গ্ৰন্থ আলোচনা

ৰামধেনু.....(A beautiful life is wonderful piece of art, painful yet sweet….)

উপন্যাস:- ৰামধেনু
লেখক:-জনাৰ্দন গোস্বামী| 
প্ৰথম প্ৰকাশ:- মাৰ্চ,২০১০ চনত|
প্ৰকাশক:- ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্‌|
প্ৰচ্ছদ:-দিগন্ত বিজয়
মূল্য:-৮০.০০ টকা|

এখন সামাজিক উপন্যাস যদিও অলপ অগতানুগতিক কাহিনী, অগতানুগতিক উপস্থাপন শৈলীৰে ৰামধেনু অলপ ব্যতিক্ৰমী উপন্যাস| ইয়াত প্ৰেম-ভালপোৱা-বিশ্বাস-প্ৰতাৰণা-জীৱন সকলো আছে| কিন্তু সমগ্ৰ উপন্যাসখনক ধৰি ৰাখিছে জীৱন অম্বেষণৰ এক অন্তহীন তৃষাই| এক জিজ্ঞাসা| জীয়াই থকা দিনবোৰত প্ৰতি মুহূৰ্তে মুহূৰ্তে সলনি হোৱা ঘাত-প্ৰতিঘাতৰ স্বাক্ষৰ| উপন্যাসিকে খুব সুন্দৰকৈ এক কাব্যিক পৰশ সানি আঁকি গৈছে জীৱনৰ ৰামধেনু এখন ধুনীয়া ছবি| মায়াময় বিষাদত ডুবিও জীৱন সজোৱাৰ মহামন্ত্ৰ যেন কাণে কাণে সংগোপনে কৈ গৈছে| কৈ গৈছে এয়েতো জীৱন| জীৱন-মৃত্যু-প্ৰেম অথবা ব্ৰক্ষ্মাণ্ড, জীৱন আৰু প্ৰেম| মায়া মথোঁ মায়া| সকলো মায়া|

...ৰৈ থকাজনেই হেৰুৱায়, গৈ থকাজনেই পায়  
জীৱনৰ বাটত গৈ থাকিলেই সুৰংগ, ৰৈ থাকিলেই গুহা.....

প্ৰথম পুৰুষত আৰম্ভ কৰা কাহিনীটোত উপন্যাসিকে মনৰ দাপোণত লুকা-ভাকু খেলা অলেখ জীৱন্ত চৰিত্ৰৰ ছবি আঁকিছে সযতনে| মূল চৰিত্ৰ খানু বাবা| যি জীৱনত সকলো হেৰুৱাইও সকলোৰে বাবে জীয়াই থকাৰ উত্‍স| খানু বাবাৰ জীৱনক তুলি ধৰোঁতেই মাজে মাজে ধৰা দিছে উষা বাইদেউ, কাহিনীকাৰৰ বন্ধু জিত,  ৰূপশিখা, এদিনীয়া বন্ধু গুপ্তা, গুপ্তাৰ বন্ধু ৰবি শৰ্মা, ডাইভাৰ ৰতন, মৰমী আৰু বহুতো|
”তোমাৰ হৃদয়খন আজি এখন উলাহৰ ৰামধেনুৰে মেৰিয়াই লোৱা
আজিৰ সূৰুযটোৱে এটা হাঁহি আঁকি দিয়ক তোমাৰ মুখত|

বকুল কাহিনীৰ সূত্ৰধাৰ| বুকুত উষা বাইদেউৰ প্ৰতি সীমাহীন প্ৰেম| কিন্তু তাক স্বীকাৰ কৰাৰ কোনো পথ নাই| জীৱন পথত বাট বোলোতে বোলোতে ক্ৰমাত্‌ অঘৰীৰ ৰূপ লোৱা মনটোৱে ঘৰ-সংসাৰত বান্ধ খাব নুখুজিলে| তথাপি অবুজ মৰমীৰ মৰমে যেন বান্ধিব খোজে অজানিতে| বন্ধু জিতে কয় এই বয়সত আৰু সেই জুৱা নেখেলিবি| তোৰ শব্দৰ মায়াজালত বন্দী মৰমীক শব্দতেই মজি থাকিবলৈ দে| মিছাতে তাইক টনা আজোঁৰা কৰি তাইৰ লগতে নিজকে ফাঁকি নিদিবি| স্পিড্‌লৈ ভয় কৰা জিতৰ দেহ এদিন নিথৰ যায় গাড়ীৰ নিষ্ঠুৰ আঘাতত| নিথৰ দেহাত প্ৰাণ নাই বুলি নিশ্চিত কৰে এসময়ৰ প্ৰেয়সী ৰূপশিখাই|
’দুখে বুকু খান্দিলে নিশাৰ আকাশলৈ চাবা,
জীৱনৰ সুন্দৰতা তৰাবোৰৰ মাজতেই পাবা!’

তাকেই সৰোগত কৰি গুপ্তা চাহাবে জীৱনত প্ৰিয় পত্নী-পুত্ৰ সকলোকে হেৰুৱাইও খানু বাবাৰ পৰশত নতুনকৈ জী উঠিছিল পৰৰ কাৰণে নিজৰ জীৱন উচৰ্গা কৰি| গুপ্তাই কৈছিল-’True friendship is the God’s greatest blessing to the mankind. A friend is a friend.’  এই গুপ্তাই বকুলৰ বুকুত জগাই তুলিছিল খানু বাবাক লগ পোৱাৰ-জনাৰ এক উত্‌কণ্ঠাৰ| আইতাকৰ অস্থি বিসৰ্জন দিবলৈ গৈ হৰিদ্বাৰত খানুবাবাৰ সান্নিধ্য লাভৰ বাবেই বকুলে অতিৰিক্ত তিনিদিন অপেক্ষা কৰিছিল|

বেদনাক জীৱনৰ সৌন্দৰ্যলৈ ৰূপান্তৰ! বেদনা! বেদনা! অন্তহীন বিষ-বেদনাৰ ব্যাপ্তিৰে কিমান যে জীৱন থকাসৰকা! কিবা আছে, কিবা নাই! এটি সুন্দৰ দেহ আছে, এটি সুস্থ মন নাই| সত্য-সুন্দৰ মন আছে, শান্ত-সুস্থ দেহ নাই| জীৱিকা আছে, জীৱন নাই| নিমিষতে সকলো কাঢ়ি নিয়া নিষ্ঠুৰ নিয়তি আছে| জীৱনৰ অদ্ভুত বৈচিত্ৰ আছে| শূন্য বিলীন হয় অসীমত| সকলো সীমাও গলি যায় শূন্যৰ গৰ্ভত| এয়ে সত্য|
’প্ৰাণ থাকে তেজৰ প্ৰবাহত
জীৱন থাকে স্নেহৰ পৰশত|’

জীৱনৰ পম খেদি শৈশৱতে তেওঁৰ নাম আছিল কান্‌ ডি চুজা| শৈশৱতে পিতৃ-মাতৃৰ সান্নিধ্যৰ পৰা বঞ্চিত কানে আশ্ৰয় পালে অত্যাচাৰী মোমায়েক-মামীয়েকৰ কাষত| কিন্তু এদিন মোমায়েক-মামীয়েকেও তেওঁক নিঠৰুৱা কৰি আন ক’ৰবালৈ গুচি গ’ল| লঘোণে-ভোকে কান্দি কান্দি বাটৰ কাষত পৰি থাকোঁতে এজন মৰমীয়াল পুলিচ বিষয়াই লৈ গ’ল| তেৱেঁই কানৰ থকা-মেলাৰ ব্যৱস্থা কৰি দিলে| দুখীয়া ল’ৰা-ছোৱালীয়ে পঢ়া স্কুল এখনত পঢ়াৰ সুবিধাও পালে| লাইব্ৰেৰীৰ চকিদাৰ ৰহমান চাচাৰ সাহায্যত লাইব্ৰেৰীৰ কিতাপবোৰ পঢ়াৰ সুবিধা পালে| কিন্তু ৰহমান চাচাৰ লগত থকাৰ কাৰণেই তেওঁৰ নাম কানৰ ঠাইত খান হ’ল|
’আন্ধাৰ মাথোঁ আন্ধাৰ
সুখৰ বিন্দু বিচাৰি
খান্দি যাওঁ দুখৰ পাহাৰ!

দুৰ্ভাগ্যবশত: দশম শ্ৰেণী পাওঁতেই এদিন ৰেষ্টুৰেণ্টত কাম কৰি থাকোতেই এটা দুৰ্ঘটনাৰ সৈতে জড়িত হৈ জেইল খাটিব লগা হ’ল|

’পৰশ-বলিয়া আন্ধাৰত সত্যৰ তপত উশাহ
দুখৰ তপত চকুপানী আৰু সুখৰ অনন্ত পিয়াহ|’

ঘটনাৰ পাকচক্ৰত পৰি এদিন ৰবাৰ্ট চাহাব আৰু মেৰী মেমচাবৰ লগুৱা হ’লগৈ| তাত অজুত মৰম চেনেহ পোৱাৰ লগতে পালে যৌবনৰ প্ৰথম পৰশ মেৰী মেমচাবৰ পৰা| ভুল বুলি অনুতাপত দগ্ধ হৈ থাকোঁতেই এক এক্সিডেণ্টত পৰি মেৰী মেমচাবৰ মৃত্যু হয় কানে চলোৱা গাড়ীতেই| ’মৃত্যুৰ সময়ত মেৰী মেমচাব আছিল অন্ত:সত্ত্বা—এই খবৰটোৱে কানৰ মৌন জগতখনত এক নতুন ধৰণ বিষাক্ত শিহৰণ ঢালি দিছিল| শাৰীৰিক দুখ-কষ্টকো পাহৰি মনৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ কান গুচি গৈছিল আলমোড়ালৈ| ডা: এলেনে সহায় কৰিছিল কানক|

’সপোনে সিঁচি দিয়ে
প্ৰেমৰ ৰেণু
বতাহত বিয়পি পৰে
সত্যৰ সুবাস|
বিষাদ?
বিষাদ যে জীৱনৰ তপত উশাহ!’

.....নতুন জীৱনৰ প্ৰতিজ্ঞা লৈ অনেক ঘাত-প্ৰতিঘাত পাৰ হৈ উভতি আহি দিল্লীত সৈন্যবাহিনীৰ দলত ভৰ্তি হয়| চাকৰি কালতেই অসমলৈ আহিল| ডিব্ৰুগড় নামৰ সৰু চহৰ এখনৰ কাষৰ চাবুৱা নামৰ ঠাইত এটা সেনা শিবিৰত কানৰ চাকৰি জীৱন আৰম্ভ হ’ল| তাতেই লগ পালে বকুলক| প্ৰেম আৰু মমতাৰে বকুলে উপচাই তুলিলে কানক| বিয়াৰ দিনবাৰ চাওঁতেই যুদ্ধৰ বিভীষিকাই ছানি ধৰে কান আৰু বকুলৰ জীৱন| যুদ্ধই পুনৰ কানক নিঠৰুৱা কৰিলে| যুদ্ধত মৃত বুলি ঘোষিত হোৱা কানে বহু বছৰৰ পাছত স্মৃতি ঘূৰাই পায় যেতিয়া বকুলক বিচাৰি আহে তেতিয়া দেখে কানৰ সমাধিত সেন্দুৰ পিন্ধা বকুলে দুডাল মম জ্বলাই বহুত লেৰেলি যোৱা বকুলেৰে শ্ৰদ্ধাঞ্জলি জনাই গৈছে|

’জীৱন-সুৰংগত স্বপ্নৰ কুঁৱলী
স্মৃতিৰ ধোঁৱা
সত্য?
সত্য যে কেৱল বৰ্তমান’

”যি পৃথিৱীত মোৰ মৰম আছে, মোৰ প্ৰেয়সী আছে, সেই পৃথিৱী মোৰ বাবে সদায়েই আপোন| মোৰ আত্মাই সাবটি ধৰিব এই পৃথিৱীক| পৃথিৱীয়েই মোৰ প্ৰেয়সী| এই ব্ৰক্ষ্মাণ্ডই হ’ব মোৰ ঘৰ| দুখী মানুহৰ দুখৰ আন্ধাৰ ফালি মই  মাথোঁ গৈ থাকিম আৰু গৈ থাকিম|” কানুৰ মাজৰপৰা উঠি আহে খানু| কিন্তু সেই খানু বাবাৰ প্ৰেয়সী বকুলৰ নাতি ল’ৰা এই বকুল—এক অবিনশ্বৰ সত্য|

========================================================================

উপন্যাস: খিৰিকীমুখৰ ছবি
লিখক: জনাৰ্দন গোস্বামী
প্ৰথম প্ৰকাশ: মে’, ২০০৯ চন
দ্বিতীয় প্ৰকাশ: ফেব্ৰুৱাৰি,২০১০ চন
ISBN: 978-93-80390-06-2
প্ৰকাশক: ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্

খিৰিকীমুখৰ ছবিএখন সমাজ-মনস্তাত্ত্বিক উপন্যাস| বিভিন্ন চৰিত্ৰৰ সমাবেশ ঘটা উপন্যাসখনিত লিখকে অবুজ প্ৰেমৰ এক ভিন্নৰঙী পৃথিৱীৰ ছবি অংকন কৰিছে| উপন্যাসখনত কেইবাটাও কাহিনী সন্নিবিষ্ট আছে যদিও প্ৰতিটো কাহিনী স্বয়ংসম্পূৰ্ণ| তত্স্বত্তেও ইটো কাহিনীৰ লগত সিটো কাহিনীৰ মাজত এক যোগসূত্ৰ আছে| মানুহৰ মন আৰু প্ৰেমৰ এক অনন্য সংমিশ্ৰণৰ কাহিনী খিৰিকীমুখৰ ছবি’| বোলছবিৰ দৰেই চকুৰ আগেদি পাৰ হৈ যায় এটাৰ পাছত এটাকৈ কাহিনী....

দৰ জখলাৰে উঠি যাব খোজো
বৃক্ষৰ পৰা শৃংগলৈ
উৰি যাম যেন মেঘৰ আঁচলেৰে
শৃংগৰ পৰা সূৰ্যলৈ....


নিজেই এটা চৰিত্ৰৰ ৰূপত আত্মপ্ৰকাশ কৰি সূত্ৰধাৰৰ কাম কৰিছে উপন্যাসিকে| জীৱনৰ বিচিত্ৰতা কোনেও নুই কৰিব নোৱাৰে| বিচৰাখিনি কোনোৱে পায়, কোনোৱে নাপায়, কোনোৱে আকৌ হাততে পায়ো হেৰুৱায়| অভিন্ন বান্ধৱী কবিতা আৰু ইন্দ্ৰানীয়ে ভালপালে একেজন যুৱকক| যুৱকজনে ভালপাব খোজে কবিতাক| কিন্তু ভাগ্যৰ পৰিতাপত ইন্দ্ৰানীৰ জীৱন বিষময় হৈ উঠে সন্দেহপ্ৰবন স্বামীৰ অবৰ্ণনীয় অত্যাচাৰত| কবিতাৰ বিয়া হয় তপন বৰুৱাৰ লগত| মৰমীয়াল স্বামীৰ মৰমেও কবিতাৰ জীৱন পূৰ্ণ কৰি তুলিব নোৱাৰে| শিপা বিচাৰি অসমলৈ এবাৰ উভতি আহে| জাহ যায় প্ৰথম প্ৰেমৰ বুকুত| কিন্তু সেই প্ৰাপ্যই ধৰি ৰাখিব নোৱাৰে কবিতাক| ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈ হেৰাই যায় কবিতা পৃথিৱীৰ পৰা|

মোৰ সত্ত্বাত আন্ধাৰৰ উচুপনি
গোলাপ কাঁইটত
বাৰে বাৰে তেজ ঢালি
মই বিবৰ্ণ
শেঁতা চিনাকিৰে কঁপি থাকে
মাথোঁ সোঁৱৰণীৰ এখন বগা পৰ্দা...


বৰুণ আৰু নয়ন শৈশৱৰ বন্ধু| দেশ স্বাধীন কৰিবলৈ এদিন আন্দোলন কৰিছিল| কিন্তু আন্দোলনৰ শেষত মনে বিচৰাধৰণৰ সমিধান নাপায় সশস্ত্ৰ বিপ্লৱত যোগ দিয়েগৈ| আন্দোলনৰ খাতিৰতে বৰুণে তাৰ প্ৰাক্তন প্ৰেয়সীৰ স্বামীক বিনা দ্বিধাই গুলিয়াই হত্যা কৰে| সময় পাৰ হৈ যোৱাত নয়নে উপলব্ধি কৰে ৰবাত যেন কিবা এটা ভুল | কাকলিয়ে সমৰ্থন নকৰে সশস্ত্ৰ সংগ্ৰামৰ এই পথ| উভতি আহিব খুজিলেও অসহায় নয়ন| বিবেকৰ টনা আঁজোৰাত এদিন ছাৰেণ্ডাৰ কৰিলে নয়নে| লাহে লাহে সহজ হৈ উভতিব খুজিছিল মূলসূঁতিলৈ| কিন্তু সেইয়া সম্ভৱ নহ| গুপ্তঘাটকৰ হাতত মৃত্যু ঘটিল নয়নৰ| ছাৰখাৰ হৈ কাকলিৰ জীৱন| আনহাতে ছাৰেণ্ডাৰ কৰি দুৰ্দান্ত হৈ উঠিল বৰুণ|

জীৱন
এক উপহাৰ
এক যাত্ৰা
এক শিখা, এক পোহৰ...

ছিষ্টাৰ ফিলমিনাই দাঙি ধৰিছিল জীৱন আৰু মৃত্যুৰ এক অন্য দৰ্শন| অন্য এক সংজ্ঞা| নিজৰ বৈধ সংসাৰত উশাহ হেৰুৱাই পেলোৱা ইনু মামীয়ে অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল উপন্যাসৰ নায়কৰ সৈতে| অবৈধ লেও ইনু মামীয়ে পাব খুজিছিল ভালপোৱাৰ কণমান পৰশ| সমাজ গঢ়িব খোজা দীপক দা আৰু ৰুমা বৌ নিজেই উতি গৈছিল সমাজগৰ্হিত কামত| শৰীৰ কি মন কি! কিজানি মন ভৰিলেই শৰীৰে তাৰ দাবী তোলে! এইয়া জানো পাপ!

চৰৈৱতী, চৰৈৱতীগৈ থাকা গৈ থাকা
আমি গৈ থাকো গৈ থাকো|
মাথোঁ গৈ থাকো সপোন খেদি খেদি
আলিদোমোজাত সলনি হয় সংজ্ঞা
অচল হয় সূত্ৰ
ওখ হৈ গৈ থাকে স্মৃতিৰ পাহাৰ!

কৃষ্ণকান্ত বৰুৱা চমুকৈ কেকে| কিছু ভুল কিছু অন্ধ অনুকৰণৰ বলি হোৱা কেকেৰ বাবে জীৱন উপভোগৰ আহিলা আছিল মদ আৰু মাইকী| পত্নীৰ অসহযোগিতা আৰু আক্ৰোশৰ বলি হৈ বাচি লে এটা কদৰ্য জীৱন| কেকেৰ বাবে নাৰী মানে কেৱল এটা শৰীৰ| মুঠিয়ে মুঠিয়ে টকা ঢালে তাৰ বাবে| কিন্তু এই কেকে মৰাৰ আগমুহূৰ্তত সলনি হৈ গৈছিল মৌচুমীৰ সঁচা মৰম পায়| মৌচুমী কেকেৰ কাষ চাপিছিল কেঞ্চাৰত আক্ৰান্ত পতিৰ চিকিত্সাৰ বাবে সহায় বিচাৰি| চকুলোত ডুব গৈ অকপটে তুলি দিব খুজিছিল নগ্ন শৰীৰ কেকেৰ হাতত| বিনিময়ত বিচাৰিছিল অসুখীয়া পতিৰ চিকিত্সাৰ খৰচ| স্তম্ভিত হৈ গৈছিল কেকে মৌচুমীৰ কথা শুনি| কেঁচা শৰীৰৰ সোৱাদ লৈ ফুৰা কেকেই নিজ হাতেৰে ঢাকি দিছিল মৌচুমীৰ উদং শৰীৰ| চিকিত্সা কৰাইছিল সপোনৰ| মৌচুমীৰ মৰমত মদ খাবলৈয়ো এৰি দিছিল কেকেই| সঁচা অৰ্থত হাৰ্টএটেক হৈ মৃত্যু বৰণ কৰা কেকেৰ শ্ৰাদ্ধ পাতিছিল মৌচুমী আৰু সপোন দুৱৰাই|

আমি এদিন জোনাকত ওলাই যাম, পূৰ্ণিমাৰ
জোন চাবলৈ যাম, সৌ ঘাঁহনিডৰাৰ মাজে মাজে
আমি খোজ কাঢ়িম, জোনাক নিশা!

হতাশাৰ চৰম সীমাত উপনীত হৈ ইনুৱে মানসিক ভাৰসাম্য হেৰুৱাইছিল| চিকিত্সা কৰিছিল ডঃ ৰূপালীয়ে| উত্পল, ৰূপালী আৰু প্ৰশান্ত এটা ত্ৰিভুজ| উত্পলৰ পত্নী ৰূপালী, ৰূপালীয়ে স্ব-ইচ্ছাৰেই ডঃ প্ৰশান্তৰ লগত এক সম্পৰ্ক গঢ়ি তুলিলে| হয়তো সেইয়া শাৰীৰিক| মানুহৰ জীৱনত পৰম সত্যটো -দেহাই দেহাৰ পৰশ বিচাৰে| তাত ৰূপালীৰ দোষ ? কিন্তু একে সময়তে ৰূপালীয়ে ডঃ উত্পলকো বহুত ভালপায় অকৃতিমভাৱে| মানসিক ৰোগীৰ চিকিত্সা কৰা ডঃ ৰূপালী এদিন নিজেই মানসিক ৰোগী হৈ উঠিল| সময়ত প্ৰশান্তৰ ভুৱা প্ৰেমিকৰ ৰূপটোৱে সন্দিহান কৰি তুলিলে ৰূপালীক| উত্পলে ৰূপালীক ইন্দ্ৰিয় সুখৰ বাহিৰে সকলো সুখেই দিছিল| ভালপাইছিল বহুত তাইক| এদিন নিজৰ ব্যৰ্থতা ঢাকিবলৈ আৰু ৰূপালীক সুখী কৰিবলৈকে উত্পলে স্ব-মৃত্যু বাচি লয়| মানুহে জানিলে সেইয়া এক্সিডেণ্ট বুলি| একমাত্ৰ ৰূপালী আৰু উপন্যাসৰ নায়কে জানিলে সেইয়া আত্মহত্যা বুলি|

I fear thy kisses, gentle maiden
Thou needst not fear mine,
My spirit is too deeply laden
Ever to burden thine.
I fear thine mien, thy tones, thy motion;
Thou needst not fear mine.
Innocence is the heart’s devotion
With which I worship thine.

শ্যেলীৰ কবিতা আবৃতি কৰি কৰি জিনু বৌৰ অন্তৰত জোৱাৰ তুলিছিল . ৰাজেশ পেটেলে| নাৰীৰ শৰীৰৰ তে খেল খেলা ৰাজেশ পেটেলে জিনু বৌক জীৱনৰ বাবে বিচাৰিছিল যদিও জানিছিল জিনু বৌ কাৰোবাৰ বাগদত্তা বুলি| সময় বৈ যায়| জিনুলৈ শুভেচ্ছা আৰু অলেখ মৰম থৈ পেটেল বিদেশলৈ গুচি গৈছিল| ডঃ প্ৰশান্তৰ লগত থিক হৈ থকা বিয়াখন ভাঙি গৈছিল পেটেলৰ বাবে| বাচি গৈছিল জিনু| সত্ আৰক্ষী বিষয়া ৰাজীৱৰ সৈতে বিয়াত বহিছিল জিনু| ৰাজীৱে মনে মনে ভালপাইছিল জিনুৰ বায়েক ইনুক| সেই ভালপোৱাক প্ৰকাশ কৰিবলৈ নাপাওঁতেই ইনুৰ বিয়া হৈ গৈছিল তাইৰ প্ৰেমিক চন্দনৰ লগত| বিয়াৰ পাছত চন্দনে ইনুৰ জীৱনটো থেতালি পেলালে| অলপ সুখ অলপ ভালপোৱা বিচাৰি ইনুৱে অবৈধ সম্পৰ্ক গঢ়ি তুলিলে| চক্ৰবত্ ঘূৰি থাকিল জীৱনবোৰ|

দাপোণৰ সমুখত থিয় হৈ
নিজৰেই দুচকুত চকু লো
জীৱনৰ সমস্ত আভৰণ
সন্তৰ্পণে খুলি লো....

জীৱনক জটিলতাই গ্ৰাস কৰাৰ সময়তো অলপমান ভালপোৱাই চুমি যায় অজানিতে| সেয়ে জীৱন অনুপম| আশাকৰোঁ পাঠকে ইয়াত অন্য স্বাদ পাব|


=======================================================================

## ৰথৰ চকৰি ঘূৰে ##

উপন্যাস: ৰথৰ চকৰি ঘূৰে।
লেখক: চৈয়দ আব্দুল মালিক।
প্ৰথম প্ৰকাশ: মাৰ্চ, ১৯৫৮।
তৃতীয় সংস্কৰণ: ফেব্ৰুৱাৰী, ২০১১।
প্ৰকাশক: ষ্টুডেণ্টচ ষ্ট’ৰচ-গুৱাহাটী।
মূল্য: ১০০ টকা।

উপন্যাসখনৰ পাতনিতে লেখকে লিখিছে-“ৰথৰ চকৰি ঘূৰে নামৰ এই উপন্যাসখন মই ২৬/২/৫০ ৰ পৰা ১৩/৪/৫০ ৰ ভিতৰত লিখি উলিয়াইছিলোঁ। প্ৰথম তাঙৰণ ছপা কৰি উলিওৱা হৈছিল ১৯৫৮ চনৰ ১ মাৰ্চ তাৰিখে। প্ৰকাশক আছিল ডিব্ৰুগড়ৰ বাণী মন্দিৰৰ গৰাকী জীৱেশ্বৰ হাজৰিকা। প্ৰায় ৪৭ বছৰৰ আগতে ৰচনা কৰা আৰু প্ৰায় ৪০ বছৰ আগতে প্ৰথম প্ৰকাশ হোৱা এই উপন্যাসখন ভাৰতবৰ্ষ স্বাধীন হোৱাৰ অলপ দিনৰ পিছতে লিখা। তেতিয়াও নাগালেণ্ড নামৰ এখন সুকীয়া ৰাজ্য হোৱা নাছিল, নগাপাহাৰ জিলা অসমৰ ভিতৰৰে এখন জিলা আছিল। দ্বিতীয় মহাসমৰৰ দিনৰ পৰা কমিউনিষ্ট আন্দোলনৰ যোগেদি যি সাম্যবাদী বিপ্লৱ গঢ়ি তুলিবৰ কাৰণে যুৱক-যুৱতীসকলৰ মাজত এক বাতাৱৰণ গঢ়ি উঠিছিল, তাৰেই পটভূমিত এই উপন্যাসখন লিখা হৈছিল। ময়ো আছিলোঁ এই সাম্যবাদী আদৰ্শৰ এক সক্ৰিয় সমৰ্থক আৰু কৰ্মী।

….ৰথৰ চকৰি ঘূৰে নামৰ এই উপন্যাসখনত সেইসময়ৰ অসমৰ শিক্ষিত-অৰ্দ্ধশিক্ষিত যুৱক-যুৱতী, কৃষক-শ্ৰমিকৰ মনত উদয় হোৱা চিন্তা-কল্পনা, তেওঁলোকে সন্মুখীন হোৱা ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক পৰিবেশ আদি এই উপন্যাসখনৰ প্ৰধান বিষয়-বস্তু আছিল। পাঠকে সেইসময়ৰ এটা চিত্ৰ ইয়াত পাব-

…..মূল চৰিত্ৰ কমলৰ গাত ভেজা দি কাহিনীয়ে গতি কৰিছে। নৃতত্ত্বৰ ছাত্ৰ কমল। এম.এ পাছ কৰি ৰিচাৰ্চ কৰিব খোজে। ইফালে আকৌ কমলৰ দেউতাক জীৱন কেৰাণীয়ে বিচাৰে চাকৰি এটা বিচাৰি কমলে সোনকালে বিয়াখন পাতি পেলাব লাগে হৃদয়ানন্দ বৰুৱাৰ বৰ জীয়ৰী বীণাৰ লগত। হৃদয়া বৰুৱা জয়পুৰ বাগিছাৰ মেনেজাৰ। কমলক উচ্চ শিক্ষা দিয়াবলৈ গৈয়ে কমলৰ দেউতাকে হৃদয়া বৰুৱাৰ ওচৰত প্ৰায় ১২০০ টকাৰ ধাৰত পৰি আছে। হৃদয়া বৰুৱাৰো ইচ্ছা বীণাক সোনকালে বিয়া দিয়া। দেউতাকৰ অগোচৰে বীণাই বিপ্লৱ কৰে। শোষিত-নিষ্পেষিত সকলে সমঅধিকাৰ পোৱাত বীণাই অহোপুৰুষাৰ্থ কৰে। বীণাৰ বিপ্লৱৰ সহযাত্ৰী অনেক। দুখীয়া-নিচলা, চাহ-শ্ৰমিক সকলোৱে বীণাক মানি চলে। বীণাক দেৱীৰ দৰে জ্ঞান কৰে। আছৰফ, অপৰা, মাধৱ ফুকন, শ্ৰীনাথ, হেমকান্ত, সকলো বিপ্লৱৰ একো একোজন হোতা।

…..মন্দিৰা কৈৱৰ্ত ছোৱালী। কিন্তু বুকুত অলেখ সপোন। সমাজখনৰ এটা পৰিৱৰ্তন বিচাৰে। উচ্চ-নীচ ভেদাভেদৰ দেৱালখন খহাই পেলাব বিচাৰে। বিদ্ৰোহ কৰিব বিচাৰে সমাজখনৰ বিৰুদ্ধে। কিয় এই ভেদাভেদ? নীহকুলীয়া হোৱাত মন্দিৰাৰেইবা দোষ কি? মাধৱ ফুকনৰ ককাদেউতাকৰ অন্যায় অত্যাচাৰৰ বলি উপমা। ককাদেউতাকৰ অত্যাচাৰৰ দায়িত্ব মূৰ পাতি লৈ মাধৱে উপমাক লৈ আহে নিজৰ ঘৰলৈ, আশ্ৰয় দিবলৈ; প্ৰতিপাল কৰিবলৈ। মন্দিৰা-উপমাৰ মনতো বিপ্লৱৰ বা লাগে। সিহঁতেও বুজি উঠে নিৰ্বিবাদে সহি থকাটোও এক ধৰণৰ অপৰাধেই। ৰাজদোষত দোষী আছৰফৰ বুকুত ঘৰ সাজে যক্ষ্মাই। বেমাৰে কোঙা কৰি পেলোৱা আছৰফৰ এটাই অপৰাধ দলিত শ্ৰেণীৰ মানুহৰ বাবে মাত মতা। পুলিচৰ চকুত ধূলি দি আছৰফক জীয়াই ৰাখে বীণা, শ্ৰীনাথ, মাধৱহঁতে। আছৰফৰ বাবেই এটুকুৰা নিৰাপদ আশ্ৰয়ৰ আশ্বাস দিয়ে বাগানৰ বনুৱা গোপাল আৰু চমৰীয়ে। সম্ভৱপৰ সকলো চেষ্টাই কৰে সকলোৱে মৃত্যুমুখী আছৰফক জীয়াই ৰখাৰ বাবে।

…..ৰিচাৰ্চ কৰিবৰ বাবে কমল মোককচাঙলৈ যায়। তাত গৈ লগ পায় লীনা-মেৰীহঁতক। বীণাৰ দদায়েক-খুৰীয়েকক। শাৰীৰিক অসুস্থতাৰ পৰিৱৰ্তন বিচাৰি বীণাৰ ভনীয়েক ৰেবাও তালৈ যায়। ৰেবাই কমলৰ মৰম-ভালপোৱা বিচাৰে। কমলে প্ৰকৃততে কি বিচাৰে সি নিজেই নাজানে। অতীতৰ বুকুত, ইতিহাসৰ বুকুত জীৱনৰ সন্ধান কৰে কমলে। মৃত ব্যক্তিৰ পম খেদে অথচ জীৱন্ত মানুহৰ হৃদয়ৰ খবৰ নাৰাখে। ৰেবাক ভালপাব নোৱাৰে। সহজ সৰল লীনাজনীৰ মনৰ সতেজতাও ধৰি ৰাখিব নোৱাৰে। বীণাৰ সৈতে বিপ্লৱ কৰিব পৰাৰ সাহসো নাই কমলৰ। বিয়া পাতি সংসাৰী হ’বও নোখোজে। চাকৰিও নাই ভাগ্যত। কমলৰ বাবে জনতা মাত্ৰ এটা এবষ্ট্ৰেক্ট কথা। দিন যায় ৰাতি আহে। কোনো আহুকাল নোহোৱাকৈ দিনবোৰ পাৰ কৰিব খোজে কমলে। অথচ সেই কমলৰেই দেউতাকেও শেহত বাগানৰ ধৰ্মঘটক সমৰ্থন কৰাৰ পক্ষত স্বাক্ষৰ প্ৰদান কৰে। লীনাৰ চিঠিৰ জৰিয়তে দেবব্ৰতে বীণাক ভালপাই বিয়া পতাৰ মনস্থ কৰাৰ কথা জানিব পাৰি কমলৰ পুৰুষত্বত আঘাত লাগে। যেন এটা অঘোষিত প্ৰতিযোগিতাত হাৰি যায় কমল। বীণাক হেৰুৱালেই যেন কমলৰ পৰাজয় নিশ্চিত। সেয়ে ততাতয়াকৈ কমলে বীণাক বিচাৰি যায়। কিন্তু কমলে মনৰ কথা বীণাক জনাবলৈ পোৱাৰ আগতেই বীণাই আছৰফক পুলিচৰ চকুৰ পৰা আঁতৰাই ৰাখিবৰ বাবে পুনৰ এক নিৰাপদ আশ্ৰয়ৰ সন্ধানত ক’ৰবালৈ গুচি যায়…..

…..সৰল-সহজ কাহিনীৰে অতিকে উপভোগ্য উপন্যাসখন। বৰ্ণনাৰ ভাষা প্ৰাঞ্জল। মাথোঁ কোনোবাখিনিত বৰ্ণনাৰ পুনৰাবৃত্তি হোৱা যেন লাগে। মাজে মাজে কাহিনীভাগ স্থবিৰ হৈ যোৱা যেন লাগে। বাকী ছপাশালৰ ভূতে বাৰুকৈয়ে লম্ভিছে উপন্যাসখনৰ গাত। কমল>কলম, গোপাল>গোলাপ, লীনা>নীলা, বীণা>বীৰা…..এনে ধৰণৰ আৰু অনেক আছে। তৎস্বত্তেও পাঠকে কিতাপখনৰ সোৱাদ লৈ সুখী হ’ব। 

=======================================================================

##অসীমত যাৰ হেৰাল সীমা##

….সৰ্বকালৰ সকলো প্ৰজন্মৰ প্ৰিয় এখন উপন্যাস “অসীমত যাৰ হেৰাল সীমা”। প্ৰয়াত ভুৱন মোহন বৰুৱাই কাঞ্চন বৰুৱাৰ ছদ্মনামত লিখা প্ৰথম উপন্যাস। এইখনৰ প্ৰথম প্ৰকাশৰ সময় আছিল ১৯৪৫ চনৰ ১৫ আগষ্ট। তেতিয়াৰ পৰা এতিয়ালৈ উপন্যাসখনৰ জনপ্ৰিয়তা কিঞ্চিতমানো হ্ৰাস হোৱা নাই। আজিও উপন্যাসখনৰ যাদুৱে পাঠক সমাজক সমানেই মুগ্ধ কৰি ৰাখিছে। অসমীয়া সাহিত্য জগত এইখন এখন অনুপম সংযোজন।

…..কল্পনা আৰু বাস্তৱৰ আলম লৈয়ে সপোনৰ জন্ম মানুহে সপোন দেখে, সপোনত কথা কয়, সপোনত হাঁহে, সপোনত কান্দেও- সি বাস্তৱৰে অসংলগ্ন পুনৰাভিনয়…….

