বন নহয়| হ’ব নোৱাৰে| জীৱনৰ এচোৱা দীঘল সময় কটাইছো মই অৰ্থৰ অভাৱত| অৰ্থহীতাত ভুগি কিদৰে প্ৰতি পলে পলে হেৰুৱাই পেলাইছিলো জীয়াই থকাৰ মোহ সেই কথা আজি আৰু নুলিয়াও| মই বুজো খালি পেটেৰে মানুহে ভাল-বেয়া ভাবিব নোৱাৰে| অভাৱে অনেক সময়ত মানুহক প্ৰতাৰণা কৰে| কিন্তু?????

মানুহৰ ভাবনাৰ শেষ নাই| বোধকৰোঁ মানুহৰ প্ৰয়োজনৰো অন্ত নাই| মৃত্যুৰ কোলাত ঢলি নপৰালৈকে আজি এটা কালি এটা কিবা নহয় কিবা এটা প্ৰয়োজন ওলায়েই থাকিব| আৰু অজানিতে মানুহে নিজক ফাঁকি দিবলৈকে এটা এটা অজুহাত উলিয়াই মোহাছন্ন হৈ গৈ থাকিব| কামটো কৰিম নিজেই কিন্তু কৰাৰ কাৰণটো জাপিম আন কাৰোবাৰ ওপৰত| শৈশৱ পাৰ হৈ কৈশোৰ পাম, কৈশোৰ পাৰ হৈ যৌৱন পাম| যৌৱনত সংসাৰ ধৰ্ম পালন কৰি বিয়া-বাৰু কৰাম| সতি-সন্ততি জন্ম দিম| লাহে লাহে বুঢ়া-বুঢ়ী হৈ এদিন মৰি থাকিম| এইখিনিলৈ ঠিকেই আছে| মানুহৰ জীৱন চক্ৰ এইয়া| এক ক্ৰম বিবৰ্তনৰ প্ৰক্ৰিয়া| কিন্তু এই জীৱন কালতেই মানুহে জীয়াই থকাৰ নামত নকৰে কি? অতীত-বৰ্তমান-ভৱিষ্যত| শিশু হৈ থকালৈকে হয়তো সকলো ঠিকে থাকে| লাহে লাহে মা-দেউতাৰ আঁচল এৰি নিজৰ ভৰিত নিজে থিয় দিয়াৰ পৰাই আৰম্ভ হৈ যায় স্মৃতি-বিস্মৃতি, পাপ-পূণ্য, লাভ-লোকচান, বিশ্বাস-প্ৰতাৰণা, দিয়া-লোৱা, ভাল-বেয়া আৰু যত তুলনাত্মক শব্দ আছে সকলোবোৰৰ সৈতে আমাৰ মন-মগজুৰ টনা আজোঁৰা| যেতিয়াই যি কৰোঁ প্ৰত্যুত্তৰত মাথোঁ এটাই সাত্বনা ভৱিষ্যত সুৰক্ষাৰ প্ৰবঞ্চনা| এজনৰ পৰা আনজনলৈ, এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ, এটা যুগৰ পৰা আন এটা যুগলৈ অৱধাৰিতভাবেই বৈ যায় জীৱন নাটৰ এই প্ৰহসন| সদৌ শেষত গৈ টকাই আগুৰি ধৰে জীৱন আৰু জীৱিকা!!!!

শৰত আহি পদূলি মুখত ৰৈ আছেহি| শৰত মানেই পূজা| পূজা মানেই আনন্দ| আনন্দ মানেই ৰং-ৰহইচ, নতুন কাপোৰ, বিধে বিধে মিঠাই, পূজাৰ মণ্ডপ, মণ্ডপত পোহৰৰ মেলা, বেলুন, দেধাৰ খেলা ব্স্তু, সৰু সৰু ল’ৰা-ছোৱালীৰ বন্দুক-পিষ্টল-গুলি, আৰু কত যে কি! সৰু থাকোঁতে পূজা আহিলে মোৰো ভাল লাগিছিল| কাৰণ বছৰত এবাৰ এই পূজাতেই একোটাকৈ নতুন চোলা পিন্ধিবলৈ পাইছিলো| মা-দেউতাৰ হাতত ধৰি পূজা চাই চাই বেলুন এটা কিনি জিলাপী খাই আনন্দ কৰিছিলো| কিন্তু বুজা হোৱাৰ পৰা পূজা-দেৱালী আহিলে মোৰ বেয়া লাগে| যিদিনা টকাৰ বাবে জীৱন বেচিবলৈ বাধ্য হৈছিলো সেইদিনা বুজি উঠিছিলো যে সুখ অথবা দুখ আনক দেখুওৱা বস্তু নহয়| আনৰ পৰা কাঢ়ি আনি নিজক পূৰ্ণ কৰি তোলাক সুখ নোবোলে| সুখৰ নামত আনৰ বুকুত আঁকি দিয়া দুখৰ মালিতাক জীৱন নোবোলে| জীৱন মানে আনৰ বাবে নিজক উচৰ্গা কৰা| সুখ বিলোৱা নাযায় অনুভৱহে কৰা যায় যেতিয়া কাৰোবাৰ দুচকুত জিলিকি উঠে প্ৰত্যয়ৰ দুটোপাল অশ্ৰু| দুখ ভগোৱা নাযায় মাত্ৰ কলিজাৰ কোঁহে কোঁহে তেজৰ দৰেই শিৰাই শিৰাই উপলব্ধি কৰা যায় তাৰ অন্তহীন প্ৰবাহ|

