Monday 4 August 2014

***** নাৰী মই *****

.....স্তব্ধ হৈ যাওঁ কেতিয়াবা ভাবি ভাবি আচলতে কোন মই? কাৰোবাৰ বাবে মই এটা শৰীৰ; কাৰোবাৰ বাবে প্ৰেম; কাৰোবাৰ বাবে অৰ্থ উপাৰ্জনৰ পথ, কাৰোবাৰ বাবে আকৌ জীৱনদায়িনী শক্তি; কাৰোবাৰ বাবে মনোৰঞ্জনৰ আহিলা; কাৰোবাৰ অংকশায়িনী; কাৰোবাৰ জীৱনলগৰী|
......বিচিত্ৰ এই জীৱন| বিচিত্ৰ মানুহৰ মন| অদ্ভূত জগত| অদ্ভূত তাৰ উপকৰণ| মই নিজেও কিজানি অদ্ভূত| সেয়ে বিভিন্ন ৰূপ মোৰ| কোনোবাটো অপৰূপা, কোনোবাটো দেওলগা| কোনোবাটো মনোমোহা, কোনোবাটো জুইলগা| সেই জুইত ময়ো পুৰি ভস্মীভূত হওঁনে? কিজানি হওঁ কিজানি নহওঁ! ফিনিক্স পখীৰ দৰে ছাঁইৰ পৰাই পুনৰ মই জন্ম লওঁ| জাতিস্মৰ মই| মৃত্যু নাই মোৰ|
......যিমান দিনলৈ জোন-বেলি-তৰা থাকিব, পৃথিৱীৰ বুকুত সেউজীয়া থাকিব সিমান দিনলৈ এই ধৰাত মোৰ অস্তিত্বও বৰ্তি থাকিব| ইচ্ছাকৃতভাবেই হওক বা অনিচ্ছাকৃতভাবেই হওক মোক স্বীকাৰ কৰিবই লাগিব| মোক উপেক্ষা কৰি জানো তেওঁ খোজ দিব পাৰিব?

......কি নাই মোৰ? শক্তি আছে, ভক্তি আছে, যুক্তি আছে| আছে নগ্নতাক আবুৰ দিব পৰা ক্ষমতা| জীৱনক গতিশীলতা দিব পৰা সাহস| যুগ যুগ ধৰি ময়েই সিঁচি আহিছো নিৰ্জীৱ প্ৰাণত হৃদস্পন্দন| ধক্ধক্ধক্ধক্অহৰহ কলিজাত বাজে মোৰেই গান| দীপ্তি মই, প্ৰাপ্তি মই, সৃষ্টি মই, বৃষ্টি মই| মহাজীৱনৰ গতি মই| শিলৰ চোলা  নিপিন্ধিব পাৰো কিন্তু শিলৰ পাষাণ প্ৰাণতো মোৰেই নাম খোদিত হৈ আছে সোণালী আখৰেৰে.....নাৰী মই”|

No comments:

Post a Comment