…..এটা সপোনক আধাৰ কৰিয়ে “অসীমত যাৰ হেৰাল সীমা” উপন্যাসখনৰ কাহিনীয়ে গতি কৰিছে। উপন্যাসখনৰ আৰম্ভণিতে কাহিনীকাৰৰ নিজাকৈ এটা সৰু সপোন। বিয়াৰ বান্ধোনত বান্ধ খাব নোখোজা এজন ডেকা ল’ৰা। মাকৰ চকুপানী, পৰিয়াল-পৰিজনৰ দিহা-পৰামৰ্শ আদেশ-উপদেশ শিৰোধাৰ্য্য কৰি এদিন বিয়াত বহিল। পাছে বান্ধোন স্বীকাৰ কৰাৰ সাহস কৰিব নোৱাৰি ন-কন্যাৰ সন্মুখৰপৰা পলাই ফুৰিল। বিয়াৰ চাৰিদিনৰ পাছত অভাৱনীয়ভাৱে সেই ন-কন্যাৰ স’তে মুখামুখি হ’ল। তাৰপাছত সম্পূৰ্ণকৈ ঘূৰি যায় তেওঁৰ জীৱনৰ গতিপথ। এদিন যাৰ সান্নিধ্যত গোটেই জীৱনটোৱেই অসাৰ হৈ যোৱা বুলি আক্ষেপ কৰিছিল পাছলৈ সেইগৰাকীৰ প্ৰবেশেই তেওঁৰ জীৱনটোক ৰং-ৰূপ-ৰসেৰে এনেকৈ সজাই তুলিলে যে তেওঁ তাতেই ডুব গ’ল। পৃথিৱীখন নতুন হৈ ধৰা দিলে তেওঁৰ চকুত। আধৰুৱা সপোনটো্বে পূৰ্ণতা পোৱাৰ আগতেই তাত কাহিনীকাৰৰ বাস্তৱ জীৱনৰ চাৰি বন্ধুৱে দখল দিয়ে।( বন্ধুবৰ্গৰ এজন প্ৰফেছৰ, এজন কবি, এজন ডাক্তৰ আৰু আনজন কাহিনীকাৰৰ দৰেই কেৰাণী)। উদ্দেশ্য পাঁচ বন্ধুৱে লগ হৈ এক অভিনৱ অৱসৰ বিনোদন উপভোগ কৰা। চিৰ চিনাকি জনসমাগম এৰি দিহিঙৰ বুকুৱেদি নাৱেৰে উজাই গৈ কোনোবা অজান মুলুকলৈ ধাপলি মেলাৰ প্ৰয়াস। প্ৰায় এমাহজোৰা এই বিচিত্ৰ আয়োজন।

…..মনত অদম্য উৎসাহ লৈ মেলি দিলে তেওঁলোকৰ নাও দিহিঙৰ বুকুত। পানী ফালি ফালি গৈ প্ৰতি মুহূৰ্তে অৰ্জন কৰিছে নতুন নতুন অভিজ্ঞতা। দৰ্শন কৰিছে নতুন দৃশ্য। নতুন আনন্দৰ সোঁতত বুৰ গৈ তেওঁলোক আগবাঢ়িছে। বাধা-বিঘিনি নাই, বাধ্যবাধকতা নাই। যি ইচ্ছা তাকেই কৰিছে। দৈনন্দিন জীৱনৰ একঘেয়েমীতা এৰি জীৱনটোক নতুনকৈ উপভোগ কৰিছে। ক্ৰমে এৰি আহিছে লোকালয়ৰ ভিৰ। নাৱেৰে উজাই গৈ পোন্ধৰ দিন পাৰ হোৱাৰ পাছত তেওঁলোকে জনপ্ৰাণীহীন অটব্য অৰণ্যৰ মাজত হঠাৎ অভাৱনীয়ভাৱে সাক্ষাৎ পায় সভ্য সমাজৰ ছাঁটো নপৰা কিছু আদিম আদিবাসীৰ। কৌতুহ’লৰ বশৰ্ৱতী হৈয়ে তেওঁলোকে নাও এৰি পাৰলৈ নামি পৰিল। কোনেও কাৰো ভাষা বুজি নাপায়। আদিম মানুহখিনিৰ আটাইতকৈ বয়সস্থজনে তেওঁলোকৰে এজন নাৱৰীয়াৰ সৈতে দুই চাৰিটা কথা বিনিময় কৰাত সক্ষম হ’ল। তেওঁলোকক পাই শতাব্দীৰ মলিনতাই ঢাকি ৰখা মানুহজাক সুখী হ’ল। গোটেইবোৰে লগ হৈ ভোজ-ভাত খালে। নিশাটো তাতে কটালে। পুৱা পুনৰ যাত্ৰা আৰম্ভ কৰিব খোজাতহে লেঠাটো লাগিল। নাৱৰীয়াকেইজনে বিদ্ৰোহ কৰিছে। “তেওঁলোক আৰু আগলৈ নাযায়। তাৰপৰা আগলৈ আৰু উজাই গ’লে হেনো ভয়ংকৰ বিপদত পৰিব লগা হ’ব। তাৰপৰা কোনো কেতিয়াও উজাই যোৱা নাই। মৰসাহেৰে কোনো গ’লেও সি আৰু ঘূৰি অহা নাই। কালিকা লগা ঠাই-গোঁসানী আছে। গ’লেই নিশ্চিত মৰণ।” দাবী-ধমকি, অনুনয়-বিনয়, লোভ একোৰে নাৱৰীয়াকেইজনক তলাব নোৱাৰি প্ৰায় জেদ কৰিয়েই পাঁচ বন্ধুৱে নাও মেলি দিলে। খেয়ালী প্ৰকৃতিৰ অপৰূপ শোভা চাই চাই আগবাঢোঁতেই নিশাৰ আন্ধাৰত কোবাল বতাহ-বৰষুণ-ধুমুহাই তেওঁলোকক উটুৱাই নি ক’ৰবাত পেলালগৈ। দিনৰ পোহৰত নিশাৰ ভয়াবহতাৰ কথা পাহৰি অলপ সুস্থিৰ হ’ব খোজোতেই বন্ধুবৰ প্ৰফেছৰে আন এক চমক দিয়ে। ধুমুহাৰ তাণ্ডৱে তেওঁক উভতাই লৈ যায় তেৰশ বছৰ পুৰণি তেওঁৰ জন্মভূমিলৈ, অতীত জীৱনলৈ। মূল কাহিনী আৰম্ভ হয় তাৰ পৰা…..

……তেৰশ বছৰ পুৰণি প্ৰফেছৰৰ জন্মভূমিৰ নাম আছিল “কমলনগৰ” আৰু তাৰ মাজেৰে বৈ যোৱা নৈখনৰ নাম আছিল “কাঞ্চনমতী”। প্ৰায় পঁচিছ হাজাৰ মানুহৰ বাসভূমি এই কমলনগৰৰ আয়তন দীঘলে দহ মাইল আৰু বহলে আঠ মাইলতকৈ বেছি নহয়। কমল-নগৰক পূবৰপৰা পশ্চিমলৈ এডাল সৰলৰেখাৰ দৰে বৈ যোৱা কাঞ্চনমতীয়ে সমানে দুভাগ কৰিছে। কিন্তু দুয়োটা ভাগ প্ৰায় সমান হ’লেও, উত্তৰপাৰৰ তুলনাত দক্ষিণপাৰত মানুহৰ দুগুণ বসতি আছিল। কাঞ্চনমতীৰ ওপৰত ইটাৰে গঢ়া বিৰাট পকীদলংখনৰ নাম আছিল “বগা-দলং”। কমলনগৰৰ লগত ৰাজধানী বা ৰজাৰ সম্পৰ্ক ৰক্ষা কৰিছিল কেৱল মাত্ৰ এজন ৰাজবিষয়াই। বছৰেকত মাথোঁ এবাৰ ৰাজ-দৰবাৰলৈ গৈ কৰ আৰু কমলনগৰৰ ভাল-বেয়া, আয়-ব্যয় আদি সকলে বছৰটোৰ কাৰণে জনাই আহিব লগাত পৰিছিল। গোটেই নগৰৰ শান্তি, সমৃদ্ধি একান্তভাৱে নিৰ্ভৰ কৰিছিল এই প্ৰধান ৰাজবিষয়াৰ ওপৰত। প্ৰকৃততে তেৱেঁই আছিল কমল নগৰৰ একছত্ৰী অধিপতি।

…..”ৰঙাটিলা”ৰ বাসিন্দা লক্ষ্মীনাৰায়ণ প্ৰধান আৰু প্ৰথম ৰাজবিষয়া। অশোক দ্বিতীয় ৰাজবিষয়া। অশোকৰ আবাসস্থলৰ নাম “ৰূপালীপাম”। অশোকৰ পত্নী উমা আৰু দুই কন্যা মণি-আৰতি। লক্ষ্মীনাৰায়ণৰ একমাত্ৰ কন্যা গৌৰী। মাতৃহীনা গৌৰী উমাৰ বৰ আদৰৰ। আটায়ে লগ হৈ মাঘবিহু উপলক্ষে খেলমাটিত হোৱা  ম’হযুঁজ চাবলৈ ওলাইছে। ইপিনে কৈশোৰৰ অভিন্ন লগ চন্দনক লগত লৈ অশোকেও বকুলপুৰৰ পৰা বাহিৰে বাহিৰে খেলমাটিত ভৰি দিয়েগৈ। তাতেই প্ৰথম গৌৰীৰ সৈতে মুখামুখি হয় চন্দনৰ। সেই প্ৰথম দৰ্শনৰ পৰাই চন্দন আৰু গৌৰীৰ মাজত অহি-নকুল সম্পৰ্ক। কিন্তু দিন বাগৰাৰ লগে লগে চন্দন-গৌৰীৰ হৃদয়ত মৰমৰ বা বলে। ভালপোৱাৰ সুবাসে দুয়োকো আবৰি আনে। তেনেতে তাত বিধি-পঠালি দিয়ে শুকুলাই। চন্দনৰ মুখত চন্দনৰ জীৱনৰ আটাইতকৈ প্ৰিয় ব্যক্তিগৰাকীৰ নাম শুকুলা বুলি শুনি গৌৰীৰ অহংকাৰত আঘাত লাগে। শুকুলা চন্দনৰ মৰমৰ ঘোঁৰাজনীৰ নাম। ইফালে আত্মগৌৰৱতেই হওক বা অহংকাৰতেই হওক গৌৰীয়ে কাকো সুধিব নোৱাৰে শুকুলাৰ কথা। অভিমানত গৌৰীৰ মনত ইৰ্ষাৰ সৃষ্টি হয়। আনহাতে আকৌ চন্দনৰ প্ৰেমৰ জুইকুৰাত ইন্ধন যোগায় চম্পাই। “নিজৰা”ৰ সম্ৰাজ্ঞী চম্পা। চন্দনৰ আজন্মৰ লগৰী চম্পা। কমলনগৰৰ আটাইতকৈ ৰূপৱতী-গুণৱতী ছোৱালীজনীয়েই হ’ল চম্পা। চন্দনৰ আশৈশৱ লগৰী। চন্দনৰ প্ৰতি চম্পাৰ বুকুত বৈ থাকে নেদেখা কাঞ্চনমতী এখন। কোনেও তাৰ ভূ-কে নাপায়। দিনবোৰ সুকলমে সুখ-শান্তিৰে গৈ থাকে। উমাই চন্দন-গৌৰীৰ কাজিয়াখনৰ নিষ্পত্তি ঘটাওঁ বুলি লওঁতেই কমলনগৰক দুৰ্য্যোগে বেঢ়ি ধৰে। অৱশ্যে তাৰ আগতেই কমলনগৰৰ তৃতীয় ৰাজবিষয়া হিচাপে মহা আড়ম্বৰেৰে চন্দনৰ অভিষেক হৈ যায়।

…. ৰাজধানীৰপৰা বাতৰি আহে দেশখন মহা-পৰাক্ৰমী শত্ৰুৰ কবলত পৰাৰ। ৰাজধানীৰ উত্তৰ, পশ্চিম, পূব সকলোফালে শত্ৰুৱে প্ৰতিখন নগৰকে আক্ৰমণ কৰিছে। তাতোকৈ মৰ্মান্তিক খৰবটো হ’ল এটা শক্তিশালী দল আগবাঢ়িছে কমলনগৰৰফালে। ৰাজধানীৰপৰা নুন্যতমো সাহায্য পোৱাৰ আশা নাই। কমলনগৰবাসীয়ে নিজৰ সুৰক্ষাৰ ব্যৱস্থা নিজেই কৰিব লাগিব। হাহাকাৰ লাগি যায় কমলনগৰত। অশোক, চন্দন, লক্ষ্মীনাৰায়ণে লগ হৈ শত্ৰুক ৰুধিব পৰাৰ সকলো সম্ভাব্য আঁচনি পৰিকল্পনা কৰে। দেৱমন্দিৰৰ চৌহদত সমূহ ৰাইজক গোট খুৱাই আহি থকা বিপদৰ কথা অৱগত কৰায়। চম্পাৰ পৰামৰ্শমতে চন্দনহঁতে গড় বান্ধে। ল’ৰা-বুঢ়া-ডেকা-গাভৰু সকলো একত্ৰিত হৈ ভাগে ভাগে নিজৰ নিজৰ দ্বায়িত্ব বুজি লয়। প্ৰাণৰ মায়াকো তুচ্ছ কৰি প্ৰতিজন সৈনিকে সাহসেৰে যুঁজ দিয়ে। যুঁজৰ ভয়বহতাই কমলনগৰক তচনছ কৰি পেলায়। যৌবনৰ তেজত তগবগাই থকা ডেকাবোৰ যুঁজত পৰি শেষ হোৱাত শিশু-বুঢ়াসকলো যুঁজলৈ আগবাঢ়ি আহিল। যুঁজত লক্ষ্মীনাৰায়ণৰ মৃত্যু হয়। যুঁজৰ নিষ্ঠুৰতাই ন বছৰীয়া শ্যামকো ৰেহাই নিদিলে। ল’ৰা-বুঢ়া-ডেকা-ডেকেৰী কোনো বাদ নগ’ল। হাজাৰ হাজাৰ মানুহ মৰি ভুত হ’ল। তথাপি ৰণত শত্ৰুৰ পৰাজয় হ’ল। কিন্তু এই ৰণে কমলনগৰৰ প্ৰাণ কাঢ়ি নিলে। চন্দন চিৰজীৱনলৈ ঘূণীয়া হ’ল। কমলনগৰ মৰিশালিত পৰিণত হ’ল। শত্ৰুৰ বাণে বুকু বিন্ধি যোৱা চম্পাই মৃত্যুৰ ওচৰত হাৰ মানিলে। কিন্তু মৃত্যুৰ আগে আগে চন্দনে উপলব্ধি কৰে চম্পাৰ আপুৰুগীয়া প্ৰেম। জীয়াই থাকোঁতে এদিনলৈ চম্পাক বুজি নোপোৱা চন্দনে মৃত্যুৰ পাছত বুজি উঠে চম্পাৰ হাঁহিৰ আৱৰণৰ অৰ্থ। কালৰ কুটিল গতিয়ে নিঃশেষ কৰি পেলায় কমলনগৰৰ অস্তিত্ব।

…..মূল কাহিনী এইটোৱেই যদিও কাহিনীৰ প্ৰয়োজনতেই সৰুসুৰা ঘটনা-পৰিঘটনাৰ উপস্থাপনে উপন্যাসখনৰ সাৱলীলতাত গতিময়তা আনি দিছে। যেনে যদু খুৰাৰ জীৱন আৰু পাশা খেল প্ৰীতি। চন্দন-গৌৰীৰ প্ৰতিদিনৰ খণ্ডযুদ্ধ। চম্পাৰ বুদ্ধিময়তা। উমাৰ নিঃস্বাৰ্থ মৰম। চন্দন-অশোকৰ নিৰ্ভেজাল বন্ধুত্ব। উপন্যাসখনৰ ভাষা প্ৰাঞ্জল। ইয়াৰ বৰ্ণনাত এনে এক কাব্যিক সুৰ আছে যিয়ে উপন্যাসখন পাঠ কৰিবলৈ পাঠকক তীব্ৰভাৱে আকৰ্ষন কৰে। যি সময়ৰ কাহিনী কাহিনীকাৰে বৰ্ণনা কৰিছে তাক নিখুঁতভাৱে তুলি ধৰাত সক্ষম হৈছে বুলিব পাৰি। খাদ্য সম্ভাৰৰ পৰা সাজ-পোছাকলৈকে, ঘৰ-দুৱাৰ, আলিপদূলিৰ পৰা প্ৰাকৃতিক পৰিবেশলৈকে প্ৰতিটো ক্ষেত্ৰতে কাহিনীকাৰে পাঠকক কাহিনীৰ গভীৰলৈ লৈ যায়। শব্দৰ বাছকবনীয়া প্ৰয়োগে চৰিত্ৰসমূহৰ সৈতে একাত্ম হোৱাত সহায় কৰে।

…..মূল চৰিত্ৰসমূহ হ’ল-লক্ষ্মীনাৰায়ণ, অশোক, চন্দন, পাৰ্বতী, উমা, গৌৰী, চম্পা, ৰমা, ৰাধা, ৰূপহী, জয়া, মতি, তিলক, কেতেকী, মুকুতা, যদু খুৰা, নবীন আতৈ, আৰতি, মণি, যশোদা, আইদেউতা, বকুলীবাই, বৃন্দা, মনোহৰ বুঢ়া, আনন্দ, দেবযানী, ৰাম, শ্যাম।



=======================================================================

##সীমান্ত##

লেখক: হিৰণ্য কাশ্যপ।
প্ৰথম প্ৰকাশ: ডিচেম্বৰ, ১৯৯৬।
দ্বিতীয় প্ৰকাশ: ফেব্ৰুৱাৰী, ২০০০।
প্ৰকাশক: বনলতা, পাণবজাৰ গুৱাহাটী।
ISBN: 81-7339-117-3.
মূল্য: ৭৫ টকা।

……হিৰণ্য কাশ্যপৰ প্ৰথম উপন্যাস “সীমান্ত”। প্ৰান্তিক আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱা উপন্যাসখনৰ ভাষা প্ৰাঞ্জল। কলেজ আৰু হোষ্টেলীয়া জীৱনৰ ঘটনাৰাজিক সৰল আৰু প্ৰকৃত ৰূপত দাঙি ধৰা সুন্দৰ প্ৰকাশ ভংগীয়ে উপন্যাসখনক আকৰ্ষনীয় কৰি তুলিছে।

……উপন্যাসখনৰ পটভূমি যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়। এগ্ৰিকালচাৰৰ বেচেলৰছ ডিগ্ৰী লৈ “ইয়াৰ পাছত আৰু ছাইন ব’ৰ্ডো নপঢ়োঁ” বুলি কোৱা কলেজখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অতি পপুলাৰ ‘দাদা’ সীমান্ত বৰুৱা পুনৰ কলেজখনলৈ পঢ়িবলৈ আহে ডেপুটেশ্যনত। ঘৰখন এৰিবলৈ টান পোৱা সীমান্তৰ লগত এইবাৰ আহে পৰিবাৰ ৰাখী আৰু তিনিবছৰীয়া ল’ৰা বাবা। ছবছৰকাল আৰামেৰে চাকৰি কৰাৰ পাছত ঘৰৰ মানুহ, শুভাকাংক্ষীসকলৰ আগ্ৰহ আৰু ইচ্ছাকে প্ৰাধান্য দি সীমান্ত গুচি আহে যোৰহাটলৈ পি.জি কৰিবলৈ। নতুনকৈ নামভৰ্তি কৰাৰ পৰা ৰিচাৰ্চ কৰি, চেমিনাৰ পাতি, থেচিচ লিখি ডিগ্ৰী লোৱালৈকে সীমান্তৰ পাছে পাছে আগবাঢ়ি যাওঁতে কাহিনীয়ে যি সাৱলীলতাৰে গতি লয় পাঠকে অজানিতেই একাত্ম হৈ পৰে ঘটনাৰাজিৰ সৈতে। বৰ্ণনাৰ সজীৱতাৰ বাবে প্ৰতিটো ঘটনায়েই জীৱন্ত হৈ উঠে। কলেজীয়া জীৱনৰ বন্ধুবৰ্গৰ নিৰ্মল ধেমালি, নিভাঁজ অন্তৰংগতা, উদাৰ মন, পৰোপকাৰী মানোভাৱেৰে সৈতে এজাক সপোনপিয়াসী ডেকা-গাভৰুৰ বিচৰণ ভূমি কৃষি বিশ্ববিদ্যালয়। প্ৰাসংগিকভাৱেই অন্য বিষয়সমূহৰ পৰা কিছু পৃথক গৱেষণাৰ বিষয়বস্তু আৰু তাৰ সৈতে সেইবোৰৰ বাস্তৱিক প্ৰয়োগ এইবোৰৰ উপস্থাপনে উপন্যাসখনক অন্য মাত্ৰা দিছে। হোষ্টেলীয়া জীৱনৰ সোৱাদ-নবাগতসকলৰ ৰেগিঙৰ পৰা আৰম্ভ কৰি মদ-ভাং-চুলাই খোৱা, নিৰ্বাচনৰ ৰাজনীতিলৈকে সকলোবোৰৰ সৰস বৰ্ণনা দিছে লেখকে। ৰিচাৰ্চ কৰাৰ ক্ষেত্ৰত ৰিচাৰ্চ কৰিবলগীয়া বিষয়টোৰ বাবে এগৰাকী মূৰব্বী নিৰ্বাচন, তেওঁলোকৰ দিহা-পৰামৰ্শমতে কৰ্ম নিৰ্ধাৰণ, কামৰ অগ্ৰগতি, তাৰ খতিয়ান আৰু শেষত এদিন সফলতাৰে ৰিচাৰ্চ সম্পূৰ্ণ কৰি ডিগ্ৰী আহৰণ। ৰিচাৰ্চ কৰাৰ পাছত হেনো অসফল হোৱাৰ ৰেকৰ্দ নাই। সেয়ে অসফল হোৱাৰ পাছতো সফল হোৱাৰ ডাটা সংগ্ৰহ কৰি সীমান্তইয়ো ডিগ্ৰী লৈ গুচি যায় সময়ত। কিন্তু উপন্যাসখনৰ শেষাংশত যেতিয়া সীমান্তৰ ৰিচাৰ্চৰ গুৰু ঘোষ ছাৰে সীমান্তক পুনৰ সীমান্তই আধৰুৱা কৰি থৈ যোৱা কামখিনি আগবঢ়াই লৈ যোৱাৰ প্ৰস্তাৱ দিয়ে তেতিয়া সীমান্তৰ নিজকে অপৰাধী যেন লাগে।

…….কথোপকথনৰ ভংগীৰে পৰিপুষ্ট উপন্যাসখন সঁচাই উপভোগ্য। কলেজ উইক, কেণ্টিন, ঠাকুৰ দা, ডেকা ল’ৰাৰ উদ্ভণ্ডালি, কিছু বলিয়ালী, শিক্ষক-ছাত্ৰৰ মাজৰ বুজাবুজি-মতানৈক্য, এনে বহুতকেইটা দিশ সামৰি কলেজীয়া জীৱনৰ এখন ছবি পাঠকে বিচাৰি পাব “সীমান্ত”ত।



========================================================================

##প্ৰথম প্ৰতিশ্ৰুতি##

মূল বাংলা উপন্যাস। ৰচয়িতা আশাপূৰ্ণা দেৱী। অসমীয়ালৈ অনুবাদ কৰিছে মনু সেনে। প্ৰথম অসমীয়া তাঙৰণ : ৰঙালী বিহু ১৯০১ শক। বাংলা উপন্যাসখনে ১৮৮৮ শকত ৰবীন্দ্ৰ পুৰস্কাৰ আৰু ১৯০০ শকত জ্ঞানপীঠ পুৰস্কাৰ লাভ কৰে। আশাপূৰ্ণা দেৱীৰ আন দুখন উপন্যাস সুৱৰ্ণলতা আৰু বকুলকথা এই “প্ৰথম প্ৰতিশ্ৰুতি”ৰ অবিচ্ছিন্ন সংযোজন।

….পৰিৱৰ্তন মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ। যুগে যুগে মানুহে নিজৰ পৰিৱৰ্তনৰ ইতিহাস লিপিবদ্ধ কৰি আহিছে কালৰ বুকুত। বনৰীয়া ফলমূল, কেঁচা মাংস খাই উদৰ পূৰোৱা মানুহ আজি কেৱল পৃথিৱীৰে বাসিন্দা নহয়; বিজ্ঞানৰ হাত ধৰি মানুহে মহাকাশৰ বুকুতো জীৱৰ সন্ধান কৰিছে। সাগৰৰ বুকু ফালি উলিয়াইআনিছে শ শ হাজাৰ হাজাৰ বছৰ ধৰি পোত খাই থকা জীৱাশ্মৰ সাঁচ। সাধনা কৰিছে, গৱেষণা কৰিছে। নিতে নিতে ন ন জ্ঞানেৰে সমৃদ্ধ কৰিছে জীৱশ্ৰষ্ঠ মানুহৰ জ্ঞানৰ ভাণ্ডাৰ। আজিৰ মানুহ আধুনিক। জীৱন ধাৰণৰ মান উন্নত। কিন্তু এই পৰিৱৰ্তন একেদিনাই অহা নাছিল। তাৰবাবে অনেক আহুপুৰোষাৰ্থ কৰিক লগা হৈছিল। অনেক ত্যাগ, অনেক কষ্ট স্বীকাৰ, অনেক সংগ্ৰামৰ বিনিময়ত পৰিৱৰ্তন আহিছিল মানুহৰ জীৱনলৈ , সমাজলৈ। তেনে এক যুগান্তকাৰী পৰিৱৰ্তনৰ শ্বাসৰুদ্ধকাৰী কাহিনীৰে অনুৰণন “প্ৰথম প্ৰতিশ্ৰুতি”।

….ঘৰৰ বাহিৰত, আলিয়ে-পদূলিয়ে পুৰুষ শাসিত সমাজৰ পৰিৱৰ্তনবোৰ সহজেই চকুত পৰে। সেইবোৰ আলোচিত হয়, স্বীকৃতিও পায়। কিন্তু ঘৰৰ অভ্যন্তৰত নিভৃতে থাকি হোৱা পৰিৱৰ্তনবোৰ? এইবোৰ চকুত নপৰে। কৌতিকলীয়া ৰীতি-নীতি-পৰম্পৰাৰ নামত পীড়িত হোৱা নাৰীজাতিৰ হা-হুমুনিয়াহ, জীৱন ধাৰণৰ মান, মূল্যবোধ এইবোৰ সদায়ে উপেক্ষিত হৈ আহিছিল। এওঁলোকৰ এটাই মাত্ৰ অপৰাধ নাৰী হৈ জন্ম লোৱাতো। এই অৱস্থাৰ বাবে কিন্তু কেৱল পুৰুষসকল দায়ী নহয়। বৰং নাৰীসকলো সমানেই দায়ী। অশিক্ষা- অজ্ঞানতাই এওঁলোকক এনেকৈ বশ কৰি ৰাখিছিল যে ঘৰৰ দুৱাৰদলিৰ বাজ হোৱাতো যেন তেওঁলোকৰ বাবে পতিতা হোৱাৰ লেখীয়া কথা। তেনে এক শাসন, দমন, অন্ধকাৰ কু-সংস্কাৰ, ৰক্ষণশীল সমাজ ব্যৱস্থাৰ বিৰুদ্ধে এক ফিৰিঙতি হৈ জন্ম লৈছিল “সত্যৱতী”য়ে।

….”সত্যৱতী” প্ৰথম প্ৰতিশ্ৰুতিৰ মূল চৰিত্ৰ। ৰামকালীৰ আঠবছৰীয়া জীয়েক। বিয়া হোৱা বছেৰেকেই পাৰ হৈ গ’ল। ঘৰহে কৰা নাই। সকলোৰে সেই একেই কথা দেউতাকৰ আসৈ পাই পাই তাই মূৰৰ ওপৰত উঠিল। সৰুৰেপৰা স্বাধীনচিতীয়া, নিৰ্ভীক, স্পষ্টবাদী, বুদ্ধিমতী সত্য যেন এক অগ্নি স্ফুলিংগ। কোনোমতেই জঁয় নপৰে। ছোৱালী হ’ল কি হ’ল, ল’ৰাই কৰা সকলোবোৰ কামেই কৰে। বৰশী বোৱাৰপৰা স্কুললৈ যোৱালৈকে। দেউতাক ৰামকালী জাতত বামুণ হ’লেও তেওঁৰ কৰ্মজীৱন ব্ৰাহ্মণজনোচিত নহয়। আন আন শাস্ত্ৰ সমস্ত, বেদ-বেদান্ত এফলীয়া কৰি থৈ তেওঁ বাছিল ল’লে আয়ুৰ্বেদ। সত্যৱতীয়ে সৰুৰেপৰা দেখি আহিছে মাইকী মানুহ-মতা মানুহৰ মাজত থকা আকাশ-পাতাল প্ৰভেদ। জনা হোৱাৰেপৰা সেইবোৰৰ প্ৰতিবাদো কৰি আহিছে। সেই আঠবছৰ বয়সতে সত্যৱতীয়ে খেলাৰ মাজতে পেহীয়েক পুণ্যৱতীক ফেপেৰি পাতি ধৰে-“নাপায়? কোনে কৈছে নাপায় বুলি? কোনে কৈছে? মাইকী মানুহ—মাইকী মানুহ! মাইকী মানুহক যেন মাকহঁতে পেটত নধৰে, বানৰ পানীতহে উটি আহে! এনেকৈ যদি মাইকী মানুহ মাইকী মানুহ কৰি থাক মোৰ সৈতে খেলিবলৈ নাহিবি কৈছো।” দিনবোৰ আগবাঢ়ি গৈ থাকে। সত্যৱতীৰ প্ৰতিবাদ চলি থাকে। জেদী, স্পষ্টবাদী সত্যৰ সকলো কথা মানি ল’ব নোৱাৰি মাক-আইতাকহঁতে টিকচি-বিকচি উঠে। শাহুৱেকৰ লগত তাই কেনেকৈ তিষ্ঠিব তাকে লৈ দুঃচিন্তাত পৰে। তাইক টান-হুতা মাতেৰে ককৰ্থনা কৰে। শাসন কৰিবলৈ চায়। উপায়ান্তৰ হৈ উঠি দেউতাক ৰামকালীৰ ওচৰত গোচৰ দিয়ে। কিন্তু দেউতাকে তাইক তেওঁলোকে বিচৰা ধৰণে শাসন নকৰে। বৰং তালপাতত পূৰৈশাকৰ গুটিৰে আখৰ লিখা গম পায় দেউতাকে সত্যৰ হাতত তুলি দিয়ে সঁচা মহী-কাপ। মাকে প্ৰমাদ গণে।

….কিন্তু সত্যৱতী “সত্যৱতীয়েই”। নিৰ্ভীক সত্যই সৰুৰেপৰাই যি সত্য আৰু যথাৰ্থ তাকে কৰি আহিছে আৰু মানি আহিছে। তেহেলৈ লাগে কোনোবাই তাইৰ গাৰ ছাল বখলিয়াই তাইক মাৰিয়েই পেলাওক। কোনোদিনে কাৰো অন্যায় নকৰেও, আনৰ অন্যায় নসহেও। আনকি দেউতাকে ককায়েকৰ দ্বিতীয় বিবাহ কৰাই দিওঁতেও মাত মাতিছিল সত্যই। জঁটাই ঘৈণীয়েকক গোৰ মাৰি যমৰ ঘৰলৈ পঠিওৱাৰ পাছত সুস্থ হৈ উঠি সেইজনী ঘৈণীয়েকেই পুনৰ জঁটাক আলপোচান ধৰা দেখি খঙত একো নাই হৈ নিজৰ মূৰটোকে ভাঙো যেন কৰিছিল সত্যই। তথাপি সত্যৱতীৰ আচল সংগ্ৰাম আৰম্ভ হৈছিল শহুৰেকৰ ঘৰলৈ অহাৰ পাছতহে। শাহুৱেক এলোকেশীৰ দৰে অতিপাত মুখচোকা আৰু হৃদয়হীনা মহিলাৰ ছত্ৰছাঁয়াত নতুন জীৱনৰ আৰম্ভণি কৰিছিল সত্যই। দেউতাকৰ সিন্ধান্তৰ বিপৰীতে শহুৰেকৰ ঘৰলৈ যোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। দেউতাকক বুজাইছিল তাইক যদি শহুৰেকৰ ঘৰলৈ নপঠায় তেওঁৰ সন্মান মাটিত মিহলি হৈ যাব আৰু তাই কোনোপধ্যে তেনে হ’ব দিব নোৱাৰে। অগত্যা দেউতাকে তাইৰ অটল সিদ্ধান্তত মান্তি হৈ তাইক শহুৰেকৰ ঘৰলৈ পঠিয়াই দিছিল। গিৰিয়েক নৱকুমাৰ যেন মাটিৰ পুতলা। মুখত মাত নাই, বুকুত সাহস নাই। মাকক যম দেখা দি দেখে। খুৰাকৰ জীয়েক সৌদামিনীৰ যোগেদি কেতিয়াবা তাৰ কিবা ক’ব লগা থাকিলে মাকৰ কাণত পেলায়। কিন্তু মাক গৰ্জি উঠিলে সেইফালেই তাপ মাৰে। শহুৰেক নীলাম্বৰ সমাজৰ এজন লেখত ল’বলগীয়া লোক হোৱা স্বত্তেও বাগদিপাৰালৈ যোৱা বুলি গম পোৱাৰ পাছৰপৰা সত্যৱতীৰ মনৰপৰা তেওঁৰ প্ৰতি থকা মান-সম্ভ্ৰম সকলো লোপ পায়। তেওঁক তেওঁৰ প্ৰাপ্য সন্মানকণ জনাবলৈ অমান্তি হয় সত্যৱতী। তাতেই অপমানিতবোধ কৰি  বানাৰ্জি দম্পত্তিয়ে ঘৰ-দুৱাৰ এৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তেনেতে প্ৰথমবাৰলৈ নৱকুমাৰে সত্যৱতীক বধ-শপত দি দেউতাকক মানি চলিবলৈ ৰাজী কৰায়। খোজে প্ৰতি সত্যৱতীৰ প্ৰতিবাদ চলি থাকে। গিৰিয়েক নৱকুমাৰৰ টান অসুখ হওঁতে সমাজৰ বাধা নিষেধ অমান্য কৰি বিলাতী ডাক্তৰ আনি চিকিৎসা কৰোৱায়। সেইবাৰলৈ সত্যৰ বাবেই মৃত্যুমুখৰপৰা ঘূৰি আহে নৱকুমাৰ। তেতিয়াৰেপৰা তেওঁ আৰু অলপ সত্যৰ বশ হৈ গ’ল। দুই সন্তান সাধন আৰু সৰলক স্কুলীয়া শিক্ষা দিবৰ বাবেই সত্যৰ কথা উলাই কৰিব নোৱাৰি পুত্ৰ-পৰিবাৰ লৈ কলিকতাৰ বাসিন্দা হ’লগৈ নৱকুমাৰ। ভৱতোষ মাষ্টৰে অফিছৰ চাকৰি এটা যোগাৰ কৰি দিলে। থাকিব পৰাকৈ বহাৰো বন্দৱস্ত কৰি দিলে। বাংলাত অ-আ-ক-খ শিকা সত্যই তালৈ গৈ ইংৰাজী শিক্ষাৰো সোৱাদ লয়। ব্ৰাহ্ম সমাজৰ সৈতে পৰিচিত হয়। জীৱনক নতুন ৰূপত চাবলৈ শিকে। কেইবাবছৰৰ বিৰতিৰ পাছত সুৱৰ্ণ তেওঁলোকৰ মাজলৈ আহে। সুৱৰ্ণক লৈ সত্যই সপোন দেখে। তাইক শিক্ষিত কৰাৰ সপোন। নৱকুমাৰক কথাৰে বান্ধে যাতে এই পৃথিৱীত সত্য নাথাকিলেও তাইক ষোল্ল বছৰৰ আগতে বিয়া দিয়া নহয়।  দুই পু্ত্ৰই এণ্ট্ৰেন্স পাছ কৰাৰ পাছত দেউতাকে তেওঁৰেই অফিচত সিহঁতে কাম কৰাটো বিচাৰে। কিন্তু মাক সত্যই এইবাৰো তেওঁক নিৰাশ কৰে। সত্যই দুই পুত্ৰৰ এজনক মেজিষ্ট্ৰেট আৰু আনজনক ডাক্তৰ কৰিব খোজে। তাতো নৱকুমাৰে বিধি-পথালি দিয়ে যদিও সত্যৰ মতামতক তেওঁ টলাব নোৱাৰে। বৰ পুতেক সাধনৰ বিয়াৰ প্ৰস্তাৱ আহে। চিন্তা-ভাৱনা কৰি সাধনৰ বিয়াত মত দিয়ে সত্যৱতীয়ে। ধুমধামেৰে সাধনৰ বিয়াৰ যা-যোগাৰ কৰে। শহুৰেক নীলাম্বৰ বানাৰ্জিৰ মৃত্যুৰ পাছত শাহুৱেক এলোকেশীয়ে বৰ নাতিয়েকৰ বিয়াখন গাঁৱৰ ঘৰত পাতিবলৈ আব্দাৰ ধৰে। সত্যইও শাহুৱেকৰ দাবী মানি লয়। বিয়াৰ যোগাৰৰ বন্দৱস্ত কৰিবলৈকে নৱকুমাৰে জীয়েক সুৱৰ্ণক লৈ বাৰুইপুৰ পায়গৈ। আইতাক এলোকেশীয়ে আঠবছৰীয়া নাতিনীয়েকৰ তেতিয়ালৈ বিয়া নোহোৱা দেখি তালফাল লগায় আৰু ততাতৈয়াকৈ তাইৰ বিয়া পাতি দিয়ে সত্যক একো নোসোধা-নোকোৱাকৈয়ে। সুৱৰ্ণৰ বাহী বিয়াৰ দিনাখন নন্দেক সৌদামিনীয়ে সত্যক কোনো কথাৰ উমান নিদিয়াকৈয়ে দুই পুত্ৰসহ বাৰুইপুৰলৈ লৈ যায় বিশেষ সকাম আছে বুলি। গৰু গাড়ীৰ পৰা নামিয়েই সত্যই দেখা পায় লগুণ-গাঁঠিৰে বান্ধ খোৱা সুৱৰ্ণক। ভৰিৰ মাটি নোহোৱা হৈ যায় সত্যৰ। নৱকুমাৰক আৰু একো কোৱাৰ সুবিধা নিদি সত্যই তাৰপৰাই উভতি গৰু গাড়ীত উঠেহি। বহু তৰ্ক-বিতৰ্ক, কাবৌ-কোকালি কৰিও নৱকুমাৰে সত্যক তেওঁৰ সিদ্ধান্তৰপৰা ল’ৰাব নোৱাৰিলে। এলোকেশীয়ে হাতজোৰকৈ ক্ষমা খুজিলে। কিন্তু সত্যৱতীয়ে সংসাৰৰ মায়া তাতেই এৰি কাশীবাসী হোৱাৰ মন মেলিলে…..