অপ্ৰাসংগিক যদিও এটা প্ৰশ্ন কৰোঁ শাৰদীয় দূৰ্গা পূজাৰ সময়ত পূজাৰ নামত সমগ্ৰ দেশত কিমান টকাৰ শৰাধ হয় কোনোবাই কব পাৰিবনে? উপৰুৱাকৈ চালে পূজা আহিলে বহুলোক উপকৃত হয়| বিশেষকৈ প্ৰতিমা সজা খনিকৰসকল, প্ৰতিমাৰ লাগতীয়াল যা-যোগাৰ (আ-অলংকাৰৰ পৰা কাপোৰলৈকে) বেচা দোকানীসকল, পূজাৰ মণ্ডপ সজা ব্যৱসায়ীসকল, বাটে-ঘাটে চাহ-মিঠাই-খেলা বস্তুৰ দোকান দিয়া ক্ষুদ্ৰ ব্যৱসায়ীসকল, বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানৰ মালিকসকল আৰু বহুতো| যান্ত্ৰিকতাৰ ধামখুমীয়াত পৰি উশাহ লবলৈকো আহৰি নোপোৱা মানুহে লগে ভাগে অলপ হাঁহি-তামাচা কৰিবলৈ পায় তাত আপত্তি কৰিব লগা কাৰো একো নাই| কিন্তু অলপ দকৈ কোনোবাই ভাবেনে মাত্ৰ পূজাৰ নামত হাজাৰ-হাজাৰ কোটি কোটি টকা এনেই অবাবতে যায়| পূজা আহিলেই প্ৰায়ে ঘৰে ঘৰে(আজিকালি দোকান-পোহাৰ/যাতায়াতৰ বাহনো বাদ পৰি নাযায়) চান্দা তোলে| একেবাৰে কৃপন জনেও পূজাৰ নামত দহটকা দিয়ে| পূজা নহ’লে আন কিবা এটা সত্‌কৰ্মত হয়তো ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে হয়তো এনেকৈ হাত উজান নিদিলে হয়| মই এইটো কব খোজা নাই যে ৰাইজে ভাল কামত সহাঁৰি নিদিয়ে| মই মাথোঁ ইয়াকে কব খুজিছোঁ এই যে কোটি কোটি টকা খৰচ কৰি মানুহে ভাগে ভাগে পূজা পাতে তাৰ সলনি মাত্ৰ এঠাইত এভাগ পূজা পাতি সংগৃহীত টকাখিনি কিয় দুখীয়া-নিছলা লোকৰ সংস্থাপনৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা এটা কৰিব নোৱাৰে? কেবল মাত্ৰ আমাৰ তিনিচুকীয়া চহৰতে গড় হিচাপত আশীখন পূজা হয়| গোটেই জিলাখনত এই পৰিসংখ্যা কিমান হ’ব মই নাজানো| তিনিচুকীয়া অসমৰ এখন সৰু জিলা| তাৰ তুলনাত এই সংখ্যা পশ্চিমবঙ্গত কিমান হ’ব তাক আপোনালোকেই অনুমান কৰকচোন| এই কথাখিনি দেৱালী( নে দীপাৱলী)ৰ ক্ষেত্ৰতো খাটে| বন্তি জ্বলোৱা আৰু ফট্‌কা ফুটুৱাৰ নামত কিমান টকা জ্বলি ছাঁই হৈ যায় তাৰ হিচাপ কোনে ৰাখে! এইটো সকলোৱে জানে যে ফট্‌কা ব্যৱসায়ত মুষ্টিমেয় কিছুসংখ্যক লোকহে লাভবান হয়| তাকো যিসকল লাভবান হয় তেওঁলোক হয়তো পূৰ্বৰে পৰাই পুঁজিপতি| আনহাতে ফট্‌কা উত্পাদনত লাগি থকা দুখীয়া কৰ্মচাৰীসকলৰ কোনো পৰিবৰ্তন নহয়| আচলতে বিহু-পূজা-দীপাৱলী যিয়েই নহওক আনন্দ উদ্‌যাপন কৰিবলৈ সকলোৰে সমান সামৰ্থ নাথাকে| যিমান সংখ্যক লোক সমৰ্থবান তাৰ শতগুণ বেছি সংখ্যকেই এনে আনন্দ উপভোগ কৰাত অসমৰ্থ| এই কথাটোৱে মোক অহৰহ আমনি কৰে|

আকৌ পূজা শেষ হোৱাৰ লগে লগে কেবল পূজা মণ্ডপেই নহয় সমগ্ৰ চহৰখনেই অপৰিস্কাৰ হৈ পৰে| নদীৰ বুকুত মূৰ্তি উটুৱাই দিয়াৰ পাছত হোৱা প্ৰদূষণৰ কথা মই নকলেও হ’ব| ফট্‌কা ফুটাই হোৱা শব্দ প্ৰদূষণৰ লগতে গোটেই বায়ুমণ্ডলেই যে প্ৰদূষিত হৈ যায় তাক আজি কণ কণ শিশুৱেও জানে| অবাবতে কাটি নষ্ট কৰা কলগছবোৰে জাবৰৰ পৰিমাণ বঢ়ায়| লগতে পুৰঠ কলগছ এজোপা কাটি পেলোৱাৰ ফলত কলৰ উত্‌পাদনত জানো প্ৰতিক্ৰিয়াৰ সৃষ্টি নহয়? বন্তি জ্ব্লোৱাৰ পাছত পেলাই দিয়া মাটিৰ চাকিবোৰেও মাটিকে প্ৰদুষিত কৰে| পোৰা মাটিৰ উৰ্বৰা শক্তি নাথাকে| বৰং পোৰা মাটিয়ে আন সাৰুৱা মাটিৰ ভাৰসাম্যতাহে নষ্ট কৰে| কাৰণ পোৰা মাটি কেতিয়াও কেঁচা মাটিৰ লগত মিলি নাযায়| পুৰি পেলোৱাৰ ফলত মাটিয়ে তাৰ গুণাগুণ হেৰুৱায়| তেনে পূজা বা দীপাৱলী উদ্‌যাপন কৰাৰ উত্‌সাহ মই ক’ৰ পৰা পাওঁ? কথাবোৰ চাগে বিসংগতি পূৰ্ণ হ’ল| হ’ল যদি হ’ল আৰু উপায় নাই| কিবা এটা ভাবি থাকোঁতে আন এটা ভাবে খেলিমেলি লগায় দিয়ে| বনৰীয়া ঘোঁৰাকো বান্ধিব পাৰিম চাগে মনটোক হ’লে আজিলৈ বান্ধিব নোৱাৰিলো| নোৱাৰিমো নেকি!!!!
************************************************************************************************************

ভাল কি, বেয়া কি ?