….দৈনন্দিন জীৱনৰ হাত ধৰি “প্ৰথম প্ৰতিশ্ৰুতি”ৰ কাহিনী আগবাঢ়ে। তেনেই সাধাৰণ অথচ অসাধাৰণ সত্যৱতীৰ দিনপঞ্জী দিনে নতুন হৈ ধৰা দিয়ে চকুত। বাল্য বিবাহ, অকাল বৈধব্যৰ যি যন্ত্ৰণা তাক উপলব্ধি কৰাৰ পাছত হৃদস্পন্দনৰ ধ্বনি আপোনা-আপুনি দুগুণ হৈ উঠে। অনুবাদক মনু সেনৰ বক্তব্য-“…বিগত এশ বছৰৰ ভিতৰত বংগ সমাজৰ ঘৰুৱা জীৱনত অকল্পনীয় পৰিৱৰ্তন হৈছে। লৌহ আৱৰণৰ অন্তৰালত যি মুক্তি কামনাই পাষাণ দুৱাৰত মূৰ খুন্দিয়াই মৰিছিল, সেই উদগ্ৰ মুক্তি কামনায়েই সমাজখনত কুসংস্কাৰৰ জৰ্জৰ শিকলিৰপৰা কিঞ্চিতমান মুক্তি দিয়ালে। গলিত সমাজ-ব্যৱস্থাৰ বিৰুদ্ধে যিসকলে পোনপ্ৰথমে মাত মাতিছিল, তেওঁলোক সমাজৰ প্ৰচণ্ড ভৰ্ৎসনা-লাঞ্ছনাৰ সন্মুখীন হৈছিল। কিন্তু অপৰিসীম লাঞ্ছনা গঞ্জনা সহ্য কৰিও তেওঁলোকে দীপশিখাৰ দৰে নিজকে জ্বলাই সমাজখনক আলোক দেখুৱালে আৰু তেওঁলোকৰ মুক্তিৰ বাবে বাট কাটি থৈ গ’ল।” সত্যৱতী তাৰেই প্ৰতীক।

=====================================================================

উপন্যাস: লগন
উপন্যাসিকা: বিপাশা খেৰকাটাৰী
প্ৰথম সংস্কৰণ: নৱেম্বৰ, ২০১০
প্ৰকাশক: বনলতা, ডিব্ৰুগড়
মূল্য: ১২০.০০ টকা

লগন এখন সামাজিক উপন্যাস| জীৱন-যৌবনৰ সুন্দৰ মুহূৰ্তবোৰ জীৱিকাৰ তাড়নাত উত্সৰ্গ কৰি জীয়াই থকাৰ মাজতে এখন নিকা সমাজৰ সপোন দেখা এজাক যৌবনোজ্জ্বল ডেকা-গাভৰুৰ সংগ্ৰামৰ কাহিনী এইয়া| বৰ্তমানৰ নৱ-প্ৰজন্মৰ জীৱন যুদ্ধৰ এক অবিকল প্ৰতিচ্ছবি আঁকি দেখুৱাইছে উপন্যাসিকাই| চৰকাৰী চাকৰি বিচৰাৰ নামত জীৱনটো নষ্ট নকৰি বহুজাতিক কোম্পানীৰ অধীনত মেডিকেল ছেলচ ৰিপ্ৰেজেণ্টেটিভ নামৰ অন্তহীন সংগ্ৰামেৰে ভৰি থকা জীৱিকা গ্ৰহণ কৰি জীয়াই থকাৰ সংগ্ৰাম কৰা উচ্চ শিক্ষাৰে শিক্ষিত উত্পল, নন্দিতা, হিমাংশু, অৰূপ, মৃদুল, শ্যামল, দীপাংকৰহঁতৰ সুখ-দুখ, হাঁহ-কান্দোন, সাফল্য, ব্যৰ্থতা, ক্ষোভ-হুমুনিয়াহ, স্বপ্ন, প্ৰতিবাদ, সংকল্প আদি উন্মোচন কৰাই উপন্যাসখনৰ মুখ্য উদ্দেশ্য|

এক অগতানুগতিক বিষয়বস্তুৰে অসমীয়া সাহিত্যত এইখন এক অভিনৱ সংযোজন| পাঠকে উপন্যাসৰ পাতে পাতে জীৱনক চুই যোৱা বিভিন্ন ৰঙৰ সমাহাৰ পাব| আজিৰ পৰা প্ৰায় এশ তেইছ বছৰ আগৰ সেই নিদিৰ্ষ্ট দিনটোক কোনেও পাহৰিব নোৱাৰে| বিশেষকৈ শ্ৰমিক শ্ৰেণীটোৱে| শ্ৰমিক শ্ৰেণীটোৱে সেইদিনা আমেৰিকাৰ চিকাগো চহৰত মধ্যযুগীয় বৰ্বৰতাৰ বিৰুদ্ধে এক আলোকোজ্বল জয় অৰ্জন কৰিছিল| গোটেই পৃথিৱীৰ শ্ৰমিক আন্দোলনৰ ইতিহাসত এই ঘটনা কেতিয়াও পাহৰণিৰ গৰ্ভত হেৰাই যাব নোৱাৰে---সেয়ে এক মেদিনটো আজিও বিশ্বৰ সমূহ শ্ৰমিক শ্ৰেণীৰ বাবে এটা উত্সৱৰ দিন| কেৱল শ্ৰমৰ সময় লাঘবেই সেই আন্দোলনৰ মূলমন্ত্ৰ নাছিল| সেই উদ্দেশ্যৰ আঁৰত আছিল প্ৰতিজন শ্ৰমিকৰ জীৱন বিকাশ| জড়িত হৈ আছিল আৱেগ-অনুভূতি, শিল্প-কলা, আত্মীয়ৰ সান্নিধ্য, মৰম-চেনেহ আৰু আছিল প্ৰতিটো সুন্দৰতাক স্পৰ্শ কৰাৰ এক অদম্য হেঁপাহ| সেই হেঁপাহ পূৰাব নোৱাৰি সৃষ্টি হোৱা যন্ত্ৰণাই আছিল সেই আন্দোলনৰ মূল শক্তি| সেই শক্তিৰেই পৰাজিত হৈছিল মালিক শ্ৰেণী আৰু ৰাষ্ট্ৰশক্তিৰ মিলিত হিংস্ৰ আক্ৰমণ| শ্ৰমিক শক্তিয়ে জয় গান গাইছিল|
:তত্সত্ত্বেও কিন্তু ভাৰতত আজিও উত্পীড়ন, অনিশ্চয়তা, অসন্মান আৰু উদ্বেগৰ অন্ধকাৰত শ্ৰমিক শ্ৰেণী জীয়াই আছে| চৰকাৰ আৰু কোম্পানীৰ ওচৰত ন্যায্য দাবী তুলি আজিও ইউনিয়নৰ সংগ্ৰাম অব্যাহত আছে| শ্ৰমিক শ্ৰেণী অসহনীয় অত্যাচাৰৰ বলি হৈয়ে আছে| মালিক আৰু গ্ৰাহকৰ মাজৰ এটা শোষিত শ্ৰেণী| এহাতে শ্ৰমিক শ্ৰেণীৰ হাড়ভঙা খাটনিৰে মালিক শ্ৰেণীৰ আকাশ চুই যোৱা ঊৰ্ধতা আৰু আনহাতে শ্ৰমিক শ্ৰেণীৰ নিৰাশাৰে ভৰপূৰ অসহায় জীৱন-যাপন| একবিংশ শতিকাৰ আধুনিক পৃথিৱীত ভৰি দিয়ো মানুহে নিজকে মানুহ বুলি সাব্যস্ত কৰিবৰ বাবে দিনে ৰাতিয়ে সংগ্ৰাম কৰিব লগা হৈছে


 উপন্যাসখনৰ মূল চৰিত্ৰ নন্দিতা| তিনিবছৰীয়া পুত্ৰ ৰাহুল আৰু স্বামী বেদান্তৰ সৈতে সৰু নন্দিতাৰ সংসাৰখন| কিন্তু সংসাৰৰ জোৰা মাৰিবলৈকে এদিন নন্দিতাই চাকৰিত যোগ দিছিল বহুজাতিক কোম্পানীৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে| এহাতে চাকৰিৰ প্ৰয়োজনীয়তা, আনহাতে কণমান ৰাহুলক সময় দিব নোৱাৰাৰ অক্ষমতা| উপাৰ্জন আৰু সংসাৰৰ টনা আঁজোৰাত বিধ্বস্ত হৈ ভাগৰি পৰে নন্দিতা| তাৰ মাজতে আছে চাকৰি জীৱনৰ তিক্ততা|


--এজন ভাল ডাক্তৰ হিচাপে সমাজত প্ৰতিষ্ঠিত হোৱাটো সহজ| কিন্তু এজন চৰিত্ৰৱান পুৰুষ হিচাপে জীৱনত প্ৰতিষ্ঠিত পৰাটো খুবেই কঠিন| সকলো আপোনাৰ দৰে নহয়| নিশা এঘাৰ বজাটো আপোনাক দেখা কৰিবলৈ ভয় নকৰো| কিন্তু তেওঁৰ দৰে ডাক্তৰক....আহোঁ ডক্তৰ| ক্ষোভিত ডাৱৰ এচপৰা কঢ়িয়াই নন্দিতা কোঠাটোৰ পৰা ওলাই আহিল....পৃ>

--যুঁজি যুঁজি ভাগৰি পৰে নন্দিতা| ৰাহুলৰ আব্দাৰ পূৰাব নোৱাৰি অসহায়বোধ কৰে| বেজাৰত ওলাই আহিব ধৰা চকুপানীবোৰে দুচকুৰ ভিতৰতে ছট্ফটায়| সেইটো মুহূৰ্ততে তাইৰ ভিতৰৰ নন্দিতাই কৈ উঠে—”চকুপানীৰে ইমান আবেগিক হৈ পৰিলে নচলিব নন্দিতা| পানী বাঢ়িবলৈ ধৰা নৈখনৰ মাজডোখৰ গৈ পাইছগৈ তই| সাঁতোৰ নন্দিতা....., সাঁতোৰ...নহলে ডুবিবি|....পৃ>১১

--অপমানৰ খুন্দাটো সহিব পৰা নাই অৰূপে| ডাঃ প্ৰদীপ দাসৰ কথাকেইষাৰে যেন প্ৰচণ্ড ধুমুহাৰ ৰূপ লৈ হোঁ-হোঁৱাই তাৰ অন্তৰত প্ৰৱেশ কৰিছে| গাত সৰি পৰা কৃষ্ণচূড়া কেইপাহৰ সৈতে যেন তাৰ জীৱনটোক তাৰ তুলনা কৰিবলৈ বৰ মন গৈছে....শোষণৰ ৰাজত্বত মানৱতাৰ অস্তিত্ব ? টকাই মানুহক বলিষ্ঠ কৰে| বলে শোষণক| শোষণে মহটিয়াই নিয়ে মানৱতাক| মানৱতাই জানো আজিকালি জীয়া মানুহৰ দৰে উশাহ পাৰে?...পৃ> ১৪- ১৫

--শাৰীৰিক অসুস্থতাৰ বাবেই চাকৰি হেৰুৱায় শ্যামলদাই| মৃদুলৰ বাবে অপেক্ষা কৰোঁতে কৰোঁতে সময়বোৰ দীঘলীয়া হৈ যায় মৌনতাৰ| দীঘলীয়া সময়ৰ দুৰ্বহতা কমাবলৈ হাতত কলম তুলি লয় মৌনতাই| মৃদুলৰ তে যুক্তিৰে তৰ্ক কৰে|

....দুনীৰ্তিৰ গল্পবোৰ লুকুৱাই ৰখাৰ স্বাৰ্থত যে নিশাটোৰ ভিতৰতে লাখ লাখ টকা হাতবদল হয় সেয়া আজিকালি সকলোৱে জানে| দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া বা মন্ত্ৰীৰ ঘৰত ডিনাৰ পাৰ্টিত সুৰাসক্ত হোৱা নাইবা মাজনিশা মন্ত্ৰীৰ ৰঙা লাইত জ্বলা গাড়ীৰ পৰা নমা সাংবাদিকৰ কথাও শুনিছো নাইবা অৰ্থলোভত ভুলক শুদ্ধ আৰু শুদ্ধক ভুল সজাই ৰসাল বাতৰি পৰিবেশন কৰা সাংবাদিকো বহুত দেখিছো| কিন্তু সেই বুলি পৰাগ দাসৰ নিচিনা নিৰ্ভীক, নিষ্ঠাৱান, দুৰ্নীতিমুক্ত সত্ সাংবাদিকো শেষ হৈ যোৱা নাই| ৰাইজৰ প্ৰতি দায়বদ্ধতা আৰু সমাজ সংশোধনৰ সুদৃঢ় মানসিকতাৰে সমৃদ্ধ আজিও বহুত পৰাগ দাস আমাৰ মাজত জীয়াই আছে আৰু তেওঁলোকৰ মাজতেই জীয়াই আছে আমাৰ বিশ্বাস আৰু আস্থা....পৃ> ৮৯

জীৱন আগবাঢ়ে তাৰ নিজস্ব গতিৰে| নন্দিতাই কোম্পানীৰ কামৰ বাবে মুম্বাইলৈ যায়| কিন্তু উভতি অহাৰ পাছত হিচাপত আউল লাগে নন্দিতাৰ| বেদান্তই হত্যা কৰে নন্দিতাৰ বিশ্বাসৰ| শ্ৰেয়াই যৌবনৰ ভুল কৰে| চিঙি যায় নন্দিতাৰ মৰমৰ বান্ধোন|..... জুৰি, জেচিকা, ডাঃ ৰেড্ডি, নয়না অঞ্জন, তনুশ্ৰী, চাটাৰ্জী, বিজিত দা, ভৰালী আৰু অজস্ৰ চৰিত্ৰৰ সুখ-দুখৰ প্ৰতিবিম্বই ভুমুকি মাৰিছে লগন|


Life in a learning process and making decisions is how we learn. If we never faced any big decisions, we’d never learn any big lessons….পঢ়ি চাবচোন লগন’| নিশ্চয় উপভোগ কৰিব পাৰিব জীৱন সংগ্ৰামৰ এক অপূৰ্ব চানেকি|


========================================================================
“সোণ হৰিণৰ চেঁকুৰ”.....

“সোণ হৰিণৰ চেঁকুৰ” অনুৰাধা শৰ্মা পূজাৰীৰ নৱতম উপন্যাস| প্ৰথম প্ৰকাশ ২০১২| প্ৰকাশক ৰাজেন্দ্ৰ মোহন শৰ্মা আৰু ডা: ৰবীন্দ্ৰ মোহন শৰ্মা: চন্দ্ৰ প্ৰকাশ| উপন্যাসখন প্ৰথমে প্ৰতিদিন কাকতৰ দেওবৰীয়া আলোচনী সম্ভাৰত খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল|

উপন্যাসখনৰ পাতনিতে আছে “চুইচাইড নোট” নামৰ প্ৰণৱ কুমাৰ বৰ্মনৰ অৰ্থবহ কবিতাটো| যিয়ে শিঞৰি উঠাকৈ ঝংকাৰ তোলে মন-মগজুত| মাক-দেউতাকে নিৰ্ধাৰণ কৰি দিয়া উচ্চতাক চুব নোৱাৰাৰ অৱসাদত ভাগৰুৱা সন্তানে নিজেই এক অন্য উচ্চতা বাচি লয়, য’ৰ পৰা আৰু কোনোদিনে নামি আহিব নালাগিব| কোনেও নমাই আনিব নোৱাৰিব!.....

বৰ্তমান সময়ৰ বাস্তৱ জীৱনৰ চিৰা-চৰিত ঘটনাৱলীকে সুন্দৰকৈ নিজস্ব দক্ষতাৰে দাঙি ধৰিছে লেখিকাই| তৰুণ প্ৰজন্মৰ প্ৰত্যাশা, ভাৱাবেগ, উচ্চাকাংক্ষা, হতাশা আদি প্ৰতিটো অনুভুতিকে তুলি ধৰাৰ চেষ্টা কৰা হৈছে উপন্যাসখনত| উন্নতিৰ নামত নামহীন প্ৰতিযোগিতাৰ দৌৰত কিদৰে মোহাচ্ছন্ন হয় এচাম অভিভাৱক! কিদৰে ভুলুণ্ঠিত হয় একো একোখন কোমল অন্তৰ| চুৰমাৰ হৈ যায় হেজাৰ সপোন| নিজৰ ইস্পিত আকাংক্ষা পূৰণ কৰাৰ দাবীত নিজ সন্তানক মাথোঁ প্ৰতিদ্বন্দী সজাইছে| নিজৰ সন্তানৰ যোগ্যতা নাজানি তাৰ মনটোৱে কি বিচাৰে তাক নুবুজি জোৰ কৰিয়ে তাক সুমুৱাই দিয়া হয় পঢ়া-শুনাৰ নামত প্ৰগতিৰ দৌৰত| আৰু জ্ঞাতে অজ্ঞাতে সিহঁতবোৰেও অংশগ্ৰহণ কৰি পাহৰি যায় আত্মীয়তাৰ গোন্ধ| সিহঁতবোৰ হেৰায় যায় আভিজাত্যৰ ভেমত| আত্মকেন্দ্ৰিক হৈ স্বাৰ্থপৰতাৰ কবলত পৰি ছিঙি পেলায় তেজৰ সম্পৰ্ক| মহানগৰীৰ জীৱন| য’তে যি হওক গতানুগতিকভাৱেই চলে ইয়াৰ জীৱন| ইয়াত যেন সকলো সহজলভ্য| ফুটপাথৰ চাহকাপৰ পৰা আততায়ীৰ হাতৰ মৃত্যুলৈকে! কাৰো ক’তো কোনো প্ৰতিক্ৰিয়া নাই| সকলো চিষ্টেমৰ বলি| এটা মৃত্যুক লৈ সংবাদ মাধ্যমৰ টনা-আঁজোৰা চলে| হালধীয়া সাংবাদিকে সংবাদ বিচৰাৰ নামত ব্যক্তিগত জীৱনৰ অতীতক লৈ হেতালি খেলে| শব্দৰ মায়াজালে ভেঙুচালি কৰে মানুহৰ আবেগক! উপন্যাসখনে একেলগে বহুকথাই কৈ গৈছে| প্ৰতিটো চৰিত্ৰৰ বুকুতে লুকাই আছে একো একোটা কাহিনী| ইয়াত প্ৰতাৰণা আছে, বিফলতা আছে, দুৰ্য্যোগ আছে কিন্তু তাৰ মাজতো প্ৰেম আছে, আশা আছে, প্ৰতিশ্ৰুতি আছে| জীৱন আছে| আৰু আছে আমাৰ চিৰ চেনেহী অসম আৰু আমাৰ আতিথ্য প্ৰীতি গুণটোৰ স্বাভিমান| সৰল অন্তৰৰ বহি:প্ৰকাশ আৰু তাৰ সন্মান| লেখিকাৰ নিজৰ ভাষাৰে---

নৱপ্ৰজন্মৰ প্ৰতিজন যুৱক-যুৱতী,
কিশোৰ-কিশোৰীৰ হাতত,
যি সকলে জীৱনৰ পৃথিৱী জয় কৰিব খোজে,
গান গাব খোজে মুক্ত পখীৰ দৰে,
যি পৰীক্ষাৰ নম্বৰেৰে নোজোখে নিজৰ যোগ্যতা,
অঙঠাৰ ওপৰেৰে খোজ কাঢ়িব লগা হ’লেও যি,
আত্মহত্যাৰ কথা নাভাবে,
যি ভাবিব পাৰে নিজেই নিজৰ প্ৰেমিক বুলি,
যি বিচাৰে নিজৰ উপস্থিতিৰে পৃথিৱীখন সুন্দৰ কৰিবলৈ,
মাথো তেওঁলোকৰ বাবে,
”সোণ হৰিণৰ চেঁকুৰ”

মূল চৰিত্ৰ শেখৰ| এজন ২০/২১ বছৰীয়া চফল ডেকা| উচ্চশিক্ষাৰ বাবে কটনত পঢ়িবলৈ গৈছে| সি যেতিয়া মেট্ৰিকত নব্বৈ শতাংশ পাই পাছ কৰিছিল, মাকে মূৰত হাত ফুৰাই কৈছিল-’তই নিজে কি ভাব সেয়াহে ডাঙৰ কথা বাচা, আমি সহায়হে কৰিব পাৰিম| পঢ়া কালছোৱাত আগলৈ কিমান টকা ঘটিম সেই ভাবি নপঢ়িবি| জীৱনত সকলো পাব পাৰ, সুখ পাবলৈহে টান| সন্তানৰ সুখেই আমাৰ পৰম সুখ|’ চোকা ল’ৰা শেখৰ| সকলোতে আগৰণুৱা| তথাপি যেন কিছুক্ষেত্ৰত দোমোজাত পৰে সি| দ্বিধা আছে তাৰ| প্ৰণামীক ভালপায়| কিন্তু এই ভালপোৱাৰ স্বত:স্ফুৰ্ত প্ৰকাশ সি মানি লোৱা নাই| তাইৰ কাজলবিহীন আজলী চকু দুটা আই-লাইনাৰেৰে আঁকি পেলোৱাৰ পাছত, তাইৰ ঢৌ খেলোৱা চুলিটাৰি কাটি ষ্ট্ৰেইট্‌ কৰি পেলোৱাৰ পাছত তাৰ বুকুখনে হাহাঁকাৰ কৰি উঠিছিল| স্মৃতি হৈ আহিছিল প্ৰণামীক প্ৰথম দেখাৰ কথা| তথাপি কেতিয়াবা প্ৰণামীৰ মুখৰ ৰংবোৰ মচি শেখৰৰ চুমা খাবলৈ মন যায় উদ্দামভাৱে| কেতিয়াবা ক’বলৈ মন যায় তুমি কেৱল মোৰ বাবে নগ্ন হোৱা, পৃথিৱীৰ সকলো পৱিত্ৰতাৰে| শেখৰে এনিশা উজাগৰে থাকি এদিন লিখি পেলাইছিল-

এখন ৰঙা নদীয়ে
তোমাক ঢাকি আছে
পৱিত্ৰ পতাকাৰ দৰে
তোমাৰ নগ্নতা
ধৰিত্ৰী মোৰ
এখন আকাশৰ দৰে
হাওলি
তোমাক চুমা খাম
মাধৈ মালতী হৈ বগাম
তোমাৰ শৰীৰেৰে
সূৰ্য্যৰ প্ৰখৰতাৰ ফালে চাই ক’ম
ভালপাওঁ
তোমাক ভালপাওঁ...

কিন্তু ভালপালেও প্ৰণামীয়ে শেখৰৰ বাবে প্ৰকৃতি হ’ব নোখোজে| প্ৰণামীয়ে ক্ষমতা বিচাৰে, প্ৰতিপত্তি বিচাৰে, প্ৰাচুৰ্য্য বিচাৰে| তাৰবাবেই তাই দিল্লীলৈ যায়গৈ মাইক্ৰ’বায়ল’জি পঢ়িবলৈ|

:এমিলি এটা ব্যতিক্ৰমী চৰিত্ৰ| সুদূৰ ইংলণ্ডৰ পৰা উপৰিপুৰুষ মি. ৰবিনছনৰ ডায়েৰী পঢ়ি অসম চাবলৈ আহিছে| ৰবিনছনৰ ডায়েৰীত থকা ’স্বৰ্গৰ দুৱাৰমুখ’ গুৱাহাটী আৰু ব্ৰক্ষ্মপুত্ৰৰ সৌন্দৰ্য্য বিচাৰি আহিছে| উপৰিপুৰুষৰ প্ৰতি থকা শ্ৰদ্ধা এইয়া| কৃতজ্ঞতা প্ৰকাশ| এমিলিয়ে কেৱল ইতিহাস বিচাৰি অহা নাই| হাড়ে হিমজুৱে অনুভৱ কৰিবলৈ যত্ন কৰিছে ৰবিনছনৰ পৰশ পৰা অসমখনক| সামগ্ৰিকভাৱে অসমৰ এটা সম্যক ধাৰণা দিয়াত পাৰ্য্যমানে সহায় কৰিছে শেখৰে| সমগ্ৰ গুৱাহাটী ঘূৰাইছে| চিটি বাছত উঠাইছে| তাৰ নিজৰ ঠাই তেজপুৰলৈকো নিছে| বুৰঞ্জীৰ অধ্যাপিকা মলিনা বাইদেউৰ আতিথ্যই এমিলিক আবেগিক কৰি তুলিছে| এমিলিৰ যুক্তিপূৰ্ণ কথা ৰুচিবোধ ব্যৱহাৰ বন্ধুত্বসুলভ অন্তৰঙ্গতাই শেখৰৰ বুকুত কামনা-বাসনাৰ পৰিবৰ্তে জগাই তুলিছ শ্ৰদ্ধা, ভালপোৱা, বিশ্বাস| একো নভবাকৈয়ে শেখৰে কৈ পেলাইছিল গ্ৰেজুৱেচনৰ পিচত সি চাকৰি নকৰে| সি খেতি কৰিব| কলৰ বাৰী পাতিব দেউতাকৰ ষোল্ল বিঘা মাটিত| এয়া চাগে তাৰ অবচেতন মনৰ সপোন!

:শিৱানী এটা দুৰ্বল চৰিত্ৰ| প্ৰিন্সিপাল দেউতাকৰ সন্মান ৰখাৰ জোখাৰে অধিক পাৰ্চেণ্টেজ পাব নোৱাৰি আত্মহত্যা কৰে| সিদ্ধাৰ্থৰ আকূল প্ৰেমেও তাইক বান্ধি ৰাখিব নোৱাৰিলে| আচলতে শিৱানীয়ে আত্মহত্যা কৰা নাই| মাক দেউতাকে তাইক মৃত্যুৰ মুখলৈ ঠেলি দিলে| শিৱানীৰ মৃত্যু আমাৰ সমাজ ব্যৱস্থা আৰু পৰীক্ষা ব্যৱস্থাৰ কৰুণ পৰিণতি|

:কিশলয় চোকা ল’ৰা| কেমেষ্ট্ৰিত অনাৰ্ছ লৈ পঢ়ি এজন ভাল অধ্যাপক হোৱাৰ মন| ফটোগ্ৰাফিত চখ আছে| চিনেমা কৰাৰো হাবিয়াস আছে| কিন্তু দেউতাকে নিৰ্দেশ দিছে-’ঘৰলৈ আহ| এতিয়া একো সিদ্ধান্ত নলবি| মেডিকেল তই পঢ়িবই লাগিব| বাছনি পৰীক্ষাৰ বাবে সাজু হ| ছেকেণ্ড অপছন্‌হে ইঞ্জিনীয়াৰিং|’ ৰঞ্জন, নবাব দিগ্বিজয়হঁতৰ দৰে ল’ৰাবোৰে কলেজীয়া জীৱনৰ পৰাই ৰাজনৈতিক জীৱনৰ কুচ্‌কাৱাজ আৰম্ভ কৰে| সুবিধা বুজি অনৈতিক কাৰ্য্য একোটাকো প্ৰাপ্য সজায় ল’ৰা-ছোৱালীবোৰক বিপথে পৰিচালিত কৰে| ছলে বলে কৌশলে নোৱাৰিলে দাবী ধমকিৰে হ’লেও সিহঁতৰ বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য কৰে|

:প্ৰসেনজিত শেখৰৰ বন্ধু| দৰিদ্ৰতাৰ সৈতে সহবাস কৰিও দেউতাকৰ অহেতুক আদৰ্শ প্ৰীতি সহ্য নহয় তাৰ| এসময়ত ভাল গান গাইছিল| কিন্তু ভাঙৰ নিচাত পৰি কোনোমতে জীৱনটো পাৰ কৰিব খোজে| নিজৰ ওপৰতেই যেন অনীহা তাৰ! কটনৰ হোষ্টেল এৰি সম্পৰ্কীয় ককায়েক এজনৰ লগত থাকিবলৈ লোৱাৰ পৰা প্ৰসেনে প্ৰত্যক্ষ কৰিছে অন্য এখন পৃথিৱী| ঘোচৰ টকা, ৰাতি জুৱা-মদ, হয়্তো মাজে মাজে বেশ্যা গমন| দাদাকৰ বন্ধুবোৰ দেখি মূৰ ঘূৰাই যায় প্ৰসেনৰ| পঢ়া-শুনা কৰাৰো ইচ্ছা নোহোৱা হৈ যায় তাৰ| এই প্ৰসেনেই এদিন অকপটে শেখৰৰ আগত দাঙি ধৰিছিল তাৰ গোপন বেথাৰ একাংশ| কিদৰে সি কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণত জেঠায়েকৰ ছোৱালী ৰিণি বা’ৰ হাতত প্ৰথমবাৰৰ বাবে হেৰুৱাইছিল তাৰ কৌমাৰ্য অনিচ্ছাকৃতভাৱে|

:জীৱনৰ প্ৰথম প্ৰেম ৰাজদীপক লৈ সপোন দেখিছিল বিদিশাই| কিন্তু ৰাজদীপে বিদিশাৰ প্ৰেম বিচৰা নাছিল, বিচাৰিছিল বিদিশাৰ শৰীৰটো| সেয়ে ভোগ কৰাৰ পাছতেই ভীৰুৰ দৰে মনে মনে পলায়ন কৰিছিল ৰাজদীপে| নিজৰ স্বাৰ্থত তাইক আগবঢ়াই দিয়া মামাকৰ ল’ৰা ৰমেনে তাইকহে জগৰীয়া কৰিছিল ছোৱালী হৈ নিজে কিয় সাৱধান নহ’লি বুলি| প্ৰথম প্ৰেমৰ প্ৰতাৰণাক সহ্য কৰিব নোৱাৰি বলিয়া হৈ উঠিল বিদিশা| পুৰুষৰ সমানেই স্বাধীন হ’ব খুজি স্বেচ্ছাই বাচি লৈছে এটা ধ্বংসমুখী জীৱন| শৰীৰৰ সুখ কেৱল পুৰুষৰ একচেতিয়া অধিকাৰ বুলি ভবা মনোভাবক যেন প্ৰত্যাহ্বান জনাব খুজিছে শৰীৰটো ব্যৱহাৰ কৰি!

:মৈত্ৰীৰ দেউতাকৰ হাৰ্ট এটেক হৈছিল, আৰ্টাৰি ব্লক হোৱাৰ বাবে অপাৰেচনৰ দৰকাৰ হৈছিল| সকলো খৰচ মোমায়েকে বহন কৰাৰ অজুহাততে এদিন মাতাল হৈ আহি তাইক ধৰ্ষণ কৰিছিল| তাইৰ বয়স তেতিয়া মাত্ৰ দহ বছৰ| কিন্তু সেই দুৰ্বল পৰিস্থিতিত মান-সন্মানৰ ভয়ত সকলো কথা গাপ দিয়া হ’ল| তাইৰ চিকি‍ত্সাৰ খৰচো মোমায়েকেই দিলে| দিন যোৱাৰ সকলোৱে কথাবোৰ পাহৰি পেলালে| কিন্তু যোৱা সাত বছৰে মৈত্ৰীয়ে বুকুত এই জীয়া ঘা টুকুৰা লৈয়ে আছে| মাকে মোমায়েকক ক্ষমা নকৰিলে| তাইয়ো নকৰে| মোমায়েকে ক্ষমা খুজিলেই যেনিবা তাই পোৱা কষ্টা জানো লাঘৱ হ’ব? পুৰুষৰ প্ৰতি হয়্তো এই ঘৃণা মৈত্ৰীৰ মনত সৰ্বদা থাকি যাব| তথাপি তাই জীয়াই থাকিব|

:ওখ-ক্ষীণাংগী আল্পনা প্ৰিয়ম দুৱৰাৰ ঘৰ গোলাঘাটৰ বাদুলিপাৰ নামৰ ভিতৰুৱা ঠাইত| সন্দিকৈ কলেজত আহি ভৰ্তি হোৱাৰ পিছত নৱাগত আদৰণী সভাত কোনোবা স্থানীয় টিভি চেনেল এটাই বাৰে বাৰে তাইৰ ফ’কাছ কৰিলে| সকলোৱে তাইৰ শৰীৰটো মডেলিঙৰ বাবে উপযুক্ত বুলি শলাগিলে| এই আল্পনাই সময় থাকোতেই তীৰ মৰাই ভাল বুলি দুদিনৰ চিনাকী তাইৰ শুভাকাংক্ষী বুলি ভবা বিকিৰ সৈতে গুচি গৈছে ঘৰত কাকো একো নজনোৱাকৈ এখন কল্পনাৰ পৃথিৱীৰ সন্ধানত|

:নীৰাৰ মাহীয়েকৰ ছোৱালী সীমাই দিল্লীত কামত সোমাইছে| কলেজীয়া কালত ’লিভ্‍ টুগেদাৰ’ কৰা বন্ধু বৰুণৰ সৈতে আকৌ একেলগে থাকিবলৈ এটা ঘৰ ভাড়ালৈ লৈছে| বিয়া কিন্তু নাপাতে| এই লৈ সীমাৰ ঘৰত বিৰাট আপত্তি| নীৰায়ো বেয়া পাইছে কথাটোত| কিন্তু সুলেখাৰ প্ৰশ্ন পুৰুশৰ ’ভাৰ্জিনিটি প্ৰুফ’ কিদৰে কৰিব পাৰি? প্ৰচণ্ড তৰ্ক-বিতৰ্কৰ মাজতে সুলেখাই উদঙাই দিছে তাইৰ ৰক্তাক্ত কলিজা| মাকক বৈধ ভাৱে বিয়া পতাৰ পাছতো দেউতাকৰ আৰু দুগৰাকীকৈ উপপত্নী আছিল| আইতাকক আটাইতকৈ ভালপোৱা সুলেখা ঠৰ লাগিছিল শুনি যেতিয়া অসুখত পৰি তাইৰ একমাত্ৰ ভায়েকটো ঢুকাওঁতে আইতাকে ভগৱানক প্ৰশ্ন কৰিছিল ল’ৰাটো মাৰি কিয় তেওঁলোকৰ বংশটোক নিবংশ কৰিলে| কিয় তাৰ ঠাইত সুলেখাকে মাৰি নিনিলে?

: শেখৰে কৈছিল বন্ধুত্বৰ কোনো জেণ্ডাৰ নাথাকে| কিন্তু শেখৰ আৰু এমিলিৰ বন্ধুত্বক কলংকিত কৰিব খুজিলে তাৰেই একাংশ বন্ধুৱে| সকলোৱে ভাবে প্ৰেম মানে শৰীৰৰ সম্পৰ্ক| তাতে এমিলি বিদেশীনি!

:আব্বাছক ছাত্ৰাবাসৰ গেটৰ ওচৰতে গুলিয়াই থৈ গ’ল কোনোবা অচিনাক্ত আততায়ীয়ে| কোনে মাৰিলে কিয় মাৰিলে পুলিচে একো শুং-সূত্ৰ উলিয়াব নোৱাৰিলে| আব্বাছৰ মৃত্যুৱে হোষ্টেলৰ বাসিন্দা প্ৰতিজন ল’ৰাৰ মাক-দেউতাককে শংকিত কৰি তুলিলে| আব্বাছৰ মৃত্যুক লৈ ছাত্ৰ সংগঠনে শ্লোগান দিলে, দোকান বজাৰ বন্ধ কৰিলে| বাতৰি কাকত, চেনেলবোৰে তিনিদিনমানলৈ দিনে নিশাই খবৰ দিলে| আব্বাছৰ জীৱনৰ সৈতে সম্পৰ্ক নথকা অলীক কল্পনাৰে লিখা কথাও কিছুসংখ্যক বাতৰি কাকতত ওলাল| এটা ব্যক্তিগত চেনেলৰ বাতৰিত আব্বাছৰ পাকিস্তানীৰ মৌলবাদীৰ সৈতে সংযোগৰ তথ্য দাঙি ধৰিলে| এয়াই নহয় আব্বাছৰ ৰহস্যময়ী নাৰীৰ সৈতে বিশেষ সম্পৰ্কৰ সূত্ৰ এটাও দাঙি ধৰিলে তেওঁলোকে| তাৰ বাহিৰে আন একো নহ’ল| আব্বাছৰ মৃত্যু এটা স্মৃতি হৈ গ’ল|

অসমৰ এই আগশাৰীৰ কলেজখনত উচ্চ শিক্ষা ল’বলৈ আহিছিল শেখৰ, আব্বাছ, কিশলয়, ৰাজেশ, ভূৱন, প্ৰসেনজিত, শশাংকহঁতৰ দৰে আৰু বহুতো| তাৰ মাজৰ কোনোবাটো হয়তো সফল হ’ব অথবা বিফল হ’ব| কিন্তু সফল হৈ যদি বাহিৰলৈ গৈ আৰু উভতি নাহে? ভূৱনৰ ককায়েক দুজনৰ দৰেই পাহৰি যায় যদি প্ৰিয়জনৰ পৰিচয়? তথাপি জীৱন আগবাঢ়ে...

ধোঁৱা আৰু ছাইৰ মাজেৰে উৰা মাৰিব খোজা
মই এটা ফিনিক্স পখী
নিজৰ হাড় জ্বলাই সাজিছো
সপোনৰ দিকচৌ বাট
তেজৰ গোটমৰা চেঁকুৰাৰে
ৰং দিছো অপ্ৰাপ্তিৰ
দুকোঠলীয়া ঘৰটোত
প্ৰেম আৰু আশা
ইয়াৰ বাহিৰেনো আছে কি?
ভাঙিছো পাতিছো
আকৌ ভাঙিছো
আকাশৰ ফালে মুকৈ
দীঘল জখলা সাজিছো
স্বৰ্গদেউ চুকাফাৰ দৰেই
এই জখলাৰে এদিন নামি আহিবা
তুমি
সদায় বেয়া দিন নেযায় দিয়া
আমাৰ শুকান মাটিতো গজিব শইচ
সোণোৱালী
মই ইমান বেয়াও নহয়
তুমি যিদৰে ভাবিছা
প্ৰেম আৰু আশা
দুকোঠলীয়া ঘৰটোত বন্দী কৰি ৰাখিবলৈকে
মই বেয়া হৈছো তোমাৰ বাবে
মোক এৰি নিদিবা
এদিন ফিনিক্স পখী হৈ উৰা মাৰিম আকাশলে
তোমালৈ থৈ যাম সুৰুযৰ এচমকা
ডাৱৰীয়া বতৰত ৰিহাত মেৰিয়াই ল’বা!!!

:এমিলিয়ে শেখৰক সুধিছিল-’হোৱাট ইজ ইয়ৰ ছাউণ্ড অব্‌ ছউল?’
:নাথিং| সি কৈছিল| আচৰিত হৈছিল এমিলি|....খং, ক্ষোভ, প্ৰতাৰণা, ঘৃণাৰ প্ৰাবল্যত প্ৰতিশোধ ল’বলৈ গৈ ধ্বংসৰ গৰাহত ভৰি দিয়া বিদিশাক প্ৰায় জোৰ কৰিয়েই মৈত্ৰীয়ে লৈ গৈছিল ৰবীন্দ্ৰ ভৱনত নাটক চাবলৈ| নেথেনিয়েন হথৰ্নৰ পৃথিৱী বিখ্যাত ’স্কাৰলেট লেটাৰ’ৰ নাট্যৰূপ| এখন মাত্ৰ নাটকেই জোৱাৰ তুলিলে বিদিশাৰ অশান্ত মনত| সুখী হৈছিল মৈত্ৰী সিদিনা|

আৰু বহুত কথা আছে উপন্যাসখনত| একৈশ শতিকাত ভৰি দিয়াৰ পাছতো মানুহ সঁচা অৰ্থত মুক্ত আৰু স্বাধীন নহয়| সকলোৱে কথাবোৰ মাথো ভাবে আৰু কয়| কিন্তু সেইবোৰ কৰি দেখুওৱাৰ সাহস কাৰো নাই| অসমৰ প্ৰাণকেন্দ্ৰ গুৱাহটী| কটনৰ দৰে কলেজত পঢ়া প্ৰাপ্তবয়স্ক প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ ভাণ্ডাৰ বিশাল| অনুভৱ পুৰঠ| তথাপি অনিশ্চিত ভৱিষ্যতৰ আশংকাত সকলোৱে মাথো দৌৰে| ক’লৈ সেয়া কোনেও নাজানে| হোষ্টেলীয়া জীৱনৰ সোৱাদ, বন্ধু মহলৰ বাক-বিতণ্ডা, মনৰ ভাষা, শৰীৰৰ ভাষা, সমাজ ব্যৱস্থা, শিক্ষাৰ ভুল প্ৰণালী, অভিভাৱকৰ দ্বায়িত্ব, স্বত:স্ফুৰ্ত হৃদয়ৰ অনুভৱ, ৰাজনৈতিক মেৰপেচ এই সকলোবোৰ মিলি উপন্যাসখনক সুখপাঠ্য কৰি তুলিছে| মাজে মাজে দিয়া কবিতা কেইটাই আৰু সুৱগা চৰাইছে| বৰ্তমান যুগৰ ডেকা-গাভৰুৰ দোদুল্যমান মনৰ পথাৰখনৰ এক স্পষ্ট খতিয়ান এয়া| শেখৰো আজিৰ যুগৰ ডেকা| কিন্তু শেখৰে সহজ পন্থাৰে জীৱনক বিচাৰিছে| ৰেচৰ ঘোঁৰা হৈ দৌৰিব খোজা নাই| ৰঙীন চশমাৰ ফাঁকেৰে পৃথিৱীখনক চাব খোজা নাই| শেখৰে এমিলিক কৈছে-’আমাৰ বাবে ভালপোৱা আৰু যত্নৰ নাম-মা; ভালপোৱা আৰু ভয়-সমীহৰ নাম-দেউতা: ভালপোৱা, সহায় আৰু সহানুভূতিৰ নাম-ভনী: ভালপোৱা, কাজিয়া আৰু বুজা-বুজ্জিৰ নাম-ভাই বা ককাই: ভালপোৱা আৰু জীৱনৰ নাম-পত্নী: কিন্তু ভালপোৱা, যত্ন, ভয়-সমীহ, সহানুভূতি, কাজিয়া, বুজা-বুজি আৰু জীৱনৰ সকলো সংমিশ্ৰনৰ নাম এটা| সেয়ে হৈছে-বন্ধু| গতিকে ভাল বন্ধুতকৈ ডাঙৰ সম্বন্ধ একো নাই| মই তোমাৰ বন্ধুত্ব্ৰৰে চহকী হ’বলৈ পাই ধন্য| কাৰণ তেজ-মঙহ বা ধৰ্মৰ নামত শপত নোখোৱা সম্পৰ্ক সকলোতকৈ পবিত্ৰ আৰু স্থায়ী| ইয়াত বিচ্ছেদ নাথাকে|’

মানুহৰ মন নামৰ বিমূৰ্ত এই অদৃশ্য বস্তুটোক মানুহে নিজেই চিনি নাপায়, নিয়ন্ত্ৰণ কৰি ৰখাতো দূৰৈৰ কথা| তথাপি জীৱন চলে এনেদৰেই তাৰ নিজস্ব গতিত| কলেজৰ শেষৰ দিনা মানে শেখৰহঁতৰ ফেয়াৰৱেলৰ দিনা শেখৰ কবিতাত সুৰ দি অৰ্ণৱে গাইছিল-
নীলা চিঠিখন উৰি গৈ
আকাশত হেৰাল কেনি
তোমাৰ মাত বতাহৰ বোকোচাত
উঠি গ’লগৈ কেনি
জোনাকৰ চোতালত
খেপিয়াই ফুৰো মই
জানোচা পাওঁ
হেৰোৱা জোন
মুঠি মুঠি তৰা সিঁচি
মাতো তোমাক নিতৌ
এবাৰ আহা সোণ
মই জানো,
জানো সেই
নিজান দুপৰীয়া
সোণাৰু হালধীয়া
কাঢ়ি নিলা গোপনে
মোৰ প্ৰতিবিম্ব
এতিয়া মই অকলশৰীয়া
নীলা চিঠিখন...
আকাশত হেৰাল কেনি....

কলেজৰ পৰা ওলায় উদ্দেশ্যবিহীনভাবে ঘূৰি ফুৰিলে শেখৰে| ভাল লগা নাই তাৰ একো| শূন্যতাই আগুৰি ধৰিছে তাক| কলেজ শেষ কৰি কি কৰিব সি ভাবি উলিয়াব পৰা নাই| অন্যমনস্ক হৈয়ে শেখৰে চাইবাৰ কাফেত সোমাল| অনলাইনত এমিলিক পাই ভাল লাগিল| এমিলিয়ে আকৌ শেখৰত মনত পেলাই দিলে সি পাতিম বুলি কোৱা কলবাৰী খনৰ কথা| এইবাৰ শেখৰ দৃঢ়পতিজ্ঞ| সি গ্ৰেজুৱেচনৰ পাছত দেউতাকৰ ষোল্ল বিঘা মাটিত কলবাৰীয়েই পাতিব| স্থিৰ সিদ্ধান্তটো লৈ শান্ত মনেৰে ফাইনেল পৰীক্ষাত বহিবলৈ সাজু হ’ল শেখৰ......

========================================================================

গল্প সংকলন: সীমন্তিনী|
লেখিকা: মঞ্জু বৰা|
প্ৰথম প্ৰকাশ: ২০১০|
প্ৰকাশক: পূৰ্বাঞ্চল প্ৰকাশ|
মূল্য: ১৫০.০০ টকা|

 কেতিয়া কি ভাব-অনুভূতিয়ে উকি মাৰে, তেওঁ প্ৰেম আৰু হৃদয়ৰ তাড়নাত কেনে পন্থা আকোঁৱালি লয় ইত্যাদিৰে আজিৰ শিক্ষিত নাৰীসকলৰ মানসিকতা অধ্যয়ন কৰিলে আশ্বৰ্য অথবা বিষ্ময়ত অভিভূত হ’ব লগা হয়|

লেখিকাৰ কথাৰেই:-নাৰী-পুৰুষৰ সম্পৰ্কটোৱেই পৃথিৱীৰ আটাইতকৈ আদিম সম্পৰ্ক—এতিয়া আহি যিটো সম্পৰ্কই এটা অতিকে জটিল ৰূপ লৈছেহি| মানুহ যিমানেই শিক্ষিত হৈছে, চোকা মগজুৰে জটিল চিন্তাশক্তিৰ অধিকাৰী হৈছে- সিমানেই তেওঁলোকৰ চালচলন তথা মনঃস্তত: দুৰ্বোধ হৈ পৰিছে| পৰিবৰ্তিত সময়ত নাৰী সুশিক্ষিতা হৈ আত্ম সংস্থাপিত হ’লেও শাৰীৰিক আৰু মানসিকভাৱে সৰহসংখ্যকেই এতিয়াও নিৰ্যাতিতা| কোনোবাই এই নিৰ্যাতন নীৰৱে মানি লৈছে, কোনোবাই ইয়াৰ পৰা উদ্ধাৰ পোৱাৰ আশাত ভুল পথো বাচি লৈছে আৰু কোনোবাই খুব সুক্ষ্মভাবে সুস্থ আৰু পৰিকল্পিত উপায় অৱলম্বন কৰি নিজকে সকলো ধৰণৰ নিৰ্যাতন, অন্যায়, অবিচাৰৰ পৰা মুক্ত কৰোৱাই মুকলি আকাশৰ তলত পুৰুষৰ সৈতে সমানে বিচৰণ কৰিবলৈ সক্ষম হৈছে| কিন্তু এই শাৰীৰিক আৰু মানসিক অৱস্থানৰ উৰ্দ্ধতো মানুহৰ অন্য এখন জগত আছে| যিখন জগত দৈনন্দিন লাভ-লোকচান বা পোৱা-নোপোৱাৰ স্থূল হিচাপ-নিকাচেৰে পৰিচালিত নহয়| ই হ’ল হৃদয়ৰ জগত| যিকোনো এগৰাকী নাৰীৰ হৃদয়ৰ নিৰ্ভিত কোণত
সৰ্বমুঠ চৌধ্যটা গল্প সন্নিবিষ্ট আছে ইয়াত|:-

১) সীমন্তিনী,
২) নৈমিত্তিক-প্ৰলয়,
৩) বৃন্দাবনত নুশুনি বাঁহীৰ মাত,
৪) অপৰোক্ষ অনুভৱ,
৫) সূত্ৰ ভঙাৰ সূত্ৰ,
৬) প্ৰতিবিম্ব,
৭) এজন প্ৰেমিকৰ সন্ধানত,
৮) শূন্যত ওলমা সময়,
৯) গোলকীয় দ্বন্দ,
১০) গৃহ প্ৰৱেশ,
১১) স্ত্ৰীত্ব,
১২) ৰূপান্তৰ,
১৩) নজ্বলিল সাঁজৰ তৰা,
১৪) দিনান্তত মাধৱীলতা|

প্ৰতিটো গল্পটেই এক সুকীয়া স্বাদ আৰু মনস্তত্ত্বৰ বিশ্লেষণ আছে| উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ পাছতো, স্বাৱলম্বিতাৰে নিজৰ ভৰিত নিজে থিয় দিয়াৰ পাছতো, নিজৰ গৰিমাৰে নিজে মহিমামণ্ডিত হোৱাৰ পাছতো কোনোবাখিনিত আজিও ৰিক্ত হৈ ৰয় নাৰী| কিহে পূৰ্ণ কৰে মানুহক? নাৰী কি? এটা মন? এটা আত্মা? নে এটা শৰীৰ? কিমানখিনিলৈকে হৃদয়ৰ স্পন্দনৰ ধ্বনি অনুৰণিত হয়? পায়নে হৃদয়ে স্বীকৃতি? হয়নে সপোন সঁচা? পাৰিনে বন্ধন খুলি উৰি যাব আকাশ ধিয়াই? পাৰি জানো মন গ’লেই খহাই দিব অপ্ৰাপ্তিৰ পাহাৰ? সহজ জানো খোজ দিয়া অচিন বাটেৰে? কোনে জানে কি আছে তাত!

নাৰীৰ বিপৰীতে পুৰুষসকল সকলো দিশতেই স্বাধীন| শাৰীৰিকভাৱে তেওঁলোক স্বাধীন| কাৰণ প্ৰকৃতিয়েও তেওঁলোকক এনেকৈয়ে সৃষ্টি কৰিছে যে যিবোৰ প্ৰাকৃতিক কাৰণত নাৰীয়ে অশেষ য্ন্ত্ৰণা ভুগিব লগা হয়| সময় বিশেষে কলঙ্কৰ বোজাও কঢ়িয়াব লগা হয়| সেইবিলাক শাৰীৰিক যন্ত্ৰণা তথা লাঞ্ছনাৰ পৰা পুৰুষসকল প্ৰায় মুক্ত| তাৰোপৰি সামাজিক নীতি-নিয়ম, চাল-চলন, লোকাচাৰ-পৰম্পৰা ইত্যাদি অতীজৰে পৰা পুৰুষৰ দ্বাৰাই নিৰ্দ্ধাৰিত হৈ আহিছে বাবে জীৱনৰ বাটত কোনো স্তৰতে তেওঁলোকে উজুটি খাব লগা নহয়| বিপৰীতে নাৰীয়ে কিন্তু সেই নীতি-নিয়ম, লোকাচাৰ-পৰম্পৰা আদি আখৰে আখৰ পালিব লগা হয়| হয়তোবা কেতিয়াবা শাৰীৰিক তথা মানসিক কষ্টৰ মাজেদি বলপূৰ্বক ভাবেও| তথাপিও মানৱ সভ্যতাৰ ক্ৰমবিকাশত সমানে অংশীদাৰ হৈ এগৰাকী নাৰীয়ে এজন পুৰুষৰ সৈতে সংসাৰ পাতে| সময়ত তেওঁৰেই সন্তান গৰ্ভত ধাৰণ কৰি সমাজ তথা পৰিয়ালক আগুৱাই নিয়াৰ এক গৌৰৱৰ ভাগীদাৰ হয়| এগৰাকী সধবা নাৰীয়ে পুত্ৰ-কন্যা-স্বামী সমন্বিতে সমাজত এক বিশেষ স্থান লৈ গৌৰৱপূৰ্ণ অস্তিত্বৰ দাবীদাৰ হ’ব পাৰে| কিন্তু তথাপিও নাৰীৰ মনত সেই চিৰন্তন ক্ষোভ কিয়? কিয় তেওঁ ক্লান্তি আৰু নিঃসংগতাত ভোগে যেতিয়া তেওঁৰ বামী পৰগামী হয়? হৃদয়ৰ নে সন্মানৰ নে নিজ গৰ্ব খৰ্ব হোৱাৰ অপমানত? পুৰুশৰ সমানে দায়িত্ব পালন কৰিও কিয় এগৰাকী নাৰীয়ে সমাজত পুৰুষৰ সৈতে সম অধিকাৰ লাভ নকৰে? কিয় বহুত উচ্চ শিক্ষিতা নাৰী বিবাহোত্তৰ কালত একান্ত নিজা এক পৰিচয় লাভৰ বাব হাহাকাৰ কৰিব লগা হয়? সৃষ্টি কৰ্মত ব্ৰতী হৈয়ো নাৰী পুৰুষৰ দ্বাৰা লঘু প্ৰতিপন্ন হ’ব লগা হয়| কৰ্মক্ষেত্ৰতেই হওক বা আন ঠাইতেই হওক পুৰুষ সততাই নাৰীৰ শৰীৰটোৰ প্ৰতি আকৰ্ষিত হয় আৰু সুযোগ পালেই শোষণ কৰিবলৈ আৰম্ভ কৰে| এই প্ৰশ্নবোৰ হয়তো সদায়েই থাকি যাব যেতিয়ালৈ নাৰীয়ে পুৰুষৰ লগত সমান অধিকাৰ লৈ নিৰ্ভয়ে নিঃসংকোচে ঘৰ সংসাৰৰ দায়িত্ব পালনৰ ক্ষেত্ৰতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক বিচৰণ কৰিব নোৱাৰিব|

’সীমন্তিনী’ৰ গল্পকেইটা প্ৰান্তিক, বিষ্ময় আদি আলোচনীৰ পাতত ইতিপূৰ্বে প্ৰকাশ পাইছিল যদিও আশা কৰোঁ সংকলনখন পঢ়ি পাঠকে পুনৰ উত্‍কৃষ্ট গল্পকেইটাৰ সোৱাদ ল’ব|

=======================================================================

শৱ কটা মানুহ....

শৱ কটা মানুহ অৰুণাচল প্ৰদেশৰ মনপা জনজাতিৰ এটি প্ৰচলিত পৰম্পৰাক আধাৰ কৰি লিখা এখন সফল উপন্যাস| উপন্যাসখনৰ ৰচক য়েছে দৰজে ঠংচি| কিতাপ আকাৰে প্ৰকাশ পোৱাৰ আগতে এই উপন্যাসখন সাদিনৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল| উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় নৱেম্বৰ, ২০০৪ চনত| তাৰপাছত ক্ৰমে ডিচেম্বৰ,২০০৬ চনত আৰু জুলাই,২০০৮ চনত প্ৰকাশ হয়| প্ৰকাশক অনন্ত হাজৰিকা, বনলতা, পাণবজাৰ-গুৱাহাটী| বেটুপাত অংকন কৰে ৰবীন বৰুৱাই| মূল্য: ৮০.০০ টকা| ডিটিপি: লোকনাথ এণ্টাৰপ্ৰাইজৰ| ISBN:81-7339-407-5| মুদ্ৰক: শৰাইঘাট ফটোটাইপছ|

==লেখকৰ পৰিচয়==

১৯৫২ চনত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ জীগাঁৱৰ এটি চেৰদুকপেন সম্প্ৰদায়ৰ পৰিয়ালত ঠংচিদেৱৰ জন্ম| তেখেতে জীগাঁও প্ৰাথমিক বিদ্যালয়, বোমডিলা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি কটন কলেজত পঢ়িবলৈ লয় আৰু কটন কলেজৰ পৰা অসমীয়াত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে| তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে| তেওঁ ১৯৭৭ চনত অৰুণাচল প্ৰদেশ অসামৰিক সেৱাত যোগদান কৰে| ১৯৯২ চনত তেওঁ ভাৰতীয় প্ৰশাসনীয় সেৱালৈ পদোন্নতি লাভ কৰে| ১৯৯৩ চনৰ পৰা টাৱাং, নামনি সোৱণশিৰি, চাংলাং, লোহিত আৰু পূব কামেং জিলাৰ উপায়ুক্ত হিচাপে সেৱা আগবঢ়াই বৰ্তমান তেওঁ অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা, নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু পৰিকল্পনা আদি বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে| ২০১১-২০১২ চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰে|
==চৰিত্ৰসমূহ==
দ্যাৰগে নৰবু, গুইচেংমু আৰু তাইৰ আঁকৰী ছোৱালীজনী, ৰিজোম্বা, জিগ্‌মে, তাৱা, পেমা, ঙাৱাং, গোম্বু, দন্দু, গম্বু, দ্যাৰগে নৰবুৰ দেউতাক দেচিন, মাক দোৰচোম, পেহাক লেকি আৰু পেহীয়েক চেংছোম, আপা চোৰগেন কাৰমা থিনলে, টাচি, দলাই লামা, আপা কাৰচুং চোৰগেন জামবে, অ’চি, ছেকেণ্ড অ’চি তাওজিং, মনপা চিপাহীটো, পাংচেন বুঢ়া, য়চু পুনা চাংদ্ৰাকপা, টোকা, আনে চাংগে নোৰলজোম, আনে দ্ৰেমা, গৰচুং, ৱাংজম, আপা কাৰমা ঠেনলেৰ পুত্ৰ চোৰগেন চাংগে, তেওঁ ভায়েক লেকি, ভনীয়েক জোমুং, চোৰগেন লামা চিৰিং, য়েছে খান্দু, চাইমু, লামা কাৰচুং, দিৰাজং গাঁৱৰ ৰাইজ, চুৰবি গাঁৱৰ ৰাইজ, মন্ত্ৰী মহোদয়, তেওঁৰ পৰিবাৰ আৰু বহুতো|

==উপন্যাসৰ কাহিনীভাগ==   
 
এজন শৱ কটা মানুহৰ কাহিনী এইয়া| দ্যাৰগে নৰবু ওৰফে আও থাম্পা ওৰফে আপা থাম্পা ওৰফে আজাং থাম্পা ওৰফে আকু থাম্পাৰ কাহিনী এইয়া| ঘটনাচক্ৰত পৰি শৱ কটা কাৰ্যকে বৃত্তি হিচাপে ললেও মনপা সমাজত মৰাশ কটা এটা বহুত পুণ্যৰ কাম| একোটা মৰা শ কটাৰ পুণ্য এবাৰ তীৰ্থ কৰি অহা পুণ্যৰ সমান| যুগ যুগ ধৰি মনপা জনজাতিসকলে পৰম্পৰাগতভাবে মানি আহিছে যে মৃত্যুৰ পাছত মৃতদেহটো টুকুৰা টুকুৰকৈ কাটি নৈত উটুৱাই নিদিলে আত্মাৰ সদ্‌গতি নহয়| জীৱই মহানিৰ্বাণ নাপায়| মৃতদেহ কটাৰো নিয়ম আছে| পুৰুষ-মহিলাৰ বাবে সুকীয়াকৈ মৃতদেহ সত্‌কাৰ কৰাৰ নিয়মো বেলেগ বেলেগ| মৃতদেহটো জুখি মাখি হিচাপ কৰি কৰি এশ আঠ ভাগ কৰি কাটি নৈত উটুৱাই দিয়া হয়|

সৰুৰে পৰা গাঁৱৰ আন আন ল’ৰা-ছোৱালীৰ লগতে জিগ্‌মে, পেমা, ঙাৱাং, গোম্বু, ৰিজোম্বা আদিৰ লগত একেলগে খেলিধুলি ডাঙৰ হৈছিল দ্যাৰগে নৰবুৱে| ৰিজোম্বাই একো নজনা অৱস্থাৰ পৰাই দ্যাৰগেৰ লগত বিয়াত বহাৰ সপোন দেখে| যেতিয়াই তেতিয়াই যাৰে তাৰে আগত কৈয়ো আৰু কৈ হকে নহকে দ্যাৰগেৰ পৰা মাৰ খায়| লাহে লাহে সিহঁতকেইটা ডাঙৰ হৈ অহাত এবাৰ দলাই লামাৰ দৰ্শন পাবলৈ যাওঁতে দলাই লামাৰ স্পৰ্শ পাই ৰিজোম্বাৰ মাজত পৰিবৰ্তনে দেখা দিয়ে| ইফালে দ্যাৰগেৰ লগত ৰিজোম্বাৰ বিয়াৰ বাবে লামাৰ ওচৰলৈ গৈ মঙল চাওঁতে গম পায় যে ৰিজোম্বাৰ ভাগ্যত সাধাৰণভাৱে ঘৰ-সংসাৰ পাতি খোৱাৰ সুখ নাই| দুৰ্ভাগ্যই খেদি ফুৰিছে তাইক| আৰু সঁচাকৈয়ে দুৰ্ভাগ্যক্ৰমে ভাৰত আৰু চীনাৰ মাজত যুদ্ধ আৰম্ভ হোৱাত আপোন মানুহৰ পৰা বিছিন্ন হৈ পৰে দ্যাৰগে নৰবু| যুদ্ধৰ প্ৰভাৱতেই পলাওঁতেই ভৰিত গুলি লাগি ৰিজোম্বা পৰি যোৱাত সকলোৱে তাইক মৃত বুলি ধৰি লয়| ঘটনা-দুৰ্ঘটনাৰ মাজেৰে দ্যাৰগেই অচেতন অৱস্থাত নিজৰ মাককে জীৱন্ত অৱস্থাত হত্যা কৰি মাকৰ মৃতদেহ টুকুৰা টুকুৰকৈ কাটি কুকুৰক খুৱায়| পাগল হৈ তেজপুৰত থকাৰ পাছত গুইচেংমুৰ দেউতাকৰ অনুগ্ৰহতে দ্যাৰগেই তেওঁৰ ঘৰজোঁৱাই হৈছিলগৈ| গুইচেংমু আৰু দ্যাৰগেৰ এজনী আঁকৰী ছোৱালী জন্ম হ’ল আৰু দৈৱক্ৰমে তাইৰ নামো ৰিনচিন জোম্বা বা ৰিজোম্বা থব লগাত পৰিল| ৰিজোম্বা যে এসময়ত দ্যাৰগেৰ প্ৰেয়সী আছিল এই লৈ গুইচেংমুৰ মনত অসন্তোষ| শৱ কাটি কাটি এদিন দ্যাৰগেই উপলব্ধি কৰে যে সি তাৰ ছোৱালী আৰু তাৰ পত্নীৰ বাবে একোৱেই কৰা নাই| লাহে লাহে তাৰ স্বভাৱ আৰু চিন্তা ভাবনাত পৰিবৰ্তনে দেখ দিয়ে| ক্ৰমাত্‌ ধৰ্ম কৰ্মৰ প্ৰতিও তাৰ মন ঢাল খায়| আনে চাংগে নোৰলজোমৰ সান্নিধ্যত দ্যাৰগেৰ মনলৈ আমূল পৰিবৰ্তন আহে| সময়ত সকলোৱে গম পায় যে এই আনে চাংগে আন কোনো নহয় সকলোৱে মৃত বুলি ধৰি লোৱা সেই তাহানিৰ ৰিজোম্বাহে| ভৰিত গুলি লাগি পৰি যোৱা ৰিজোম্বাক বৌদ্ধ ধৰ্মাৱলম্বী লোকে তুলি লৈ গৈছিল আৰু তাতেই দীক্ষা-শিক্ষা লৈ কালক্ৰমত ৰিজোম্বাই এক মহান ৰিনপোচেৰ ৰূপ লয়| আনে চাংগেৰ লগত দ্যাৰগেই নিজৰ পুৰণা গাঁৱলৈ ঘূৰি আহে| পেহাক লেকিৰ মৃতদেহৰ শত্‌কাৰ কৰে| গুইচেংমু আৰু দ্যাৰগেৰ আঁকৰী জীয়েকৰ সকলো দায়িত্ব লৈ আনে চাংগেই তাইক শিক্ষিত কৰি তোলে| জীৱনৰ শেষ কালত আনে চাংগেই নিজৰ মৃত্যুৰ পাছত তেওঁৰ মৃতদেহৰ সত্‌কাৰৰ ভাৰ দ্যাৰগেৰ ওপৰতেই দি যায়| সম্পূৰ্ণ ধৰ্মীয় নিয়ম কানুনেৰে আনে চাংগেৰ মৃতদেহৰ সত্‌কাৰ কৰাৰ পাছত অলৌকিকভাৱেই নদীৰ পানী বাঢ়ি যায় আৰু আনে চাংগেৰ কটা মূৰটো পানীত উটুৱাই দিওঁতে বাঢ়নী পানীয়ে দ্যাৰগেকো জীৱন্ত অৱস্থাতে উটুৱাই লৈ যায়| জীৱিত অৱস্থাতে আনে চাংগেই ভৱিষ্যত বাণী কৰিছিল যে তেওঁ মৃত্যুৰ পাছত দ্যাৰগেৰো মহাপ্ৰয়াণ ঘটিব আৰু কই পেমলৈ  যাত্ৰা কৰিব| তেওঁলোক দুয়োৰো বাবে এইবাৰে পৃথিৱীত শেষ জনম|                                                                                                                      
========================================================================

শুকুলা হাতীৰ খোজ.....

বিশিষ্ট সাহিত্যিক প্ৰভাত গোস্বামীৰ শেহতীয়া উপন্যাস “শুকুলা হাতীৰ খোজ” পঢ়িলো| এক অগতানুগতিক কাহিনীৰে এখন অগতানুতিক উপন্যাসখনৰ প্ৰকাশক বনলতা| অসমীয়া সাহিত্যত এইয়া এক অন্যতম সংযোজন বুলিব পাৰি| বোধকৰোঁ ইয়াৰ আগতে অসমীয়া সাহিত্য জগতত এনেদৰে অধ্যয়নপুষ্টভাৱে হস্তীকুলক লৈ কোনো উপন্যাস লিখা হোৱা নাছিল| ইমান বৃহত্‍ কলেৱৰৰ কিতাপখন লিখিবলৈ তেখেতে কৰা অপৰিসীম কষ্ট আৰু ত্যাগ নিঃসন্দেহে শলাগিবলগীয়া| ব্যক্তি, জীৱন, দৰ্শন, ধৰ্ম, সমাজ, ৰাজনীতি, অৰ্থনীতি সকলো দিশ সামৰি বৃহত্তৰ অসম আৰু অসমীয়া জন-জীৱনক চুই যোৱা প্ৰায়বোৰ ঘটনাকে তেওঁ তুলি ধৰিবলৈ যত্ন কৰিছে| হাতী আৰু মানুহৰ সংঘাতৰ স্বৰূপ আৰু তাৰ বিষময় ফলাফল তাকেই তেওঁ দাঙি ধৰিব খুজিছে তেওঁৰ বক্তব্যৰ দ্বাৰা| অতীজতে এচাম স্বাৰ্থপৰ আত্মকেন্দ্ৰিক মানুহে ৰুই যোৱা বিষবাষ্পৰ পুলিটোৱে আজি কিদৰে বিশাল আকাৰ ধাৰণ কৰি সমগ্ৰ অসমকে কলুষিত কৰাই নহয় ক্ৰমাত্‌ ৰঘুমলাৰ দৰে ই আমাক নিঃশেষ কৰি আনিছে তাক অংকন কৰাত তেওঁ সক্ষম হৈছে| কিতাপখনত সমান্তৰালভাৱে দুটা কাহিনীয়ে ভুমুকি মাৰিছে| এক, হাতী মাউত হ’ব খোজা মহেন্দ্ৰৰ পাছে পাছে সমগ্ৰ হস্তীকুলৰ জীৱন অধ্যয়ন; দুই, মধু বৰাৰ পাছে পাছে ব্ৰিটিছ আমোলৰ পৰা বৰ্তমানলৈকে অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱন|

বুবাইৰ ল’ৰা মহেন্দ্ৰ| বুবাইয়ে পৰিয়ালৰ জোৰা মাৰিব নোৱাৰি তাক নৰামৰ ঘৰত থয় যাতে তাত থাকি কাম-বন কৰাৰ উপৰিও স্কুলত পঢ়িবও পাৰে| কিন্তু মহেন্দ্ৰৰ পঢ়া-শুনাত মন নাই| এদিন স্কুলৰ পৰা মনে মনে হাতী চাবলৈ যোৱাৰ অপৰাধত নৰেন মাষ্টৰে তাক শাস্তি দিলে আৰু সি সেইয়া সহ্য কৰিব নোৱাৰি মাষ্টৰকে ঠেলা মাৰি পেলাই দি পলাই আহে| পাছত মাক তগৰৰ পৰামৰ্শমতে বুবাইয়ে তাক নি ৰজনী মৌজাদাৰৰ তাত লগুৱা কৰি থৈ আহে| হাতী বলিয়া মহেন্দ্ৰই মৌজাদাৰৰ ঘৰত থাকিয়ে জীৱনৰ আদিপাঠ শিকে| হাতী মাউত হ’ব খোজা মহেন্দ্ৰ এদিন ফান্দী হয়গৈ|

বুবাইৰ সখিয়েক মধু| মধু চালাক-চতুৰ| নিজৰ স্বাৰ্থৰ বাবে কৰিব নোৱাৰা কাম একো নাই| নিজৰ স্বাৰ্থৰ বাবেই অবৈধ সংগী ললিতাকো ডি.এফ.অ. মিশ্ৰৰ হাতত গটাবলৈ কুণ্ঠাবোধ কৰা নাছিল| টকাৰ লোভ আৰু ক্ষমতাৰ খকে প্ৰথমে মধুক চোৰাং চিকাৰী সজালে| পাছত তালুকদাৰৰ সহযোগত এদিন মন্ত্ৰী হয়গৈ| কিন্তু পাপৰ বলত হাচিল কৰা ধনৰ সুখ তেওঁ শেষ জীৱনত নাপালে| নিজ জীৱদ্দশাতেই তেওঁ ভোগ কৰি গ’ল তেওঁ অসম আৰু অসমীয়াক প্ৰতাৰণা কৰাৰ পাপৰ ফল| লোভ আৰু ক্ষমতাত অন্ধ হৈ মাথো ভুল কৰি গ’ল| যেতিয়া উপলব্ধি কৰিলে তেতিয়ালৈ বহুত পলম হ’ল| ফিৰিঙতি গৈ খাণ্ডৱ দাহ হ’ল| সকলো পুৰি ছাঁই হ’ল|

উপন্যাসখনৰ ভাষা সৰল| কথোপকথনত ব্যৱহৃত সংলাপে চহা জীৱনৰ সহজ-সৰল মনবোৰ আৰু পৰিবেশৰ সোৱাদ দিয়ে| নাম মহেন্দ্ৰ, কিন্তু সকলোৱে মাতে মহেন বুলি| উপন্যাসিকে এনে কিছুমান ঠলুৱা শব্দৰ প্ৰয়োগ কৰিছে যিবোৰ বৰ্তমান প্ৰায় হেৰাই যোৱাৰ দৰেই| ঠায়ে ঠায়ে এনেবোৰ শব্দই পঢ়ুৱৈক আমেজ দিব|

আও, ই একেবাৰে মৌ খোৱা বীৰটো ওলালেহি দে|...(পৃষ্ঠা-৩)

এই ফুকলীয়ামখা কিয় আহেনো—যা|.......(পৃষ্ঠা-৭)

এই মিঞা পোৱালি, শুন| দুইটাকে মাটি দিম, কিন্তু লটৰ-পটৰ নকৰিবি| মণ্ডল অফিচত খৰচা হ’ব কিন্তু|.(পৃষ্ঠা-৪১)

কৈলাসে তাক ক’লে-এয়া অনন্ত বাবু| মৌজাদাৰৰ ল’ৰা| বৰ একাচেকা মানুহ| মাতিবলৈকে ভয় লাগে| বালিৰ মহলো ডাকে| মানুহ কিন্তু ডাইল আছে|........(পৃষ্ঠা-৪৭)

চন্দ্ৰ মহৰী সাতবিহুৰ সৈয়াকণী|.....(পৃষ্ঠা-৫৪)

এই কলীয়া, এই পেন্দুকণাটোক আয়েৰাৰ ওচৰলৈ লৈ যা| ক’বি, লাচনি-পাচনি কৰিবলৈ ৰাখিছোঁ....(পৃষ্ঠা-৫৫)

: দেখাতহে কণটিলৌ ল’ৰা, একেবাৰে ফৰফৰীয়া|......(পৃষ্ঠা-৫৬)

ইয়াত মৌজাদাৰৰ ঘৰৰ খেনা খাবলৈ পাই ইয়াৰ আহপাহ মুকলি হৈছে দেখিছোঁ| সোনকালে ডেকা হ’ব ই|...(পৃষ্ঠা-৭৫)

অ’ তাকো নাজান’? তহঁতৰ দৰে টোকোনাৰ ঘৰত ক’ত আকাশবন্তি জ্বলাইছিলি অ’|...(পৃষ্ঠা-১৬৩)

:আই, ফটচনে গৰম পানী কৰ এক চচপেন|.....(পৃষ্ঠা-৫৩৩)

বিচিত্ৰ মানুহ আৰু বিচিত্ৰ মানুহৰ জীৱন দৰ্শন| কোনে কেতিয়া কি ভাৱত কি কৰে তাক আগতীয়াকৈ কোৱা টান| বুবাই সৰু মানুহ| আৰ্থিক নিৰাপত্তা বিচাৰিয়েই মধুৰ সহযোগত আহি বনগাঁৱত থিতাপি লাগিলহি| কিন্তু বুবাই মানুহটো তেনেই সহজ-সৰল| চকুৰ আগতে সখিয়েক মধুৰ কুকীৰ্তিবোৰে বুবাইক অশান্তি দিয়ে| সহকাৰী ফৰেষ্ট অফিচাৰ দোৱনীয়াৰ শাৰীৰিক অসুস্থতাৰ সুযোগ লৈ মধুৱে দোৱনীয়াৰ পত্নী ললিতাৰ লগত অবৈধ সম্পৰ্ক গঢ়ি তোলে| ইফালে ললিতায়ো এফালে শৰীৰৰ ভোক আনফালে এক ধৰণৰ প্ৰতিশোধ স্পৃহাৰ বলি হৈ মধুৰ জালত ভৰি দিয়ে| কিন্তু এই মধুৱেই এদিন তাইক ডি.এফ.অ. মিশ্ৰৰ হাতত তুলি দিয়ে নিঃসংকোচে নিজৰ স্বাৰ্থতেই| অৱশ্যে ললিতায়ো দুটোলা সোণৰ চেইনৰ মোহৰ পৰা মুক্ত হ’ব পৰা নাছিল| কিন্তু গৰ্ভৱতী হোৱাৰ পাছত ললিতাৰ মনৰ আমূল পৰিবৰ্তন ঘটে| গৰ্ভস্থ সন্তানটো কাৰ সেই লৈ মূৰ নঘমাই মাতৃ হোৱাৰ সুখত নিজক সামৰি আনে ললিতাই| দোৱনীয়ায়ো পিতৃ হ’বলৈ পোৱাৰ সুখত, অতীত পাহৰি সন্তানৰ ভৱিষ্যতৰ কল্পনাত বুৰ যায়|