ঘৰত মানুহজন নাই বুলিয়ে এইকেইদিন অফিচৰ পৰা অলপ সোনকালে আহিছোঁ | আনদিনাৰ সময়ত ওলালে কেতিয়াবা ৰিক্সা নাপাওঁ| ৰিক্সা নাপালে ৩ কি.মি. বাট খোজকাঢ়ি অহাৰ কথাটো ভাবিলে ভাগৰে আগতেই হেচাঁ মাৰি ধৰে| আজি ৪.৩০ টাতে ঘৰ পালোঁহি| ঘৰ পাই দেখো ল’ৰাটো লগৰ দুটামানৰ লগত আলিৰ সিটো মূৰত কথা পতাত ইমানেই মগ্ন যে সি মোক দেখাই নাই| গেটখন খুলি মই মাত দিলোঁ-“বাবা”| মোৰ মাত শুনি সি মা আহিলা বুলি ঘৰলৈ আহিল| সন্ধিয়ালৈ চাহ তাহ খাই তাক ক’লো-“ বাবা, আজিৰ পৰা বাহিৰলৈ নাযাবা| দেউতাও নাই ঘৰত| আৰু এই বেয়া ল’ৰাবোৰৰ লগ হৈ তুমিও বেয়া হ’লে মই দেউতাক কি কম”?  সি মোৰ ফালে চাই ক’লে-“মা , দেউতাইতো কৈয়ে থাকে| আজি তুমিও ক’লা| আচলতে ভাৰ্গব বেয়া ল’ৰা নহয়| মানুহৰ ভাল বেয়ানো কিহৰ ওপৰত নিৰ্ভৰ কৰে”? এক মুহুৰ্তৰ বাবে মই স্তব্ধ হৈ গ’লোঁ| কিমান ডাঙৰ প্ৰশ্ন এটা কৰি দিলে সি! মই ক’লো-“ভাৰ্গব ভাল নে বেয়া মই সেইটো কোৱা নাই| কিন্তু সি যি ধৰণে কথা কয় , যেনেকুৱা ধৰণৰ কথা কয় ভাল ল’ৰাই তেনেকৈ কথা নকয়| আৰু তাৰ পৰীক্ষা শেষ হৈয়ো নতুন ক্লাচ আৰম্ভ হৈছে| গতিকে সি এতিয়া নপঢ়িলেও হয়| কিন্তু তোমাৰ বছৰেকীয়া পৰীক্ষা| গতিকে তুমি পঢ়িব লাগিব| ভাল বেয়াটো পিছৰ কথা”| তাক পঢ়াৰ টেবুলত বহুৱাই মই ভাবি আছো এৰা কোন ভাল কোন বেয়া! মানুহৰ ভাল বেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে? আমি মানুহ এজনৰ জীৱনকালত তেওঁৰ সঠিক বিশ্লেষণ কৰিব পাৰোঁ জানো ? কোনোবাই কিবা এটা ভুল কৰিলে বা বেয়া কৰিলে তাকেই ভুল কৰোঁতাজনৰ পিঠিত লেবেল লগাই ঠাট্টা ইতিকিং কৰি তেওঁৰ জীৱন দুৰ্বিসহ কৰি নোতোলোনে? সময় পাৰ হৈ গ’লেও সুৰুঙা পালেই সেই ভুলটো খুচৰি মানুহজনক বাৰে বাৰে আঘাট নাসানোনে? তেতিয়া হ’লে বেয়া কোন?
ভাল বা বেয়াৰ সংজ্ঞা কি? যাৰ পৰা আমাৰ লাভ হয় সেয়ে ভাল আৰু যাৰ পৰা আমাৰ লোকচান হয় সেয়ে বেয়া ,সাধাৰণভাবে এইয়াই নহয় জানো? ইয়াৰ অৰ্থ এইটো নেকি যে ব্যক্তিকেন্দ্ৰিক হৈ আমি মাত্ৰ লাভ-লোকচানৰ ওপৰতে বিচাৰ কৰি ভাল বা বেয়াৰ সংজ্ঞা আমাৰ সুবিধামতে কওঁ বা দিওঁ? জন্মতেই কোনো মানুহ ভাল বা বেয়া হৈ নাহে| নিজৰ কৰ্মৰাজিৰে মানুহে নিজৰ ভাল বা বেয়াৰ পৰিচয় ডাঙি ধৰে| কিন্তু আনক ভাল বা বেয়া বুলি ক’বলৈ যোৱাৰ আগতে আমি নিজকে কিমান ভাল বা কিমান বেয়া বুলি কেতিয়াবা বিশ্লেষণ কৰি চাওঁ নে ? স্বাৰ্থপৰতাৰ সীমাৰ বাহিৰলৈ গৈ নিৰপেক্ষভাবে নিজেই নিজকে সমালোচনা কৰোঁনে? আমাৰ চকুৰ আগতেই কোনোবাই যদি কিবা বেয়া কৰে চকু কাণ মুদি বহি নাথাকি সেই বেয়া “টোক” বা “খিনিক” ভাল কৰিবলৈ কিবা কৰোঁনে?
 আজিকালি চাৰিওফালে মাথো হত্যা হিংসা লুন্ঠন আৰু দুৰ্নীতিৰ মেলা| নিজক প্ৰাধান্য দি সকলোৱে মাথো স্বাৰ্থসিদ্ধি কৰে| অন্যায় অনাচাৰ বাঢ়ি যোৱাৰ লগে লগে যেন ভাল বেয়াৰ স্বৰূপো সলনি হৈছে| যিদৰে সলনি হৈছে মানুহৰ চিন্তাধাৰা-মূল্যবোধ| ভাল-বেয়া, পায়-নেপায়, উচিত-অনুচিত , ভুল-শুদ্ধ সকলোবোৰে যেন নিজৰ স্থান হেৰুৱাইছে| সকলোবোৰে মানুহৰ স্বাৰ্থৰ ব্যৱহাৰত পৰি নিজৰ মান হেৰুৱাইছে | আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক| ঘৰখনেই ল’ৰা-ছোৱালীৰ প্ৰথম পঢ়াশালি| এই কোমল বয়সতেই আমি আমাৰ ল’ৰা-ছোৱালীক যদি উচিত শিক্ষা দি শুদ্ধ পথ দেখুৱাব নোৱাৰোঁ তেনেহ’লে ভৱিষ্যতে সিহঁতৰ পৰা উন্নতি আশা কৰিম কেনেকৈ? মোৰ মতে আনৰ অহিত চিন্তা কৰা, অপকাৰ কৰা, নিজৰ লগতে সমাজৰ অনিষ্ট কৰিব পৰা কথা বা কাম সকলোবোৰেই বেয়া| কিন্তু ভাল কোনবোৰ? এই লৈ মই অলপ বিবুদ্ধিত পৰোঁ| আজিৰ দিনত বহুত টকা পইচা সা-সম্পত্তি লৈ ডাঙৰ ডাঙৰ চহৰবোৰত অট্টালিকা সাজি লাহ বিলাহত দিন কটাব পৰাটোৱে ভাল| নিজৰ জীৱনত একো কৰিব নোৱাৰিলে পুতেক বা জীয়েক-জোঁৱায়েক কোনোবা যদি বিদেশত থাকে সেয়া ভাল| উচ্চ পদস্থ বিষয়া হ’ব পাৰিলে সেয়াও ভাল| মন্ত্ৰী এম.এল.এ হ’ব পাৰিলেতো কথাই নাই| নহ’লেও ডাক্তৰ ইঞ্জিনীয়াৰ হ’বই লাগে| নতুবা টেবুলৰ তলেৰে হাতৰ মুঠি ভৰ্তি হোৱা তেনেকুৱা সুবিধা থকা চাকৰিও বেয়া নহয় । ….. নাজানো ।