জুইৰ ওচৰত ঘিঁউ থাকিলে গলেই| সেই বুলি বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নোৱাৰি| আভিজাত্যৰ গৌৰৱত দাগ লাগিব বুলিয়েই মৌজাদাৰণীয়ে বনকৰা ছোৱালী নিৰুক আঁকোৱালি নল’লে| নিৰুৱে অনন্তৰ প্ৰতাৰণাৰ প্ৰতিশোধ ল’বলৈকে গৰ্ভৰ সন্তানটোক জীয়াই ৰাখিলে দ্ৰাইভাৰ ৰামলালৰ লগত বিয়া হৈ| নিৰুৰ পুত্ৰ অজিতক শিক্ষা-দীক্ষা দি ডাঙৰ দীঘল কৰিলে ঠিকেই কিন্তু ঘটনাচক্ৰত পৰি অজিতে ছালফা হৈ গুপ্তঘাটকৰ মৃত্যুবৰণ কৰে| মৃত্যুৰ আগে আগে মৌজাদাৰণীয়ে মহেন্দ্ৰৰ হাতত নিৰুৰ বাবে এযোৰা সোণৰ বালা দি থৈ যায়|

মৌজাদাৰৰ ঘৰত থাকিয়েই মহেন্দ্ৰই জীৱনৰ বাট বুলে| মৌজাদাৰৰ হাতী জয়বাহাদুৰ আৰু মালতীৰ আল ধৰোঁতে ধৰোঁতে মহ্ন্দ্ৰ এদিন ফান্দী হয়গৈ| হাতীৰ বিষয়ে পুংখানুপুংখকৈ ইয়াৰ আগতে কোনেও এনেদৰে লিখা নাছিল চাগে| উপন্যাসখনত এই দিশটোৱেই আটাইতকৈ লেখত ল’বলগীয়া| উপন্যাসিকে অধ্যয়নপুষ্টভাৱে হাতী আৰু তাৰ উথান-পতন, অতীজত হাতীৰ ব্যৱহাৰ আৰু গুৰুত্ব, বৰ্তমান মানুহৰ অদূৰদৰ্শী কাৰ্যকলাপে কিদৰে হস্তীকুলৰ ওপৰত কু-প্ৰভাৱ পেলাইছে তাক তথ্যসহকাৰে উনুকিয়াই দেখুৱাইছে| হাতী ধৰাৰ নিয়ম, তাক প্ৰতিপাল কৰাৰ নিয়ম, পূজা-পাতল, হাতীক লৈ চলি অহা ৰীতি-নীতি পৰম্পৰা সকলো বিতংকৈ ফঁহিয়াই দেখুৱাইছে| অবিবেচনাৰে অৰণ্য ধবংস কৰাৰ ফলত কেৱল হাতীয়েই নহয় সমগ্ৰ পশু-পক্ষী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰাকৃতিক ভাৰসাম্যতাও যে বিনষ্ট হৈছে তাক তুলি ধৰাত লেখক সফল হৈছে| জীৱিকাৰ বাবেই হওক বাৰু ঠিকাদাৰ আৰু মহলদাৰসকলে অন্যায়ভাৱে গছ কটাৰ ফলত কি দ্ৰুতহাৰে অৰণ্য কমি আহিছে তাৰ ভয়াবহতা এতিয়াও মানুহে উপলব্ধি কৰিব পৰা নাই| এসময়ত অৰণ্যত গছ কাটি-হাতী ধৰি জীৱিকা নিৰ্বাহ কৰা বহুসংখ্যক মানুহৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে, উপায়ান্তৰ হৈ শেষত মৃত্যুকে সাবটি ল’ব লগা হোৱা দুৰৱস্থাতো মানুহ পতিত হৈছে| তথাপি, ধন আৰু ক্ষমতাৰ লোভত অন্ধ হৈ মানুহে মাথোঁ অন্যায় কৰি গৈছে| মধু বৰাৰ দৰে লুভীয়া আৰু ক্ষমতা বলিয়া মানুহেই দিনে দিনে অসমখন শেষ কৰি আনিছে| মধু বৰাৰ দৰে চৰিত্ৰ আজিও আমাৰ সমাজত বিদ্যমান|

ৰাজনীতিক অংকন কৰিবলৈ গৈ উপন্যাসিকে এচোৱা দীঘল সময়ৰ পৰিসৰ টানি আনিছে| ব্ৰিটিছৰ যুগৰ পৰা বৰ্তমানলৈকে অসমৰ যি ঘটনাবহুল প্ৰেক্ষাপট তাক তেওঁ চমুকৈ হ’লেও দাঙি ধৰিছে| স্বাধীনতা আন্দোলন, ভাৰত পাকিস্তানৰ বিভাজন, চীনৰ আক্ৰমন, বাংলাদেশৰ জন্ম, স্বাধীনতাৰ পাছত পৰিকল্পিতভাৱে ইছলামিক সংগঠনে অসমত খোপনি পোতা, ধৰ্মৰ নামত অসমত ইছলামিক লোকৰ সংখ্যা বৃদ্ধি কৰা, অসমক সাতভাগত বিভক্ত কৰা, তাৰে গইনা লৈ বড়োসকলৰ উদয়াচলৰ দাবী, ৰাজনীতিত ক্ষমতা দখলৰ স্বাৰ্থত বিদেশী লোকৰ আগ্ৰাসন আৰু সেইবোৰৰ সংস্থাপন, ভাষা আন্দোলন, বিদেশী বহিস্কাৰ আন্দোলন, অসম চুক্তি, অসম চুক্তিৰ বিফলতা, প্ৰাদেশিক দলসমূহৰ বিফলতা, অসম চুক্তিৰ অন্তৰালত অসমক কৰা প্ৰতাৰণাৰ প্ৰতিবাদত আলফাৰ জন্ম, অসমীয়াৰ আবেগৰ তুলাচনী, সময়ত স্বাধীন অসমৰ মোহভংগ ঘটাত ছালফাৰ জন্ম, বৰ্তমান শিপা হেৰুৱা মানুহৰ দৰে অসমত থাকি অসমীয়াই আজি নিজৰ অস্তিত্বক লৈ সংকটাপন্ন হোৱাৰ বিভীষিকা আদি প্ৰায়বোৰ বিষয়েই সামৰি লৈছে উপন্যাসখনত| লগতে হাতীৰ জীৱনক প্ৰতিফলিত কৰি তেখেতে যি সমল আগবঢ়াইছে তাৰ বাবে এইখনক এক অমূল্য দস্তাবেজ বুলিব পাৰি|

ওপৰে ওপৰে চালে কিতাপখনত নিহিত থকা গুঢ় অৰ্থটো সহজে হৃদয়ঙ্গম কৰিব নোৱাৰি| কিন্তু অলপ মন কৰিলেই বুজিব পাৰি কি এক যন্ত্ৰণাক মূৰ্ত ৰূপ দিবলৈ লেখকে অশেষ কষ্ট স্বীকাৰ কৰিছে| ধ্বংসৰ পৰাই সৃষ্টি হয়, সৃষ্টিৰ পৰাই ধ্বংস হয়| পৰমপিতা ব্ৰক্ষ্মাই যেতিয়া জীৱৰ সৃষ্টি কৰিছিল তেতিয়া প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰিয়েই পাৰিপাৰ্শ্বিকতাৰ সৃষ্টি কৰিছিল| পশু-পক্ষী, গছ-লতা, নৈ-বিল, আকাশ-বতাহ, পাহাৰ-পৰ্বত আৰু মানুহ| মানুহ প্ৰকৃতিৰ হাতত থকালৈকে স্বাভাৱিক গতিৰে চলি আছিল জীৱন পৰিক্ৰমা| কিন্তু যেই মানুহে জীৱশ্ৰেষ্ঠ হোৱাৰ অহংকাৰত প্ৰকৃতিক নিজৰ সুবিধাৰ্থে ব্যৱহাৰ কৰিবলৈ ল’লে প্ৰকৃতিয়ে নিজৰ স্বৰূপ হেৰুৱালে| মানুহৰ হাতৰ পুতলা হৈ প্ৰকৃতিয়ে বিনাই উঠিল| কিন্তু সেই বিননিয়ে মানৱ সমাজৰ অন্তৰত প্ৰতিধ্বনি তুলিবলৈ সক্ষম নহ’ল| এক ধৰণৰ দুখ, এক অপ্ৰকাশিত ক্ষোভৰ উদ্‌গীৰণ এই শুকুলা হাতীৰ খোজ|

বৰ্তমান সময় দুঃসময়| অসমতে থাকি আজি অসমীয়াৰ অস্তিত্ব সংকটাপন্ন| ইয়াৰ বাব দায়ী কোন? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিলে ইতিহাসে দিব| কিন্তু ইতিহাস সৃষ্টি কৰে কোনে? মানুহে| মানুহেই মানুহক তুলি ধৰে, মানুহেই মানুহক ধ্বংস কৰে| বুবাই, মহেন্দ্ৰ, জ’ন চাহাব, মেধি, দোৱনীয়া, নাৰ্জাৰী, ডাক্তৰ বৰুৱা, ডা. কুশল কোঁৱৰ শৰ্মা, লালজীৰ দৰে মানুহে জীয়াই থাকিব খোজে, আনকো জীৱন দিব খোজে| অৰণ্যৰ উপকাৰিতা আৰু পশু-পক্ষীৰ মৰম বুজি পায়| কিন্তু মধু, তামাং, মিশ্ৰ, হনুমান, পিল্লা সিং, গিয়াচুদ্দিন, তালুকদাৰ আদিৰ দৰে মানুহে কেৱল নিজৰ স্বাৰ্থৰ কথা ভাবে| ধনৰ লোভ আৰু ক্ষমতাৰ খঁকে জোকৰ দৰেই শুহি নিলে প্ৰকৃতিক| প্ৰকৃতিয়ে নিজৰ অস্তিত্ব হেৰুৱাৰ লগে লগে মানুহেও হেৰুৱালে জীয়াই থকাৰ সৰলতা| উপন্যাসিকে চাতুৰ্যতা আৰু বুদ্ধিমত্তাৰে এই কথাকেই ফঁহিয়াই দেখুৱাইছে| প্ৰাকৃতিক সা-সম্পদেৰে ভৰপূৰ হৈ থকা অসমত এদিন জীৱন আৰু জীৱিকাৰ সন্ধানত ভগনীয়াৰ খোজ পৰিল| সহজ সৰল অসমীয়াই মৰমতে আদৰি ল’লে| পাকিস্তানৰ পৰা আহিল, পূৰ্ব বংগৰ পৰা আহিল, বাংলাদেশৰ পৰা আহিল| আহিয়েই থাকিল| যিসকল আহিল সেইখিনি আছিল অভাৱ আৰু দৰিদ্ৰতাত পিষ্ট হোৱা মানুহৰ ভগ্নাৱশেষ| যিকোনো অৱস্থাতে মাত্ৰ জীয়াই থাকে| থাকিব খোজে| খোৱা-বোৱা আৰু সন্তান প্ৰজনন এইয়াই সেই মানুহখিনিৰ প্ৰয়োজন| তাৰবাবে যিমান পৰিশ্ৰম কৰিব লগা হ’লেও কোনো অভিযোগ নাই| লাহে লাহে ভগনীয়াৰ সোঁত বাঢ়ি আহিল| দুবেলা দুসাঁজ সুখেৰে খাই-বৈ থাকিবলৈ পালেই সন্তুষ্ট হোৱা অসমীয়াই নুবুজিলে কোৰে কাটি গ্ৰহণী চপাই লোৱা বুলি| আহিল ৰাজনৈতিক মুনাফা লাভৰ জোৱাৰ| পৰিকল্পিতভাৱে ইছলাম ধৰ্মৰ বিস্তাৰ কৰাত গুৰুত্ব দিলে বিদেশী ৰাষ্ট্ৰই| স্বাভাৱিকতেই ৰাজনৈতিক পটভূমি সলনি হ’ল| ৰাজনৈতিক ক্ষমতা লাভৰ স্বাৰ্থতে ভগনীয়াক আনি বৰঘৰৰ মজিয়াত বহুৱালে এচামে| খেনোৱে আহুপুৰুষাৰ্থ কৰিলে বিদেশীক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ| ভগনীয়াক ঠাই দিওঁতে দিওঁতে অৰণ্য ধ্বংস হ’ল| অসমীয়া ঘৰতেই পৰ হ’ল| থলুৱা লোকে থাকিবলৈ ঠাই বিচাৰি সংগ্ৰাম কৰিব লগা হ’ল| সংখ্যালঘূৰ গুৰুত্ব বৃদ্ধি পালে| ৰাজনৈতিক দলসমূহৰ হাতত ঘূৰি থাকিল অসম আৰু অসমীয়াৰ ভাগ্য| টনা-আজোৰাত বৃহত্তৰ অসম খণ্ড-বিখণ্ড হ’ল| সুযোগ সন্ধানীয়ে বিভেদৰ বীজ সিঁচি দিলে ভাই ভাইৰ মাজত| অসমীয়া জাতি বুলি চিনাকি দিয়া খিলঞ্জীয়া জনগোষ্ঠীসমূহ ভাগ ভাগ হ’ল| বড়ো, চুতীয়া, ৰাভা, অঁকা, ডফলা, কাৰ্বি, মিচিং, ডিমাচা আদি সকলো আঁতৰি গ’ল অসমীয়া জাতি গঠনৰ পৰা| কিয় এনে হ’ল? আজি অসমীয়া অসমতে সংখ্যালঘূ হোৱাৰ পথত| আজি অসমীয়া জাতিটোৰ স্খলন ঘটিছে সকলোফালে| ৰাজনৈতিক নেতাসকলৰ মাজত খোৱা-কামোৰা, ক্ষমতাৰ যুদ্ধ আৰু সাতপুৰুষৰ বাবে ধন ঘটাৰ প্ৰতিযোগিতাই মৃত্যুমুখলৈ ঠেলি দিছে অসমীয়াৰ অস্তিত্ব| এতিয়া সজাগ হোৱাৰ সময়| হাতে-কামে কিবা এটা কৰাৰ সময়| চুকতেই থাকি বুকুত কামোৰ মৰা অপশক্তিবোৰক চিনাক্ত কৰি সময়োচিত সিদ্ধান্ত লোৱাৰ সময়| নতুন প্ৰজন্মই ভাবি চাবৰ হ’ল| মাৰ বান্ধি থিয় দিবৰ হ’ল| নিজৰ স্বাৰ্থতেই হ’লেও প্ৰকৃতিক জীয়াই ৰাখি পশু-পক্ষীকো সংৰক্ষণ কৰিবৰ হ’ল| নহ’লে নিঃশেষ হ’ব অসম আৰু অসমীয়া কালৰ গৰ্ভত| এক সময়োচিত বিশ্লেষণ আৰু আত্মসমালোচনাৰ সমীক্ষা শুকুলা হাতীৰ খোজ|

তথাপি দুই এঠাইত দোমোজা থাকি যায়| কাহিনীৰ প্ৰয়োজনতেই হ’লেও উপন্যাসখনৰ পৰিসৰ যথেষ্ট ডাঙৰ| ৫৫০ পৃষ্ঠা| কোনো কোনো ঠাইত বৰ্ণনাৰ মাত্ৰাধিক্য ঘটিছে| যি কোনো দৃশ্য এটাৰ অৱতাৰণা কৰিবলৈ যাওঁতে অলপ বৰ্ণনাৰ প্ৰয়োজন যদিও বাৰে বাৰে একে ধৰণৰ বৰ্ণনাই কথাবোৰ একঘেয়া কৰি তোলে| হয়তো পৰিবেশ ৰচনা কৰিবলৈকে লেখকে সেইয়া কৰিছে তথাপি এনেধৰণৰ বৰ্ণনাই কিতাপখনৰ পৰিসৰ বৃদ্ধিত অৰিহণা জনোৱাতো নুই কৰিব নোৱাৰি| লেখকে ব্ৰিটিছৰ যুগৰ পৰা বৰ্তমানলৈকে সামাজিক আৰু ৰাজনৈতিক জীৱনক তুলি ধৰাৰ প্ৰয়াস কৰিছে যদিও একেলগে এক বৃহত্‌ পৰিসৰ সামৰি লোৱাৰ কাৰণে কোনো কোনো সময়ত বিষয়বস্তুবোৰ মাত্ৰ চুইহে গৈছে| ভূমিপুত্ৰ সকলৰ উল্লেখ আছে কিন্তু বৃহত্তৰ অসমীয়া জাতি গঠন আৰু তাত ভূমিপুত্ৰসকলৰ অৰিহণা ইমান বিতংকৈ আলোকপাত নহ’ল| বাহিৰৰ পৰা আহি আহোমসকলে ছশ বছৰ ৰাজত্ব কৰি ভাগ ভাগ হৈ থকা ভূমিপুত্ৰসকলক একেলগ কৰিছিল| বড়োসকলৰ উল্লেখ কৰোঁতে মাথোঁ কালীচৰণ ব্ৰক্ষ্ম আৰু ৰূপনাথ ব্ৰক্ষ্মৰ নাম উল্লেখ থাকিল| ৰাজনীতিৰ পথাৰত তেওঁলোকৰ অৱদানৰ বিষয়ে সবিশেষ জনা নগ’ল| পাছত এন.ডি.এফ.বি.ৰ লগতে ৰঞ্জন দৈমাৰীৰ উল্লেখ আছে|

৪৫০ পৃষ্ঠাত জয়বাহাদুৰৰ দাঁত দুটাৰেই মানুহ মাৰিছিল বুলি উল্লেখ আছে| কিন্তু জয়বাহাদুৰে মানুহ মৰা নাছিল| মানুহ মাৰিছিল আগৰৱালাৰ হাতী মোহনে| মোহনেহে মহিবুলক দাঁতেৰে খুচি পেট ফুটাই দিছিল| জয়বাহাদুৰে আন এক ঘটনাহে কৰিছিল| কলাই মহাজনক এসেকা দিবলৈকে জয়বাহাদুৰে কলাই মহাজনক দাঁতেৰে ঠেলি লৈ গৈ পথাৰ এডৰাতে হেঁচি ধৰিছিল| ১৮৯ পৃষ্ঠাত বসন্ত গৈ অনন্ত হ’লগৈ| ৩৫৯ পৃষ্ঠাত নতুনকৈ ধৰা হাতী পোৱালিটোৰ কাণৰ চুক এটাৰ ঠাইত চকু কটা হৈ গৈছে| এনেবোৰ ছপাশালৰ ভূত বুলি ভাবিব পৰা যায়| উপন্যাসখনত নিৰু এটা কৰুণ চৰিত্ৰ| নিৰুৱে যিটো উদ্দেশ্য আগত ৰাখি অজিতক জন্ম দিছিল পাছৰ জীৱনত অজিতে ভুল পথ বাচি লোৱাত নিৰুৱে দৰাচলতে সঠিক অধিকাৰ আৰু ন্যায় বিচাৰ পালে বুলি ক’ব নোৱাৰি|

তথাপিও শুকুলা হাতীৰ খোজ এখন লেখত ল’বলগীয়া উপন্যাস| নিজস্ব বৈশিষ্ট্যৰে হাতী আৰু মানুহৰ সংঘাতক সফলতাৰে অংকন কৰা উপন্যাসখন অসমীয়া সহিত্যত এক অন্যতম সংযোজন হৈ ৰ’ব|| আশাকৰোঁ পাঠকে ইয়াত জীৱন আৰু আশা বিচাৰি পাব| আন্তৰিকতাৰে আঁকোৱালি ল’ব|

========================================================================

মৌন ওঁঠ মুখৰ হৃদয়

  অৰুণাচলৰ পাহাৰীয়া জনজীৱনক সুন্দৰকৈ প্ৰতিফলিত কৰা এখন সফল উপন্যাস| ৰচক য়েছে দৰজে ঠংচি| এই উপন্যাসৰ বাবেই তেখেতে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে| লগতে ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰো লাভ কৰে| উপন্যাসখনৰ প্ৰথম সংস্কৰণ পকাশ পায় অসম সাহিত্য সভা অধিবেশন, ২০০১ চনত| ষষ্ঠ সংস্কৰণ প্ৰকাশ পায় ডিছেম্বৰ, ২০০৮ চনত| গ্ৰন্থাকাৰে প্ৰকাশ হৈ ওলোৱাৰ আগতেই উপন্যাসখন খণ্ড খণ্ডকৈ প্ৰান্তিকত প্ৰকাশ পাইছিল ১৯৯১ চনত| প্ৰকাশক: অনন্ত হাজৰিকা; বনলতা, পাণবজাৰ-গুৱাহাটী| বেটুপাত:অৰুণ নাথ| অলংকৰণ:বিকাশজ্যোতি বৰুৱা| মূল্য: ৭০.০০ টকা| ISBN no: 81-7339-310-9| ডি.টি.পি: মাইক্ৰোছফট্‌ ডি.টি.পি চেণ্টাৰ| মুদ্ৰক: শৰাইঘাট ফটোটাইপচ্‌|    

==লেখকৰ পৰিচয়==

১৯৫২ চনত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ জীগাঁৱৰ এটি চেৰদুকপেন সম্প্ৰদায়ৰ পৰিয়ালত ঠংচিদেৱৰ জন্ম| তেখেতে জীগাঁও প্ৰাথমিক বিদ্যালয়, বোমডিলা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি কটন কলেজত পঢ়িবলৈ লয় আৰু কটন কলেজৰ পৰা অসমীয়াত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে| তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে| তেওঁ ১৯৭৭ চনত অৰুণাচল প্ৰদেশ অসামৰিক সেৱাত যোগদান কৰে| ১৯৯২ চনত তেওঁ ভাৰতীয় প্ৰশাসনীয় সেৱালৈ পদোন্নতি লাভ কৰে| ১৯৯৩ চনৰ পৰা টাৱাং, নামনি সোৱণশিৰি, চাংলাং, লোহিত আৰু পূব কামেং জিলাৰ উপায়ুক্ত হিচাপে সেৱা আগবঢ়াই বৰ্তমান তেওঁ অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা, নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু পৰিকল্পনা আদি বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে| ২০১১-২০১২ চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰে|

==উপন্যাসৰ চৰিত্ৰসমূহ==

উপন্যাসখন মূলত: পাহাৰ ভৈয়াম একত্ৰিত কৰিব খোজা এটা স্থায়ী পথৰ নিৰ্মাণৰ ওপৰত আধাৰিত| পথা নিৰ্মাণৰ দৰে কষ্টসাধ্য কাম এটা কৰাবলৈকে বিভিন্ন জাতি-জনজাতিৰ লোকসকলক একত্ৰিত কৰি একেলগে কাম কৰাওঁতে ভিন ভিন জনগোষ্ঠীৰ অলেখ চৰিত্ৰই ইয়াত ভুমুকি মাৰিছে|
চেৰদুকপেন দলৰ মূল মানুহ ৰিনচিন নৰবু| তাৰ লগত আছে চিৰিং জাংমু, চৌকি বাংমু, দৈমা, ৱাংমু, ঙাৱাঙ, দৰজি, টাছি, নৰবু চিৰিং ঠংদোক, টাচি, টালো, টামো ইত্যাদি|
নিচি দলৰ মূল মানুহ তাদাক নাতুং| তাৰ লগত আছে য়ামা, য়াদো, মাংফা, টাকাৰ, টেচি, টালো ইত্যাদি|
তাৰোপৰি মহৰী বাবু দিলীপ শইকীয়া, চেক্‌চন অফিচাৰ সহদেৱ ঘোষ চাহাব, সহকাৰী অভিযন্তা মিষ্টাৰ ভূৰে লাল, ৰিনচিনৰ খুৰাক চেৱাং|

==উপন্যাসখনৰ কাহিনীৰ সাৰাংশ==

এয়া প্ৰায় পঞ্চাশ দশকৰ কথা| এতিয়াৰ অৰুণাচল প্ৰদেশখন তেতিয়া উত্তৰ-পূব সীমান্ত অঞ্চল নামেৰে জনাজাত আছিল| ইংৰাজীত চমুকৈ নেফা| ইংৰাজৰ শাসনকালত এই পৰ্বতীয়া এলেকাত প্ৰশাসনৰ ব্যৱস্থা কৰাত কোনো উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল| স্বাধীনতাৰ পাছতহে ভাৰত চৰকাৰে এই পিছপৰি থকা অঞ্চলত প্ৰশাসনৰ ব্যৱস্থা কটকটীয়া কৰি তুলিবলৈ কাৰ্যপন্থা গ্ৰহণ কৰে| ফলত ইংৰাজ শাসন কালত স্থাপিত জিলা সদৰ ঠাইবিলাক বৰ্তমানৰ অসমৰ পৰা তুলি নি বোমডিলা, জিৰো, তেজু আৰু খুনচাত স্থাপিত কৰা হয়| কিন্তু তেতিয়াৰ নেফালৈ বাহিৰৰ পৰা বনুৱা নিবলৈ টান| গতিকে সেই কামত নিয়োগ কৰা তাৰেই স্থায়ী বাসিন্দাসকলক| কামেং সীমান্ত বিভাগৰ সদৰ ঠাই বোমডিলাক সংলগ্ন কৰিবৰ বাবে কাম আৰম্ভ হ’ল মিছামাৰিৰ পৰা| ঊনৈশ শ আঠষষ্ঠি চনত চাকু নামৰ ঠাইলৈকে আলিবাট নিৰ্মাণ সম্পূৰ্ণ হৈ গ’ল| চাকুৰ পৰা বোমডিলালৈক এইছোৱা বাট নিৰ্মাণৰ কামো শৰত্‌ কাল অহাৰ লগে লগে পুনৰ আৰম্ভ কৰা হ’ল| তাৰে এটা অতি কঠিন অংশৰ বাট নিৰ্মাণ কৰিবলৈকে একেঠাইত গোট খাইছিল চেৰদুকপেন, নিচি, মনপা আদি জনজাতিৰ লোকসকল| আদিতে ইটো জাতিয়ে সিটো জাতিৰ প্ৰতি এক শংকা এক উত্‌কণ্ঠা পুহি ৰাখিছিল| কোনোবাখিনিত তেওঁলোকৰ পৰস্পৰৰ মনত অজানিতে অলপ ঘৃণাও আছিল| কিন্তু কামৰ তাগিদাত আৰু সময়ৰ প্ৰৰোচনাত যেতিয়া ইটো জাতিৰ মানুহে সিটো জাতিৰ মানুহৰ লগত মিলামিচা আৰম্ভ কৰিলে তেতিয়া তেওঁলোকে অতদিনে পৰস্পৰে পৰস্পৰলৈ পুহি ৰখা ভুল ধাৰণাসমূহৰ পৰা মুক্ত হবলৈ ধৰিলে| জীৱনৰ সহজ দাবীৰ পৰিপ্ৰেক্ষিততে চেৰদুকপেন দলৰ চৰ্দাৰ ৰিনচিন আৰু নিচি দলৰ গাভৰু য়ামাৰ মনৰ মিল হয়| কিন্তু নিচি দলৰ নীতি-নিয়ম মতে য়ামাক বিয়া কৰিবৰ বাবে ইতিমধ্যে দৰাৰ ঘৰৰ পৰা কন্যাৰ দাম লোৱা হৈছে| আৰু ৰাস্তা বনোৱাৰ কাম শেষ হ’লেই ঘূৰি গৈ য়ামাই দৰাৰ ঘৰলৈ যাব লাগিব| আনহাতে ৰিনচিন হ’ল চেৰদুকপেন সম্প্ৰদায়ৰ| কোনো কাৰণতে পুৰণিকলীয়া নিয়ম ভাঙি য়ামাক ৰিনচিনলৈ দিব নোৱাৰি| প্ৰেমৰ দাবীৰ বশৱৰ্তী হৈ ৰিনচিন আৰু য়ামাই দেহে মনে ইজনে সিজনক গ্ৰহণ কৰিলেও সমাজক প্ৰত্যাহ্বান জনোৱাৰ সাহস নাই য়ামাৰ ককায়েক তাদাকৰ| শেষত য়ামাই ৰিনচিনলৈ পলাই যোৱাৰ সিদ্ধান্ত লোৱাত তাদাকৰ পৰামৰ্শমতেই জোৰ কৰি য়ামাক দৰা ঘৰলৈ লৈ যোৱা হয়| ৰিনচিন ৰিক্ত হৃদয় লৈ বিমোৰ হৈ চাই থকাৰ বাহিৰে একো কৰিব নোৱাৰে|

উপন্যাসখনত এটা সৰল প্ৰেম কাহিনীয়ে পোখা মেলিলেও তাৰে আলমত সৰল প্ৰাকৃতিক বৰ্ণনা, পাহাৰীয়া মানুহৰ নিভাঁজ আচৰণ আৰু পাহাৰীয়া জনজাতীয় মানুহৰ প্ৰকৃতিসুলভ মনৰ কোমলতা আৰু সৰলতাৰ সৈতে কঠিন বাস্তৱৰ সংঘাতৰ বৰ্ণনাই পাঠকৰ মনত গভীৰ ৰেখাপাত কৰে| ঘটনা-বৈচিত্ৰৰ মাজেদি ভাৱৰ ঐক্যকেন্দ্ৰিকতা ৰক্ষাৰ দিশত যেছ দৰজে ঠংচি ডাঙৰীয়া সচেতন আৰু সফল|

==তথ্য সংগ্ৰহ==

উপন্যাস: মৌন ওঁঠ মুখৰ হৃদয়: ৰচক-য়েছে দৰজে ঠংচি| উপন্যাসখনৰ মুঠ পৃ: ১৭৫|




========================================================================

এই সময় সেই সময়.....

ৰীতা চৌধুৰীৰ বহুকেইখন উপন্যাসৰ মাজৰ এখন সফল উপন্যাস| পঢ়ি পঢ়ি হেপাহ নপলায় মোৰ| যিমানবাৰ পঢ়োঁ সিমানবাৰেই নতুনকৈ কিতাপখনৰ প্ৰতি মায়া বাঢ়ি যায়| ৰন্ধ্ৰে ৰন্ধ্ৰে উপলব্ধি কৰোঁ উপন্যাসখনৰ সাৱলীলতা| মন্ত্ৰ-মুগ্ধ হৈ প্ৰতি বাৰেই চুই চাব খোজোঁ অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ জয়ৰ সেই অনুপম মুহূৰ্ত| ভয়, হিংসা, ঘৃণা, আৰু হতাশাই ছানি ধৰা কোমলীয়া মনবোৰ স্বাৰ্থপৰতাৰ ঠেক গণ্ডীৰ পৰা মুক্ত হৈ মানবতা আৰু ভালপোৱাৰ হাত ধৰি এখন নতুন অসম গঢ়াৰ দিশে ধাবমান হোৱাৰ সেই দুৰ্লভ ক্ষণত হোৱা মহামিলনৰ সেই দৃশ্য যেন বাৰে বাৰে প্ৰত্যক্ষ কৰিম! অসমীয়া হৈ অসমক চিৰদিনেই যেন চিৰযুগমীয়া কৰি ৰখাৰ প্ৰয়াসত ময়ো সহযাত্ৰী হম!

এই সময় সেই সময় উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় ২০০৭ চনৰ ১ম জানুৱাৰীত| দ্বিতীয় প্ৰকাশ হয় ২০০৭ চনৰ ১ম নৱেম্বৰত| প্ৰকাশ কৰে বনলতা প্ৰকাশনে| ’অসমীয়া খবৰ’ৰ দেওবৰীয়া সংখ্যাত এই উপন্যাসখন খণ্ড খণ্ডকৈ প্ৰকাশিত হৈছিল|

ৰীতা চৌধুৰীৰ নিজৰ ভাষাতেই ’৮৮ চনত তেখেতৰ “তীৰ্থভূমি” নামৰ এখন উপন্যাস প্ৰকাশ পাইছিল| বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত অসম আন্দোলনৰ শেষভাগৰ এক জটিল সন্ধিক্ষণত ৰচনা কৰা উপন্যাসখনৰ অসম্পূৰ্ণতা আৰু দুৰ্বলতাসমূহৰ প্ৰতি লক্ষ্য কৰি আন্দোলনৰ পৰৱৰ্তী সময়ছোৱাকো সামৰি উপন্যাসখন নতুনকৈ লিখাৰ কথা ভাবিছিল| এই সময় সেই সময় “তীৰ্থভূমি”ৰ জুমুঠিৰ ওপৰত গঢ়ি তোলা হৈছে|

উপন্যাসখনৰ পটভূমি বাস্তৱ ঘটনাৰাজি| অসম আন্দোলনৰ সময় আৰু তাৰ পাছৰ সময়ে সৃষ্টি কৰা অসমৰ ৰাজনৈতিক আৰু সামাজিক দৃশ্যপট| যদিওবা চৰিত্ৰ সমূহ কাল্পনিক, প্ৰতিটো চৰিত্ৰই এক নিজস্ব বৈশিষ্ট্য বহন কৰিছে| সৰল বৰ্ণনা আৰু প্ৰাঞ্জল ভাষাই উপন্যাসখনৰ কাহিনীভাগ তুলি ধৰাত সক্ষম হৈছে| সেই সময়ৰ অসমৰ আন্দোলনে আনি দিয়া ৰাজনৈতিক পৰিবেশ, সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী উগ্ৰপন্থী সংগঠনৰ উত্থান, তাৰ পৰিপ্ৰেক্ষিতত জন-জীৱনৰ দুখ-যন্ত্ৰনা, উঠি অহা তৰুণ প্ৰজন্মৰ ওপৰত তাৰ প্ৰভাৱ, এচাম সুবিধালোভী মানুহৰ লোভ, তাৰ মাজতো শুভ চিন্তা আৰু শুভ শক্তিৰ জয়, মানৱতাৰ জয়্গান এই সকলোবোৰে উপন্যাসখনক সুখপাঠ্য কৰি তুলিছে|