মানুহজনে অফিচৰ পৰা আহি প্ৰায়ে ল’ৰাটোৱে শুনাকৈ কয় অমুকৰ ল’ৰাটো পঢ়াত ইমান ভাল তমুকত ছিট পালে| তমুকৰ ল’ৰাটো তমুক হ’ল| চব ভাল| আমাৰ ইহে কি হ’ব! নপঢ়েই দেখোন! তুমিও নোচোৱা হ’লা! মিছা নহয়| ল’ৰাটোৱে একেবাৰে নপঢ়ে| মই ওচৰত বহি থকাৰ সময়খিনিয়ে যি মন দি পঢ়ে| আজিকালি ময়ো নপঢ়াওঁ তাক| কাৰণ সি অনবৰতে মোৰ গাত ভেজা দিবলৈ লৈছে| যিটো মুঠেই ভাল লক্ষণ নহয়| মাক হিচাপে মই তাৰ ভাল হোৱাটোৱে বিচাৰিম| তাৰবাবে তাক যিখিনি সহায় সহযোগ লাগে সেইখিনি মই নিশ্চয় কৰিম| কিন্তু ভাটৌ চৰাইৰ দৰে মুখস্থ মাতি একো নুবুজাকৈ নম্বৰ দুটামান বেছিকৈ পাই সি আগবাঢ়ক সেয়া মই নিবিচাৰোঁ| শুনাত আচহুৱা যেন লাগিলেও প্ৰতিষ্ঠাৰ দৌৰত সি তাৰ মানবীয় প্ৰমূল্যবোধ তাৰ চেতনা হেৰুৱাটো মই নিবিচাৰোঁ| মই নিবিচাৰোঁ পঢ়া শুনাত টপাৰ হৈ সি কোনোবা দূৰ-দূৰণিলৈ গুচি যাওক| বিদেশলৈ গৈ মাক দেউতাক ভনীয়েকৰ মুখকেইখন সি পাহৰি যাওক| ভৱিষ্যতৰ নিৰাপত্তাৰ নামত দিনে ৰাতিয়ে কেবল টকা পইচাৰ হিচাপ কৰক| খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সি কেবল অংককে কৰক| জীৱন চলোৱাৰ অংক| মই বিচাৰোঁ সি ইয়াতে থাকক| মোৰ আশে পাশে| গান গাওঁক| নাটক কৰক| বিহু আহিলে , পূজা আহিলে আমাৰ লগত একেলগে আনন্দ উপভোগ কৰক| আমাৰ অসুখ-বিসুখ হ’লে সিও অলপ ব্যস্ত হওক| সাধাৰণ চাকৰি এটা কৰি বা নিজা ববীয়াকৈ কিবা এটা কৰিয়ে সিয়ো সন্তুষ্ট হওক| মাটিৰ মানুহ হৈ সাধাৰণ মানুহৰ সুখ দুখ সি তাৰ মাজত উপলব্ধি কৰক| উচ্চকাংক্ষাৰ ভৰত আমোদ প্ৰমোদৰ নিচাত পৰি সি যেন নাৰী মানে কেৱল এটা শৰীৰ বুলি ভবাৰ ভুল নকৰে| শৰীৰটোৰ আঁৰত মন এটাৰ ভাঁজত মা-বাই-ভনী বা আন কোনোবাৰ উপস্থিতি অনুভৱ কৰিব পৰাকৈ তাৰ মনটো সংবেদলশীল হওক| জীয়াই থকাটো যেন তাৰবাবে এটা অভিশাপ হৈ নুঠক| মোৰ পৰিচয় কঢ়িয়াব নালাগে সি| সি নিজেই তাৰ নিজৰ পৰিচয় দিয়ক| সঁচা অৰ্থত মানুহ হওক| দয়া-মায়া ,  মমতা ,  মানৱতা , সাধুতা এই শব্দবোৰৰ অৰ্থ সি বুজি পাওক| হাঁহি কান্দোনৰ পাৰ্থক্য সি উপলব্ধি কৰক|
ৰামায়ন মহাভাৰতৰ যুগৰে পৰাই এই ভাল বেয়াই মানুহক ছলনা কৰি আহিছে| অথবা মানুহে নিজৰ সুবিধা অনুযায়ী ভাল-বেয়াক ব্যৱহাৰ কৰি আহিছে| যদিও মানুহে ৰামক শ্ৰেষ্ঠ বুলি কয় মই মানি নলওঁ| একেজনেই ৰাম যি পিতৃ বাক্য পালিবলৈ ১৪ বছৰ বনবাস খাটিছিল; কিন্তু গৰ্ভৱতী পত্নীক নিৰ্জন বনত এৰি দিবলৈ এবাৰো কুন্ঠাবোধ কৰা নাছিল| অথচ সেইগৰাকী পত্নীয়ে সোণৰ কাৰেং এৰি পলকতে ৰামৰ সৈতে বনলৈ যাবলৈ দ্বিধাবোধ কৰা নাছিল| ৰামে পুত্ৰ বুলি লৱ-কুশক আদৰি লৈছিল কিন্তু সিহঁতক জন্ম দিয়া মাতৃক আকৌ অগ্নিপৰীক্ষা দিবলৈ কৈছিল| ৰাৱনে সীতাক হৰণ কৰাৰ সলনি ৰামে যদি দ্বিতীয়বাৰৰ বাবে কাৰোবাৰ পাণিগ্ৰহণ কৰিব খুজিলে হয় তেতিয়া সীতাৰ প্ৰতিবাদ বা মনোকষ্টই কিবা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলেহেঁতন নে?  এইটো এটা সাধাৰণ প্ৰশ্ন| মহাভাৰততো মাক হৈয়ো কুন্তীৰ পক্ষপাতমূলক আচৰণ| ধৃতৰাষ্ট্ৰৰ অত্যধিক পুত্ৰস্নেহ| শকুনিৰ প্ৰতিশোধ| কৌৰৱৰ সীমাহীন লালসা| কৃষ্ণৰ ৰাজনৈতিক চাতুৰ্য্য| সপ্তৰথীৰ অভিমন্যু বধ| যুধিষ্ঠিৰৰ অহেতুক সত্যপ্ৰিয়তা| দ্ৰোণাচাৰ্য্যৰ একলব্যৰ পৰা গুৰুদক্ষিণা লাভ| কৰ্ণৰ অভিশাপ ।  তথাপি ৰামায়ন আৰু  মহাভাৰত দুয়োখন মহাকাব্য সেয়া স্বীকাৰ কৰিবই লাগিব| দস্যুৰ পৰা ঋষিলৈ ৰত্নাকৰৰ যি পৰিৱৰ্তন তাৰে প্ৰতিলিপি ৰামায়ন| আনহাতে অসামাজিকভাবে জন্মগ্ৰহণ কৰিও মহৰ্ষি ব্যাসে মহাভাৰতৰ ৰূপত যি মহাকাব্য ৰচনা কৰিলে সেয়ে তেওঁক  যুগমীয়া কৰিলে|
ভাল অথবা বেয়া যিকোনো এটা হ’বই লাগিব| ভালে-বেয়াই মিলিহে এজন মানুহ “মানুহ” হয়| বেয়াখিনি ঢাকি ৰাখি ভালখিনি বিচাৰি উলিয়াই কিয় বাৰু  আমি জীয়াই থকাৰ দিনকেইটা অলপ সহজ কৰি নোতোলোঁ ! কিয়নো অনবৰতে ভালৰ শৰাধ পাতি বেয়াবোৰ বিচাৰি ফুৰোঁ ? আহকচোন ভালবোৰ বিচাৰি চাওঁ| আমি অভিভাৱকসকলেই যদি বাট দেখুৱাই নিদিওঁ আমাৰ অনুগামীসকলৰ পৰা ভালটো আশা কৰিম কেনেকৈ? উপদেশতকৈ আৰ্হি ভাল| যি ভাল সি সদায়েই  ভাল| কথাতে কয় নহয় “ভালে পায় ভালক , জাবৰে পায় খালক”|