মূল চৰিত্ৰ অদিতি বৰুৱা| বুৰঞ্জী বিভাগৰ অধ্যাপিকা| প্ৰভাৱশালী মন্ত্ৰী চন্দন ফুকনৰ পত্নী পৰিচয় এৰি নিজা পৰিচয় অদিতি বৰুৱা হৈয়ে মুখা মুখি হৈছে জীৱনৰ অনেক ঘাট প্ৰতিঘাটৰ| সৃষ্টি স্থিতি আৰু প্ৰত্যয়ৰ এক সুকীয়া আত্মবিশ্বাসৰ আঁত ধৰি আগুৱাই গৈছে বিলুপ্তিৰ পৰা উত্তৰণৰ পথলৈ| বিশ্বাস আৰু মমতাৰ হাত ধৰি ওলাই আহিছে সেই সময়ৰ পৰা এই সময়লৈ| তেওঁ ডাঙৰ জীয়ৰী কাজৰি| অলপ যেন অনাগ্ৰহী, অলপ আত্মকেন্দ্ৰিক| বাস্তববাদী| আবেগহীন| যুক্তিৰে প্ৰত্যাহ্বান জনাব খোজে পৃথিৱীক| কোনো ধৰণৰ ভাবাবেগক প্ৰশ্ৰয় নিদিয়াকৈ উন্নতিৰ পথত আগুৱাব খোজে| নিজক গঢ়িবলৈ নিজৰ প্ৰাপ্য আদায় কৰিবলৈ এটা স্পষ্ট পথ নিৰ্দেশনা নিজেই সাজি লৈছে কাজৰিয়ে| আনহাতে অদিতিৰ সৰু জীয়ৰী কস্তুৰী কাজৰিতকৈ কিছু বেলেগ| জীৱনক ফৰ্থ ডাইমেনছনত চাব বিচাৰে কস্তুৰীয়ে| কস্তুৰীৰ ভাষাত-“....মানুহৰ কথাটো বেলেগ| মানুহৰ মন আছে| স্মৃতিশক্তি আছে| মানুহে স্মৃতিক বিশ্লেষণ কৰিব পাৰে, নতুন জ্ঞান আহৰণ কৰিব পাৰে| মানুহৰ প্ৰশ্ন কৰাৰ শক্তি আছে, বিশ্লেষণ কৰাৰ শক্তি আছে, উদ্ভাৱনৰ শক্তিও আছে| চিন্তাশক্তি আছে কাৰণেই মানুহৰ আৱেগো আছে| মানুহৰ সভ্যতা আছে| সমাজ আছে| পৰিয়াল আছে| এই পৰিয়ালবোৰ মাত্ৰ স্বাৰ্থই বান্ধি নাৰাখে| স্বাৰ্থহীন মৰম আৰু আবেগেও বান্ধি ৰাখে| মানুহৰ ক্ষেত্ৰত ইমান ক্ৰুড-ৰিজেক্‌ছন শুদ্ধ নহয়|....”| সুকন্যা এটা ব্যতিক্ৰমী চৰিত্ৰ| যেন এজাক ধুমুহা| বৰদৈচিলা| বাস্তব জীৱনত এনে চৰিত্ৰৰ কল্পনাহে কৰিব পাৰি| ধনীৰ দুলালী সুকন্যাৰ কিন্তু জীৱনক লৈ সু-স্পষ্ট ধাৰণা আছে| কোনো ধৰণৰ মিছা আভিজাত্যৰ ভেমত নপৰি খুব কম বয়সতেই যোগাত্মক দৃষ্টিভংগীৰে দৈনন্দিন জীৱনক গ্ৰহণ কৰিছে| মাক দেউতাকৰ ভুৱা আভিজাত্যৰ বান্ধোন খুলি মুকলি আকাশৰ তলত সত্‍ সাহস আৰু স্পষ্টবাদীতাৰে যে অকল নিজক দাঙি ধৰিছে তেনে নহয় প্ৰয়োজনত বন্ধু বান্ধবীকো অনায়াসে সহায় কৰিছে| তীক্ষ্ণ বুদ্ধি আৰু চোকা মগজুৰ সুকন্যা সুকোমলা হৈয়ো যেন কঠিন পুৰুষৰ সমানে সমানে খোজ দিব পৰাকৈ| আত্মনিৰ্ভৰশীল| অদিতি বৰুৱাৰ সহকৰ্মী জয়শ্ৰী আৰু প্ৰশান্ত ভাগৱতী| দুটা দুৰ্বল চৰিত্ৰ| কেবল ধনৰ জোৰেৰে নিজৰ পদ মৰ্য্যাদা জাহিৰ কৰিব খোজা জয়শ্ৰীয়ে অজানিতে মনৰ মাজত অদিতিৰ প্ৰতি কঢ়িয়াই ফুৰে এক ধৰণৰ হীনমন্যতা| অদিতিক হেয় জ্ঞান কৰিবলৈ গৈ নিজেই বাৰে বাৰে অপমানিত হয়| প্ৰশান্ত ভাগৱতী প্ৰবক্তা যদিও ৰাজনীতিৰ লগত সম্পৰ্ক থকা মানুহ| মানুহক বশ কৰাৰ কৌশল তেওঁৰ আয়ত্তত আছে| পইছা তেওঁৰ ওচৰলৈ মাজে মাজে বানপানীৰ দৰে আহে| ডিপাৰ্টমেণ্টৰ সহকৰ্মীয়ে মানি চলে| কলেজ এডমিনিষ্ট্ৰেচন হাতৰ মুঠিত| চৰকাৰৰ লগত সম্পৰ্ক ভাল| ঢৌ নথকা নৈৰ ভটিয়নী সোঁতত উটি যোৱা প্ৰমোদতৰীৰ দৰে মসৃণভাৱে চলি আছে প্ৰশান্ত ভাগৱতীৰ জীৱন| অলকেশ এখন নেচনেল পেপাৰৰ আগশাৰীৰ জানাৰ্লিষ্ট| এই অলকেশেই অদিতিক সেই সময়ৰ পৰা এই সময়লৈ ওলাই আহিবলৈ বাট কাটি দিছিল| তাত অৰিহনা যোগাইছিল কাজৰি, কস্তুৰী, সুকন্যা, অমিত, বাবী, ৰুবেন, শুভংকৰ, প্ৰভাকৰ, বলোভদ্ৰহঁতে| ......অৰণ্য সশস্ত্ৰ সংগ্ৰামৰ উগ্ৰপন্থী দলৰ সদস্য| অদিতিৰ খুব আপোন কোনোবা| এজন ভাল বন্ধু| দেশ স্বাধীন কৰিবলৈ গৈ এটা পলাতক জীৱন বাছি ল’লে| অৰণ্যৰ ভায়েক বুলিয়ে আদিত্যক হত্যা কৰিলে অসম চৰকাৰৰ ভেৰোণীয়া গুণ্ডাই| আদিত্যৰ সন্তান অমিত পৰিয়ালৰ পৰা আঁতৰত শুভংকৰৰ তত্বাৱধানত ডাঙৰ দীঘল হৈছে কিন্তু মনৰ মাজত কঢ়িয়াই লৈ ফুৰিছে এক ক্ষোভ| অমিতৰ সমবয়সীয়া বিক্ৰম| উগ্ৰপন্থীৰ হাতত পিতৃক হেৰুৱা বিক্ৰমে মনৰ মাজত অহৰহ কঢ়িয়াই ফুৰে এক ক্ৰোধ| উগ্ৰপন্থী নিৰ্মূল কৰাৰ এক অঙ্গীকাৰত অঙ্গীকাৰবদ্ধ বিক্ৰম| বাবী অসম অন্দোলনত পুলিচৰ হাতত দেউতাকক হেৰুৱাই পিতৃহীন| উগ্ৰপন্থী সংগঠনত যোগ দিয়া ককায়েকক কিবা কাৰণত তেওঁৰেই সতীৰ্থই গুলিয়াই হত্যা কৰিছিল| তথাপি ঘৃণাক জয় কৰি ভালপোৱা আহৰণ কৰিছে বাবীয়ে| যন্ত্ৰণাৰ দাসত্বৰ পৰা মুক্ত হ’ব খুজি যন্ত্ৰণাক কামত খটুৱাবৰ বাবে অমিত আৰু বিক্ৰম দুয়োকে আহ্বান কৰে|.....উপন্যাসখনৰ আৰু এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ অৰুণ বৰা| অসম আন্দোলনৰ পাছত সক্ৰিয় ৰাজনীতিত যোগ দিয়া সদৌ অসম ছাত্ৰ সন্থাৰ বিষয় ববীয়া বৰমূৰীয়াসকল ক্ষমতা হাতত লোৱাৰ পাছত কিদৰে কাকতালীয়ভাৱে সলনি হৈ গৈছিল তথ্য সহকাৰে অদিতিৰ সন্মুখত নিসংকোচে সকলোবোৰ অকপতে স্বীকাৰ কৰিছিল অৰুণ বৰাই| ৰাজনীতিৰ লেতেৰা খেলখন বৰ নগ্নভাৱে দাঙি ধৰিছিল অৰুণ বৰাই|.....কলেজৰ ইলেক্‌চনৰ পটভূমিয়ে আচলতে উপন্যাসখনৰ মূল উপজীব্য| ইলেক্‌চনক কেন্দ্ৰ কৰিয়ে দুটা দলৰ মাজত প্ৰত্যক্ষ সংঘাট| এটা সুকন্যা, কস্তুৰী, অমিত, বাবী, নয়নজ্যোতি, মিজানহঁতৰ দল যিয়ে সঁচাকৈয়ে কলেজখনৰ উন্নতিৰ হকে কিবা কৰিব খোজে| আনটো টুমন, ছফিউলহঁতৰ দল যি ৰাজনৈতিক দলৰ ছত্ৰছায়াত থাকি অপশক্তিৰে ইলেক্‌চন জিকাৰ পৰিকল্পনা কৰে| টুমনহঁতৰ লগত ভাগৱতীয়েও সহযোগ কৰে যি মনে মনে অদিতিক কাষত পোৱাৰ লালসা গোপনে মনৰ মাজত পোষন কৰে| যিকোনো প্ৰকাৰে ইলেক্‌চনত জয়্লাভ কৰিব খুজি টুমনহঁতে অদিতিৰ অতীত লৈ টনা আজোৰা কৰাৰ পৰা হোষ্টেলৰ পানী বন্ধ কৰালৈকে বহুত চক্ৰান্ত কৰিলে| তাতো সফল হ’ব নোৱাৰি অমিতৰ নাম লৈ নিজৰ দলৰে প্ৰাৰ্থী শুভ্ৰজিতক নিশাৰ অন্ধকাৰত হত্যা কৰাৰ ষড়যন্ত্ৰ কৰে| লগতে এটা ভয়াবহ ষড়যন্ত্ৰৰ চিকাৰৰ বলি হয় সুকন্যা, ৰুবেন ছাৰ আৰু অদিতি বৰুৱা আৰু তাৰে সুযোগ ল’ব খোজে প্ৰশান্ত ভাগৱতীয়ে| কিন্তু অৱশেষত বাবী সুকন্যাহঁতৰ লগ লাগি ৰুবেন ছাৰৰ সহযোগত সকলো ষড়যন্ত্ৰ ধৰা পৰে| অপশক্তিৰ পৰাজয় হয়| ক্ষমতাৰ ৰাগীত মতলীয়া হৈ এদিন আদৰ্শগত সংঘাটত অদিতিক ভুল বুজা চন্দন ফুকনেও যেন নিজৰ ভুল বুজিব পাৰি অদিতিৰ কাষত থিয় দিয়ে|......কিন্তু উপন্যাসৰ শেষত কাজৰিৰ বিষন্নতাই অন্য ধৰণে আত্মপ্ৰকাশ কৰে| জন্মৰে পৰা কাজৰিয়ে ভাবি আহিছিল চন্দন ফুকন তাইৰ দেউতাক| অৰ্থহীন আদৰ্শগত সংঘাটৰ বাবেই মাক অদিতিয়ে তাইক দেউতাক চন্দন ফুকনৰ পৰা অন্যায়ভাৱে আঁতৰাই থৈছে| তাইৰ প্ৰাপ্য তাইৰ অধিকাৰৰ পৰা মাকে তাইক বঞ্চিত কৰিছে| যিমুহূৰ্তত কাজৰিয়ে গম পালে চন্দন ফুকন তাইৰ দেউতাক নহয়, অৰণ্য বৰুৱাহে তাইৰ দেউতাক আৰু একমাত্ৰ তাইক জীয়াই ৰাখিবৰ বাবেই মাক অদিতিয়ে চন্দন ফুকনৰ পৰা আঁতৰি স্ব-নিৰ্বাসন লৈছিল তেতিয়া কাজৰিৰ ভৰিৰ তলৰ পৰা হেৰাই গৈছিল মাটি| খহি পৰিছিল আকাশৰ তৰা| নুমাই গৈছিল সকলো পোহৰ|.....অদিতিয়ে কাজৰিক জন্ম দিয়া নাছিল| কস্তুৰীকো জন্ম দিয়া নাছিল| বাটৰ পৰা বুটলি আনিছিল কস্তুৰীক| দুটা আত্মাক দুটা প্ৰাণীক জীৱন দিবলৈ গৈ নিজৰ পৰিচয় দিবলৈ গৈ জীৱন পাত কৰিলে অদিতিয়ে| কোনোবাখিনিত অসম্পূৰ্ণ অদিতি| তথাপি সম্পূৰ্ণ অদিতি নিজৰ মহিমাৰে| সাধাৰণ ভোগ বিলাসৰ উৰ্ধত সাধাৰণ স্বাৰ্থপৰতাৰ উৰ্ধত অদিতিৰ জীৱন| যিয়ে যুগে যুগে মানুহক প্ৰতিনিধিত্ব কৰি আহিছে| 


========================================================================

উপন্যাসঃ ঈয়াৰুইঙ্গম

অসমীয়া সাহিত্য জগতৰ লেখত লবলগীয়া উপন্যাসসমূহৰ মাজত অন্যতম এখন উপন্যাস| এই উপন্যাসৰ বাবে ৰচক বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যদেৱে ১৯৬১ চনত সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰিছিল| উপন্যাসখনৰ প্ৰথম প্ৰকাশ: অক্টোবৰ, ১৯৬০ চনত| তাৰপাছত ক্ৰমে দ্বিতীয় প্ৰকাশ: জুন, ১৯৬২ চনত; তৃতীয় প্ৰকাশ: ১৯৭২ চনত; চতুৰ্থ প্ৰকাশ: জুলাই, ১৯৯১ চনত; পঞ্চম প্ৰকাশ: ডিচেম্বৰ, ১৯৯৫ চনত; ষষ্ঠ প্ৰকাশ: মাৰ্চ, ১৯৯৮ চনত; সপ্তম প্ৰকাশ: ২০০৩ চনত; অষ্টম প্ৰকাশ: ২০০৮ চনত; নৱম প্ৰকাশ: ২০১০ চনত; দশম প্ৰকাশ: ২০১১ চনত হয়| প্ৰকাশক: ভাস্কৰ দত্তবৰুৱা, লয়াৰ্ছ কুক ষ্টল; হেম বৰুৱা ৰোড, পাণবজাৰ, গুৱাহাটী| ছপা: এলবিএছ পাব্লিকেশ্বনছ| ISBN: 13: 978-81-7331-044-7| ইয়াৰ সৰ্বমুঠ কলেবৰ ২৯৫ পৃ.|
==লেখকৰ পৰিচয়==
ড. বীৰেন্দ্ৰ কুমাৰ ভাট্টাচাৰ্য্য (১৮ অক্টোবৰ, ১৯২৪- ৬ আগষ্ট, ১৯৯৭) অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক| তেওঁ ১৯৭৯ চনত [[মৃত্যুঞ্জয়]] উপন্যাসৰ বাবে ভাৰতীয় [[জ্ঞানপীঠ]] বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিল| তেওঁ ১৯৬১ চনত [[ঈয়াৰুইঙ্গম]] গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল| ২০০৫ চনত Love in the Time of Insurgency নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায়| ১৯৮৩-৮৫ বৰ্ষৰ বাবে তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপেও তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল|

==চৰিত্ৰ সমূহ==

মূল চৰিত্ৰ চাৰেংলা| এটা নিগেটিভ চৰিত্ৰ| ৰিশ্বাং, খাটিং, ফানিটফাং, নাজেক, ঙাঠিঙখুই, খুটিংলা, ভিডেচেলী,ডা: ব্ৰুক, ইয়েংমাচ, আটিব, খাইখো, এন‌ভি, অমূল্য, অবিনাশ, পি টম্বী, শ্যামলী, চঞ্চল, জীৱন, কনচেং, ৱাৰামলা, জেমচ্‌, জনাথন, আৰু চাৰেংলাৰ একমাত্ৰ সৰথি কুকুৰ আবেই|

==উপন্যাসখনৰ কাহিনীৰ সাৰাংশ==

ইয়াৰুইঙ্গম মানে ৰাইজৰ শাসন| এটা নগা শব্দ| টাংখুল নগা সমাজৰ কিছু ঘাট-প্ৰতিঘাট, উন্নতি অৱনতিৰ সম্যক আঁচোৰ পৰিছে ইয়াত| স্বাধীনতা কালছোৱাৰ আগে-পাছে ইংৰাজ শাসনে সমাজত আনি বিৰূপ প্ৰতিক্ৰিয়া আৰু স্বাধীনতা লাভৰ আশাত উন্মুখ এচাম মানুহৰ নিজৰ মাজতেই টনা আজোঁৰাত দুৰ্বিসহ হৈ উঠিছে জীৱন| চাৰেংলাৰ আঁত ধৰিয়েই উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে| জাপানী সৈনিক ইশ্বেৱৰাৰ ৰক্ষিতা হৈ এবছৰকাল কটোৱাৰ পিছত ইংৰাজ সেনাৰ প্ৰত্যাৱৰ্তনৰ লগে লগেই চাৰংলাৰ জীৱনলৈ দুৰ্য্যোগ নামি আহে| নগা সমাজত পতিতাৰ বাবে কোনো ঠাই নাই| সকলোৰে পুতৌ আৰু ঘৃণাৰ পাত্ৰী হৈ অৱশেষত চাৰেংলাই অজানিতে ঘটনাচক্ৰত পৰি সঁচাসচিকৈ পতিতা হৈ পৰে| আনহাতে ৰিশ্বাঙে নিজৰ সমাজত শিক্ষাৰ পোহৰ বিলাবলৈ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গুচি যায়| দেউতাকৰ মৃত্যুৰ খবৰ লবলৈ উভতি অহা ৰিশ্বাঙে দ্বায়িত্ব আৰু কতৰ্ব্যৰ হাত হাৰিব নোৱাৰি পিতৃহন্তা ঙাঠিঙখুইক ক্ষমা কৰি দিয়াৰ কথাটোৱে নগা সমাজত ৰিশ্বাঙৰ স্থিতি সলনি কৰি দিয়ে| ৰিশ্বাঙেও মানুহৰ মাজত থকা অবাঞ্চিত অসূয়া আক্ৰোশবোৰ আঁতৰাই শিক্ষাৰ জেউতি বিলাবলৈ মানুহৰ মাজত সজাগতা অনাৰ চেষ্টা কৰে| আনহাতে ভিডেচেলীয়ে মুক্তি বিচাৰি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লয়| অপ্ৰকাশ্যভাৱেই ৰিশ্বাং আৰু ভিডেচেলীৰ মাজত এখন অলংঘ্য প্ৰাচীৰ গঢ় লৈ উঠে| স্বাধীনতাৰ পাছতো স্বাধীনতাৰ প্ৰকৃত অৰ্থ নুবুজা অশিক্ষিত হোজা মানুহচামৰ অৱস্থা গুৰিয়াল বিহীন নাৱৰ দৰে হৈছে| ভিডেচেলীৰ অনুচৰৰ হাততেই ভনীজোঁৱায়েক জীৱনৰ মৃত্যু হয়| ৰিশ্বাঙো গুৰুতৰভাৱে আহত হয়| অবৈধ হ’লেও নিজৰ মৃত সন্তানৰ দুখ পাহৰাবলৈ চাৰেংলাই সাৰথি কৰি লয় জীৱনৰ পুতেক কনচেঙক| প্ৰেমত প্ৰত্যাখিত ফানিটফাঙে জীৱনৰ শেষ সময়ত উপলব্ধি কৰে জীৱনৰ মাহাত্ম্য| প্ৰাপ্তিয়েই শেষ কথা নহয়| যি ঘটে তাক সহজভাৱে স্বীকাৰ কৰি লব পৰাটোৱেই জীৱনৰ একমাত্ৰ সাফল্য|

জীৱনটো ক্ষণিকৰ এটা বিস্ময়- স্ফুলিঙ্গৰ দৰে খন্তেকপৰ প্ৰজ্বলিত হৈ আকৌ সি গুচি যায় কোনো এক অজ্ঞাত অন্ধকাৰৰ ৰাজ্যলৈ| ইয়াৰুইঙ্গমৰ কাহিনীয়ে তাকেই কৈ যায়| জীৱন মৃত্যুৰ এই লুকা ভাকুত একমাত্ৰ সহজ পথ হ’ল শান্তি|

==তথ্যসংগ্ৰহ==

ইয়াৰুইঙ্গম: ৰচক বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, অক্টুবৰ, ১৯৬০ চন|

========================================================================

উপন্যাস: নিষিদ্ধ

ড. আকাশীতৰাৰ উপন্যাস ’নিষিদ্ধ’| প্ৰথম প্ৰকাশ ২০১১| প্ৰকাশক শ্ৰী প্ৰদ্যুত্‌ হাজৰিকা, এম.বি.এ; বনলতা, ডিব্ৰুগড়|
নিষিদ্ধ আকাশীতৰাৰ শেহতীয়া উপন্যাস| বৰ্তমান সময়ৰ এটি সবাতোকৈ চৰ্চিত বিষয় সমকামিতাকলৈ এই উপন্যাসখন ৰচনা কৰা হৈছে| লেখিকাৰ মতে-সমাজৰ মাপকাঠিৰে নিষিদ্ধ সকলো অনুভুতি নিষিদ্ধ নহয়| ব্যক্তিৰ ভিতৰৰ জগতখনত লিংগৰ প্ৰাধান্যতকৈ আত্মা আৰু প্ৰেমৰ প্ৰাধান্যই বেছি| সেয়ে সমকামীসকলৰ জীৱন প্ৰৱাহত মানৱীয়তাৰ গোন্ধেই বেছি| অসমত সমকামিতাক বিষয় হিচাপে লৈ লিখা এইখনেই সম্ভৱত: প্ৰথম উপন্যাস|
এই উপন্যাসত সম্পুৰ্ণ নতুন ষ্টাইল এটাৰে তিনিটা ভিন্ন প্লটত গাঁও, চহৰ আৰু সৰু চহৰৰ এখন স্পষ্ট ছবি পাঠকে পাব|

প্ৰথম প্লট:- যি কথা নহ’ল কোৱা|

মূল চৰিত্ৰ-অভিমন্যু চলিহা|
বয়স: চল্লিশ (দেখাত ত্ৰিশ যেন লাগে)|
পেছা: চিত্ৰকৰ, কবি, ভাস্কৰ্যশিল্পী|
নিচা: মানুহৰ চৰিত্ৰ অধ্যয়ন, প্ৰকৃতি|
পৰিয়াল: বুঢ়া দেউতাক (লগত নাথাকে), কুকুৰ (মেণ্ডি), (ডিভোৰ্চি)|
গুণ: সৃষ্টিশীল, বাস্তৱবাদী, অতি অনুভুতিপ্ৰৱণ, আশাবাদী|
দোষ: কাকো দুখ দিব নোৱাৰে, কাজিয়া কৰিব নজনা, ডিপ্ৰেচিভ, হতাশাগ্ৰস্ত|
লিঙ্গ: পুৰুষ; কিন্তু নিজকে নাৰী বুলি পৰিচয় দি ভাল পায়, নাৰীৰ দৰে সাজ-পোছাক কৰি ভাল পায়, কেৱৰ পুৰুষৰ প্ৰতি আকৰ্ষিত হয়| নাৰীক বান্ধৱী বা ভণ্টীৰ দৰে ব্যৱহাৰ কৰে|
স্বাস্থ্য: ভাল, কিন্তু কলিজাৰ দুডাল সিৰা বন্ধ হোৱাৰ বুৰঞ্জী আছে|
ব্যক্তিগত দুৰ্ঘটনা: ডিভোৰ্চ-হতাশজনিত কাৰণত পাঁচবাৰ আত্মহ্ত্যাৰ চেষ্টা|
সমাজক কি ক’ব বিচাৰে: জীয়াই থাকাঁ আৰু জীয়াই থাকিবলৈ দিয়া Live and let Live.

......এটা অগতানুগতিক চৰিত্ৰ অভিমন্যু| মানুহৰ মাজত মানুহ বিচাৰি ফুৰা এটা আলসুৱা অকলশৰীয়া মন| তেজ মাংসৰ শৰীৰৰ দুৰ্বোধ্যতা ভেদি আত্মাৰ লগৰী বিচাৰি ফুৰা এটা অতৃপ্ত আত্মা| জেদী আৰু আভিমানি| অকলে থাকিয়েই ভাল পায়| নিয়মীয়াকৈ ডায়েৰী লিখে|...অভিমানৰ বুৰঞ্জী| পোৱা নোপোৱাৰ খতিয়ান| আৰ্ট গেলাৰীতে লগ পাইছিল সুৰুযলোচন বৰুৱাক| অভিমন্যুৰ ছবিৰ প্ৰশংসা কৰি পেপাৰত বিবৃতি দিয়ে| খেয়ালী মনৰ অভিমন্যু প্ৰেমত পৰে সুৰুযলোচনৰ| দেহে মনে সকলো উদঙাই দিয়াৰ পাছত সুৰুযলোচনে কুঠাৰাঘাট সানে অভিমন্যুৰ  বিশ্বাসৰ ওপৰত| তথাকথিত ভদ্ৰতাৰ মুখা পিন্ধা সুৰুযলোচনে নিজৰ স্বাৰ্থ পূৰণ হোৱাৰ পাছত ফুটবলৰ দৰেই দলিয়াই পেলাইছে অভিমন্যুৰ নিষ্পাপ প্ৰেমক| কথাৰ অৰ্থ নথকা লোভী-মিছলীয়া, উতনুৱা সুৰুযৰ প্ৰতাৰণাই জোঁকাৰি যায় অভিমন্যুক! অভিমানৰ বান ৰুধিব নোৱাৰি অভিমন্যু গুচি যায় হষীকেশলৈ শিপাৰ সন্ধান বিচাৰি....


দ্বিতীয় প্লট:-ক’ত যে আছিলা...


’উদং কৰি নাযাবা বুকুৰ বাকচ
জানাই দেখো, চিকুণাই লৈছোঁ আমাৰ
ঘনচিৰিকা থকা ঘৰ...’
(১)
নাম: ঝৰ্ণা বনিয়া|
কাম: ইঞ্জিনীয়াৰ|
বয়স: সাতচল্লিশ বছৰ|
গুণ: চিধা-চাধা|
সম্পত্তি: চহৰত নিজৰ ঘৰ আৰু এটা ফাৰ্ম হাউচ|
দোষ: কম কথা কোৱা- মুডী|
পৰিয়াল: মাক, দেউতাক তিনিজনী বাই-ভনী, কিন্তু অকলে কোম্পানীৰ কোৱাৰ্টাৰত থাকে|
(২)
নাম: ৰুবী বৰা|
কাম: গৃহিণী-গায়িকা|
বয়স: পঞ্চল্লিশ|
গুণ: একেবাৰে নিৰ্জু|
সম্পত্তি: স্বামীৰ সকলো সম্পত্তিৰ অংশীদাৰ|
দোষ:খেয়ালিমনৰ আৰু আঁকোৰগোজ|
পৰিয়াল: স্বামী, দুটা সন্তান (দিল্লী আৰু চেন্নাইত পঢ়ি আছে)|

…..জীৱন সহজ| প্ৰাচুৰ্যৰে ভৰা জীৱন| বহুতে এই প্ৰাচুৰ্যক লৈ গৌৰৱ কৰে আৰু বহুতে এই প্ৰাচুৰ্যৰ অৱক্ষয়ত মূৰ আচাৰি নীৰৱে কান্দে- বন্দী বিহঙ্গৰ দৰে|...ৰুবী বৰাও বন্দী বিহঙ্গ| স্বামী অম্লান বৰাৰ চকুত লগা আভিজাত্যৰ ধামখুমীয়াত পৰি ৰুবীৰ শিশুৰ দৰে কোমল মনটো মৰহি যায়| শামুকৰ খোলাৰ দৰে নিজকে আবদ্ধ কৰি থয় ৰুবীয়ে| তৈল নগৰী দুলীয়াজানৰ অতিৰিক্ত আভিজাত্যই কাঢ়ি নিয়ে ৰুবীৰ মুখৰ হাঁহি|....জালনী ক্লাবৰ নৈশ পাৰ্টিত পুৰুষ মহিলাৰ সমাগম| ৰুবীৰ ৰূপত মাতাল হৈ সকলোৱে নাচি উঠে| কিন্তু ৰুবী নিৰ্বাক| যেন নিমখৰ এটা দুমুনীয়া বস্তা! অম্লানৰ মতে ক’ল্ড কফি|...সংগীতৰ তালে তালে নাচি উঠা ৰুবীৰ গাত হাত দিবলৈ গৈ ঝৰ্ণাৰ ঘোচাত ঘূণীয়া হৈ পৰি যায় প্ৰবোধ চলিহা| ঝৰ্ণাৰ তেজ ওলোৱা হাতখনত শাৰীৰ আঁচলটোৰে মোহাৰি ৰুবীয়ে কয় থেংক্‌চ, Thank you ঝৰ্ণা-যোৱা দহ বছৰে এই মানুহ টোৰ ভয়ত মই নাচিবলৈ দিগ্‌দাৰ পাই আহিছোঁ| যি কাম অম্লানে কৰিব লাগিছিল তুমি কৰিলা|....ঝৰ্ণাৰ পৰশত সাৰ পায় উঠে ৰুবীৰ মাজত শুই থকা শিশুটো| যি গান গাব জানে, হাঁহিব জানে, মৰম দিব জানে ল’ব জানে|....লাহে লাহে ৰুবীয়ে খুলি দিছিল মনৰ দুৱাৰ ঝৰ্ণাৰ আগত-অম্লানে বিয়াৰ তিনিদিনৰ দিনাই হাত উঠাইছে কাৰণ নোহোৱাকৈ এতিয়ালৈকে| আৰু সেই খঙতে এতিয়ালৈকে অম্লানক মই নিজক দিয়া নাই-সেউজীয়া গছ আৰু শুকান কাঠৰ পাৰ্থক্য জানা নহয়? মই শুকান কাঠ| সেউজীয়াখিনি লুকুৱাই ৰাখিছোঁ| খঙত...কেৱল খঙত..বহুত খং আছে মোৰ ঝৰ্ণা| হক কথাত মই ধ্বংস কৰি দিম পৃথিৱী| মৰি যাম অকলে নিজৰ মাজত| কাকো ভয় নকৰোঁ| একো হেৰুওৱাৰ নাই মোৰ ভয়, কাৰো লগত বেয়া হ’বলৈ ভয় নকৰোঁ, ক’তো মোৰ স্বাৰ্থ নাই...প্লিজ খালি|...ৰুবীক পোৱাৰ বাবেই ঝৰ্ণা প্ৰেমত পৰে জীৱনৰ| ক্ষণে ক্ষণে সন্দিহান হৈ উঠে ৰুবীৰ চিন্তাত| হৃদয়ৰ সমস্ত আকুলতাৰে সাৱতি লয় ৰুবীক| এক নিৰাপত্তা এক সীমাহীন মমতাৰে আবৰি ৰাখিব খোজে ৰুবীক| ৰুবীয়ে গায়-


পৰিচয় যদি সৰাপাতে পাতে

তোমাৰ ঠিকনা হৃদয়ত থ’ম
মনে বিচাৰিলে, কাণে কাণে ক’লোঁ
তোমাৰ জীৱনত নিজৰা হ’ম....

প্লট তিনি:-নিষিদ্ধ


(১)
নাম:নীৰৱ হাতীমূৰীয়া (বুম্বা)
ঘৰ: জোকতলি, বিশ্বনাথ চাৰিআলি
বয়স: পোন্ধৰ বছৰ
পেছা: ছাত্ৰ
নিচা: ছোৱালীৰ সাজ-পোছাক পিন্ধি ভাল পোৱা আৰু চিলাই, উল গোঁঠা ইত্যাদিত পাৰ্গত|
পৰিয়াল: যৌথ-পৰিয়াল, পৰিয়ালৰ সদস্য বাৰজন|
গুণ: ঘৰুৱা কাম-কাজত পাকৈত, সৰল, কঠোৰ পৰিশ্ৰমী|
দোষ: ছোৱালীৰ দৰে আচাৰ-ব্যৱহাৰ, বৰ অনুভুতিপ্ৰৱণ|
স্বাস্থ্য: ভাল

(২)

নাম: নিবিড় হাতীমূৰীয়া (কাৱৈ)
ঘৰ:জোকতলি, বিশ্বনাথ চাৰিআলি
বসয়:চৌধ্য বছৰ
পেছা:ছাত্ৰ
নিচা:ভাং, বিড়ি, চিগাৰেট
পৰিয়াল: ঐ (অৰ্থাত্‌ নীৰৱ হাতীমূৰীয়াৰ স’তে একে)
গুণ: সাহসী, টেঙৰ, ধূৰ্ত|
দোষ: কামচোৰ, এলেহুৱা|
স্বাস্থ্য: দুৰ্বল

...এই চৌধ্য পোন্ধৰ বয়সতে নিষিদ্ধতাৰ দুনীয়াত ভৰি দিয়া বুম্বা আৰু কাৱৈয়ে ধৰাত পৰি গাঁও এৰি গুৱাহাটী পায়গৈ| কাৱৈৰ টেঙৰালিত কেনেবাকৈ থকা খোৱাৰ সুবিধা হ’ব বুলি গেৰেজ এটাত কাম বিচাৰি যায দুয়ো| কাৱৈয়ে গেৰেজতে কাম পায় আৰু বুম্বাক গেৰেজৰ মালিকৰ ঘৈণীয়েকৰ বিউটি পাৰ্লাৰত কাম কৰি দিবলৈ লৈ যায়| দুখন সুকীয়া জগতত সোমায় দুইটা| চহৰীয়া জীৱনত নিষিদ্ধতাৰ সোৱাদ বিচাৰি যোৱা কাৱৈ পুলিচৰ হাতত পৰি জেললৈ যায়| আনহাতে বুম্বাই মৰমী বিউটি পাৰ্লাৰত কাম শিকি নিজা ববীয়াকৈ সংস্থাপন ঠিক কৰি লয়| শেষত কাৱৈকো উপাৰ্জনৰ বাট দেখুৱায়| কিন্তু সফলতাৰ এই দীঘল বাট চোৱাত বুম্বাই মুখামুখি হয় বোলছবি জগতৰ কিছুমান নিৰ্মম সত্যৰ লগত| চালে চকুৰোৱা বোলছবি জগতৰ পৰ্দাৰ আঁৰত যে কি ভয়ানক জগত এখন লুকাই আছে তাক দূৰৰ পৰা অনুমান কৰিব নোৱাৰি| কেমেৰা-লাইট-এক্‌চনৰ চকু চাট মৰা পোহৰত লেন দেন চলে জীৱন যৌবনৰ| হেপাহৰ-সপোনৰ| কুটিল ৰাজনীতিত পৰি মৃত্যু ঘটে নিৰ্ভেজাল প্ৰেমৰ| উঠি অহা প্ৰতিভাৰ| Gay-Lesbian সকলৰ বাবে যেন এখন মুক্ত জগত এই বোলছবি জগত| গ্লেমাৰ আৰু টকা পইচাৰে কিনি লয় জীৱনৰ প্ৰতিটো পল অনুপল| মুকলি বেহা চলে নিষিদ্ধতাৰ| তাৰ মাজতো প্ৰেমে গজালি মেলে| সৰু সৰু মান অভিমানে থিতাপি লয় মনৰ কোনোবা গোপন কোণত...


...উপন্যাসৰ খনৰ তিনিওটা প্লটৰ আঁত ধৰে ডা: সৌমাৰ কাকতিয়ে| সাংবাদিক ৰাতুলৰ কৌতুহলৰ প্ৰশমন ঘটাবলৈ বুলিয়ে নহয় সমাজৰ এক কঠোৰ সত্যক স্পষ্ট ভাষাৰে দাঙি ধৰিছে| ’Homosexuality is nor a disease, not a crime’. ই প্ৰকৃতিৰ পাকচক্ৰ| মানুহৰ বৰণীয়া ৰূপৰ এটা বেলেগ ৰূপ...|


মানুহ বিজ্ঞানৰ থিয়ৰি নহয়| মানুহৰ মন এখন কেনভাচৰ দৰে| যেনেকৈ চোৱা তেনেকৈ দেখিবা| মানুহ, পানীৰ দৰে| মনেৰে যি পাত্ৰতে থবা সেয়াই আকাৰ ল’ব| 


=======================================================================

উপন্যাস: অৰুণাভ ছাৰ|
লেখক: অজন্তা|
প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০১০| 
মূল্য: ১১০.০০ টকা|
প্ৰকাশক: অনন্ত হাজৰিকা, বনলতা, পাণবজাৰ; গুৱাহাটী|

“অৰুণাভ ছাৰ” মূলত: এক প্ৰেম কাহিনী যদিও উপন্যাসখনক এখন আত্মজীৱনীমূলক সামাজিক উপন্যাস যেন অনুমান হয়| এজন সত্‌ ভাৰতীয় প্ৰশাসনিক বিষয়া অৰুণাভ আৰু দুই সন্তানৰ বিধৱা মাতৃ তথা অৰুণাভৰ পাৰ্চনেল এচিছ্‌টেণ্ট মায়াবী—এই দুই প্ৰধান চৰিত্ৰক লৈ উপন্যাসখনৰ কাহিনী ভাগ গঢ় লৈ উঠিছে| উপন্যাসখনৰ শ্ৰীভূমি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ আৰু এই প্ৰদেশৰ মনোৰম প্ৰাকৃতিক শোভাৰ ভৰপূৰ টাৱাং, জিৰ’ আদি নানান নগৰ আৰু অঞ্চল| কবিতা কবিতা যেন লগা ভাষাৰে ভৰা উপন্যাসখন পঢ়িলে পাঠকৰ দুটা লাভ হ’ব বুলি ভাব হয়-প্ৰথম, গদ্যতেই কবিতাৰ ৰসাস্বাদন আৰু দ্বিতীয়তে, এটা নিতোল প্ৰেম কাহিনীয়ে পঢ়োঁতাৰ হৃদয় ভৰাই তুলিব প্ৰেমৰ মধুৰ গুঞ্জনেৰে|

: দেয়াৰ ইজ আনাদাৰ অ’চেন....!’
মায়াবীক কৈছিল আৰুণাভ ছাৰে| আচলতে, মায়াবীৰ দুচকুত লুকাই থকা অন্য এখন সাগৰৰ সন্ধানতে আৰম্ভ হৈছিল অৰুণাভ ছাৰৰ যাত্ৰা| এই যাত্ৰাৰ আগলৈকে মায়াবীয়ে বুজি পোৱা নাছিল-প্ৰেম মানে কি! স্বামী অংশুমানৰ সৈতে কটোৱা সময়খিনিত প্ৰেম আছিল নে নাই সেয়াও বুজি উঠা নাছিল মায়াবীয়ে! অংশুমানৰ ইন্দ্ৰিয়ৰ প্ৰয়োজনৰ বাবে ব্যৱহৃত হোৱা সময়খিনিতো তাই বুজিবলৈ চেষ্টা কৰা নাছিল- এনে শাৰীৰিক সান্নিধ্যৰ সৈতে প্ৰেমৰ সম্পৰ্ক কি! কিন্তু কি আচৰিত—অৰুণাভ ছাৰক লগ পোৱাৰ পিছৰে পৰা মায়াবীয়ে নতুনকৈ আৱিষ্কাৰ কৰিলে প্ৰেমৰ সংজ্ঞা|
...খৰাং পৃথিৱীলৈ বাৰিষাৰ প্লাবন অহাৰ দৰে অৰুণাভ ছাৰ মোৰ জীৱনলৈ আহিছিল| হঠাত্‌ মোৰ মৰুময় পৃথিৱীখ সিক্ত হ’ল| মই আছিলো মৰুভূমিত গজি উঠা শুকান বৃক্ষ এজোপাৰ দৰে| পৰম প্ৰত্যাশাৰে এজাক বৰষুণৰ আশাত আকাশখনলৈ চাই ৰৈছিলোঁ| দোপাল-পিটা বৰষুণজাক আহিছিল| মোৰ শৰীৰ ভৰি কুঁহিপাত ওলাইছিল| মনৰ কোঁহে কোঁহে ফুলি উঠিছিল ফুল|...মায়াবীয়ে কৈছিল|

অৰুণাচলৰ ইটানগৰ নামৰ সৰু চহৰখন ৰূপান্তৰিত হৈছিল এখন বৰ্ণময় পৃথিৱীলৈ| ভৰি উঠিল মায়াবী নামৰ দুটি সন্তানৰ মাতৃ, স্বামীহীনা মহিলাগৰাকীৰ জীৱন| আৰু অৰুণাভ ছাৰ! অৰুণাভ ছাৰে পাহৰি পেলালে পদমৰ্যদাৰ কথা| পাহৰি পেলালে তেওঁ জীৱন বাটৰ ক্লান্তি, অৱসাদ| মায়াবীৰ দুচকুত অন্য এখন সাগৰৰ সন্ধান কৰি মায়াবীকো ভৰাই তুলিলে আৰু নিজেও ভৰি উঠিল অৰুণাভ ছাৰ|

কিন্তু এই কথা স্বীকাৰ কৰিবই লাগিব যে অজন্তাৰ এই প্ৰেমৰ উপন্যাসখনত কৈশোৰ বা যৌবনৰ প্ৰথম প্ৰেমৰ দৰে তৰল আবেগ নাই| তাৰ পৰিবৰ্তে জীৱনৰ শত-সহস্ৰ ধুমুহাই অভিজ্ঞ কৰি তোলা পৰিপক্ক প্ৰেমৰ আত্মীয়তাৰে টানকৈ বান্ধি ৰাখিছে ’অৰুণাভ ছাৰ’ৰ প্ৰেম-কাহিনী| সেয়েহে স্বাভাৱিকতেই এই প্ৰেম-গাঁথাই পঢ়ুৱৈৰ আত্মা স্পৰ্শ কৰে| এই উপন্যাসৰ জৰিয়তে লেখিকাই পুনৰ মনত পেলাই দিব খুজিছে—’প্ৰেমে বয়স নামানে, প্ৰেমৰ কোনো সীমা নাথাকে’....