*****************************************************************

গল্প নহয়....অনুভৱহে...

১৯৯৬ চনত মোৰ বিয়া হৈছিল পাঠশালাৰ হৰেণ বৰুৱাৰ সৈতে | মোৰ ঘৰ তিনিচুকীয়াত | মোৰ শাহু-শহু নাই | দুজন বৰজনা, দুগৰাকী জা আৰু পাঁচটা ভতিজা ভতিজী | বিয়া ঠিক হোৱাৰ পাছত আমাৰ বিয়ালৈ মাত্ৰ ডাঙৰজন বৰজনা আহিছিল | যিহেতু চাকৰিসুত্ৰে মোৰ স্বামী মাৰ্ঘেৰিটাত আছিল আমাৰ বিয়াও তাৰ পৰাই হৈছিল | গতিকে পাঠশালাৰ ঘৰখনৰ বিষয়ে আৰু তাৰ মানুহবোৰৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল | মোৰ চাকৰিয়ে বিয়াই একে বছৰতে হোৱাৰ বাবে ছুটিৰ অভাবত বিয়াৰ পাছতে লগে লগে আমি পাঠশালালৈ যাব নোৱাৰিলো | চাৰিমাহ পাছ্ত অফিচত সুধি গম পালো যে মই ১৩ দিনৰ বাবে উপাৰ্জিত ছুতি সেইবছৰৰ বাবে ল’ব পাৰিম | মানুহজনৰ লগত আলোচনা কৰি সেই ১৩দিনৰ ছুতি লৈ প্ৰথমবাৰৰ বাবে ওলালো পাঠশালালৈ | মিষ্টাৰক সুধি সুধি প্ৰত্যেকলৈ কিবা এটা এটা কিনি শেষত ওলালো আৰু | মই এনেই গুৰু গোসাঁই নামানো যদিও তেওঁক সুধিলো “মই কি পিন্ধিম শাৰী নে মেখেলা চাদৰ” ? মাৰ্ঘেৰিটাৰ পৰা পাঠশালালৈ বাচত কমেও ১৪-১৫ ঘণ্টাৰ বাট | “শাৰীয়ে পিন্ধিবা” তেওঁ ক’লে | শাৰী পিন্ধিলেই সুবিধা হ’ব যদিও মোৰ অলপ খু-দুৱনি লাগিল | প্ৰথম যাম তাকো শাৰী পিন্ধি ! তাতে মই উজনিৰ হোৱাৰ বাবে অলপ খোকোজা লাগিয়ে আছিল ঘৰখনত | ওহোঁ ঠিক নহ’ব কথাটো | “বাচৰ পৰা নামি ঘৰ পোৱাৰ আগতে ক’ৰবাত সলাব পাৰো যদি শাৰী পিন্ধিম নহ’লে নিপিন্ধো” মই ক’লো | অলপ ভাবি চাই তেওঁ ক’লে “পাৰিবা” | অবশেষত শাৰী পিন্ধিয়েই আৰম্ভ কৰিলো মোৰ পাঠশালা যাত্ৰা | মনটো উগুল থুগুল | পৰিবেশটো কেনেকুৱা হ’ব ! মানুহবোৰ কেনেকুৱা হ’ব ! মই মিলিব পাৰিম নে নাই ইত্যাদি লানি নিছিগা কথাই মনটো তোলপাৰ লগাই থাকিল | বাচত মোৰ কেতিয়াও টোপনি নধৰে | ডিব্ৰুগড় পাৰ হোৱাৰ পাছত মিষ্টাৰে টোপনিয়াবলৈ ধৰিলে | শিৱসাগৰত ভাত খাবলৈ বাচ ৰখালে | মিষ্টাৰে খাই আহিল | মই নাখালো | মোক দুখন তামোল আনি দিলে | খাই বৈ এইবাৰ তেওঁ দুৰ্ঘোৰ টোপনিত পৰিল | পুৱা ৬-৩০ মানত পাঠশালা পালোগৈ | তেওঁ মোক দোকান এখনলৈ লৈ গ’ল | তেওঁৰ লগৰ কাৰোবাৰ দোকান | পাছ্ফালে থকা ঘৰ আছে | মই মুখখন ধুই শাৰীখন সলাই ল’লো | ইতিমধ্যে তেওঁ অট’ এখন আনিলে | পাঠশালাৰ পৰা হালগিৰি ঘাটলৈ ৩ কি.মি মান হ’ব চাগে | কি বা কৰি আছে ঘৰৰ মানুহবোৰে ! আমি এইকেইদিনত আহিম বুলি জানে যদিও আজিয়ে আহিম বুলি নাজানে | অট’খন গৈ এখন চোতালত ৰ’লগৈ | খহি পৰা ওৰণিখন টানি নামিলো | চাৰিটামান ঘৰৰ মাজত উমৈহতীয়া চোতালখন | ডাঙৰ দাদাই কিবা কামি চাঁচি আছে | অট’ৰ শব্দত কেইবাগৰাকী মাইকী মানুহ আৰু সৰু সৰু ল’ৰা ছোৱালী দুটামান গোট খালে | এগৰাকীয়ে আহি ইমানদিনে ক’ত আছিলি বুলি মোক ক’পালতে চুমা এটা খাই উচুপি উঠিল | আন এগৰাকীয়ে আহ ভিতৰলে’ বুলি পিঠিতে হাতখন দি আদৰি নিলে | ভিতৰলৈ গৈ বিচনা এখনতে বহিলো | মোক আদৰি নিয়া গৰাকীয়ে ক’লে “ মই হৰেণৰ সৰু বৌ আৰু তোক যে চুমা খাইছিলে তাই ডাঙৰ বৌ | তই মুখ ধুই চাহ খাই ল তাৰপাছত গা ধুবি” | যিহওক প্ৰথম পৰ্বটো ভালেই গৈছে | মোৰ মনটো অলপ মুকলি মুকলি লাগিল | সৰুজনীয়ে পানী দুনি যতনাই দিলে গা ধুবলৈ | মই মাজতে সুধিলো ডাঙৰ গৰাকীয়ে কিয় কান্দিলেনো বুলি | তেওঁ ক’লে “ মাক নোহোৱা দেওৰেক নন্দেকক তেৱেঁ সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে | তহঁতৰ বিয়াত তাইৰ বৰ যাবৰ মন আছিল | যাব নোৱাৰিলে | সেয়ে তোক দেখি তাইৰ দুখ লাগিল” | গা ধুই কাপোৰকেইটা ধুব লওঁতেই তাই মোৰ হাতৰ পৰা থাপ মাৰি নি ক’লে “মই মেলি দিম তই যা | চুলি আচুঁৰি ফোঁট লৈ ভাল কাপোৰ এসাজ পিন্ধি ওলায় থাক | অলপ পাছতে তোক চাবলৈ চব মানুহ আহিব” |

কাপোৰ সলায় চুলি টুলি ফণিয়ায় আজৰি হৈ দেখো পোৱালী দুটামানে দুৱাৰ মুখতে চুচুক চামাক কৰি আছে | বেগৰ পৰা মৰ্টন দুটামান উলিয়ায় তাহাঁতক মাতিলো | কাষ চাপি আহিল আটাইকেইটা | দুটা ভতিজা, দুজনী ভতিজী | এটা অলপ ডাঙৰ | সি পঞ্চম শ্ৰেণীত পঢ়ে | সিয়ে আগভাগ লৈ আটাইকেইটাকে চিনাকী কৰাই দিলে | লাহে লাহে এজন দুজনকৈ আলহী আহিবলৈ ধৰিলে আৰু মোৰ ভাষা বিভ্ৰাট আৰম্ভ হ’বলৈ ধৰিলে | নামনি অসমত কথিত ভাষাটো অলপ বেলেগ বুলি শুনিছিলো যদিও কিমান বেলেগ সেই লৈ মোৰ কোনো ধাৰণা নাছিল | এটা দুটাকৈ বহুত নতুন শব্দ মনটোৱে সাঁচিবলৈ ধৰিলে | জা দুজনী চাহ কৰাত ব্যস্ত | মোক লাগিবলৈ নিদি ক’লে “তই চবৰে লগত চিনাকী হ খালি” | অলপ বয়সস্থ এগৰাকীয়ে ক’লে “অ’ হৰেণ তোৰ আপীটো বৰ থোগা দে” | শুনি চবেই হঁহাত একো নুবুজাকে ময়ো হাঁহিলো | আপী মানে যে মোকে কৈছে সেইটো বাৰু বুজিলো কিন্তু থোগা মানে কি ? ভাত খাবলৈ বহি ডাঙৰ ভতিজাটোক সুধিলো | সি ক’লে তাৰমানে ধুনীয়া | হাঁহি উঠিল | তাক ক’লো সি যেন দোভাষী হৈ মোৰ কাষে কাষে থাকে | ইতিমধ্যে কিছু কথা গম পাইছো | যেনে ছলি=ল’ৰা, জীয়=ছোৱালী, ছানা=পোৱালী, জেঠা-জেঠী=এপাদেউ-নিচাদেউ, খুট্টী=খুড়া, বাই=বাইদেউ, কাকা=ককাইদেউ | ভতিজা ভতিজীকেইটাই মোক খুড়ীমা বুলি মতাত শুনি মোৰ বৰ ভাল লাগিছিল | আমি আকৌ খুড়ীক খুড়ীদেউৰ সলনি খুইদ’ বুলিহে কওঁ | দিনটো পাৰ হ’ল তেনেকৈ | সন্ধিয়া আলোচনা চলিল মোক ৰান্ধনি ল’ব লাগে | মই নুবুজিলো | সৰু জা-জনীয়ে বুজাই দিলে যে গাৱঁৰ মানুহক মাতি ভোজ ভাত খুৱাই মোক ৰান্ধনি কৰাৰ অনুমতি ল’ব লাগে | নহ’লে হেনো মোৰ হাতেৰে কোনেও চাহ একাপো নাখাব | তাতে মোৰ ডাঙৰজন বৰজনা নিজেই ভকত | মই কৌতুক অনুভৱ কৰিলো | দেউতাৰ চাকৰিৰ কাৰণে আমি অ’ত ত’ত ঘুৰি ফুৰিব লগা হোৱাত সমাজৰ নীতি নিয়মবোৰ বৰ ভালকৈ নাজানো | আৰু মই যিমানদূৰ জানো উজনি অসমত নীতি নিয়মবোৰ নামনি অসমতকৈ অলপ শিথিল | মায়ে কেতিয়াবা কিবা শিকাবলৈ যত্ন কৰে যদিও ’ছোৱালী মানুহ” শব্দ দুটা লগালেই মই খঙত টিঙিৰি তুলা হৈ পৰো | কিহৰ ছোৱালী মানুহ ! কৰিব লাগে যদি এনেই কৰিম | শাৰীৰিক অবয়বটোৰ বাহিৰে ছোৱালী ল’ৰাৰ কি পাৰ্থক্য আছে ?