=======================================================================

...গ্ৰন্থঃ ১৯৬২| 
লেখকঃ মৃণাল তালুকদাৰ|
প্ৰথম প্ৰকাশঃ ছেপ্তেম্বৰ, ২০১৩|
প্ৰকাশকঃ নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু ভৱানী বুকছ|
মূল্যঃ ২৭৫ টকা|
ISBN-978-93-82624-64-6

…..পঢ়িলোঁ মৃণাল তালুকদাৰৰ ১৯৬২| এক ভ্ৰমণ কাহিনীক আলম কৰি আলোকপাত কৰা হৈছে বিগত ৫০ বছৰে সকলোৰে অলক্ষিতে লুকাই থকা এক অলিখিত বুৰঞ্জী| পাতে পাতে উদ্ভাষিত হৈছে ভূগোল| দেশ-প্ৰদেশ-গাঁও আগেয়ে নাম নুশুনা অজস্ৰ এলেকাৰ কাহিনী| নতুন নতুন ঘটনাৰ মোৰ| অনন্য বৰ্ণনা আৰু উপস্থাপনে পাঠকক টানি লৈ যায় সেই দুঃসময়লৈ| যিসময়ৰ বুৰঞ্জী আজিও মানুহে নাজানে সঁচা কি!!
....এখন যুদ্ধ| নাম ভাৰত-চীন যুদ্ধ| সৰুৰেপৰা শিকোৱা হৈছে সেইয়া চীনৰ আক্ৰমণ বুলি| কিন্তু সেইয়া কিমানদূৰ সত্য! বমডিলা পাৰ হৈ আহিও চীনা সৈন্য কিয় ঘূৰি গ’ল? দৰাচলতে কাৰ আৰু কিহৰ কাৰণে হৈছিল এই যুদ্ধ? যোৱা ৫০ বছৰে তাৰেই অম্বেষণত বহুজনেই এই পৃথিৱীত ভ্ৰমি ফুৰিছে| তেনে অম্বেষণৰেই আন এক সংযোজন ১৯৬২| ইতিপূৰ্বে অসমীয়া প্ৰতিদিন কাকতৰ দেওবৰীয়া সংযোজন সম্ভাৰত খণ্ড খণ্ডকৈ প্ৰকাশ হৈ গৈছে ১৯৬২| সমগ্ৰ কাহিনীৰাজীক সৰ্বমুঠ ২৭টা ভাগত বিভক্ত কৰিছে লেখকে| প্ৰতিটো খণ্ডই উন্মোচন কৰি গৈছে সত্য কি আছিল! ভাগসমূহ হ’ল-

....সত্য কি!, * কাৰ ভুল!, * সীমান্তৰ মাদকতা, * ক’ত আছে ৰিমা, * মেজৰ বব খাটিং, * এটা শিল আৰু বুমলা, * কোন সাম্ৰাজ্যবাদী, * হিন্দী-চিনী ভাই ভাই, * দালাই লামাৰ পলায়ন, * অন্ধ আৱেগ, * বুমলা বহুদূৰ, * চিংফৌ আৰু মিচিমি, * বৰ ভূঁইকঁপ, * লোহিতৰ পাৰে পাৰে, * বৰফৰ মাজত চেলা, * ফৰৱাৰ্ড পলিচী, * অপাৰেচন লেগহৰ্ন, * দা হাম্প, * ইয়াতেই শেষ হিমালয়, * ধ্বংস হৈ গ’ল এটা ব্ৰিগেড, * কিবিথো দখল, * যুদ্ধবন্দী ব্ৰিগেডিয়াৰ ডালভি, * নেহৰুৰ জন্মদিনৰ উপহাৰ, * ঘূৰি নাহিল ৮৩২ জন, * বমডিলাৰ পতন, * পৰাজয় সম্পূৰ্ণ, * যুদ্ধবিৰতি আৰু শেষত পৰিশিষ্ট|

.....লেখকৰ ভাষাৰেই শুনক-“নেহৰুৱে ভুল কৰিছিল| মাৰাত্মক ভুল| বুৰঞ্জীয়ে কাকো ক্ষমা নকৰে| আগতেও কৰা নাই আৰু ভৱিষ্যতেও নকৰিব| কৃষ্ণ মেননকো কৰা নাছিল|

Because for the history, it was just a Himalayan blunder.

সৰুৰে পৰা পঢ়ি আহিছোঁ “চীনৰ আগ্ৰাসন” বুলি| কিন্তু দৰাচলতে সত্য কি? চীনৰ আগ্ৰাসন নে ভাৰতৰ সাম্ৰাজ্যবাদৰহে প্ৰতিফলন ঘটিছিল ১৯৬২ চনত?

কোন সঁচা কোন মিছা?”

.....তাৰেই উত্তৰ আছে ১৯৬২ত| নেহৰুৰ ভুল সিদ্ধান্তৰ বলি হৈছিল হেজাৰ হেজাৰ নিৰপৰাধ সৈনিক| কেৱল মাত্ৰ আৱেগ আৰু অন্ধ দেশপ্ৰেমৰ ভাৱৰ বশৱৰ্তী হৈ নিজকে আগবঢ়াই দিছিল মৃত্যুৰ মুখলৈ| তাৰবাহিৰে কৰিব পাৰেই বা কি! আন কোনো পথ খোলা নাছিল তেওঁলোকৰ বাবে| এজন দূৰদৰ্শিতাহীন প্ৰধানমন্ত্ৰী, এজন অহংকাৰী প্ৰতিৰক্ষা মন্ত্ৰী আৰু ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত থকা এজন অদক্ষ জেনেৰেলৰ কাৰণে ভাৰতীয় সেনাৰ ৪টাকৈ ব্ৰিগেড ধ্বংস হৈ গৈছিল চীনৰ হাতত আৰু এটাৰ পিচত এটাকৈ গৰ্বিত ব্ৰিগেডক মৰিবলৈ আগুৱাই দিয়া হৈছিল চীনৰ হাতত-নামকাছুত| এই নামকাছুতেই হৈছিল সেই ঐতিহাসিক যুদ্ধখন| ১০ অক্টোবৰৰ পৰা ১৬ নৱেম্বৰ ১৯৬২ লৈ| অকল এটা ব্ৰিগেডেই ধ্বংস হোৱা নাছিল বা ব্ৰিগেডিয়াৰৰ ডালভী যুদ্ধবন্দী হোৱা নাছিল, বৰঞ্চ ধূলিস্যাত্‌ হৈ গৈছিল ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ বছৰৰ স্বাভিমান, শ শ বছৰৰ ভাৰত-চীন মৈত্ৰী আৰু স্বাধীনতাৰ পিচৰ ১৫ বছৰৰ মিছা বীৰত্ব| লগতে ধূলিস্যাত্‌ হৈ গৈছিল অহিংস ভাৰতৰ বিশ্ব নেতৃত্বৰ সপোন|

.....১৯৬২-এ জোকাৰি দিছিল বা আজিও জোকাৰি আছে ভাৰতীয় সৈন্য কাঠামোটোক| আজিলৈকে কোনেও ক্ষমা কৰিব পৰা নাই, নোৱাৰেও-সেই ভুলক| ৫০ বছৰৰ পাছতো নতুন নতুন তথ্য ওলায়েই আছে| চীনৰ ফালৰপৰা বহুতে ক’ব খোজে যে ১৯৬২ চনত চেয়াৰমেন মাওৰে দেশখনৰ ওপৰত নিজৰ শক্তি কমি আহিছিল আৰু সেই কাৰণেই ভাৰতক এশিকনি দিয়াৰ চলেৰে নিজকে অধিক শক্তিশালী কৰি তুলিছিল চীনৰ দলীয় পলিটব্যুৰ’ত| কিমান সত্য সেইয়া গৱেষণাত ওলাব| কিন্তু সত্য এইয়ে যে ১৯৬২ৰ ভাৰত চীন যুদ্ধত ভাৰতীয় সৈন্যৰ....

মৃত = ১,৩৮৩
নিখোঁজ = ১,৬৯৬
যুদ্ধবন্দী = ৩,৯৬৮
মুঠ = ৭,০৮৯

অৰ্থাত্‍ ১,৬৯৬ টা পৰিয়াল আজিও ৰৈ আছে, তেওঁলোকৰ প্ৰিয়জনৰ কিবা খবৰ পায়েইবা! কিতাপখন পঢ়ি গৈ থাকোঁতে এনে লাগে যেন সন্মুখত বহি লেখকে নিজেই কৈ গৈছে সেই উপন্যাপোম মনোৰম কাহিনী যি এসময়ত জীয়া বাস্তৱ আছিল| যুদ্ধৰ বৰ্ণনাসমূহ পঢ়িলে এনে লাগে যেন এখন ডকুমেণ্টৰীহে উপভোগ কৰিছোঁ| সৈনিকসকলৰ অসহায় অৱস্থা দেখি বুকুখন মোচৰ খাই উঠে| দিল্লীৰ ভুল সিদ্ধান্ত আৰু খামখেয়ালি দেখি ক্ৰোধত তেজ উতলি উঠে| উপৰ্য্যোপৰি কৰা ভুলৰ বাবেই অসম্ভৱ যেন লগা যুদ্ধ এখন বাস্তৱত সম্ভৱ হৈ উঠিল মাত্ৰ নেহৰুৰ ভুল বৈদেশিক নীতিৰ বাবেই|

.....কিতাপখনৰ ভাষা সাৱলীল| বৰ্ণনা অতিকৈ মনোৰম| নতুন নতুন ঠাই আৰু সেইবোৰৰ প্ৰাকৃতিক বৰ্ণনা নিঃসন্দেহে আকৰ্ষনীয়| মাজে মাজে একেবোৰ কথাৰ পুনৰাবৃত্তি হোৱা যেন ভাব হয়| তথাপি একেলগে ভূগোল, বুৰঞ্জী আৰু ভ্ৰমণৰ এনে বিৱৰণ অসমীয়া সাহিত্যত বিৰল বুলিব পাৰি|

=======================================================================

গ্ৰন্থ: ভ্ৰমণৰ আনন্দ
লেখক: সৌম্যদ্বীপ দত্ত
প্ৰথম প্ৰকাশ: জুন, ২০১২
প্ৰকাশক: ভবানী অফ্‌ছেট প্ৰাঃ লিঃ
ISBN: 978-81-824562-0-1
মূল্য: ৩০০ টকা

অসমৰ বন, বন্যপ্ৰাণী আৰু পৰিবেশ সংৰক্ষণ আন্দোলনত সৌম্যদ্বীপ দত্ত এটা পৰিচিত নাম| উত্তৰ-পূব ভাৰতৰ পৰিবেশ সংৰক্ষণকাৰী গোষ্ঠী ’নেচাৰ্চ বেকন’ নামৰ সংগঠনটোৰ তেওঁ প্ৰতিষ্ঠাপক সঞ্চালক| বাল্যকালৰ পৰাই সৌম্যদ্বীপ দত্ত বন্যপ্ৰাণীৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হয় আৰু পৰৱৰ্তী সময়ত বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিবেশ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত প্ৰায়োগিক কৰ্যসূচী গ্ৰহণ কৰা সৌম্যদ্বীপ দত্ত আমেৰিকাত অৱস্থিত বিশ্ববিখ্যাত স্মিথেচোনিয়ান ইনষ্টিটিছনৰ পৰা আন্তৰ্জাতিক পৰিবেশ শিক্ষাৰে প্ৰশিক্ষিত| তেওঁ ভাৰত চৰকাৰৰ অধীনস্থ প্ৰাণী সংক্ৰান্তীয় একমাত্ৰ বৈজ্ঞানিক সংগঠন Zoological Survey of India ৰ দ্বাৰা বন্যপ্ৰাণী সংক্ষৰণ আৰু বনৰীয়া চৰাই সংক্ৰান্তীয় অধ্যয়নেৰে বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত| জলচ্ছেদ উন্নয়ন, শিবিৰ পৰিচালনা, পৰিবেশ শিক্ষণ সঁজুলি প্ৰস্তুতকৰণ ইত্যাদি বিভিন্ন দিশত তেওঁ প্ৰশিক্ষিত তথা কাৰ্যকৰী দক্ষতা অৰ্জন কৰিছে| ১৯৮৮ চনত অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সমগ্ৰ অসম ব্যাপী হোৱা পৰিবেশ সচেতনতা অভিযানৰ নেতৃত্বও প্ৰদান কৰে সৌম্যদ্বীপ দত্তই|

সৌম্যদ্বীপ দত্ত এগৰাকী ভ্ৰমণপিপাসু ব্যক্তি| বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত তেওঁ অসম তথা ভাৰতৰ বিভিন্ন ঠাইলৈ যোৱাৰ উপৰি পৃথিৱীৰ বিভিন্ন দেশ পৰিভ্ৰমণ কৰিছে| ইতিমধ্যে তেখেতৰ এশৰো অধিক প্ৰবন্ধ, ভ্ৰমণ কাহিনী, পৰিবেশ সংক্ৰান্তীয় আৰু বন্যপ্ৰাণী তথ্য সম্বলিত অনুসন্ধানমূলক লেখা দেশ-বিদেশৰ বিভিন্ন আলোচনী, কিতাপ আৰু বাতৰি-কাকতত প্ৰকাশ পাইছে| ভ্ৰমণ মানুহৰ জীৱনৰ এক আনন্দৰ অভিজ্ঞতা| ভ্ৰমণৰ মাজেৰেই মানুহে পৃথিৱীৰ নিৰ্মল আনন্দ আৰু পৃথিৱীৰ চিৰন্তন মৌলিক ৰূপমাধূৰ্যক আস্বাদন কৰিবলৈ সক্ষম হয়| ভ্ৰমণে মানুহৰ জীৱনলৈ পূৰ্ণতা আনি দিয়ে| এই ধুনীয়া পৃথিৱীখনৰ চুকে-কোণে সিঁচৰিত হৈ থকা অসীম সৌন্দৰ্য, সৌৰভ, বৈভৱ আৰু অপাৰ আনন্দৰ সোৱাদ মানুহে ভ্ৰমণৰ মাজেৰে লাভ কৰিব পাৰে| ভ্ৰমণ স্বদেশতেই হওক বা বিদেশতেই হওক বা ওচৰৰ গাঁও বা চহৰতেই হওক, ভ্ৰমণৰ আনন্দ অনুভৱ সকলোতেই একে| অন্য কোনো বাধাই ভ্ৰমণকাৰীক ভ্ৰমণৰপৰা বিৰত কৰিব নোৱাৰে| ভ্ৰমণকাৰীয়ে ভ্ৰমণ কৰিবই| ভ্ৰমণে মনৰ ঐশ্বৰ্য, প্ৰাণৰ অনুভূতি আৰু অভিজ্ঞতাৰ ভঁৰাল টনকিয়াল কৰে| ভ্ৰমণে মানুহক ভাল পাবলৈ শিকায়, নিজৰ প্ৰতি বিশ্বাস জন্মাই তোলে, অচিনা-অজানাক নিজৰ আত্মীয়ত পৰিণত কৰে|

প্ৰাকৃতিকভাৱে আমাৰ দেশ ভাৰত আৰু আমাৰ ৰাজ্য অসম ইমানেই ঐশ্বৰ্যশালী যে পৃথিৱীৰ ভ্ৰমণপিপাসু ব্যক্তিসকলে জীৱনত এবাৰলৈ হ’লেও এই দেশ, এই ৰাজ্যলৈ আহিব খোজে| অথচ এই দেশ, এই ৰাজ্যৰ অধিবাসী হোৱা সত্ত্বেও আমি বহুতেই হয়তো আমাৰ দেশৰ ৰূপ-বৈচিত্ৰৰ ফালে ভ্ৰমণকাৰী হিচাপে দৃষ্টি নিবদ্ধ কৰা নাই| সৌম্যদ্বীপ দত্তৰ এই ’ভ্ৰমণৰ আনন্দ’ত তেখেতৰ বাৰটা ভ্ৰমণৰ অভিজ্ঞতাৰ কথা সন্নিৱিষ্ট কৰা হৈছে-

১)নমদফাৰ মধুৰ স্মৃতি,
২)ডিব্ৰুগড়ৰপৰা মাৰ্ঘেৰিটা হৈ ডিবং গাঁৱলৈ,
৩)ৰোহিণীৰপৰা ঘুম, চুকীয়া, যোৰপোখৰী আৰু মিৰিক,
৪)আমাৰ তেজপুৰ ভ্ৰমণ,
৫)পূব ছিকিমৰ বাটে বাটে,
৬)মুৰ্কংচেলেক আৰু টি-এম-পি-কেৰ অধিবেশন,
৭)পঞ্চবটীৰপৰা গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যানলৈ,
৮)চক্ৰশীলা অভয়াৰণ্য,
৯)বৰফেৰে আবৰা ঈগলনেষ্ট,
১০)পোলেণ্ডৰ এখন গাঁৱত এটা দিন,
১১)মানাহ উদ্যানৰ অৰণ্য ৰাজ্য,
১২)নেপালৰ কাঠমাণ্ডু উপত্যকাত

ইয়াৰ প্ৰতিটো লেখাতেই বৰ্ণনা ইমান জীৱন্ত যে এনে লাগে যেন লেখকৰ লগে লগে পাঠকে নিজেও সেই মনোৰম ভ্ৰমণ আৰু প্ৰাকৃতিক পৰিবেশ চচক্ষে উপভোগ কৰিছে| প্ৰকৃতিৰ সৈতে সহজ আত্মীয়তাই কিতাপখনৰ পঢ়াৰ আনন্দ দুগুণ বঢ়াই তোলে| আশাকৰোঁ কিতাপখন পঢ়াৰ আনন্দ অকলোৱে উপভোগ কৰিব|

========================================================================

মই ডেচডিম’না হ’ব খোজোঁ
লেখিকা মণিকুন্তলা ভট্টাচাৰ্য
প্ৰকাশক: ইলা শৰ্মা; জ্যোতি প্ৰকাশন

মই ডেচডিম’না হ’ব খোজোঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পটভূমিত ৰচিত এখন সফল উপন্যাস| লেখিকা মণিকুন্তলা ভট্টাচাৰ্যই এই উপন্যাসৰ বাবে ২০০৭-২০০৯ বৰ্ষৰ অসম সাহিত্য সভাৰ ’কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা’ৰ বঁটা লাভ কৰে| উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় ২০০৭ চনৰ ডিচেম্বৰত| দ্বিতীয় সংস্কৰণ প্ৰকাশ পায় ২০০৯ চনৰ মাৰ্চ মাহত| | মূল্য-১০০/- টকা|

ভ্ৰাম্যমাণৰ সুদীৰ্ঘ কালৰ তথ্যসমৃদ্ধ ৰেঙণিৰে আমাৰ সাহিত্যত এই উপন্যাস এক অভিনৱ সংযোজন| ভ্ৰাম্যমাণৰ কুশীলৱমূহৰ জীৱনৰ আশা-আকাংক্ষা, ঘাত-প্ৰতিঘাত আৰু দৈনন্দিন জীৱ্নৰ কাৰ্যাৱলী কাহিনীটোৰ উপজীৱ্য| অথেল’ আৰু ডেচডিম’নাৰ ট্ৰেজিক কাহিনীৰ আধাৰত উপন্যাসখনৰ কথাবস্তুৰ পাতনি তৰা হৈছে| উপন্যাসৰ প্ৰয়োজনতেই ইয়াত দেধাৰ চৰিত্ৰৰ সমাবেশ ঘটাইছে উপন্যাসিকাই| নয়না ইয়াৰ মূল চৰিত্ৰ| নয়না আৰু পাৰ্থৰ প্ৰেম কাহিনীৰ আঁত ধৰিয়েই উপন্যাসৰ কাহিনীভাগ আগবাঢ়িছে যদিও মুখ্য:ত থিয়েটাৰ আৰু থিয়েটাৰৰ লগত সংযুক্ত কলাকুশলী আৰু সৰু-বৰ সমূহ কৰ্মকৰ্তাৰ মনোজগতৰ বিশ্লেষণ লেখিকাই সুন্দৰকৈ উনুকিয়াই দিছে| কেতিয়াবা যদি নয়নাৰ এৰি অহা অতীত আৰু পাহৰিব নোৱাৰা বিষাদে উপন্যাসত ভুমুকি মাৰিছে আকৌ কেতিয়াবা আকৌ নয়নাৰ প্ৰতি ৰান্ধনিৰ যোগালি উত্তমৰ একপক্ষীয় প্ৰেমে মূৰ ডাঙি উঠিছে| কেতিয়াবা যদি নাটকৰ আখৰাই প্ৰাধান্য পাইছে কেতিয়াবা আকৌ নাটক কৰিবলৈ অহা বা নাটক পাৰ্টীত কাম কৰিবলৈ অহা কোনোৰ কোনোৰ মনৰ যাতনা অকৃত্ৰিমভাৱে প্ৰকাশ পাইছে| তাৰ মাজতে ভূষণৰ বক্তব্যৰ জৰিয়তে থিয়েটাৰৰ জন্ম ৰহস্যৰ পৰা বৰ্তমানলৈকে সমগ্ৰ থিয়েটাৰৰ ইতিহাসে নিজৰ গৌৰৱময় অস্তিত্ব জাহিৰ কৰিছে| মাজে মাজে নামনি অসমৰ কঠিত ভাষাৰ প্ৰয়োগে উপন্যাসখনৰ ৰসাস্বাদনত এক অন্য মাত্ৰা প্ৰদান কৰিছে| নাটকৰ আখৰাৰ পৰা আৰম্ভ কৰি গোটেই অসমতে নাট প্ৰদৰ্শন কৰি শেষ প্ৰদৰ্শনীলৈকে এচোৱা দীৰ্ঘ সময়ৰ খতিয়ান নিৰ্ভুলভাৱে ইয়াত দাঙি ধৰা হৈছে| 

মাকৰ মৃত্যুযাতনা পাহৰিবলৈ আৰু দেউতাকে কৰা অপকৰ্মৰ অপমানৰ হাত সাৰিবলৈ থিয়েটাৰ কৰিবলৈ আহিছিল নয়না| সেইবছৰৰ নাটকৰ নায়িকাৰ চৰিত্ৰৰ বাবে বিবেচিত হয় নয়না| অথেল’ৰ নামভূমিকাত অভিনয় কৰে প্ৰখ্যাত অভিনেতা বিজয়শংকৰে| কুৰি বছৰীয়া নায়িকাৰ বিপৰীতে পঞ্চাশোৰ্ধৰ বিজয়শংকৰৰ অৱস্থিতিক প্ৰথমেই সন্দেহৰ চকুৰেই চায় আন আন কল-কুশলীসকলে| বিশেষকৈ তিৰোতাসুলভ ইৰ্ষাপৰায়ণতাৰ বশৱৰ্তী হৈয়েই মুখ বাগৰি ইটো-সিটো কথা উৰি ফুৰে থিয়েটাৰৰ বাকৰিত| নয়নাৰ প্ৰেমত বলিয়া পাৰ্থ| তাৰ হিয়াৰ বতৰা নয়নাৰ ওচৰলৈ কঢ়িয়াই নিয়ে লোপামুদ্ৰাই| থিয়েটাৰ পাৰ্টীৰ গায়ক-গায়িকা আণিমা আৰু পাত্ৰেশ্বৰ| বিভিন্ন অভিজ্ঞতাৰে অভিজ্ঞ নাজ্‌‍মা বয়সীয়াল অভিনেত্ৰী| অনবৰতে এক অহংবোধেৰে আবৰি ৰাখে নিজকে| নৰেশ থিয়েটাৰ পাৰ্টীৰ মূল ৰান্ধনি| ভোলা বাঢ়ৈ| দুয়ো লগলাগি নিজৰ নিজৰ জীৱনৰ দুখবোৰ ভগাব খোজে কথা বতৰাৰ মাজেৰে| ভোলাই পাহৰো বুলিও পাহৰিব নোৱাৰে পত্নীৰ প্ৰতাৰণা| উত্তমৰ বুকুত নয়নাৰ প্ৰতিমুৰ্তিয়ে ৰাজকন্যাৰ আখন দখল কৰে সকলোৰে অজানিতে| ভুদভুদী, বলেন, খনিন, দুলু, উপেন দৰ্জী, যজ্ঞ, ভদ্ৰ, বেহেলা বজোৱা ল’ৰাটো আৰু বহুতো নাটক কৰিবলে’ আহি সকলোৱে অভিনয় কৰি যায় জীৱন নাট|


========================================================================



আশীৰ্বাদৰ ৰং


আশীৰ্বাদৰ ৰং এখন সামাজিক উপন্যাস| লিখক অৰুণ শৰ্মা| ১৯৯৮ চনত এই উপন্যাসখনে সাহিত্য অকাডেমীৰ পুৰস্কাৰ লাভ কৰিছিল| উপন্যাসখন প্ৰথম প্ৰকাশ হয় ১৯৯৬ চনত| প্ৰকাশক আছিল জাৰ্ণাল এম্প’ৰিয়াম| তাৰপাছত ক্ৰমে ১৯৯৮, ১৯৯৯, ২০০৬ আৰু ২০১০ চনত উপন্যাসখনৰ পুনৰ সংস্কৰণ প্ৰকাশ হয়|


এখন গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় পষেকীয়া আলোচনী প্ৰান্তিকত এই উপন্যাসখন ধাৰাবাহিককৈ মুঠ সাতাইছটা খণ্ডত প্ৰকাশ পাইছিল| উপন্যাসখন ধাৰাবাহিক ৰূপে তেৰটা খণ্ডত আকাশবাণী ডিব্ৰুগড় আৰু গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হৈ অজস্ৰ শ্ৰোতাৰ হৃদয় গভীৰ ভাবে স্পৰ্শ কৰিছিল|

অৰুণ শৰ্মাৰ জন্ম হয় ১৯৩১ খৃষ্টাব্দৰ ৩ নবেম্বৰত| পিতৃদেৱ স্বৰ্গীয় তিলক চন্দ্ৰ শৰ্মা সেইসময়ত দি টাইমচ্‌ অৱ আচাম ইংৰাজী কাকতৰ সম্পাদক আছিল| অৰুণ শৰ্মাই স্কুলীয়া শিক্ষা চতিয়া উচ্চ মাধ্যমিক বিদ্যালয় আৰু তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু কলেজীয়া শিক্ষা গুৱাহাটীৰ কটন মহাবিদ্যালয়ত সম্পূৰ্ণ কৰে| শ্ৰীশৰ্মাৰ কৰ্ম সংস্থান আছিল ক্ৰমে দি আসাম ট্ৰিবিউন কাকতত উপ-সম্পাদক, মধ্য ছয়দুৱাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী প্ৰধান শিক্ষক, আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰত জ্যেষ্ঠ অনুষ্ঠান প্ৰযোজক, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সঞ্চালক আৰু শেষত আকাশবাণীৰ উত্তৰ পূৰ্বাঞ্চল সেৱাৰ সঞ্চালক ৰূপে অৱসৰ লয়| চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত জি এল পাব্লিকেশ্যনৰ সাপ্তাহিক পত্ৰিকা পূৰ্বাচলৰ সম্পাদক আৰু চাৰেছবছৰ কাল ভাৰতীয় চাহ সন্থাৰ প্ৰচাৰ কেন্দ্ৰৰ (টী চেণ্টাৰৰ) সঞ্চালক আছিল| শ্ৰীশৰ্মা একেধাৰে নাট্যকাৰ, প্ৰবন্ধকাৰ, কবি আৰু লিখক | মুখ্যত: তেওঁ নাট্যকাৰ হিছাপে বেছি সফল| তেওঁ ৰচনা সমূহৰ ভিতৰত উল্লেখযোগ্য পঞ্চলিছখন অনাঁতাৰ নাটক, পঞ্চাশখনৰো ওপৰ অনাঁতাৰ তথ্য-আলেখ্য, ভালেকেইখন টিভি ধাৰাবাহিকৰ কাহিনী, সোতৰখন মঞ্চনাটক, ছখন উপন্যাস, এঘাৰখন উপন্যাস আৰু নাটকৰ অসমীয়া অনুবাদ, দুখন বৃহত্‌ সংকলন গ্ৰন্থৰ সম্পাদনা আৰু বিভিন্ন পত্ৰিকা আলোচনী আদিত প্ৰকাশিত এশৰো ওপৰ প্ৰবন্ধ|

বঁটা-পুৰস্কাৰ: অসম সাহিত্য সভা বঁটা(১৯৬৬ আৰু ১৯৬৭ৰ শ্ৰেষ্ঠ নাট্যকাৰ), অসম নাট্য সন্মিলন বঁটা, জাপান অনাঁতাৰ আন্তজাৰ্তিক অনাঁতাৰ শ্ৰেষ্ঠ পুৰস্কাৰ, আবু(এচিয়া পেচিফিক ব্ৰদক্ৰাষ্টিং ইউনিয়ন) আন্তজাৰ্তিক অনাঁতাৰ শ্ৰেষ্ঠ পুৰস্কাৰ, প্ৰি ফিউচাৰ বাৰ্লিন (প্ৰশংসা) পুৰস্কাৰ, সাহিত্য অকাডেমী বঁটা, সঙ্গীত নাটক অকাডেমী বঁটা, অসম উপত্যকা সাহিত্যিক বঁটা, শৈলধৰ ৰাজখোৱা সাহিত্যিক বঁটা, শ্ৰীশঙ্কৰাচাৰ্য ৰাষ্ট্ৰীয় (সাহিত্য) বঁটা| শ্ৰীশৰ্মা অসম নাট্য সন্মিলনৰ পাঁচ বছৰকাল সভাপতি আছিল| শেহতীয়াকৈ ২০১০ চনত শ্ৰীশৰ্মাই ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰে|

আশীৰ্বাদৰ ৰং এখন সফল উপন্যাস| লিখক অৰুণ শৰ্মাৰ নিজৰ ভাষাত ১৯৩৫ চনৰ পৰা ১৯৪৮ চনলৈকে এছোৱা দীঘল সময়ৰ মানুহৰ জীবন্ত দলিল এয়া| যদিওবা গ্ৰাম্য জীৱনকে আধাৰ কৰি লিখকে উপন্যাসখনত পৰিবেশ সৃষ্টি কৰিছে কিন্তু মানৱীয় অনুভূতিবোৰৰ সূক্ষ্ম পৰ্য্যবেক্ষণে উপন্যাসখনক এক অন্য মাত্ৰা দাঙি ধৰিছে| মূল চৰিত্ৰ গজেনৰ স্কুলীয়া শিক্ষা বেছি নাই যদিও নীতি, বিবেক, মানৱীয় স্নেহ-প্ৰেমৰ দাবীত অকাতৰে নিজৰ ধৰ্ম আৰু সমাজ পৰিত্যাগ কৰি এক অভাৱনীয় মহত্বৰ পৰিচয় দিছে| এক ব্যতিক্ৰমী চৰিত্ৰ গজেন| পিতৃ-মাতৃহীন গজেন ডাঙৰ হৈছিল আইতাকৰ তত্বাৱধানত| বাহ্যিক দৃষ্টিত মদ আৰু জুৱাৰ নিচা এৰিব নোৱাৰা গজেনৰ কোনো সামাজিক মান মৰ্য্যদা নাই| সাধাৰণ খাটি খোৱা শ্ৰেণীৰ এজন সাধাৰণ ডেকা গজেন কিন্তু অন্যায় অত্যাচাৰৰ বিৰুদ্ধে নিৰ্ভয়ে আৰু নি:সংকোচে যুঁজাৰ প্ৰবৃতি আৰু ক্ষমতা আছিল|

ভাৰতীয় সমাজত মুক্ত মনুষ্যত্বৰ ওপৰত আটাইতকৈ ডাঙৰ হেঁচা আহে জাত-পাতৰ অলংঘনীয় গণ্ডীৰ পৰা| এনে কেতবোৰ আচাৰ আৰু বিশ্বাসে ভাৰতীয় মানুহৰ মন আচ্ছন্ন কৰি ৰাখে যে তেওঁলোকৰ অনুভূতিত আন সম্প্ৰদায়ৰ মানুহ যেন মানুহতকৈ বেলেগ প্ৰজাতিৰ জীৱ হৈ পৰে| এনে ক্ষেত্ৰত বংগভাষী মুছলমানৰ প্ৰতি ৰক্ষণশীল অসমীয়া মানুহৰ প্ৰতিক্ৰিয়া কি হ’ব সেয়া সহজেই অনুমেয়| উপন্যাসখনত সাম্প্ৰদায়িকতা আৰু তাৰ লগত সংঘাট, মানুহৰ স্বাৰ্থপৰতা আৰু ক্ৰুৰতা সাৱলীল ভাষাত বৰ্ণনা কৰিছে| আনহাতে ৰক্ষণশীলতাক প্ৰত্যাহ্বান জনাই গজেন, মদন, জবাই এখন নতুন সমাজ গঢ়িবলৈ ওলায় আহিছে| ঘটনাৰ পাকচক্ৰত পৰি হাচিনা আৰু গজেনৰ আইতাকেও জীৱনৰ পৰিবৰ্তনশীলতাক স্বীকাৰ কৰি লৈছে| ধ্বংসৰ বুকুতেই সৃষ্টিৰ বীজ লুকাই থাকে| সমাজৰ বিৰুদ্ধে গজেনৰ প্ৰত্যাহ্বান এচাম স্বাৰ্থলোভী মানুহে সহ্য কৰিব নোৱাৰি কুটাঘাটেৰে গজেনক হত্যা কৰে যদিও গজেনৰ সন্তান ৰহিম জী উঠিল এটা নতুন যুগৰ প্ৰতিনিধি হৈ| অৰুণ শৰ্মাৰ উপন্যাসখনে এক সুপ্ৰচীন সংস্কাৰ জয় কৰি সামাজিক উত্তৰণ আৰু প্ৰগতিৰ ফালে গতি কৰিছে| বোধ আৰু কল্পনা দুয়োটা দিশ সামৰি এক যুগান্তকাৰী ভূমিকা লৈছে| মানুহৰ মৌলিক মানৱীয় মৰ্য্যদাক স্বীকৃতি দি স্পষ্ট ভাষাৰে প্ৰতিবাদ কৰি কৌতিকলীয়া সংস্কাৰৰ জড়তা ভাঙি এক নতুন সোঁত বোৱাই দিছে|

নতুন পদাতিক আলোচনীত (নবেম্বৰ ১৯৯৮ সংখ্যা) ড: হীৰেণ গোহাঁয়ে আশীৰ্বাদৰ ৰং উপন্যাস সম্পৰ্কত এটি সুন্দৰ পৰ্যালোচনা আগবঢ়াইছে|

========================================================================

উপন্যাস: যমুনা |

লেখক: মণিকুন্তলা ভট্টাচাৰ্য |  
প্ৰথম প্ৰকাশ: ২০০৯|  
মূল্য: ১২৫.০০ টকা|
 
য’ত কাহিনী শেষ হয় তাৰপৰাই টানি নিব লগা হয় যদি প্ৰধান চৰিত্ৰই তেওঁৰ যাত্ৰা, কি নাম হ’ব এই গতিৰ? নগৰীয়া জীৱন শৈলীৰে প্ৰতিপালিত হৈও যি নাৰী গৃহাবদ্ধা, তেওঁৰেই অবচেতন মনে নিবিচাৰেনে নিজাকৈ এখনি সৌৰজগত? জীৱনৰ এনে উকা চিত্ৰপটতে যমুনাৰ নৈষ্ঠিক কথোপকথন|

এক অগতানুগতিক কাহিনীৰ উপন্যাস যমুনা| এটা শক্তিশালী অথচ নি:সঙ্গ নাৰী চৰিত্ৰ| চল্লিশৰ দেওনা অতিক্ৰম কৰা যমুনা সাধাৰণ মধ্যবিত্তীয় গৃহিণী| একে সময়তে হেৰুৱাইছে যি স্বামী আৰু একমাত্ৰ সন্তানক| কেৱল আয়ুস থকাৰ বাবেই জী থকা এই যমুনাই উপন্যাসখনৰ প্ৰধান চৰিত্ৰ্ৰ| ইতিপূৰ্বে উপন্যাসখন জনমভূমি কাকতৰ দেওবৰীয়া পৰিপূৰিকা ’বসুন্ধৰা’ত খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল|

জীৱন কিয় লাগে? জীয়াই থাকিবলৈ নে মৃত্যুক সাবটিবলৈ? শান্তনুক হেৰুৱাই বিধ্বস্ত হৈ গৈছিল যমুনা| গাড়ী এখনৰ সামান্য খুন্দাতে শেষ হৈ গৈছিল শান্তনুৰ অস্তিত্ব| দহা কাজত ব্যস্ত হৈ আছিল মানুহবোৰ| সোণকণ ওলাই গৈছিল পিণ্ড দিবলৈ| কোনোবাই যমুনাৰ বাবে গাখীৰ এটোপা যতনাই আনিছিল| বাতিটো হাতত লৈও যমুনা ৰৈ আছিল| পিণ্ড দি অঁতালেনে সোণকণে? তাৰ পাছত তাই বাতিটো নমাই থৈছিল| তাইৰ বুকুৰ অমৃত পান কৰি ডাঙৰ হোৱা ল’ৰাটো আগে উভতি আহক|
কিন্ত কি হ’ল?
মানুহবোৰ ঢপলিয়াইছে যে?
একে উশাহে চোতাল পাইছিলহি যমুনা| চলো চলোকৈ থকা বাছ এখনে মানুহজনৰ মূৰত খুন্দিওৱা মুহূৰ্তটোৱে ধক্‌কৈ খুন্দিয়ালেহি বুকুতে|