ঠিক হ’ল ২দিন পাছত মাছেৰে ভোজ ভাত হ’ব | তাৰ আগতে আমি গোসাঁইৰ ওচৰত শৰণ ল’ব লাগিব | এনেয়ে ভকত সবাহ মানে নামগোৱা পাতিলে ভকতে নিৰামিষ খাই যদিও ৰান্ধনি লোৱাৰ কাৰণে মাছ খাব | মাংস নাখায় | আমাৰফালে আকৌ যেয়ে যেনকৈ পাৰে সকাম পাতিলেই মাছ মাংসৰ যোগাৰ কৰে ভকতক খুৱাবলৈ | ইমানদিনে জানিছিলো বয়সীয়ালসকলেহে গোসাঁইৰ ওচৰলৈ গৈ শৰণ লয় | ইয়াত হেনো বিয়া হ’লেই শৰণ ল’ব লাগে আৰু গোসাঁয়ে আহি ঘৰতে শৰণ দিয়ে | দূৰণিবটীয়া ঠাই হ’লে তেখেত আগদিনাই গৈ থাকি নিজে ৰান্ধি মেলি খায় | আমাৰ ঘৰটো ওচৰত হোৱাৰ কাৰণে তেখেতে সেইদিনাই পুৱাতে আহিব |

ঘৰখনত উত্সৱমুখৰ পৰিবেশ | আগদিনা ৰাতিৰ পৰাই আমি দুয়ো লঘোনে আছো | পুৱা আন্ধাৰতে উঠি গা-পা ধুলো | আঠমান বজাত সৰুবায়ে বোৱা কাপোৰ এজোৰ দি ক’লে “এইজোৰ পিন্ধি শৰণ লবি আৰু এই কাপোৰজোৰ পাছলৈ সাঁচি থবি” | শৰণ লৈ গোঁসাইক সেৱা কৰি উঠি পাটৰ কাপোৰ এজোৰ পিন্ধি ল’লো | নাম সামৰি ভকতেও ভাত খোৱাৰ যোগাৰ কৰিলে | বায়ে আহি ক’লে “ব’ল এতিয়াহে তোৰ পৰীক্ষা হ’ব” | চিন্তাত পৰিলো কি বা পৰীক্ষা হ’ব ! এনেয়ে ইমানবোৰ মানুহৰ কথা বতৰা মই ভালকৈ নাই বুজা তাতে আকৌ পৰীক্ষা ! মোক চিন্তা কৰা দেখি তাই বুজাই ক’লে “ভয় খাব লগা একো নাই দে | গাৰ কাপোৰ কানি ভালকৈ সামৰি ল | ভকতক ঘিঁউ ভাত বিলাব লাগিব আৰু তাকে কৰোতে ভকতৰ পাতত যাতে কানি কাপোৰ নেলাগে সেয়ে পৰীক্ষা | ভকতে ভাত খাই উঠাৰ পাছত পাতো পেলাব লাগিব” | চাদৰখনত পিন দুটামান বেছিকৈ মাৰি মুৰৰ ওৰণিখনত ক্লিপ দুটামানো মাৰি ল’লো | কামবোৰ সুকলমে সমাধা হ’ল | ৰাতি কথাই কথাই ওলাল ভকতে আৰু আইসকলে মই আহোম হোৱাৰ কাৰণে বেলেগে বেলেগে জৰিমনা ল’লে | কথাটো শুনি মোৰ মনটো অলপ বেয়া লাগিল | মোৰ শিক্ষা আছে | চাকৰি এটাও আছে | শাৰীৰিকভাবেও মই সক্ষম | দেখাটো সিমান বেয়া নহয় | আৰু দুয়োখন ঘৰৰ সন্মতিতে আমাৰ বিয়া ঠিক হৈছিল | তথাপি বহুত সময়লৈ মনটোৱে খোচা বিন্ধা কৰি থাকিল | পাছ্দিনা আকৌ কেবল মাইকীমানুহখিনিয়ে ৩জোৰ পাৰ মাৰি ভোজ ভাত খালে | মই ৰন্ধাৰ নামত মাজতে এবাৰ উতলি থকা ভাতখিনি লৰাই দিলো মাত্ৰ | একেবাৰে পকা ৰান্ধনি হৈ গ’লো | গৈ পোৱাৰ ৫ম দিনাৰ পৰা ইঘৰ সিঘৰকৈ গাওঁখন ফুৰিবলৈ আৰম্ভ কৰিলো | ইতিমধ্যে গম পাইছো যে ইয়াত কথিত ভাষাটো সম্পূৰ্ণ সুকীয়া | যেনে ক’ক যা=কোনফালে যোৱা, অহে আ=এইফালে আহ, কহে যা=ক’লৈ যোৱা, কিয়া=কিয়, ইতা=এতিয়া, কিত্তে= কেতিয়া, আহুন=ইহঁত, তাহুন=তহঁত, নাংগে=নালাগে, বেজাৰ লাগিল=ভাগৰ লাগিল, নেদে= নিদিয়া, ঘুমতি আহিল=টোপনি আহিল, বাগাৰ দিয়া= শুৱা | আমি ডাঙৰক আপুনি সৰুক তুমি আৰু লগৰ বা ঘৰৰ মানুহক তই বুলি সম্বোধন কৰো | কিন্তু ইয়াতচোন ডাঙৰক তই সৰুক তুমি আৰু বোধকৰো অচিনাকিজনকহে আপুনি বুলি কয় | মজাৰ কথাটো হ’ল তেওঁলোকে তই খাইছা বা তুমি খাইছ বুলি সুধে | ব্যাকৰণত পোৱামতে তুমি খাইছা হ’লে তই খাইছ হব লাগে | তথাপি নতুন পৰিবেশটো মোৰ ভাল লাগিছিল | মানুহখিনিৰ সৈতে মিলিব পাৰিছিলো | মোক প্ৰথমে টিউবেল মাৰিবলৈ বাচন ধুবলৈ চোতাল সাৰিবলৈ নিদিছিল | চহৰত ডাঙৰ হোৱা ছোৱালী ঘৰুৱা কাম বন একো নাজানো বুলি ভাবিছিল | তেওঁলোকেটো নাজানে যে মই ভুঁই ৰুৱাৰ পৰা আৰম্ভ কৰি তাঁত বোৱালৈকে সকলো কামেই জানো | অভাবত উঠা ছোৱালী মই | গৰুৰ ঘাঁহ কটাৰ পৰা গোবৰ মাটিৰে বেৰ মচালৈকে চব কামেই কৰো | বেৰ মচোতে তাঁৰেৰে কেতিয়াবা হাত কাটি যায় | এদিন সন্ধিয়া সৰু বায়ে মাছ বাচি আছিল | জুইত চাহৰ কেটলীটো তুলি দি ময়ো ওচৰতে বহি আছিলো | খৰি শেষ হ’ল | বায়ে ক’লে “ভাখৰিৰ পৰা দুডালমান লৈ আন যা” | খৰি আনিবলৈ চোতাললৈ নামিহে মনলৈ আহিল ভাখৰি মানে কি ? ক’ত আছে খৰি ? ইফালে সিফালে চাই বিচাৰি নেপায় তাইক গৈ ক’ত আছে খৰি মই নাপালো বুলি ক’লো | তাই নিজৰ ভুল বুজি পাই মইনা মানে মোৰ ভতিজীজনীক ক’লে খৰি আনিবলৈ আৰু মোক বুজাই ক’লে যে ভাখৰি মানে ভঁৰাল | ধান থোৱা ঘৰ | তাত আৰু এটা বৈশিষ্ট্য মন কৰিছিলো গোহালিবোৰ চাংঘৰৰ দৰে | আমাৰফালৰ দৰে কোনেও মাটিত গৰু নাবান্ধে | আৰু এদিন মইনাই মোক সুধিলে “অ’ খুড়ীমা চুঙা খাবি” ? এতিয়া চুঙা বা কি বস্তু ! বুজাই দিলে পিঠা খুন্দি তাৰ লগত তিল নাৰিকল গুৰ বা চেনি সানি পানীৰে গুলি কুমলীয়া বাঁহৰ চুঙাত ভৰাই চুঙাটো জুইত পুৰিলে সেয়ে চুঙা | তাৰমানে চুঙা পিঠা | মই চুঙাপিঠা খাই নাইপোৱা | চুঙাচাউল খাই পাইছো | বৰাচাউল চুঙাত পোৰে | এদিন খালো মাছৰ খাৰ | আমাৰ ইয়াত মানুহ মৰিলে দহা কাজতহে মাছৰ খাৰ খায় | নহ’লে মৃতকৰ ঘৰৰ চুৱা নাযায় হেনো | এদিন কাকাই এটা গেলা কোমোৰা আনি ক’লে এইটো ৰান্ধ | মোৰ চকু গৈ কপালত উঠিল | গেলা কোমোৰাটো পেলায় নিদি ৰান্ধিব কৈছে ! এঘৰত চাহ খাবলৈ মতাৰ বাবে গেলা কোমোৰা ৰন্ধাৰ প্ৰক্ৰিয়াটো নেদেখিলো কিন্তু খাই ভালেই লাগিছিল | এদিন গাখীৰৰ সৰৰ পৰা ঘিঁউ বনাই ৰৈ যোৱা অৱশিষ্টখিনিত কুমলীয়া ৰঙালাউৰ পাত দি কিবা লকৰি ভাজিছিল | মাৰ্ঘেৰিটালৈ ঘূৰি অহাৰ আগদিনা পানপেলি ফুলৰ তিতা খালো | পানপেলি মানে শেৱালি ফুল | খুতৰা শাকক খুদনা, সৰিয়হ শাকক বেহৰ, জিলিমিলি শাকক ভৌঠা আৰু মৰিচা শাকক ডাঠা বুলি কয় |