ধক্‌
ধক্‌
কি হৈছে?
ক’ত কি হৈছে?
পিণ্ড দিবলৈ যাওঁতে নৈৰ বোঁৱতী নৈৰ মাজত ঘূলি এটাত সোমাই হেৰাই গৈছিল সোণকণ|

...যমুনা বোধিসত্বৰ কাষ চপা সেই নাৰী নহয়| যি গাঁৱ গাঁৱে ঘূৰি এমুঠি সৰিয়হ বিচাৰিছিল মৃত পুত্ৰক পুনৰুজ্জীৱিত কৰাবলৈ| জানে, যমুনাই জানে, এই পৃথিৱীত পুত্ৰহাৰা মাতৃ অভাৱ নাই| তথাপি...তথাপি...বুকুৰ মাজত টা ঘূলি...কেন্দ্ৰত কোনো গ্ৰহ নোহোৱাকৈ অন্ধকাৰেৰে গৈ থকা এক মৃত উপগ্ৰহৰ অনুভৱ মাথোন| চৌপাশে তৰাৰ জিক্‌মিকনি আৰু তাইৰ বাবে এয়া কৃষ্ণ গহ্বৰৰ অন্ধকাৰ|
 


গাঁৱৰ পৰা দেওৰেক ভলোভদ্ৰ আহে| মাজে শাক-পাছলি দিবলৈ কাদেৰ আহে| কাদেৰৰ সদ্যোজাত শিশুপুত্ৰৰ বাবে এশটকা ধাৰলৈ দিয়ে যমুনাই|...পল্লৱী সোণকণৰ প্ৰেয়সী| এৰাতি তাইৰ স’তে তাইৰ ঘৰত নিশা কটোৱাৰ বাবে সোণকণক শাস্তি দিছিল যমুনাই| সোণকণে মহাত্মাৰ দৰেই চিঠি লিখি ক্ষমা খুজিছিল মাকক| ভাল হম বুলি প্ৰতিজ্ঞা কৰিছিল| তথাপি তাই মাফ কৰা নাছিল সোণকণক| সেই সোণকণক হেৰুওৱাৰ পাছত বিধ্বস্ত ৰূপত যমুনাৰ ওচৰলৈ গুচি আহিছিল পল্লৱী| উৰা মাৰি যোৱাদি গৈছিল যমুনা তাইক দেখি| বুকুত সুমুৱাই লৈছিল তাইক| কিছু সময় ধৰি আছিল| তাৰ পিছত উলিয়াই দুয়োহাতৰ তলুৱাৰে দাঙি ধৰিছিল তাইৰ মুখ| চকুত চকু থৈছিল| যেন সুধিব খুজিছিল—ক’ত? ক’ত লাগিছিল মোৰ ল’ৰাৰ হাতৰ পৰশ তোৰ এই মন্দিৰত? ক’ত? বলোভদ্ৰৰ আঁত ধৰি আগবাঢ়ি আহে গাঁও আৰু গাঁওৰ মানুহবোৰ| সম্পৰ্কবোৰ ছিঙো-নিছিঙোকৈ লাগি থাকে যমুনাৰ গাত| কাদেৰৰ ল’ৰাটো নাবাচিল| মনে মনে বুকুৰ তেজ মচি তাই কাদেৰক কয়—যাবলৈ দিয়া...কাকো আমি ৰাখিব নোৱৰোঁ, যাব খোজে তেওঁলোক...যাবলৈকে দিব লাগে| আমাৰ বান্ধোনৰ পৰা মুক্ত হৈ তেওঁলোকে যদি বিচাৰি থকাখিনি পাই যায়, তেন্তে তাকে হওক|...কিতাপ এখন মেলি লয় যমুনাই| জীৱ যদি ব্ৰক্ষ্ম, যদি শৰীৰ এৰি তোমালোক মুক্ত হ’লা, তেন্তে ক’লৈ গ’লা? মই জানো, অ’ মই যমুনাই জানো ৰছী এডালকে সাপ বুলি ভুল কৰাদি এই সংসাৰখনকে সত্য বুলি আমি ভুল কৰোঁ| সংসাৰৰ সুখ-দুখ, জনম মৰণ একোৱেই যেতিয়া স্পৰ্শ কৰিব নোৱাৰা হয়গৈ, তেতিয়াহে উপলব্ধি কৰা যায় ব্ৰহ্ম সত্য| এই উপলব্ধি যাৰ আছে তেওঁ জীৱিত কালতে জীৱন্মুক্ত, মৃত্যুত লীণ হৈ যায় ব্ৰহ্মত্ব|  


যমুনা| যমুনা| মানুহৰ নিজৰ নামটো শুনি বিৰক্ত হৈ উঠে যমুনা| তাইৰ নাম যমুনা কিয় হ’ল? আন নাম কিয় নহ’ল? কিন্তু এতিয়া? অস্তিত্বহীনতাৰ অন্তৰালতো সাৰে আছে যমুনা| সাৰে আছে কেতেকীজনীও| চৰাইৰ ডেউকাৰ ছবিৰ মাজত সোণকণে ভুমুকি মাৰে কেতিয়াবা| পল্লৱীৰ মাতত সোণকণ জী উঠে কেতিয়াবা| আৰু শান্তনু! তাইক ড্ৰাইভিং ছীটত বহুৱাই দি এই যেন সুধিব তাইক- ’মই সুখী যমুনা, তুমি? তুমি সুখীনে?’ নিস্তব্ধতা থান-বান কৰি হেৰাই যায় শান্তনুৰ মাত| ওপৰৰ ভাড়াঘৰৰ ল’ৰাটোৱে তাইলৈ আগবঢ়াই দিয়ে কৰুণাৰ হাত| স্তব্ধ হৈ যায় যমুনা|

পুতলী, দিবাকৰ, ৰঞ্জিত, চক্ৰৱৰ্তী, কাদেৰৰ ঘৈণীয়েক, আব্বাছ মিঞা, মালা, গঙ্গা, গৌতম, গৌতমৰ পত্নী জয়া অনেক চৰিত্ৰই যমুনাক পৰিভ্ৰমণ ঘূৰি আছিল| কিন্তু যমুনা যেন এখন শ্মশানক্ষেত্ৰ| মৰা শৰ আশ্ৰয়স্থল| শান্তনুৱে এদিন ঘৰটোৰ নাম ৰাখিব খুজিছিল বিশ্ৰাম কিন্তু যমুনাই নাম দিছিল আশ্ৰয়| অথচ আজি যমুনা নিজেই নিৰাশ্ৰয়া| দিছিল নেকি কোনোবাই যমুনাক এধানি আশ্ৰয় অন্তৰত সংগোপনে! ভৰিৰ তলৰ মাটি হেৰাই গৈছিল যমুনাৰ| পল্লৱী পুনৰ মাক-দেউতাকৰ ওচৰলৈ গুচি গৈছিল| সেই ভাড়াঘৰৰ ল’ৰাটো, ৰাহুলৰ বিধবা প্ৰেয়সীৰ ৰূপত নিজকে আবিস্কাৰ কৰি এক প্ৰকাৰ পলাইছিল যমুনাই| যমুনাৰ কান্দোন শুনি ঢপলিয়াই আহিছিল গঙ্গা| কৈছিল তাইক- তই আকৌ বিয়া পাত যমুনা| ভস্মবাবাই কৈছিল তোৰ কপালত দ্বিতীয় বিবাহ আছে বুলি|....ক্ষণে ক্ষণে খোজে খোজে সোণকণ আৰু শান্তনুৰ স্মৃতিয়ে খেদি ফুৰা যমুনাই জীৱন বিচাৰি লৈছিল ৰঞ্জিতৰ কেঁচুৱাটোক বুকুত আঁকোৱালি লৈ| কেঁচুৱাটোক জন্ম দিবলৈ গৈ মালাক হেৰুৱাব লগা হোৱাত ৰঞ্জিতে মানি ল’ব পৰা নাছিল জীৱনৰ নগ্ন বাস্তৱক|

যমুনা এক ৰংহীন সত্তা|

------------------------------------------------------------------------------------------------------------

তেজে ধোৱা সময়......
 
উপন্যাস: তেজে ধোৱা সময়
লেখক: ভৃংগেশ্বৰ শৰ্মা
প্ৰথম প্ৰকাশ: নবেম্বৰ, ২০১২
মূল্য: ২৫০/- টকা
ISBN: 978 93 82726 00 5

লেখকৰ মতে—“১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অসমত যি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ আন্দোলন বা চমুকৈ ”অসম আন্দোলন” হৈছিল, সেই অসম আন্দোলনৰ পৰা আমি কি পালোঁ বা কিহেৰুৱালোঁ, সেয়া এক অন্য বিষয়| কিন্তু সেই অসম অন্দোলনে যে অসম আৰু অসমীয়া জাতিক জোকাৰি গৈছিল, সমগৰ দেশৰ লগতে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল, সেই কথাত কাৰো দ্বিমত থাকিব নালাগে|

সেই ঐতিহাসিক, ঘটনাবহুল ছবছৰীয়া অসম আন্দোলনৰ ভেঁটিত এখন কালজয়ী উপন্যাস সৃষ্টি হ’ব লাগিছিল, হোৱাৰ থল আছিল| কিন্তু নহ’ল|

মোৰ আক্ষেপ, প্ৰায় তিনিটা দশকৰ পাছতো সেই ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত তথ্যসমৃদ্ধ এখন কালজয়ী উপন্যাস সৃষ্টি কৰিবলৈ আমাৰ কোনো লেখক, সাহিত্যিক আগবাঢ়ি নাহিল| সেই আক্ষেপৰে ফল ’তেজে ধোৱা সময়’|”

থূল-মূলকৈ এইয়ে উপন্যাসখনৰ উপজীব্য| এটা সৰু পৰিয়ালৰ আলম লৈ উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে| কিন্তু পঠন-পৃষ্ঠাৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগেই কাহিনীয়ে যিদৰে মন-মগজুক শিহৰিত কৰি যায় সেইয়া লক্ষণীয়|

.....পঢ়াৰ প্ৰতি খুব হেঁপাহ বিশ্বনাথৰ| পঢ়াত ভালো আছিল সি| কিন্তু ককায়েক ডিম্বেশ্বৰৰ মুঠেই ৰাপ নাছিল পঢ়াত| ফলত দুশ্ৰেণীমান পঢ়িয়েই ডিম্বেশ্বৰে পঢ়ালৈ পিঠি দি খেতি-খোলাত লাগিল আৰু বিশ্বনাথে পঢ়াত ভাল ফল দেখুৱাই এদিন গাঁৱৰে মৌজাদাৰ সৰু পুতেক মন্মথ চৌধুৰীৰ সহযোগত গুৱাহাটীলৈ গৈ চাকৰিও কৰেগৈ| সময়ত নিজে পছন্দ কৰা ধৰণী মাষ্টৰৰ ছোৱালী সাৱিত্ৰীৰ সৈতে বিয়াত বহে বিশ্বনাথে| সাৱিত্ৰীও এম ই পাছ আছিল| সেই সময়ত ছোৱালীয়ে বেছি পঢ়া-শুনা নকৰিছিল কাৰণেই সাৱিত্ৰীৰো আৰু পঢ়া নহ’ল| পাছত দুই পুত্ৰ কমল আৰু জয়ন্তৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই বিশ্বনাথে তেওঁৰ সৰু পৰিয়ালটোকো গুৱাহাটীলৈ লৈ আনে| পঢ়াত চোকা কমলে মাদ্ৰাজলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গুচি যায়| জয়ন্তয়ো সুখ্যাতিৰে মেট্ৰিক পাছ কৰাৰ পাছত কটন কলেজৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰিছিল| জয়ন্তৰ কটনত দুমাহমান যোৱাৰ পাছতেই অসম অন্দোলনৰ বতাহজাক লাহে লাহে বলিবলৈ আৰম্ভ কৰিছিল| ক্লাছ বন্ধ হৈছিল, শ্ৰেণী বৰ্জন হৈছিল, অ’ত ত’ত সভা-সমিতি হৈছিল, পিকেটিং হৈছিল, কৰ্মচাৰীৰ অসহযোগ কাৰ্যসূচী আদি হৈছিল|

কেইমাহমান আগৰ পৰাই সিহঁতে কাগজে-পত্ৰই কিছুমান কথা শুনিবলৈ পাইছিল| বহিৰাগত, বিদেশী আদি শব্দবোৰ সিহঁতে নতুনকৈ শুনিবলৈ পাইছিল| সিহঁত তেতিয়া চেঙেলীয়া| এনেবোৰ কথাই সিহঁতক বিশেষ আকৰ্ষণ কৰিব পৰা নাছিল| বন্ধ হ’লে, ক্লাছ-পাতি নহ’লে সিহঁতে ভাল পাইছিল| প্ৰথম অৱস্থাত জয়ন্তহঁতে কিছুমান সংগঠনৰ নাম শুনিছিল-পূৰ্বাঞ্চলীয় লোক পৰিষদ, চমুকৈ পি এল পি, অসম জাতীয়তাবাদী দল ইত্যাদি| এই সংগঠনবোৰে অ’ত ত’ত সভা-সমিতি পাতি মানুহক বহিৰাগত, বিদেশী আদিৰ বিষয়ে বুজাইছিল| লাহে লাহে ক’ব নোৱাৰাকৈয়ে যেন এটা আন্দোলনে গা কৰি উঠিবলৈ ল’লে| আন্দোলনটো লাহে লাহে তীব্ৰৰ পৰা তীব্ৰতৰ হৈ আহিল| আন্দোলনৰ মূল চালিকা শক্তি হৈ পৰিল সদৌ অসম ছাত্ৰ সন্থা| ছাত্ৰ সন্থাৰ এটা মাত্ৰ নিৰ্দেশত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিল| ছাত্ৰ-ছাত্ৰীয়ে স্কুল-কলেজ বৰ্জন কৰিলে,কৰ্মচাৰীয়ে অফিচ বৰ্জন কৰিলে| বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচীত গোটেই অসমীয়া ৰাইজ যেন ব্যস্ত হৈ পৰিল|

আন্দোলনৰ সকলো কাৰ্যসূচীত জয়ন্ত প্ৰত্যক্ষভাবে জড়িত হৈ পৰিল| জয়ন্তই আন্দোলনটোৰ বিষয়ে, অসমীয়া আৰু অসমীয়া জাতিৰ লগত জড়িত হৈ থকা অতীত বুৰঞ্জী জানিব খুজিলে| জানিব খুজিলে বিদেশী অনুপ্ৰৱেশৰ কথা, বিদেশী সমস্যাৰ লগত জড়িত হৈ থকা অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক সমস্যাসমূহৰ কথা| জয়ন্তৰ জৰিয়তে পাঠকে জানিবলৈ পাব কিদৰে এসময়ৰ স্বাধীন অসম গৈ ভাৰতৰ অংগ ৰাজ্য হ’ল| ইয়াণ্ডাবু সন্ধিৰ ইতিহাস আৰু তাৰো আগৰ অসমৰ পৰিবেশ| কি আৰু কেনে পৰিস্থিতিত ছশ বছৰীয়া আহোম ৰাজত্বৰ অন্ত পৰিল| দেশত অৰাজকতাৰ সুবিধা লৈ কিদৰে অসম আৰু অসমীয়াৰ ভাগ্যচকৰি ওলোটাপাকে ঘূৰিবলৈ ধৰিলে|
আঞ্চলিক ৰাজনীতিৰ আদৰ্শ আগত ৰাখি ১৯৭৭ চনত আত্মপ্ৰকাশ কৰিছিল পি এল পিয়ে| ইয়াৰ নেতা আছিল নিবাৰণ বৰা| ১৯৭৮ চনত নগেন হাজৰিকাৰ নেতৃত্বত গঠন হৈছিল অসম জাতীয়তাবাদী দলৰ| বিদেশী বহিষ্কাৰ আন্দোলনৰ বীঁজ সিঁচিছিল এনেবোৰ আঞ্চলিক দলেই| ১৯৭৯ চনৰ ২৭ আগষ্টত ডিব্ৰুগড়ৰ কানৈ কলেজত এখন সভা অনুষ্ঠিত হ’ল| তাত আছুকে ধৰি চাৰিটা সংগঠন গোট খালে| ছাত্ৰ সন্থাৰ কিছু সংখ্যক সদস্য, পি এল পিৰ অতুল বৰা আৰু পবিন্দ্ৰ ডেকা, প্ৰগ্ৰেছিভ প্লেইন ট্ৰাইবেল কাউঞ্চিলৰ পৰা প্ৰসেনজিত্‌ ব্ৰক্ষ্ম উপস্থিত আছিল| অসম সাহিত্য সভাৰ নগেন শইকীয়া উপস্থিত আছিল যদিও সাহিত্য সভাক প্ৰতিনিধিত্ব কৰি নহয়, ব্যক্তিগতভাৱেহে উপস্থিত আছিল| অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ পৰাও কেইজনমান সদস্য ব্যক্তিগতভাৱে উপস্থিত আছিল| এইখন সভাতেই পৰৱৰ্তী সময়ত আন্দোলনৰ নেতৃত্ব লোৱা ’সদৌ অসম গণ সংগ্ৰাম পৰিষদ’ৰ জন্ম হৈছিল| এই উপন্যাসখনৰ বৈশিষ্ট্য এয়ে যে আন্দোলনৰ অগ্ৰগতি বৰ্ণাওতে একাদিক্ৰমে চন আৰু তাৰিখ অনুসৰি আন্দোলনৰ কাৰ্যসূচীসমূহৰ যথাসম্ভৱ তথ্যসমৃদ্ধভাবে দাঙি ধৰা হৈছে| লগতে অসমীয়াৰ নিভাঁজ দেশপ্ৰেম আৰু সৰল অভিব্যক্তিৰ বহিঃপ্ৰকাশ সুন্দৰকৈ তুলি ধৰিছে| লাহে লাহে আন্দোলন অসমীয়াৰ তেজত সোমাই পৰিল| উপন্যাসখনৰ পাতে পাতে আছে সেই সময়ত অসমে কি ৰক্তাক্ত পৰিস্থিতিৰ মুখামুখি হৈছিল! কিমানে বুকুৰ তেজ দিলে| কিমানে মৃত্যুক সাবটি ল’লে| কিমানে শাৰীৰিক নিৰ্যাতন মূৰ পাতি ল’লে| কৈ শেষ কৰিব নোৱাৰি সেই সময়ৰ দুখ আৰু দুৰ্যোগৰ কথা| যি ভুক্তভোগী তেওঁ বুজে আবেগে মানুহক কেনেকৈ ধৰাশায়ী কৰে| কিন্তু ইমান অত্যাচাৰ সহ্য কৰাৰ পাছত, ইমান ত্যাগ স্বীকাৰ পাছতো অসম আৰু অসমীয়াই নায্য প্ৰাপ্য পালেনে? পাৰিলেনে ইস্পিত দাবী পূৰণ কৰিব? নেতৃত্বৰ অদূৰদৰ্শীতাৰ ফলতেই ইমান দীঘলীয়া সময় জুৰি চলা অন্দোলনটো বিফল হ’ল| শেহত গৈ সকলো ফুটুকাৰ ফেন হ’ল| কুটিল ৰাজৰীতিৰ পাশাখেলত উটি গ’ল অসমীয়াৰ ত্যাগ আৰু আবেগৰ জোৱাৰ| লজ্জাজনকভাৱে আন্দোলনকাৰী নেতাসকলে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আত্মসমৰ্পন কৰিছিল| কিন্তু সময় থাকোতেই সেই কথা অসমবাসীয়ে গম নাপালে| অসমীয়াই নাজানিলে আচলতে ’চুক্তি-পত্ৰ’ত আছিল কি!

স্বপ্নভগ্নৰ বেথা সহিব নোৱাৰিয়েই যেন জয়ন্তই সশস্ত্ৰ সংগ্ৰামৰ বাটত ভৰি দিয়ে| বৰ দেউতাকৰ ল’ৰা দীপকৰ আহ্বানত এদিন ঘৰৰ পৰা নোহোৱা হৈ যায় জয়ন্ত| জয়ন্তক হেৰুৱাই মানসিকভাৱে ভাঙি পৰিছিল সাৱিত্ৰী| লাহে মানসিক ভাৰসাম্য হেৰুৱাইছিল| কৰ্কত ৰোগে গ্ৰাস কৰা সাৱিত্ৰীয়ে জয়ন্ত উভতি অহাৰ সপোন বুকুত বান্ধিয়েই মৃত্যুক সাবটি লয়| স্বাধীন অসমৰ সপোন দেখুৱাই এদিন জয়ন্তক প্ৰলোভিত কৰা দীপকে ছাৰেণ্ডাৰ কৰি মূল সূঁতিলৈ উভতি আহে| ভণ্ড প্ৰতাৰকৰ ভাও দিব নোৱাৰা জয়ন্ত হেৰাই যায় অস্তিত্বহীনতাত| সাৱিত্ৰীৰ মৃত্যুৰ পাছত বিশ্বনাথে নিজকে প্ৰশ্ন কৰে-’তোমাক মই এটা কথা দিছিলোঁ সাৱিত্ৰী, মই জয়ন্তৰ বাবে বাট চাম বুলি| কিন্তু তোমাক মই কৈছিলোঁ—জয়ন্তক লগ পোৱাৰ আগতেই যদি নিয়তিয়ে মোক আঁতৰাই নিয়ে, মই তোমাৰ ওচৰলৈ গৈ কি জবাব দিম? আজি তোমাক সুধিবৰ মন গৈছে—জয়ন্তক লগ পোৱাৰ আগতেই যদি নিয়তিয়ে তাক আঁতৰাই নিয়ে, মই কাৰ বাবে বাট চাই থাকিম সাৱিত্ৰী?’

ফট্‌ফটীয়া জোনাক ৰাতি, শেৱালিৰ তলৰ ঘাঁহনিত ওপৰলৈ মুখ কৰি শুই পৰে বিশ্বনাথ| চকুহাল মেল খোৱা| আকাশত থকা লক্ষ লক্ষ তৰাৰ মাজৰ দুটা নিদিৰ্ষ্ট তৰাত দৃষ্টি থিৰ হৈ পৰে বিশ্বনাথৰ.....

শেহ ৰাতিলৈ এজাক চেঁচা বতাহ বলিছিল...
বতাহত থৰথৰকৈ কঁপিছিল শেৱালিজোপা....
তলসৰা শুভ্ৰ শেৱালিয়ে ঢাকি পেলাইছিল বিশ্বনাথৰ দেহ......


========================================================================



“নামচাঙৰ অন্তেষপুৰ”

....আন দহজন সমনীয়াই হাত কেটেপা লৈ চৰাই মাৰি ফুৰাৰ সময়ত কিশোৰটিও জংঘললৈ গৈছিল| পাৰ্থক্য এটাই-কিশোৰটিৰ হাতত কেটেপাৰ পৰিৱৰ্তে আছিল এডাল লাঠি, এখন বহী, এটা কলম| বয়স বঢ়াৰ লগে লগে কিশোৰটিও ক্ৰমে গাঁৱৰ এৰাবাৰীৰ পৰা গভীৰ হাবিলৈ গ’ল; নিজৰ মহকুমা, জিলাৰ পৰিসীমা চেৰাই বিচাৰিবলৈ ধৰিলে আৰণ্যক সুবাস| সেই কিশোৰটি আজি হৈ উঠিছে অসমৰ পৰিৱেশ আন্দোলনৰ অন্য নাম| অসমৰ প্ৰকৃতি সজাগতা আৰু তেওঁ এতিয়া সমাৰ্থক| প্ৰায় একক উদ্যোগত চক্ৰশীলাক অভয়াৰণ্যত পৰিণত কৰোৱা, জয়দিহিঙক বৰ্ষাৰণ্য ঘোষণা কৰিবলৈ চৰকাৰক নিৰন্তৰ হেঁচাৰে বাধ্য কৰোৱাত অগ্ৰণী ভূমিকা লওঁতা, হলৌ বান্দৰ সংৰক্ষণ অন্দোলনৰ অন্যতম নেতা, আক্ষৰিক অৰ্থতে শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ প্ৰতিখন অৰণ্যক সেউজ-সুন্দৰ কৰি ৰখাত গণসজাগতা সৃষ্টিৰ অগ্ৰদূত, চক্ৰশীলাৰ সোণালী বান্দৰক লোকচক্ষুলৈ আনোতা একালৰ সেই শিশুটি আজি হৈ উঠিছে এক স্বয়ংসম্পূৰ্ণ অনুষ্ঠান, যাৰ নাম সৌম্যদ্বীপ দত্ত|

....দিগন্ত ওজাৰ এই সুন্দৰ পাতনিৰে আৰম্ভ হোৱা এই সৰ্বাংগসুন্দৰ কিতাপখনৰ নাম “নামচাঙৰ অন্তেষপুৰ”| লেখক সৌম্যদ্বীপ দত্ত| অৰণ্যৰ বুকুত লুকাই থকা নৈসৰ্গিক সৌন্দৰ্যক তুলি ধৰাত আৰু প্ৰকৃতিৰ সুন্দৰতাক অক্ষতৰূপত স্বাভাৱিক অৱস্থাত বৰ্তি থাকিবলৈ দিয়াত তেখেতে আজীৱন অহোপুৰুষাৰ্থ কৰি আহিছে| প্ৰকৃতি আৰু প্ৰকৃতিৰ সৌন্দৰ্যক আলম কৰি তেখেতে বহু লেখা লিখিছে আৰু সেইবোৰে পাঠক সমাজত বিপুল আদৰ লাভ কৰিছে| নামচাঙৰ অন্তেষপুৰ ইতিপূৰ্বে সাতসৰীৰ পাতত ধাৰাবাহিক ৰূপত প্ৰকাশ পাইছিল| প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল সাতসৰীৰ দ্বিতীয় বছৰ, ষষ্ঠদশ সংখ্যা (১৬-৩১ৰ মাৰ্চ, ২০০৭)ত| লেখাটো শেষ হৈছিল জুন, ২০০৯ চনত| পাছত ২০১০ চনৰ মাৰ্চ মাহত কিতাপ আকাৰত এইখনে প্ৰথম প্ৰকাশ পায়| মূল্য তিনিশ টকা| প্ৰকাশক: বনফুল প্ৰকাশন| ISBN: 978-81-909523-6-1|

…..নামচাং এখন নদীৰ নাম| এই নদী প্ৰবাহিত হৈছে অৰুণাচল-অসমৰ বুকুৰে, জয়দিহিং বনাঞ্চলৰ মাজেৰে| প্ৰকৃতিৰ ষোড়শোপচাৰেৰে সমৃদ্ধ জয়পুৰ, আপাৰ দিহিং আৰু ডিৰকক সামৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্ববৃহত্‌ বৰ্ষাৰণ্যখনক সংৰক্ষণৰ বাবে সৌম্যদ্বীপ দত্তই নেচাৰ্ছ বেকনৰ জৰিয়তে এটা দশকৰো অধিক কাল ব্যাপী যি আন্দোলনৰ সূচনা কৰিলে, দল-মতৰ ঊৰ্দ্ধত শত-সহস্ৰজনৰ সহৃদ্যতা আদায় কৰিলে, সেয়া সমাজ-আন্দোলনৰ বাবে ভৱিষ্যতলৈ প্ৰেৰণা হৈ ৰ’ব| এফালে আমোলা-ৰাজনীতিকৰ কুটিল চক্ৰান্ত, আনপিনে গণসজাগতাৰ এই সংগ্ৰামী ইতিহাস নিঃসন্দেহে হ’ব পাৰে নিৰাৱেগ গৱেষণাৰ বিষয়| “নামচাঙৰ অন্তেষপুৰ” এই অন্দোলনৰে বিৱৰণী| ইয়াত নামচাং এটা ৰূপক মাত্ৰ, নামচাং নৈৰ অন্তেষপুৰহে কিতাপখনৰ মূল বিষয়| নামচাঙৰ অন্তেষপুৰ অসমৰ সমাজ জীৱনৰ এক সময়খণ্ডৰ দলিল| জয়পুৰ, আপাৰ দিহিং, ডিৰকৰ মাজেৰে লেখকৰ যাত্ৰাতে ই সীমাবদ্ধ নহয়, সমান্তৰালভাৱে অসমৰ ভূগোল আৰু জনগাঁথনি, অস্থিৰ বাতাৱৰণ আৰু বিভিন্ন সদৰ্থক কামৰ উল্লেখো ইয়াত আছে| চক্ৰশীলাৰ পাৰ্শ্বৱৰ্তী এলেকাত সুলভ শৌচালয়ৰ ব্যৱস্থা কৰাত ধুবুৰীৰ প্ৰাক্তন উপায়ুক্ত বিশ্বৰঞ্জন চামালে উদ্যোগ লোৱা আদি প্ৰসংগ ইয়াৰ সামান্য উদাহৰণ মাত্ৰ| সমাজ বিজ্ঞানৰ দৃষ্টিকোণেৰে ভৱিষ্যতে এই সময়ছোৱাৰ মূল্যায়নৰ ক্ষেত্ৰত আপাতদৃষ্টিত এনে সৰু তথ্যয়ো গুৰুত্ব দাবী কৰে| এনে ভিন্ন প্ৰসংগৰ সংগতি ৰক্ষাৰ মাজতে আকৌ আহি পৰিছে অৰণ্যযাত্ৰাৰ বৰ্ণনা| এই বৰ্ণনা ইমান মনোৰম আৰু সাৱলীল যে অৰণ্যবাসীৰ চাল-চলন বুজাতো পাঠকক সহায় কৰাৰ লগতে পঢ়ুৱৈয়ে অৰণ্যবাসীৰ সৈতে লাভ কৰিব পাৰে গভীৰ একাত্মতা| কিতাপখনৰ প্ৰতিটো পৃষ্ঠাতে পাঠকে উপভোগ কৰিব পাৰে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ| লেখকৰ ভাষা, বিষয়বস্ত উপস্থাপনৰ দক্ষতা আৰু লেখকৰ গভীৰ পৰিবেশ-প্ৰেমে কিতাপখনক এক অন্য মাত্ৰা প্ৰদান কৰিছে| পঢ়ি গৈ থাকোঁতে এনে লাগে যেন লেখকৰ সৈতে আমিও প্ৰকৃতিৰ অভ্যন্তৰত প্ৰবেশ কৰিছোঁ আৰু স্ব-চক্ষে প্ৰত্যক্ষ কৰিছোঁ সমগ্ৰ ঘটনাৰাজি| মুখামুখি হৈছোঁ বিভিন্ন ঘাত-প্ৰতিঘাতৰ| প্ৰকৃতিৰ দৰেই সৰল আৰু সুন্দৰ কিতাপখনৰ ভাষাই নামচাঙৰ অন্তেষপুৰৰ গদ্যক দান কৰিছে কাব্যিক সুষমা| অকণো অতিশয়োক্তি নকৰাকৈ ক’ব পাৰিঃ অসমীয়া বহু গল্প-উপন্যাসতো প্ৰকৃতিৰ এনে মনোৰম চিত্ৰপট দুৰ্লভ| অৰণ্যক ভালপাওঁ বুলি কেৱল হাত সাৱতি বহি থাকি, ধ্বংস হৈ যোৱা অৰণ্যৰ বাবে চকুলো টুকি যে অৰণ্যক বচাব পৰা নাযায় সৌম্যদ্বীপ দত্তৰ “নামচাঙৰ অন্তেষপুৰ” পঢ়িলে উপলব্ধি কৰিব পাৰি| অসমৰ অৰণ্য সুৰক্ষাৰ ইতিহাসত এই গ্ৰন্থ এক বিশ্বস্ত দলিলৰূপে স্বীকৃত হ’ব পাৰে| প্ৰকৃতিৰ প্ৰতি মানৱৰ প্ৰকৃত কৰ্তব্য সম্পৰ্কে সজাগ হোৱাতো এই গ্ৰন্থই পাঠকক সহায় কৰিব| 


*********************************************************************************


মৃত্যুঞ্জয়

অসমীয়া সাহিত্য জগতত লেখত লবলগীয়া উপন্যাস সমূহৰ ভিতৰত অন্যতম| ১৯৭৯ চনত জ্ঞানপীঠ বঁটা বিজয়ী এখন উপন্যাস| ৰচক ড. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য| উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় জুলাই, ১৯৭০ চনত| তাৰপাছত ক্ৰমে দ্বিতীয় প্ৰকাশ: জুন, ১৯৮০ চন; তৃতীয় প্ৰকাশ: জুলাই, ১৯৮০ চন; চতুৰ্থ প্ৰকাশ: ছেপ্টেম্বৰ, ১৯৮৫ চন; পঞ্চম প্ৰকাশ: জুলাই, ১৯৯২ চন; ষষ্ঠ প্ৰকাশ: জুলাই, ১৯৯৮; সপ্তম প্ৰকাশ: জুলাই, ২০০৫ চন| প্ৰকাশক সাহিত্য- প্ৰকাশ|| ট্ৰিবিউন বিল্ডিংছ|| গুৱাহাটী| বেটুপাত আঁকিছে- বেণু মিশ্ৰ/ ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য্যই| মূল্য ৮৫.০০ টকা|

==লেখকৰ পৰিচয়==

ড. বীৰেন্দ্ৰ কুমাৰ ভাট্টাচাৰ্য্য (১৮ অক্টোবৰ, ১৯২৪- ৬ আগষ্ট, ১৯৯৭) অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক| তেওঁ ১৯৭৯ চনত [[মৃত্যুঞ্জয়]] উপন্যাসৰ বাবে ভাৰতীয় [[জ্ঞানপীঠ]] বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিল| তেওঁ ১৯৬১ চনত [[ইয়াৰুইঙ্গম]] গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল| ২০০৫ চনত Love in the Time of Insurgency নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায়| ১৯৮৩-৮৫ বৰ্ষৰ বাবে তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপেও তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল|

==উপন্যাসৰ চৰিত্ৰসমূহ==

উপন্যাসখনত কাহিনীৰ প্ৰয়োজনত অলেখ চৰিত্ৰৰ সমাবেশ ঘটিলেও ধনপুৰ, গোঁসাই, ৰূপনাৰায়ণ, মধু কেওঁত, মাণিক বৰা, ভিভিৰাম, জয়ৰাম, দধি মাষ্টৰ, আহিনা কোঁৱৰ, ডিমি, গোঁসানী, অনুপমা, শইকীয়া দাৰোগা, টিকৌ আদিয়ে মূল কাহিনীটো আগুৱাই যোৱাত আঁত ধৰিছে|

==কাহিনীভাগ==

এই উপন্যাসত বৰ্ণোৱা ঘটনাৰ কাল ১৯৪২ চন| ইয়াত এই সময়ছোৱাৰ স্বাধীনতা আন্দোলনৰ চিৰস্মৰনীয় ঘটনাৱলীৰ আভাস আৰু চিত্ৰন আছে| সেই সময়ৰ সমাজ, মানুহৰ চিন্তাধাৰা, ৰীত-নীতিৰ বৈশিষ্ট্য, স্বাধীনতাৰ প্ৰভাৱে মানুহৰ জীৱনক কিদৰে প্ৰাভাৱাম্বিত কৰিছিল তাৰ নিৰ্মোহ প্ৰতিফলন উপন্যাসখনত পোৱা যায়| স্বাধীনতা আন্দোলনত মহাত্মাৰ অহিংস আন্দোলনৰ বিপৰীতে দেশজুৰি গা কৰি উঠিছিল সশস্ত্ৰ সংগ্ৰাম| সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী কৰ্মীসকলে আন্দোলনৰ কাৰ্য্যাৱলীৰ লগতে সংগতি ৰাখি উপৰৰ নিৰ্দেশক্ৰমে ৰেলগাড়ী বগৰোৱাৰ ঘটনা এটাক আলম কৰিয়েই গোটেই উপন্যাসখনে গতি কৰিছে| মূল ৰেলগাড়ী বগৰোৱাৰ ঘটনাটোক প্ৰতিফলন কৰিবলৈকে আন্দোলনৰ সমৰ্থনত গোঁসাই, কোঁচ, কেওঁত, গাৰো, নেপালী নিৰ্বিশেষে পাহাৰ ভৈয়াম মিলি সকলোৰে প্ৰাণত দেশ স্বাধীন কৰাৰ যি ঐক্যতান তাক ঔপন্যাসিকে নিখুঁটভাৱে ফুটাই তুলিছে| প্ৰতীকিগত ভাৱে কানিৰ বিৰূপ প্ৰভাৱ, জাতিগতভাৱে সমাজত থকা উচ্চ-নীচ ভেদাভেদৰ অৱসান, সেনাবহিনীৰ অবৰ্ণনীয় অত্যাচাৰ, স্বাধীনতাৰ বাবে উন্মুখ চহা সহজ সৰল প্ৰাণে মৃত্যু ভয়কো জিনি দেশৰ বাবেই আত্মবলিদান দিয়াৰ কথাই সেই সময়ৰ বা-মাৰলিৰ চিন দাঙি ধৰিছে| সামাগ্ৰিকভাৱে এই উপন্যাসখনক ’৪২ৰ স্বাধীনতা আন্দোলনৰ এখন জীৱন্ত দলিল বুলিব পাৰি| এই উপন্যাসত ফুটি উঠা ৰূপ স্বাধীনতাৰ সাধনা-কালৰ| সেই সাধনাৰ মহত্ব, আৰু একক অনুভুতিৰ যিসকল অধিকাৰী হৈছিল সেই সকলৰ আত্মাৰ যত্‌সামান্য চিনাকি ইয়াত আছে|



5 comments:

  1. ভাল কাম কৰি আছে আপুনি।

    ReplyDelete
    Replies
    1. বহুত বহুত ধন্যবাদ Sushanta Kar ছাৰ।

      Delete
  2. অশেষ ধন্যবাদ ছাৰ ।

    ReplyDelete
  3. এটা বৰ ভাল কাম কৰিছে আপুনি।
    তাৰ মাজতে বহুতে বিচাৰি পাব দৰকাৰী সমল। ধন্যবাদ জনালোঁ

    ReplyDelete
  4. ধন্যবাদ ছাৰ। ভাল কাম কৰিছে আপুনি।

    ReplyDelete