মুঠৰ ওপৰত উজনি অসমৰ লগত নামনি অসমৰ কথা-বতৰা, আচাৰ-ব্যৱহাৰ, খোৱা-বোৱা, পিন্ধা-উৰা সকলোতে যথেষ্ট পাৰ্থক্য আছে | তুলনামুলকভাবে নামনি অসমৰ সমাজ কিছু ৰক্ষণশীল | আৰু পুৰুষৰ তুলনাত নাৰীসকলৰ সামাজিক স্থিতি দুৰ্বল | কথাই কথাই লঘোণ দিয়া নীতি নিয়মবোৰ পালন কৰাটো যেন নাৰীসকলৰহে দায়িত্ব ! ল’ৰা এটাই কৈশোৰৰ পৰা যৌবনৰ দুৱাৰদলিত ভৰি থোৱাৰ লগে লগেই তাৰ বাবে চোতালৰ মূৰত এটা চ’ৰাঘৰ বান্ধি দিয়ে অথবা আচুতীয়া কোঠা এটা দিয়ে | আনহাতে পুষ্পিতা হ’লেই ছোৱালীবোৰে ঘৰখনত চাকি এগছো জ্বলাব নোৱাৰে | আলহী আহিলে সুধিব নোৱাৰে | ছোৱালী হেনো পৰৰ ধন সেয়ে | ঘৰত পূজা সবাহ কিবা পাতিলে পুৰুষসকলেহে আগভাগ লয় | দোমাহীৰ দিনা আইসকলক নামঘৰৰ বাহিৰত বহি নাম গোৱা দেখি মই ধৰিবই পৰা নাছিলো আচলতে তেওঁলোকে কৰিছে কি ! কাৰণ সৰুৰে পৰা তিথি, জন্মাষ্টমী, ভাদ মাহৰ নাম গোৱা, দোমাহী আদি এই সকলোবোৰতে মাক নামঘৰলৈ যোৱা দেখি আহিছো | লক্ষ্মী পূজাৰ দিনা মাকেই শৰাই পাতি লক্ষ্মী চৰিত পঢ়া দেখি আহিছো | পাঠশালাতেই মই লগ পাইছিলো সন্তান জন্ম দিব নোৱাৰ দোষত মাৰৰ কোবত কাণ ক’লা হোৱা এগৰাকী মহিলাক | নিৰ্মম অত্যাচাৰ সহিও তেওঁ পতিৰ ঘৰ এৰি যাব নোৱাৰিলে | মাতৃৰ পৰিয়ালৰ মানুহেও নিব নুখুজিলে | তিনিজনী ছোৱালী জন্ম দিয়াৰ দোষত হাত এখন জ্বলাই দিয়া আন এগৰাকী মহিলাও পাইছিলো | সামগ্ৰিকভাবে সমগ্ৰ অসমতে এই ধৰণৰ সমস্যা আছে যদিও তাত যেন নাৰী পুৰুষৰ অধীন বোলা আপ্তবাক্যশাৰ অলপ হ’লেও প্ৰযোজ্য মোৰ তেনে লাগিল |

খোৱা বোৱাৰ ক্ষেত্ৰতো কিছু পাৰ্থক্য আছে যিটো স্বাভাবিক | মোৰ পানী লাগোতে আদা দি সৰু মাছৰ জাল ৰান্ধি খুৱাইছিল | আমি আকৌ পানী লগা গাৰ বিষ আদি হ’লে জালুক দিহে জাল খাওঁ | তাত হাঁহ, কুকুৰাৰ মাংসতকৈ পাৰৰ মাংসহে মানুহে বেছিকৈ খায় | জাহাজী ক’ল কেতিয়াও পকায় নাখায় | ভাজি বা আঞ্জা ৰান্ধিহে খায় | মাছৰ খাৰ ৰান্ধোতে দেখিছিলো টেকেলি এটাৰ পৰা অলপ ছাঁই উলিয়াই গিলাচ এটাত পানী দি তিয়াই থৈ পাছত চেকনিৰে চেকি খাৰ সৰাইছিল | সুধি গম পাইছিলো ভীমক’লৰ গা-গছডাল পুৰি ছাঁইখিনি চালনীৰে চালি টেকেলিত ভৰায় থৈছিল | আমাৰ মায়ে আকৌ ভীমক’লৰ বাকলিটোহে শুকুৱাই থয় | দৰকাৰ হ’লেই তাৰে এটা জুইত পুৰি ল’গে ল’গে খাৰ সৰুৱায় | বিহুটো কোমল চাউল, হুৰুম, ঘিলা পিঠা এইবোৰ উজনি অসমৰ জলপান | আনহাতে মাঘ বিহুত মাহ কৰাই(কাৰে), সান্দহ(গুৰা সান্দহ), কৰাই গুৰি নামনি অসমৰ অন্যতম জলপান | মাঘ বিহুত ভজা মাহ কৰাই ব’হাগ বিহুলৈকে থাকিব লাগে হেনো | তাত মই বামুণ কান্দা ক’ল বুলি আগেয়ে নুশুনা এবিধ ক’লৰ নাম শুনিছিলো | নামগোৱা পাতিলে আমাৰ ইয়াত মাহ প্ৰসাদ আৰু ক’লপাতৰ পৰিমাণটো অলপ বেছিকৈ লাগে | কাৰণ ভকতসকলে খায়ো ঘৰলৈ বুলি এটা সুকীয়া ভাগ কৰে আৰু গৃহস্থয়ে অতিথিয়ে মিলি যিমান লোক থাকে সকলোকে ক’লপাততহে মাহ প্ৰসাদ ভাগ কৰি দিয়ে | কিন্তু তাত দেখিছিলো নামত বহা ভকত ভকতনীসকলৰ বাদে আন সকলোৱে যেয়ে যেনেকৈ পাৰে বাতি-প্লেট-কাগজ বা হাতত লৈয়ে গাজি খাইছিল | গাজি মানে মাহ প্ৰসাদ |

উজনি অসমৰ গাওঁবোৰৰ ঘৰবোৰ অলপ শৃংখলাবদ্ধ | ঘৰটোৰ সৈতে বাৰীখনৰ সীমা নিৰ্ধাৰণ কৰিবলৈ সকলোৰে মটিৰ সীমাত জেওৰা থাকে | কিন্তু নামনি অসমত মই এই জেওৰা বৰকৈ নেদেখিলো | প্ৰত্যেকৰে মূল ঘৰটোৰ সন্মুখত বা কাষত চ’ৰাঘৰ বুলি একোটা আচুতীয়া ঘৰ থাকে | দুই তিনিটা ঘৰৰ মাজত চোতালখন | ঘৰে ঘৰে নাৰিকল গছৰ পয়োভৰ | বহুতৰ ঘৰত আম গছো আছে | প্ৰত্যেকৰে বাৰীত বাঁহ্গছ উভৈনদী | আৰু এটা বৈশিষ্ট্য লক্ষ্য কৰিছিলো যে ককায়েক ভায়েক বেলেগ হ’লে মানে ভাগ বটোৱাৰা হ’লে মাটি বাৰী সম্পত্তিৰ পৰা আৰম্ভ কৰি ঘটি- বাটি-লোটালৈকে সকলোবোৰ বস্তুৰে ভাগ হয় | এই কথাটো হিতেশ ডেকাৰ এয়েতো জীৱনতো পঢ়িবলৈ পাইছিলো |মই জনাত উজনি অসমত ককাই ভাইৰ মাজত বিভেদ হ’লে যিকোনো এজনে মূল ঘৰৰ পৰা আতঁৰি গৈ বেলেগে ঘৰ পাতি খায় | মাতি বাৰীৰ বাদে বাকী বস্তু ভাগ নকৰে |


নামনিৰ মানুহ বেছি কৰ্মঠ | খেতিৰ নামত বছৰত কেৱল এবাৰ ধানখেতি কৰিয়ে খেতি নাসামৰে | বতৰ অনুযায়ী আন খেতি যেনে আলু, ৰঙালাও, তিল, সৰিয়হ আদি বিভিন্ন খেতিও কৰে | ধান দাবলৈ কিন্তু মাইকী মানুহ পথাৰলৈ নাযায় | ৰুবলৈহে যায় | (উজনিত মাইকী মানুহেও ধান দায়)| মানুহবোৰে শ্ৰমৰ মৰ্য্যাদা বুজে | ঠেলাৱলা, ৰিক্সাৱালা সকলোবোৰেই অসমীয়া | মোৰ বৰ ভাল লাগিছিল যেতিয়া দোকানৰ মাৰোৱাৰীজনেও থলুৱা ভাষাত কথা পাতিছিল | পাছে বিহুৱে সংক্ৰান্তিয়ে আমাৰ এইফালৰ দৰে জোৱাঁয়েকে ভাৰে ভেটিয়ে শহুৰেকৰ ঘৰলৈ নাযায় | শাহুৱেকেহে বিহুৰ প্ৰথম ভাতসাজ খাবলৈ জীয়েক জোৱাঁয়েকক নিমন্ত্ৰণ কৰে | আৰু বহুত অমিল আছে | থকাটোৱে স্বাভাবিক | কাৰণ অঞ্চলভেদে সকলোৰে স্বকীয় বৈশিষ্ট্য থাকে | কিন্তু এনেদৰে বিয়া বাৰুৰ সম্পৰ্কেৰে হওক বা আনধৰণেৰে হওক আমি যদি ইজনে সিজনৰ সৈতে মত বিনিময় কৰো; এজনে আনজনৰ ৰীতি-নীতি, আচাৰ ব্যৱ্হাৰ আকোৱালি লওঁ মই ভাবো আমি একতাৰ ডোলেৰে বান্ধ খোৱাত আৰু অলপ সফল হ’ম | আমাৰ মাজৰ পৰা অনৈক্য, হিংসা-দ্বেষ কিছু হ’লেও কমিব | সকলো আপোন হৈ পৰিব | নেদেখিলে নাজানিলে মানুহৰ মনত এটা কৌতুহল থাকে | এই কৌতুহলে মানুহৰ ভালো কৰে বেয়াও কৰে | বেয়াটোলৈ নাভাবি কিয়নো আমি আমাৰ মাজৰ পৰা অমিলবোৰ আতঁৰোৱাৰ চেষ্টা নকৰো ? “মিলিব লাগে মিলাব লাগে” বুলি ৰবীন্দ্ৰ্নাথেও কৈ গৈছিল | আপোনালোকেও এনেকৈ নাভাবেনে ?

(বি দ্ৰ: নামনিৰ শব্দবোৰ মোৰ অলপ ভুল হ’ব পাৰে | কাৰণ মোৰ উচ্চাৰণ শুদ্ধ নহয় | শুধৰাই দিলে সুখী হ’ম)
 
 

No comments:

Post a Comment